অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাষা আৰু সাহিত্য

ভাষা আৰু সাহিত্য

ভাষা

অসমৰ প্ৰধান ভাষা আৰু সাহিত্য অসমীয়া। ‘অসম’ নামৰ পৰা উৎপত্তি হোৱা বুলিয়েই

অসমৰ ভাষাটোক ‘অসমীয়া’ আখ্যা দিয়া হৈছে। ভাৰতৰ সংবিধানৰ দ্বাৰা সংবিধানৰ দ্বাৰা স্বীকৃত ভাষা কেইটাৰ ভিতৰত অসমীয়া ভাষা অন্যতম। অসমীয়া ভাষা ভাৰতীয় আৰ্য গোষ্ঠীৰ ভাষা। প্ৰাচীন ভাৰতীয় আৰ্য ভাষা বিশেষেই ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টিয় দশম-একাদশ শতিকা মানত অসমীয়া ৰুপ ল’বলৈ আৰম্ভ কৰে। ১৮৩৬ চনত আমেৰিকান বেপ্টিষ্ট মিছনেৰী সকল খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য লৈ শিৱসাগৰত ভৰি দিয়াৰ পাছত তেওঁলোকৰ চেষ্টাত শিৱসাগৰ তথা উজনি অসমৰ ভাষাই অসমৰ আন অঞ্চলৰ উপ-ভাষাৰ ওপৰত প্ৰাধান্য লাভ কৰে আৰু সময়ত ইয়েই ৰাজ্য খনৰ মান্য ভাষাৰুপে স্বীকৃতি লাভ কৰে। অসমত প্ৰচলিত আন ভাষাবোৰ হ’ল : ইংৰাজী, হিন্দী, বাংলা, বড়ো, কাৰ্‌বি, মিচিং, ৰাভা, দেউৰী, নেপালী আদি।

মৌখিক সাহিত্য

লোকগীত
অসমীয়া মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্ৰাচীন লোকগীত বোৰকে ধৰিব পাৰি। অসমীয়া ভাষাৰ লোকগীত্বোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক সাধাৰণতে গীত নুবুলি ‘নাম’ বোলা হয়। আন কথাত ক’বলৈ গ’লে, নাম আৰু গীত- এই দুয়োটা বহু সময়ত সমাৰ্থক হৈ এক ধৰণৰ গীতৰ অৰ্থত ব্যৱহাৰ হয়। অসমীয়া লোকগীত সমূহৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোঁসাই নাম, ভেকুলী বিয়াৰ নাম, ধাই নাম আদি। অন্যান্য লোকগীতৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰ গীত, নাহৰৰ গীত, বদন বৰফুকনৰ গীত, জিকিৰ আৰু জাৰি, দেহবিচাৰ গীত, টোকাৰী গীত, ঐনিতম, মহোহো গীত, জনা গাভৰুৰ গীত, শান্তি বাৰমাহীৰ গীত, বনঘোষা, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি উল্লেখযোগ্য। এই সমূহ লোকগীতৰ ৰচনা কাল ষষ্ঠ শতিকাৰ পৰা অষ্টম-নৱম শতিকা বুলি বুৰঞ্জীবিদ সকলে অনুমান কৰিছে।

প্ৰবচন আৰু ফকৰা-যোজনা

অসমীয়া মৌখিক সাহিত্যৰ আন এবিধ উল্লেখযোগ্য ৰচনা হ’ল প্ৰবচন আৰু ফকৰা-যোজনা সমূহ। অসমীয়া ভাষাত ডাক পুৰুষৰ নামত চলিত বা জড়িত প্ৰবচন সমুহেই আটাইতকৈ প্ৰাচীন এনেধৰণৰ মৌখিক সাহিত্য। ডাকৰ বচনবোৰৰ ভাষাৰ মনোগ্ৰাহিতা আৰু প্ৰকাশিকা শক্তি চমকপ্ৰদ। দৈনন্দিন জীৱনৰ নানান মূল্যৱান দিহা ডাকৰ বচনবোৰত পোৱা যায়।

ফকৰা-যোজনা সমূহকো প্ৰবচনৰ সমাৰ্থক বুলি বহু ক্ষেত্ৰত ধৰা হয়। দহৰ জ্ঞান, একৰ বাণী (The wisdom of many and the wit of one), - এয়ে ফকৰা-যোজনাৰ মূল কথা। অসমীয়া ফকৰাবোৰ সাধাৰণতে গূঢ়াৰ্থক, ছন্দোবদ্ধ আৰু আপাত বক্তব্যৰ অন্তৰালত একোটা নিগূঢ় অৰ্থ সোমাই থাকে। যোজনা বিলাকত এফাঁকি কথা পূৰাবলৈ আন এফাঁকি কথা যোগ কৰি দিয়া হয়। ফকৰা-যোজনাবোৰত শব্দৰ স্পষ্টতা আৰু অৰ্থৰ আধিক্য মন কৰিবলগীয়া। এই বিলাকৰ সহায়েৰে চমু কথাৰেই বহুত কথা ক’ব পৰা যায়। ফকৰা-যোজনা সমূহৰ ৰচনাৰ সময় নিৰ্ণয় কৰা টান যদিও বুৰঞ্জীৰ ঘটনাৰ উল্লেখ থকা বা বৈষ্ণৱ নীতি-সদাচাৰ সম্পৰ্কীয় বচন সমূহৰ মোটামুটি সময় নিৰ্ণয় কৰিবপ্পৰা যায়।

প্ৰবচন আৰু ফকৰা-যোজনাৰ উপৰি সাথঁৰ, সাধুকথা আদিও অসমীয়া মৌখিক সাহিত্যৰ অন্যতম উপাদান।

লিখিত সাহিত্য

চৰ্যা পদ

অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন চৰ্যাপদবোৰত পোৱা যায়। চৰ্যাপদবোৰ বৌদ্ধ ধৰ্মৰ মূল আচাৰ-নীতিবোৰ প্ৰচাৰ কৰিবলৈ গীতৰ আকাৰত ৰচনা কৰা হৈছিল। ৰাগ-ৰাগিনী অনুসৰি গোৱা এই গীতবোৰক চৰ্যাগীত, বৌদ্ধগান বা দোহাও বোলা হয়। চৰ্যাপদবোৰ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাৱৰ কৰা হৈছে।

প্ৰাক বিষ্ণৱ সাহিত্য

চৰ্যাপদৰ পাছত চতুৰ্দশ শতিকালৈকে ধাৰাবাহিকভাৱে বিশুদ্ধ অসমীয়া সাহিত্যৰ নিদৰ্শন পোৱা নাযায়। ইয়াৰ পাছত চতুৰ্দশ শতিকাতে হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু মাধৱ কন্দলিৰ দৰে কেইবা গৰাকীও প্ৰতিভাশালী কবিৰ আৱিৰ্ভাৱ হয়। এই সময়ছোৱাতে অসমীয়াতে অসমীয়া সাহিত্যত লিখিত সাহিত্যৰ আদৰ্শ স্থাপিত হয়। ইয়াৰ আগতে চৰ্যাপদৰ বাহিৰে বাকীবোৰ কেৱল মৌখিক সাহিত্যহে আছিল। সেই সময়ছোৱাত ৰচিত হেম সৰস্বতীৰ ৰচনাইঅকেই অসমীয়া ভাষাৰ প্ৰথম লিপিবদ্ধ সাহিত্য ৰুপে স্বীকৃতি দিয়া হৈছে। প্ৰাক বৈষ্ণৱ যুগৰ কবি সকলৰ ভিতৰত মাধৱ কন্দলিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। চতুৰ্দশ শতিকাতে মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ণ খন অসমীয়ালৈ ভাঙনি কৰে। আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাবোৰৰ ভিতৰত মাধৱ কন্দলিৰ এই অসমীয়া ৰামায়ণ খনেই প্ৰথম। মাধৱ কন্দলিৰ আগতে তামিল আৰু কানাড়ী ভাষালৈ ৰামায়ণ অনূদিত হৈছিল।

বৈষ্ণৱ সাহিত্য

মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ আগ ভাগৰ পৰা, অৰ্থাৎ পঞ্চদশ শতিকাৰ শেষ ভাগৰ পৰা সপ্তদশ শতিকাৰ শেষ লৈকে ৰচিত সাহিত্য ৰাজিক বৈষ্ণৱ সাহিত্যৰ ভিতৰত সামৰিব পাৰি। এই যুগৰ কবি সকলৰ গুৰু আছিল শংকৰদেৱ আৰু সেয়ে বহুতে এইছোৱা সময়ত শংকৰী যুগ বুলিও অভিহিত কৰিছে। শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) আছিল এই যুগৰ প্ৰতিষ্ঠাতা। শংকৰদেৱেই পোনতে অসমীয়া গদ্যক সাহিত্যিক মৰ্যাদা দান কৰে। অসমীয়া সাহিত্যলৈ শংকৰদেৱৰ আটাইতকৈ ডাঙৰ অৱদান হ’ল কীৰ্তন আৰু দশম। আকৰ্ষণীয় বিষয়বস্তু আৰু শুৱলা বৰ্ণনাৰ বাবে কীৰ্তন খন ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে অতি প্ৰিয়। গীত, ভাগৱত, পুৰাণ আদিৰ সাৰ ভাগেৰে এই পুথি খন ৰচনা কৰা হৈছে। শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থৰ ভিতৰত দশম খনেই শ্ৰেষ্ঠ। ‘দশম’ বুলিলে দৰাচলতে ভাগৱতৰ সমগ্ৰ দশন স্কন্ধৰ ভাঙনিকে বুজায় যদিও, অসমীয়া মানুহে শংকৰদেৱে ৰচনা কৰা অংশহে সাধাৰণতে ‘দশম’ বুলিলে বুজে। ইয়াৰ শ্ৰীকৃষ্ণৰ জন্ম আৰু বাল্য লীলাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাহিনীৰ মনোৰম বৰ্ণনা আছে। শংকৰদেৱে ৰচনা কৰা আন গ্ৰন্থ সমূহ হ’ল : ৰাম বিজয়, পাৰিজাত হৰণ, পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, চিহ্ন যাত্ৰা (এই খন শংকৰদেৱে ৰচনা কৰা প্ৰথম কবিতা পুথি ; এই খন কাব্যক প্ৰথম অসমীয়া নাটক বুলিবও পাৰি), হৰিশ্চন্দ্ৰ উপাখ্যান, ভক্তি প্ৰদীপ, অজামিল উপাখ্যান, বলিচলন, গুণমালা, ভক্তি ৰত্নাকৰ, নিমি-নৱসিদ্ধ সংবাদ আদি। শংকৰদেৱ আছিল বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা আৰু প্ৰচাৰক। শংকৰদেৱে ৰচনা কৰা গীতবোৰক বৰগীত আৰু ভতিমা – এই দুই শ্ৰেণীত ভাগ কৰিব পাৰি। শংকৰদেৱে ২৫০ (আঢ়ৈশ) মান বৰগীত ৰচনা কৰিছিল। কিন্ত গীতবোৰ ঘৰ পোৰা জুইত জাহ যোৱাত মানুহৰ মুখত ৩৫ টা মানুহে ৰ’লগৈ। বিষয়বস্তুৰ মহত্ত্ব, বচন ভংগীৰ সৌষ্ঠৱ, শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমেৰে এই গীতবোৰৰ কেতবোৰ সুকীয়া বৈশিষ্ট্য আছে, যাৰ কাৰণে গীতবোৰক ‘বৰ’ অৰ্থাৎ ‘শ্ৰেষ্ঠ’ বুলি প্ৰতিপন্ন কৰিব পাৰি। অংকীয়া নাট তথা ভাওনাৰ যোগেদি শংকৰদেৱে অসমীয়া নাট্য সাহিত্য আৰু নাট্যাভিনয়ৰো সূচনা কৰিছিল। শংকৰদেৱৰ পাছত আন এজন লেখত ল’ব লগীয়া কবি-সাহিত্যিক হ’ল শংকৰদেৱৰ প্ৰিয়তম শিষ, অনুগত সেৱক আৰু প্ৰধান সংগী মাধৱদেৱ (১৪৮৯-১৫৯৬)। মাধৱদেৱেও নানা গ্ৰন্থ, বৰগীত আৰু ভটিমা ৰচনা কৰিছিল। মাধৱদেৱৰ ৰচনাৱলীৰ ভিতৰত নামঘোষা, চোৰধৰা পিম্পৰা গুচোৱা, ভূমি লেটোৱা আদি উল্লেখযোগ্য। শংকৰদেৱ আৰু মাধৱদেৱৰ পিচৰে পৰাই অসমীয়া সাহিত্য চহকী হৈ উঠে। সেই সময়ৰ আন কেইজনমান বিখ্যাত কবি-সাহিত্যিক হ’ল : অনন্ত কন্দলি, ৰাম সৰস্বতী, ৰত্নাকৰ কন্দলি, সাৰ্বভৌম ভট্টাচাৰ্য, গোপাল আতা, শ্ৰীধৰ কন্দলি, কলাপ চন্দ্ৰ, ভট্টদেৱ আদি। এই সকলৰ ভিতৰৰে ৰাম সৰস্বতীয়ে বধকাব্য নামেৰে এক কাব্যশ্ৰেণীৰ সৃষ্টি কৰে আৰু ভট্টদেৱে প্ৰথমবাৰৰ বাবে সাহিত্য ৰচনাত গদ্যক একমাত্ৰ প্ৰকাশ মাধ্যম হিচাপে গ্ৰহণ কৰে। সেয়ে ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হিচাপে আখ্যা দিয়া হয়।

পাঁচালী সাহিত্য

বৈষ্ণৱ যুগৰ প্ৰায়বোৰ কবিয়ে বৈষ্ণৱ ভাবাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাহিত্য সৃষ্টি কৰিছিল যদিও তাৰ মাজতে কেইবাজনো কবিৰ উদ্ভৱ হৈছিল, যিকেইজনক বৈষ্ণৱ আন্দোলনে বিশেষ প্ৰভাৱাম্বিত কৰা নাছিল। এই কেই জন কবিক বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবি বুলিও কোৱা হয় আৰু তেওঁলোকৰ দ্বাৰা ৰচিত গীত-পদক পাঁচালী সাহিত্য আখ্যা দিয়া হয়। পাঁচালী শব্দটো সংস্কৃত পাঞ্চালী বা পাঞ্চালিকা (অৰ্থ পুতলা) শব্দৰ উৎপত্তি হৈছে। সম্ভৱতঃ পুতলা নাচৰ আৰ্হিত যি কাব্য বা গীত বিভিন্ন মুদ্ৰা, নৃত্য আৰু বাদ্যৰ যোগেদি সুৰ ধৰি আবৃত্তি কৰা হৈছিল, সেই কাব্য-গীতেই পাঁচালী নাম পালে। এই ধাৰাৰ বিশিষ্ট কবি কেইজন হ’ল : পীতাম্বৰ, মনকৰ, দুৰ্গাবৰ আৰু সুকবি নাৰায়ণদেৱ।

চৰিত পুথি আৰু বংশাৱলী

ষষ্ঠদশ শতিকাৰ শেষ দশকৰ পৰা অষ্টাদশ শতিকাৰ প্ৰাৰম্ভ লৈকে – এই সময় ছোৱাত চৰিত পুথি নামেৰে এক বিশেষ শ্ৰেণীৰ সাহিত্য সৃষ্টি হয়। চৰিত পুথি হৈছে মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু আন বৈষ্ণৱ ধৰ্ম গুৰু সকলৰ জীৱনী মূলক গ্ৰন্থ। চৰিত পুথিবোৰৰ কেই খনমান গদ্যত আৰু বাকী সৰহ ভাগেই পদ্যত ৰচিত। এতিয়া লৈকে জানিব পৰা মতে চৰিত পুথিৰ সংখ্যা ৩০ খন মান হ’ব। ইয়াৰ ভিতৰত শংকৰ-মাধৱৰ জীৱন চৰিত পাঁচ-ছখনমান। অসমৰ কেইখন মান উল্লেখযোগ্য চৰিত পুথি হ’ল : কথা গুৰু চৰিত, দামোদৰ চৰিত, লক্ষীপতি চৰিত, বৰদোৱা চৰিত, বনমালী দেৱৰ চৰিত, আই কনকলতা চৰিত, গুৰু বৰ্ণনা আদি।

চৰিত পুথিৰ দৰেই বংশাৱলীবোৰো সেই সময়ৰ আন এক শ্ৰেণীৰ বিশিষ্ট পদপুথি। বংশাৱলীবোৰত একো একোটা ৰাজবংশ বা গোঁসাই-মহন্ত পৰিয়ালৰ বংশানুক্ৰমিক বিৱৰণ পোৱা যায়।

আহোম যুগৰ সাহিত্য

আহোম ৰাজত্বৰ দিনতে অসমীয়া সাহিত্যৰ পৰিসৰ আৰু পৰিধি বৃদ্ধি হয়। অসমীয়া ভাষাক ৰজা ঘৰীয়া ভাষালৈ তোলাত আহোম সকলৰেই বৰঙণি বেছি। বৈষ্ণৱ যুগৰ দৰে এই যুগতো পদ, কাব্য, নাট, গীত আদি ৰচিত হয়। তদুপৰি এই যুগত চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য, শাক্ত সাহিত্য, ব্যৱহাৰিক জ্ঞানৰ সাহিত্য, ইছলামী সাহিত্য আদিৰো বিকাশ হয় ; গদ্য সাহিত্যয়ো পূৰ্ণৰুপ লাভ কৰে। তদুপৰি এই সময়তে সংস্কৃতত ৰচিত ভেষজ, জ্যোতিৰ্বিদ্যা, অংক, নৃত্য আৰু স্থাপত্য সম্পৰ্কীয় বহু ৰচনা অসমীয়ালৈ অনূদিত হয়। অসমীয়া সাহিত্যলৈ আহোম সকলৰ এক অভিনৱ আৰু একচেটিয়া বৰঙণি হ’ল বুৰঞ্জী নামেৰে জনাজাত এক শ্ৰেণীৰ ঐতিহাসিক সাহিত্য। বুৰঞ্জী পোনতে আহোম ভাষাতহে লিখা হৈছিল যদিও আহোম সকল স্থানীয় সমাজত মিলি যোৱাৰ লগে লগে বুৰঞ্জীৰ মাধ্যম অসমীয়ালৈ পৰিৱৰ্তিত হয়। ‘পুৰণি অসম বুৰঞ্জী’ নামৰ পুথি খনেই এতিয়ালৈকে পোহৰলৈ অহা বুৰঞ্জী সমূহৰ ভিতৰত পুৰণি। আধুনিক অৰ্থত এই বুৰঞ্জীবোৰ বিজ্ঞান সন্মত ইতিহাস নহ’লেও এইটো ঠিক যে এই বুৰঞ্জীবোৰত আধুনিক ইতিহাসৰ ভালেখিনি সমল আছে।

আধুনিক অসমীয়া সাহিত্য

১৮২৬ চনত ইংৰাজে অসম অধিকাৰ কৰি লোৱাৰ পাছত আৰু অসমৰ শিক্ষা আৰু সাহিত্য জগতত পশ্চিমীয়া প্ৰভাৱ আহি পৰাৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হয়। আধুনিক অসমীয়া সাহিত্যৰ সৃষ্টিত আমেৰিকান মিছনেৰী সকলৰ অৱদানেই আটাইতকৈ বেছি। এওঁলোকৰ চেষ্টাতেই ১৮৪৬ চনত অসমৰ প্ৰথম খন সংবাদ পত্ৰ ‘অৰুনোদই’ প্ৰকাশ হয়। ইয়াৰ আগতে ১৮১৩ চনত মিছনেৰী সকলৰ উদ্যোগতে আত্মৰাম শৰ্মাই বাইবেল খন অসমীয়ালৈ অনুবাদ কৰিছিল। শ্ৰীৰামপুৰত ছপা কৰা এই বাইবেল খনেই (ধৰ্ম পুস্তক) প্ৰথম অসমীয়া ছপা পুথি। মিছনেৰী সকলৰ  উদ্যোগতেই কেইবাখনো লেখৰ অসমীয়া কিতাপ সেই সময়ত ৰচিত আৰু প্ৰকাশিত হয়। তাৰ ভিতৰত ‘এ গ্ৰামাৰ অব্‌ আছামিজ লেংগুৱেজ’, ‘আসাম বুৰঞ্জী’, ‘গ্ৰামাটিকেল নটিচেছ অব্‌ দি আছামিজ লেংগুৱেজ’, ‘অসমীয়া লৰাৰ মিত্ৰ’, ‘এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ’ আদিৰ নাম উল্লেখযোগ্য। ইয়াৰ উপৰি ১৮৬৭ চনত মাইলছ ব্ৰনছনে ‘অসমীয়া আৰু ইংৰাজী অভিধান’ নামেৰে এখন অভিধানো সংকলন কৰে। প্ৰায় ১৪,০০০ শব্দ সম্বলিত এই খনেই আছিল প্ৰথম অসমীয়া অভিধান আৰু ১৯০০ চন পৰ্যন্ত ইয়ে অসমীয়া ভাষাৰ একমাত্ৰ পথ প্ৰদৰ্শক আছিল। ইয়াৰ আগতে ১৮৩৯ চনতে যাদুৰাম ডেকা বৰুৱাই এখন অসমীয়া অভিধান সংকলন কৰিছিল যদিও সেই খন হাতে লিখা অৱস্থাতে অপ্ৰকাশিত হৈ ৰয়।

সেই সময় ছোৱাৰ কেই গৰাকীমান উল্লেখযোগ্য কবি-সাহিত্যিক হ’ল : আনন্দৰাম ঢেকিয়াল ফুকন, নিধিলিবাই ফাৰৱেল, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, ভোলানাথ দাস, লম্বোদৰ বৰা, বিষ্ণুপ্ৰিয়া দেৱী, পদ্মাৱতী দেৱী ফুকননী আদি।

আধুনিক অসমীয়া সাহিত্যৰ উত্তৰণত ‘জোনাকী’ৰ আৱিৰ্ভাৱ এক অতি তাৎপৰ্যপূৰ্ণ ঘটনা। ১৮৮৯ চনত এখন মাহেকীয়া আলোচনীৰ ৰুপত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত ‘জোনাকী’ প্ৰকাশ হয়। ‘জোনাকী’য়ে অসমীয়া সাহিত্যলৈ ইংৰাজী ৰোমাণ্টিক ভাবাদৰ্শ আৰু ৰুপ (form) কঢ়িয়াই আনে। ইয়াৰ পাছত প্ৰকাশিত ‘ৰামধেনু’ আৰু ‘আৱাহন’ আলোচনীয়েও অসমীয়া সাহিত্যৰ বিকাশৰ ধাৰাটো অধিক সমৃদ্ধ কৰি তোলে।

আধুনিক অসমীয়া সাহিত্যৰ বিকাশত যি সকল কবি-সাহিত্যিকে স্মৰণীয় বৰঙণি যোগাই আহিছে সেই সকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, পদ্মনাথ গোহাঞি বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, বেণুধৰ শৰ্মা, ৰঘুনাথ চৌধাৰী, অম্বিকাগিৰী ৰায় চৌধুৰী, শৈলধৰ ৰাজখোৱা, যতীন্দ্ৰনাথ দুৱৰা, পাৰ্বতি প্ৰসাদ বৰুৱা, ডিম্বেশ্বৰ নেওগ, জ্যোতিপ্ৰসাদ আগৰৱালা, সত্যনাথ বৰা, কমলাকান্ত ভট্টাচাৰ্য, ৰত্নকান্ত বৰকাকতি, সূৰ্য কুমাৰ ভূঞা, নীলমণি ফুকন, দণ্ডিনাথ কলিতা, বাণীকান্ত কাকতি, ভগৱতী প্ৰসাদ বৰুৱা, অতুল চন্দ্ৰ হাজৰিকা, গণেশ গগৈ, সীতানাথ ব্ৰহ্মচৌধুৰী, অমূল্য বৰুৱা, নৱকান্ত বৰুৱা, চৈয়দ আব্দুল মালিক, অজিৎ বৰুৱা, হোমেন বৰগোহাঞি, মহেন্দ্ৰ বৰা, হীৰেন গোহাঁই, বিৰিঞ্চি কুমাৰ বৰুৱা, ৰমা দাস, তীৰ্থনাথ শৰ্মা, মহেশ্বৰ নেওগ, সত্যেন্দ্ৰ নাথ শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনীবালা দেৱী, মফিজুদ্দিন আহমেদ হাজৰিকা, বিনন্দ চন্দ্ৰ বৰুৱা, স্নেহ দেৱী, ভবেন্দ্ৰ নাথ শইকীয়া, লাক্ষ্মীনন্দন বৰা, নিৰুপমা বৰগোহাঞি আদিৰ নাম উল্লেখযোগ্য।

লেখক : শান্তনু কৌশিক বৰুৱা

লেখিকা : প্ৰীতিমা কৌশিক বৰুৱা, নতুন জানানে

2.96774193548
হিয়া মেধি Sep 27, 2018 10:17 PM

ভাষা অাৰু সাহিত্যৰ মাজত সম্পৰ্ক কি ?
( ইয়াৰ এটা উচিত লেখা অাগবহাৱ নিকি ? )

দিপেন্দ্ৰ গুৰাগাঞী Dec 16, 2017 12:47 PM

ভাষা শিকাৰ ক্ষেত্ৰত মৌখিক সাহিত্যৰ ভূমিকা কি?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top