অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লোক-বিশ্বাসত কুকুৰা চৰাই

লোক-বিশ্বাসত কুকুৰা চৰাই

সৰ্বপ্ৰথম অষ্ট্ৰিকভাষীসকলেই কুকুৰা চৰাই ঘৰচীয়া কৰে বুলি সুনীতিকুমাৰ চট্টোপাধ্যায়ে মত প্ৰকাশ কৰিছে। অষ্ট্ৰিকভাষী আৰু তেওঁলোকৰ সমগোত্ৰীয় তিব্বত-বৰ্মী সকলৰ সমাজত সেইকাৰণেই কুকুৰাৰ প্ৰাধান্য। পূজা আৰু উচৰ্গাৰ নিমিত্তে তেওঁলোকে কুকুৰাক সৰ্বশ্ৰেষ্ঠ জীৱ বুলি গণ্য কৰে। তেওঁলোকৰ ধাৰ্মিক, সামাজিক, সাংস্কৃতিক জীৱনৰ লগত ই জড়িত। পূজা-উৎসৱ, আচাৰ-অনুষ্ঠান, লোক-বিশ্বাস, কিম্বদন্তিত কুকুৰাৰ স্থান বিশেষ মন কৰিবলগীয়া। অষ্ট্ৰিক আৰু তিব্বত-বৰ্মী ভাষাৰ লগত ঘনিষ্ঠ সম্বন্ধ থকাৰ হেতু অসমৰ পাহাৰ আৰু ভৈয়াম উভয়ৰে মানুহৰ সামাজিক আৰু ধৰ্ম সম্পৰ্কীয় জীৱনতো কুকুৰা চৰাই আৰু কণীৰ স্থান অৰ্থপূৰ্ণ। অসমীয়া বিয়াত দৰা-কন্যা নোওৱা বেইৰ তলত দুটা কণী পুতি থোৱা নিয়ম। কামৰূপত পুষ্পিতা হোৱাৰ পিছত ছোৱালীয়ে স্বামীৰ ঘৰলৈ আহোঁতে লগত কণী এযোৰ অনাৰ নিয়ম, ই নিশ্চয় উৰ্বৰতাৰ প্ৰতীক। অংগামী নগাৰ জোৰণ পিন্ধোৱা উৎসৱৰ দিনা কুকুৰাৰে মূল্য নিৰূপন কৰা হয়। কেতবোৰ কছাৰী ফৈদেও তেনে কৰে। আও নগাৰ বিয়াৰ লগত জড়িত যিবোৰ আনুষ্ঠানিক উৎসৱ আছে তাৰে এটা হ’ল কুকুৰা বলি দিয়া উৎসৱ। দৰাৰ ঘৰলৈ কন্যা অহাৰ সময়ত দৰাৰ বাপেকে কুকুৰা বলি দিয়ে। কন্যা পক্ষৰ লোকসকল ঘৰৰ বাহিৰত ৰৈ থাকে; ইতিমধ্যে দৰাৰ বাপেকে এটা মতা কুকুৰা বলি দি প্ৰাৰ্থনা কৰে যাতে ল’ৰা-ছোৱালীহাল মাক-বাপেক হয়। লাখেৰসকলৰ মাজত বিয়াৰ লগত এটা উপৰুৱা উৎসৱ জড়িত আছে। এই উৎসৱতো কুকুৰা বলি দিয়া হয়। কুকুৰা বলিৰ অৰ্থ হ’ল দৰা-কন্যাক ল’ৰা-ছোৱালী জন্ম দিবলৈ সক্ষম কৰা। এই কুকুৰাৰ মঙহ খাব পাৰে কেৱল আবিয়ৈ ছোৱালী আৰু বলিদাতাৰ সম্বন্ধীয় লোকসকলেহে। লোঠাসকলৰ বিয়াৰ বন্দোবস্ত হ’লে দৰা-কন্যাৰ ঘৰলৈ গৈ মতা কুকুৰা খোৱা-বোৱা উৎসৱ পতা হয়। দৰাই মতা কুকুৰাটো নিজ হাতে মাৰি ৰন্ধা-বঢ়া কৰে আৰু বৰ-কন্যা উভয়ে ওৱাণ্টচেনৰ সমুখত বহে। ওৱাণ্টচেন হ’ল গাঁৱৰ বৃদ্ধলোক। তেওঁ সময়ত প্ৰত্যেকৰ হাতত একোখিলাকৈ পাত থয়, পাতকেইখিলাৰ প্ৰত্যেকতে মতা কুকুৰাটো কাটি ১৬ টুকুৰা সৰু সৰু মাংস থয়। চেমা নগাৰ জোৰণ বিয়াৰ দিনা, ভাবী দৰাজনে কন্যাৰ বাপেক-মাকৰ ঘৰলৈ গৈ ভোজভাত খায়। তেওঁৰ লগত যোৱা দলটোত থাকে বুঢ়ামানুহ, মহিলা আৰু যোদ্ধা। দৰাই এই দলটোৰ লোকসকলক সৰু সৰু কুকুৰা পোৱালি উপহাৰ দিয়ে। ইয়াক ‘মিনি-ইহা-মি’ (বিনামূলীয়া মেখেলা) বোলে। সন্ধিয়া কন্যাই অনা এটা কুকুৰা পোৱালি দলটোৱে মাৰে আৰু ন-কৈ বিয়া হোৱা দৰা-কন্যাহালে ইয়াক ৰান্ধি খায়, তাকে কৰিলেহে বিবাহ হোৱা উৎসৱ সম্পূৰ্ণ হয়। কুকিসকলৰ বিবাহ উৎসৱৰ লগতো কুকুৰা জড়িত আছে। কুকি বিয়াত দৰা আৰু কন্যাৰ পৰিয়ালৰ প্ৰত্যেকেই একোটাকৈ কুকুৰা মাৰে। কুকুৰাৰ পাখিবোৰ নৱ দম্পতিৰ ডিঙিত পিন্ধাই দিয়া হয়। পুৰোহিতজনে  মূৰটো কাটি কুকুৰাটো দলি মাৰি পেলাই দিয়ে, যদি সোঁ ঠেঙটো বাওঁ ঠেঙৰ ওপৰত পৰে তেন্তে বৈবাহিক জীৱন সুখী হ’ব বুলি ধৰা হয়। থাদাউ কুকিসকলৰ বিবাহ উৎসৱ কুকুৰা কাটি সম্পন্ন কৰা হয়। এই কুকুৰাৰ সোঁ-ডেউকাৰ পাখিবোৰ নি নৱ দম্পতিৰ চুলিত গুঁজি দিয়া হয়। ল’ৰা-ছোৱালীৰ জন্মত পালন কৰা উৎসৱৰ লগতো কুকুৰা আৰু ইয়াৰ কণীৰ সম্বন্ধ আছে। চেমা নগা তিৰোতাৰ সন্তান জন্ম হোৱা মাত্ৰেই ওপজা সন্তানটিৰ যি লিংগ হয় সেই লিংগৰ কুকুৰা পোৱালি এটা মাকে খাব লাগে। সন্তান জন্ম হোৱাৰ তিনি দিনৰ দিনা সন্তানটিৰ হৈ এটি কুকুৰা পোৱালি উচৰ্গা কৰা হয়। মাকে এই কুকুৰা পোৱালিটোৰ মাংস নাখাবও পাৰে। ৰোমা তিৰোতাৰ সন্তান হ’লে বাপেকে সেই মুহূৰ্ততে তিনিডোখৰ শিলৰ উধান যথাস্থানত পাতি নতুন চৰু জোৰে। তাৰ পিছত জুই ধৰি নতুন চৰুত ভাত আৰু কুকুৰা ৰান্ধে – ল’ৰাৰ কাৰণে মতা কুকুৰা আৰু ছোৱালীৰ কাৰণে মাইকী কুকুৰা। বাপেকে নিজ হাতেই এই কুকুৰা মাৰিব লাগিব। এই খাদ্য কেৱল মাকেহে খায়, কেঁচুৱাটোৰ কপাল বা হাতত অকণমান মাংস থোৱা হয়। কুকুৰাৰ গাৰ পৰা ছিঙা পাখিবোৰ যাতে স্বামী-স্ত্ৰীৰ বাহিৰে আন কোনেও গচকিব নোৱাৰে তাৰ কাৰণে খোৱাৰ সময়ত আৰু খোৱাৰ পিছত বিশেষ চকু দিয়া হয়। কোনোবাই সেইবোৰ গচকিলে মাক-বাপেকৰ লগত তেওঁৰ কাজিয়া লাগিবই বুলি বিশ্বাস। অংগামী নগাৰ প্ৰথম সন্তান জন্ম হ’লে ঘৈণীয়েকে তাক বাপেকৰ ঘৰলৈ লৈ যায় আৰু বাপেকৰ ঘৰত সম্বন্ধীয় সকলো লোকেই তাইক একোটাকৈ কুকুৰা উপহাৰ দিয়ে – ল’ৰা হ’লে মতা কুকুৰা আৰু ছোৱালী হ’লে মাইকী কুকুৰা। এই কুকুৰাবোৰ নি গঁৰালত থোৱা হয় আৰু দিনে দিনে মাৰি মাৰি খায়। ইয়াৰে কোনো কুকুৰা পলাই গ’লেও অমংগল বুলি বিশ্বাস। লোঠা তিৰোতাৰ স্বামীয়ে সন্তান জন্মৰ পিছত ঘৰৰ সমুখত কুকুৰা আৰু কণী উচৰ্গা কৰে। প্ৰসৱৰ সময়ত কষ্ট হ’লে দেৱতাৰ সন্তুষ্টিৰ অৰ্থে ঘৰৰ বাহিৰত কুকুৰা উচৰ্গা কৰা হয়। আনকি, গৰু পোৱালি জাগিলেও আও নগাসকলে কুকুৰা বলি দিয়ে। গাৰোসকলৰ কেঁচুৱাৰ নাই (নাভি) সৰাৰ লগে লগেই মাক আৰু কেঁচুৱাটোক নৈত গা ধুওৱা হয়। তাৰ পিছত পুৰোহিতে বেদীত প্ৰাৰ্থনা জনায় আৰু তাৰ অন্তত কুকুৰাটো লৈ বাপেক ঘৰৰ চালৰ মুধত উঠেগৈ। তেওঁ চৰাইটোৰ মূৰটো কাটি তাৰ তেজবোৰ তলৰ বেদীৰ ওপৰেদি বৈ যাবলৈ দিয়ে। কুকুৰাৰ দেহাটো মাটিলৈ দলিয়াই দিয়ে আৰু ই য’তে পৰেগৈ সেই ঠাইতেই তাক ৰান্ধি-বাঢ়ি খাব লাগে। সন্তান জন্ম হোৱাৰ প্ৰায় মাহেকমানলৈ কছাৰী তিৰোতাক ‘অশুচি’ বুলি ধৰা হয়। এই সময়ছোৱাত তিৰোতাজনীয়ে ঘৰুৱা পূজাৰ বেদীত কুকুৰা আৰু কুকুৰা কণী উচৰ্গা কৰি থাকে। পোষ্যপুত্ৰ গ্ৰহণত অৰ্থাৎ তোলনীয়া পুত্ৰ লওঁতে পতা উৎসৱ অনুষ্ঠানতো কুকুৰা চৰাইৰ ভূমিকা আছে। ল’ৰা-ছোৱালী তোলনীয়া কৰি লওঁতে সেই ফৈদৰ আটাইতকৈ বয়োবৃদ্ধ লোকজনে এটা কুকুৰা পোৱালি হাবিলৈ দলি মাৰি দিয়ে। হাবিখন গাঁৱৰপৰা দূৰত হ’ব লাগিব যাতে কুকুৰাটো আহি ঘৰ ওলোৱাটো সম্ভব নহয়। কোনো এটা ফৈদৰপৰা সেই ফৈদৰ কোনো লোকে দলত্যাগ কৰা ঘটনাটো যাতে বাৰে বাৰে ঘটিব নোৱাৰে তাৰ বাবে প্ৰতিষেধক ব্যৱস্থা লোৱায়ে এই অনুষ্ঠানৰ উদ্দেশ্য। কছাৰীসকলে পৰিয়ালৰ কোনো লোকৰ মৃত্যুত গ্ৰাম্যদেৱতাৰ সমুখত কুকুৰা বলি দিয়ে। ইয়াৰ উপৰিও কুকুৰা এটা বা গাহৰি এটা মাৰি তাৰ মঙহেৰে আঞ্জা ৰান্ধি এভাগ মৃতকৰ শিতানত থয়। লোঠা নগাসকলৰ ভিতৰত কোনোবা মৰিলে এজন বয়োবৃদ্ধ লোকে কুকুৰাটোৰ ঠেঙত কৰি এটা বান্ধি মৃতকৰ হাতত অলপ সময় থৈ দিয়ে। তাৰ পিছত ইয়াক মাৰি পেলায় – যাতে যি বাটেৰে মৃতক সিপুৰীলৈ যাবগৈ সেই বাটেদি সি কক্‌-কক্‌ কৰি মৃতক যে আহিব লাগিছে তাৰ আগবতৰা জনাই যাব পাৰে। মৰাশটোৰ মূৰৰ ওপৰত ডিঙিত ৰচী লগাই কুকুৰাটো ওলোমাই থোৱা হয় আৰু শৱ সৎকাৰ কৰাৰ পিছত ইয়াৰ ডেউকা দুখন কাটি ঘৰৰ বাওঁফালৰ বেৰত খুঁচি থোৱা হয়। গাটো পেলাই দিয়ে, নহ’লে খৰি দিয়া মানুহক খাবলৈ দিয়া হয়। দিনদিয়েকৰ পিছত এই মৃতকৰ উদ্দেশ্যে উচৰ্গা কৰা কুকুৰাটোৰ ডেউকাকেইখন বেৰৰপৰা এৰুৱাই আনি পুৰুষৰ ক্ষেত্ৰত ৬ বাৰ আৰু তিৰোতাৰ ক্ষেত্ৰত ৫ বাৰ দাৰে কাটি প্ৰাৰ্থনা কৰা হয়। আও সমাজত প্ৰথা মতে মৃতক পুৰুষেই হওক বা তিৰোতাই হওক, যিখন শয্যাত শটো পৰি থাকে তাৰ কাষতে এটা কুকুৰা মাৰি থোৱা হয়। মৃতকৰ লগতে ইও সিপুৰীলৈ যাবগৈ; সেয়ে বিশ্বাস। খাছীসকলে মৃতকৰ পেটৰ (পাকস্থলী) ওপৰত এটা কণী থয়। ইয়াক ‘ইউ লেঙ্‌ খোই’ বুলি কোৱা হয়; আৰু এটা কুকুৰা বলি দিয়া হয়। এনে কৰাৰ কাৰণ হ’ল মৃত আত্মাক সিপুৰীলৈ যাবৰ কাৰণে কুকুৰাটোৱে ঠেঙেৰে আঁচুৰি-বাকুৰি এটা বাট উলিয়াই দিব। অংগামী নগাসকলে প্ৰত্যেক মৃত্যুতেই একোটাকৈ কুকুৰা মাৰে। তেওঁলোকৰ শৱ-সৎকাৰ কৰাৰ সামাজিক প্ৰথা মতে শৰ গাঁতটো মাটি ভৰাই পোতাৰ পিছত এটা কুকুৰা নেলুত চেপা দি ধৰা হয় আৰু মৰিশালীৰ ওপৰত এটা সৰু খুঁটিত ডিঙিত জৰী লগাই এনেকৈ আঁৰি থোৱা হয় যাতে ঠেংকেইটাই তলৰ মাটি কোনোমতেহে ছুই থাকে। তাৰ পিছত অলপ খেৰ-জাৱৰ ইয়াৰ সমুখত থৈ জুই লগাই দিয়া হয়। সকলো অপমৃত্যুতে কুকুৰা বলি প্ৰয়োজনীয়। পুৰুষ বা তিৰোতাৰ মৃত্যু হ’লে গাৰোসকলে এটা পোৱালি কুকুৰা মৃতকৰ সোঁ বা বাওঁ ভৰিৰ তলুৱাৰ আগভাগত বান্ধি এৰাল দি থয়। এৰাল দিয়া জৰীডাল কুকুৰাটো ঘূৰি ফুৰিবলৈ অঁটাকৈ দীঘল কৰি দিয়ে। ইয়াক ‘দোজাসি’ বোলে। ই ক্ৰীতদাসৰ ঠাই লৈছে। আগৰ দিনত ক্ৰীতদাসক তেওঁলোকৰ প্ৰভুৰ মৃত্যু-উৎসৱত বলি দিয়া হৈছিল। শৱ-সৎকাৰ হৈ যোৱাৰ পিছত এই কুকুৰাটো মাৰি তাৰ তেজ ঘৰৰ চোতালত পূজাৰ বেদীত ঢালি দিয়া হয়। ৰোগ নিৰাময় কৰিবলৈ আৰু অসুখ-বিসুখৰ পৰা হাত সাৰিবলৈ অসমৰ বহুতো জনজাতিয়ে কুকুৰা বলি দিয়ে। মিকিৰসকলে হাইজাৰ দেৱতা আজো-আচেলৈ দুটা কুকুৰা আৰু বহুতো কনী উচৰ্গা কৰে; গাঁৱৰ বাহিৰৰ আলিত ৰাতি এই উচৰ্গা কৰা হয়। এই বলি-বিধানত গোটেই গাঁওখনেই অৰিহণা যোগায়। হাইজাৰ দেৱতাক তুষ্ট কৰিবলৈ কছাৰীসকলে পতা মৰং পূজাত মাজে মাজে ফুল, কুকুৰা কণী, পিঠাগুড়ি আদি ভুৰত ভৰাই নদীত উটাই দিয়া হয়। ই এক প্ৰকাৰ নদী পূজা; কিয়নো, হাইজা বেমাৰ নদীয়ে আনে বুলি বিশ্বাস। বেমাৰত পৰা চেমা নগাই পথাৰলৈ কুকুৰা এটা নি মাৰে আৰু এভাগ তেওঁৰ আত্মাৰ কাৰণে নিলগাই থৈ দিয়ে। এনে ধৰণৰ পূজাত মতা কুকুৰা এটাৰ পাখিবোৰ লাহে লাহে ছিঙা হয়। ফলত, কুকুৰাটোৱে জোৰেৰে আৰু ঘনে ঘনে কক্‌-ককাবলৈ ধৰে। এনে কৰাৰ উদ্দেশ্য হ’ল বেমাৰীজনক যি দেৱতাই শাস্তি দিছে তেওঁ যাতে চিঞৰ শুনি উচৰ্গা গ্ৰহণ কৰে। ৰেংমা কুষ্ঠ ৰোগীয়ে তেওঁৰ অসুখৰ পৰা নিষ্কৃতি পাবলৈ বগা কুকুৰা বলি দিয়ে। অংগামী নগাই ৰোগৰপৰা আৰোগ্য লভিবলৈ কুকুৰা এটা এৰি দিয়ে আৰু কণী দলিয়াই দিয়ে। কেতিয়াবা কুকুৰাৰেও বলি- বিধান কৰা হয়। গাঁৱৰ আলিৰ মাজভাগতে এখন দাৰে কুকুৰাটোৰ মূৰটো কটা হয় আৰু মৃতকক খৰি দিওঁতা লোকসকলে মূৰ আৰু দেহ দুয়োটাকে বাটতে এৰি থৈ গুচি যায়। টোপনি-গধুৰ লোকৰ দ্বাৰাও এই ধৰণে কুকুৰা বলি দিয়া হয়। বুকু বিষালে জীয়া কুকুৰা এটা মাজ বাটতে শূলত খুঁচি থোৱা হয়, তাৰ কাৰণে ডেকেৰুৱা কুকুৰা অধিক ফলপ্ৰসূ। অপদেৱতাই লম্ভিলে বেমাৰ হয় বুলি বহুতো জনজাতিৰ ধাৰণা। তাৰ নিৰাময়ৰ কাৰণে দেৱতাৰ উদ্দেশ্যে কুকুৰা বলি দিয়ে। লোঠা সমাজৰ নীতি অনুযায়ী ল’ৰাৰ কাৰণে এটা মতা গাহৰি আৰু এজনী মাইকী কুকুৰা লাগে, ছোৱালীৰ কাৰণে এজনী মাইকী গাহৰি আৰু এটা মতা কুকুৰা লাগে। ইয়াৰ উপৰিও ল’ৰা-ছোৱালী উভয়ৰে কাৰণে বলি দিবলৈ সৰু কুকুৰা এটাৰ প্ৰয়োজন। উচৰ্গাৰ অন্তত কুকুৰাটো আকাশলৈ দলি মাৰি উৰি যাবলৈ দিয়া হয় আৰু দলি মাৰি দিয়াৰ লগে লগে উচৰ্গাকাৰীয়ে এই বুলি কয়, “ অমুকা-অমুকীৰ সলনি ইয়াকেই গ্ৰহণ কৰা”। বনৰীয়া জন্তুৰ অত্যাচাৰৰপৰা হাত সাৰিবলৈ গাঁৱৰ বয়োবৃদ্ধ লোকে কুকুৰা উচৰ্গা কৰে। আওসকলে এই বুলিও বিশ্বাস কৰে যে যদি কোনো মানুহক বিদ্ৰূপ কৰা হয়, নাইবা ভাললৈয়ে হওক বা বেয়ালৈয়ে হওক, যদি কোনো এজন মানুহৰ বিষয়ে বৰকৈ চৰ্চা কৰা হয়, তেন্তে তেওঁৰ বেমাৰ হ’ব, তেওঁৰ ভোক কমি যাব, মূৰ কামুৰিব আৰু চুলিৰ চিক্‌-চিকনি নাইকিয়া হ’ব। তাৰ প্ৰতিকাৰৰ অৰ্থে ধুনীয়া কুকুৰা এটাক জীয়াই জীয়াই পাখিবোৰ ছিঙি পেলাই, কুকুৰাটো মাৰি মংগল কামনা কৰা দৰকাৰ। দু:স্বপ্নৰ কুফলৰপৰা হাত সাৰিবলৈ কুকুৰা উচৰ্গা কৰি শুদ্ধিকৰণৰ অনুষ্ঠান পতা হয়। অংগামী নগাই কুকুৰাৰ পাখি আৰু অন্ত্ৰ উচৰ্গা কৰে। এইবোৰ কলপাত এখনত গাঁৱৰ বাহিৰৰ পদূলিত থৈ দিয়া হয়। কুকুৰাটোৰ অৱশিষ্টখিনি স্বপ্ন দেখোঁতাজনে খায়। কোনো কোনো সময়ত কুকুৰাৰ স্বপ্ন দেখিলে তাক প্ৰতীক হিচাপে ব্যাখ্যা কৰে। পূবফালৰ ৰেংমাসকলৰ মতে সপোনত কুকুৰা ধৰা দেখিলে কাজিয়া লাগে। অনেক ধৰ্ম সম্বন্ধীয় উৎসৱ আৰু ক্ৰিয়া-পদ্ধতিত কুকুৰা আৰু কণীৰ ভূমিকা আছে। স্থানীয় দেৱ-দেৱী আনকি হিন্দু দেৱ-দেৱীৰ অৰ্থেও কুকুৰা উচৰ্গা কৰা হয়। মণিপুৰীসকলে এটা বগা কুকুৰা আৰু এটা বগা পাৰ উচৰ্গা কৰি সূৰ্যদেৱতাক পূজা কৰে। আহোমসকলৰ মাজত এটা ঐতিহ্য আছে যে খুনলুং আৰু খুনলায়ে স্বৰ্গৰপৰা কা—চান্‌-মুং বা স্বৰ্গীয় কুকুৰাৰ পাখি লৈ আহিছিল। দেওধাই সকলৰ মাজত কুকুৰা বলি দিয়াটো প্ৰাচীন আহোম পূজা-পাতলৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ হিচাপে আজিও পৰিগণিত। খাছীসকলৰ মাজত পুৰুষপৰম্পৰায় চলি অহা ৰীতি-নীতি মতে আদিতে পাপ বুলি একো নাছিল, তেতিয়া স্বৰ্গ আৰু মৰ্ত্য ওচৰা-ওচৰিকৈ আছিল আৰু ঈশ্বৰৰ সৈতে মানুহৰ যোগাযোগ পোনপটীয়া আছিল। কিন্তু মানুহ পাপত পতিত হোৱাত মানুহ আৰু ঈশ্বৰৰ মাজত মধ্যস্থতা কৰিবলৈ কুকুৰা আগবাঢ়ি আহিল। কুকুৰা চৰাইক ঈশ্বৰৰ সন্তানৰূপে গণ্য কৰা হ’ল আৰু ই মানুহৰ কাৰণে নিজৰ ডিঙি (জীৱন) আগবঢ়ালে। এটা চুক্তিৰ দ্বাৰা মানুহৰ সলনি ঈশ্বৰে কুকুৰাকে গ্ৰহণ কৰা বুলি ধাৰণা আৰু এই কুকুৰাৰ চুক্তিটো খাছী ধৰ্মৰ মূল ভেটি। গাৰোসকলে চৈধ্যটা তৰা আৰু তাৰকাপুঞ্জৰ বিভিন্ন নাম দিছে। এইবোৰৰ সৰহভাগেই জোনৰ মাকৰ শ্ৰাদ্ধ সম্পৰ্কত বৰ্ণোৱা কাহিনীত স্থান দিয়া হয়। মানুহৰ দৰে চুয়েইৰ্‌মি(জোন)ৰ মাককো সৎকাৰ কৰা হৈছিল আৰু মৃতকৰ কাম-কাজত কিবা প্ৰকাৰে প্ৰত্যেকটা তৰাৰে স্থান আছিল। তেওঁলোকৰ বিশ্বাস মতে এই তৰাবোৰৰে কোনো কোনো আদিতে কুকুৰা আছিল। সেইদৰে দোচাদিল(সপ্তৰ্ষি) হ’ল মৃতকৰ আত্মাক স্বৰ্গলৈ লৈ যাবৰ কাৰণে জোনৰ মাকৰ শৱ-সৎকাৰৰ সময়ত বলি দিয়া কুকুৰাৰ প্ৰতিভূ। দচুতাত হ’ল তাৰকাপুঞ্জ। ই হ’ল কুকুৰাৰ প্ৰতিভূ। জোনৰ মাক মৃত্যুশয্যাত থাকোঁতে তেওঁৰ ভৰিত এই কুকুৰা দুটা বান্ধি থোৱা হৈছিল। শ্ৰাদ্ধৰ সময়ত যেনেকৈ ষাঁড়গৰু যুঁজোৱা হয়, ঠিক তেনেকৈ ইহঁতক যুঁজিবৰ কাৰণে জোনে আদেশ দিছিল। এই নামটোৰ অৰ্থ হ’ল যুঁজৰ কুকুৰা। অসমৰ উপজাতিসকলৰ মাজত ভালেমান সাধুকথা প্ৰচলিত আছে। দেৱতাসকলৰ উচৰ্গাৰ কাৰণে কুকুৰা কেনেকৈ উপযোগী সেইকথাকেই এই সাধুবোৰত ব্যাখ্যা কৰা হৈছে। ঘৰ লোৱা উৎসৱত লোঠা নগাই ‘কিচাকনো’ বুলি এটা সৰু কুকুৰা হাতত লৈ থাকে। এই কুকুৰাটো পৰিয়ালৰ প্ৰতিজন লোকেই বাওঁহাতেৰে স্পৰ্শ কৰিব লাগে। কুকুৰাটোৰ নেলু চেপি তাৰ নাড়ী-ভুৰু উলিওৱা হয়; নাড়ী-ভুৰুৰ লগতে ঘৰৰ অমংগল দূৰ হয়। কোনো কোনো চেমা গাঁৱত আকৌ নৱ-বিবাহিত দম্পতিৰ কাৰণে সজা নতুন ঘৰত সোমায়েই দৰাই কুকুৰা এটা মাৰি চালত আঁৰি থয়। ঘৰ সাজিবলৈ ঠাই বানি উলিওৱাৰ বেলিকাও কিছুমান উৎসৱ পতা হয়। এজন বয়োবৃদ্ধ লোকক নিমন্ত্ৰণ কৰা হয়; তেখেতে জীয়াই জীয়াই কুকুৰা এটাৰ পাখি ছিঙি প্ৰাৰ্থনা জনায় আৰু তাৰ পিছত কুকুৰাটোৰ ডিঙিটো কাতি ঘৰ সাজিব খোজা লোকজনৰ ভাগ্য গণনা কৰে। শিলপূজা অসমীয়া আৰু জনজাতীয় লোকসকলৰ মাজত জনপ্ৰিয়। শিলৰ লগত বহুতো বিশ্বাস আৰু উৎসৱৰ সংযোগ আছে। শিলৰ উদ্দেশ্যে কণী আৰু কুকুৰা উচৰ্গা অসমৰ প্ৰায় সকলো উপজাতিয়েই কৰে আৰু প্ৰায়ে পবিত্ৰ বা যাদু লগা শিলৰ সমুখত কুকুৰা এৰি দিয়া হয়। ৰেংমাসকলৰ মাজত নতুন চৰু জোৰাৰ সময়ত তেওঁলোকৰ সম্প্ৰদায়ৰ এজন বয়োবৃদ্ধ লোকে কুকুৰা পোৱালি এটা নেলু চেপি মাৰে; পাখিবোৰ ছিঙি কেইডোখৰমান সৰু সৰু মঙহ জুইত সেকে। তাৰ পিছত সেই মঙহৰ টুকুৰাবোৰ কলপাত এখনত লৈ ঘৰৰ দেৱতালৈ উচৰ্গা কৰে। জেওৰা-তাঁতী আদি দিবৰ সময়ত ৰেংমাসকলে গাঁৱৰ এজোপা গছৰ ওচৰত কুকুৰা মাৰে আৰু ঠোঁটখন পূবমূৱাকৈ কুকুৰাটো শূলত খুঁচি থয়। আওসকলে গাঁৱৰ চৌহদৰ বাহিৰত কুকুৰা বলি দিয়ে আৰু বাটৰ ওচৰত এডাল জোং পাতি থয়। আন গাঁৱৰ পৰা যি লোকেই এই জোংডাল পোনতে ডেই যাব তেওঁৰ গাত অপায়-অমংগল লম্ভিব। কিছুমান জনজাতিয়ে উৎসৱৰ দৰে মহা পয়োভৰেৰে জংঘললৈ বাঁহ কাটিবলৈ যায়। সেই অনুষ্ঠানত বাঁহৰ মুঢ়াৰ ওচৰত তেওঁলোকে কুকুৰা এৰি দিয়ে। প্ৰকৃততে ই বলিৰ কাৰণে আগবঢ়োৱা কুকুৰা। যিসকলে এই কুকুৰাবোৰ এৰি দিয়ে তেওঁলোকৰ যিমান অমংগল আছিল সকলো অমংগল কুকুৰাবোৰে নিজৰ গালৈ লৈ যায়। আওসকলৰ মেথোন বলি উৎসৱত ঘৰৰ বাহিৰত কুকুৰা বলি দিয়া হয়। মানুহৰ মূৰ কটা প্ৰথা প্ৰচলনৰ দিনত লোঠা নগাসকলে আক্ৰমণৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে কুকুৰা মাৰি তাৰে আহাৰ কৰিছিল। ডিঙিটো কাটোঁতে কুকুৰাটোৱে যদি কক্‌ককায়, তেন্তে তাক অমংগল বুলি অভিযানৰ দিন পিছুৱাই দিয়া হয়। আক্ৰমণত সফল হ’লে চেমা নগাসকলৰ মাজত বিজয়োৎসৱ পালন কৰা সামাজিক প্ৰথা এটা আছে। এই উৎসৱত মানুহৰ মূৰ লৈ অহা প্ৰত্যেকেই এটাকৈ কুকুৰা মাৰে। আওসকলে যুদ্ধলৈ বা মানুহৰ মূৰ কাটিবলৈ যোৱাৰ আগেয়ে তেওঁলোকে শত্ৰুৰ বিৰুদ্ধে দৈৱশক্তিক আহ্বান কৰে; তাকে কৰোঁতে তেওঁলোকে বাটত পোৱা প্ৰত্যেকটো পবিত্ৰ শিলৰ ওচৰতে কুকুৰা কণী উচৰ্গা কৰে; কোনো কোনো ঠাইত বগা পাখি নথকা কুকুৰা এৰি দি শত্ৰু যাতে কণা, কলা হয় আৰু নিশকতীয়া হৈ তেওঁলোকক বাধা দিব নোৱাৰা হয় তাৰ বাবে প্ৰাৰ্থনা কৰে। গৰ্ভৱতী তিৰোতা থকা ঘৰৰপৰা এই আক্ৰমণৰ উদ্দেশ্যে কোনো কণী বা কুকুৰা সংগ্ৰহ কৰা নহয়। আহোমসকলৰ মাজত কুকুৰা কাটি শপত খোৱাৰ প্ৰথা আছে। অংগামীসকলৰ মাজতো এনে ধৰণৰ নিয়ম আছে। দুটা দলে এটা জীয়া কুকুৰাৰ মাজত ধৰি টানে। এটা দলে মূৰটোত, ইটোৱে ঠেঙত ধৰি জনায় যে কোনোৱে বিশ্বাসঘাতকতা বা চুক্তিভংগ কৰিলে এনে ব্যৱহাৰ পোৱাৰ যোগ্য হ’ব। আওসকলৰ শপত গ্ৰহণৰ আন এটা ৰীতি আছে; এই ৰীতি মতে কুকুৰাটোৰ মূৰটো কটা হয় আৰু ধৰি থকা বাঁহ এচটা কুকুৰাটোৰ চকুৱেদি সুমুৱাই মূৰটো ইফালৰপৰা সিফাললৈ ফালি পেলোৱা হয়। শপত খোৱা মানুহজনে মূৰটো কামুৰি কয় যে তেওঁ যদি মিছা মাতিছে, তেন্তে তেওঁৰ চকুৰো সেই দশা হ’ব। গাৰোসকলৰ অন্য এটা পৰীক্ষাত ডাঙৰ পাত্ৰত উতলি থকা পানীত কণী এটা থয়। সত্যতা পৰীক্ষা কৰিব লগা হোৱা মানুহজনক পাত্ৰত হাত সুমুৱাই কণীটো তুলি আনিবলৈ কোৱা হয়। সাধাৰণৰ বিশ্বাস যে যদি সঁচা কোৱা হৈছে, তেন্তে এই কঠোৰ পৰীক্ষাৰপৰা লোকজনৰ কোনো অপকাৰ নহয় আৰু যদি তেওঁ মিছা কৈছে, তেন্তে তেওঁ বৰ বেয়াকৈ পুৰিব। মাজে মাজে নৈসৰ্গিক বিপৰ্যয়ে শস্য আৰু জীৱন বিপন্ন কৰে। এই ধ্বংসকাৰ্যত বাধা প্ৰদান কৰিবলৈ লোৱা সচৰাচৰ পন্থা হ’ল কণী উচৰ্গা কৰি বা কুকুৰা বলি দি ৰ’দ, বৰষুণ আৰু ধুমুহাই যাতে শস্য আৰু গৰু-ম’হ নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰা। আওসকলে গাঁৱৰ আলিৰ মূৰত কণী আগবঢ়াই বৰষুণ বন্ধ কৰিবলৈ আৰু ৰ’দ দিবলৈ দেৱতাক প্ৰাৰ্থনা জনায়। ধুমুহা প্ৰতিৰোধ কৰিবলৈ বতাহ আৰু তাৰ অধিষ্ঠাতা দেৱতাজনলৈ কণী উচৰ্গা কৰে। খেতি পথাৰৰ কোনো গছ কাটিবলৈ হ’লে পথাৰত আগতে পূজা এভাগ দি ল’ব লাগে। এই পূজাত এটা কণী আৰু ছটা কুকুৰা গছৰ তলত উচৰ্গা কৰিব লাগে। গাৰোসকলৰ বজ্ৰ আৰু বিজুলীৰ দেৱতা গোৱেৰাক গছৰ তলত এটা গাহৰি, এটা কুকুৰা আৰু এটা হাঁহ উচৰ্গা কৰি পূজা কৰা হয়। গাওঁ আৰু পথাৰৰ উৰ্বৰতাৰ উদ্দেশ্যে কুকুৰা আৰু কুকুৰা কণী উচৰ্গা কৰা হয়। খেতিৰ বতৰ আৰু মাটি চহোৱা কাম আৰম্ভ হোৱাৰ পূৰ্বে অধিকাংশ জনজাতিয়েই কুকুৰা আৰু কণী উচৰ্গা কৰে। খেতি আৰম্ভ কৰাৰ সময়ত মিকিৰসকলে পালন কৰা বছৰেকীয়া গাঁৱলীয়া উৎসৱ ৰংখেতৰ কুকুৰা আৰু ছাগলী বলি দিয়া হয়। ন-খোৱা ভোজৰ সময়ত কোনো উচৰ্গাও নহয় বা কুকুৰাৰ বাহিৰে আন কোনো জন্তু বলি দিয়াও নহয়। মিকিৰসকলে পথাৰত ৰেক এংলঙ(সেই সম্প্ৰদায়ৰ পৰ্বত) ৰ পূজা কৰে আৰু কুকুৰা বলি দিয়ে। মাটি চহাবলৈ আৰম্ভ কৰাৰ আগতে আৰু ন-খোৱাৰ সময়ত কছাৰীসকলেও বলি দিয়ে। খেতি পথাৰলৈ যোৱা বাটটো উলিওৱাটো এটা প্ৰয়োজনীয় কাম। গতিকে, বাটৰ দেৱতাক সন্তুষ্ট কৰিবলৈ আওসকলে এই কামৰ আৰম্ভণিতে পালন কৰা উৎসৱত, কুকুৰা আৰু তাৰ কণী উচৰ্গা কৰা হয়। ঠাইডোখৰ পবিত্ৰ কৰিবলৈ এটা ৰঙা কুকুৰা বলি দিয়া হয়। কণী-যুঁজ অসমীয়া ব’হাগ বিহুৰ আনন্দোৎসৱত এটা জনপ্ৰিয় খেল; ব’হাগ বিহু পালন কৰা হয় খেতিৰ কাম আৰম্ভ হোৱাৰ ঠিক আগে আগে। কণী-যুঁজোৱা খেল কৃষি উৎসৱৰ লগত জড়িত উৰ্বৰতাকামী উৎসৱ বুলি বিশ্বাস। গাৰোসকলৰ উৰ্বৰতাৰ দেৱতা হ’ল চলজং। সূৰ্যক চলজঙৰ প্ৰতিভূ হিচাপে পূজা কৰা হয়; সমগ্ৰ শস্য তেওঁৰ তত্ত্বাৱধানত থাকে। তেওঁৰ অনুগ্ৰহ নহ’লে শস্য দাই-কাটি আনিব নোৱাৰি। বছৰটোৰ মহান উৎসৱ ওৱাংগলো এই শস্য দেৱতাৰ সন্মানাৰ্থেই পালন কৰা হয়। এই উৎসৱত কুকুৰা বলি দি তাৰ তেজ পূজাৰ বেদীত অৰ্পণ কৰা হয়। কছাৰীসকলে ঐশ্বৰ্য-বিভূতিৰ দেৱতা বাথউক ছাগলি, গাহৰি, কুকুৰা আদিৰ মূৰ বলি দি পূজা কৰে। মায়নাওৰ পূজাত কণীয়েই আটাইতকৈ প্ৰিয়। এই পূজা ধান দোৱাৰ সময়ত কৰা হয়। এই পূজাৰ সময়ত তেওঁৰ উদ্দেশ্যে উদাৰ হাতে অজস্ৰ কণী উচৰ্গা কৰা হয়। আহোমসকলৰ এক বিশেষ শ্ৰেণীৰ বিষয়াই মতা বা মাইকী কুকুৰাৰ ঠেং পৰীক্ষা কৰি (কুকুৰা ঠেং চোৱা) ভৱিষ্যৎ মংগল-অমংগল গণিছিল। ভৱিষ্যতৰ ফলাফল গণনা কৰা সম্পৰ্কে খাচীসকলৰ সুকীয়া পদ্ধতি আছে। তেওঁলোকে কণী ভাঙি এই গণনা কৰে। বহুতো জনজাতিয়ে কুকুৰা চৰাইৰ নাড়ী-ভুঁৰু উলিয়াই সে নাড়ী-ভুঁৰু চাই ভৱিষ্যৎ গণনা কৰে। এওঁলোকৰ লগত আহোম প্ৰথা নিমিলে; কিয়নো আহোমসকলে মংগল চায় কুকুৰাৰ ঠেঙত, নাড়ী-ভুঁৰুত নহয়। বিয়াৰ কথা-বতৰা চলাৰ আগতে অংগামীসকলে কুকুৰা এটাৰ নেলু চেপি ধৰে আৰু ই যেতিয়া মৰিবৰ উপক্ৰম কৰে তেতিয়া ইয়াৰ অৱস্থানলৈ লক্ষ্য কৰি ভৱিষ্যৎ ফল নিৰ্ণয় কৰে। আওসকলে শিল-পূজাৰ সময়ত কুকুৰা এটা আকাশলৈ দলিয়ায়। যদি কুকুৰাটো দূৰলৈ উৰি গৈ থিতাতে ঘূৰি আহে, তেন্তে লক্ষণ শুভ। বিয়াৰ আগতে গাৰোসকলে তলত দিয়া ধৰণে মংগল চায় : বিয়াৰ দিহা কৰাসকলৰ সমুখত পুৰোহিতে এটা মতা আৰু এজনী মাইকী কুকুৰা এটুকুৰা কাঠত ধৰি থাকে। তাৰ পিছত তেওঁ কুকুৰা দুটা মাটিত পেলাই দিয়ে। ফলত, কুকুৰা দুটাৰ মৃত্যু হয় আৰু মৃত্যুৰ পিছত কুকুৰাৰ আপেক্ষিক অৱস্থানৰপৰা তিৰোতা গৰাকী ভাল নে বেয়া নিৰ্ণয় কৰে। লোঠা নগাসকলে দা এখনৰ ধাৰৰ তলেদি এটা কণী ঘূৰাই সুফল-কুফল গণনা কৰে। যদি ধাৰ বা গাদীৰ ওপৰত কণীটো পৰে, তেন্তে কুলক্ষণ বুলি ধৰা হয়। এখন কুঠাৰৰ ওপৰেদি কণী এটা বগৰাই দিয়া হয়। কণীটো ঘূৰি ঘূৰি ৰ’বৰ সময়ত তাৰ জোঙা মূৰটো যিফালে থাকে সেই ফালৰপৰাই শুভ-অশুভ লক্ষণ গণনা কৰা হয়। তেওঁলোকৰ এই ধৰণৰ ক্ৰিয়া-কলাপ অজস্ৰ আছে। কুকুৰা সম্বন্ধে থকা কেতবোৰ নিষেধ মন কৰিবলগীয়া। চেমা নগাসকলৰ ক্ৰিয়া-বিধি অনুসৰি উমনি দিয়াৰ পিছত জগা কুকুৰা পোৱালি পাচিৰপৰা উলিয়াই নিয়াৰ আগতেই যদি কোনোবাই হঠাৎ সেই পাচিটো চোৱে, তেন্তে আৰু সেইদিনা পথাৰলৈ যাব নোৱাৰে। পোৱালি ওলোৱাৰ পিছত কণীৰ চোকোৰাবোৰ এডাল ৰচীত আঁৰি থোৱা হয়; কিছুদিনৰ মূৰত এইবোৰ আপোনা-আপুনি জহি খহি পৰে। এনে কৰিলে কুকুৰা পোৱালিৰ সংখ্যা বাঢ়ে বুলি তেওঁলোকে ভাবে। চেমা নগা ল’ৰা-ছোৱালীৰ কাণ বিন্ধোৱা উৎসৱত ল’ৰা বা ছোৱালিটিক এটা কুকুৰা উপহাৰ দিয়া হয়, মাকে কিন্তু সেই কুকুৰাৰ মঙহ খোৱাটো নিষেধ।

উৎস: অসমৰ লোক-সংস্কৃতি

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate