অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাঘ বিহু

মাঘ বিহু

অসমৰ জাতীয় উৎসৱসমূহৰ ভিতৰত মাঘ বিহু অন্যতম। আঘোণৰ পকাধানৰ গোন্ধ নৌযাওঁতেই মাঘ বিহুৱে সিঁচি দিয়ে অসমৰ গ্ৰাম্য জীৱনক এক অনন্য সুবাস। চৌদিশ উখল-মাখল হয় মাঘ বিহুৰ সময়ছোৱাত। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় মাঘ বিহু। এই সময়ত মকৰ ৰাশিত অৱস্থান কৰে সূৰ্যই। সূর্য দেৱতাই গতি কৰে উত্তৰমুৱা হৈ। সেয়ে ইয়াক উত্তৰায়ণ সংক্রান্তি বোলা হয়। এই সংক্রান্তিক মাঘী সংক্রান্তি বোলা হয়। পুহ মাহৰ হাড় কাপোৱা জাৰে মেলানি মাগে। উত্তাপৰ আগমন হয় এই মাঘ মাহতে। আনন্দ-স্ফূর্তিৰে চেঙেলীয়া ল’ৰাহঁতে পথাৰত থকা শুকান নৰাবোৰ গোটাই এটা সুন্দৰ ঘৰ সাজে। যাক কোৱা হয় মেজিঘৰ বা ভেলাঘৰ। কামৰূপত ইয়াক ‘হাৰলী ঘৰ’ নামেৰে জনা যায়। নামনি অসমত কোনো কোনো অঞ্চলত ইয়াক ‘মেজি পুজি" বা ভেলা পুঁজি’ বুলি কয়। হাবি বা জংঘলৰ পৰা কাঠৰ টুকুৰা সংগ্ৰহ কৰি চেঙেলীয়াহঁতে সাজি উলিয়ায় মেজি। নামনিৰ কোনো কোনো ঠাইত গছৰ ডাল-পাতেৰে মেজি তৈয়াৰ কৰা হয়। উদ্দেশ্য-শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবৰ বাবে অগ্নি দেৱতাক পূজা কৰা। বহুতৰ মতে অসমলৈ প্ৰব্ৰজন কৰা আৰ্যসকলেহে প্রথম পুহ-মাঘৰ সংক্ৰান্তিৰ আগদিনা অগ্নি উৎসৱ পালন কৰিছিল। শাস্ত্রীয় মতানুসৰি অগ্নিক ‘জাতবেদ’ বোলা হয়। মেজি জ্বলোৱাৰ সময়ত গোৱা অগ্নিপুৰাণৰ মন্ত্ৰটো হৈছে-

অগ্নি প্রজ্জ্বলিতং বন্দে চতুবৰ্ণ হতাশনম,

সুবৰ্ণ বৰ্ণমমলং জ্যোতি ৰূপায়তে নমঃ।।

এই ফালৰ পৰা অগ্নি পূজাৰ পৰম্পৰা আৰ্যসকলৰ সময়ৰ পৰা অহা বুলি ধৰি ল’লেও প্ৰকৃততে ব’হাগ আৰু কাতি বিহুৰ নিচিনাকৈ ইয়ো এটা কৃষিভিত্তিক অনুষ্ঠান। দোক্‌মোকালিৰ সময়ত এজনে গা-পা ধুই এযোৰ পাণ-তামোল আৰু টকা এটা মেজিটোৰ তলত অৰ্পণ কৰে আৰু জয়ধ্বনি দি অগ্নিদেৱতালৈ প্ৰাৰ্থনা জনাই মেজি জ্বলায়। কণ কণ ল’ৰা-ছোৱালীহঁতে ন-সাজ পৰিধান কৰি অনা তিল পিঠা, তেল পিঠা, মাহ কৰাই আনি প্ৰথমতে জ্বলি থকা মেজিটোলৈ আগবঢ়োৱাৰ পিছতহে উপস্থিত ৰাইজক বিলাই দিয়ে। অৱশ্যে মেজি জ্বলোৱাৰ আগতে ল’ৰাহঁতে ভেলাঘৰ জ্বলাই দিয়ে।

মাঘ বিহুৰ পৰম্পৰা অতি পুৰণি। বহুতে ক’ব বিচাৰে যে অসমলৈ পোনপ্ৰথমে অগ্নি পূজাৰ পৰম্পৰা কঢ়িয়াই আনিছিল নেগ্রীতু (নর্দিক) জাতিৰ আংগামী নগাসকলে। যি কি নহওক, বড়ো ভাষাৰ ‘মাজি' শব্দৰ পৰা ‘মেজি’ শব্দৰ উৎপত্তি বুলি অভিহিত কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে। বড়োসকলে এই উৎসৱক ‘দমাছী’ বুলি কয়। ড০ মহেশ্বৰ নেওগদেৱে ‘মেজি’ শব্দটো সংস্কৃত ‘মেধা শব্দৰ পৰা আহিছে বুলি মতপোষণ কৰিছে। ড০ লীলা গগৈদেৱৰ মতে আলপাইনসকলে পূজা কৰা অগ্নিক ‘মেজিক’ মেজাই বুলিছিল, তাৰ পৰা মেজি শব্দটো উৎপত্তি। ড০ ডিম্বেশ্বৰ শৰ্মাদেৱে তেওঁৰ ‘Religious Fairs and Festivals of Assam নামৰ প্ৰবন্ধত লিখিছে 'This is a relic of the Fireworship bequeathed by the so-called Aryan race, our ancestors.' তাই আহোমসকলে মেজিক ‘বাপু মেজি’ বা ‘মাইকু-ছোংফাই’ বুলি কয়। আর্যসকলে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ মহাব্ৰত অনুষ্ঠান অনুষ্ঠিত কৰি অগ্নি পূজা কৰিছিল।

অসমৰ মাঘ বিহু উদ্‌যাপিত হৈ থকা সময়ছোৱাত ভাৰতৰ অন্যান্য জাতি-জনগোষ্ঠীৰ মাজতো অগ্নি পূজা চলি থকা দেখিবলৈ পোৱা যায়। বাঙালীসকলে মাঘ বিহুক পৌষ সংক্রান্তি বুলি কয়। তেনেদৰে উড়িয়াসকলেও পৌষ সংক্রান্তি অনুষ্ঠিত কৰে। তামিলসকলে ‘পুংগল’ নামেৰে এক ভোগৰ উৎসৱ পালন কৰে। পৌষ সংক্রান্তিত চাহ জনগোষ্ঠীসকলে উদযাপন কৰা ‘টুচু পৰৱ" অগ্নিৰ লগত জড়িত।

অগ্নি উংসৱ কেৱল ভাৰততে নহয় বিশ্বৰ অন্যান্য প্ৰান্ততো পালন কৰা হয়। শস্যৰ শ্ৰীবৃদ্ধিৰ হেতু জাৰ্মানীৰ কোনো কোনো অঞ্চলত অগ্নি পূজা অনুষ্ঠিত কৰা হয়। ছুইজাৰলেণ্ডত লেণ্ট'ৰ প্রথম দেওবাৰে জুমুঠি বা মেঘৰ জ্বলোৱাৰ পৰম্পৰা অতি পুৰণি। ফ্ৰান্সৰ কোনো কোনো অঞ্চলত শস্য পথাৰত সোমাওঁতে জোঁৰ লৈ যোৱাটো এক প্ৰকাৰৰ নিয়ম। ইয়ো অগ্নি পূজাৰে নামান্তৰ। তেনেদৰে ‘বিড়লী দাহ’ নামৰ একপ্ৰকাৰৰ প্ৰথা ইউৰোপৰ অঞ্চলবিশেষে পালন কৰা দেখা যায়।

মেজি জ্বলোৱাৰ আগদিনা নিশা সকলোৱে মিলিজুলি দেখা শুনাকৈ ভোজ খাই সকলোৱে সমন্বয়ৰ সাকোঁডাল অধিক সুচল কৰিব বিচাৰে। ঢোল, পেঁপা, বাঁহী আদি বজাই সকলোৱে পুহ মাহৰ শীতকো নেওচি আনন্দত মতলীয়া হৈ পৰে।

অসমৰ মানুহে বিভিন্নধৰণৰ আলু খাবলৈ পায়। যেনে— মোঁৱা আলু, মিৰি আলু, বাদাম আলু, গুটি আলু, ৰহা আলু, কাঠ আলু,  গঁৰিয়া আলু, পাঁচপতিয়া আলু, ৰঙা বা মিঠা আলু আদি। ইয়াৰ ভিতৰত মাঘ বিহুত ৰঙা বা মিঠা আলু, কাঠ আলু, মোৱা আলু বিশেষভাৱে ব্যৱহৃত হয়। মাঘ বিহুত কাঠ আলু নাখালে পিছত গাহৰি জনম ল’ব লগা হয় বুলি গ্ৰামাঞ্চলৰ লোকসকলে বিশ্বাস কৰে। মোৱা আলুৰ ওপৰৰ অংশত অসংখ্য দাড়িৰ দৰে শিপা থাকে। খাবলৈ সুস্বাদু মোঁৱা আলু মাঘ বিহুত খোৱাটো একপ্ৰকাৰৰ নিয়ম। মিঠা আলুৰ খেতি সম্প্রতি অসমত কমি আহিছে যদিও কোনো কোনো অঞ্চলত অৱশ্যে কম-বেছি পৰিমাণে এই খেতি কৰা দেখিবলৈ পোৱা যায়। অতি সুস্বাৰু এই আলুৰ চালখন দেখিবলৈ ৰঙা হোৱাৰ বাবেই ইয়াক ৰঙা আলু বুলিও কোৱা হয়। জুইত পুৰি অথবা গৰম পানীত সিজাই গৰম গাখীৰ লগত খালে বৰ তৃপ্তিদায়ক হয়। মাঘ বিহুত কোনো কোনো অঞ্চলত কণী যুঁজ, ম'হ যুঁজ, কুকুৰা যুঁজ, বুলবুলি যুঁজ, শেন যুঁজ আদি অনুষ্ঠিত হয়। নগাঁও, মৰিগাঁও আৰু গোলাঘাট জিলাৰ কছাৰীহাটৰ বনগাঁও আৰু জীয়ামৰীয়া গাঁৱত ম’হ যুজ পতা দেখিবলৈ পোৱা যায়। অসমৰ ম’হবোৰক টাকুৰীশিঙীয়া, হাতীশিঙীয়া, বগলীশিঙীয়া, লোডোৰা, তেজী আদি নামেৰে জনা যায়। ম'হ যুঁজে দৈহিক শক্তিৰ উমান দিয়ে। তেনেদৰে কণী হ’ল প্ৰজনন শক্তিৰ প্ৰতীক। বহুতে মাঘ বিহুত অনুষ্ঠিত কৰা কণী যুঁজ অষ্ট্ৰিকসকলৰ দান বুলি ক’ব বিচাৰে।

মাঘ বিহুৰ লগত বহুতো লোকবিশ্বাস নিহিত হৈ থাকে। বহুতে বিশ্বাস কৰে যে মাঘ মাহত মৃত্যুবৰণ কৰিলে যমৰ কোনো হাত নাথাকে। মাঘী সপ্তমীৰ দিনা আৰৈ চাউল, অলোকৰ পাত, বগৰীৰ পাত, তিল আদি মূৰত লৈ গা ধুলে বসন্ত ৰোগৰ পৰা গোটেই বছৰটোলৈ হাত সাৰি থাকিব পাৰি। জনবিশ্বাস অনুসৰি মাঘ মাহত ভঁৰাল চুব নাপায়। সেয়ে পুহ মাহতে খেতি চপাই সকলোৱে ভঁৰালত ধানবোৰ ভৰাই থান-থিত লগাই থয়। মাঘ মাহত কাঠ আলু খোৱাটো নিয়ম। লোকবিশ্বাস অনুসৰি এই মাহত কাঠ আলু নাখালে পৰজন্মত গাহৰি হৈ জনম পাবলগীয়া হয়। তদুপৰি মিৰি আলু, গৰিয়া আলু আদি সিজাই দৈ, গুৰ আদিৰ লগত অসমৰ ৰাইজে এই মাহতে তৃপ্তিৰে পৰিৱেশন কৰে। উৰুকাৰ দিনা দোকমোকালি সকলোৱে নিজ নিজ বাৰীৰ লাগনি (নাৰিকল, তামোল, বেল, শিলিখা ইত্যাদি) গছবোৰ নৰা বা ধানখেৰেৰে বন্ধাটো একপ্ৰকাৰৰ নিয়ম। লোকবিশ্বাস অনুসৰি এনেদৰে গছবোৰ নাবান্ধিলে গছৰ গুটি নালাগে। এই গছ বন্ধা (মাঘ বন্ধা) নিয়মটো অষ্ট্ৰিকসকলে পোনতে আৰম্ভ কৰিছিল বুলি বহুতে ক'ব বিচাৰে। গছ বন্ধা শেষ হোৱাৰ পিছত ‘মাঘ ঐ মাঘ, ডাল ভৰি লাগ” আৰু মাটিৰ দলিচপৰা কেইটামান বাৰীখনৰ সকলো ফালে দলিয়াই ‘হুৰ হুৰ টক কৈ গংগালৈ নাযাবি– এইদৰে কৈ ঘৰলৈ উভতে। লোকবিশ্বাস অনুসৰি এনেদৰে ক’লেহে গুটি লগাটো নিশ্চিত। বহুতে ঘৰৰ খুঁটা, ভঁৰাল ঘৰ, বাক আদি সামগ্ৰীবোৰ খেৰৰ জৰীৰে বান্ধিলে ঘৰৰ পৰা লক্ষ্মী ওলাই নাযায় বুলি বিশ্বাস কৰে। লোকবিশ্বাস অনুসৰি মেজিৰ উত্তাপ শৰীৰত লাগিলে শাৰীৰিক কষ্ট নিৰাময় হয়। মেজি জ্বলি শেষ হোৱাৰ পিছত যিবোৰ আধাপোৰা খৰি ৰৈ যায়, সেইবোৰ গছৰ গুৰিত আঁৰি থ’লে গছৰ উৰ্বৰা শক্তি বৃদ্ধি পায়। তদুপৰি মেজিৰ অঙঠা বাৰীৰ চাৰিওফালে দলিয়ালে অপদেৱতাই অনিষ্ট কৰিব নোৱাৰে বুলি সকলোৱে বিশ্বাস কৰে। লোকবিশ্বাস অনুসৰি মাঘ বিহুত ব্যৱহৃত মাহ কৰাই মঙলবাৰে খোৱাটো নিষেধ। আগৰ মানুহে কৈছিল 'মংগলে নাখাবা কৰাই। ৰতিকান্ত ডেকাই ‘ভোগালী বিহুৰ পৰম্পৰা আৰু লোকাচাৰ'ত (সাপ্তাহিক মঙ্গল বাতৰি) মাঘ বিহুৰ এক লোকাচাৰৰ বিষয়ে এইদৰে লিখিছে- ‘বছৰৰ বাৰমাহৰ বাবে কচুপাত বাৰটা ধান খেৰ একোডালেৰে ওপৰ মুৱাকৈ উৰুকাৰ নিশা বান্ধি থয়। বিহুৰ দিনা কচুপাতকেইটাৰ গাঁথি খুলি চাই যিকেইটা পাতৰ ভিতৰত নিয়ৰৰ পানী জমা হোৱা দেখা পায়, সেই মাহকেইটাত বৰষুণ হয় বুলি ঠাৱৰ কৰে।

মাঘ বিহুত অসমৰ বোৱাৰী-জীয়ৰীয়ে নানা তৰহৰ পিঠা-পনা তৈয়াৰ কৰে। ঢেঁকীৰ শব্দই চৌদিশ ৰজন্‌জনাই তোলে। খোলাত নাচি উঠে গাভৰুৰ সুকোমল হাত। ওঁঠৰ ফাকেৰে বৈ অহা খুন্দা তামোলৰ পিকখিনি পুনৰ ভিতৰলৈ নি আইতাহঁতে ৰোমন্থন কৰে শৈশৱৰ দিনবোৰৰ কথা। সংস্কৃত ‘পিষ্টক' শব্দৰ পৰা পিঠা শব্দটো আহিছে বুলি বহুতে ক’ব খোজে। অষ্ট্ৰিকসকলে চুঙা পিঠা, চুঙা চাউল, চেৱা দিয়া ভাত, সান্দহ, হুৰুম আদি নানা তৰহৰ পিঠাপনা, জা-জলপান তৈয়াৰ কৰিছিল। যি কি নহওক, অসমৰ বোৱাৰী-জীয়াৰী, আইতাহঁতে উল্লিখিত জা-জলপান, পিঠা-পনা আদিৰ লগতে তেতেলাপতীয়া চিৰা, বৰা ধানৰ সান্দহ, নিয়ৰ কদম, ৰঙা বৰাৰ আখৈ, ভজা চাইল, কোমল চাউল, ভাপত দিয়া পিঠা, খোলাচপৰীয়া বা তিল পিঠা, সুতুলী পিঠা, তেল পিঠা, জোন পিঠা, ভুৰুকীয়া পিঠা, ফেনী পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু আদি বিহুৰ সময়ত তৈয়াৰ কৰি অভ্যাগতক আপ্যায়ন কৰে। মাঘ বিহুত মাহ কৰাই খোৱাটো নিয়ম। ডাকৰ বচনত উল্লেখ আছে-‘পুহত পিঠা, মাঘত কৰাই৷ গাঁৱৰ কণ কণ ল’ৰা-ছোৱালীহঁতে নতুন নতুন কাপোৰ পৰিধান কৰি অনা মাহ কৰাই মেজিৰ জুইলৈ অৰ্পণ কৰাৰ পিছতহে আনে খাব পায়। তেওঁলোকে মাহ কৰাই খাই খাই আনন্দতে দৌৰি এনেদৰে গীত গায়-

মাহ কৰাই খাওঁ বাটে বাটে যাওঁ,

আমাৰ লগত যি যায় তাকো এগাল দিওঁ।

মাটি মাহ আৰু চাউল একেলগে ভাজি মাহ কৰাই বনোৱা হয়। বহুতে মাহ কৰাই সুস্বাদু কৰিবলৈ সৰু সৰুকৈ আদা আৰু নাৰিকল কুটি দিয়ে। সম্প্রতি পশ্চিমীয়া সংস্কৃতিক অন্ধভাৱে আঁকোৱালি লৈ বহুতে নিজৰ শিপাকে পাহৰি পেলাইছে। আধুনিক প্রযুক্তিবিদ্যাৰ ন ন উদ্ভাৱনে গ্রামাঞ্চলৰ নদাই-ভাইকো চুই গৈছে, যাৰ ফলত আমাৰ সাংস্কৃতিক জীৱন বেপৰোৱা-মূল্যবোধহীন হৈ পৰিছে। অসমীয়াৰ বাপতিসাহোন জাতীয় উৎসৱকেইটাৰ ফালে পিঠি দি কিছুসংখ্যক পশ্চিমীয়া আদব-কায়দাবোৰ বিচাৰবিহীনভাৱে অনুকৰণ কৰিছে। ভেলাঘৰ বা মেজিঘৰ ৰখা মাদকতা মোবাইল-বাইক-কম্পিউটাৰৰ আঙুলিত চলা আজিৰ প্ৰজন্মই কোনোকালেই উপলব্ধি কৰিব নোৱাৰে। আধুনিকতাৰ নামত গুৰু-গোসাই নমনা আজিৰ প্ৰজন্মই এঘৰৰ চকী-মেজ, ডলা-চালনি আন এঘৰত ৰাখি পিছদিনা বস্তুবোৰ বিচাৰি নাপাই হুলস্থুল কৰা আৰু তাকে দেখি ৰং-ৰহইচ মুহুৰ্তবোৰত কিমান আমেজ নিহিত হৈ থাকে, তাক অনুভৱ কৰিব পাৰিবনে? কণদাইটিৰ পিছফালৰ আলুবাৰীখনৰ পৰা আন্ধাৰ ৰাতি ডিম্বেশ্বৰ-মহেশ্বৰহঁতে চুৰি কৰি অনা আলুকেইটা ভেলাঘৰৰ একোণত থকা খেজুইত পুৰি নিমখ অলপৰ সৈতে লোৱা জুতি হোটেল-ৰেস্তোৰাঁত ফ্রাইড ৰাইচ, পোলাও খোৱা আজিৰ প্ৰজন্মই পাবনে ?

লিখক: থগেন্দ্ৰ চুতীয়া।

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate