অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোক-শিল্প

লোক-শিল্প

গাঁৱলীয়া জীৱনৰ সুকুমাৰ-কলা প্ৰীতিৰ পৰিচয় ফুটি ওলায় হস্ত-শিল্প আৰু লোক-শিল্পত। কেৱল দৈনন্দিন প্ৰয়োজনৰ সা-সঁজুলিতে নহয়, ধৰ্মমূলক ক্ৰিয়া-অনুষ্ঠানৰ লগতো লোক-শিল্পৰ সম্বন্ধ মন কৰিব লগীয়া। এই লোক-শিল্পৰ প্ৰাচীন নিদৰ্শন হ’ল মৃৎ-শিল্প বা কুমাৰৰ শিল্প। গাঁৱৰ মানুহৰ নিত্য ব্যৱহাৰৰ কাৰণে তৈয়াৰ কৰা এই সামগ্ৰীসমূহত কুমাৰৰ শিল্পনিপুণ ব্যক্তিত্বৰ মনোৰম ছাপ প্ৰকাশ পায়। বাৰ্ডউডে ঠিকেই কৈছে, ‘ৰূপ আৰু ব্যৱহাৰিক সুবিধা, আৰু অনাড়ম্বৰতাৰ পিনৰপৰা ভাৰতবৰ্ষৰ মৃৎ-শিল্প প্ৰকৃতিৰ লগত ৰজিতা খাই পৰিছে; কলাৰ ক্ষেত্ৰতো, ঘৰুৱা আৰু কম খৰচীসকলো হস্ত-শিল্পৰ ভিতৰত মৃ-শিল্প সৰ্বাংগসুন্দৰ’। প্ৰাচীন মৃৎ-শিল্পৰ চানেকি অসমত সৰহ নাই। ইয়াৰ প্ৰধান কাৰণ মাটিৰ বস্তু বহুদিন নিটিকে। তাৰোপৰি মাটিৰ পাত্ৰ সহজতে অশুচি হয় বুলি এবাৰ ব্যৱহাৰৰ পিছতে তাক নষ্ট কৰি পেলোৱা হয়। গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰহালয়ত কেইটিমান বিভিন্ন চানেকিৰ মাটিৰ পুৰণিকলীয়া পাত্ৰ সংৰক্ষণ কৰা হৈছে। ইয়াৰে ভগা কলহ আৰু ধূনা জ্বলোৱা পাত্ৰটিয়ে শিল্পীৰ শিল্পাদৰ্শৰ সুন্দৰ পৰিচয় দিছে। কলহটোৰ গাৰ অংকন-ৰেখা আৰু চাকচিক্যই দৰ্শকৰ দৃষ্টি সহজে আকৰ্ষণ কৰে। দৈনন্দিন প্ৰয়োজনৰ বস্তুৰ বাহিৰেও কুমাৰে বিআস আৰু আনন্দ-উৎসৱৰ পুতআ আদি সামগ্ৰীও গঢ়ে। গাঁৱৰ কুমাৰ আৰু খনিকৰে নানা দেৱ-দেৱীৰ প্ৰতিমাও গঢ়ে। কুমাৰ আৰু কুমাৰণীৰ বস্তুৰ ভিতৰত মানুহ, জীৱ-জন্তু, গছ-গছনি অংকিত পোৰামাটিৰ কেইবাখনো প্ৰাচীন ফলক শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ আৰু শিৱসাগৰৰ দৌল-দেৱালয়ৰ কাষত পোৱা গৈছে। উচ্চ স্তৰৰ শিল্প নহ’লেও, এইবোৰত মানুহ আৰু প্ৰকৃতিৰ মনোৰম ব্যঞ্জনা ফুটি উঠিছে। পুতলাৰ প্ৰসংগত কামৰূপৰ পুতেলি বিয়াৰ উল্লেখ বিশেষ প্ৰয়োজন। ব’হাগ মাহত পুত্ৰহীনা বিধৱাই পৰিয়ালৰ ঘাইকৈ বন্ধ্যা তিৰোতাৰ পুত্ৰ কামনা কৰি কেইবাযোৰাও পুতলাৰ দৰা-কন্যা সাজি পুতলা-বিয়া পাতে। বিবাহ-অনুষ্ঠানৰ পিছত এই পুতলাৰ দৰা-কন্যাবোৰ কলগছৰ ভূৰত তুলি কেইটামান হাঁহ কণীৰে সৈতে নদীত উটাই দিয়ে। প্ৰাচীন কালৰেপৰা অসম শৈৱ আৰু শাক্ত ধৰ্মৰ প্ৰখ্যাত কেন্দ্ৰ। শৈৱ আৰু শাক্ত দেৱ-দেৱীৰ অলেখ শিলৰ মূৰ্তি অসমৰ বহু ঠাইত আৱিষ্কৃত হৈছে। সাময়িক পূজা-অৰ্চনাৰ কাৰণে কুমাৰেও পোৰা মাটিৰ মূৰ্তি, চক্ৰ আৰু মণ্ডল সাজিছিল। এনে কেইটামান মূৰ্তি গুৱাহাটীৰ সংগ্ৰহালয়ত সংৰক্ষিত কৰা হৈছে। এই মূৰ্তিসমূহৰ পৰা শৈৱ-শাক্ত ধৰ্মৰ প্ৰচাৰ আৰু পূজানুষ্ঠানৰ বিষয়েও জানিব পাৰি। মাটিৰ পিছতে শিল্প-সৃষ্টিৰ ক্ষেত্ৰত সহজতে পোৱা উপকৰণ হৈছে বাঁহ, বেত আৰু কাঠ। অসমৰ বাঁহ-বেতৰ কাম অতীতৰে পৰা সুবিখ্যাত। কুমাৰ ভাস্কৰবৰ্মাই মহাৰাজ হৰ্ষবৰ্ধনলৈ পঠোৱা উপহাৰৰ ভিতৰত বিচিত্ৰ ৰঙৰ বেতৰ জপাত (ৰেত্ৰকৰণ্ড) কুণ্ডলী পকাই ভিতৰলৈ নিয়া উত্তৰীয়-বস্ত্ৰ, প্ৰিয়ংগু মঞ্জৰীৰ বেতৰ আসন, সহকাৰ ৰসেৰে পৰিপূৰ্ণ বাঁহৰ চুঙা, বেতৰ সজাত ভৰোৱা মাত লোৱা শুক-সাৰিকা আদিয়েই প্ৰধান। ফাটিয়া-ই-ইব্ৰাহিয়ে অসমৰ কাঠৰ কামৰ বিশেষ প্ৰশংসা কৰিছে। মোগলৰ বুৰঞ্জীলিখকসকলে ব্ৰহ্মপুত্ৰত বেগাই যাব পৰা বিভিন্ন ধৰণৰ নাৱৰ বিৱৰণো দি গৈছে। অসমৰ সত্ৰসমূহৰ হেঙুল-হাইতালেৰে বোলোৱা চৰা-নাও বিশেষ উল্লেখযোগ্য। অসমৰ পুৰণি লিপি আৰু মধ্যযুগৰ সাহিত্যত বিশেষকৈ মনসা কাব্যত, সোণ-খটোৱা আৰু বিভিন্ন ধৰণৰ বেপেৰুৱা নাৱৰ বৰ্ণনা আছে। পুৰণিকালৰ যান-বাহনৰ ভিতৰত দোলা প্ৰধান। আভিজাত্যৰ স্তৰ অনুসৰি বিভিন্ন আৰ্হি আৰু কাৰুকাৰ্যমণ্ডিত দোলাৰ প্ৰচলন আছিল। স্বৰ্গদেউসকলৰ, সত্ৰাধিকাৰৰ, বিষয়াৰ, বিবাহ আদি উৎসৱত ব্যৱহৃত হোৱা সাধাৰণ প্ৰজাৰ আকৌ সুকীয়া সুকীয়া দোলা আছিল। সত্ৰৰ কৰপাট আদি, ঘৰ-দুৱাৰ আৰু গাঁৱৰ নামঘৰেও গাঁৱলীয়া ৰাইজক কাৰু-শিল্পৰ চৰ্চাত সুযোগ আৰু প্ৰেৰণা যোগাইছে। সত্ৰীয়া কীৰ্তন ঘৰৰ ডাঙৰ ডাঙৰ ঘূৰণীয়া খুঁটাত, চ’টিত, দুৱাৰত বিবিধ মূৰ্তি কটা হয়। সিংহাসন, থাপনা, ঠগা আৰু গছাতো জীৱ-জন্তু, ফুল-লতা – বিশেষকৈ পদুম ফুল কাটি হেঙুল-হাইতালৰ সংমিশ্ৰণত চকুৰোৱাকৈ গঢ়া হয়। ইয়াৰ বাহিৰেও সিংহ, গৰুড়, হনুমান, জয়-বিজয় আৰু প্ৰহ্লাদৰ কাঠৰ মূৰ্তিৰে নামঘৰ সজায়। কীৰ্তিমুখ, মগৰ আৰু সিংহই পিছপিনৰ পৰা হাতীক আক্ৰমণ কৰা মূৰ্তি অসমৰ শিল্পত সৰবৰহী হৈ পৰিছে। এনে মূৰ্তি সাধাৰন মানুহৰ ঘৰ-দুৱাৰৰ বাহিৰেও তাঁত আৰু ঢেঁকীশালৰ সা-সঁজুলিটো কটা হয়। মন্দিৰত আৰু নামঘৰৰ বেৰত সজাবলৈকো কাঠত মূৰ্তি কটা হয়। কোনো অঞ্চলত বছৰেকীয়া পূজাৰ দেৱ-দেৱীৰ মূৰ্তি কাঠত কটা হয়। পুৰণি মূৰ্তিৰ ওপৰতে বছৰে বছৰে নকৈ ৰহণ বোলাই পূজা কৰে। বাঁহৰ কাঠী তুলাপাতৰ বাহিৰে কাঠত কটা মুখাও আছে। ভাওনাৰ মুখাবোৰ ঘাইকৈ তিনি শ্ৰেণীত ভাগ কৰিব পাৰি : দেৱতাদানৱৰ মুখা, পৌৰাণিক আৰু বাস্তৱ জীৱ-জন্তুৰ মুখা আৰু বহুৱাৰ মুখা। ইয়াৰে কেতবোৰ মুখত পিন্ধা হয়, কিছুমানে ভৰিৰপৰা মূৰলৈকে ঢাকি ধৰে। কাঠৰ ঘৰুৱা সা-সঁজুলিৰ ভিতৰত ফুলজালি কটা পীৰা, বৰ পীৰা, চাল পীৰা, পেৰা, বৰপেৰা আদি সচৰাচৰ ব্যৱহৃত হয়। এইবোৰৰ গাত চৰাই-চিৰিকটি, ফুল-লতা, জ্যামিতিক চিত্ৰ কটা হয়। ধুনীয়াকৈ লতা-ফুল কটা উৰল এটি গুৱাহাটীৰ চৰকাৰী বয়ন-বিভাগে সংগ্ৰহ কৰিছে; ই যিকোনো দেশৰ শিল্প-সংগ্ৰহালয়ৰে সৌন্দৰ্য বঢ়াব। বাঁহ-বেতৰ বস্তু ঘাইকৈ গৃহস্থালিৰ প্ৰয়োজনৰ কাৰণেই সজা হয়। ইয়াৰ সৰহভাগৰে সম্বন্ধ ধানৰ লগত। সেইবোৰ হৈছে সৰু বৰ, ঘন-সেৰেঙা, নানা প্ৰকাৰৰ চালনী, খৰাহী, পাচি, ডুলি, ডলা, কুলা; জোখ-মাপৰ দোণ আৰু তুলাচালনী। কাপোৰ-কানি, বয়-বস্তু থ’বলৈ গাঁৱৰ মানুহে বাঁহ-বেতৰ জপা সাজে। ভাস্কৰবৰ্মাই এনে জপাতে কাপোৰ নুৰিয়াই হৰ্ষবৰ্ধনলৈ পঠাইছিল। অসমীয়া পুৰণি-সাহিত্যৰ ঠায়ে ঠায়ে বিছনীৰ মনোৰম বৰ্ণনা আছে। জাপি লোক-শিল্পৰ উচ্চতম সৃষ্টি। ব্যৱহাৰিক প্ৰয়োজনৰ বাহিৰেও আহোম যুগত জাপি আভিজাত্যৰ নিদৰ্শন আছিল। কোনো কোনো পণ্ডিতে জাপি তিব্বতী-বৰ্মীভাষী দেশৰপৰা অহা বুলি মত প্ৰকাশ কৰিছে। গাঁৱলীয়া তিৰোতাই বাঁহ-বেতৰপৰা নাক-কাণৰ অলংকাৰ-পাতিও গঢ়ায়। মূৰ-আঁচোৰা আৰু চুলিত গোজা নানা আৰ্হিৰ ফুল-লতা কটা কাকৈ-ফণীও বাঁহ-বেতেৰে সজা হয়। কাকৈ আনকি প্ৰেম নিবেদনত উপহাৰ দিয়া হয়, পূজা-অৰ্চনাতো ইয়াৰ প্ৰয়োগ আছে। এই সম্বন্ধে লোকগীতত উল্লেখ আছে:

তোৰে মূৰ চাই        ফণীখন গাঁথিলো,

লগাই ৰাঙলীয়া বেত ।

খাৰু লোৱা মণি লোৱা কুণ্ডল সাতেসৰী ।

তেল সেন্দুৰ ফণি ফালি লোৱা শৰাই ভৰাই ।।

তাঁতশালৰ লগত সম্বন্ধ থকা যঁতৰ, নেওঠনি, নাচনী, ৰাচ বা তোলা চুঙাতো কাৰুকাৰ্য কৰা আৰু ৰং বোলোৱা হয়। গাখীৰ খিৰোৱা বাঁহৰ চুঙা আৰু কাঠৰ কঁৰিয়াতো নানা চিত্ৰ কটা হয়। দৈনন্দিন ব্যৱহাৰৰ এই বস্তুবোৰ সাধাৰণ মানুহৰ সৌন্দৰ্যপ্ৰীতি আৰু শিল্পায়ন প্ৰতিভাৰ পৰিচায়ক। ঘৰুৱা জীৱন আৰু ধৰ্মানুষ্ঠানত বহা আসনৰ প্ৰয়োজন। এইবোৰ বেত-কুঁহিলাৰে সজা হয়। এইবোৰৰ মূৰত বৰ্গ, ত্ৰিকোণ, বক্ৰৰেখা, সৰলৰেখাৰ ৰূপ ফুটি উঠে। কোনো কোনোৱে এই চিত্ৰৰ সম্বন্ধ তান্ত্ৰিক চক্ৰ, মণ্ডলৰ লগত থকা বুলি অনুমান কৰে। ধাতুৰ শিল্পৰ ক্ষেত্ৰতো অসমীয়া মানুহৰ শিল্প-নিপুণতাৰ পৰিচয় ওলাইছে। কাঁহী, বাণ-কাঁহী, মাইহাং, পাণ-ধোৱা বাটি, বাণ-বাটি, লোটা, চৰিয়া, বটা আদিৰ চাকচিক্য, গঢ় মনোৰম কাৰুকাৰ্যই কঁহাৰৰ শিল্প-চাতুৰ্যৰ পৰিচয় দিয়ে। এইবোৰ বস্তুৰ গঢ়ৰূপৰ (যেনে- মাইহাং, বাণ-বাটি) মাজেদি জাতিৰ শিল্প-সংস্কৃতিৰ সংমিশ্ৰণো হৈছে। পিতলৰ বস্তুৰ নিৰ্মাণ সাধাৰণতে মৰীয়া সম্প্ৰদায়ৰ মাজতে আবদ্ধ। মৰীয়াসকলে কেৱল সাধাৰণ প্ৰয়োজনীয় ঢৌ-চৰিয়া, কলহ, গাগৰিকেই নগঢ়ে, তেওঁলোকে হিন্দুৰ ধৰ্মানুষ্ঠানত সদা-সৰ্বদা লাগি থকা শৰাই, গছা, চাকিও গঢ়ে। এইবোৰৰ বাহিৰে পিতলৰ গহনা-গাঁথৰি গাঁৱলীয়া তিৰোতাই আজিও পিন্ধে। বিহুগীতত আছে – ‘চকা পিতলেৰে আঙঠি গঢ়াই দিম, গলপতা গঢ়াই দিম গলত’। অৱশ্যে এইবোৰ সামগ্ৰীত শিল্প-সৌন্দৰ্যতকৈ পুৰণি ঐতিহ্যহে সংৰক্ষিত হৈছে। শিল্পীসকলৰ সৃজনধৰ্মী কল্পনা আৰু অভিনৱ ৰূপ দিয়াৰ ক্ষমতা নোহোৱাত ইয়াৰ সমাদৰ দিনে দিনে হ্ৰাস হৈছে। তদুপৰি এলুমিনিয়াম, চীনামাটি, প্লাষ্টিকৰ সস্তীয়া বস্তুৰ প্ৰচলনৰ লগে লগে এইবোৰৰ ব্যৱহাৰ কমি আহিছে। অৱশ্যে, এই শিল্পক কিছুদিনলৈ গাঁৱৰ ধাৰ্মিক আৰু সাংস্কৃতিক অনুষ্ঠানে জীয়াই ৰাখিব বুলি আশা কৰিব পাৰি। গাঁৱলীয়া জীৱনৰ পূজা-পাৰ্বণ, বিবাহ-মৃত্যুৰ অনুষ্ঠানত এতিয়াও এইবোৰৰ ব্যাপক প্ৰচলন। অসমৰ হাতীদাঁতৰ শিল্পই মহাভাৰতৰ যুগৰপৰাই খ্যাতি লাভ কৰি আহিছে। ভগদত্তই যুধিষ্ঠিৰলৈ পঠিওৱা উপহাৰৰ ভিতৰত অন্যতম আছিল হাতীদাঁতৰ নালৰ তৰোৱাল (শুদ্ধ দন্তত সৰূসীন্‌)। ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ হাতীদাঁতৰ কুণ্ডল আৰু গজমুক্তা পঠিয়াইছিল। আহোম যুগত হাতীদাঁতৰ আঙঠি, ফণী, টেমা, তৰোৱালৰ নাল, কটাৰীৰ ডাবৰ বিশেষ প্ৰচলন আছিল। গাঁৱলীয়া শিল্প আৰু গাঁৱলীয়া মানুহৰ প্ৰয়োজনতে এই শিল্প এতিয়াও জীয়াই আছে। গাঁৱলীয়া খনিকৰে জন্তুৰ শিঙৰপৰাও দুই-এপদ বস্তু গঢ়ে। কাঠৰ মূৰত হৰিণৰ শিং লগাই ধুনীয়া শিল্পৰ বস্তু গঢ়ে। জনজাতিসকলে ম’হৰ শিঙত ৰং চৰাই ঘৰৰ সমুখত সজাই থয়। ই গৃহস্থৰ সচ্ছল অৱস্থাৰ চিনাকি দিয়ে। ম’হৰ শিঙৰ পেঁপা, ফণীও গঢ়া হয়। গাঁৱলীয়া জীৱনৰ লগতে এইবোৰৰ ঘাই সম্বন্ধ আৰু গাঁৱৰ সংস্কৃতিত এই শিল্প বৰ্তি আছে। সোণাৰী-শিল্প অন্য এটি প্ৰাচীন শিল্প। সময়ৰ লগে লগে এই শিল্পৰ প্ৰয়োজন আৰু প্ৰচাৰ বাঢ়িছে যদিও, অসমীয়া সোণাৰী ব্যৱসায়চ্যুত হৈছে; গাঁৱে-ভূঞে আন ঠাইৰ সোণাৰীয়ে তেওঁলোকৰ স্থান দখল কৰিছে। এসময়ত অৱশ্যে অসমীয়া সোণাৰীৰ শিল্প ভাৰতবিখ্যাত আছিল। হৰ্ষবৰ্ধনলৈ ভাস্কৰবৰ্মাই পঠোৱা অলংকাৰৰ তালিকাৰপৰা অসমীয়া সোণাৰীৰ শিল্প-দক্ষতা উপলব্ধি হয়। অসমীয়া সোণাৰীৰ সোণ-গলোৱা প্ৰণালী, অলংকাৰ-পাতি গঢ়া শালৰ স্বকীয় পদ্ধতি আছিল। তালপতা, বিৰী, ঢোল-বিৰী, গেজেৰা, ডুগডুগা, কেৰু-কৰীয়া, লোকাপাৰ, কাণফুল, খাৰু, গামখাৰু, আঙঠি আদি অসমীয়া গহনা-গাঁথৰিৰ স্বতন্ত্ৰ ৰূপ লক্ষ্য কৰিব লগীয়া। এইবোৰ ফুল, লতা, শেন, ভাটৌ আদি অসমৰ প্ৰকৃতিৰ বিভিন্ন সামগ্ৰীৰ অনুকৰণত গঢ়া হয়। আজিও গাঁৱলীয়া তিৰোতা-গাভৰুৰ মাজত অসমীয়া আৰ্হিৰ গহনা-গাঁথৰিৰহে অধিক সমাদৰ। তিৰোতাৰ জীৱনত অলংকাৰৰ কি মৰ্যাদা, সেই কথা আঙঠি পিন্ধোৱা, খাৰুমণি পিন্ধোৱা অনুষ্ঠানৰপৰাই বুজিব পাৰি। ৰামায়ণ-মহাভাৰতৰ যুগৰপৰাই পাটশিল্পৰ কাৰণে অসমে খ্যাতি লাভ কৰি আহিছে। ৰামায়ণত অসমক ‘পলু-পোহাৰ’ দেশ বুলি কোৱা হৈছে। ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ পঠোৱা উপহাৰৰ ভিতৰত শৰৎকালৰ চন্দ্ৰৰ সদৃশ ক্ষৌম বস্ত্ৰ (শৰচ্চন্দ্ৰমৰীচিৰুঞি শৌচক্ষমাণি ক্ষৌমাণি), ভূৰ্জপত্ৰৰ দৰে কোমল, যুতিফল বৰণীয়া পাট কাপোৰ (ভূৰ্জত্বকোমলা: স্পৰ্শৱতী: জাতীপট্টিকা) মুখ্য আছিল। মুছলমান ঐতিহাসিকে অসমৰ পাট অতি উৎকৃষ্ট আৰু চীনৰ পাট সমকক্ষ বুলি লিখি গৈছে। বিদেশী পৰ্যটক বাৰ্ণিয়াৰে অসমৰ পাট-শিল্পৰ ভূয়সী প্ৰশংসা কৰিছে। আহোম স্বৰ্গদেৱসকলৰ পৃষ্ঠপোষকতাত পাট-শিল্প আৰু বয়ন-বিদ্যা অপূৰ্বভাৱে শ্ৰীমণ্ডিত হৈছিল। আহোমসকলেই কিংখাপ, মেজাংকৰী আৰু সোণালী-ৰূপালী গুণাৰ কাম কৰা কাপোৰৰ ব্যৱহাৰ কৰে। বিধৱাৰ বাহিৰে অসমীয়া জীয়ৰী-বোৱাৰীয়ে সাধাৰণতে উকা সাজ নিপিন্ধে। ফুলবছা নহ’লেও শেল দিয়া ৰিহা-মেখেলা চেলেংহে সধবা তিৰোতা আৰু জীয়ৰী-বোৱাৰীয়ে ব্যৱহাৰ কৰে। আনকি, সদায় ব্যৱহাৰ কৰা গামোচা এখনতো তেওঁলোকে ফুল বাছি সহজ সৌন্দৰ্য-প্ৰীতিৰ চিনাকি দিয়ে। প্ৰকৃতিৰ ৰূপ-ৰঙৰ প্ৰতিও অসমীয়া তিৰোতা সমানে সজাগ। চৰাই, পখিলা, ভোমোৰা, লতা-ফুল-পাত, জোন-বেলি-তৰাৰ ৰূপ অসমীয়া বোৱনীয়ে স্বাভাৱিকভাবেই কাপোৰত বাছিব পাৰে। তেওঁলোকৰ কাপোৰত জ্যামিতিক ৰেখাও প্ৰকাশ পায়। কোনো কোনোৱে এই চিত্ৰসমূহৰো শাক্ত-তান্ত্ৰিক পূজা-পদ্ধতিৰ লগত সংযোগ কল্পনা কৰে। চক্ৰপূজা বা চীনাচাৰৰ লগত সম্বন্ধ থকা কাপোৰত বছা এই ৰেখাবোৰে শত্ৰু আৰু অপদেৱতাৰ ভয় দূৰ কৰি সৌভাগ্যক আদৰণি জনায় বুলি সাধাৰণৰ বিশ্বাস। গাঁৱলীয়া তিৰোতাৰ শিল্পৰুচিৰ পৰিচয় তেওঁলোকৰ পিঠা-পনাতো ফুটি উঠে। পিঠা-পনা কেৱল সুস্বাদু, মুখৰোচক আৰু ভোজন-বিলাসৰ সামগ্ৰী নহয়, এইবোৰ লোক-শিল্পৰো সৌৰভময় নিদৰ্শন।

উৎস: অসমৰ লোক-সংস্কৃতি

3.10204081633
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top