মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / মিচিঙৰ সাজ-পাৰ আৰু অলংকাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মিচিঙৰ সাজ-পাৰ আৰু অলংকাৰ :

মিচিঙৰ সাজ-পাৰ আৰু অলংকাৰৰ বিষয়ে লিখা হৈছে ।

 

মিচিঙে ব্যৱহাৰ কৰা আ-অলংকাৰ -

পুৰুষৰ অলংকাৰ: অতীত কালত মিচিং সমাজত পুৰুষেও আ-অলংকাৰ পৰিধান কৰিছিল। পুৰুষসকলে ডিঙিত, কাণত আৰু হাতত কিছুমান অলংকাৰ পিন্ধিছিল। সাধাৰণ দগনী (মণি), তাদগ (বৰমণি) সকলো বয়সৰ পুৰুষেই পৰিধান কৰিছিল। বয়সিয়ালসকলে কাণত তাকপৰ (কাঠৰ কেৰু) পৰিধান কৰিছিল। মিচিং মিবু (দেওধাই)সকলে দৈৱিক গুণসম্পন্ন জীয়া দগনী, তাদগ পৰিধান কৰাটো নিয়মিত প্ৰচলিত আছিল। সম্প্ৰতি মিবুৰ সংখ্যাও প্ৰায় কমি অহাৰ লগে লগে জীয়া দগনী-তাদগ আগৰ দৰে সহজতে পাব নোৱৰা হৈছেগৈ। মিচিং সমাজত গাম (গাঁওবুঢ়া) প্ৰথাৰ আৰম্ভণিৰে পৰা ব্ৰিটিছসকলে উত্তৰ-পূব ভাৰতত প্ৰশাসন কাৰ্য চলোৱা সময়লৈকে গামসকলে মূল্যৱান দগনী, তাদগৰ লগতে এবিধ বহল আৰু হাতত পিন্ধাৰ নিয়ম প্ৰচলিত আছিল। এই খাৰুবিধ ‘গাম খাৰু’ নামে জনাজাত আছিল। বিশেষভাৱে গামসকলে পৰম্পৰাগত সাজ-পাৰৰ লগতে আকৰ্ষণীয় অলংকাৰ পৰিধান কৰি কৌবাং (মেল) বিচাৰ, ৰাজহুৱা অনুষ্ঠান আদিত সভা শুৱনি কৰিছিল।

মহিলাৰ অলংকাৰ -

মিচিং মহিলাসকলে বস্ত্ৰ পৰিধান কৰিবলৈ শিকাৰ পৰা অলংকাৰ পৰিধান-কৰি আহিছে। আৰম্ভণিতে ধাতৱজাতীয় অলংকাৰৰ পৰিৱৰ্তে গছ-লতা, তৃণ, মণি-মুকুতা, জীৱ-জন্তুৰ শিং আৰু দাঁতৰ পৰা আহৰণ কৰা বস্তুৰে তৈয়াৰী বিভিন্ন অলংকাৰহে পৰিধান কৰিছিল। এই অলংকাৰবোৰৰ ভিতৰত চেং, তাকপি , কেন্তু, তাকপৰ, বিৰবিৰ, ৰু:পুন, লাকপুন, দুম্পুন, তাল দুম্ব, তাগুং, তৌৰৌং, ই:ৰৌ বা চিৰৌং, ঞবঞয়ি বা চিময় ঞয়ি, দুম্বাব, দুমগাগ পে:চু, দকচিৰি, দগনী, তাদগ আদি উল্লেখ কৰিব পাৰি। আকৌ পিছলৈ ধাতৱজাতীয় বস্তু ব্যৱহাৰ কৰিবলৈ শিকাৰ পৰা কাংগে, পিচিৰিং, লাকপ, ক:পুং, ৰু:পুং আদি ব্যৱহাৰ কৰিবলৈ ধৰিলে।

চেং: ‘চেং’ হৈছে তাপি (খাগৰিজাতীয় নলগছ) গছৰ ভিতৰত থকা বগা অংশবিশেষেৰে গঁথা এবিধ দকচিৰি (মালা)। প্ৰকৃতিৰ পৰা আহৰণ কৰা এই আকৰ্ষণীয় মালাবিধ মিচিং মহিলাই পিন্ধিলে বৰ শুৱনি দেখিছিল। মিচিং লোকগীততো এঠাইত এই চেঙৰ বিষয়ে এনেদৰে উল্লেখ আছে-

(ভাৱাৰ্থ: তাপিৰে গঁথা চেং পিন্ধাজনীক, গাল-মুখ মিহিকৈ দেখিবলৈ ধুনীয়াজনীক, ইমান মৰমলগাকৈ চেনেহ- আদৰ যাঁচিবলৈ জনাজনীক বিয়া পাতি মোৰ ঘৰ-সংসাৰ কৰিবলৈ বৰ মন যায়)।

বৰ্তমান মিচিং মহিলাৰ এই আকৰ্ষণীয় ডিঙিৰ অলংকাৰবিধ মিচিং সমাজৰ পৰা একেবাৰে নাইকীয়া হ’ল বুলি ক’ব পাৰি।

তাকপি: ‘তাকপি’ এবিধ তৃণজাতীয় সৰু গছ। এই তাকপিৰ পৰা ওলোৱা মণিলেখিয়া গুটি পূৰঠ হ’লে দকচিৰি (মালা) হিচাপে গাঁথি লৈ মিচিং ছোৱালী- জীয়াৰীয়ে পৰিধান কৰিছিল।

বৰ্তমান কালত তাকপিৰ ব্যৱহাৰৰো বিলুপ্তি ঘটিল বুলিব পাৰি।

কেন্তু:

কেন্তু হৈছে তাঞোম ইচিং (কোঁটকৰা)জাতীয় এবিধ কাঁইটীয়া গছ) ৰ সৰু ডালেৰে তৈয়াৰ কৰা কাণৰ অলংকাৰ। এক ইঞ্চিমান টুকুৰা ডালটোৰ কুণ্ডাত সুন্দৰকৈ ফুল কাটি কেন্তু কাণত পিন্ধিব পৰাকৈ সজা হয়। বৰ্তমান কালত কেন্তুৰ ব্যৱহাৰৰো বিলুপ্তি ঘটিল।

তাকপৰ:

তাকপৰ হৈছে তাঞোম ইচিঙৰ পৰা তৈয়াৰী এবিধ কেৰু। এই কেৰুযোৰ দেখাত চকাৰ দৰে ঘূৰণীয়া , অলপ বহল, চেপেটা আৰু সোঁমাজত ফুটা কৰি মণি ভৰোৱা থাকে। ইয়াৰ চেপেটা অংশত সুন্দৰকৈ নক্সা দিয়া থাকে। বৰ্তমান কালত তাকপৰৰ ব্যৱহাৰৰো বিলুপ্তি ঘটিল।

বিৰবিৰ:

এবিধ বনৰীয়া কাঠ, আলুজাতীয় সৰু গুটি। ই শুকালে চেপেটা আৰু কঠিন হৈ পৰে। এই গুটিটোক সৰু পাহাৰীয়া বাঁহৰ ৰিং লগাই বা বেঁতেৰে পকোৱা ৰিং লগাই কাণত পৰিধান কৰে। ইয়াকে বিৰবিৰ বুলি কোৱা হয়।

ৰু:পুন:

ৰু:পুন হৈছে ৰং-বিৰঙৰ সূতাৰে ফুলৰ দৰে তৈয়াৰ কৰি কাণত পিন্ধা অলংকাৰ। য়েৰু (কাণ), আপ্পুন (ফুল) শব্দৰ সংযোগ হৈ ৰুংপুন হৈছে। মিচিং গাভৰুৱে নৃত্যৰ সময়ত প্ৰায়ে ৰু:পুন ব্যৱহাৰ কৰিছিল। ধাতৱ গহনাৰ আগমনৰ ফলত পৰিস্থিতি সাপেক্ষে ৰু:পুনৰ ব্যৱহাৰ কমি আহিবলৈ ধৰিছে।

লাকপুন:

লাকপুন হৈছে ৰং বিৰিঙৰ সূতাৰে ফুলৰ চুটি মালা গাঁথি হাতত খাৰুৰ দৰে পিন্ধা অলংকাৰ। আলাগ (হাত), আপ্পুন (ফুল) শব্দৰ সংযোগ হৈ লাকপুন হৈছে। মিচিং গাভৰুৱে নৃত্যৰ সময়ত লাকপুন পৰিধান কৰাটো নিয়মত পৰিণত হৈছে। সম্প্ৰতি এই লাকপুন পিন্ধি নচা নৃত্যসমূহে মিচিং লোকনৃত্যক আকৰ্ষণীয় ৰুপত উজলাই তুলিছে।

দুম্পুন: লাকপুনৰ দৰেই ৰ্ং-বিৰিঙৰ সুতাৰে ফুলৰ চুটি মালা গাঁথি ‘দুম্পুন’ তৈয়াৰ কৰি খোপাত ঘূৰণীয়াকৈ মেৰিয়াই পৰিধান কৰা হয়। দুমগাগ (খোপা) , ঋ আপ্পুন (ফুল) শব্দৰ সংযোগ হৈ ‘দুম্পুন’ হৈছে। মিচিং গাভৰুৱে নৃত্যৰ সময়ত দুম্পুন পৰিধান কৰাটো নিয়মিত পৰিণত। সম্প্ৰতি খোপাত এই  অলংকাৰ পিন্ধি নচা নৃত্যসমূহে মিচিং লোকনৃত্যক আকৰ্ষণীয় ৰুপত উজলাই তুলিছে।

তালদুম্ব:

তালদুম্ব হৈছে মতা হৰিণাৰ শিং। ইয়াক পিন্ধিব পৰাকৈ সুন্দৰকৈ তৈয়াৰ কৰি মিচিং মহিলাই শিৰৰ ভূষণ হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান কালত তালদুম্বৰ ব্যৱহাৰৰো বিলুপ্তি ঘটিল।

তাগুং:

তাগুং হৈছে এবিধ বিশেষ উজ্জ্বল মুকুতা মণি। ইয়াক মিচিং মহিলাই শিৰৰ ভূষণ হিচাপে ব্যৱহাৰ কৰিছিল। বৰ্তমান কালত তাগুঙৰ ব্যৱহাৰৰো বিলুপ্তি ঘটিল।

তৌৰৌং:

তৌৰৌং হৈছে হাতীৰ দাঁত । চিতে (হাতী), আ:ৰৌং (শিং) শব্দৰ সংযোগ হৈ তৌৰৌং হৈছে। হাতীৰ দাঁতৰ পৰা তৈয়াৰ পৰা তৈয়াৰ কৰা অলংকাৰ মিচিং মহিলাই হাতত, কাণত, ডিঙিত পৰিধান কৰা নিয়ম প্ৰচলিত আছিল। বৰ্তমান কালত তৌৰৌঙৰ ব্যৱহাৰো প্ৰায় নোহোৱা হ’ল।

ই:ৰৌ বা চিৰৌং:

ই:ৰৌ বা চিৰৌং হৈছে নলগাহৰিৰ (শিং সদৃশ) দাঁত। ইপাং (দাঁত), আ:ৰৌং (শিং) শব্দৰ সংযোগ হৈ ই:ৰৌং হৈছে। আনহাতে চিৰা (নলগাহৰি), আৰৌং শব্দৰ সংযোগ হৈ চিৰৌং হৈছে। এই নলগাহৰিৰ সৰু শিং সদৃশ দাঁতবোৰ মালা হিচাপে এসময়ত মিচিং মহিলাই পৰিধান কৰিছিল । বৰ্তমান কালত ই:ৰৌং বা চিৰৌঙৰ ব্যৱহাৰো একেবাৰে নোহোৱা হ’ল।

ঞব: ঞয়ি বা চুময়: ঞয়ি:

ঞব: ঞয়ি হৈছে মতা বাঘৰ পাৰিৰ আগদাঁত। এই সৰু শিং সদৃশ দাঁতবোৰ মালা হিচাপে এসময়ত মিচিং মহিলাই পৰিধান কৰিছিল। বৰ্তমান কালত ইয়াৰ ব্যৱহাৰো একেবাৰে নোহোৱা হ’ল।

দুমগাগ তাবাব বা দুম্বাব:

দুমগাগ তাবাব বা দুম্বাব বুলিলে সাধাৰণতে খোপাত লগোৱা ফণিক বুজোৱা হয়। মিচিং মহিলাসকলে আগতে চিংকম ইচিং (এবিধ গোলনেমুজাতীয় গছ) ৰ কাঠৰ পৰা সুন্দৰকৈ ফুল কাটি সজা ফণি খোপাত গুঁজি শুৱনি লগাকৈ ব্যৱহাৰ কৰিছিল। বৰ্তমান ইয়াৰ ব্যৱহৰো নোহোৱা হ’ল।

দুমগাগ পে:চু:

দুমগাগ পে:চু বুলিলে সাধাৰণতে খোপা কাটাক বুজোৱা হয়। মিচিং মহিলাসকলে আগতে বাঁহেৰে চঁচা শলাকাঠী, ব:বৃ তালি: (কেঁটেলা পহুৰ কাঁইট) আৰু পিছলৈ বিভিন্ন ধাতুৰ পৰা নিৰ্মিত শলাকাঠী দুমগাগ পে:চু হিচাপে ব্যৱহাৰ কৰিছিল। আধুনিক অলংকাৰৰ আগ্ৰাসনত বৰ্তমান ইয়াৰ ব্যৱহাৰো নোহোৱা হ’ল।

দগনী:

দগনী হৈছে বগা, ক’লা, ৰঙা, হালধীয়া, সেউজীয়া, নীলা আদি বিভিন্ন ৰঙৰ মণি-মুকুতা। এই মণি-মুকুতাবোৰ ৰং মিলাই মালা হিচাপে গাঁথি ডিঙিত পৰিধান কৰে। দগনাকৈ মণিবোৰৰ মাতৃ মণি হিচাপে ধৰা হয়। মিচিং জনবিশ্বাস মতে দগনী সজীৱ আৰু নিৰ্জীৱ দুই ধৰণৰ। নিৰ্জীৱ দগনী সকলো বয়সৰ মহিলাই পৰিধান কৰে। সজীৱ দগনৌক অপায়-অমংগল, জীৱাত্মা আদি নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা থকা বুলি ধাৰণা কৰা হয়। সেয়েহে কাৰোবাৰ ডাঙৰ বেমাৰ, দুৰ্ঘটনা আদি হ’লে পূজা কৰি দগনী পিন্ধিবলৈ দিয়া নিয়ম মিচিং সমাজত প্ৰচলিত। মিবু (দেওধাই) সকলেও য়িৰ: জা: ৰ সম্পন্ন সজীৱ দগনৌৰে দেৱতা-অপদেৱতাৰ লগত সম্পৰ্ক স্থাপেনেৰে মত বিনিময় কৰি বেমাৰ নিৰাময়ৰ বিধান দিব পাৰে।

তাদগা:

তাদগবোৰ দগনৌৰ দৰেই বিভিন্ন ৰঙৰ মণি-মুকুতা। তাদগবোৰ দগনৌতকৈ অলপ ডাঙৰ, কিন্তু ইয়াকো দগনৌৰ দৰেই মালা গাঁথি ব্যৱহাৰ কৰা হয়।

দকচিৰি:

দকচিৰি বোৰ হৈছে দগনীৰ দৰেই বিভিন্ন ৰঙৰ মণি-মুকুতা। দকচিৰিবোৰ সৰু সৰু, কিন্তু ইয়াকো দগনীৰ দৰেই মালা গাঁথি ব্যৱহাৰ কৰা হয়। দকচিৰি চেমনীয়া আৰু গাভৰু ছোৱালীয়ে বেছি পৰিধান কৰা দেখা যায়।

কংগে:

মিচিং মহিলাসকলে ধাতৱজাতীয় বস্তু ব্যৱহাৰ কৰিবলৈ জনাৰ পৰা ‘কংগে’ (খাৰু) পিন্ধা আৰম্ভ হয় বুলি ক’ব পাৰি। কংগে সকলো বয়সৰ মহিলাই পৰিধান কৰিছিল যদিও পৰিৱেশ আৰু বয়স অনুপাতে নক্সাৰ ধৰণ বিভিন্ন আছিল। বৰ্তমান সচৰাচৰ বজাৰত পোৱা কংগেসমূহকেই প্ৰায়ভাগ মহিলাই ব্যৱহাৰ কৰা দেখা যায়।

পিচিৰিং:

কংগে ব্যৱহাৰ কৰা সময়ৰ পৰাই মিচিং মহিলাই ‘পিচিৰিং’ (কাণফুলি) ব্যৱহাৰ কৰিছিল বুলি ক’ব পৰা যায়। পিচিৰিং সকলো বয়সৰ মহিলাই পৰিধান কৰিছিল যদিও পৰিৱেশ আৰু বয়স অনুপাতে নক্সাৰ ধৰণ বিভিন্ন আছিল। বৰ্তমান সচৰাচৰ বজাৰত পোৱা পিচিৰিংসমূহকেই প্ৰায়ভাগ মহিলাই ব্যৱহাৰ কৰা দেখা যায়। তাৰোপৰি লাকপু (হাতৰ বাজুত পিন্ধা), লাগনৌ ক:পুং (আঙঠিজাতীয় ), ৰু:পুং (ডাঙৰ ৰিং আৰু ফুলযুক্ত কাণফুলি) আদিও পৰিধান কৰি সৌন্দৰ্যবৰ্ধনৰ পৰিৱেশ ৰচনা কৰিছিল।

মিচিংসকল ভৈয়ামলৈ অহাৰ বহুবছৰ পিছত আহোমসকলো অসমলৈ আহে। চুকাফাৰ বৰ অসমত সাংস্কৃতিকভাৱে মিচিংসকলেও এদিন চামিল হৈছিল। সেইবিষয়ে মিচিং বিহু হুঁচৰি গীতৰ পৰা ধাৰণ কৰিব পাৰি

“ৰংঘৰ ঐ ৰঙা ঘৰ আ

গৰ (গড়) গাঁৱলৈ কিমান দূৰ আ”।

সেই তেতিয়াৰ পৰা মিচিংসকলেও আহোম ৰজাদিনীয়া অলংকাৰ- মাদলী, গলপতা, জোনবিৰি, জিঞ্জিৰি, চন্দ্ৰহাড়, জাংফাই, থুৰীয়া , গেজেৰা ইত্যাদি ব্যৱহাৰ কৰিবলৈ ধৰে।

লেখক: জুৱেল পেগু (নন্দিনী)

 

 

 

3.20689655172
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top