অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাওনা

অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক 'অংকীয়া নাট' আখ্যা দিয়া হয়। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল।


অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক 'অংকীয়া নাট' আখ্যা দিয়া হয়। মহাপুৰুষ দুজনাই তেওঁ লোকে ৰচনা কৰা নাটসমূহক যাত্ৰা ঝুমুৰা হে বুলিছিল। পৰৱৰ্তী কালত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক অংকীয়া নাট বুলি নামাকৰণ কৰে। ভাওনা শব্দৰ প্ৰকৃত অৰ্থ ভাও দি দেখুওৱা কাৰ্য। অংকীয়া নাটৰ অভিনয়কহে দৰাচলতে ভাওনা বোলা হয়। বৰ্তমান এনে নাটক ভাওনা বোলা হয় আৰু ৰচনা কাৰ্যক নাট-কটা বা নাট-লেখা বুলি কোৱা হয়।

উদ্দেশ্য-


মহাপুৰুষ শংকৰদেৱৰ নাট্যকৰ্মৰ প্ৰধান উদ্দেশ্য হৈছে ধৰ্ম প্ৰচাৰ মোক্ষপ্ৰাপ্তি আৰু কাম পূৰণ। শংকৰদেৱৰ নাটৰ প্ৰথম নান্দী শ্লোকৰ পিছত সূত্ৰধাৰৰ শ্লোক আৰু সূত্ৰৰ উক্তিবোৰৰপৰা এই কথা স্পষ্টকৈ বুজা যায়।সেই সময়ৰ নিৰক্ষৰ জনসাধাৰণে ধৰ্মৰ কথাবোৰ যাতে সহজে উপলব্ধি কৰিব পাৰে তাৰ বাবে শাস্ত্ৰ পাঠ আৰু মৌখিক উপদেশতকৈ নাট্যাভিনয় অধিক ফলপ্ৰদ উপায় আছিল। সেয়ে তেওঁ সংস্কৃতিৰ দিশত লোকব্যঞ্জক আহিলা হিচাপে গ্ৰহণ কৰিছিল অংকীয়া নাটৰ প্ৰদৰ্শন অৰ্থাৎ ভাওনাক। লোক শিক্ষাৰ সহজ আৰু কাৰ্যকৰী উপায় হিচাপে গুৰুজনাই নাট্যাভিনয়ৰ পৰিকল্পনা কৰিছিল আৰু তৎকাৰ্যত সফলো হৈছিল। ভাওনাৰ লগত সম্বন্ধ নথকা, আগতে ভাওনা নেদেখা সমাজখনৰ লোকসকলক শিকাই-বুজাই, নিজে নাট কাটি, বাদ্যযন্ত্ৰ প্ৰস্তুত, আহাৰ্য ৰংবৰণকে আদি কৰি ভাওনা প্ৰদৰ্শনলৈকে যাবতীয় কাম-কাজ শংকৰদেৱে নিজেই কৰিবলগীয়া হৈছিল।

ধৰ্মীয় বিশ্বাস-

 

ভাওনাৰ আগদিনা এভাগ শৰাই-শলিতা দি মাহ-প্ৰসাদেৰে নামঘৰত প্ৰাৰ্থনা জনোৱা হয়। গায়ন-বায়ন, সূত্ৰধাৰ আৰু শ্ৰীকৃষ্ণৰ ভাও লোৱাসকলে আগদিনা উপবাসে থাকি পিছদিনা লঘু আহাৰ গ্ৰহণ কৰি দিনত ৰাইজৰ নাম-কীৰ্তনত অংশগ্ৰহণ কৰি নামৰ পিছত আশীৰ্বাদ গ্ৰহণ কৰে। ভাওনাৰ দিনা সত্ৰ বা ৰাজহুৱা নামঘৰত এটি পবিত্ৰ অনুষ্ঠানৰূপে পালন কৰা হয়।

প্ৰতীক-


সাত খলপীয়া সিংহাসন (সপ্ত বৈকুণ্ঠ, পূৰ্ণব্ৰহ্মৰ প্ৰতীক) ভোটা, সিংহাসনৰ কাষতে (থাপনাৰ সোঁহাতে) মূঢ়াৰে সৈতে আঢ়ৈ ফুটমান ওখকৈ পোতা কলগছৰ মূঢ়াটোৰ মাজতে খোৰোং কৰি, তাত মিঠাতেল আৰু আৰৈ চাউল দি মাজতে সূতা মেৰোৱা শলা এডাল পুতি জুই লগাই কৰা পোহৰ কৰা সঁজুলি (একশৰণ নামধৰ্মৰ প্ৰতীক)

অগ্নিগড় (নৱধীভক্তি)

আৰিয়া (শ্ৰৱন-কীৰ্তন ভক্তি)

আঁৰ কাপোৰ (মায়া) আৰু মহতা (গুৰুৰ দ্বাৰা ভক্তি জ্ঞান প্ৰদান)

আঁৰ কাপোৰ

প্ৰতীক হিচাপে আঁৰ কাপোৰ ব্যৱহাৰ কৰা উপৰিও ছোঁ ঘৰৰ পৰা অভিনেতা সকলক ভাওনাৰ থলিলৈ আনোতে আঁৰ কাপোৰ এখেনেৰে আঁৰ দি অনা হয়। ভাৱৰীয়াই নামঘৰৰ মজিয়াত ৰভাৰ খলা খনত আঁঠুলৈ সেৱা কৰাৰ পাছত, খোলত চাপৰ জোৰালৈকে আঁৰ কাপোৰখনে আঁৰ দি দৰ্শকৰ মনত উৎকণ্ঠা জন্মায়। আঁৰ কাপোৰৰ ব্যৱহাৰ অগ্নিগড়ৰ পৰা আৰম্ভ কৰি সকলো ভাৱৰীয়া প্ৰৱেশত কৰা হয়।

বৈশিষ্ট্য

সূত্ৰধাৰ : সূত্ৰধাৰজন সংস্কৃত নাটক, পুতলা নাচ বা ওজা পালিৰ ওজাৰ অনুৰূপ হ’লেও শংকৰদেৱে নাটৰ সূত্ৰধাৰজন সুকীয়া। সূত্ৰধাৰক কুশল অভিনেতা, গীত-বাদ্য-নাট বিশাৰদ আৰু সুপৰিচালক হিচাপে গুৰুজনাই তেৰাৰ নাটত ঠাই দিছে।

দ্বিতীয় গীত-শ্লোক আৰু পয়াৰৰ প্ৰয়োগ

ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ

লয়যুক্ত গদ্য প্ৰয়োগ

সংস্কৃত শ্লোকৰ ব্যৱহাৰ

বৰ্ণনা
শংকৰদেৱএ তেৰাৰ নাটত নাট, নাটক আৰু যাত্ৰা শব্দহে ব্যৱহাৰ কৰিছে। মাধবদেৱৰ নাটত ঝুমুৰা, যাত্ৰা আদি শব্দ ব্যবহাৰ হৈছিল। সুখ-দুখৰ উৎপত্তি দেখুওৱা আৰু শৃংগাৰ আদি ৰসৰ পৰিপূৰ্ণতাই নাটৰ বিষয়বস্তু যদিও সাত্বিক অভিনয়হে মূল কথা। ‘অংক’ বা ‘অংকীয়া নাট’ বুলি পিছত চৰিতকাৰসকলেহে ব্যবহাৰ কৰিছে। নাটৰ বিভিন্ন বিভাগবোৰক ‘অংক’ বোলা হয়।
ভৰত মুনিৰ মতে ৰূপক দহবিধ আৰু উপৰূপক ওঠৰবিধ। ৰূপকৰ অংক বা উৎসৃষ্টিকাংক আৰু উপৰূপকৰ হল্লীসৰ লগত অংকীয়া নাটৰ কিছু সাদৃশ্য আছে। কিন্তু মূল লক্ষণবোৰৰ ক্ষেত্ৰত যথেষ্ট অমিলো আছে। অংকীয়া নাটক এক অংক বিশিষ্ট নাট বোলা হয়। ভাওনা হ’ল নাট, নৃত্ত আৰু নৃত্যৰ সমাহাৰ। নৃত্ত আৰু নৃত্য হ’ল মুকাভিনয় কিন্তু শ্লোক, বচন, গীত, পয়ৰবিলাকৰ লগে লগে নৃত্য বা নাচৰ চাল-চলন, মুদ্ৰা আদিও থাকে।

ভাওনাৰ শ্লোক, অপিচ আৰু সূত্ৰধাৰৰ বচনৰ ওপৰত সম্পূৰ্ণ পৰিচালনাৰ ভাৰ সূত্ৰধাৰৰে।গীত-পদ-ৰাগ-তালৰ কৰ্ত্তব্যখিনি গায়ন-বায়নৰ ওপৰত নিৰ্ভৰ কৰে। গীত-মাতত মহিলা, ঋষি-মুনিসকলৰ প্ৰৱেশ হয়। ভাৱৰীয়া প্ৰৱেশত সূত্ৰধাৰ, কৃষ্ণ বা ৰামৰ, ৰজা-মহাৰজা, মন্ত্ৰী-যুৱৰাজ, সৈন্যসকলৰ, অসূৰসকলৰ, ৰাক্ষস-ৰাক্ষসীসকলৰ আৰু দূতৰ প্ৰৱেশ-প্ৰস্থানত খোলৰ চেও বেলেগ বেলেগ। ভাওনাৰ আৰম্ভনিতে গায়ন-বায়নৰ জোৰাগোৱা পৰ্বটো অতি গুৰুত্বপূৰ্ণ।

ভাওনাৰ দিনা কীৰ্তনঘৰ, নামঘৰ, নাটঘৰ বা মুকলি মঞ্চ পৰিষ্কাৰ কৰি, কলপুলি ৰুই সজাই পৰাই সুন্দৰ পৰিবেশ গঢ়ি তোলা হয়। সূত্ৰধাৰ প্ৰৱেশৰ আগতে ন গছি বন্তিৰে ‘অগ্নিগড়’’ প্ৰৱেশ পথত দুজনে ধৰি ৰাখে আৰু আঁৰ-কাপোৰ ধৰি সূত্ৰৰ প্ৰৱেশৰ লগে লগে মহতা জ্বলাই (সূত্ৰধাৰৰ আগত এটা আৰু পাছত এটা) কীৰ্তনখন বা ৰভাঘৰ পোহৰ কৰি ৰাখে। তেনেকৈ কৃষ্ণ, ৰাম বা বিশেষ ৰজাৰ প্ৰৱেশতো আঁৰ-কাপোৰ ধৰে। বন্তি, মহতা বা আঁৰিয়াবোৰ মিঠাতেলৰ দ্বাৰাই জ্বলোৱা হয়।
অগ্নিগড়ৰ ন গছি বন্তি হ’ল ন বিধ ভক্তিৰ প্ৰতীক। কেতিয়াবা ৰজা-মন্ত্ৰীৰ প্ৰৱেশত ফুলজাৰি জ্বলোৱা হয়। সেইবোৰ য-খাৰ, বগৰীৰ এঙাৰ, বাহক তিতাৰ এঙাৰ গুড়ি কৰি তৈয়াৰ কৰা হৈছিল।

ভাওনাৰ নৃত্য

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰা নাটবোৰত কাহিনী বা সংলাপতকৈ নৃত্যৰ ওপৰতহে গুৰুত্ব অধিক দিছিল। ভাওনাত নৃত্যৰ পয়োভৰ ইমানে বেছি যে শংকৰদেৱে নিজেই কেতিয়াবা ইয়াক নাট নুবুলি নৃত্য বুলিহে আখ্যা দিছিল। কাহিনীৰ ওপৰত গুৰুত্ব নিদিয়াৰ বাবেই ৰুক্মিণীহৰণ নাটৰ দৰে সংঘাতপূৰ্ণ তথা পূৰ্ণাংগ কাহিনীযুক্ত নাটককো শংকৰদেৱে নাট নুবুলি নৃত্যহে বুলিছিল (যেনে – ৰুক্মিণীহৰণ বিহাৰ নৃত্য পৰম কৌতুকে কৰব)। 'ভাওনাত ভাৱৰীয়া জনে অন্ততঃ এটা পাক মাৰিহে মঞ্চত প্ৰৱেশ বা প্ৰস্থান কৰাৰ নিয়ম। ভাওনাৰ প্ৰৱেশ-প্ৰস্থান সদায় নৃত্যধৰ্মী হয়। ভাওনাত সমানে ভৰি পেলাই খোজ কাঢ়ি প্ৰৱেশ-প্ৰস্থান কৰাটো নিষিদ্ধ।

ভাওনাৰ নৃত্যৰ প্ৰকাৰ-

ভাওনাৰ নৃত্যক ন প্ৰকাৰত বিভক্ত কৰা যায়।

গায়ন-বায়নৰ নাচ

সূত্ৰধাৰী নাচ

গোঁসাই নাচ

মাইকী বা স্ত্ৰী নাচ

অন্যান্য ভাৱৰীয়া প্ৰৱেশৰ নাচ

যুদ্ধৰ নাচ

গীত-শ্লোক-ভটিমাৰ নাচ

খৰমানৰ নাচ

ভঙ্গীনাচ

ভাওনাৰ বাদ্যযন্ত্ৰ-

 

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভাওনা সমূহ সংগীত প্ৰধান। শংকৰদেৱে বৈকুণ্ঠ পট আঁকি দৰ্শকৰ আগত দেখুওৱা ‘চিহ্নযাত্ৰা’ ভাওনা স্থিৰ চিত্ৰ আছিল। সেই চিত্ৰক গুৰুজনাই গীত, বাদ্য আৰু নৃত্যৰে মনোমোহা কৰি তুলিছিল। যাৰ বাবে নিজেই বাদ্য নিৰ্মাণ কৰাই বাজনা ৰচনা কৰি পৰিবেশন কৰাইছিল।

ভাওনাত ব্যৱহৃত অৱনদ্ধ বাদ্য অৰ্থাৎ চামৰাৰে মুখ ঢকা আঙুলি বা কাঠি আদিৰে বজোৱা বাদ্যৰ ভিতৰত খোল, মৃদংগ, নেগেৰা আদি পৰে। ঘন বাদ্য অৰ্থাৎ টান পদাৰ্থৰে আঘাত কৰি বজোৱা বাদ্যৰ ভিতৰত পাতি তাল, ভোৰতাল, বৰকাঁহ, খেৰেঙীতাল, খুটি তাল, মন্দিৰা আদি অন্যতম। ভাওনাত পূৰ্বে তাঁৰযুক্ত বা তত্‌ বাদ্যৰূপে চাৰেন্দাৰ আৰু ৰবাবৰ প্ৰচলন আছিল যদিও বৰ্তমান এইবোৰৰ ব্যৱহাৰ লুপ্ত। এই সমূহৰ ঠাই বেহেলা আদি বাদ্যই পূৰণ কৰিছে। ভাওনাত ব্যৱহৃত সুষিৰ বাদ্য হৈছে শঙ্খ, কালি, বাঁহী ইত্যাদি।

তথ্য সংগ্ৰহ:- (ইণ্টাৰনেট, অসমীয়া ৱিকিপিডিয়া)।

 

3.23076923077
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top