ধৰ্মৰ সৈতে প্ৰত্যক্ষ সম্বন্ধ নথকা বহাগী লোক উৎসৱ ভঠেলি গঞা ৰাইজৰ অতিশয় জনপ্ৰিয় উৎসৱ। ঠাই বিশেষে ইয়াক স’ৰি বুলি জনা যায়। দৰং জিলাত আকৌ ইয়াক দেউল বুলি কোৱা হয়। ভঠেলি উৎসৱ অসমৰ কামৰূপ, দৰং আৰু গোৱালপাৰা জিলাৰ কিছুমান অঞ্চলতহে বহাগ মাহৰ যিকোনো এটা তাৰিখত পতা হয়। ভঠেলিৰ দিনা গাঁৱৰ ডেকাসকলে পুৱা বেলাতে গা ধুই দীঘল বাঁহ এডাল কাটি আনি বৰ ধুনীয়াকৈ চাঁচি চুঁচি চিকুণ কৰি ধুই পখালি লয়। তাৰ পিছত নানা ৰঙৰ কাপোৰ, ৰঙীন কাগজ আদি মেৰাই সুন্দৰকৈ সজায় আৰু বাঁহৰ আগডোখৰত চোঁৱৰ এডাল বান্ধি দি মাংগলিক বাদ্য বজাই বাঁহডাল নামঘৰৰ সন্মুখ নাইবা নিৰ্দ্দিষ্ট কোনো বাকৰিত আনুষ্ঠানিকভাৱে থিয়কৈ পুতি দিয়া হয়। ইয়াক পাৰ বোলে। ভঠেলিত কম পক্ষেও দুটা পাৰ থাকে– এটা দীঘল আনটো চুটি। দীঘল পাৰটোক দৰা আৰু চুটি পাৰটোক কইনা বুলি কোৱা হয়। যিখন গাঁৱত ভঠেলি উৎসৱ পতা হয়, সেই গাঁৱখনে দীঘল পাৰটো পোতে; আন গাঁৱৰ ডেকাই কইনা পাৰটো স্থাপন কৰেহি। পাৰৰ ওচৰতে কলপাতৰ সৰুকৈ ঘৰ সাজি তাত বিগ্ৰহ স্থাপন কৰা হয়। এই ঘৰটোক ভঠেলি ঘৰ বোলে। ভঠেলি ঘৰত স্থাপন কৰা বিগ্ৰহৰ আগত পইচা, নৈবেদ্য আদি দিয়া হয়। ভক্তসকলে পাৰবোৰক ভক্তিভাৱে স্পৰ্শ কৰি সেৱা জনায়। উৎসৱস্থলীত মেলা বহে আৰু তাত বিবিধ বস্তুৰ কিনা-বেচা হয়। কিছুমান ঠাইত ভঠেলি উৎসৱত সৰু সৰু ল’ৰা-ছোৱালীয়ে গোপ-গোপীৰ অনুকৰণত দধিমথন নৃত্য-গীত প্ৰদৰ্শন কৰে। গধূলি ভঠেলি ঘৰটো ডেকাসকলে মাৰিৰে কোবাই ভাঙি পেলায় আৰু ‘ভঠেলিৰ ওৰ পৰিল’ বুলি চিঞৰি চিঞৰি উৎসৱৰ সামৰণি পেলায়। ভঠেলি উৎসৱত ল’ৰা, বুঢ়া সকলোৱে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে যোগ দিয়ে। হিন্দু সম্প্ৰদায়ৰ লোক ভঠেলি উৎসৱৰ আয়োজক যদিও ইয়াত সকলো সম্প্ৰদায়ৰ লোক মিলিত হোৱা দেখা যায়। সকলো সম্প্ৰদায়ৰ মানুহেই হাঁহি মাতি গাই ৰং-ধেমালি কৰি ভঠেলি উৎসৱথলী ৰজনজনাই আনন্দমুখৰ কৰি তোলে। ভঠেলি শব্দৰ আঁতিগুৰি সম্বন্ধে বহুজন পণ্ডিতে ভিন ভিন মত আগবঢ়াই গৈছে। বিহগী কবি ৰঘুনাথ চৌধাৰীৰ মতে ভঠেলি শব্দটো ভূঁইথলী শব্দৰপৰা আহিছে। আন কিছুমানে আকৌ ভাটিয়ালী শব্দৰপৰা এই শব্দটো অহা বুলি ক’ব খোজে। আনহাতে ড° বাণীকান্ত কাকতিয়ে ‘ভঠেলি’ শব্দটো আকাশ বুজোৱা ভস্থলিকা শব্দৰপৰা আহিব পাৰে বুলি অনুমান কৰে।
লিখক: অধ্যাপক বৈকুণ্ঠ ৰাজবংশী, অসমীয়া সংস্কৃতিৰ কণিকা।
শেহতীয়া উন্নীতকৰণ: : 7/18/2020
বসন্তকালীন লোকউৎসৱ ভঠেলি আৰু সুঁৱৰি