অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোক-বিশ্বাসত মাছ

লোক-বিশ্বাসত মাছ

মাছ অসমীয়াৰ প্ৰধান খাদ্য। সেই বাবেই অসমীয়াৰ সাংস্কৃতিক জীৱনৰ লগত মাছ এৰাব নোৱাৰাকৈ সাঙোৰ খাই আছে। মাছ খোৱা আৰু মাছ ধৰা অজস্ৰ জনবিশ্বাস আৰু অনুষ্ঠান অসমত প্ৰচলিত। অসমত সকলোৱে মাছ খায়; ব্ৰাহ্মণ আনকি বৈষ্ণৱসকলেও মাছ খায়। ১৬শ শতিকাত ৰচিত যোগিনীতন্ত্ৰত অসমৰ কোনো শ্ৰেণীৰ মানুহৰ বাবেই মাছ আৰু মাংসৰ ব্যবহাৰ নিষিদ্ধ নহয় বুলি নিৰ্দেশ আছে। অৱশ্যে কোনো কোনো বিধৰ মাছ খোৱাত নিষেধাজ্ঞা নথকা নহয়। উচ্চ শ্ৰেণীৰ হিন্দুৱে মিৰিকা, শিঙি, নেৰীয়া, গৰুৱা আদি মাছ নাখায়। ৱানচোসকলৰ মাজতো গৰুৱা মাছ খোৱা নিষিদ্ধ। তেওঁলোকে এই মাছক য়ামি বুলি কয়। এই মাছ পূৰ্বতে এজনী ছোৱালী আছিল বুলি তেওঁলোকৰ মাজত বিশ্বাস আছে। চেমা নগাই আকৌ দুবিধ মাছ নাখায়। আখাকি নামৰ এবিধ মাছ ডেকা মানুহে খাব নেপায়। কিম্বদন্তি মতে এই মাছৰ মানুহৰ শৰীৰৰ কোনো অংশৰ পৰা উত্‌পত্তি হৈছিল। আঝো নামৰ আন এবিধৰ সম্পৰ্কে বিশ্বাস আছে যে এই মাছ খালে মৃত্যুকালত জীয়াতু ভুগিব লাগে। অংগামী নগাৰ মেমি ঠালৰ মহৱা (শিল কঢ়িয়াওঁতা) আৰু আন উচ্চ শ্ৰেণীৰ লোকে কুৰেউ নামৰ সৰু সৰু মাছ নেখায়। মণিপুৰৰ অভিজাত শাৰীৰ মানুহে, বিশেষকৈ, ৰাজ-পৰিয়ালৰ কোঁৱৰসকলে, নগাৰিল নামৰ সৰ্পাকৃতিৰ মাছ খাব নেপায়; কিয়নো, জনবিশ্বাস মতে তেওঁলোকৰ আদি পুৰুষজনে কেতিয়াবা কেতিয়াবা সাপৰ ৰূপ লয়। খাছীয়াসকলৰো কোনো কোনো ঠালে কোনো কোনো শ্ৰেণীৰ মাছৰ লগত তেওঁলোকৰ গোত্ৰ সম্পৰ্ক আছে বুলি সেই মাছ ব্যৱহাৰ নকৰে। আন এটা বিশ্বাস মতে এবাৰ দুটা ঠালৰ মাজত পাৰিবাৰিক সংঘৰ্ষ হৈছিল আৰু শক্তিশালী দলটোৱে অতি নিষ্ঠুৰভাৱে আনটো দলক পৰাস্ত কৰি গাঁৱৰপৰা খেদি পঠিওৱাত সিহঁতে এখন নৈৰ পাৰত আশ্ৰয় ল’লেগৈ। তাত এটা বিৰাট মাছ বমৰ ফালে অহা দেখি তেওঁলোকে পানীত জঁপিয়াই কোনো প্ৰকাৰে তাক পাৰলৈ তুলিলে; উৰহৰ খং ভগা ঢাৰিত তোলাৰ দৰে সেই শক্তিশালী দলটোক একো কৰিব নোৱাৰি মাছটোকে কোবাই কোবাই থেতেলা কৰি প্ৰতিশোধ ল’লে। সেই দিনাৰেপৰা এই মাছটোক প্ৰতিশোধ মত্‌স্য বোলা হ’ল আৰু তেওঁলোকৰ ঠালটোৱে এই মাছ পালেই খোৱাটো নিয়ম হৈ পৰিল। মণিপুৰীসকলৰ দৰে খাছীয়াসকলেও বিশ্বাস কৰে যে তেওঁলোকৰ উপাস্য সৰ্পদেৱতা উ-থে নেও বছৰি অন্তত: এবাৰকৈ মানুহৰ তেজেৰে পূজা নেপালে তেওঁক (গৃহ-দেৱতা) অৱহেলা কৰা বুলি বাহিৰা মানুহৰ উপস্থিতিত ঘৰৰ ভিতৰত মাছ ৰূপ ধৰি গৃহস্থক লাজ দিয়ে। উত্তৰ কাছাৰৰ ডিমাছা জাতিৰ ল’ৰা-ছোৱালী নোহোৱা দম্পতিয়ে মূলি-লিংগ নামে এটা ধৰ্মানুষ্ঠান পালন কৰে। এই পূজাত বামী (নাদাং), মাগুৰ (নাম্না), বৰালি (নায়েহ) আদি মাছ উচৰ্গা কৰা হয়। এই পূজা পাতিলে তেওঁলোকৰ সন্তান-সন্ততি ওপজে। সেই দেখি তেওঁলোকে এইবোৰ মাছ নাখায়। তেওঁলোকৰ ল’ৰা-ছোৱালীৰ অৱশ্যে সেইবোৰ মাছ খোৱাত কোনো বাধা নাই। কোনো বিশেষ ক্ষেত্ৰত অসমীয়া আৰু জনজাতীয় সকলেও মাছলৈ যোৱাৰ আগতে কিছুমান আচাৰ-অনুষ্ঠান পালন কৰে। চ’ত মাহৰ ভাল দিন এটা চাই আৰু মাঘ-বিহুৰ উৰুকাৰ দিনা গোটেই ৰাইজে – মুনিহ, তিৰোতা, ল’ৰা আটায়ে – আনুষ্ঠানিকভাবে ওচৰৰ নৈ বা বিলত মাছ মাৰিবলৈ যায়। পানীত নমাৰ আগতে পাৰত জলদেৱতাৰ নামত পূজা-উচৰ্গা কৰে। জালত ভালদৰে মাছ পৰিবলৈ সেই পূজাত মন্ত্ৰাদিও উচ্চাৰণ কৰা হয়। মাছক মন্ত্ৰমুগ্ধ কৰা আৰু সৰহকৈ মাছ ধৰিব পৰা বহুতো অসমীয়া মন্ত্ৰ আছে। লোঠা নগাৰ ৰীতি মতে মাছ ধৰিবলৈ যোৱাৰ আগনিশা সহবাস নিষিদ্ধ আৰু পানীত নমাৰ আগতে পুৱা কোনো জন্তু আদিও মাৰিব নেপায়। মাছ মাৰি থাকোঁতে তিৰোতাৰ উপস্থিতিও নিষেধ। গাঁৱৰ সামূহিকভাবে হোৱা বলি-উৎসৱৰ সময়ত লাখেৰ পুৰোহিতে মাছ নেখায় আৰু মাৰিবলৈকো নেযায়। জাল মৰা আৰু পানী বিষাক্ত কৰাৰ বাহিৰেও অসমীয়া মানুহে মাছ ধৰাৰ নানা সৰঞ্জাম ব্যৱহাৰ কৰে। চেপা, খোকা, জুলুকি, পল, দলঙা, ডিঙৰা, ভৈৰ, পাউৰী, চৈক আদি সৰ্বসাধাৰণে ব্যৱহাৰ কৰা সঁজুলি। ইয়াৰ বেছিভাগেই বাঁহৰ কাঠি-কামিৰে সজা হয়। মাছ মৰা এই সা-সঁজুলিবোৰৰ লগত বিবিধ বিশ্বাস জড়িত আছে। শনি বা মংগলবাৰে মকৰাৰ জালত লাগি ধৰা ফৰিং অথবা পোক-পৰুৱা মাছ মৰা জালত গাঁঠি ল’লে অধিক মাছ জালত উঠে বুলি কছাৰীসকলৰ বিশ্বাস। মাছ মাৰিবলৈ যাওঁতে কছাৰীসকলে মাছ মৰা সঁজুলি আনক ছুবলৈ নিদিয়ে; কোনো কোনোৱে মাছ মাৰিবলৈ ওলাওঁতে বাঢ়নীৰে সাতবাৰ নিজৰ জালত কোবায়। বিল বা পুখুৰীত নমাৰ আগতে মাছুৱৈয়ে সেই পানীত তিনিবাৰ থুৱায়। জালত প্ৰথম মাছ লগাৰ লগে লগে জালৰ দাহৰী বা মাৰিত তিনিবাৰ কোবায়। সামাজিক ৰীতি-নীতিতো মাছৰ এটা বিশিষ্ট স্থান। অসমীয়াৰ বিয়াৰ জোৰণবা তেল-ভাৰৰ দিনা জোৰোণৰ কাপোৰ-কানি, আ-অলংকাৰ, তামোল-পাণ আদিৰ লগতে দৰাঘৰৰ পৰা মাছ এটাও দিব লাগে। শুভ কাৰ্যত মাছক পবিত্ৰ বুলি ভবা হয়। আকৌ বিয়াৰ পাছত আঠমঙলাৰ দিনা বন্ধু-বান্ধৱক মাতি কইনাঘৰত যি ভোজ দিয়া হয়, তাতো মাছ লাগিবই। মণিপুৰীসকলৰ মাজতো বিয়াৰ পঞ্চম দিনা পতা ভোজত মাছ অপৰিহাৰ্য। এই অনুষ্ঠানৰ নাম মংগানি চকউৰা। যদিহে কেনেবাকৈ মাছ খোৱা নিষিদ্ধ দিনত সেই দিনটো পৰে তেতিয়াহ’লে তাৰ পাছদিনাহে মংগানিচকউৰা পতা হয়। উত্তৰ-কাছাৰৰ ডিমাছা-কছাৰীবিলাকৰ মাজতো এটা লোকাচাৰ পালন কৰা হয়। বিয়াৰ দিনা কইনা ঘৰলৈ যাওঁতে দৰাই কইনাঘৰীয়া মানুহলৈ লাওপানী (জু), মঙহ (মগং) আৰু মাছ (নো) লৈ যায়। বিয়াৰ পাছদিনা এইবোৰ কইনাৰ অঙহী-বঙহীক খুওৱা হয়। কেঁচা মাছ নাপালে শুকান মাছকে দিয়া হয়। খাছীয়াৰ বিয়াতো মাছৰ ব্যৱহাৰ আছে। তিনি ডোখৰ শুকান মাছ মজিয়াত থৈ তাৰ ওপৰত তিনিবাৰ মদ ঢালি পুৰোহিতে দেৱতা আৰু পূৰ্বপুৰুষৰ আত্মাক বিয়াৰ সাক্ষী হ’বলৈ আহ্বান জনায়। ইয়াৰ পিছত মাছ কেইডোখৰ ঘৰৰ চাল বা মাৰলিত আঁৰি থোৱা হয়। ল’ৰা-ছোৱালী নোপোজালৈকে মাছ কেইডোখৰ নমোৱা নহয়। মিৰিবিলাকৰ বিয়া ঠিক কৰোঁতেও মাছ লাগে। এশ-একুৰি বিধৰ মাছ কেঁচাই হওক বা শুকানে হওক, দৰাই ‘আৰচু আকুন’ পালনত অৰ্থাত্‌ ছোৱালী খুজিবলৈ যাওঁতে লৈ যাব লাগিব। মাছ নহ’লে বাগ্‌দানৰ কোনো মূল্য নাথাকে। মাছৰ সংখ্যা কম হ’লেও কন্যাপক্ষক অৱজ্ঞা কৰা হয়। আকৌ, বিয়াৰ সময়তো সমান আকাৰৰ ষাঠিটা শুকান মাছ দৰাঘৰীয়াই লগত নিব লাগে। সে মাছ দৰা-কন্যাই একেলগে একেখন কাঁহীতে ‘নগাচান’ আৰু ‘পিম্‌প’ ‘আপীৰ’ অৰ্থাত্‌ শুকান আৰু বিশেষ ধৰণে ৰন্ধা ভাত খাব লাগে। মিকিৰসকলেও বিয়াৰ সময়ত পূৰ্বপুৰুষসকলৰ উদ্দেশ্যে শুকান মাছ উচৰ্গা কৰে। মণিপুৰীসকলে বিয়াৰ সম্প্ৰদানৰ সময়ত দুটা নগামু নামৰ মাছ পানীত এৰি দিয়ে। সেই মাছ দুটা দৰা আৰু কন্যাৰ প্ৰতীক বুলি ধৰা হয়। এই মাছ দৰাঘৰীয়াই লগত লৈ গৈ কইনাৰ ঘৰত শ্ৰমাহিকা নামে শ্ৰমাহি দেৱতাৰ উদ্দেশ্যে ৰখা কুঠৰী এটাত থৈ দিয়ে। মাছ এৰিবৰ সময় হ’লে দৰাঘৰীয়া দুজনী তিৰোতাই সোঁহাতে থকা মাছটো আৰু আন তিনিজনী তিৰোতাই আনটো মাছ ল’ব। অৰ্থাত্‌, দলটোত পাঁচজনী বা তিনিজনী তিৰোতাহে হ’ব লাগে। দুইটা মাছ একে সময়েতে পানীত এৰি দিয়া হয়। এই মাছ দুটাৰ গতিবিধি চাই মানুহে দৰা-কইনাৰ ভৱিষ্যত গণনা কৰে। অসমীয়া বিয়াৰ অন্যান্য মাংগলিক অনুষ্ঠানতো উৰ্বৰতাৰ প্ৰতীক স্বৰূপে মাছৰ প্ৰয়োগ আছে। এই সম্বন্ধে তলৰ বিয়ানাম কেইফাঁকি তাত্‌পৰ্যপূৰ্ণ :

চৰিয়াত জীয়াবা          মাগুৰ মাছ এহালি

কইনাৰ আগতে থ’বা ;

সেই মাছ হালিকে        নৈত মেলি দিবা

দীৰ্ঘজীৱী পুত্ৰ পাবা।

পোহন বিয়াৰ নামত আছে :

আজি ৰাধাই হাঁহে মাতে কালি ৰাধাৰ বিয়া ;

মাগুৰ মাছে খেলা খেলে ৰাধাৰ পোহন বিয়া ।

আও নগাৰ বিয়াত দৰাই মাছ দিহে বিয়াৰ স্থিৰ সিদ্ধান্ত কৰিব পাৰে। এই অনুষ্ঠানটো এইদৰে পালন কৰা হয়: ডেকাজনে নিজৰ ঠালৰ বুঢ়া মানুহ এজনৰ ওচৰলৈ গৈ কয়; ‘মই আজি মাছলৈ যাম। সন্ধিয়া মোৰ ঘৰলৈ আহিবা’। তাৰ পিছত তেওঁ কেইটামান মাছ ধৰি আনি সেই বুঢ়াজনক লগ ধৰে। মাছকেইটা বুঢ়াজনৰ হাতত দি বুঢ়াৰ পাছে পাছে তেওঁ কইনা ঘৰলৈ বুলি খোজ লয়। মাছটো কইনাঘৰক দিয়া হয়। বুঢ়া আৰু কন্যা-প্ৰাৰ্থীক মদ দিয়া হয়, কিন্তু বিয়াৰ বিষয়ে তেতিয়া কোনো কথা পতা নহয়। পাছদিনা পুৱা তেওঁ আকৌ ছোৱালীৰ ঘৰলৈ যায়। তেতিয়া তেওঁক ভাত খাবলৈ দিয়া হয়। যদিহে ছোৱালীৰ বাপেক-মাকে তেওঁ দিয়া মাছটো খায় তেনেহ’লে বিয়াত মত আছে বুলি বুজিব পাৰি। আন এটা ৰীতি মতে ডেকাই লগত বিশ-ত্ৰিশজন লগৰীয়া লৈ নৈত মাছ ধৰাৰ বিহ দিয়েগৈ। ধৰা মাছৰ শকত ভাগটো মধ্যস্থতাকাৰীজনে ছোৱালীৰ বাপেক-মাকক দিবগৈ। ইয়াৰে এটা ভাগ আকৌ তেওঁলোকে ওভোতাই পঠায় আৰু বাকীখিনিৰ কিছু মিতিৰ-কুটুমৰ মাজত বিলায়। ইয়াৰপৰাই বিয়া হ’ব বুলি ৰাইজে ধৰি লয়। কেঁচুৱা উপজিলে আত্মীয়-স্বজন, বন্ধু-বান্ধবক মাছ দিয়া অসমীয়া মানুহৰ এটা সাধাৰণ ৰীতি। পুংসৱন উৎসৱত এযোৰ মাগুৰ মাছ পূজা কৰি পূজাৰ অন্তত তাক পানীত এৰি দিয়া হয়। নামকৰণ উৎসৱত মাছেৰে ভোজ দিয়া হয়। সাধাৰণতে, ছমাহ বয়সত কৰা উৎসৱত মাছ ৰন্ধা হয় আৰু কেঁচুৱাক কাঁহীত দিয়া হয়, কিন্তু নুখুৱায়। খাছীয়াসকলে সন্তান ওপজা উৎসৱত লাওপানী, পিঠাগুড়ি আৰু হালধিৰ লগত মাছ খায়। কেঁচুৱা ওপজাৰ পাছত ‘পিছকথা’বোৰ সুতি উভতি আহি বাপেকে পিঠাগুড়ি খোৱাৰ পাছত দুজন লগৰীয়াই শুকান মাছৰ কাঁইট দুডাল লৈ ডোখৰ ডোখৰ কৰে। শুচিকৰণ আৰু নামকৰণ উৎসৱত (ওপজাৰ দিনাই কৰা হয়) পৰিয়ালৰ মানুহে একাঁজলিকৈ চাউলৰ গুড়ি শুকান মাছ আৰু আদাৰে খায়। লোঠা নগাবিলাকে এমাহৰ ভিতৰত উৎসৱ পাতি মাংস বা মাছ কেঁচুৱাৰ মুখত দিয়ে। অসমীয়া মানুহে পৰিয়ালৰ কোনোবা ঢুকালে অশৌচৰ দিনকেইটা মাছ-মাংস নাখায়। শ্ৰাদ্ধৰ পাছত গিয়াতলি ভোজ পাতি সেই ভোজত জ্ঞাতিৰ লগত মৃতকৰ পৰিয়ালে মাছ খাব লাগে; মৃতকৰ অৰ্থে মাছ ৰান্ধি পিণ্ডও দিয়ে। বাৰ্ষিক শ্ৰাদ্ধৰ অন্নাদি দানত বাকলি থকা মাছ উচৰ্গা কৰিবই লাগে। বড়োসকলেও এনেকুৱা ভোজ দিয়ে। গাৰোৱে মৃতকক দাহ কৰাৰ পাছদিনা পুৱা পতি বা পত্নী নাইবা কোনো ওচৰ-সম্বন্ধীয়াই ৰন্ধা সাঁজ লৈ পোৰা ঠাইলৈ গৈ তাত ভাত, মিছামাছ আৰু কণী ৰান্ধে। সম্ভৱ হ’লে শৱ-দাহৰ জুইতে সেইখিনি ৰান্ধিব লাগে। ৰন্ধা হ’লে তেওঁ সেই পাত্ৰটো তাতে ভাঙি চিঞৰি বিনায়। মিছামাছ ৰন্ধাৰ কাৰণ হৈছে এয়ে যে যেতিয়া মেগম আইৰিয়া বা প্ৰথম মৃত লোকজন ঘৰলৈ উভতি আহিছিল তেতিয়া ঘৈণীয়েকক মিছামাছ ধৰি থকা দেখিছিল। মংচেন আওবিলাকে মেথোন বলি দিওঁতে বলি উৎসৱ দিয়াজনে উপবাসৰ চতুৰ্থদিনা পুৱা হাবিত শুকান মাছ এডোখৰ আৰু হুটা চাউল খাই উপবাস ভাঙে। দেৱ-দেৱীৰ উদ্দেশ্যও মাছ উচৰ্গা কৰা হয়। যোগিনী-তন্ত্ৰত বিধান আছে যে দেৱতাক নিৰামিষ উপচাৰৰ বাহিৰেও মাছ বা আন জন্তুৰ মঙহ উচৰ্গা কৰিব পাৰি। যোগিনী-তন্ত্ৰ মতে মাছৰ উপাচাৰ বিষ্ণুৰো প্ৰিয়। কামৰূপৰ হাজো দেৱালয়ত বিষ্ণুক মত্‌স্য অৱতাৰৰূপে মত্‌স্যধ্বজ নামে পূজা কৰা হয়। যোগিনী-তন্ত্ৰত এই মূৰ্তিৰ প্ৰতিষ্ঠাৰ বৃত্তান্ত আছে; উৰিষ্যাৰ ৰজা ইন্দ্ৰদ্যুম্নই সামাজিক দেখিলে যে এজোপা ডাঙৰ গছ সাগৰত উটি আহি পাৰত লাগিলহি। তেওঁ পাছদিনা সামাজিকৰ নিৰ্দেশ মতে কুঠাৰেৰে কাঠডোখৰ সাত টুকুৰা কৰিলে। তাৰে দুডোখৰ কামৰূপলৈ অনা হ’ল। এডোখৰেৰে হয়গ্ৰীৱ আৰু আনডোখৰেৰে মত্‌স্যৰূপী দেৱতা মাধৱৰ মূৰ্তি সজোৱা হ’ল। ডক্টৰ কাকতিৰ মতে, মত্‌স্য দেৱতাৰ মূৰ্তি সাজিবলৈ উৰিষ্যাৰ পৰা কাঠ অনোৱাৰ কথাটোত এই দেৱতাৰ আগমন দক্ষিণ ভাৰতৰপৰা হোৱা বুলি ভাবিবৰ থল আছে। দেৱীপূজাতো মাছ উচৰ্গা কৰাৰ নিয়ম আছে, বিশেষকৈ শাৰদীয় দুৰ্গাপূজাত। কোনো কোনো দেৱীপূজাত মাগুৰ মাছ বলি দিয়া হয়। কছাৰীসকলে খেৰাই বা বাথৌ (অধ্যাপক সুকুমাৰ সেনৰ মতে বাথৌ প্ৰাচীন ভাৰতৰ বাস্তুভিটা) পূজাৰ লগত অপদেৱতা সকলৰো পূজা কৰে। এই পূজাত মাছৰ টেঙা আঞ্জা ৰান্ধি উচৰ্গা কৰা হয়। তদুপৰি, দাইন অৰাং অৰ্থাত্‌ ভূত-প্ৰেতৰ পূজাত ৰৌ মাছৰ আঞ্জা ৰান্ধি ভোজ দিয়া হয়। কুবেৰ আৰু জলকুঁৱৰীক কছাৰীসকলে মাছৰ আদি দেৱতা বুলি বিশ্বাস কৰি কুকুৰা-গাহৰি বলি দি পূজা কৰে। গাৰোসকলে নহমা নহচা (মাছৰ আদি জননী) আৰু মিনিমা ৰোকিষ্মেক (লক্ষ্মী) বাই-ভনী বুলি বিশ্বাস কৰে আৰু দুয়োজনাক পূজা কৰে। খাছীয়াসকলে আদি মাতৃৰ উৎসৱ পালন কৰে। তেওঁৰ কোনোবা কাহানিতে মৃত্যু হ’লেও এই উৎসৱটো বছৰি পালন কৰা হয়। এই উৎসৱত খাছীয়াসকলে শুকান মাছ ব্যৱহাৰ কৰে। এই উৎসৱৰ উদ্দেশ্য হৈছে মৃত মাতৃগৰাকীৰ আত্মাক জীৱিতসকলৰ ওপৰত আশীষ বৰ্ষণ কৰিবলৈ উদ্ধুদ্ধ কৰা। মিকিৰসকলৰ ধৰ্মানুষ্ঠানত মাছ ব্যৱহাৰ কৰা হয়। তেওঁলোকৰ বিশ্বাস যে শুকান মাছ উচৰ্গা কৰিলেহে দেৱতাৰ আশীৰ্বাদ পাব পাৰি। মিকিৰৰ কোনো গুৰুৰ মৃত্যু হ’লে শিষ্যসকলে গুৰুৰ শয্যাত শুকান মাছ থৈ তেওঁৰ নামত উচৰ্গা কৰি আত্মাৰ শান্তি কামনা কৰে আৰু লগতে মৃত গুৰুৰ আশীৰ্বাদ বিচাৰে। তাৰ বাহিৰেও যিকোনো ধৰ্মানুষ্ঠানৰ অধিবাসৰ দিনা শুকান মাছ পিঠাগুড়িৰে সৈতে ৰান্ধি সকলোকে বিলাই দিয়া হয়। অসমীয়া হিন্দুসকলৰ অধিবাসৰ দিনা মাহ-প্ৰসাদ বিলোৱাৰ লগত এই প্ৰথাৰ কিছু সাদৃশ্য আছে। মিৰিসকলে কিউনিউট উয়ি (Kiuniut uii) আৰু আংগে উয়ি (সূৰ্য, চন্দ্ৰ, বায়ু, জল, অগ্নি, তাৰকা আৰু বিদ্যুত্‌ –প্ৰকৃতিৰ এই সপ্তশক্তিৰ) পূজাত বাকলি থকা মাছ দিয়ে। ইপান-ইজাৰ নামৰ পূজাত মিৰিসকলে মাছক লক্ষ্মী গোঁসানীৰ সমগোত্ৰীয় বুলি বিবেচনা কৰে। এই পূজাত মিবু অৰ্থাত্‌ দেওধায়ে যিকোনো এবিধ আৰু যিকোনো আকাৰৰ মাছ ধৰিব লাগে। সেই মাছটো মাছ ধৰা নৈখন বা পুখুৰীটোৰ পৰা ভঁৰালঘৰটোলৈকে বন্ধা ৰচী এডালৰ ওপৰেদি লৈ যাব লাগে। কোনো লোক লক্ষ্মী গোঁসানীৰ নিগ্ৰহত পৰিছে বুলি ভাবিলেহে মিবুৱে এই অনুষ্ঠান পাতে। আজিকালি অৱশ্যে এই প্ৰথাৰ লোপ হৈছে। আও নগাৰ ‘চলিং’ ঠালটোৱে পুণ্যাৰ্থে ভোজ-উৎসৱ পাতোঁতে সমৃদ্ধি কামনা কৰি বলিৰ মেথোনৰ ওপৰত পাতেৰে মেৰিওৱা দুটোপোলা মাছ থয়। আও নগাৰ ‘মংচেন’ ঠালে প্ৰথম আৰু তৃতীয় পুণ্যাৰ্থে ভোজ পাতোঁতে উৎসৱৰ বাবে চাউল খুন্দা তিৰোতা কেইজনীক অন্যান্য বস্তুৰ লগতে শুকান মাছৰ আদখিনিও উপহাৰ দিয়ে। ঠিক সেইদৰে চতুৰ্থ দিনাৰ উৎসৱত হোৱা মেথোন বলিটো গিৰিহঁতজনে আৰু তেওঁৰ ঘৈণীয়েক দুয়ো আন আন খাদ্যদ্ৰৱ্যৰ লগত মাছ নাইবা মেথোনৰ মূৰটো উচৰ্গা কৰে। লোঠা নগাসকলে সৰু মাছ আৰু চাউল পিট-মধুৰে (মদ) সৈতে তেওঁলোকৰ পুৰোহিতৰ ঘৰত (‘পটছ’) দেৱতাৰ উদ্দেশ্যে থৈ দিয়ে। মাছ প্ৰজননৰ প্ৰতীক; কিয়নো মাছৰ বংশবৃদ্ধি দ্ৰুতগতিৰে হয়। সেই কাৰণে, কৃষি-বিষয়ক অনুষ্ঠানত মাছৰ ব্যৱহাৰ অপৰিহাৰ্য। খেতিৰ শস্য আৰু ভঁৰালৰ শ্ৰীবৃদ্ধিৰ কাৰণে অসমৰ কোনো অংশত, বিশেষকৈ উজনি অসমৰ আহোমসকলৰ মাজত অনুষ্ঠিত হোৱা লখিমী আদৰা উৎসৱত এই মাছৰ ব্যৱহাৰ দেখা যায়। এই উৎসৱত গোপিনীসকলে নাম গাই বিয়াৰ দৰে পুখুৰী বা বিলৰপৰা পানীৰ সলনি জাকৈ মাৰি জাৱৰ-জোঁথৰ, মাছ আদি তুলি আনে। জাকৈত মাছ উঠাটো শুভ লক্ষণ। তাৰ পিছত এই জাবৰ-জোঁথৰ আৰু মাছ আদি আনি বেদীত উচৰ্গা কৰে। উৎসৱৰ শেষত এইবোৰ সকলোৱে ভাগ কৰি নি ভঁৰাল আৰু শস্যক্ষেত্ৰত ছটিয়াই দিয়ে। লখিমী আদৰা উৎসৱৰ গীতফাঁকিৰ দ্বাৰা ইয়াৰ আভাস পাব পাৰি –

জাকৈ ঘনে কৰি         বাবা ঐ দেওধাই

খালৈ ঘনে কৰি চাবা,

খেপিয়াই খেপিয়াই         লাহেকৈ ধৰিবা

লখী আইক হাততে পাবা।

জুমখেতি আৰম্ভ কৰাৰ পূৰ্বে গাৰোসকলে খেতিৰ ঠাইত ৰোকিমে আৰু নহুমা নহচাক নানা অনুষ্ঠানেৰে পূজা কৰে। ৰকচি কৃত (শস্য গজি উঠাৰ সময়ত কৰা উৎসৱ) অনুষ্ঠানত যি বেদী সজা হয়, তাত নহ্‌ৱক মাছৰ ফিছা উচৰ্গা কৰা হয়। খেতি ছপোৱা উৎসৱত গাঁৱৰ সকলোৱে মিলি ৰৌ আদি মাছৰ ভোজ খোৱা নিয়ম। শস্য সিঁচা পাচি-খৰাহিত মাছৰ কাঁইট আদি সুমুৱাই থয়। মাছৰ দৰে এই কাঁইটবোৰো পোক-পৰুৱাৰ শত্ৰু – এয়ে গাৰোৰ বিশ্বাস। মণিপুৰীসকলৰ থাৱন মাহত (আগষ্ট-ছেপ্তেম্বৰ) ঠিক খেতিৰ পাছতে হোৱা থাৱন চাক্‌ চানাবা নামৰ ভোজটোত মাছ খাবই লাগে। মণিপুৰৰ নগাসকলৰ মাজত খেতিৰ বতৰত ধান সিঁচাৰপৰা ধান চপোৱালৈকে মাছ মৰা নিষিদ্ধ। অপৰ্যাপ্ত পৰিমাণে মাছ থকা ঠাইখিনিক মিৰিসকলে ‘কুমচুং এনেউ’ বা ভঁৰালঘৰৰ মাতৃৰ স্থান বুলি বিশ্বাস কৰে। সেই দেখি মিৰিসকলে প্ৰচুৰ পৰিমাণে মাছ ধৰিব পৰা ঠাইতেই বাস কৰিবলৈ বিচাৰে। খেতিৰ বতৰত ৰেংমা নগাসকলৰ আনুষ্ঠানিক ভোজনত মাছৰ এটা বিশিষ্ট স্থান আছে। গাঁৱৰ প্ৰথম কঠীয়া সিঁচোতাজনে সিঁচাৰ পাছত এসাঁজ মাছ আহাৰ কৰে। ধান দোৱাৰ কালছোৱাত প্ৰথম দাৱনীয়ে অকল মাছ, আদা আৰু ভাতহে খায়। পশ্চিমৰ ৰেংমা সকলৰ মাজত নিয়ম আছে যে গিৰিহঁতনীয়ে পুঁৱতি নিশাতে গৈ ভঁৰালৰপৰা অলপ চাউল আনে; গিৰিহঁতজনে নি:শব্দে তাকে মাছৰ লগত খায়। সৰহকৈ মাছ ধৰিব পৰা নাইবা মাছ বিষাক্ত কৰিব পৰাটো লোঠা নগাসকলৰ মতে খেতি উভৈনদী হোৱাৰ লক্ষণ। লাখেৰ ৰীতি মতে খেতিৰ দিনত মাছ নমৰাটোহে ভাল; কিয়নো, মাছ খালে ভাত খোৱাৰ পৰিমাণো অধিক হ’ব আৰু সেয়ে হ’লে সৰহকৈ মাছ খোৱাৰ পৰিমাণত ভঁৰালৰ চাউল হ্ৰাস হোৱাৰ দৰে পথাৰৰ শস্যও কমি যায়। লাখেৰ আৰু লুচাইসকলৰ মতে ধান সিঁচা আৰু দোৱাৰ কালছোৱাৰ ভিতৰত টঙিঘৰত মাছ পোৰা নিষিদ্ধ। তেওঁলোকৰ বিশ্বাস যে পুৰিলে মাছটো শুকাই যোৱাদি পথাৰৰ ধানবোৰো শুকাই যায়। গাৰোসকলৰ অ’গালমকা বা গালমকা উৎসৱত (ঝুম পোৰা) ন’-কাৰেক শুকান মাছ অপৰিহাৰ্য। পিছদিনা পুৱা নকৈ পুৰি উলিওৱা ঝুম খেতিৰ পথাৰত প্ৰতি ঘৰৰ গিৰিহঁতে গালমকা উৎসৱ পাতে। এই উৎসৱত শস্যাধিপতি ৰুকিমে দেৱতাক কুকুৰাৰ আঞ্জাৰে ন’-কাৰেক উচৰ্গা কৰি পূজা দিয়া হয়। তেওঁলোকৰ ন’-কাৰেক ৰুকিমে দেৱতাৰ প্ৰিয় খাদ্য বুলি বিশ্বাস কৰে। আন পূজা-পাতলতো মাছ ব্যৱহাৰ কৰা হয়। ঘৰ লোৱা উৎসৱত খাছীয়াসকলে মাছ ব্যৱহাৰ কৰে। নকৈ ঘৰ লওঁতে গিৰিহঁতে কিন্‌জহ খ’ স্কেইন বুলি পূজা এভাগ কৰে; (কিন্‌জহ = যোৱাগৈ; খ’(দহ্‌খ)= মাছ; স্কেইন্‌ = মাখি) আৰু পাঁচডোখৰ শুকান মাছ মজিয়াত থ’ব লাগে। তাৰ পিছত, দেৱতাৰ অৰ্থে তাৰ ওপৰতে মদ ঢালি দি তাৰে তিনিডোখৰ মাছ চালত আঁৰি দিয়া হয়। আলহীয়ে তেতিয়া সেই মাছকেইডোখৰ মুখেৰে আঁজুৰি আনিবলৈ যত্ন কৰিব আৰু যেয়ে আনিব পাৰিব সেইজনেই ভোজৰ মুখ্য অতিথি হ’ব। এই ভোজৰ উদ্দেশ্য হৈছে যাতে গৃহস্থৰ ওপৰত আৰু লগতে যি আই বসুমতীৰ ওপৰত ঘৰৰ ভেটিটো থিয় দি আছে তেওঁৰ ওপৰতো আশীষ বৰ্ষণ হয়। পৃথিৱী এসময়ত পানীৰ তলত আছিল বুলি জনবিশ্বাস আছে। শুকান মাছ দিয়াৰ অৰ্থ ঘৰৰ ভেটিটো যেন সদায় শুকানে থাকে।লাখেৰসকলে নতুন ঘৰ সাজোতে নৈলৈ গৈ সৰু মাছ ধৰি ঘৰলৈ আনে। তেওঁলোকৰ মতে মাছ পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ প্ৰতীক। কোনো কোনো ৰেংমা পৰিয়ালে ভঁৰালঘৰ বছৰি ধুই পৰিষ্কাৰ কৰে আৰু ভোজ পাতে। ভোজ আৰম্ভ হোৱাৰ আগতে কুকুৰা আৰু মাছ দিয়া হয়। কোনো উৎসৱত পূৰ্বাঞ্চলৰ ৰেংমাসকলে ভাতৰ লগত অকল মাছ আৰু আদা খায়; পেলনি যোৱাখিনি জুঁহালৰ ওচৰত পুতি থয়। অংগামী নগাই মূৰ চিকাৰ কৰি উভতি আহিলে ঘৈণীয়েকে খু’ৰৰুই বুলি সৰু সৰু মাছ আনেগৈ আৰু সেই নিশা তাকে ৰান্ধি খায়। পূৰ্বে মূৰ-কটা অভিযানৰ পাছত লাখেৰ ডেকাসকলে নৈত মাছ মাৰিছিল; কিয়নো, মাছক পবিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বৰষুন কামনা কৰি পতা বহুতো ক্ৰিয়া-কাণ্ড অসমত প্ৰচলিত। লোঠা আৰু চেমা নগাসকলৰ মাজত এটা অনুষ্ঠানৰ এনেধৰণৰ প্ৰচলন আছে – বান্দৰৰ মূৰ এটা আৰু কাঠি এডালেৰে মেল খুৱাই থোৱা মুখেৰে সৰু মৰা মাছ এটা নিচেই ওচৰতে থকা জুৰিটোত থ’ব লাগে। যথেষ্ট পৰিমাণে বৰষুণ হোৱাৰ পাছত বান্দৰৰ মূৰটো তাৰ পৰা লৈ যোৱা হয় আৰু মাছটো তাতে গেলি-পচি যায়। কেতিয়াবা পানী থকা ডোবা বৰষুণ অনোৱা কাৰ্যত ব্যৱহাৰ কৰাৰ ৰীতি আছে। চেমা নগাসকলৰ মাজত বিশ্বাস আছে যে তেনে ডোবাবিলাকত মাছ মাৰিলে ধাৰাসাৰ বৰষুণ হয়। খৰাং বতৰত ডোবা বা জুৰিত মাছ মাৰিলে বৰষুণ দিয়ে বুলি লাখেৰসকলৰ বিশ্বাস। মাছ বিষাক্ত হ’লে সেই ডোবাৰ দেৱতা বিৰক্ত হৈ বৰষুণ দিয়ে। টোপনিত প্ৰস্ৰাৱ কৰা মানুহক পাটি-মুতুৰা মাছ খুৱালে সেই ৰোগ দূৰ হয় বুলি মানুহৰ বিশ্বাস। দৰিকণা মাছেৰে ঔষধ তৈয়াৰ কৰি কোনো কোনো স্ত্ৰীৰোগতো ব্যৱহাৰ কৰা হয়। অসমীয়া আৰু জনজাতীয় উভয়ে কোনো কোনো মাছৰ মূৰ আৰু কাঁইট চালত আঁৰি থ’লে ভূত-প্ৰেত আঁতৰে বুলি বিশ্বাস কৰে। মাছ ঔষধ আৰু আহুদিতো বহুতে ব্যৱহাৰ কৰে। লোঠা নগাৰ বেজালি কৰা তিৰোতাই গছৰ শিপাৰে সৈতে আহুদি কৰে। সেই শিপাখিনি প্ৰণয় জগাবলৈ মাছৰ আঞ্জাৰ সৈতে প্ৰণয়পাত্ৰক খাবলৈ দিয়া হয়। কেঁচুৱা ল’ৰা-ছোৱালীৰ জিভাত ঘা হ’লে আও নগাই নৈৰপৰা এবিধ পিছল মাছ ধৰি আনি জীয়াই জীয়াই ঘা ডোখৰত ঘঁহি দিয়ে। ল’ৰা-ছোৱালী নহ’লে, আৰু অন্যান্য ৰোগত আও নগাই দোষ আঁতৰাবলৈ টিয়দেৱতাৰ (ভাগ্যদেৱতা) নাৰ্ত শুকান মাছ উচৰ্গা কৰে। সহজে উলিয়াব নোৱাৰা কাঁইট সোমালে অংগামী নগাই এবিধ মাছৰ মগজু সেই ঠাইত সানি দিয়ে। লুচাইসকলে মাছৰ জোল ভেদ আৰু গ্ৰহণী ৰোগত ব্যৱহাৰ কৰে। মণিপুৰীয়ে দৃষ্টিশক্তি দুৰ্বল হ’লে ৰৌ মাছৰ পেটু খায়। কোনো লোক টান বেমাৰত পৰিলে মণিপুৰী বেজে (মাইবু) ঙ্‌গামু নামৰ মাছ পানীত এৰি দি মানুহটোৰ জীৱৰ পৰিৱৰ্তে মাছটোক গ্ৰহণ কৰিবলৈ প্ৰাৰ্থনা কৰে। মণিপুৰীৰ মিতাই পুৰাণত আছে যে ঙ্‌গামু মাছক গুৰু চিদৱাই (সৃষ্টিকৰ্তা) স্ৰজন কৰি ইয়াক বিপদত পৰা মানুহৰ প্ৰাণ ৰক্ষাকাৰী ক্ষমতা দিছিল। ডিমাছা-কছাৰী ভাষাত নাহ-মাম নামে এবিধ মাছ আছে। এইবোৰ উত্তৰ-কাছাৰৰ পৰ্বতীয়া নৈত পোৱা যায়। ইয়াৰ মূৰত এবিধ শিল আছে। ডিমাছাসকলৰ বিশ্বাস মতে এই মাছ খালে পিত্তকোষৰ পাথৰি ৰোগ হয়। এই মাছৰ শিলটো আন বনৌষধিৰ লগত মিহলাই পাথৰি ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰ হয়। ডিমাছাবিলাকে বাঘ মাছৰ পিত পাকস্থলীৰ ৰোগত ব্যৱহাৰ কৰে। বহুতো বিশ্বাস-অন্ধবিশ্বাস মাছ মৰা, ধৰা আদিৰ লগত জড়িত হৈ আছে। মাছ অপদেৱতাৰো প্ৰিয় বুলি জনবিশ্বাস। বিল-পুখুৰী-জান আদিত অপদেৱতা থাকে বুলি অসমীয়াই মাছপ্ৰিয় এইবিধ দেওক বাঁক বুলি কয়। মিকিৰসকলে এইবিধ দেওক মাছ মৰা জালেৰেহে ধৰিব পাৰি বুলি কয়। মণিপুৰী বৈষ্ণৱ সকলে তেওঁলোকৰ মাৰচ্‌ হিয়াংগেই মাহত (অক্টোবৰ-নৱেম্বৰ) মাছ নাখায়। ১৬/১৭ হিয়াংগে তাৰিখে তেওঁলোকে মত্‌স্য পৰিহাৰ ব্ৰত ভংগ কৰে। এই ব্ৰতক মাৰচ-নগটাংগবা বোলে। লুচাইসকলে বিশ্বাস কৰে যে মাছ ধৰোঁতে মাছে মাতিলে সেইদিনা বহুত মাছ ধৰিব পাৰি। বড়োসকলে মাছ ধৰোঁতে প্ৰথমে ধৰা মাছটোৰ ফিচাডাল দাঁতেৰে কামুৰি ছিঙি পেলায়, কাৰণ তেওঁলোকৰ মতে তেনে কৰিলে সৰহ মাছ উঠে। প্ৰথম খেপত গেদ্‌গেদী মাছ উঠাটো বেয়া লক্ষণ বুলি ভাবে। প্ৰথম খেপত বাকলি থকা মাছ উঠিলে মিৰিসকলে ইয়াক মাছ ধৰাৰ শুভ লক্ষণ বুলি জ্ঞান কৰে। নাওঁ বাই যাওঁতে মাছ জঁপিয়াই নাৱত পৰিলে সৌভাগ্য সূচিত হয়। মিৰিসকলে প্ৰকাণ্ড মাছুন্দৰী নামৰ মাছটোক মত্‌স্য দেৱতাৰ অধীশ্বৰ বুলি ভাবে। এই মাছটোৰ সাক্ষাত্‌ পালে মানুহটোৰ দিন চমু চাপি আহিছে বুলি তেওঁলোকৰ বিশ্বাস। চেমা নগাই আঝো নামৰ মাছ খালে মৃত্যুকালত ভীষণ কষ্ট পাব লাগে বুলি ভাবে; কিয়নো, এই মাছটো কাটিলে বহুপৰলৈ টুকুৰাবোৰ ধৰ্‌ফৰাই থাকে। কেতিয়াবা দূৰ গাঁৱলৈ ছোৱালী বিয়া দিলে লগত এই মাছৰ মঙহ এডোখৰ দি পঠিয়ায়। যদিহে কিবা টান ৰোগত ছোৱালী মৃতপ্ৰায় হয় তেতিয়া এই মাছ খালে সোনকালে মৃত্যু নহ’ব আৰু ইতিমধ্যে খবৰ পাই মাক-বাপেক জীয়েকৰ ওচৰ পাবগৈ পাৰে। মৃত্যুশয্যাত লোঠা তিৰোতাই শুকান মাছ নোছোৱে। অসমীয়াই সামাজিকত মাছ দেখিলে বিয়া নাইবা সন্তান জন্মৰ আগজাননী বুলি ভাবে। বগা, চেপেটা মাছ সামাজিকত দেখিলে গাৰোসকলে টকা-পইছা আৰু সৌভাগ্যৰ অনুমান কৰে। সপোনত সৰহ মাছ দেখিলে গাৰোসকলে সৌভাগ্যৰ চিন বুলি ভাবে। খাছীয়াই আকৌ সামাজিকত মাছ খোৱা আৰু ধৰা দেখিলে অমংগল বুলি ভাবে। বিয়াৰ আগতে লাখেৰসকলৰ দৰাঘৰীয়াই কইনাৰ মাক-বাপেকক এখন দা উপহাৰ দিয়ে। এই দাই মংগলসূচক স্বপ্ন দেখুৱায় বুলি বিশ্বাস কৰে। যদি মাছৰ সামাজিক দেখে তেনেহ’লে বিয়াখন সৌভাগ্যজনক হ’ব। আন সময়তো মাছ দেখিলে মংগলেই হয়; কাৰণ মাছে স্বাস্থ্য আৰু উপচি পৰা শস্যৰ ইংগিত দিয়ে। বগা পুঠী জাতীয় সৰু মাছ সামাজিকত দেখিলে ডিমাছা কছাৰীয়ে ধন প্ৰাপ্তিৰ লক্ষণ বুলি কয়। ঝুমলৈ মাটি চাবলৈ যোৱাৰ আগতে এই ধৰণৰ সামাজিক দেখিলে খেতি ভাল হ’ব বুলি বিশ্বাস কৰে। বহুতো উপকথা, কিম্বদন্তী, সাধু আদিৰ লগত মাছ সংশ্লিষ্ট। খাছীয়া-জয়ন্তীয়া ৰাজপৰিয়ালৰ উত্‌পত্তি দক্ষিণ জয়ন্তীয়াৰ উয়িৰ উলহ্‌ ৰিন্দি নামৰ মানুহ এজনৰ লগত কা-লি ডঘা নামৰ মত্‌স্যকন্যা এজনীৰ মিলনত হয়। কথিত আছে, এবাৰ উলহ্‌ ৰিন্দিয়ে উয়িৰ নদীত মাছ মাৰি মাছটো ঘৰলৈ লৈ গ’ল। সি মাছটো খাবলৈ পাহৰিলে। কেইদিনমানৰ পাছত এদিন গধূলি ঘৰলৈ উভতি আহোঁতে দেখিলে যে ঘৰ-দুৱাৰ সৰা-মচা আৰু বস্তু –বাহানিবোৰ যতন লগাই থোৱা আছে। কিছুদিন এইদৰেই গ’ল। কোনেনো এইবোৰ কৰে সি ধৰিব নোৱাৰিলে। এদিন খাপ দি থাকি ঘৰৰ ভিতৰত খোজৰ শব্দ শুনি ভিতৰলৈ সোমাই গৈ দেখে যে এজনী দীপ্‌লিপ্‌ ছোৱালী। তাই তাক বিয়া কৰাবলৈ মান্তি হ’ল। তাই ঘৰলৈ গৈ তাইৰ জ্ঞাতি-পৰিয়ালক লৈ আহিবলৈ অনুমতি বিচাৰিলে। পিছে দল-বল লৈ তাই উভতি আহি দেখিলে যে উলহ্‌ ৰিন্দিৰ মাকে বাঢ়নী চোতালতে এৰি থৈ গ’ল। বাঢ়নী দেখি সিহঁত কোনো ভিতৰলৈ সোমাব নোৱাৰি উভতি গুচি গ’ল। উলহ্‌ ৰিন্দি বেজাৰত বলিয়া হৈ নৈখনৰ পাৰলৈ গ’ল। সিহঁত তেতিয়া সেই নৈ এৰি ক’ৰবালৈ গুচি গৈছে। সি গোটেইবোৰ নৈ-জান-জুৰি চলাথ কৰিলে। এদিন ছুতংগা গাঁৱৰ ওচৰৰ নৈ এখনত মাছ মাৰি আনি মাছটো পূৰ্বৰ দৰেই এইবাৰো খাবলৈ পাহৰিলে। তাৰ পিছত আগৰ দৰেই ঘটনাবোৰ ঘটিবলৈ ধৰিলে। এইদৰে কা-লি ডঘাক আকৌ লাভ কৰিলে। এইবাৰ বিয়া হ’ল। সিহঁতৰ দুজনা কন্যা উপজিল। তেওঁলোকেই চুতংগা ৰাজপৰিয়ালৰ আদি মাতৃ। এই ঠালটোৱেই পাছলৈ জয়ন্তীয়া ৰাজ্যৰ শাসক হ’লগৈ। গাৰোসকলৰ মাজতো পৃথিৱীৰ প্ৰথম মাছটো সম্পৰ্কে এটা বিচিত্ৰ কাহিনী প্ৰচলিত আছে। পৃথিৱী যেতিয়া নিচেই চালুকীয়া আছিল আৰু ইয়াৰ সকলোবোৰ বস্তুৱেই লাহে লাহে গঢ় ল’বলৈ ধৰিছিল তেতিয়া পৃথিৱীত না’ম চুৱাংগপা-না’চ বদলপা নামে প্ৰধান মত্‌স্য এটি আছিল। সি তেতিয়া তাৰ খুৰাক মীন-পা-ৰংদিনপা-টংচান-মংচানৰ (সাপৰ) লগত আমবৰী-নি-চিজ-গমবৰিনি ডেকদ’ নামে পুখুৰী এটাত বাস কৰিছিল। এদিনাখন কালগ্ৰা দেৱতা আৰু খুৰাকৰ মাজত লগা যুঁজত কালগ্ৰা দেৱতাই প্ৰতিপক্ষক কঁড়িয়াই আঘাত কৰিলে। সাপতো অসহ্য যন্ত্ৰণাত পলাই গৈ তাৰ নিজৰ গাতঁত সোমালগৈ। না’মাচুৱাংগপাই খুৰাকক বিচাৰি ফুৰিলে। খুৰাকক বিচাৰি না’মচুৱাংগপা গাবিল আচংগ নামে ঠাইৰ নদী এখনৰ কাষেৰে যাব লগা হ’ল। সেই নৈৰ নাম ৰংগ’গি-পেংগ-ৰংগ চাচম্‌। ইয়াত গংগাৰ দুজনী ভনীয়েক আৰু এজনী ভতিজাকে গা ধুই আছিল। সিহঁত অপূৰ্ব সুন্দৰী আছিল। না’ম চুৱাংগপাৰ চকু এই কুঁৱৰীসকলৰ শৰীৰত স্থিৰ হৈ ৰ’ল। কিন্তু এটা মত্‌স্য যুৱক হৈ মানৱী কন্যাক বিয়া কৰোৱাটো অসম্ভৱ। সেইদেখি আনেও যাতে সিহঁতক লাভ কৰিব নোৱাৰে সেই ভাবি সিহঁতক মাৰি পেলোৱাকে সি ঠিক কৰিলে। সি তাৰ শৰীৰৰ পৰা বিষ উলিয়াই নৈৰ পানীঅ বিষাক্ত কৰি দিলে। বিষাক্ত পানী শৰীৰত সোমালত ছোৱালীকেইজনী সাংঘাতিকভাবে অসুস্থ হ’ল। গংগাই সিহঁতৰ অসুস্থতাৰ কাৰণ জানিব পাৰি খঙত একো নাই হৈ না’ম চুৱাংগপাক বধিবলৈ বিচাৰিলে। গংগাই প্ৰকাণ্ড ভূৰ এখন সাজি লগত লগুৱা ৰুদমী আৰু চলতা-পনটেক লৈ ভুৰ বাই তাক বিচাৰি গ’ল। আমক-আদিম গাঁৱতেই নিশা হ’ল। ঘোপমৰা এন্ধাৰত একো নমনি; গংগাই তাতে ভুৰ বান্ধিলে। এই এন্ধাৰ নিশাৰ ছেগতে গৈ সি ভুৰখন তাতে বুৰাই দিলে। লগুৱা দুটা তল গ’ল। গংগাই কথমপিহে সাঁতুৰি পাৰলৈ উঠিল। বৰ ভাগৰ লাগিলত গংগা পাৰতে শুই পৰিল। তাতে তেওঁ এটা সামাজিক দেখিলে। সামাজিকত তেওঁক ওচৰৰে পাহাৰ এটাত থকা ভোমোৰাটো মাৰি তাত পাখি দুখন পানীত পেলাই দিবলৈ নিৰ্দেশ দিলে; তাকে কৰিলে হেনো পানী পৰিষ্কাৰ হ’ব আৰু এন্ধাৰ আঁতৰিব। সাৰ পাই গংগাই সঁচাকৈয়ে এটা ভোমোৰা দেখিলে আৰু তাৰ নিৰ্দেশ মতেই কাম কৰিলে। পানীবোৰ ফট্‌ফটীয়া হৈ পৰিল আৰু এন্ধাৰো নাইকিয়া হ’ল। পানীৰ তলিলৈকে মনিব পৰা হৈ পৰিল। গংগাই ৰুদমী আৰু চলতাপনটেৰ শ উদ্ধাৰ কৰিলে। গংগাই ঔষধ-পাতি দি সিহঁতক জীয়ালে। না’ম চুৱাংগপা আন এঠাইলৈ পলাই গ’ল। গংগাই তাক বিচাৰি না-গনাৰম্‌-মিতে-চিলকম নামে পুখুৰীত পালেগৈ। সিহঁতে তাক জীয়াই জীয়াই

ধৰিবলৈ মন কৰিলে। সেই উদ্দেশ্যে পুখুৰীটো বাঁহ, জেং, ডাল-পাত আদিৰে বেঢ়ি পেলালে। তাৰ পাছত দুপৰীয়াৰ আহাৰ খাবলৈ যো-জা কৰিলে। না’ম চুৱাংগপাই সাৰিবৰ উপায় নেদেখি কান্দিবলৈ ধৰিলে। সেই পুখুৰীতে থকা বিৰাট কেঁকোৰা আং-কেৰোংগা ডামচঙে সেই কান্দোন শুনি দুখ লাগি তলে তলে গাঁত খান্দি তাক নিৰাপদ ঠাই এডোখৰলৈ লৈ গ’ল। গাঁতটো, বহু দূৰত আন এটা পুখুৰীত উলিয়ালেগৈ। এইদৰে না’ম চুৱাংগপা পলাই সাৰিল। না’ম চুৱাংগপাক বধ কৰা হ’লে পৃথিৱীত আৰু মাছ বুলিবলৈ একো নেথাকিলেহেঁতেন। মাছৰ উত্‌পত্তি সম্পৰ্কেও অলেখ সাধু আছে। ডিমাছাসকলে ভাবে যে পূৰ্বতে পৃথিৱীখনৰ অধিকাংশ পানী আছিল, অ’ত ত’তহে একো চপৰা মাটি আছিল। পৃথিৱীত জীৱ নাছিল। ঈশ্বৰে প্ৰথম পুৰুষ প্ৰাণী স্ৰজন কৰিলে। ‘বাংগলা ৰজা’ আৰু তেওঁৰ লগৰীয়া হিচাপে ‘আৰিখি ডিমা’ নামে স্ত্ৰীৰ সৃষ্টি হ’ল। ক্ৰমে তেওঁলোকৰ মাজত প্ৰেম উপজিল। আৰিখিয়ে সন্তান ধাৰণ কৰিলে। সেই সন্তানক জন্ম দিবৰ বাবে তেওঁলোকে নিৰাপদ ঠাইৰ অনুসন্ধান কৰিবলৈ ধৰিলে। বিচাৰি বিচাৰি ডালওব্ৰা আৰু চাংগিলচ’ নদীৰ মাজ ঠাই পালেগৈ। তাতে আৰিখিয়ে সাতোটা কণী পাৰিলে। প্ৰথম ছটা কণীৰ পৰা ছটা ল’ৰা উপজিল – চিব্ৰাই (জ্ঞানী), নাইকু ৰাজা, দুৰাজা, ৱাৰাজা, ব্ৰিয়ং আৰু হামিৰদাও(খং)। শেষৰটো কণী নুফুটিল। মাকে চিন্তিত হৈ ল’ৰাকেইটাক সেইটো ভাঙি চাবলৈ ক’লে। সেইটো ভাঙিলত এজাক দৈত্য ওলাই আহিল। দৈত্যমখাই ঈশ্বৰক বিচাৰি ফুৰিবলৈ ধৰিলে – পিছে নাপালে। তেতিয়া চিব্ৰায়ে সিহঁতক হাবিত বাস কৰিবলৈ ক’লে, আৰু ক’লে মানুহবোৰে বিপদ-আপদ, বেমাৰ-আজাৰত পৰিলে তেওঁক পূজা দিব, সেই পূজাৰ নৈবেদ্যৰ কিছু ভাগ দৈত্যবিলাকেও পাব। তেনেদৰেই সিহঁতে বহুকাল বাস কৰিলে। এবাৰ চিব্ৰাই এটা ভোজ পাতিলে আৰু চাকৰবিলাকক নিৰ্দেশ দিলে যে ভোজৰ এখন আঞ্জা পানীত থকা জন্তুৰ মঙহেৰে ৰান্ধিব লাগিব। সিহঁতে পানীত নামি জলচৰ জীৱৰ সন্ধান কৰিলে। কিন্তু তেতিয়াও তেনে জীৱৰ সৃষ্টিয়েই হোৱা নাই। চিব্ৰাই গভীৰভাৱে ধ্যান কৰাত ঈশ্বৰে সন্তুষ্ট হৈ বৰষুণৰ লগত মাছ বৰ্ষণ কৰিলে। এইদৰেই পৃথিৱীত মাছৰ আবিৰ্ভাৱ হ’ল। এই মাছকে ভোজত দিয়া হ’ল। বড়ো-কছাৰীৰ বিশ্বাস মতে পৃথিৱীৰ সৃষ্টিকৰ্তা হ’ল বাথৌ বাৰায়(মহাদেৱ)। মহাদেৱ-পাৰ্বতীয়ে আন জীৱ-জন্তু স্ৰজন কৰাৰ আগতে মাছ স্ৰজন কৰিলে। মাছৰ পিছতহে লক্ষ্মী বা অন্ন স্ৰজন কৰা হয়। কিন্তু মাছ আৰু লক্ষ্মীৰ মাজত কোন শ্ৰেষ্ঠ – এই লৈ কাজিয়া লাগিল। পাৰ্বতীয়ে মহাদেৱক এই কাজিয়া ভাঙিবলৈ প্ৰাৰ্থনা কৰি ক’লে, ‘প্ৰভু, আপুনি মাছ আৰু লক্ষ্মীক মানুহৰ মংগলৰ কাৰণে মিলা-প্ৰীতিৰে পৃথিৱীত থাকিবলৈ দিয়ক। আপুনি তেওঁলোক দুয়োৰে মাজলৈ যাওঁক; যেয়ে আপোনাৰ বাওঁপিনে থিয় হ’অ, তেৱেঁই শ্ৰেষ্ঠ’। মহাদেৱে পৃথিৱীলৈ নামি আহি লক্ষ্মীক বাওঁপিনে লৈ থিয় হ’ল আৰু সেই দিনাৰপৰাই মাছতকৈ লক্ষ্মী (অন্ন) শ্ৰেষ্ঠ হ’ল। কছাৰীসকলৰ মাজত হিন্দু জনশ্ৰুতি মিশ্ৰিত আৰু এটি মনোৰম কাহিনী আছে : আদিতে পৃথিৱীত অকল পানী আছিল; সৃষ্টিকৰ্তা মহাদেৱ আৰু পাৰ্বতী এখন মকৰাজালত আছিল। সেই অৱস্থাত থাকোঁতেই মহাদেৱে পৃথিৱী সৃষ্টি কৰাৰ কথা চিন্তা কৰে আৰু অনতিপলমে পানীৰ মাজত প্ৰথমে মাছ, কেঁকোৰা, কাছ আদি জীৱ সৃষ্টি কৰিলে। পৃথিৱীৰ কাৰণে মাটি সংগ্ৰহ কৰিবলৈ মাগুৰ-মাগুৰীক (মাগুৰ মাছ এযোৰা) পাতালৰ পৰা নিমন্ত্ৰণ কৰা হ’ল। মাগুৰ-মাগুৰীক মহাদেৱে পাতালৰপৰা মাটি সংগ্ৰহ কৰিবলৈ আদেশ দিলে; কিন্তু দুয়ো অসমৰ্থ হৈ ঘূৰি আহিল। মহাদেৱে তেতিয়া তাহাঁতক শাপ দি ক’লে : ‘যা, আজিৰপৰা তহঁতে একাঠু ডোবাৰ পানীত থাকিবি, তহঁত মানুহৰ খাদ্য হ’বি ’।তাৰ পিছত মহাদেৱে বৰ্কা মাছক মাতি আনি পাতালৰ পৰা মাটি আনিবলৈ আদেশ দিলে। কিন্তু কিছুদূৰ লৰি গৈ উশাহ চুটি হোৱাত বৰ্কা মাছ মহাদেৱৰ কাষলৈ ঘূৰি আহিল। মহাদেৱে সিহঁতক ক’লে, ‘যাহঁক, তহঁত আজিৰপৰা ছমাহ গাঁতত একো নোখোৱাকৈ থাকিবি; বাকী ছমাহ পানীত থাকিবি’। তাৰ পিছত জামান-জামানী(কেঁকোৰা) আৰু বাৰাহু ৰজাক (গাহৰি) মহাদেৱে পাতালৰ পৰা মাটি আনিবলৈ আদেশ দিলে। বাৰাহু ৰজাই জামান-জামানীৰ পিঠিত উঠি পাতালৰ হিৰণ্যাক্ষ ৰজাৰ ৰাজ্য পালেগৈ। বাৰাহুৱে জমান-জামানীৰ পিঠিৰপৰা নামি ওচৰতে থকা ডোবা এটিত পৰি বোকাৰে লুতুৰি-পুতুৰি হৈ সেই অবস্থাৰে মহাদেৱৰ কাষলৈ ঘূৰি আহিল। মহাদেৱে বাৰাহুৰ নোমৰ গুৰিৰ পৰা কটাৰীৰে মাটি এৰুৱাই তিনিটা লাড়ু সাজি তাৰেই পৃথিৱী সৃষ্টি কৰিলে। জামান-জামানীৰ কাৰ্যত সন্তোষ লভি মহাদেৱে ক’লে; ‘তোমালোকে কঠিন মাটিত গাঁত খান্দি ছমাহ একো নোখোৱাকৈ তাত সোমাই থাকিবলৈ শক্তি পাবা, বাৰিষাৰ লগে লগে পানী যুঁৱলিলৈ আহিবা’। কেঁকোৰাই সেইদিন ধৰি এই দৰে চলি আছে; তাৰ পিঠিত আজিও বাৰাহু (গাহৰি) ৰজাৰ ভৰিৰ সাঁচ আছে। গাহৰিয়ে মহাদেৱৰ আশীৰ্বাদত নাকৰ আগ মঙহত শক্তি লাভ কৰিলে; ইয়াৰেই সি মাটিও খান্দিব পাৰে। শত্ৰুক আক্ৰমণ কৰিবলৈ মহাদেৱে বাৰাহুক দাঁত এযোৰা দিলে। বড়ো-কছাৰীসকলৰ বিশ্বাস যে গাহৰিৰ দাঁত অথবা গাহৰিৰ গাত লাগি থকা মাটি লগত থাকিলে অপদেৱতা আৰু কুমন্ত্ৰই কোনো অমংগল কৰিব নোৱাৰে। ৱানচোসকলৰ মাজত এটা সাধু প্ৰচলিত আছে। এসময়ত এজনী ছোৱালী আছিল। তাই ডিঙিত ধুনীয়া অলংকাৰ আৰু মালা পিন্ধিছিল। সৰু ভায়েকে সেইবোৰ বিচাৰিলত তাই নিদিলে। ভায়েকৰ পেটে পেটে তাইলৈ বৰ খং উঠিল। এদিনাখন দুয়ো হাবিলৈ যাওঁতে ভায়েকে নৈৰ পাৰৰ গছ এজোপাত লতা কেতবোৰ ওলমি থকা দেখি বায়েকক তাত ওলমি দুলিবলৈ ক’লে। তায়ো দুলিবলৈ লাগিল। এনেতে ভায়েকে জোৰেৰে ঠেলা মাৰি দিয়াত তাই লতাৰ ৰচীত খোপনি ৰাখিব নোৱাৰি পানীত পৰিল আৰু তাতেই মাছ হৈ থাকিল। ৱানচোসকলে এই মাছটোক য়ামি মাছ বোলে। ছোৱালীৰপৰা হোৱা কাৰণে ৱানচোসকলে (অসমীয়ায়ো) এই মাছ নাখায়। মিৰিসকলে ভাবে যে, চিৰকি আবুং নামে নৈখনতে পোন প্ৰথমে মাছৰ উত্‌পত্তি হৈছিল, শদিয়া আৰু পাচিঘাটৰ মাজত কোনোবা অঞ্চলত এই নৈখন আছে। এই নৈখনৰ পৰাই আন আন ঠাইলৈ মাছবোৰ যায় বুলি বিশ্বাস। এতিয়াও মাজে মাজে ভৈয়ামৰ নৈবোৰৰপৰা ধাৰ সোঁততো মাছবোৰ উজাই ইয়ালৈ আহে। শৰীৰৰ চাৰিওফালে কাঁইট থকা কিছুমান নিচেই এধান এধান মাছ আছে। এই মাছক মাছৰ ৰজা বুলি কোৱা হয়। এই মাছ কেনেকৈ ৰজা হ’বলৈ পালে তাৰো এটা সাধু আছে। চিৰকি আবুং নৈৰপৰা এসময়ত কিছুমান মাছ ভৈয়ামলৈ ভ্ৰমিবলৈ গৈছিল। কিছুদিন ভৈয়ামৰ নৈত ফুৰি-চাকি সিহঁত আকৌ নিজ ঘৰলৈ উভতিল। ভৈয়ামৰ মানুহে মাছৰ গোন্ধ পাই সিহঁতক জাকৈৰে ধৰিবলৈ নৈত ভেটা দিলে। ইফালে সিহঁতৰ অঙহী-বঙহী মাছবোৰ সিহঁত নহা দেখি চিন্তিত হৈ আন মাছক খবৰ ল’বলৈ পঠিয়ালে। কিছুদিন বিচাৰ-খোচাৰ কৰি সিহঁতে লগৰীয়াবিলাকৰ বিপদৰ কথাটো গম পাই ততাতৈয়াকৈ ঘৰত খবৰ দিলেগৈ। ভেটাত বন্দী হোৱা মাছবিলাকৰ উদ্ধাৰৰ উপায় নিৰ্ধাৰণ কৰিবলৈ এখন মেল বহিল। তেতিয়া সে সৰু মাছবিধে সিহঁতক উদ্ধাৰ কৰি অনাৰ ভাৰ ল’লে। সেই মাছবিধৰ নাম ‘পুৰ্তি’। কিন্তু পুৰ্তিমাছ ইমান সৰু যে সেই বিৰাট ভেটা ভাঙিবলৈ যোৱা টিপচীয়ে মেৰু পৰ্বত উৰুৱাৰ নিচিনা কথা। গতিকে ডাঙৰ মাছক সেই কামলৈ পচা হ’ল। সিহঁত কিন্তু সৰ্বশক্তি প্ৰয়োগ কৰিও ব্যৰ্থ হৈ উভতি আহিল। আন উপায় নেদেখি পুৰ্তিমাছৰ প্ৰস্তাৱকে শেষত মানি ল’ব লগা হ’ল। সিহঁতৰ দলপতিয়ে হাজাৰ-বিজাৰ পুৰ্তিমাছ লৈ যাত্ৰা কৰিলে। তেওঁ ভেটাৰ গাতে মাছবোৰেৰে এনেদৰে শাৰী পতালে যে ভেটাৰ মাজেদি পানী সৰকি আহিব নোৱাৰা হ’ল। কেবাদিনো পানী বন্ধ হৈ ৰ’ল। পানী আহি ভেটাৰ ওচৰত উপচি পৰি প্ৰবল সোঁত আৰু আঘাতৰ সৃষ্টি কৰিলে। ভেটা ভাগি পৰিল। বন্দী মাছবোৰ এনেকৈয়ে উদ্ধাৰ হ’ল। পুৰ্তিমাছৰ বুদ্ধিক আটায়ে শলাগিলে। সকলো মাছে স্বীকাৰ কৰিলে যে বলতকৈ বুদ্ধিহে বেছি লাগতিয়াল। এই বুলি সকলোৱে একমত হৈ পুৰ্তিমাছক ৰজা পাতিলে। লুচাইসকলৰ মাজত আকৌ আন এটা কিম্বদন্তিৰ প্ৰচলন আছে। ই যেনিবা তেজীমলাৰ সাধুৰ ন-সংস্কৰণ। এবাৰ এহাল মতা-তিৰোতা বাঁহ কাটিবলৈ গ’ল। সিহঁতৰ মাজত ঠিক হ’ল, যেয়ে নিজৰ বাঁহ নিজে বৈ আনিব নোৱাৰিব তাকে নৈত পেলাই দিয়া হ’ব। তিৰোতাজনীয়ে উভতি আহোঁতে নিজৰ বাঁহৰ বোজাটো ব’ব নোৱাৰাত গিৰিয়েকে তাইক পানীলৈ দলিয়াই দিলে। তাতে তাই এটা প্ৰকাণ্ড মাছলৈ ৰূপান্তৰিত হ’ল। মাছটোৰ নাম হ’ল থাইচাওনিনো। এই কথাত তাইৰ জীয়েকে বৰ বেজাৰ পালে। তাই সদায় নৈৰ পাৰলৈ যায়। মাছ হৈ যোৱা মাকজনীয়ে জীয়েকৰ ওচৰলৈ আহি জীয়েকক কিবাকিবি খাবলৈ দিয়ে। ঘৰত তাইৰ মাহীমাকে তাইক খাবলৈ নিদিয়াতো তাই দিনে দিনে শকত-আৱত হৈ যোৱা দেখি মাহীমাকে কাৰণটো অনুসন্ধান কৰি আচল কথাটো গম পাই তাই এটা জালোৱাক জাল বাবলৈ লগালে। জীয়েকে এই ঘটনা দেখি পাৰৰপৰা চিঞৰি ক’ত ক’ত জাল পেলাইছে মাকক জনালে। জীয়েকক তাৰ পৰা আঁতৰাই নি মাছমৰীয়াহঁতে মাছটো ধৰি মাৰিলে। মাকৰ কাঁইটবোৰ নি তাই শিমলু এজোপাৰ তলত পুতি থ’লেগৈ। ছোৱালীজনীয়ে সেই শিমলুগছৰ ফুলৰ মৌ খায়েই দিন নিয়াবলৈ ধৰিলে। ডাঙৰ হ’লত এজন ধনী ডেকাৰ লগত তাইৰ বিয়া হ’ল। কছাৰী সাধু এটিত মাছক মানুহ আৰু দেৱতাৰ বন্ধু বুলি বৰ্ণোৱা হৈছে। এহাল বুঢ়া-বুঢ়ীৰ বহুত ল’ৰা-ছোৱালী আছিল। বুঢ়াই সিহঁতৰ ল’ৰা-ছোৱালীবোৰৰ আহাৰ আদিৰ কাৰণে হিমালয়লৈ গৈ এটা প্ৰকাণ্ড পুখুৰী খান্দি তাত মাছ জীয়ালে। এদিনাখন সৌভাগ্যৰ দেৱতা শ্ৰীয়ে পিয়াহত তত নেপাই তালৈ পানী খাবলৈ আহিল। মাছবোৰে তেওঁক পানী দিলে। বিনিময়ত তেওঁ সিহঁতক ব্ৰহ্মপুত্ৰলৈ লৈ যাবলৈ বিচাৰিলে। তেওঁৰ লাঠিডালত সিহঁতক বান্ধি জুৰি এটি খান্দি খান্দি তেওঁৰ পাছে পাছে লৈ গ’ল। এনেকৈয়ে নৈৰ সৃষ্টি হ’ল। মাছবিলাকেও এই উপকাৰৰ কাৰণে শ্ৰীক জাতিলাও এটা আৰু ৰঙালাও এটা দিলে। সেই লাও দুটি সোণ-ৰূপেৰে পূৰ হৈ আছিল। ঘৰলৈ উভতি যাওঁতে তেওঁ লাও দুটা বন্ধু-বান্ধৱক উপহাৰ দিলে। ঘৰলৈ আহি শ্ৰীয়ে দেখে তেওঁৰ জীয়েক টান ৰোগত পৰি শয্যাগত হৈ আছে। মাছবোৰে তেওঁক দিয়া উপহাৰ অৱজ্ঞা কৰি আনক বিলাই দিয়াতে এই ঘটনা ঘটিল বুলি তেওঁ বুজিব পাৰিলে। মাছবিলাকে অৱশ্যে তেওঁক কৃপা কৰিলে। সিহঁতে বেজৰ ছদ্মবেশত আহি শ্ৰীক ক’লে যে শ্ৰীয়ে যদি নৈৰ পাৰত গৈ জীয়েকৰ বাবে পূজা দিয়ে তেতিয়া হ’লে জীয়েক ভাল হ’ব। শ্ৰীয়ে তাকে কৰিলে। অধ্যাপক তাৰকচন্দ্ৰ দাসে এই সাধুটোত নদীপূজাৰ নিদৰ্শনতকৈ মাছ পূজাৰ ইংগিতহে অধিক বুলি ক’ব খোজে। ড° দাসে কৈছে : ‘যুক্তিৰ ফালৰপৰা চাবলৈ গ’লে শ্ৰীৰ মাছৰ পূজা কৰাহে সম্ভাৱনা অধিক; কিয়নো মাছবোৰহে অধিক বিৰক্ত হৈছিল। নৈবোৰতো তেওঁৰ নিজৰেই সৃষ্টি আৰু মাছ পুহিবলৈ নৈৰ পাৰেই উপযুক্ত স্থান। সম্ভৱত: যিটো আগেয়ে মাছপূজা আছিল, তাকে নদী-পূজালৈ পৰিৱৰ্তিত কৰাৰ ইয়ে সুযোগ দিয়ে’। মিকিৰৰ মাজতো অনুৰূপ এটা সাধু আছে। পুৰণিকালত মিকিৰসকলে মাছৰ অস্তিত্ব সম্পৰ্কে একো নেজানিছিল।

সেই দেখি তেওঁলোকে মাছ খোৱাও নাছিল। কোনো পৰ্বতৰ ওপৰৰ পুখুৰী এটাত মাছ আছিল। কাষত এখন নৈ আছিল আৰু সেই নৈখনেৰে পুখুৰীটোলৈ পানী গৈছিল। এবাৰ বতৰ খৰাং হ’লত নৈৰ পানী শুকোৱাত পুখুৰীটোত পানী নোহোৱা হ’ল। এই পুখুৰীত সদায় হাঁহ এটা চৰি ফুৰিছিল। মাছবোৰে হাঁহটোক সিহঁতক তাৰপৰা কোনোবা পানী থকা ঠাইলৈ নিবলৈ অনুৰোধ কৰিলে। হাঁহ অমান্তি হ’লত মাছবোৰে বৰকৈ কাকূতি কৰিলে। এনে সময়তে সেইপিনে এজন মিকিৰ গৈছিল। তেওঁ মাছ আৰু হাঁহৰ কথা-বতৰা শুনিলে। ওচৰলৈ গৈ মাছৰ মুখে সিহঁতৰ বিপদৰ কথা শুনি মিকিৰজনে হাঁহটোক দয়া কৰি মাছবোৰক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনালে। হাঁহ আৰু মিকিৰ দুয়ো লগলাগি মাছবোৰক আন এখন নৈলৈ নিলে। মাছবোৰে কৃতজ্ঞতাত গদ্‌গদ্‌ হৈ মানুহটোক ক’লে যে স্বাস্থ্য ভালে ৰাখিবলৈ মানুহে মাজে মাজে মাছ খাব পাৰিব। এইদৰেই মিকিৰসকলে মাছ খাবলৈ শিকিলে। জয়ন্তীয়াসকলৰ অধিষ্ঠাত্ৰী দেৱী জয়ন্তীৰ মৎসৰূপ গ্ৰহণ প্ৰসংগত বুৰঞ্জীত তলৰ আখ্যানটি আছে : জয়ন্তীয়ো লাণ্ঢাবৰক খেদাই মনত দুখকৈ বোলে, - ‘কিনো অযোগ্য কাম কৰিলো। পতিব্ৰতা ধৰ্মকো এৰিলো। মহামায়া ভগৱতী, মোক কোনোৰূপে উদ্ধাৰ কৰা’। এই বুলি শয়ন কৰিলে। পাছে স্বপ্নত দেৱীয়ে বোলে, - ‘তোৰ পতিব্ৰতা মঞি ৰাখিম ; অধমে যিহক বাঞ্ছা কৰিছে তাকে পাই হেন কৰিম, দুখ নকৰিবি। অশুচি হ’বৰ কালত তোৰ দেহৰপৰা ছায়া প্ৰতিবিম্ব-কন্যা একটা জলত প্ৰৱেশ হুব; মৎসৰ গৰ্ভত প্ৰৱেশ হুব। মৎসোদৰী নাম কন্যাজাত হুই তোৰ ঘৰত থাকিব। সেয়ে সহিতে বসতি কৰিলে তোৰ পতিব্ৰতা ধৰ্ম ৰহিব। মৎসোদেৱীৰ গৰ্ভে যেমন পুত্ৰ হয় তাত ৰাজ্য সমৰ্পণা কৰি তঞি মোক পাবিগৈ। এখন ৰাজ্য পালি থাক’। এইবুলি মহামায়া অন্তৰ্ধান হ’ল। পাছ চেতন পাই জয়ন্তী ৰাণীসিংহ সন্তোষ হুই আনন্দে ৰহিল। মহামায়াক চিন্তি ৰাজ্য প্ৰতিপালি ৰহিল। যি সময়ত অশুচি হ’ল দেৱীৰ স্বপ্নৰ কথা মনত কৈ সুওংগা জুৰিত গা স্নান কৰি অশুচি জয়ন্তীৰ গাৰপৰা ছায়াবিম্ব জলত খেপন স্নান কৰি আপোনাৰ নগৰক আহিল। ছায়াবিম্ব মৎসে গিলিলে। লাণ্ঢা সুওংগায়ো মাছলৈ বুলি জুৰিত খোকা পাতিছিল। দৈৱযোগে ঘোৰ সৃষ্টি হ’ল। পাছে সেই খোকাতে ছায়াবিম্বকে গিলা বৰালি মাছ আহি লাগিলহি। পুৱা গৈ লাণ্ঢা সুওংগায়ে ঘৰক আনি আঁৰি থৈ আৰাক গ’ল। যাওঁতে ভোবোলা নামে এক গাৰোয়ে বোলে, “ঐ লাণ্ঢা সুওংগা! বৰ মাছটো যে পাইছ একলে কি কৈ খাবি?” লাণ্ঢা সুওংগায় বোলে ,-“ গেলি পোক পৰিব, দিনে দিনে তাকে ভাজি খাম”। আৰা চাই দুই গাৰো ঘৰত আহিল। ঘৰ সোমাই নানাবিধ দ্ৰব্য সহিতে ভাত দেখি বিস্ময় হুই বোলে,- “মই লাণ্ঢাবৰ, মোৰ কোনো নাই, মোক লাগি কাৰনো দয়া উপজিলেক? জানিলো বনদেৱেহে দয়া কৰি মোক লাগি থৈছে”। এইবুলি ভাত-মদ খাই ঘৰত থাকিল। এইৰূপে আনাকাদিনাও লাণ্ঢাবৰ আৰালৈ গ’ল। আৰাৰপৰা আহি আকও ভাত-মদ তেনেকৈ পালেহি। লাণ্ঢাবৰে বোলে,-‘কি বিস্ময় কথা!’ এই বুলি ভাত-পানী খাই লাণ্ঢাবৰ সেইমনে থাকিল। মাছ থ’লে আঁৰি, নেগেলে; বোলে –‘কাটি শুকুৱাও’। এই বুলি মাছ কাটিব খোজোঁতে তাৰ হাতৰ দা ছিগি দুডোখৰ হ’ল। লাণ্ঢাবৰে মাছ আকও আঁৰি থৈ আনাকাদিনা আৰালৈ যাওঁ বুলি লাণ্ঢাবৰে জুমি আছিল। পাছে মাছৰপৰা ওলাই মৎসোদেৱীএ ঠাই-ঠুই আওতাই থয়; লাণ্ঢাবৰে গৈ চাব মাৰি ধৰি বোলে – ‘তঞিমনে মনে থাক। তোৰ সুখৰ কাৰণেহে আহিছোঁ। তোৰ নাই কেও; মোৰো নাই কেও; দুয়ো ইয়াতে থাকিম। তঞি আজিৰপৰা আৱালৈ যাব নেলাগে, মই সকলে দিম। তঞি সহিতে গৃহবাস কৰিম; একো সুধিব নালাগে, মনে মনে থাক’। এই প্ৰকাৰে দুয়ো খাৱা-দাৱা কৰি বসতি হুই ৰহিল। সেইদিন ধৰি তাৰ ঘৰত অযাচিতে সকলো বস্তু লগ ধৰিলে। মাছক পবিত্ৰতা আৰু উৰ্বৰতাৰ প্ৰতীক হিচাপে অতি পুৰণি কালৰে পৰা ব্যৱহাৰ কৰা হৈছে। ডা° এলউইনে লেখিছে : যোৰা মাছ অংকিত ব্ৰোঞ্জৰ পাত্ৰ, ঘণ্টা, বাদ্যযন্ত্ৰ আদি তিব্বতৰপৰা ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছে। মাছক সৌভাগ্যৰ চিন বুলি ধৰা হয় কাৰণে অসমীয়া আৰু জনজাতীয় লোকসকলেও তেওঁলোকৰ কাপোৰত মাছৰ চানেকি তোলে। ঘৰতো মাছৰ চানেকি আঁকে। লোক-গীততো মাছক স্ত্ৰী-সৌন্দৰ্যৰ উপমা, যৌন প্ৰতীক, দাম্পত্য সম্প্ৰীতিৰ (পাভ-যোৰ) আদৰ্শস্বৰূপে ব্যৱহাৰ কৰা হয়। বহুতো অসমীয়া লোক-গীতত মাছক ছোৱালী আৰু মাছ ধৰাক প্ৰেমৰ প্ৰতীক হিচাপে লোৱা হয়।

মাছ হোৱা হ’লে পৰিলোহেঁতেন গৈ

তোমাৰে খেৱালী জালত।

-------

কাক ডোংগাৰ বৰালিৰে দেৰচোৱাৰ বৰালি

কেনেকৈ মিহলি হ’ল ?

মিৰিসকলেও মাছক বিয়াৰ প্ৰতীক হিচাপে লৈ গীত গায় –

চিৰকি আবুংলেম কাপেউল্‌চ

তিউবগ নিউ-ম্‌গননাম দিপেও মুলচ

মেউনামাই আলপুনা মেবু-ন্‌গেকেন পেউ

গিউ টকা।

“যদিহে তোমাৰ চিৰকি নৈ চাবলৈ হেঁপাহ আছে আৰু যদিহে তোমাৰ মাছৰ আঞ্জা খাবৰ মন, তেনেহ’লে হেৰা মোৰ ফুলকলি, মোক বিয়া কৰোৱা”। অসমীয়া মৎস পুৰাণ নামৰ পুথিত, অলেখ মাছৰ নাম আছে। মাছবোৰৰ উৎপত্তি আৰু মাছৰ লগত সম্পৰ্ক থকা বহুতো কাহিনী আছে। মাছৰ আকৃতি, জোখ, বৰণ, লক্ষণৰ পৰা অসমীয়াত বহুতো প্ৰবাদ আদি প্ৰচলিত হৈ আহিছে। ‘ওচৰৰ পুঠি-খলিহা দূৰৰ ৰৌ-বৰালি’, ‘মাছৰ চিকুণ নেৰীয়া’ আদি। অসমীয়াত ভকতীয়া-ফকৰা নামে এবিধ বিশেষ ধৰণৰ প্ৰবাদৰ প্ৰচলন আছে। ইবোৰত ধৰ্ম, নৈতিকতা সম্পৰ্কীয় কতা সাঁথৰত বৰ্ণোৱা আছে। এনে কেতবোৰত মাছক উপমা হিচাপে ব্যৱহাৰ কৰা হয় –

বাৰ হাত জালৰ তেৰ হাত ফটা।

কি মাছ মাৰিলি বাপৰ বেটা।

ৰৌ-বৰালি সৰকি গ’ল।

পুঠি-খলিহা পাহে পাহ্ৰ ৰ’ল।

--------

একেটা বিলতে         দুটিমাছ ওপজে

শাল শল দুইজন।

শালটো মাৰি আনি      বাছি কুটি খায়

শলটো হৈলা কোনজন ।।

মানুহৰ সাংস্কৃতিক জীৱনৰ লগত ঠাইৰ নামৰ যদি কিবা সম্পৰ্ক আছে তেনেহ’লে মাছৰ নামেৰে যোৱা অসমৰ অলেখ গাঁৱৰ নাম এই সম্পৰ্কত বিশেষ অৰ্থপূৰ্ণ।

উৎস: অসমৰ লোক-সংস্কৃতি।

2.975
Anonymous Apr 01, 2018 08:36 AM

ভাল লাগিল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top