মানুহ সমাজপ্ৰিয় প্ৰাণী । সমাজ পতাৰ লগে লগেই সৃষ্টি হ'ল সংস্কৃতিৰ । পৃথিৱীৰ হয়তো এনে এটা জনগোষ্ঠী নোলাব যাৰ নিজা সাংস্কৃতিক উৎসৱ-পাৰ্বন নাই । আমাৰ ৰাজ্য অসম এখন জনগোষ্ঠীৰে ভৰপূৰ ৰাজ্য । বিভিন্ন ভাষা-ভাষী, জনগোষ্ঠীৰে ভৰপূৰ এই ৰাজ্য সংস্কৃতিৰ ক্ষেত্ৰতো চহকী । উৎসৱ-পাৰ্বন সমূহ সংস্কৃতি ৰক্ষাৰ এক অন্যতম অংগ । অসমত এটা বছৰত কিমান উৎসৱ অনুষ্ঠিত হয়, তাৰ সদোত্তৰ নিশ্চয় কাৰো হাতত নাই । ঠাই বিশেষে উৎসৱৰ ধৰণ, নীতি-নিয়ম বেলেগ বেলেগ । অসমৰ জাতীয় উৎসৱ বিহুকে ধৰি ঈদ, আলি-আই-লৃগাং, বাথৌ পূজা, টুচু পূজা, দুৰ্গা পূজা, ৰাস, বিভিন্ন ধৰণৰ মেলা, ফাকুৱা উৎসৱ, ঐতিহাসিক স্মৃতি বিজড়িত উৎসৱ যেনে- জোনবিল মেলা ইত্যাদি । এই জনপ্ৰিয় উৎসৱ সমূহৰ উপৰিও এনে হয়তো বহুতো উৎসৱ আছে যিবোৰ আমি কেতিয়াও দেখা নাই বা শুনা নাই, যিবোৰ মহা ধুমধামেৰে অসমৰ কিছুমান ভিতৰুৱা ঠাইত অনুষ্ঠিত হৈ আহিছে । বৰ্তমান সময়ত ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ বহুল প্ৰসাৰ আৰু প্ৰচাৰে এনে ধৰণৰ লোকচক্ষুৰ পৰা বহু নিলগত থকা উৎসৱ পাৰ্বণবোৰ ৰাইজৰ মাজত প্ৰসাৰিত হ'বলৈ সুযোগ হৈছে । অসমৰ এনেধৰণৰ বহুল উৎসৱ পাৰ্বণবোৰৰ যিদৰে এটা জনগোষ্ঠী বা এখন ঠাইৰ ঐতিহ্যক ধৰি ৰখাত সহায় কৰিছে ঠিক সেইদৰে ই আমাৰ সংস্কৃতিকো টনকিয়াল কৰি ৰাখিছে । অৱশ্যে, কিছু কিছু সমালোচক তথা বুদ্ধিজীৱিয়ে আমাৰ বহুল উৎসৱ পাৰ্বণবোৰে সামাজিক চিন্তাধাৰা তথা দৈনন্দিন কাম-কাজৰ লগতে শৈক্ষিক দিশ সমূহতো কিছু ক্ষতি কৰিছে বুলি মত আগবঢ়োৱা দেখা গৈছে । যা হওঁক, এইটো এটা পৃথক বিষয় ।
আজিৰ এই সামগ্ৰিক সময়ৰ অসমীয়া কোন? এই প্ৰশ্নটোৱে যথেষ্ট স্থান পোৱাৰ লগতে নানান বিতৰ্কৰো সূত্ৰপাত ঘটোৱা দেখিবলৈ পোৱা গৈছে । অসমীয়াৰ সংজ্ঞা যিয়েই নহওঁক উপৰোক্ত উৎসৱ-পাৰ্বন সমূহে এই সংজ্ঞাত যে বৰঙণি যোগাইছে এই কথা সৰ্বজন বিদিত । আমাৰ সমাজত এনে কিছুমান উৎসৱ উদযাপিত হৈ আহিছে যিবোৰৰ ইতিহাস বৰ বেছি দিনৰ নহয় কিন্তু ইয়াৰ প্ৰচাৰ তথা প্ৰসাৰ তুংগত । ইয়াৰ পৰিৱৰ্তে এনে দুই-এক উৎসৱো আছে যিবোৰ উৎসৱ ইতিহাস বিজড়িত তথা সংস্কৃতিৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব বহুত বেছি কিন্তু সেইমৰ্মে এই উৎসৱৰ প্ৰসাৰ তথা প্ৰচাৰ যি ধৰণে হ'ব লাগিছিল তেনেধৰণে হোৱা নাই । অৱশ্যে ইয়াৰ কাৰণো নথকা নহয় ।
অসমৰ এক অন্যতম সংস্কৃতিৱান অঞ্চল মধ্য অসমত আহোম স্বৰ্গদেউ সকলৰ দিনৰে পৰা চলি অহা এক উৎসৱৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰিবলৈ লোৱা হৈছে, যিটো উৎসৱৰ বিষয়ে সম্ভৱত অসমৰ সৰহসংখ্যক লোকেই অৱগত নহয় । কাৰণ এই উৎসৱটোৰ বিষয়ে যিমান পৰিমাণৰ চৰ্চা হ'ব লাগিছিল তেনে হোৱা দেখা নাযায় । যি দুই-এক লেখা তথা চিন্তনীয় বিষয় প্ৰকাশিত হৈছে সিয়ো নিচেই তাকৰ, এই উৎসৱটোৰ নামেই হৈছে গোঁসাই উলিওৱা মেলা ।
গোঁসাই উলিওৱা মেলা বুলি কোৱাতকৈ উৎসৱ বুলি ক'লেহে বেছি প্ৰযোজ্য হ'ব যেন লাগে । এই উৎসৱ মধ্য অসমত অনুষ্ঠিত হয় বুলি ইতিমধ্যে কোৱা হৈছে যদিও; আচলতে ই পশ্চিম নগাঁওৰ বিস্তৃত অঞ্চল তথা মৰিগাঁও জিলাতহে হোৱা দেখা যায় । গোঁসাই উলিওৱা উৎসৱ এই কাৰণেই অন্য উৎসৱতকৈ পৃথক যে, ই সম্পূৰ্ণ দুমাহ ধৰি অনুষ্ঠিত হোৱা এক বৃহৎ উৎসৱ । বহাগ মাহৰ পহিলা দিনাৰ পৰা জেঠৰ সংক্ৰান্তিলৈকে এই উৎসৱ পালন কৰা হয়, কিন্তু ইয়াৰ অনুষ্ঠিত ঠাই সমূহো সদায় ভিন্ন ভিন্ন । মৰিগাঁৱৰ প্ৰত্যেকখন গাঁৱৰে আজি এখন গাওঁত, কাইলৈ আনখন গাঁও এনেদৰে এই উৎসৱটি অনুষ্ঠিত হোৱা দেখা যায় ।
এই মেলা বা উৎসৱৰ মূল বিশেষত্ব হ'ল পুৱাৰ ভাগত গাঁৱৰ মূল নামঘৰৰ পৰা গোঁসাইৰ থাপনা চাৰিজন ভকতে কান্ধত তুলি অৰ্থাৎ খাট নিৰ্মাণ কৰি নামঘৰৰ চাৰিওফালে সাতপাক ঘূৰাই মেলা থলীলৈ লৈ যায় । গোঁসাইৰ খাটৰ আগত বৰঢোল, তাল আদি বজাই নৃত্য কৰি গাওঁৰ সকলোটি ৰাইজ মেলা থলীলৈ ৰাওনা হয় । মেলা থলীৰ মাজৰ নিৰ্দিষ্ট ঠাইত গোঁসাই স্থাপন কৰি নাম-প্ৰসংগ আৰম্ভ কৰা হয় আৰু তেনেকৈয়ে এই উৎসৱৰ আৰম্ভ হয় । নামঘৰৰ পৰা গোঁসাই থাপনা বাহিৰলৈ উলিয়াই অনা হয় বাবে ইয়াক গোঁসাই উলিওৱা উৎসৱ বোলা হয় ।
বিভিন্ন তথ্যপাতি তথা প্ৰৱন্ধ আদি চাই বুজিব পৰা যায় যে, এই মেলা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ইয়াৰ সদোত্তৰ কাৰো হাতত নাই । বহুতে এই উৎসৱ আহোম স্বৰ্গদেউ সকলৰ দিনৰ পৰাই প্ৰচলিত বুলি মত পোষণ কৰি আহিছে । কোনো কোনোৰ মতে এই উৎসৱৰ আৰম্ভণি কোচৰজা নৰনাৰায়ণৰ দিনৰ পৰাই প্ৰচলন হৈ আহিছে বুলি ভাৱ ব্যক্ত কৰি আহিছে । যা হওঁক, এই উৎসৱ অন্য বহু উৎসৱৰ লগত মিল আছে যদিও কিছু কিছু ক্ষেত্ৰত ই এক সুকীয়া স্থান দখল কৰি আহিছে । কোনো কোনোৱে এই উৎসৱক দৌল উৎসৱৰ লগত মিল আছে বুলি যুক্তি দৰ্শাই যদিও সম্পূৰ্ণ মিল দেখা নাযায় ।
মৰিগাওঁ জিলাৰ তিৱা জনগোষ্ঠী অধ্যুষিত অঞ্চলত এই গোঁসাই উলিওৱা উৎসৱৰ গুৰুত্ব তথা প্ৰসাৰ অতি বেছি । বহাগ বিহুৰ ৰঙ-ৰহইচৰ এক অন্যতম অংগ এই গোঁসাই উলিওৱা উৎসৱ । বহাগ বিহুৰ সমান্তৰালভাৱে অনুষ্ঠিত হয় বাবে কিছু কিছু লোকে ইয়াক 'বহাগী মেলা' বুলিও অভিহিত কৰে ।
সমাজ পৰিৱৰ্তনৰ লগে লগে গোঁসাই উলিওৱা উৎসৱৰ পৰিৱৰ্তনো নিশ্চয় দেখা গৈছে ।আগৰ সেই অনুষ্টুপীয়া অনুষ্ঠানটো আজি মেলাৰ দৰে নানান দোকান-পোহাৰ, খেলা-ধূলা, গীত-মাতৰ অনুষ্ঠান আদিয়ে শুভাবৰ্দ্ধন কৰা দেখিবলৈ পোৱা গৈছে । এই উৎসৱৰ অন্য এক তাৎপৰ্য হ'ল যে সন্ধিয়া হোৱাৰ লগে লগে এই উৎসৱৰ সামৰণি পৰে । দুমাহ ধৰি অনুষ্ঠিত হোৱা এই উৎসৱৰ প্ৰত্যেক ঠাইতে (মৰিগাঁও জিলাৰ লগতে পশ্চিম নগাঁও জিলাৰ বিভিন্ন গাঁও) নিজা নিজা বিশেষত্ব দেখা যায় যদিও জেঠৰ ৯ তাৰিখে অনুষ্ঠিত হোৱা 'বাঙীয়া মেলা' আৰু জেঠৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত হোৱা ‘এখৰাহী মেলা'ৰ গুৰুত্ব সৰ্বাধিক ।এই দুখন মেলা উপভোগ কৰিবলৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা মিতিৰ-কুটুম্ব আদিয়ে মৰিগাঁও ভিৰ কৰেহি। এই উৎসৱত বিভিন্ন খাদ্য-সম্ভাৰৰ লগতে গাহৰিৰ মাংস আৰু তিৱা সকলে থলুৱা ভাৱে প্ৰস্তুত কৰা মদ বিশেষভাৱে উল্লেখযোগ্য ।
এই গোঁসাই উলিওৱা উৎসৱৰ লগত সংগতি ৰাখি মেলা থলীবোৰত কুকুৰা যুঁজ অনুষ্ঠিত হৈ আহিছে । যদিও এই উৎসৱ দীঘলীয়া সময় জুৰি উদযাপিত হৈ আহিছে তথাপি ইয়াৰ বহুল প্ৰচাৰৰ অভাৱে পৰ্যটকৰ আকৰ্ষণ কৰিবলৈ সক্ষম হৈ উঠা নাই ।
লেখক - দিগন্ত কুমাৰ বড়া
উৎস:জোনাকীৰ বাটেৰে(ই-আলোচনী)
শেহতীয়া উন্নীতকৰণ: : 1/10/2023