মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / মাঘৰ দুই পৰম্পৰাগত উৎসৱ, মাঘ বিহু আৰু মকৰ সংক্ৰান্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাঘৰ দুই পৰম্পৰাগত উৎসৱ, মাঘ বিহু আৰু মকৰ সংক্ৰান্তি

মাঘৰ দুই পৰম্পৰাগত উৎসৱ, মাঘ বিহু আৰু মকৰ সংক্ৰান্তিৰ বিষয়ে লিখা হৈছে ।

 

বিভিন্ন জাতি-উপজাতিৰ মিলনভূমি ভাৰতবৰ্ষৰ ভাষা-সংস্কৃতিও বাৰেৰহনীয়া৷ ’সংস্কৃতি’ শব্দটোৰ অৰ্থ দৰাচলতে সাগৰৰ দৰে বহল আৰু গভীৰ৷ মানুহৰ দৈনন্দিন জীৱন প্ৰণালী, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, পৰম্পৰা-বিশ্বাস, সাজ-পাৰ, আহাৰ-বিহাৰ, গীত-মাত, উৎসৱ-পাৰ্বন আদি সকলোকে সংস্কৃতি শব্দই সামৰি লয়৷ আমি সকলোৱে জানো যে ভাৰতীয় সংস্কৃতিৰ মূলমন্ত্ৰ হৈছে বৈচিত্ৰ্যৰ মাজত একতা৷ যাক বৈসাদৃশ্যৰ মাজত সাদৃশ্য বুলিও আমি কব পাৰোঁ৷ ভাৰতবৰ্ষৰ ভৌগোলিক – প্ৰাকৃতিক বাতাবৰণৰ পৰা সাংস্কৃতিক দিশলৈকে এই মূলমন্ত্ৰৰ প্ৰভাৱ লক্ষ্য কৰা যায়৷

উৎসৱমুখৰ দেশ ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্ন উৎসৱ পালন কৰা হয়৷ অসমৰ বিহু, পশ্চিম বংগৰ দুৰ্গা পূজা, পাঞ্জাৱৰ বৈশাখী, তামিলনাডুৰ পোংগল, কেৰেলাৰ অ’নাম, বিহাৰৰ ষট্ পূজা, ঝাৰখণ্ডৰ মকৰ সংক্ৰান্তি আদি ভাৰতৰ কিছুমান উল্লেখযোগ্য উৎসৱ৷ অসমৰ বিহু প্ৰধানকৈ তিনিটা- বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু৷ পালনৰ সময়ৰ উপৰিও অসমৰ মাঘ বিহুৰ লগত ঝাৰখণ্ডৰ মকৰ সংক্ৰান্তিৰ কিছু সাদৃশ্য দেখা যায়৷ হিন্দু শাস্ত্ৰ অনুসৰি ৰাশিচক্ৰ বাৰটা আৰু শক্তিৰ মূল উৎস সূৰ্যই বাৰমাহত বাৰটা ৰাশিচক্ৰ অতিক্ৰম কৰে৷ পুহমাহত ধনু ৰাশি স্থিত সূৰ্যই মাঘমাহত মকৰ ৰাশিত প্ৰৱেশ কৰে আৰু সেইদিনটোতে অসমত মাঘ বিহু আৰু ঝাৰখণ্ডত মকৰ সংক্ৰান্তি পালন কৰা হয়৷ মাঘ বিহু পালনৰ ইতিহাস বৰ পুৰণি৷ কোনে কেতিয়া এই বিহু পালনৰ পৰম্পৰা আৰম্ভ কৰিলে তাৰ কোনো তথ্য পোৱা নাযায় যদিও আহোম ৰাজত্ব কালত ৰাজকীয় পৃষ্ঠপোষকতাত মাঘ বিহু পালন কৰা হৈছিল বুলি জনা যায়৷ আহোম স্বৰ্গদেও আৰু ডা-ডাঙৰীয়া সকলে বিহুৰ দিনা ৰংঘৰৰ বাকৰিত অনুষ্ঠিত ম’হ যুঁজ, মল্ল যুঁজ, কুকুৰা যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদি বিভিন্ন খেল-ধেমালি উপভোগ কৰিছিল৷

বিহু অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা৷ তিনিটা বিহুৰ ভিতৰত খেতিত নমাৰ আগতে বহাগ মাহত পালন কৰা বহাগ বিহু বা ৰঙালী বিহু আৰু খেতি চপোৱাৰ পাছত মাঘ মাহত পালন কৰা মাঘ বহু বা ভোগালী বিহুৰ গুৰুত্ব কাতি মাহত পালন কৰা কাতি বিহু বা কঙালী বিহুতকৈ অলপ বেছি৷

বহাগ বিহুত গো-সেৱা, কাতি বিহুত তুলসীসেৱা মূল বিশেষত্ব হোৱাৰ দৰে মাঘ বিহুৰ মূল বিশেষত্ব হ’ল অগ্নি-সেৱা৷ সেয়ে মাঘ বিহুত মেজি জ্বলাই মেজিত তামোল-পাণ, নাৰিকল, পিঠাপনা অৰ্পণ কৰি অগ্নি সেৱা কৰা হয়৷ ’মেজি’শব্দটো বৈদিক মৈধ্য’ শব্দৰ পৰা আহিছে৷ যাৰ অৰ্থ হ’ল যজ্ঞ৷ অগ্নি বা জুইৰ আৱিষ্কাৰে মানৱ সভ্যতাক এক মাত্ৰা প্ৰদান কৰিছিল, সেয়ে অতি প্ৰাচীন কালৰে পৰা অগ্নিক পূজা-অৰ্চনা কৰি অহা হৈছে৷

মাঘ বিহুৰ উৰুকাৰ দিনা পথাৰত নৰা, বাঁহ আদিৰে ভেলা ঘৰ সাজি ৰাতি ভোজ-ভাত খায়৷ পিছদিনা সূৰ্য উদয়ৰ আগতেই গা-পা ধুই-

“ অগ্নি প্ৰজ্জ্বলিতং বন্দে চতুৰ্ব্বেদং হুতাশনং,

সুৱৰ্ণ বৰ্ণম মলং জ্যোতি ৰূপায়ে নমঃ“ বুলি মন্ত্ৰ গাই মেজি জ্বলায়৷ মেজি সাধাৰণতে কাঠেৰে সজা হয় যদিও ঠাই বিশেষে বাঁহ, নৰা, খেৰ, কল-ঠৰুৱা আদিৰেও মেজি সজা হয়৷ কোনো কোনো ঠাইত মেজিৰ ছাই বাগিচা আৰু খেতি পথাৰত ছটিয়াই দিলে গছ-গছনিত পোকে নধৰে আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি পায় বুলি বিশ্বাস প্ৰচলিত হৈ আছে৷

অসমৰ মাঘ বিহুৰ সমান্তৰালকৈ ঝাৰখণ্ডত পালন কৰা হয় মকৰ সংক্ৰান্তি৷ মকৰ সংক্ৰান্তিও উৰ্বৰতা আৰু উৎপাদনৰ লগত জড়িত এক উৎসৱ৷ ঝাৰখণ্ডত মকৰ সংক্ৰান্তিৰ প্ৰথম দিনটোক বাঁউৰী বুলি কয়৷

এই দিনটোত গাঁৱবোৰত মকৰ সংক্ৰান্তিৰ বিশেষ হাট বহে৷ পথাৰৰ পৰা ধান বেছি থকা গোছা এটা (ভূমিজ ভাষাত ইয়াক খেত বোলা হয়) ভক্তিভাৱে ঘৰলৈ আনি ভঁড়ালৰ দাঁতিত মাটিৰে লিপি বিশেষভাৱে তৈয়াৰ কৰা বেদীত ৰখা হয়৷

এই খেত বা গোছা কঢ়িয়াই অনা ব্যক্তিজনক ভৰি ধুৱাই ভিতৰলৈ আদৰা হয়৷ তাৰপিছত খেতিৰ মাটি, সেন্দূৰ আৰু আৰৈ চাউলৰে খেতিৰ সঁজুলিবোৰত ফোঁট দিয়া হয়৷ এই প্ৰথাক বাঁউৰী-বন্ধা বোলা হয়৷ ৰাতি মাছেৰে আহাৰ খায়৷

তাৰ পিছদিনা পুৱাতে উঠি নদীত স্নান কৰি খেজুৰ আৰু তালপাতেৰে তৈয়াৰ কৰা উগৰা জ্বলায়৷ পৰিয়ালৰ সকলোৱে মিলি জলপান খাই সংক্ৰান্তি উপলক্ষে হোৱা মেলালৈ যায়৷ দুপৰীয়া সকলোৱে চাউল, দাইল, পাচলি মিহলাই ৰন্ধা বিশেষ খিচিৰি খায়৷

খিচিৰিৰ লগত ঘিঁউ, পাপৰ, আচাৰো খায়৷ কোনো কোনো ঠাইত মকৰ সংক্ৰন্তি উপলক্ষে চিলা উৰুওৱা হয়৷ সংকান্তিৰ পিছৰ দিনটোক আখানমান বোলে৷ তেওঁলোকে দিনটো বৰ শুভ বুলি গণ্য কৰে৷ গতিকে ছোৱালী চোৱা, নতুন ঘৰ সজা আদি শুভ কামবোৰ সেইদিনটোতে কৰা হয়৷ বিহুত তিল পিঠা, তিলৰ লাড়ু খোৱাৰ দৰে মকৰ সংক্ৰান্তিত তিলৰ তিলকুড খোৱা হয়৷

লেখিকা: ববিতা শৰ্মা

 

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top