মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / মহাৰাজ নৰনাৰায়ণৰ সান্নিধ্যত শ্ৰীমন্ত শংকৰদেৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহাৰাজ নৰনাৰায়ণৰ সান্নিধ্যত শ্ৰীমন্ত শংকৰদেৱ

মহাৰাজ নৰনাৰায়ণৰ সান্নিধ্যত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা হৈছে ।

শঙ্কৰ মাধবৰ মিলন -

১৪৪৪ শকত(১৫২২ খ্ৰীষ্টাব্দ) ধুৰাঁহাট বেলগুৰিত শঙ্কৰ মাধবৰ মিলন হয়। এই মিলনকে শঙ্কৰী ধর্মৰ প্রচাৰ আৰু প্রসাৰৰ ক্ষেএত মণিকাঞ্চন সংযোগ বুলি কোৱা হয়।বেলগুৰিত থকা কালত শঙ্কৰ-মাধৱ আৰু তেৰাসৱৰ অনুগামীসকল আহোম ৰজাৰ অত্যাচাৰৰ সন্মুখীন হয়। একশৰণ হৰিনাম ধর্ম যিহেতু অন্য দেৱ-দেৱী পূজা-পালনৰ বিৰোধী,সেয়েহে ৰজাঘৰীয়া অমাত্যসকল বিশেষকৈ অসমৰ বাহিৰৰ পৰা আমদানিকৃত পুৰোহিত যাজকসকল শঙ্কৰদেৱৰ ওপৰত বিতুস্ট হৈ উঠে আৰু ৰজাক তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিবলৈ ধৰে।

সুক্ষ্মবিচাৰ বিহীন ৰজা আৰু অমাত্য সকলৰ বিষম বিচাৰৰ বাবে শ্রীমন্ত শঙ্কৰদেৱ আৰু তেৰাৰ ভকতসকলে বৰকৈ আমনি পাবলৈ ধৰে। কিন্ত্ত ভকত বৈষ্ণৱসকলে নিজৰ পাৰিবাৰিক চিন্তাধাৰা বিসর্জন দি একমাত্র হৰিনাম ধর্ম প্রচাৰ কৰি জনগণক এক শৰণৰ পিনে আকৃষ্ট কৰিবলৈ ধৰিলে। ইয়াৰ ফলস্বৰুপে অসমীয়া জাতিৰ বাবে এক নতুন সাংস্কৃতিক ,আধ্যাত্মিক আৰু সামাজিক চিন্তাধাৰাৰ পাতনি মেলিলে।সোণত সুৱগা স্বৰুপ শংকৰ মাধৱৰ মিলনৰ ফলস্বৰুপ হৰি কীর্ত্তনৰ ধ্বনিৰে ধুৱাঁহাট বেলগুৰিৰ আকাশ নিনাদিত হ’ল।

ইয়েই আহোম অমাত্য সকলক বেছিকৈ নিৰুৎসাহিত কৰাত অৰিহণা যোগালে।অসূয়া-অপ্রীতিৰ ফলত শঙ্কৰ-মাধৱৰ স্হানত্যাগ কৰাৰ সিদ্ধান্ত আহি পৰিল। আহোম ৰজাৰ বিষম আৰূ বিবেচনাহীন বিচাৰৰ বাবে গুৰুজনাই সেই স্থান ত্যাগ কৰিব লগীয়া হ’ল আৰু মাধৱদেৱে নজৰ বন্দী হৈ থাকিব লগীয়াত পৰিল।ৰজাৰ বিষয় বিচাৰত গুৰুজনাৰ জোঁৱাই হৰি ভূঞাৰ প্রাণদণ্ড হ’ল।

আহোম ৰজাৰ অমানুসিক বিচাৰত অসন্তুষ্ট হৈ গুৰুজনাই আহোম ৰাজ্যকে ত্যাগ কৰি কোচ ৰাজ্যলৈ ভটিয়াই যোৱাকে ঠিক কৰিলে।ভকতসকলে বিৰুদ্ধবাদী সকলৰ হাতত নানাধৰণৰ শাৰীৰিক আৰু মানসিক কষ্ট পাবলৈ ধৰাত তেওঁলোকে সিবিলাকৰ কোনো প্রতিকাৰ নকৰি মৌনহৈ থাকিল। কথিত আছে যে, ব্রাহ্মণ বিদ্বেষীসকলে ভকতৰ হাতৰ পৰা মালা কাঢ়ি নি কুকুৰৰ নেজত আঁৰি দিছিল, বাটেৰে যোৱা ভকতলৈ ফৰমুতি দলিয়াইছিল আৰু তেৰাসকলক অধর্মী, চণ্ডাল, ম্লেছ আদি নানা অকথ্য ভাষাৰে গালি দিছিল। কবিৰাজ মিশ্র, বামনাচার্য, শ্রীধৰ ভট্রাচার্য, ৰত্নাকৰ কন্দলি, ব্রহ্মা নন্দ ভট্রাচার্য আদি ব্রাহ্মণসকলে গুৰুজনাৰ গণতন্ত্রৰ ভেটিত প্রতিষ্ঠিত একশৰণ হৰিনাম ধর্মক নিন্দাকৰাৰ লগতে এই ধর্ম পৃথিৱীৰ পৰা আঁতৰ কৰিবলৈ দৃঢ় সঙ্কল্প কৰিলে। আনহাতে গুৰুজনায়ো সম্যকভাবে উপলব্ধি কৰিব পাৰিলে যে এনেহেন মূর্খ বন্ধুতকৈ জ্ঞানী শত্রুও ভাল।তেৰাই ভকতসকলক সমিধান দি ক’লে “ব্রাহ্মণসৱক দ্বেষ কৰিবাক আমাৰ নুহি উচিত।

ধর্মসভা -

ইয়াৰ পিছত, একশৰণ ভক্তিমার্গৰ পৰম ভকত বুঢ়াখাৰে গৃহত এদিনাখন এখনি ধর্মসভা পাতি তালৈ এই বিৰুদ্ধপন্থী সকলক নিমন্ত্রণ কৰিলে আৰু তাত একশৰণ হৰিনাম ধর্মৰ তাৎপর্য আৰু তাৰ শ্রেষ্ঠতাৰ বিষয়ে আলোচনা কৰিলে, সভাত বিৰুদ্ধপন্থীসকলৰ তৰল যুক্তি গুৰুজনাই গীতা, ভাগৱত, উপনিষদ আদি শাস্ত্রৰ যুক্তিৰে হেলাৰঙে খণ্ডন কৰি দিলে।ফলত শঙ্কৰৰ ওচৰত হাৰমানি ৰত্নাকৰ কন্দলিকে মুখ্য কৰি পণ্ডিতসকলে কর্মকাণ্ডতকৈ হৰিনামকে শ্ৰেষ্ঠ আৰু শ্ৰেয় বুলি স্বীকাৰ কৰিলে। কিন্তু ইয়াৰ পিছতো এচাম কর্মকাণ্ডৰ ধ্ব্জা উৰুৱাই ফুৰা তথাকথিত বেদবাদী পণ্ডিতে ভকতসকলক নানাধৰণৰ বিগুটি কৰিবলে নেৰা হ’ল। এইসকলৰ হাতত আমনি পাই তেওঁলোকে আহোম ৰাজ্য ত্যাগ কৰি পাটবাউসীলে ভটিয়াই আহিল। এই ঠাইতো তেওঁলোকে সুখেৰে দিন নিয়াব নোৱাৰিলে। শিলা নামৰ ঠাইৰ কিছুমান তথাকথিত নৈষ্ঠিক ব্রাহ্মণে কোচৰজা মহাৰাজ নৰনাৰায়ণক গোচৰ দিবলৈ ল’লে যে শঙ্কৰে দেৱ-দেৱী গুৰু গোঁসাই একোকে নামানে।ফলত, দেশত অমঙ্গলমাতি শঙ্কৰে ৰাজ্য নষ্ট কৰিলে। এই বিষয়ে কথা গুৰু চৰিতত আছে—“আৰু বাগীশ ভট্রাচার্যৰ বেটা বাগ চক্ত্রৱর্তী, যাদ ইন্দ্র, হিৰাই, মেৰাই, কেসেৰা কন্দলি, এই পাঁচেই মখ্য আৰু অনেক বামুণে, তান্ত্রিক, শাক্ত, হৰিবিমুখীয়া, হৰিভক্তি নসৈ নৰনাৰায়ণ ৰজাক গোচৰ দিলে। বোলে শঙ্কৰে কাকো নামানে দেৱ-দেৱী, শ্রাদ্ধবিধি, মূর্তি পানীত পেলায়, ভাগৱত ভাঙি পদ কৰে, ব্রাহ্মণ, তুলসী, শালগ্রাম নমানে নুপুজে, ব্রাহ্মণ, কৈৱর্ত, দৈবজ্ঞ, কোচ, শূদ্র সৱে ভজয়, একত্রে খায়, কুল, শীল, ধর্ম, কর্ম, বেদ নীতি এৰি এৰুৱাই, দেশগোটে তোমাৰ অনাচাৰী কৈলে। তেতিয়া খং উঠি ৰজাই পাঁচজন গৰমলিক(টেকেলাক)শঙ্কৰদেৱক ধৰি আনিবলৈ পঠাই দিলে।তেওঁবিলাকে শঙ্কৰদেৱক নেপাই নাৰায়ণ দাস ঠাকুৰ আতা আৰু গোকুলচান্দ আতাক পাই লৈ গ’ল ৰজাৰ আগত হাজিৰ কৰালে। ৰজাই শঙ্কৰদেৱৰ কথা সোধাত তেওঁবিলাকে নেজানো বুলি উত্তৰ দিলে।ফলত তেওঁলোকক নানা ধৰণৰ শাস্তি বিধান কৰি হ’লেও শঙ্কৰদেৱৰ বিষয়ে কথা উলিয়াবলৈ ৰজাই আদেশ কৰিলে। গৰমলি কেইজনে দুয়োজনকে ভোটলৈ বিক্তী কৰিলে। কিন্তূ তেওঁলোকৰ গাত নানা ঐশ্বৰিক শক্তি দেখি ভোটে দুয়োকে এৰি দি গুচি গ’ল। ইয়াৰ পিছত চিলাৰায় দেৱানৰ ৰাজ অনুগ্রহত গুৰুজনাই ভক্তি –ধর্ম প্রচাৰ কার্য্যত লাগি পৰে। ইফালে বিৰুদ্ধবাদী সকলৰ খোচনিত অতীষ্ঠ হৈ পুনৰ শঙ্কৰদেৱক ধৰি আনিবলৈ টেকেলাক পঠালে। প্রথমতে চিলাৰায়ে ইচ্ছা কৰা নাছিল। কিন্ত যেতিয়া মহাৰাজ নৰনাৰায়ণে অভয় দি গুৰুজনাক মাতি পঠালে তেতিয়া তেৰাই যোৱাকে ঠিক কৰিলে।তদনুসাৰে ভগৱানৰ নাম লৈ গুৰুজনাই মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত উপস্থিত হ’লহি। ৰজাইও নিজৰ চন্দন চ’ৰাত বিৰুদ্ধবাদী পণ্ডিতসকলক লৈ সভাত বহি গুৰুজনালৈ বাট চাই আছিল। গুৰুজনাও ৰজাৰ সাত খলপা ভেটিৰ ওপৰলৈ উঠি যাওঁতে স্বৰচিত টোটয় ‘মধুদানৱ দাৰণ দেৱ বৰং,গাই গাই উঠি গ’ল। তদুপৰি তেৰাৰ দেহৰ অনুপম কান্তি আৰু চেহেৰাই ৰজাৰ মনলৈ এক অনাবিল আনন্দৰ স্রোত বোৱালে।তৎক্ষণাৎ ৰজাই গুৰুজনাক বহিবলৈ আসন দিয়ালে। গুৰুজনাই কমলি পাৰি বহি ‘’জয় জয় মল্ল নৃপতি ৰসবান। যাকেৰি গুণ গান সম নাহি আন’’ এই ৰাজভটিমাটি গাবলৈ ধৰিলে। এই ভটিমা আৰু টোটয়ৰ ৰচনাৰ মাধুর্যই ৰজাৰ মন আকর্ষিত কৰিলে আৰু গুৰুজনাৰ পাণ্ডিত্যৰ প্রতি তেওঁ মূৰ দোৱালে।গুৰুজনাৰ অভিনৱ ৰুপ গুণত মোহিত হৈ ভাবিলে —

‘’অলৌকিক ৰুপ গুণ শঙ্কৰৰ চাই।

মনে এনে ভাৱ ভাৱে ভাবুক ৰজাই।।

শুনো নেকি ৰাঘৱৰ নিৰদ হুঙ্কাৰ।

লগে শুনো অর্জুনৰ গাণ্ডীৱ টঙ্কাৰ।।

নতু ভৃগু ভার্গবৰ প্রণব ওঙ্কাৰ।

লগে বাজে নাৰদৰ বীণাৰ ঝঙ্কাৰ।।

ৰজাৰ ধাৰণা —

“বাস্তৱ জগতে এনে লোক আছে বুলি।

মনে মোৰ কদাপিও নাছিল সমূলি।।

কল্পনাৰাজ্যতো দেখা নাছিলো আগত।

কিনো ভাগ্য আজি মই দেখিলো ঘৰত’’।।

এতিয়া, শঙ্কৰদেৱক সন্মুখত পাই ৰজাই ব্রাহ্মণ সকলক পৰীক্ষা কৰিবৰ মনেৰে শঙ্কৰে গোৱা টোটয়টিৰ অর্থ উলিয়াবলৈ আদেশ কৰিলে। কিন্তু তেওঁলোকৰ কোনো জনেই তাৰ অর্থ উলিয়াব নোৱাৰিলে। তেতিয়া ৰজাই শঙ্কৰদেৱক তাৰ অর্থ ব্যাখ্যা কৰিবলৈ কোৱাত তেৰাই চাৰি ৰকমে ব্যাখ্যা কৰি শুনালে। শঙ্কৰদেৱৰ ব্যাখ্যাত ৰজা সন্তুস্ট হ’ল আৰু ব্রাহ্মণসকলক পৰাজিত বুলি ঘোষণা দিলে।

এইদৰে প্রধান পণ্ডিত সার্বভৌম ভট্রাচার্যকে মুখ্য কৰি সকলো পণ্ডিতকে গুৰুজনাই তর্কত পৰাভুত কৰি ৰজাৰ পৰা ভূয়সী প্রশংসা লাভ কৰিলে।

ইয়াৰ পিছত ৰজাই “হাতী মাৰি ভুৰুকাত’’ ভৰাই পিছদিনা আনিবলৈ পণ্ডিতসকলক আদেশ কৰিলে। প্রকাণ্ড হাতী এটা মাৰি কেনেকৈনো ক্ষুদ্র ভুৰুকা এটিত ভৰাই আনিব সেয়াই মহা চিন্তাৰ বিষয় হৈ ব্রহ্মণপণ্ডিতসকলক বিমোৰত পেলালে।

আনহাতে গুৰুজনাই সেই ৰাতিয়েই সমস্ত ভাগৱত শাস্ত্রৰ সাৰ গুণমালা ৰচনা কৰি ভুৰুকা এটিত ভৰাই পিছদিনাখন ৰজাক দেখুৱালে। ৰজাই শঙ্কৰদেৱৰ সাহিত্যিক প্রতিভা আৰু পাণ্ডিত্যৰ পোহৰত মুগ্ধ হৈ ক’বলৈ ধৰিলে;

‘’মাতঙ্গ প্রমাণ ভাগৱত খনি প্রতঙ্গ প্রমাণ কৰি।

মূলতত্ত্ব ধৰি ক্ষুদ্র পুথি কৰি ;আনে ভুৰুকাত ভৰি।।

সেয়েহে ৰজাৰ ঘোষণা—

‘’জানিলো শঙ্কৰ,পৰম ঈশ্বৰ ধৰি যুগ অৱতাৰ।

নিজ কৃপা গুণে,মূল তত্ত্বদানে কৰিছে দেশ উদ্ধাৰ।।

শঙ্কৰ সমান,গুণবান নাই পৃথিৱীত আৰু।

সংসাৰৰ পৰা পৰিত্রাণ কৰা শঙ্কৰেসে যোগ্য গুৰু।।

ইয়াৰ পিছত গুৰুজনাই ৰাজ ছত্রছায়াত থাকি একশৰণ হৰিনাম ধর্ম প্রচাৰ কৰি সুকলমে চলাই গ’ল। এইজনা ৰজাৰ অনুগ্রহতে তেৰাই নতুন উদ্যমেৰে সাহিত্য চর্চাত মন দিলে।

থলুৱা সকলৰ কৃপাতে গুৰুজনাইও মহাৰাজ নৰনাৰয়ণৰ সান্নিধ্য লাভ কৰিবলৈ সমর্থ হ’ল। মহাৰাজ নৰনাৰায়ণৰ লগত গুৰু জনাৰ এই মিলনকে দ্বিতীয় মনিকাঞ্চন সংযোগ বুলিব পাৰি।

লেখিকা: শেৱালী দত্ত

উৎস: সাহিত্য.অৰ্গ

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top