মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / লোক-ভাষাত ডাকৰ বচন আৰু পটন্তৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোক-ভাষাত ডাকৰ বচন আৰু পটন্তৰ

লোক-ভাষাত ডাকৰ বচন আৰু পটন্তৰৰ বিষয়ে লিখা হৈছে ।

 

ভাষা সাহিত্যৰ ইতিহাস সম্পৰ্কে বিশদ জ্ঞান নোহোৱাকৈ, সেই সম্পৰ্কে কিছুমান কথা কোৱা, টুলুঙা মন্তব্যৰ সমপৰ্যায়ৰ হলেও, ডাকৰ বচন সম্পৰ্কে মনলৈ অহা এটা কথা ভগাই লোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ৷

ডাকৰ বচন আচলতে ডাক নামৰ কোনো লোকসাহিত্যিকৰ সৃষ্টি নে মানুহৰ মুখে মুখে প্ৰচলিত এক শ্ৰেণীৰ প্ৰবচন সেই বিষয়ত কিছু ভিন্নমত আছে যদিও, ডাক শব্দটো প্ৰাচীন প্ৰাগজ্যোতিষপুৰত প্ৰচলিত ভাষাত ‘মাতা’ বা ‘কোৱা’ বুজাবলৈও ব্যৱহাৰ কৰা হৈছিল৷

সেই ফালৰ পৰা ‘ডাকৰ বচন’ সমূহ পুৰণি অসমীয়া গ্ৰাম্য সমাজত মুখে মুখে মুখ বাগৰি প্ৰচলিত হৈ অহা দৈনন্দিন জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় বুলি সেই সময়ত গণ্য কৰা একপ্ৰকাৰ নীতি-নিৰ্দেশনা আছিল বুলি ভবাৰ থল আছে৷

প্ৰতিটো বিষয়কে সামৰি লোৱা এই ডাকৰ বচন সমূহ দৈনন্দিন জীৱনৰ ব্যবহাৰিক দিশটোৰ লগত সংপৃক্ত হৈ আছে৷

ডাকৰ বচন অসমীয়া লোক-সাহিত্যৰ এক অনন্য উদাহৰণ৷ গ্ৰাম্যজীৱনত মুখে মুখে প্ৰচলিত হৈ অহা এই বচন সমূহৰো অঞ্চল বিশেষে ৰূপৰ তাৰতময থকাটো স্বাভাবিক৷

সময়ৰ গৰ্ভত বহুতো তেনেকুৱা বচন বিলুপ্তও হৈছে, সেইটো সহজতে অনুমান কৰিব পাৰি৷ ফকৰা যোজনা আৰু ডাকৰ বচন কিছু কিছু ক্ষেত্ৰত একে যেন লাগিলেও কিছু পাৰ্থক্য আছে৷

আনহাতে কিছুমান ফকৰা যোজনাক ডাকৰ বচন বুলি ভুল কৰাৰ দৰে, কিছুমান ডাকৰ বচনো গৈ ফকৰা যোজনাৰ শাৰীত সোমাই পৰিছে বুলি ভবাৰ খল আছে৷

কিন্তু ডাকৰ বচন আৰু ফকৰা যোজনা এটা বিশেষ চৰিত্ৰগত পাৰ্থক্য আছে সেইটো হ’ল- ডাকৰ বচন নিৰ্দেশনামূলক আৰু ফকৰা যোজনা পটন্তৰ বা উদাহৰণমূলক৷

ফকৰা যোজনা‍, ডাকৰ বচন বা অতীতৰ পৰা চলি অহা বিভিন্ন পটন্তৰ সমূহ লোক-ভাষা ৰূপত বহু কাল প্ৰচলিত হৈ আহি লো‍ক-সাহিত্যৰ ৰূপ পৰিগ্ৰহ কৰাৰ এক জীৱন্ত উদাহৰণ৷

লোক-ভাষাৰ বিস্তৃতি স্বাভাবিকতে কম৷ ভাষাৰ পৰিমাৰ্জিত ৰুপটো লিখিত সাহিত্যই গ্ৰহণ কৰে‌৷ এইটো স্বাভাবিক কথা যদিও ভাষাৰ পৰিমাৰ্জিত ৰূপটোত লোক-ভাষা বিলাক অবহেলিত হৈ পৰাৰ স্বাভাবিক প্ৰৱণতাৰ এটা থকাৰ বাবে ভাষা বিলাকৰ বহুতো মুখে মুখে চলি অহা সাহিত্যৰ মৰ্যাদা পাবলগীয়া সমলো বিস্মৃতিৰ গৰ্ভত বিলীন হৈ যায়৷ ইও স্বাভাবিক প্ৰক্ৰিয়া৷

তাৰ মাজতো ‍যদি বিভিন্ন লোক-ভাষীৰ মাজত আজিও প্ৰচলিত হৈ থকা অলিখিত, অপৰিমাৰ্জিত, সাহিত্যবিলাক (এইথিনিতে এটা কথা কৈ থোৱা ভাল হ’ব যে লোক-ভাষাক ভাষাৰ অপৰিমাৰ্জিত ৰূপ বুলি কোৱা বাবে কোনো জাঙুৰ খাই উঠিব লগা নাই৷

ভাষাৰ লিখিত ৰূপটোক পৰিমাৰ্জিত ৰূপ বুলি কোৱা হয় বাবে, সেই অৰ্থত ভাষাৰ কথিত ৰূপটোক অপৰিমাৰ্জিত বুলি কোৱা হৈছে৷

ইয়াতে আৰু আন এটা কথা মনকৰিবলগীয়া আছে যে অসমত প্ৰচলিত অসমীয়া ভাষাৰ বিভিন্ন কথিত ৰূপবিলাকৰ কোনোটোৱে প্ৰকৃতাৰ্থত পৰিমাৰ্জিত ৰূপ নহয়৷

অৱশ্যে অঞ্চলবিশেষে কথিত ৰূপটো বা লোক-ভাষাটো লিখিত ৰূপটোৰ অলপ বেছি ওচৰ চপা৷ অঞ্চলবিশেষে কিছু লোকৰ মান্য ভাষাটো ব্যৱহাৰ কৰে বুলি ধাৰণা এটা আছে যদিও প্ৰকৃতাৰ্থত, লোক-ভাষা হিচাবে অসমত ক’তোৱে অসমীয়াৰ পৰিমাৰ্জিত ৰূপটোৰ ব্যৱহাৰ নাই৷)

যদিহে লিপিবদ্ধ (লিখিত ৰূপ দিয়াৰ কথা কোৱা হোৱা নাই) কৰা হয় বা কৰিব পৰা যায় ই নিশ্চয় অসমীয়া সাহিত্য ভঁৰাল টনকীয়াল কৰিব৷

লোক-ভাষাৰ সাহিত্যৰ উপাদান হ’ব পৰা সমলৰ ক্ষেত্ৰখন কিন্তু সীমিত নহয়৷ এই ক্ষেত্ৰখন, বিয়া নামৰ পৰা আদি কৰি বিভিন্ন উতসৱত, যেনে মহ খেদা‍, গোলিত থগি দিয়া (গোহালিত শৰাই আগবঢ়োৱা) পৰা আৰম্ভ কৰি খিচা গীতলৈ ব্যৱহাৰ হোৱা গীতমাত- কেঁচুৱা নিচুকোৱাৰ পৰা সাধুকথালৈ, দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হোৱা প্ৰবচন, ফকৰা যোজনা, পটন্তৰকে ধৰি অসীম সমলেৰে ভৰি আছে৷

তাৰ উপৰিও অঞ্চল বিশেষৰ বিশেষত্বৰ স্বাক্ষৰ বহন কৰা নাম, নাগৰা, ঢুলীয়া, ওজাপালি, আদিত ব্যৱহাৰ হোৱা সাহিত্য বা গীতি-সাহিত্যৰে এতিয়াও নদন-বদন হৈ থকা লোক-ভাষাৰ জগতখন এতিয়াও অলিখিত ৰূপৰ নান্দনিক সাহিত্যিক সমলেৰে ভৰি আছে৷

লোকভাষা দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ৷ লিখোতে যিমানেই পৰিমাৰ্জিত ৰূপ ব্যৱহাৰ কৰা নহওক কিয় মানুহৰ চিন্তাই কিন্তু নিজৰ নিজৰ লোক-ভাষাৰ বঠাপাতক সাৰথি কৰিহে নাও মেলে৷

ডাক বচনন সমূহৰ সাহিত্যিক মূল্যৰ কথা ক’বলৈ যোৱাটো বাতুলতাৰ নামান্তৰ হ’ব৷ কিন্তুু একসময়ত এই সমূহ লোক-ভাষাৰ পৰ্যায়তে আছিল৷ লোক-ভাষাই সাহিত্যক সমৃদ্ধ কৰাৰ ইয়াতকৈ উৎকৃষ্ট উদাহৰণৰ বোধহয় প্ৰয়োজন নাই৷

লোক-ভাষা লোক-সাহিত্যৰ জননী স্বৰূপ৷ প্ৰত্যাহিক জীৱন নিৰ্বাহৰ সামগ্ৰীক দিশকে সামৰি লৈ লোক-ভাষাতেই লোক-সাহিত্যৰ অংকুৰণ হয়৷

এটা চমু লেখাত সকলো দিশ সামৰা সম্ভৱ নহয়৷ জনজীৱনৰ বিভিন্ন দিশত লগত সাঙোৰ খাই থকা লোক-ভাষাত প্ৰচলিত খাদ্য আৰু খাদ্যাভ্যাসৰ লগত জড়িত দিশটোৰ ওপৰত এক চমু আলোকপাত কৰা প্ৰয়াস কৰিম৷

নদীমাতৃক অঞ্চল অসমৰ কৃষি প্ৰধান গ্ৰাম্যসমাজৰ খাদ্য প্ৰস্তুতকৰণৰ লগত সম্পৰ্কিত এটা পদ্ধতিগত নীতি নিৰ্দেশনামূলক ডাকৰ বচনেৰে (যাক পৌৰাণিক খাদ্য প্ৰস্তুত প্ৰণালী বুলিহে কোৱা যুগুত যেন লাগে) লোক-ভাষাত প্ৰচলিত লোক-কথাবিলাক কেনেকৈ জনজীৱনৰ লগত সংপৃক্ত হৈ আছে, সেইটো জুকিয়াই চাব পাৰি৷

এই বচনটোত ৰন্ধনৰ নিয়মৰ এটা সুন্দৰ বৰ্ণনা আছে-

দীৰ্ঘ শ্বাসে দিবা ফুক

তেহে দেখিবা জুইৰ মুখ৷

চাউল দিবা জুখি-মাখি

উতলি থকা চাউল চাবা

পানী দিবা তিনিগুণ ৰাখি

ভাত হ’ল বুলি নমাই থবা৷

মাগুৰ মাছক কাছি কুটিয়া

হালধি মৰিচ হিঙক দিবা৷

কাৱৈ মাছক কাছি কুটিয়া

ত্ৰিকুট দিয়া তৈলে ভাজিয়া

ওলট পালট কৰিয়া পিঠি

খাই পাবা তেবে‍সে মিষ্টি৷

ইলিছ মাছক কাছি কুটিয়া

ত্ৰিকুট দিয়া তৈলে ভাজিয়া

সৰষা বটি ব্যঞ্জন পকায়

ইয়াক খাই মূৰ নুতুলয়৷

পকা তেতেলি বুঢ়া বৰালি

প্ৰচুৰকৈ জাল দিবা টানি

কাঢ়ি দিবা টেঙাৰ জোল

খাবৰ বেলা মূৰ নোতোল৷

মাছৰ বৰালি মাহৰ মচুৰ

নেমুৰ ৰস দি খায় প্ৰচুৰ৷

মাংসত মাংস বাঢ়ে ঘৃতে বাঢ়ে বল

এৱা দূগ্ধে চন্দ্ৰ বাঢ়ে শাকত বাঢ়ে মল৷

কাক নষ্ট ভাণ্ডে কুলা

মাংস নষ্ট ৰান্ধে মূলা৷

অসমত খাদ্য হিচাপে মাছৰ প্ৰচলন প্ৰচুৰ৷

গতিকে লোক-ভাষাত মাছক লৈ বহুতো পটন্তৰ পোৱা যায়৷ এসময়ত অসমত পোৰা মাছৰ বহুল প্ৰয়োগ আছিল৷

পোৰা মাছ, নিমখ, জলকীয়া, কলাখাৰ সানি পঁইটা ভাতেৰে খোৱাটো গ্ৰাম্যাঞ্চলৰ পৰম্পাগত খাদ্য বুলিব পাৰি৷ আনকি আলহীকো পোৰা মাছ যাচিছিল৷

“আপি আমাৰ ঘৰক যাবি

পোৰা মাছে পন্তা ভাতে পেট ভৰাই খাবি৷”

শহুৰ বোৱাৰীয়েকৰ মাজৰ উখুনা উখুনিৰ ছবি খন তুলি ধৰা এটা ধেমেলীয়া পটন্তৰ আছে৷ বোৱাৰীয়েকৰ মাছ পোৰা বৰ প্ৰিয়৷

নানা ব্যঞ্জন থাকিলেও বোৱাৰীয়েকে মাছ পোৰাৰ লোভ সামৰিব নোৱাৰি, ৰান্ধিবলৈ নিয়া গৰৈ মাছৰ ডাঙৰ চাই এটা জুহালত পুৰিবলৈ দিবলৈ থৈ দিছিল৷ জুহাল মানে আকৌ ৰান্ধনীশাল নহয়৷

আগৰ কালত তুঁহ জুই জ্বলাই ৰখা জুহাল এখন আছিল৷ তাত দিনভৰ তুঁহজুই উমি উমি জ্বলি থাকে৷ তাৰ পৰা যাৰে যেতিয়া দৰ্কাৰ হয় ফুঁৱাই ফুঁৱাই জুঁই জ্বলাই নিয়ে৷

কোনেও গম নোপোৱাকৈ গৰৈ মাছটো পুৰিব দিলে হয়, পোৰা মাছটো আনিবলৈ গৈ দেখে শহুৰ বুঢ়া জুহালত বহি আছে৷ মনে মনে পুৰিবলৈ দিয়া মাছটো আনে কেনেকৈ?

আকাৰে ইংগিতে বোৱাৰীয়েকে ক’লে-

“জহো হৈছি কাল মহো হৈছি কাল

শহুৰ বুঢ়া বাইজ ওল্লিহে ভাল৷”

ইপিনে শহুৰেকে বোৱাৰীয়েকৰ পোৰা মাছৰ লোভৰ কথাটো ভালকৈয়ে জানে৷ তাতে আকৌ জুহালৰ পৰা মাছ পোৰাৰ ফুৰফুৰীয়া গোন্ধটো আহি নাকত লাগিছেই৷

শহুৰেকে উত্তৰ দিলে৷ –

“জহো থাকক বই মহো থাকক বই

তুহৰ তলৰ ধূম্ গৰেটু সিও যাওক দই৷”

লোক-ভাষাত গ্ৰাম্য জীৱনৰ সজীৱ বৰ্ণনাৰে ভৰা অসংখ্য লোক কথা বা পটন্তৰ পোৱা যায়৷

দৈৰ পানী এইড়াৰ কাণি- দৈৰ পানী হ’লেও পুষ্টিকৰ এৰীৰ কাণি (ফটা-চিৰা) হ’লেও ঠাণ্ডা আগুৰে৷

অধুনাবিলুপ্ত প্ৰায় শাকতোলা অতীতৰ মহিলাসকলৰ এটা আনন্দদায়ক উৎসৱমুখৰ কৰ্ম আছিল৷ ঠাণ্ডাৰ পদাৰ্পণৰ সময়ত জীয়ৰী-বোৱাৰী সকলে ৰ’দৰ আমেজ লৈ শাকনি, কঠীয়াতলি, সৰিয়হতলিত বা পথাৰত সামুহিক ভাবে শাক তোলা এটা নিত্যনৈমিত্তিক কাম আছিল৷

স্মৰ্তব্য যে তেতিয়া খেতি কৰা লাই পালেঙৰ বাহিৰেও এনেয়ে গজা শাকে-পাতে চৌদিশ ভৰি আছিল৷

তেনে শাকৰ ভিতৰত খুদুনা, ভৌথা, থথনি, ঢেকীয়া, দুৰুম ফুল আদিয়ে প্ৰধান৷ সাত বিহুৰ ভিতৰত শাকতোলা বুলি এটা উৎসৱো যে আছিল আজি-কালি আধুনিকতাৰ ধামখুমীয়াত আমি পাহৰিয়ে পেলাইছোঁ৷

আনন্দ উলাহেৰে গীত গাই শাক তোলা সেই পৰিবেশ আৰু কাহানিও ঘূৰি নাহে৷ কিন্তুু শাক তোলোতে গোৱা গীতবোৰ সংৰক্ষণৰ মাধ্যমেৰে অতীতক জীৱাষ্ম আকাৰে ধৰি ৰাখিব নিশ্চয় পাৰো৷

সাত শাক তুলবা ওলো বৈনী

সাত শাক তুলবা ওলো৷

কালিৰ পেৰে ছলিকেটাই

লুগে আছে কলো মলো৷

খুদনাই বোলে মই শাকৰ ৰাণী

মোক ৰান্ধোতে নিদিবা পানী৷

ঢেইকাই বুলে মই শাকৰ ৰাজা

ওঁঠ চেলকিবা খালি মোৰ ভাজা৷

খোৱা লোৱাৰ ক্ষেত্ৰত ‍চিকোনকটা (ইবিধ বছা সিবিধ বছা) লোকৰ স্বাস্থ্য যে ভাল নহয় তাক বুজোৱা এটা পটন্তৰ আছে৷

শাকে শুকতাই ভক্ষণ

সি হ’ল পুৰুষৰ লক্ষণ৷

ওকলা খাৱৰ ভকলা গাৰী

ভোগ খাৱৰ শুখই নাৰী৷

বাছ বিচাৰ নকৰাকৈ তৃপ্তিৰে খাব পৰাজনহে সু‍স্বাস্থ্যৰ গৰাকী হ’ব পাৰে৷ পেট পুৰাই ঘাঁহ পানী খুৱাব পাৰিলেহে বলধ কৰ্মঠ হৈ থাকিব পাৰে৷

“ঘাঁহে বলধা ভাতে মৰ্দা৷”

বহুতো পটন্তৰত বিজ্ঞান মনষ্কতাৰ উমান পোৱা যায়৷ নীতি নিয়ম বিলাকত বিজ্ঞানমনষ্কতা থকা বুলি ক’লেই বহুতে উপলুঙাসূচক তিৎকাৰী উপহাৰ দিয়াৰ মানসিকতা আছে যদিও সেই সমূহ বিশ্লেষণ কৰিলে সেই সময়ৰ বিজ্ঞান মানসিকতাটো তাতে লুকাই আছে৷

সময়ৰ সোঁতত বিজ্ঞানৰ প্ৰসাৰে তেনে বহু নীতি নিয়ম অযুক্তিসংগত বুলি প্ৰতিপন্ন কৰিলেও বহুতো পটন্তৰ আজিও ব্যৱহাৰিক জ্ঞানৰ উদাহৰণ বুলি ক’ব পৰা যায়৷ টেঙা খাৰ একেলগে খাব নাপায় বুলি কোৱা, টেঙা খাই প্ৰচুৰ পানী খাব লাগে বুলি থকা নিয়ম, আদি তাৰ উদাহৰণ৷

“টেঙা খাই নাখয় পানী

যমে মানহে টানা টানি৷ ”

“টেঙাই খাৰে সানি খাএ

পেট পালি ভচ্ছু উঠি যাএ৷ ”

পুৰি খোৱা লগা মাছ বাকলি থকা হ’বই লাগিব৷ পাতত দি খোৱা মাছ বাকলি নথকা হ’লে উতকৃষ্ট৷ ইত্যাদি ইত্যাদি……. ব্যৱহাৰিক জ্ঞানৰ আঁকৰ হিচাবে সৃষ্টি হোৱা বিভিন্ন বচন বা পটন্তৰৰ মাধ্যমেৰে গাৰ্হস্ত্য জীৱনৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্দেশণাবোৰ মুখে মুখে মুখ বাগৰিয়েই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গৈছিল৷

গ্ৰাম্য সংস্কৃতিৰ প্ৰতিটো দিশেই সামৰি লোৱা মেটমৰা ভাণ্ডাৰেৰে সমৃদ্ধ আমাৰ লোক-ভাষাৰ লোক-সাহিত্যৰ সমলৰ অধিকাংশই এতিয়া বিস্মৃতিৰ গৰ্ভত৷

হয়তো সকলো ভাষাৰে জনজীৱনৰ আধাৰত কথিত ভাষাত সৃষ্টি হোৱা এনে অপৰিমাৰ্জিত ৰূপৰ লোক-সাহিত্য বা লোক-কথা বিলাক কিছু পৰিমাণে অৱহেলাৰ পাত্ৰ হৈ নিঃশেষ হৈ যায়৷

তথাপি আজি কালি সকলো কথাই সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়াৰ মানসিকতা আৰু সংৰক্ষণ ব্যৱস্থাৰ সুলভতালৈ চাই এটা কথা নিশ্চয় ভাবিব পাৰি যে প্ৰধানত গ্ৰাম্য কৃষ্টিৰ চানেকী বহন কৰা লোক-ভাষাত এতিয়াও চেকা চেৰেকাকৈ প্ৰচলিত হৈ থকা লোক-সাহিত্য সমলখিনি সংৰক্ষণ কৰিব পাৰিলে আন নহ’লেও কেতিয়াবালৈ ইতিহাস হিচাবেই অনাগত যুগৰ প্ৰজন্মই অধ্যয়ন কৰিব পাৰিব৷

(ডাকৰ বচন আৰু পটন্তৰখিনি শ্ৰীনৰনাৰায়ণ শৰ্মাৰ পৰা লোৱা হৈছে৷)

লেখক: দ্বীজেন্দ্ৰ নাথ শৰ্মা

উৎস: সাহিত্য.অৰ্গ

 

 

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top