অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহোহো বা মহখেদা উৎসৱ

মহোহো বা মহখেদা উৎসৱ

নামনি অসমত প্ৰচলিত এটি লোক উৎসৱ হৈছে মহোহো বা মহখেদা উৎসৱ। এই উৎসৱ আঘোণী পূৰ্ণিমাত উদ্‌যাপন কৰা হয়। মহোহোত গধূলি গাঁৱৰ চেমনীয়া ল’ৰা আৰু ডেকাই কেবাটাও দলত বিভক্ত হৈ হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতবোৰক মহোহো গীত বোলে। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে। প্ৰতিঘৰ মানুহৰ চোতালত ল’ৰা বা ডেকাবিলাকে বৃত্তৰ আকাৰত ঘূৰি ঘূৰি মহোহো গীতবোৰ গায়। এই গীত প্ৰথমে এজনে লগাই দিয়ে আৰু তাৰ পিছতহে বাকীবিলাকে ধৰে। টোকোন বা লাঠিৰে ঠনৰ ঠনৰকৈ শব্দ কৰি গোৱা মহোহো গীতৰ নমুনা এনেধৰণৰ –

(মহৌ হৌ মহৌ হৌ) মহ’হো মহ’হো। মহ খেদ্‌বা টোকান লৌ।।

মহে বোলে মৰ্‌লু দে। টেপৰ পুৰা খালু দে।। ইত্যাদি

মহ খেদা গীতবোৰ গালে মহবোৰ ভয়ত আঁতৰি যায় বুলি কোৱা হয় আৰু লগতে গৃহস্থক আশীৰ্বাদ দি চাউল-পইচা লোৱা হয়। লোক বিশ্বাস মতে মহোহো উৎসৱৰ পিছত মহবোৰ লাহে লাহে কমি নাইকিয়া হয়। মহ খেদোতাসকলে যি চাউল বা পইচা পায়, সেই চাউল-পইচাৰে পিছত সকলোৱে লগ লাগি ভোজ-ভাত খায়। আঘোণ মাহত অনুষ্ঠিত মহোহো উৎসৱ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল’ৰাবোৰৰ আনন্দময় উৎসৱ। এই উৎসৱত গোৱা গীতক ‘ভাল হওক দিয়া’ বা ভাওল দিয়া গীতো বোলা হয়। এই গীতবোৰৰ লগত উজনিৰ হুঁচৰি গীত, গোৱালপাৰাৰ এউৰিমগা গীত আৰু বাস্কা অঞ্চলৰ বাম্বোল পিটা গীতৰ কিছু সাদৃশ্য আছে। নামনি অসমৰ ভিন্‌ ভিন্‌ অঞ্চলত প্ৰচলিত মহোহো গীতবোৰ একে ধৰণৰ; কেৱল ঠাই বিশেষে দুই-চাৰিটা শব্দ, পদ আৰু সুৰৰ ক্ষেত্ৰত কিছু অমিল লক্ষ্য কৰা যায়। আঘোণী পূৰ্ণিমাৰ প্ৰাণময় উৎসৱ মহোহো বা মহখেদা অ-জনজাতি সকলৰ লগতে জনজাতীয় লোকসকলৰ মাজতো আদৰণীয়।

লিখক: অধ্যাপিকা বিভা ভৰালী, অসমীয়া সংস্কৃতিৰ কণিকা।

শেহতীয়া উন্নীতকৰণ: : 5/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate