অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মে-ডাম-মে-ফী

মে-ডাম-মে-ফী

ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকৰ পৰা ঊনবিংশ শতিকাৰ তৃতীয় দশকলৈকে নিৰৱছিন্ন ভাবে আহোম স্বর্গদেউ সকলে অসমত ৰাজত্ব কৰি অসম বুৰঞ্জীত এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰি থৈ গৈছে । প্ৰায় ছশ বছৰৰ (১২২৮-১৮২৬ খ্ৰীঃ) এই দীঘলীয়া কালছোৱাত অনেক জয় পৰাজয়, ঘাত-প্ৰতিঘাত, সন্ধি বিগ্ৰহ, মিত্ৰতা- শত্ৰুতা, বিনিময় সংগ্ৰহ আদিৰ যোগেদি তেওঁলোকে গঢ়ি তুলিছিল বৰ অসম আৰু বৃহত্‍ অসমীয়া জাতি। আহোম যুগৰ এই ইতিহাস বিস্ময় আৰু ৰোমাঞ্চেৰে ভৰা।

আমি ইয়াত আলোচনা কৰিব বিচাৰিছো আহোম যুগৰ এক ধর্মীয় সামাজিক উত্‍সৱ মে-ডাম-মে-ফী। এই উত্‍সৱ টাই আহোমসকলে উদযাপন কৰা পূর্ব পুৰুষৰ পূজা। মে-ডাম-মে-ফী ৰ অর্থ হ’ল- মে মানে প্ৰার্থনা বা পূজা কৰা, ডাম মানে পূর্বপুৰুষ বা মৃতক আৰু ফী মানে দেও বা দেৱতা। এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ হৈ অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ লগতে সমাজ তথা দেশৰ মংগলৰ বাবে পমিং (আশীর্বাদ) বিচৰা হয়। টাই আহোম সকলে বিশ্বাস কৰে যে, পূর্বপুৰুষৰ মৃত্যুৰ পিছত দেৱতাৰ ৰূপত সাতখন স্বর্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো-নাতি, পৰিনাতি, জীয়ৰী-বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে। টাই আহোম সকলে পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁলোকে মৃতকৰ আত্মাই মাথোন কিছুদিনৰ বাবেহে ভ্ৰমি ফুৰিবলগীয়া হয়, উত্তৰ-পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁ দেৱতাৰ শাৰীলৈ উন্নীত হয়। ইয়াৰ উপৰিও ঘৰত বিয়া-বাৰু, বিহু আদি উত্‍সৱত আৰু খেতি চপাই ন-খাওঁতে টাই আহোমসকলে পূর্বপুৰুষ সকলক সুঁৱৰি তেওঁলোকে পূজা কৰে। এনে পূজাক “মৃতকক দিয়া পূজা” বুলি কোৱা হয়। এনে মৃতকলৈ আগবঢ়োৱা পূজাত মাছ-মাংস, ৰন্ধা ভাত, পায়স, মিঠাই আৰু সাঁজ উসর্গা কৰা হয়। মৃতকক দিয়াৰ যোগেদি জীৱিত পৰিয়ালটোৱে পুর্বপুৰুষ পৰা আশীর্বাদ বিচাৰে বুলি এক বিশ্বাস আছে।
অন্যান্য পূজাৰ দৰে মে-ডাম-মে-ফী পালনৰ বাবে টাই ভাষাত খেক্-লাই বুলি এখন পূজাবিধি থকা বুলি জনা যায়। বিশ্বাস আছে যে, এই পূজা বিধিখন অসমলৈ পোনপ্ৰথমে আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মন-ম-মন দেওধায়ে। এই পূজা প্ৰতিবছৰৰ ৩১ জানুৱাৰীত পালন কৰে। এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে আৰু ইয়াত আঠখন শৰাই পাতি তেওঁলোকৰ আদি লেংডন দেৱতা প্ৰমুখ্যে আঠজন ফীক উপাসনা কৰে। এই পূজাত ফু-ৰা-তা-ৰা-আ-নং অথবা নিৰাকাৰ ভগবানক প্ৰার্থনা জনোৱাৰ উপৰিও ঙি ডামখামং অংকিত পতাকা উত্তোলন কৰি সমূহীয়াকৈ ভোজ দিয়া হয়। এই পূজা অসমত পোনপ্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত। চ্যুকাফাই অসমলৈ অহাৰ পৰত ঈৰাৱতী নৈ পাৰ হৈয়েই মে-ডাম-মে-ফী উদযাপন কৰিছিল। নতুন ৰাজ্য এখন জয় কৰি তাত সুশাসন কৰি প্ৰৱর্ত্তন কৰিবলৈ পুর্বপুৰুষ, লেংদন আৰু অন্যান্য দেৱতাসকলৰ আশীর্বাদ বিচাৰি দৈ-কাও-ৰং পাৰ হোৱাৰ লগে লগে নামৰূপৰ বুঢ়ীদিহিংৰ পাৰত তেওঁ আকৌ মে-ডাম-মে-ফী পাতিছিল। ইয়াৰ উপৰিও চৰাইদেউত ৰাজধানী পাতিবৰ সময়তো পূর্বপুৰুষ আৰু দেৱতাসকলৰ আশীর্বাদ বিচাৰি স্বর্গদেৱে এই পূজা পাতিছিল। এনেদৰেই পৰৱর্তী স্বর্গদেউ সকলেও বিভিন্ন সময়ত মে ডাম মে ফী পাতিছিল।
কিন্তু হিন্দু ধর্মক অধিক প্ৰাধান্যতা দি স্বর্গদেউ জয়ধ্বজ সিংহই মে ডাম মে ফী পতা নাছিল। ফলত দেশখন সেই সময়ত মিৰজুমলাৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল বুলি জয়ধ্বজ সিংহই অতি দুখ মনেৰে আতন বুঢ়াগোঁহাইক কৈছিল। পৰৱর্তী সময়ত অর্থাত্‍ জয়ধজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ, চক্ৰধ্বজ সিংহই শাসন ভাৰ লৈয়েই মে ডাম মে ফী পাতিবলৈ থিৰাং কৰি মন্ত্ৰী পৰিষদৰ পৰা উপদেশ বিচাৰিলে আৰু শেষত মন্ত্ৰী পৰিষদৰ আদেশ পাই তেওঁ অতি ধুম ধামেৰে চৰাইদেউত মে ডাম মে ফী পাতে আৰু ইয়াৰ পিছতে মোগলৰ লগত শৰাইঘাটত কৰা যুদ্ধত জয় লাভ কৰে। এইদৰে আহোমৰ শেষৰজন স্বর্গদেউৰ দিনলৈকে ৰাজঘৰীয়া মে-ডাম-মে-ফী উদযাপিত হৈ আহিছিল।
বর্তমানৰ অৱস্থা :-
বর্তমানৰ সময়ত ৩১ জানুৱাৰী দিনটো “মে-ডাম-মে-ফী” ধর্মীয় উত্‍সৱ হিচাপে পালন কৰাটো এক সামাজিক পৰম্পৰা হৈ পৰিছে। আজিকালি মে- ডাম- মে- ফী ধর্মীয় মাংগলিক অনুষ্ঠানৰ লগতে এক সামাজিক উৎসৱো হৈ পৰিছে। টাই আহোমসকলৰ লগতে অসমৰ অন্যান্য জাতি- জনগোষ্ঠীয়েও এই মাংগলিক অনুষ্ঠানটোলৈ আহি যোগ দিয়া দেখা গৈছে। “মে-ডাম-মে-ফী” আজি অসমৰ জাতীয় উত্‍সৱ হোৱাৰ পথত।।।

(কিছু তথ্যৰ বাবে অসম বুৰঞ্জীৰ সহায় লোৱা হৈছে)

ধ্ৰুৱজ্যোতি গগৈ

3.14814814815
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top