অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মায়ামৰা মৰাণ সমাজৰ শৰণ পদ্ধতি

মায়ামৰা মৰাণ সমাজৰ শৰণ পদ্ধতি

শৰণ হৈছে কায়মনোবাক্যে ঈশ্বৰ বা গুৰুৰ ওচৰত আত্মসমৰ্পণ। অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰৱৰ্তিত মায়ামৰা মৰাণ সমাজত শৰণ পদ্ধতি গভীৰ আধ্যাত্মিকতা বিৰাজমান। এই শৰণত পিতৃদত্ত নআম্ৰ পৰিৱৰ্তে ভগৱানৰ অনেক নামৰ এটা নামদান কৰে। সত্ৰৰ গুৰু বা গোসাঁয়ে শৰণ লোৱা দিন, তাৰিখ ধাৰ্য্য কৰি প্ৰতিখন গাঁৱলৈ খবৰ পঠিয়ায়। সেই খবৰৰ ভিত্তিত গাঁৱৰ পুৰুষ – মহিলাই গুৰুঘৰলৈ শৰণ ল’বলৈ যায়। প্ৰতিজনৰ কাৰণে চাৰিগুছি বা আশীখিলা পাণ গাঁৱতে বান্ধি বা মেৰিয়াই লৈ যোৱাটো নিয়ম। সত্ৰলৈ যোৱাৰ দিনাখনেই সুবিধা অনুযায়ী পুৰুষ সকলে দাঢ়ি – চুলি কটাই বা খুৰাই পাৰি নথকা ধূতি পিন্ধে। মহিলা সকলে পাৰি নথকা মেখেলা – চাদৰ পিন্ধে। শৰণৰ আগদিনা শৰণাৰ্থী পুৰুষ – মহিলা সকলে উপবাসে থকাৰ নিয়ম। গোটেই নিশা শৰণাৰ্থী সকলে নাম – কীৰ্তনত দৰ্শক হিচাপে অংশগ্ৰহণ কৰে। নিশাৰ মধ্য ভাগতে সত্ৰৰ গোসাঁয়ে শৰণাৰ্থী সকলৰ তালিকা বিচাৰে। নিশাৰ ভাগতে প্ৰথমে গোসাঁই, গোসাঁইৰ মাতৃ / পত্নী (আই) আৰু তাৰ পিছত থানত সেৱা লোৱাটো নিয়ম। নাম – কীৰ্তন শেষ হোৱাৰ পিছতে কাহিলি পুৱাতে গুৰু বা গোসাঁইৰ অনুমতি সাপেক্ষে পাৰি নথকা ধূতী পিন্ধি ক্ৰ্মানুসাৰে শাৰী পাতিব লাগে।

শৰণ ল’ব লগীয়া দলটোৱে এজনক ‘বৰককাই’ নিৰ্বাচিত কৰি লয়। এই বৰককাই শাৰীটোৰ প্ৰথমে থাকিব লাগে। চাৰিগুচি বা আশীখিলা পাণ কলঠুৰিৰে বান্ধি বা মেৰিয়াই দুয়ো হাতেৰে ধৰি মূৰৰ ওপৰলৈ লোঐ নৈ, বিল বা পুখুৰীলৈ যাব লাগে। এই ক্ষেত্ৰত গোসাঁইৰ সহযোগী সকলে সহায় – পৰামৰ্শ আগবঢ়ায়। নৈ, বিল বা পুখুৰীৰ পানীত মহাপুৰুষৰ নাম লৈ তিনিবাৰ বুৰ মাৰি বাওঁফালে ঘূৰি আগৰ ক্ৰমানুসাৰে উভতি আহিব আৰু পাণৰ গুছিটো এটা কান্ধত কেপি লৈ ইকাতি – সিকাতি নকৰাকৈ তিয়নী ধূতী সলাই নতুন ধূতী পৰিধান কৰিব লাগে। উল্লেখযোগ্য যে কান্ধৰ পৰা পাণৰ গুছি মাটিত পৰিব নালাগে আৰু শৰণ লোৱা সকলৰ হাতত ধূতী দিবৰ বাবে একোজন লোক সহায়কাৰী হিচাপে থাকে। আটায়ে নতুন ধূতী পৰিধান কৰাৰ পিছত আগৰ ক্ৰ্মানুসৰিয়েই পাণ মূৰৰ ওপৰত লৈ শাৰী পাতি আহি গুৰুৰ নামঘৰত গুৰুৰ ওচৰত আঁঠু কাঢ়ি বহিব। গুৰুৰ অনুমতি সাপেক্ষে শৰণাৰ্থী সকলে তললৈ পেট পেলাই মাটিত চিত দি পৰিব আৰু ‘পাণধৰা বা কছাৰী বুঢ়াই’ শৰণাৰ্থী সকলৰ পৰা পাণ বিলাক জমা কৰিব। গুৰুৱে শৰণাৰ্থী সকলক তিনিবাৰ দণ্ডৱত দিব। দণ্ডৱত পালনৰ পিছতেই গুৰুৰ অনুমতি সাপেক্ষে ‘পাণধৰা’ বুঢ়াই শৰণাৰ্থী সকলক এজন এজনকৈ পিতৃদত্ত নাম কি অ’ বোপাই বুলি সুধিব। শৰণাৰ্থীয়ে পিতৃদত্ত নাম কোৱাৰ লগে লগে ‘পাণধৰা’ই গুৰুক জনায় আৰু গুৰুৱে পিতৃদত্ত নামৰ আদি আখৰ চাই ঈশ্বৰৰ একোটাকৈ নাম প্ৰদান কৰে। নামদানৰ অন্তত শৰণীয়া সকলক ‘নাম স্মৰণ’ কৰোৱায়।

উল্লেখযোগ্য যে মৰাণৰ মহিলা সকলে পুৰুষৰ দৰে শাৰী পাতিব লাগে। শৰণ ল’ব লগীয়া দলটোৱে এজনী ‘বৰবাই’ নিৰ্বাচিত কৰি লয় আৰু ‘বৰবাই’ শাৰীটোৰ প্ৰথমে থাকিব লাগে। পুৰুষ সকলৰ দৰেই মহিলা সকলেও চাৰিগুছি পাণৰ মুঠি মূৰৰ ওপৰত লৈ নৈ, বিল বা পুখুৰীৰ পানীত মহাপুৰুষৰ নাম লৈ তিনিবাৰ বুৰ মাৰিব লাগে। কান্ধত পাণ লৈয়েই কাপোৰ সলাই (মহিলা সহযোগীয়ে সহায় কৰে) পুণৰ মূৰৰ ওপৰত পাণ লৈ গুৰুৰ ওচৰলৈ যায় আৰু পুৰুষৰ দৰেই তিনিবাৰ দণ্ডৱত দিয়ে। অৱশ্যে মহিলা সকলক নাম প্ৰদান নকৰে। শেষত শৰণীয়া পুৰুষ – মহিলা সকলোকে নিষ্কাম কৰ্ম, সৎ - সংগ আৰু নীতি – সদাচাৰ সম্পৰ্কে গুৰুৱে উপদেশ তথা বুজনি দিব। শৰণৰ অন্তত পুৰুষ – মহিলা সকলো শৰণাৰ্থীয়ে গুৰুৰ ওচৰত বিদায়ী সেৱা লৈ পুনৰ নামঘৰ আৰু থানত সেৱা লৈ নিজ নিজ গাঁৱলৈ যাত্ৰা কৰে। সত্ৰত শৰণ লোৱা শেষ হোৱাৰ পিছত সত্ৰত ‘নামজাননী’ সবাহ পাতে আৰু শৰণাৰ্থী থকা গাঁৱৰ সবাহ পতা গাঁওবুঢ়াই ‘নামজাননী সবাহ’ পাতে। এই নামজাননী সবাহত পুৰুষ – মহিলা (শৰণাৰ্থী) – সকলে একোটিকৈ চাকি প্ৰজ্বলন কৰে।

চাকি প্ৰজ্বলন আৰু নাম – কীৰ্তনৰ পিছত প্ৰত্যেকেই ভাগৱত সেৱা কৰে আৰু নামঘৰৰ ‘বৰবুঢ়া’ (পুৰোহিত) – ৰ অনুমতি সাপেক্ষে কোনো এজন বয়োজ্যেষ্ঠ লোকে শৰণাৰ্থী সকলৰ প্ৰত্যেককে গুৰুৱে কি নাম দিলে বোপাই বুলি সোধে। শৰণাৰ্থী সকলে এজন এজনকৈ গুৰুপ্ৰদত্ত নাম ৰাজহুৱা ভাৱে প্ৰকাশ কৰে। সেই দিনাৰ পৰা শৰণীয়া সকলে ইজনে সিজনক ‘আতা – কুটুম’ বা মহিলা সকলক ‘আতানী’ বুলি সম্বোধন কৰে। ল’ৰা – ছোৱালীবোৰে তাৱৈ – আমৈ বুলি মাক – দেউতাকৰ লগত শৰণ লোৱা বাকী লোক সকলক সম্বোধন কৰে। সমাজৰ অন্যান্য লোকে গুৰু প্ৰদত্ত নামেৰেই শৰণাৰ্থী সকলক মাত – বোল কৰে। নামজাননী সবাহ হৈ যোৱাৰ কিছুদিন পিছত শৰণাৰ্থী সকলে গুৰু ঘৰলৈ এখন পঞ্চামৃত ভাৰ নিব লাগে। এই ভাৰ খনক ‘ঘৰ উঠা’ ভাৰ বুলি কয়। শৰণাৰ্থী সকলে গাঁৱত সমূহীয়া ভোজ – ভাত খাই মৰমৰ এনাজৰী সুদৃঢ় কৰিবলৈ সংকল্পবদ্ধ হয়।

লেখক: দিলীপ হাজৰিকা(লোক – সংস্কৃতিৰ সঁফুৰা)

 

শেহতীয়া উন্নীতকৰণ: : 5/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate