মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / মাঘ বিহুৰ পৰম্পৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাঘ বিহুৰ পৰম্পৰা

মাঘ বিহুৰ পৰম্পৰাৰ বিষয়ে লিখা হৈছে

আঘোণৰ কুঁৱলী আঁতৰাই ৰ’দত জিলিকি থকা সোণালী ধান খেতি আনন্দেৰে চপাই আনি কৃষকে বিবিধি প্ৰকাৰৰ ধান থয় ভঁৰালত।আনন্দ-উলাহত মন হয় ফৰকাল।ওচৰ চাপি আহে ভোগালী বিহু।মাঘৰ বিহু।সদলবলে পথাৰৰ ধান কাটি এৰি অহা নৰা সংগ্ৰহ কৰি আৰু বাৰীৰ পৰা কেঁচা বাঁহ কাটি আনি সাজে ভেলাপুঁজি আৰু ভেলাঘৰ।আগেয়ে বাঁহ আৰু নৰাৰে সৰু  সৰু ভেলাঘৰ সাজি তাত সকলোৱে মিলি লগভাত খাইছিল।কিন্তু সম্প্ৰতি ভেলাঘৰ সজাৰো প্ৰতিযোগিতা আৰম্ভ হৈছে।কোনোৱে সাজে দুই তলা ভেলাঘৰ,কোনোৱে সাজে নাও আকৃতিৰ বা তলাতল ঘৰ আৰু ক’ৰবাত সাজে টাইটানিকসদৃশ চকুত লগা ভেলাঘৰ আৰু তাত উৰুকাৰ দিনা মহআয়োজনেৰে আৰম্ভ হয় উৰুকাৰ লগভাত।ইফালে,ঘৰত গৃহিণী,ছোৱালী,বোৱাৰীসকলে তৈয়াৰ কৰে লাডু,পিঠা,মাহকৰাই ,চিৰা আদি।

পাছদিনা পুৱা,অৰ্থাৎ দোমাহীৰ দিনা ৰাতিপুৱাই উঠি মেজি জ্বলায়,লগতে জ্বলায় ভেলাঘৰ।সকলোৱে জুইৰ উম লয়,মাহ-তিল ছটিয়াই অগ্নি সেৱা কৰে।মাঘ বিহুৰ এই পৰম্পৰা অতি পুৰণিকালৰেপৰা পৰা চলি আহিছে অসমৰ গাঁৱে-ভুঞে আৰু সকলো জনগোষ্ঠীৰ মাজত।দোমাহীৰ দিনা গাঁৱৰ সকলোৱে নামঘৰত নাম-প্ৰস্ংগ কৰে।নাগাৰা,খোল,তাল,পেঁপা আদিৰে নাম ধৰে।ফুটবল,ভলীবল,কণী ভগা আদি খেলৰ আয়োজন কৰে।আহোম ৰাজত্বকালত ৰ্ংপুৰৰ ৰংঘৰৰ বাকৰিত ৰজা-প্ৰজা সকলোৱে মিলি নানা ধৰণৰ খেল-ধেমালি উপভোগ কৰিছিল।সেই সময়ত চলা হাতী,সেনমেলা,ম’হযুঁজ আয়োজন কৰি আনন্দ উপভোগ কৰিছিল।সময়ৰ সোঁতত সেইবিলাকৰ বিলুপ্তি ঘটিল।আহোমৰ দিনৰ ৰংঘৰৰ বাকৰিত আয়োজিত সেই জীৱ-জন্তুৰ যুঁজবোৰৰ আয়োজন নাই যদিও পৰম্পৰা ৰক্ষা কৰি কম পৰিমাণে হ’লেও মৰিগাওঁ আৰু নগাঁৱত মাঘ বিহুৰ সময়ত ম’হযুঁজৰ প্ৰচলিত আছে।এই যুঁজত নিৰ্বাক জন্তুবিলাক আঘাতপ্ৰাপ্ত হৈ ৰক্তক্ষয় হয় বাবে আইনৰ ফালৰ পৰা নিষিদ্ধ কৰিছে।একফালৰ পৰা এইটো আদৰণীয় বুলি ক’ব লাগিব।কিয়নো আনন্দ-উপভোগৰ নামত জীৱ-জন্তুৰ হানি হোৱা বা আঘাতপ্ৰাপ্ত হোৱাৰ যুক্তি থাকিব নোৱাৰে।

চৰাইৰ ক্ষেত্ৰতো উজনি অসমৰ চাহ জনগোষ্ঠীৰ মাজত কুকুৰাযুঁজ বহু আগৰে পৰা চলি আহিছে।বিহুৰ সময়ত দল বান্ধি হাতে হাতে কুকুৰা লৈ কুকুৰাযুঁজ লগাই দি আনন্দ উপভোগ কৰে।জয়-পৰাজয়ৰ আনন্দত ভাগ লয়।ইয়াৰ সমান্তৰালকৈ নামনি অসমৰো কোনো কোনো ঠাইত কুকুৰাযুঁজ পৰম্পৰাগতভাৱে চলি আহিছে।বুলবুলি চৰাইৰ যুঁজো অঞ্চলৰ লোকসকলৰ মাজত চলি অহা এটা প্ৰসিদ্ধ পৰম্পৰা।মাঘ বিহুৰ কিছুদিন আগৰে পৰাই স্থানীয় লোকসকলে বা ডেকাসকলে বিভিন্ন কৌশল অৱলম্বন কৰি বুলবুলিজাতীয় চৰাই সংগ্ৰহ কৰে আৰু যত্নসহকাৰে প্ৰতিপালন কৰি তাক কিছু প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।মাঘ বিহুৰ দিনা তেওঁলোকে আয়োজন কৰা নিৰ্দিষ্ট স্থানত সকলোৱে লগ লাগি এই বুলবুলি চৰাইৰ যুঁজ আৰম্ভ কৰে আৰু এই উৎসৱৰ আনন্দ উপভোগ কৰে।এই বুলবুলি যুঁজ কেইবাদিন ধৰি চলে,ফলস্বৰুপে এই প্ৰজাতিৰ চৰাইৰ বংশ বৃদ্ধি আৰু সংৰক্ষণৰো অতি প্ৰয়োজন হৈ পৰিছে।মৰিগাঁৱত প্ৰচলিত জোনবিল মেলা মাঘ মাহতে আৰম্ভ হয়।ই এটা পৰম্পৰাগত আকৰ্ষণীয় উৎসৱ।বিনিময় প্ৰথা ইয়াৰ বিশেষ আকৰ্ষণ।বিভিন্ন জনগোষ্ঠীৰ মাজত এই প্ৰথাৰ আদান-প্ৰদান হয়।খেল-ধেমালি,আমোদ-প্ৰমোদ আৰু শৰীৰ চৰ্চা এটা সামাজিক ব্যৱস্থা।খেল-ধেমালি কৰিবলৈ প্ৰয়োজন হয় একাধিকজনৰ।জনজীৱনৰ খেলসমুহে শৰীৰ চৰ্চাৰ উপৰি মানুহৰ সামাজিক জীৱন আৰু সংস্কৃতিৰ বিশিষ্ট ৰুপ দিয়ে।খেলসমুহো একো একোখন নাটক আৰু খেলুৱৈসকল এই নাটকৰ ভাৱৰীয়া।এই অনুষ্ঠান বা উৎসৱ-পাৰ্বণৰ মাজেদি খেল-ধেমালিৰ ধৰণ,সমাজ ব্যৱস্থাৰ ধৰণ,জাতিৰ শৌৰ্য-বীৰ্য ,শক্তি সাহস,বীৰত্ব কৰ্মৰাজি আৰু আমোদ-প্ৰমোদৰ বিষয়ে ধাৰণা কৰিব পাৰি।

পুৰুষসকলে যিদৰে সপ্তাহ বা এপষেক আগৰে পৰাই বাঁহ,খেল,নৰা,গছ আদি যোগাৰ কৰি মেজি আৰু ভেলাঘৰত ব্যস্ত হয়,সেইদৰে ঘৰৰ জীয়াৰী,বোৱাৰী,আইতাসকলেও লাডু-পিঠা চিৰা,মুৰি-মাহকৰাই,দৈ আদি যোগাৰ কৰাত ব্যস্ত হয়।আনহাতে এচামে ওচৰত থকা ৰাজহুৱা পুখুৰী,বিল বা নদীত সদলবদল জাল,কাটক প’ল,জুলুকি আদি লৈ মাছ ধৰে।ভোগালী বিহুৰ ইও এটা পৰম্পৰা।কোনো কোনো ঠাইত এইদৰে মাছেৰে সামুহীয়াকৈ উৰুকাৰ দিনা নিশা লগভাত খায়।সম্প্ৰতি এইবিলাক কৰিবলৈ মানুহৰ সময়ৰ অভাৱ।গাঁৱে-ভুঞে ঢেঁকীৰ ব্যৱহাৰ কমি আহিছে,যান্ত্ৰিকতাই তাৰ ঠাই দখল কৰিছে।

গতিকে মিলত বনোৱা চিৰা-পিঠা-গুড়ি সহজে উপলব্ধ হৈছে।চিৰা,পিঠা,লাডু আদি বজাৰত পোৱা গৈছে।গতিকে চহৰ বা নগৰৰ উপৰি গাঁৱৰ কিছুমান লোকেও সহজতে পোৱা বস্তুৰে বিহু উদযাপন কৰিবলৈ লৈছে।বিহুৰ সামগ্ৰী বনোৱা একপ্ৰকাৰ ব্যৱসায়ত পৰিণত হৈছে।অৱশ্যে এটা সুখবৰ যে এচাম নিবনুৱা যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ পথ মুকলি হৈছে।চহৰ বা নগৰৰ লোকসকলেও সহজে মাঘ বিহুৰ লাডু পিঠা খাব পৰা হৈছে।

আনহাতে,গ্ৰাম্য সমাজত প্ৰচলিত,বিশেষকৈ মাঘ বিহু বা ব’হাগ বিহুত প্ৰচলিত অসমীয়া সমাজৰ পৰম্পৰাগত বহু খেল-ধেমালি,ৰীতি-নীতি হেৰাই যাব ধৰিছে।বহু খেল-ধেমালি নতুন প্ৰজন্মই খেলা দুৰৰ কথা শুনিবলৈ নোপোৱা হৈছে।বছৰটোৰ ভিতৰত কৃষিজীৱী অসমীয়া আৰু বিভিন্ন জনগোষ্ঠীৰ সমাজলৈ সুখ-শান্তি কঢ়িয়াই অনা মাহটো মাঘ বিহু।মাঘ মাহত আছে ভোগ,আনন্দ আৰু আশাৰ বতৰা।

লেখক: ফণীন্দ্ৰনাথ বৰ্মন (দেওবৰীয়া সুকন্যা)

 

2.90322580645
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top