মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / মহাহো বা মহখেদা উৎসৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহাহো বা মহখেদা উৎসৱ

লোক উৎসৱ হ’ল একোটা জাতিৰ ধমনীৰ ৰক্তপ্ৰবাহ সদৃশ।লোক উৎসৱসমুহে উজ্জীৱিত কৰি ৰাখে জাতিটোক।লোক উৎসৱৰ এক সাৰ্বজনীন চৰিত্ৰ থাকিলেও অঞ্চল বিশেষে ইয়াৰ ভিন্ন প্ৰকৃতি দেখা যায়।ই চহা জনসাধাৰণৰ সৰল মনৰ সামুহিক কৃতী।তেনে এটি লোক উৎসৱ হৈছে মহাহো বা মহখেদা।আঘোন মাহৰ পুৰ্ণিমা তিথিত নামনি অসমত পালন কৰা হয় এই উৎসৱ।আঘোন মাহত খেতিয়কসকলে দিনে-নিশাই সমানে ব্যস্ত হৈ পৰিবলগীয়া হয়।দিনত পথাৰৰ শইচ চপাই আনি নিশা ঘৰৰ চোতালত মৰণা মাৰি আকৌ পিছদিনা ৰ’দত শুকুৱাই ভঁৰালত ভৰাই থোৱালৈকে এক অবিৰাম ব্যস্ততা।এনে ক্ষেত্ৰত নিশাৰ ভাগত কাম কৰোতে মহে আমনি কৰা বাবে হয়তো কোনোবা চহাৰ মনত এনেদৰে মহ খেদাৰ ধাৰণা এটাৰ সৃষ্টি হৈছিল আৰু সিয়েই কালক্ৰমত মহোহো বা মহখেদা উৎসৱ ৰুপে প্ৰচলিত হ’ল।

আঘোন মাহৰ পুৰ্ণিমাৰ দিনা সন্ধিয়া পৰত গাঁৱৰ ডেকা আৰু চেমনীয়া ল’ৰাবোৰে সৰু সৰু দলত ভাগ হৈ হাতে হাতে বাঁহৰ টাঙোন,ঠোৰকা (টকাসদৃশ বাদ্য বিশেষ)আদি লৈ মানুহৰ ঘৰে ঘৰে গৈ চোতালত এই উৎসৱ পালন কৰে।বিহুৰ সময়ত হুঁচৰি গাবলৈ আহোতে গোৱাৰ দৰে এই উৎসৱতো দলটোৱে গৃহস্থৰ পদুলিত উপস্থিত হৈ ‘ভাল হওক,কুশল হওক,ভাখ্ৰিৰ (ভঁৰালৰ)ধান বাঢ়ক গোলিৰ (গোহালিৰ)গৰু বাঢ়ক,শান্তি-পানী পৰক’আদি আশীৰ্বচন বোলে।গৃহস্থই তেওঁলোকক পদুলিৰ পৰা আদৰি নিয়ে।চোতালত গৈ তেওঁলোকে বৃত্তৰ আকাৰত ঘুৰি ঘুৰি হাতত থকা টাঙোনবোৰেৰে মাটিত কোবাই কোবাই গীত জোৰে।কেতিয়াবা আকৌ দলটোৰ মাজেৰে কোনোবা এজনে হাতৰ টাঙোনডাল মাটিত হেলনীয়াকৈ আৰু জোৰকৈ ধৰি থাকে,বাকী লগৰীয়াবোৰে বৃত্তাকাৰে ঘুৰি ঘুৰি নিজৰ নিজৰ টাঙোনেৰে সেইডালত কোবাই কোবাই গীত গায়।সেইখিনি সময়ত ল’ৰাবোৰে মুখত নানা ধৰণৰ মুখা পিন্ধি ৰ্ং-ধেমালি কৰাও দেখা যায়।আগৰ দিনত তামোলৰ ঢকুৱা মুখাৰ আকৃতিত সজাই তাত নানা ৰং বোলাই পিন্ধিছিল যদিও আজিকালি বজাৰত পোৱা মুখা পিন্ধিবলৈ লৈছে।কোনো কোনো  অঞ্চলত মহ খেদিবলৈ যোৱা দলটোৰ মাজেৰে এজনে গাত ‘কলচচনি’(শুকান কলপাত)বা কাপোৰ লগাই ভালুকৰ ভাও দিয়াও দেখা যায়।এই লোকজনক ‘ভাল ভলুকা’বুলিও কোৱা হয়।ভাল ভলুকা নচুওৱা বাবে মহখেদা উৎসৱক কোনো কোনো ঠাইত ভাল ভলুকা উৎসৱ বুলিও কোৱা হয়।

মহখেদা উৎসৱৰ গীতবোৰ গোৱাৰ ক্ষেত্ৰত এজনে লগাই দিয়ে,বাকীবোৰে ধৰে আৰু একে সময়তে আটায়ে হাতৰ টাঙোন আৰু ঠৰকাৰে শব্দ কৰি সংগত কৰে।এই গীতবোৰ মানুহৰ মুখে মুখে চলি অহা ববে ঠাই বিশেষে ইয়াৰ সামান্য সালসলনি ঘটাও দেখা যায়।

পশ্চিম নলবাৰী অঞ্চলত গোৱা এই মহখেদা গীতটো এনেধৰণৰ-

 

আঘোণৰ পুৰ্ণিমা হ’ল

মহ খেইদবাৰ হুকুম হ’ল

অ’হোহো মহো হো

মহ খেইদবা টাকোন লৌ

মহে বোলে মৈল্লু দে

টেপৰ পুৰা খালু দে

টেপৰত নহ’ল নুন

চাউল লাগে দোন দোন

চাউল নেদি দিলাক কড়ি

এন্থোৰ ঘৰ লৰি চৰি

লৰি চৰি যাওঁতে

সোণাৰ নাঙাল বাওঁতে

সোণাৰ নাঙাল ৰুপাৰ ফাল

ঘৰজীয়া বেটাই বাৱে হাল

হাল দিলো সিৰালে

মৈ দিলো বাটে

মহৰ মাকক পাৰ কৈল্লু

বুঢ়াদিয়াৰ ঘাটে।

মহখেদা গীত গোৱাৰ পিছত এনেবোৰ গীতো সংলগ্ন কৰি গোৱা দেখা যায়-

 

এন্থোৰ ঘৰত তুঁহৰ ধোহা

ছলি কান্দে তোঁহা তোঁহা

বাঁহৰ পাত চিকিমিকি

আমাক লাগে টকা,সিকি ইত্যাদি।

মহখেদা গীত গোৱাৰ পিছত গৃহস্থই তেওঁলোকৰ পৰা আশীৰ্বাদ লয় আৰু টকা-পইচা,চাউল-পাত আদি দিয়ে।পিছত এনেদৰে সংগৃহীত টকা-পইচা,চাউল-পাতেৰে তেওঁলোকে আনন্দ কৰি ভোজভাত খায়।মহো হো গীতৰ সৈতে উজনিৰ হুঁচৰি,গোৱালপাৰাৰ এউৰিমগা গীত,বাগসাৰ বাম্বোলপিটা গীতৰ সাদৃশ্য দেখা যায়।এই উৎসৱৰ সৈতে ধৰ্মৰ কোনো সমষ্টি নাই বাবে ই সাৰ্বজনীন লোক উৎসৱ।

লেখিকা:পুষ্পাঞ্জলি গোস্বামী (ৰাইজৰ বাতৰি)

3.11111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top