মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / মৃৎশিল্পৰে স্বাৱলম্বী শোণিতপুৰৰ গয়া পণ্ডিত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৃৎশিল্পৰে স্বাৱলম্বী শোণিতপুৰৰ গয়া পণ্ডিত

যিসময়ত চীনত নিৰ্মিত সা-সামগ্ৰী দীপাৱলীত বৰ্জনৰ বাবে দাবী উত্থাপন হৈ আছে, তেনে সময়ত এইখন ৰাজ্যৰ শোণিতপুৰ জিলাত এগৰাকী

চমু বিৱৰণ

যিসময়ত চীনত নিৰ্মিত সা-সামগ্ৰী দীপাৱলীত বৰ্জনৰ বাবে দাবী উত্থাপন হৈ আছে, তেনে সময়ত এইখন ৰাজ্যৰ শোণিতপুৰ জিলাত এগৰাকী লোক পোহৰৰ উৎসৱ দীপাৱলীত প্ৰয়োজন হোৱা মাটি চাকি হাজাৰ হাজাৰ তৈয়াৰ কৰি বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিছে|

মৃৎশিল্প গয়া পণ্ডিতৰ জীৱন কথা

শোণিতপুৰ জিলাৰ তেজপুৰ মহকুমাৰ অন্তৰ্গত খেলমাটিৰ নিকটৱৰ্তী ফুলোগুৰিত এক ঐকান্তিক প্ৰচেষ্টাৰে ১৯ বছৰ বয়সৰ পৰা মৃৎশিল্পৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে গয়া পণ্ডিত নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই| গয়া পণ্ডিত নামৰ লোকজনে এই মৃৎশিল্পৰ দ্বাৰাই পোহপাল দিছে ছজনীয়া পৰিয়াল| অশেষ ধৈৰ্য্য, কষ্টৰে উপাৰ্জন কৰা এই ধনৰে উচ্চ শিক্ষা প্ৰদান কৰিছে নিজৰ দুই পুত্ৰ আৰু কন্যাক| যি সময়ত ৰাজ্যৰ লাখ লাখ নিৱনুৱাই কৰ্মসংস্থাপনৰ বাবে জীয়াতু ভুগিছে, সেই সময়তে ৭০ বছৰীয়া বৃদ্ধাই দাঙি ধৰা এই নিদৰ্শন সঁচাকৈয়ে প্ৰশ্ংসনীয়| সময়োপযোগীকৈ এই বৃদ্ধাগৰাকীয়ে বৰ্তমান ৫১ বছৰ ধৰি প্ৰতিটো উৎসৱ-পাৰ্বনত ব্যৱহাৰ হোৱাকৈ আৰু বিশেষভাৱে পোহৰৰ উৎসৱ দীপাৱলীত মাটিৰ আচবাব-পাত্ৰ বনাই আহিছে| এই বছৰো সমাগত দীপাৱলীৰ বাবে পোহৰৰ উৎসৱটি ৰাইজে সুন্দৰ ভাৱে উদ্‌যাপন কৰিব পৰাকৈ উলিয়াইছে হাজাৰ হাজাৰ মাটিৰ ভিন্ন প্ৰকাৰৰ চাকি| দূৰ-দূৰণিৰ পৰা বহুতো ব্যৱসায়ীৰ সমাগম ঘটে বৃদ্ধাগৰাকীৰ ঘৰত| ৰঙাপৰা, তেজপুৰ, চাৰিদুৱাৰ, ঢেকীয়াজুলি আদি বিভিন্ন অঞ্চললৈ এই মাটি চাকি আৰু আচবাব ক্ৰয় কৰি লৈ যায় ব্যৱসায়ীয়ে| সৰ্বাংগ সুন্দৰভাৱে সাজি উলিওৱা মাটিৰ চাকি, মাটিৰ পাত্ৰসমূহে ইতিমধ্যে বজাৰত সুকীয়া স্থান দখল কৰিছে| উল্লেখ্য যে এই ৭০ বছৰীয়া বৃদ্ধা গয়া পণ্ডিতে সমাগত দীপাৱলীৰ বাবে বিভিন্ন ধৰণৰ লক্ষাধিক মাটিৰ চাকি সাজি উলিয়াইছে| মন কৰিবলগীয়া যে সাম্প্ৰতিক সময়ত বিভিন্ন ধাতুৰ দ্বাৰা নিৰ্মিত পাত্ৰৰ ব্যৱহাৰে জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে, তেনে সময়তে তাহানিৰ সেই পুৰণিকলীয়া সংস্কৃতিক খামুচি ধৰি বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ সময়তো মাটিৰে নিৰ্মিত সামগ্ৰীৰে ৰাইজক সকাহ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে, ই সঁচাকৈয়ে আদৰণীয়|

উৎস:- নিয়মীয়া বাৰ্তা

3.26666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top