মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / মিচিমিসকলৰ কৃষিভিত্তিক উৎসৱ তামলা-ডু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মিচিমিসকলৰ কৃষিভিত্তিক উৎসৱ তামলা-ডু

মিচিমিসকলৰ কৃষিভিত্তিক উৎসৱ তামলা-ডু ৰ বিষয়ে

বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি এই অসম তথা উত্তৰ-পূৰ্বাঞ্চল। এই জাতি-জনগোষ্ঠীসমূহৰ কৃষ্টি-সংস্কৃতিসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিৰ বৰপেৰাটো চহকী কৰি ৰাখিছে। এই সংস্কৃতিৰ বৰপেৰাটোত ঠাহ খাই থকা বাৰে-ৰহণীয়া কৃষি-সংস্কৃতিসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশত বসবাস কৰা মিচিমিসকলৰ এটা কৃষিভিত্তিক উৎসৱ হ’ল ‘তামলা-ডু’। মিচিমিসকলে বসবাস কৰা অঞ্চলসমূহত এই ‘তামালা-ডু’ উৎসৱ পালন কৰা হয়। ১৯৭০ চনৰ আগতে এই ‘তামলা-ডু’ উৎসৱ সিঁচৰিতভাৱে পালন কৰা হৈছিল। ১৯৭০ চনৰ পিছত ‘তামলা-ডু’ হিচাপে নামকৰণ কৰি প্ৰতি বছৰে ১৫ ফেব্ৰুৱাৰীত মিচিমি জনবসতি অঞ্চলত এই ‘তামলা-ডু’ উৎসৱ পালন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অৰুণাচল চৰকাৰেও জিলাসমূহত স্থানীয় বন্ধ হিচাপে ঘোষণা কৰে। এই ‘তামলা-ডু’ উৎসৱ উপভোগ কৰিবলৈ আমি উপস্থিত হৈছিলোঁ অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুত। আমাৰ সৈতে আছিল ডিব্ৰুগড়ৰ ব্যৱসায়ী বন্ধু অজিত বৰা আৰু সাংবাদিক বন্ধু প্ৰণিব দাস। নামচাইৰ আলুবাৰী ঘাটেৰে এক কষ্টকৰ যাত্ৰাৰ মাজেৰে আমি উপস্থিত হৈছিলোঁ তেজুৰ ‘তামলা-ডু’ উৎসৱ থলীত। উৎসৱ থলীত উপস্থিত হৈ আমি সেই কষ্টকৰ যাত্ৰাৰ কথা পাহৰি পেলাইছিলোঁ। মিচিমি গাভৰু, মহিলাসকলৰ আতিথ্যই আমাক বাৰুকৈয়ে মোহিত কৰিছিল। উৎসৱত উপস্থিত থকা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়াইছিল। এই ভি ভি আই পি সকলৰ উপস্থিতিৰ মাজতো আমাক যি আতিথ্য দিলে সেয়া সঁচাকৈয়ে অতুলনীয়। এই ‘তামলা-ডু’ উৎসৱ প্ৰকৃততে মিচিমিসকলে বছৰটোৰ কৃষি কাৰ্য আৰম্ভ কৰাৰ আগতে অপায়-অমংগল দূৰ কৰি শস্যৰ উৎপাদন যাতে ভাল হয়, শস্যত যাতে কোনো পৰুৱাই আক্ৰমণ কৰি খেতি নষ্ট কৰিব নোৱাৰে, প্ৰাকৃতিক দুৰ্যোগৰ ফলত যাতে খেতিৰ অনিষ্ট সাধন নহয়, সমাজৰ অশুভ শক্তিয়ে যাতে কোনো ক্ষতি কৰিব নোৱাৰে আদি কাৰণত উদ্‌যাপন কৰা হয়।

‘তামলা-ডু’ হৈছে ডিগাৰু মিচিমিসকলৰ এটা শব্দ। মিজু মিচিমি কামনাসকলৰ ভাষাত ইয়াক ‘তাকা-থুং’ বুলি কোৱা হয়। ‘তামলা-ডু’ বা তাকা-ৰ অৰ্থ হৈছে এটা পৰম্পৰা-যাক এটা ঘৰৰ চাৰিওকাষে প্ৰতিষ্ঠা কৰা গড়ালত পতা হয় আৰু ডু বা থুং ৰ অৰ্থ হৈছে সমূহীয়া পূজা। এই পূজাৰ আৰম্ভণিতে পালন কৰা পৰম্পৰা আৰু উৎসৰ্গই হৈছে তামলা। ‘তামলা-ডু’ ৰ আন এটা গুৰুত্ব হৈছে এখন গাঁৱৰ আলিৰ দাঁতিত থকা এখন মুকলি পথাৰত পালন কৰা ‘নামচ্যং’ – যাৰ উদ্দেশ্য হৈছে অপ-দেৱতাৰ নাশ- যি অপ-দেৱতাৰ বাবে গাঁও এখন বা একোটা অঞ্চলত ৰোগ, ব্যাধি, অপায়-অমংগল, দুৰ্ঘটনা, প্ৰাকৃতিক দুৰ্যোগ, অপৰাধ আদি বিনাশ হয়। এই পূজা বা উৎসৱ পতা আৰম্ভণিতে মিচিমিসকলে প্ৰথমে তেওঁলোকৰ পুৰোহিতৰ সৈতে যোগাযোগ কৰি কাঠ খৰি (আচিহ-চাং) বনৰীয়া কলগছৰ পাত (দাহিং) আৰু বিভিন্ন শস্যৰ বীজ (তাহ্‌মা, খুত, কাংগি ইত্যাদি) সংগ্ৰহ কৰে। এইবোৰ সংগ্ৰহ কৰি এটা বেদী (তাক্কাজং) বিশেষজ্ঞৰ দ্বাৰা তৈয়াৰ কৰা হয়। এটা ত্ৰিকোণিক থাপনাৰ আৰ্হিত পতা এটা বেদীত তৰোৱাল (আচিছ-চাং), কাণফুলি (ইঙাচত), মাছ (আংগা) ইত্যাদিৰে সজায় আৰু এইবোৰক এটা ডিম্বাকৃতিৰ বেদীত দুটা ডাঙৰ কুকুৰাৰে সৈতে আৰি থোৱা হয়। এই বেদীৰ তলত বাঁহৰ জেওৰাৰে কলাসুলভভাৱে তৈয়াৰ কৰা গড়ালত এজনী মাইকী কুকুৰা ৰখাটো বাধ্যতামূলক।

‘তামলা-ডু’ উৎসৱত আধ্যাত্মিক ক্ৰিয়া সম্পাদনাৰ বাবে একৈশ বিধ দ্ৰব্য আৰু একৈশ বিধ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়। এই আনুষ্ঠানিকতা সম্পাদনৰ পিছত পুৰোহিতজনক নিমন্ত্ৰণ কৰি মন্ত্ৰ পঢ়িবলৈ আসনত বহিবলৈ আহ্বান জনোৱা হয়। তাৰ পিছত পুৰোহিতৰ দ্বাৰা মন্ত্ৰ উচ্চাৰণৰ আগেয়ে গাঁৱৰ বয়োবৃদ্ধ তথা অভিজ্ঞ ব্যক্তিসকলে সম্প্ৰদায়টোৰ বিভিন্ন সামাজিক অসুবিধাসমূহ পুৰোহিতৰ আগত বৰ্ণনা কৰে। পুৰোহিতে পাহাৰ-দেৱতা (চুতহ-দায়ুৱাহ), জল আৰু আকাশ দেৱতাৰ (বুৰুয়াহ), ভূমি দেৱতা (কাণগাম-কাব্ৰুয়াহ), শস্য আৰু সম্পদৰ দেৱতা (চামুৰ) আদি দেৱতাৰ সন্তুষ্টিৰ বাবে তিনিৰ পৰা আঠ ঘন্টা পৰ্যন্ত মন্ত্ৰ উচ্চাৰণ কৰে। পৌৰাণিক পৰম্পৰা অনুসৰি কুকুৰা বলি দিয়াটো এটা চিৰাচৰিত প্ৰথা। আজিকালি ভক্তৰ সমাৱেশ আৰু ভক্তসকলৰ প্ৰতি পৰিৱেশিত হ’ব লগা ভোজৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি, গৰু, ম’হ, মেঠোন আদি স্থানীয় সুৰা (চিহ-য়ুহ) ৰ সৈতে মহা আনন্দৰে উৎসৰ্গ কৰা হয়। এই বিধি সম্পাদনাৰ পিছত বয়োজেষ্ঠসকলে পুৰোহিতজনক গাঁও বা অঞ্চলটোত কিবা অপায়-অমংগলৰ বিষয়ে প্ৰশ্ন কৰে, লগতে দেৱতাৰ ফালৰ পৰা কিবা বেয়া সংবাদ আহিছে নে নাই সেই সম্পৰ্কেও প্ৰশ্ন কৰে। পিছৰ দিনা শান্তি আৰু সমৃদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। প্ৰাচীন কালত সেইদিনাখন সেই অঞ্চলত জুই জ্বলোৱা নিষেধ আছিল আৰু কোনো মানুহকে অঞ্চলটোলৈ প্ৰৱেশ কৰিবলৈ দিয়া নহৈছিল। বৰ্তমান সেই বাধ্যবাধকতা দূৰ হৈছে বুলি অনুমান কৰা হয়।

পূজা-অৰ্চনাৰ সৈতে সংগতি ৰাখি উৎসৱ পালন কৰাটো ‘তামলা-ডু’ ৰ হৈছে এটা উল্লেখযোগ্য দিশ। য’ত এটা চহকী সাংস্কৃতিক ঐতিহ্য প্ৰকাশ পায়। প্ৰাণশক্তি সঞ্চাৰ কৰা এই উৎসৱটো বছৰত এবাৰকৈ পালন কৰা হয়। লগতে এই উৎসৱ দৈনন্দিন জীৱনৰ কৰ্ম ব্যস্ততা, গতানুগতিকতা আৰু মানসিক চাপ ইত্যাদি ধুই নিকা কৰি এটা সতেজ জীৱন-যাপনৰ আৰম্ভণি প্ৰদান কৰে। মিচিমিসকলৰ বিশ্বাস যে দেৱ-দেৱীসকলে তেওঁলোকৰ মংগলাৰ্থে আশীৰ্বাদ বৰিষণ কৰে। তেওঁলোকৰ আৰু বিশ্বাস যে সমাজত দুষ্কাৰ্য কৰিলে বা মিছাৰ আশ্ৰয় ল’লে দেৱ-দেৱীসকলে শাস্তি প্ৰদান কৰে। মূলত: ‘তামলা-ডু’ পূৰ্বৰেপৰা পালিত হৈ অহা এটা কৃষিভিত্তিক উৎসৱ। খাদ্য শস্য, ৰোগ-ব্যাধি, অপায়-অমংগল আদি নাশৰ বাবে এই উৎসৱটো পালন কৰাৰ লগতে সমাজত মানৱতা, পাৰস্পৰিক ভালপোৱা, ন্যায় আদি প্ৰতিষ্ঠা কৰাই এই উৎসৱৰ মূল উদ্দেশ্য।

‘তামলা-ডু’ হৈছে ডিগাৰু মিচিমিসকলৰ এটা শব্দ। মিজু মিচিমি কামানসকলৰ ভাষাত ইয়াক ‘তাকা-থুং’ বুলি কোৱা হয়। ‘তামলা-ডু’ বা তাকা ৰ অৰ্থ হৈছে এটা পৰম্পৰা- যাক এটা ঘৰৰ চাৰিওকাষে প্ৰতিষ্ঠা কৰা গড়ালত পতা হয় আৰু ডু বা থুং-ৰ অৰ্থ হৈছে সমূহীয়া পূজা। এই পূজাৰ আৰম্ভণিতে পালন কৰা পৰম্পৰা আৰু উৎসৰ্গই হৈছে ‘তামলা’।

লিখক: পবন দত্ত, দৈনিক অসম।

3.03571428571
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top