মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / লোক-সংস্কৃতিৰ সঁফুৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোক-সংস্কৃতিৰ সঁফুৰা

বিভিন্ন জনগোষ্ঠীৰ উৎসৱৰ বিষয়ে আলোচনা কৰা হৈছে

হাজং বিহু-লেৱাটানা

 

হাজং সকল অসমৰে এটা আদিম জনগোষ্ঠী। জনশ্ৰুতি মতে আদিতে তেওঁলোক কামৰুপ জিলাৰ হাজো অঞ্চলত বসবাস কৰিছিল। কিন্ত মহাবীৰ কুমাৰ ভাস্কৰ বৰ্মা আৰু ভৰত বৰ্মনৰ ৰাজত্ব কালৰ পিছতে যেতিয়া হাজো নগৰ ধ্বংস হৈ পৰিল, তেতিয়াৰে পৰা ৰাজবংশৰ লোক সকল নানা ঠাইত সিঁচৰতি হৈ পৰিল। সেই সময়তে ‘কশ্যপ’ নামৰ এজন বীৰৰ নেতৃত্বত বাৰ হেজাৰ সৈন্য হাজো নগৰ এৰি গাৰো পাহাৰলৈ গৈ তাতে স্থায়ীভাৱে বসবাস কৰিবলৈ ল’লে। যি ঠাইত গৈ তেওঁলোকে থিতাপি ল’লে, সেই ঠাই খনত আজিও হাজং লোকে বসতি কৰি আছে আৰু ঠাই খনৰ নাম আজিও ‘বাৰ হাজাৰী’ বুলিয়েই জনাজাত। কালক্ৰমত সেই বাৰ হাজাৰীৰ পৰা গাৰো পাহাৰৰ বিভিন্ন ঠাই, গোৱালপাৰা আৰু বাংলাদেশৰ বিভিন্ন ঠাইলৈ সিঁচৰতি হৈ পৰিল। হাজো নগৰৰ পৰা অহা বাবে এওঁলোকে নিজকে ‘হাজো’ আৰু পিছলৈ ‘হাজং’ বুলি পৰিচয় দিলে।

আন এক কিংবদন্তি মতে যেতিয়া গাৰো পাহাৰৰ পৰা আহি প্ৰথমতে পাহাৰৰ নামনি বোৰত হালবাই খেতি কৰিবলৈ ধৰিলে, তেতিয়া গাৰো সকলে তেওঁলোকক ‘হাজং’ বুলিছিল। গাৰো ভাষাত ‘হা’ মানে মাটি আৰু ‘জং’ মানে পোক।

আনহাতে কিছুমান পণ্ডিতে ‘হাজং’ সকলে বড়ো বা ডিমাচা-কছাৰীৰ এটা শাখা বুলি ক’ব বিচাৰে। কছাৰী সকলৰ ভাষাৰ দৰে হাজং সকলৰ ভাষাতো ‘ং’ প্ৰয়োগ বেছি। কছাৰী ভাষাত ‘হা’ মানে মাটি আৰু ‘জং’ মানে ওখ মাটিৰ টিলা। উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মাইবঙৰ ওচৰৰ পাহাৰৰ ওখ টিলা দুটাত ‘পুৰণি হাজং’ আৰু ‘নতুন হাজং’ বুলি দুখন ডিমাচা জনজাতিৰ গাঁও থকালৈ চাই ‘হাজং সকল’ ডিমাচা-কছাৰীৰে এটা ঠাল বুলিও বহুতে ক’ব খোজে। কিন্ত অসম বুৰঞ্জীও ‘হাজং’ সম্পৰ্কত বৰ সৰৱ নহয়। অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে হাজং সকলে ঋতু ভেদে বিভিন্ন উৎসৱ-পাৰ্বণ পালন কৰে। বিশেষকৈ চ’ত গৈ ব’হাগ পৰাৰ লগে লগে অসমৰ পাহাৰে-ভৈয়ামে বাস কৰা বিভিন্ন জাতি-উপজাতি সমূহে নানা ৰং-ৰহইচৰে বিহু উদ্‌যাপন কৰাৰ দৰে হাজং সকলেও নিজস্ব ধৰণে এই উৎসৱ পালন কৰে। বড়ো সকসলৰ ‘বৈছাগু’, ৰাভাৰ ‘বায়খো’, মিছিং সকলৰ ‘ঐনিতম’ৰ দৰে হাজং সকলৰ ‘লেৱাটানা’ আচলতে বিহু নৃত্যহে। ‘লেৱা’ মানে ‘লতা’ আৰু ‘টানা’ মানে ‘টনা’। এই শব্দটো ৰাভা সকলৰ ‘বায়খো’ উৎসৱতো পোৱা যায়। বিহু গীতত প্ৰায়ে ডেকা-গাভৰুৰ প্ৰেমক লৈ টনা-আঁজোৰা হোৱাৰ দৰে হাজং সকলৰ লেৱাটানা গীতো ডেকা-গাভৰুৰ প্ৰেমক লৈ গোৱা গীত। লীৱাটানা গীতত হাজং ডেকা-গাভৰুৰ মাজত দুটা দল হয়। ল’ৰাৰ দল আৰু ছোৱালীৰ দল। পিন্ধনত ল’ৰা বিলাকে আঁঠুলৈ গামোচা আৰু ছোৱালী বিলাকৰ বুকুৰ পৰা আঁঠুলৈ ৰংচঙীয়া মেথনি। কঁকালত ‘বুক আগ্ৰুন’ (দীঘল ফুলাম গামোচা) আৰু দেহৰ বিভিন্ন অংগত নানা বৰণৰ আ-অলংকাৰ পিন্ধি ডেকা-গাভৰু প্ৰত্যেকে হাতত একো খনকৈ ৰুমাল লৈ শাৰী পাতি মুখামুখিকৈ ৰুমাল জোকাৰি অগা-পিচাকৈ নাচি নাচি গীত গায়। এই গীত বোৰত আছে প্ৰেমৰ উত্তাপ।

চিৰচিৰা পানীতে

কাউচা ডিমা পাৰিছে

চল বৈনী বিচিৰিবাক খাং।

(জিৰ জিৰকৈ বোৱা পানীত কাছই কণী পাৰিছে, বলা ভনীটি বিচাৰিবলৈ যাঁও)।

প্ৰেমিকায়ো চল চাই মৰমৰ দাবী কৰি গাবলৈ ধৰে এনে ধৰণেৰে :

লিং লিঙা গাছতে

মৌ বাহা লাগিছে দাদা মোক পাৰি দে খাং।

(লুং লুঙীয়া ওখ গছত মৌয়ে বাহ সাজিছে, ককাই পাৰি দিয়া খাওঁ।)

দুয়োটা গীতেই অসমীয়া বিহুগীতৰ লগত সাদৃশ্য থকা। যেনে বিহুগীতত গোৱা হয় :

‘লুইতৰ বালি বগী ধকে-ধকী

কাছই কণী পাৰে লেখি…..

আৰু দ্বিতীয়টো গীত :

ঔৰে গছতে

মৌৱ বাহ সাজিছে

ককাই পাৰি দিয়া খাওঁ …………

 

লেখক : নীলকান্ত হাজঙ

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা

 

 

 

 

 

মৰাণ বিহুৰ ঐতিহ্য

 

অসমৰ আদিম ভূমিপুত্ৰ মৰাণ সকল প্ৰাক্‌-ঐতিহাসিক কালৰে পৰা সৌমাৰ খণ্ডত বসবাস কৰি আহিছে। সৌমাৰ খণ্ডই বৰ্তমানৰ গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলাকো সাঙুৰিছিল যদিও এই তিনি খন জিলাত বৰ্তমান কোনো মৰাণ লোক নাই। মোৱামৰীয়া গণ অভ্যুত্থানৰ সময়ত আহোম ৰাজ-বাহিনীৰ অত্যাচাৰাৰ প্ৰকোপত তিষ্ঠিব নোৱাৰি সেই ঠাই এৰি অসমৰ একেবাৰে পূব সীমা ডিব্ৰুগড় আৰু তিনিচুকীয়াত থিতাপি লয়হি। বৰ্তমান একমাত্ৰ তিনিচুকীয়া জিলাতহে মৰাণ মানুহ আছে। বাকী আন ঠাইত আছে যদিও বৰ্তমান তেওঁলোকৰ মাজত মৰাণৰ কোনো বৈশিষ্ট্য নাই। তিনিচুকীয়া জিলাৰ খিনিক বাদ দি বাকী আন জিলাত থকা সকল তাহানিতেই আহোম, মটক, চুতীয়া বা কৈৱৰ্ত সমাজত চামিল হৈ গৈছে। সেয়ে মৰাণ কৃষ্টি-সংস্কৃতিয়েও কেৱল তিনিচুকীয়া জিলাৰ ভিতৰতে সীমাবদ্ধ।

দেউৰী সকলৰ দৰেই মৰাণ সকলেও চ’তৰ সংক্ৰান্তিৰ পিছৰ প্ৰথমটো মঙলবাৰে শদিয়াৰ কেঁচাইখাইতী শালত দেৱ-গোসানীৰ ওচৰত বলি-বিধান সমাপ্ত কৰি তাৰ পিছতহে বিহু উদ্‌যাপন কৰিছিল। শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ প্ৰচেষ্টাত বৈষ্ণৱ ধৰ্মত দীক্ষিত হোৱাৰ পিছত বলি-বিধান আৰু কেঁচাইখাইতী শাল ত্যাগ কৰিলে যদিও ব’হাগ বিহু আৰম্ভ কৰিবলৈ এই বিশেষ দিনটো (অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ পিছৰ প্ৰথমটো মঙলবাৰে উৰুকাৰ দিন ধৰি) এৰি নিদিলে। এই পৰম্পৰা আজিও অব্যাহত।

তলত মৰাণ বিহুৰ কেইটামান বৈশিষ্ট্য থোৰতে আলচ কৰা হ’ল :

 

প্ৰথম আৰু প্ৰধান বৈশিষ্ট্য হ’ল যে ৰঙালী বিহু মৰাণ সকলৰ বাবে কেৱল ডেকা-গাভৰুৰ ৰং-তামাচাই নহয়, বৰং ই এটা ধৰ্মীয় উৎসৱহে। এই উৎসৱ পালনত গুৰু-গোসাঁই, ভকত-বৈষ্ণৱ আৰু ডেকা-গাভৰু : এই তিনিওটা পক্ষৰে সমান অংশ আৰু সমান গুৰুত্ব আছে। এই ত্ৰিপাক্ষিক অনুষ্ঠানটোৰ কোনো এটাকে বাদ দিব নোৱাৰি। এটা ত্ৰিভূজৰ তিনিডাল ৰেখাৰ এডাল নহ’লেও যিদৰে ত্ৰিভূজ নহয়, সেইদৰে মৰাণ বিহুৰো এই তিনি পক্ষৰ যিকোনো এটা পক্ষৰ অনুপস্থিতিতো বিহু উদ্‌যাপিত হ’ব নোৱাৰে। এই খিনিতে এটা কথা কৈ থোৱা ভাল যে মৰান সকলৰ লোকায়তী ব্যৱস্থাত কাতিৰ কঙালী আৰু মাঘৰ ভোগালী বিহুৰ কোনো গুৰুত্ব নাই। এই দুই বিহুৰ লগত কোনো ধৰ্মীয় পৰম্পৰাৰ জড়িত নাই। ভোগালীক নিয়মমাফিক পালন কৰা হয় আৰু কঙালীক প্ৰায় নামানেই। কেৱল ব’হাগ বিহুকহে মানে আৰু ব’হাগ বিহুক হে চিনি পায়। সেয়ে মৰাণ বিহু বুলিলে আমি কেৱল মাৰানৰ ৰঙালী বিহুকহে বুজিব লাগিব। ৰঙালী বিহুৰ লগত মৰাণৰ সত্ৰ, নামঘৰকে আদি কৰি গোটেই সমাজ ব্যৱস্থাটোৱেই জড়িত হৈ আছে। সেয়ে মৰাণ সকলেপৰম শুচিতা আৰু মৰ্যাদাৰে ব’হাগ বিহু পালন কৰে। এওঁলোকৰ বিহু নমোৱা আৰু উৰুওৱা : এই দুতটা কাৰ্য্যক অত্যন্ত মাংগলিক বুলি গণ্য কৰে আৰু কেতবোৰ নিৰ্দিষ্ট বাৰত নিৰ্দিষ্ট নিয়মৰ মাজেদি এই শুভ কাৰ্য্য দুটাক সত্ৰ অথবা গাঁৱৰ নামঘৰত সমাপন কৰে। বিহু নমাবলৈ অথবা উৰুৱাবলৈ সত্ৰ অথবা নামঘৰত গায়ন-বায়নেৰে দিনজোৰা তিথি পালন কৰে। এইদৰে ৰঙালী বিহুৰ লগত মৰাণ সকলৰ ধৰ্মীয় দিশটোও ওতঃপ্ৰোত ভাৱে জড়িত হো আছে। আন গোষ্ঠীৰ ক্ষেত্ৰত এইটো দেখা নাযায়।

দ্বিতীয় বৈশিষ্ট্য হ’ল মৰাণ সকলৰ বিহু উদ্‌যাপনৰ দিন-বাৰ। ই বেদৰ বিহুতকৈ বিহুতকৈ সাধাৰণতে তিনি দিন বা এসপ্তাহ পিছ পৰে। এওঁলোকে বিহু আৰম্ভ কৰিবলৈ মঙলবাৰ দিনটোক উৰুকাৰ দিন দিন হিচাপে পাবলৈ বিচাৰে। সেই মঙলবাৰটো হ’ল চ’তৰ সংক্ৰান্তিৰ পিছৰ প্ৰথমটো মঙলবাৰ। অৰ্থাৎ ব’হাগৰ প্ৰথমটো মঙাল বাৰ। এক ব’হাগতেই যদি মঙলবাৰ পৰে, তেন্তে বেদৰ লগতে বিহু নাপাতি তাৰ পিছৰটো মঙল বাৰেহে উৰুকাৰ দিন ধৰি বিহু পাতিব। বেদৰ লগতে বিহু নপতাৰ এটা ঐতিহাসিক কাৰণ আছে। ইয়াত ৰাজনৈতিক আৰু ধৰ্মীয় উভয় দিশেই সংপৃক্ত হৈ আছে। তদুপৰি পূৰ্বতে বৈষ্ণৱ হোৱাৰ আগলৈকে মৰাণ সকলেও শদিয়াৰ কেঁচাইখাঁতী শালত বলি-বিধান (প্ৰথমে নৰ, পিছলৈ ম’হ, ছাগলী, পাৰ আদি) সমাপ্ত কৰিহে বিহু পাতিছিল। এই বলি-বিধানক ‘বৰবলি’ বুলি নামকৰণ কৰা হয়। এই বৰবলিও চ’তৰ সংক্ৰান্তিৰ পিছৰ প্ৰথমটো মঙলবাৰে অনুষ্ঠিত কৰা হৈছিল। বলিৰ পিছত বুধবাৰে গৰু বিহু, বৃহস্পতি বাৰে মানুহ বিহু আৰম্ভ কৰিছিল। অন্যান্য শাক্ত সকলৰ দৰেই মৰাণ সকলেও মঙল বাৰটোক পবিত্ৰ বাৰ হিচাপে গণ্য কৰিছিল। এই বিশ্বাসৰ বাবেই বৈষ্ণৱী হোৱাৰ পিছতো মাৰণ সকলে ইএ বাৰটোক এৰি নিদিলে। বৰ্তমান মৰাণ সকলৰ শদিয়াৰ কেঁচাইখাঁতী শালৰ লগত কোনো সম্পৰ্ক নাই। কিন্ত বিহুৰ আৰম্ভণিৰ বাবে চ’তৰ সংক্ৰান্তিৰ পিছৰ প্ৰথমটো মঙালবাৰে উৰুকাৰ দিন ধৰাৰ পৰম্পৰাৰ আজিও অব্যাহত। ঐতিহাসিক কাৰণটো হ’ল যে মোৱামৰীয়া গণ অভ্যুত্থানৰ সময়ৰ ১৭৭০ খ্ৰী:ত প্ৰথম বিহুৰ দিনাই বিহুৱা ভেশছনধাৰী আহোম সৈন্যৰ হাতত তেতিয়াৰ মৰাণ ৰজা ৰমাকান্ত, বৰবৰুৱা ৰাঘৱ মৰাণ সহিতে সমূহ মৰাণ নেতাৰে মৃত্যু হয়। তাৰ দহদিন পিছত মোৱামৰীয়া মহন্ত প্ৰভূ শ্ৰী শ্ৰী অষ্টভূজ দেৱকো আহোম সেনাই হত্যা কৰে। সিদিনা আছিল ব’হাগৰ শুক্লা দশমী। বিহুতে মৰাণৰ ৰাজনৈতিক আৰু ধৰ্মীয় সকলো নেতা আহোম ৰাজবাহিনীৰ হাতত নিপাত হোৱাত মৰাণ প্ৰজা সাধাৰণৰ আহোম সকলৰ প্ৰতি মন ঘৃণা আৰু ক্ৰোধেৰে উপচি পৰিল। এইটো কাৰণটো মৰাণ সকলে বেদৰ লগত অৰ্থাৎ আহোমৰ লগত বিহু নাপাতি ওপৰত উল্লেখ কৰা দিনবোৰত কিছু দিন পিছুৱাই পাতে। মঙলে উৰুকা, বুধে গৰু বিহু, বৃহস্পতি বাৰে প্ৰথম মানুহ বিহু মৰাণ সকলৰ বাবে বাধ্যতা মূলক। গীততে কৈছে :

হাঁচতি ক্ৰু চ’ত

বিচতি ক্ৰু চ’ত

মঙলে উৰুকা বুধে গৰু বিহু

বিহু গৈ আছিলি ক’ত?

শুকুৰবাৰে জী-জোঁৱাই অহা দিন। এইদৰে বাৰ অনুসৰিহে মৰাণ বিহুৰ কাৰ্যক্ৰমণিকা আগ বাঢ়ে। এই সকলোবোৰ চান্দ্ৰ মাহৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়।

তৃতীয় বৈশিষ্ট্য হ’ল যে মৰাণ সকলৰ ৰঙালী বিহু সত্ৰ কেন্দ্ৰিক। ই সত্ৰৰ ওপৰত নিৰ্ভৰশীল। প্ৰাকৃতিক ভাৱে সময় আহিলেও গুৰুৱে আজ্ঞা নকৰা লৈকে কোনো মৰাণে ঘৰত বিহু আয়োজন নকৰে। গুৰুৱে চান্দ্ৰ মাহৰ ওপৰত ভিত্তি কৰি দিন-বাৰ গণনা কৰি যথা সময়ত ভকত-শিস্য বৰ্গক বিহু পালনৰ বাবে বাইক-বচন কৰে। সেই মতে শিস্য বৰ্গই বিহুৰ আয়োজন কৰে। গুৰুৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে বহু সময়ত মৰাণ সকলে বিহু পতাৰ ক্ষেত্ৰত একমত হ’ব নোৱাৰে। যিজন গুৰুৱে যেতিয়াই মন যায় তেতিয়াই বিহু পাতে আৰু তেওঁৰ শিষ্য বৰ্গয়ো বিনা প্ৰতিবাদে গুৰুকে অনুসন্ধান কৰে। মৰাণ সকলৰ সৰ্বমুঠ তেৰজন গোঁসাই আছে। ইয়াৰে এজনে (মায়ামৰা উৱন সত্ৰ, কাকপথাৰ) বেদৰ লগতে বিহু পাতে। আন এজনে (মায়ামৰা বৰডিয়াক সত্ৰৰ) ব’হাগৰ শুক্লা দশমীৰ পিছৰ প্ৰথমটো মঙলবাৰে উৰুকা দিন ধৰি বিহু পাতে। এই খন কেতিয়াবা জেঠ মাহ পৰ্যন্ত পায়গৈ।

চতুৰ্থতে উল্লেখ কৰিব পাৰি মৰাণ সকলৰ বিহু নমোৱা আৰু উৰুওৱা পদ্ধতিক। অন্যান্য সকলৰ দৰে মৰাণ সকলে বিহু নাদৰে বা বিদায়ো নিদিয়ে। বিহু আৰম্ভণি আৰু শেষপৰ্ব দুটাক মৰাণ সকলে অত্যন্ত মৰ্যাদাপূৰ্বক অনুষ্ঠানেৰে সমাপন কৰে। গৰু বিহুৰ দিনা ভকত সকলে নামঘৰত অথবা সত্ৰত তিথি পাতি মৰাণ সকলে বিহু নমায়। সেই দিনাই তিথিত গণনা কৰা হয় – কোনদিনা বিহু উৰুওৱা হ’ব। অৱশ্যে তাত নতুন সিদ্ধান্তৰ কথা নাহে। মাথোঁ পৰম্পৰা অনুসৰি যি নামঘৰত বা যি সত্ৰত যিমান দিনত বা যি বাৰত বিহু উৰুওৱা নিয়ম আছে তাকেই ৰক্ষা কৰাৰ সিদ্ধান্ত কৰা হয়। মাথোঁ বাৰটো চিনাক্তকৰণ কৰি উলিওৱা হয়। গধুলি ঘৰত ভকতে ল’ৰা-ছোৱালী হঁতক জনোৱা নিয়ম – ‘বিহু অমুক দিনা উৰুৱাব লাগিব’ বুলি। সেইমতে ডেকা-গাভৰুৱে গাঁৱৰ গছৰ তলত বিহু গায়। পাঁচৰ পৰা আৰম্ভ কৰি সাত, ন, এঘাৰ বা তেৰ দিন পৰ্যন্ত গছ তলত বিহু গোৱাৰ পিছত সত্ৰ বা নামঘৰত (যাৰ যি সুবিধা) বিহু উৰুৱায়। গাঁও আৰু সত্ৰ অনুসৰি বিহু উৰুওৱা দিন বেলেগ বেলেগ। কোনোবাই পাঁচ, কোনোবাই সাত, ন বা এঘাৰ দিনৰ মূৰত বিহু উৰুৱায়। উৰুওৱা দিনাও নামঘৰ বা সত্ৰত বিহু তিথি পাতে। বিহু সামৰি ডেকা-গাভৰু সকলে ভকতৰ ওচৰত সেৱা লয়। ভকতে বছৰটো ভালে-কুশলে যাবলৈ আশীৰ্বাদ কৰে। বিহু উৰুওৱা দিনা নামঘৰ বা সত্ৰ প্ৰাঙ্গণত নাচ-বাগ কৰাটো মৰাণ সকলৰ বাবে বাধ্যতামূলক। মৰাণ সকলৰ বিশ্বাস – ডেকা-গাভৰুৰ এই নাচ-বাগ হেনো নামঘৰ বা সত্ৰৰ দেৱ-দেৱতায়ো উপভো কৰে। বিহু উৰুওৱাৰ দিনা বিহুতলীৰ পৰা ডেক-গাভৰুৰ দল সদলবলে বিহুনাম গাই গাই নামঘৰ বা সত্ৰলৈ যায়। যোৱাৰ পথত পদূলি মূখত প্ৰতি গৰাকী গৃহিণীয়ে তামোল-পাণ দি সেৱা জনায়। বিহুদলে বিহুনামেৰে আশীৰ্বাদ কৰে। ইফালে নামঘৰত পুৱাৰে পৰা ভকতে গায়ন-বায়নেৰে নাম-প্ৰসঙ্গ কৰে। বিহুদল গৈ পালে। যথানিয়মে গায়ন-বায়ন সামৰে। নামঘৰ বা সত্ৰৰ পদূলি মূখত ভকতে বিহুদলক আদৰণি জনায়। বৰবুঢ়াই যথা সময়ত ‘ৰং-ৰহইচ হওক তেনেহ’লে’ বুলি ডেকা-গাভৰুক নাচ-বাগ কৰিবলৈ আজ্ঞা কৰে আৰু তেতিয়াই ডেকা-গাভৰুৱে নামঘৰ বা সত্ৰৰ চৈহদত বিহু মাৰে। এইদৰে দুই-তিনি ঘণ্টা নামঘৰ বা সত্ৰৰ চৌহদত বিহু মাৰি বেলি বুৰাৰ লগে লগে বিহু সামৰি ভকতৰ ওচৰত সেৱা লয়। উল্লেখ থাকিল যে উৰুওৱা দিনা ল’ৰা-বুঢ়া সকলোৱে বিহু উপভোগ কৰিব পাৰে। তাত কোনো বাধা নাই। বিহু উৰুওৱা দিনা নামঘৰ বা সত্ৰৰ চৌহদৰ ভিতৰত ঢোলৰ মাৰি আৰু টকা ভাঙি পেলোৱাটো মৰাণ বিহুৰ এক বৈশিষ্ট্য। বিহু সামৰি ঘৰমুখী হওঁতে গাভৰুহঁতে দূৰণিৰ চিনাকি-অচিনাকি সকলো ডেকাকে ঘ ৰলৈ লগ ধৰাটো মৰাণ গাভৰুৰ বিশেষ সৌজন্যতা। সেইদিনা ঘৰে ঘৰে আলহী হয়। পিছৰ দিনাৰ পৰাই গাঁও নিজম পৰে।

পঞ্চমতে, আন এক গুৰুত্বপূৰ্ণ বৈশিষত্য হ’ল মৰান সকলৰ হুঁচৰি গোৱা পদ্ধতি। মৰাণ সকলে প্ৰতি বছৰে হুঁচৰি নাগায়। তাৰ পৰিৱৰ্তে প্ৰতি পাঁচ বা সাত বছৰৰ মূৰে মূৰেহে গায়। এইখনক তেওঁলোকে ধৰ্ম-হুঁচৰি বোলে। ধৰ্ম-হুঁচৰি মৰাণ সকলৰ অতি মৰ্য্যাদা আৰু সন্মান পূৰ্বক পৰম্পৰা। এই ধৰ্ম-হুঁচৰিয়েই মৰাণ বিহুক মহিমামণ্ডিত কৰি তুলিছে। এই হুঁচৰি অত্যন্ত শুদ্ধচিত্তে গোৱা হয়। ইয়াত বহুতো কটকটীয়া নীতি-নিয়ম মানি চলিব লগীয়া হয়। এই হুঁচৰি গাঁৱৰ নামঘৰ অথবা সত্ৰৰ পৰা নমাই অনা হয়। হুঁচৰি শেষ কৰি পুনৰ তাতেই উৰুৱায়গৈ। ধৰ্ম-হুঁচৰি দলৰ লগত স্বয়ং ঈশ্বৰ শ্ৰী কৃষ্ণ ঘূৰি ফুৰে বুলি মৰাণ সকলে বিশ্বাস কৰে। কঠোৰ নীতি-নিয়মৰ মাজেদি আৰু একান্ত শুদ্ধচিত্তে গাব লগীয়া হয় বাবে কম সংখ্যক গাঁৱতহে ধৰ্ম-হুঁচৰিৰ পৰম্পৰা বৰ্তি আছে। এই হুঁচৰিত চান্দা সংগ্ৰহৰ কোনো কথা নাই। এই হুঁচৰিৰ অনেক মহিমা আছে বুলি মৰাণ সকলে বিশ্বাস কৰে। এই মতে ধৰ্ম-হুঁচৰিৰ আশীৰ্বাদতে কেতবোৰ দুৰাৰোগ্য বেমাৰ ভাল হোৱা, ব্যৱসায়-বাণিজ্যত প্ৰগতি, চাকৰিত পদোন্নতি, বিবাহ যোগ্য ছোৱালীয়ে দৰা পোৱা আদি কাৰ্যবোৰ মৰাণ ৰাইজে দেখি আছে, শুনি আছে। ধৰ্ম-হুঁচৰি গোৱা বছৰ সেই গাঁৱত বিহু দীঘলীয়া হয়। নিজ গাঁৱৰ উপৰি দূৰ-দূৰণিৰ জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেঁষে মানুহ আহি ধৰ্ম-হুঁচৰিৰ আশীৰ্বাদ লয়হি। ধৰ্ম-হুঁচৰিৰ গীত-মাত-পদ আদি সকলো ধৰ্মীয় ভাবাপন্ন অথবা গুৰু, ঈশ্বৰ আদিৰ বন্দনা জাতীয়। অন্য অৰ্থত ধৰ্ম-হুঁচৰিৰ গীত-মাত-পদবোৰক ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত বুলিও কোৱা হয়। ইয়াত প্ৰেম-পিৰীতিৰ গীতৰ কোনো স্থান নাই। অনেক নীতি-নিয়মৰ মাজেদি গাব লগীয়া হয় বাবে হুঁচৰি গাই শেষ কৰিবলৈ বহু দিন লাগে। হুঁচৰি দলে হুঁচৰি গাই শেষ নকৰা পৰ্যন্ত ইফালে গছতলত গাভৰু সকলে বিহু মাৰি থাকে। এমাহ পৰ্যন্ত বিহু চলি থাকে। ধৰ্ম-হুঁচৰিৰ নামতী সকলে বহুতো বাধা নিষেধ মানি চলিব লাগে। নিজ মাতৃ বা অনা নামতীৰ মাতৃ সকলে ৰান্ধি দিয়া ভাত-চাহৰ বাহিৰে বেলেগে ৰন্ধা খাব নোৱাৰে। এটা ধৰ্ম-হুঁচৰিত আঠ-দহগৰাকী নামতী থাকে।

সপ্তাহতে মৰাণ সকলৰ গছ তলত মুকলি বিহুৰো এক সুৰীয়া বৈশিষ্ট্য আছে। গৰু বিহুৰ দিনা (বুধবাৰে) ডেকা সকলে বিহুতলী খন চাফ-চিকুণ কৰি দিয়ে। বিহুতলী সাধাৰণতে কিছু আওহতীয়া ঠাই বা মূল পথাৰ পৰা কম পক্ষেও এশ মিটাৰ দূৰত লোৱা হয় – যাতে দদায়েক-ককায়েকহঁতে ৰাস্তাৰে পাৰ হৈ যাওঁতে নাচি থকা ভতিজা-ভনীয়েকহঁতে ভয় নাখায় বা তেওঁলোকক ৰাস্তাৰ পৰা চিনিব নোৱাৰি। বিহুতলী যিকোনো ডাঙৰ গছ বা বাঁহতল অথবা বিহুঘৰো হ’ব পাৰে। বিহুনামত মৰাণৰ বিহুঘৰ ‘গেৰেগুৱা পাতেৰে চোৱা’ বুলি উল্লেখ আছে। আজিকালি প্ৰায়ে টিঙৰ ঘৰ হৈছে। বৃহস্পতি বাৰৰ পৰা গাভৰু সকলে গছতলত বিহু গাবলৈ আৰম্ভ কৰে। গছতলৰ বিহু পাঁচ, সাত, ন, এঘাৰ, তেৰ দিন পৰ্যন্ত চলে। গাঁও অনুসৰি বেলেগ বেলেগ। প্ৰতিদিনেই যথাবিহিত নিয়মেৰে গাভৰু সকলে বিহু আৰম্ভ কৰে আৰু তেনেদৰে সামৰোঁতেও সেই নিয়ম পালন কৰে। বিহু খোলাৰ চাৰিওফালে মাটিত কোৰেৰে সৰুকৈ এটা দাগ দিয়া হয়। এই ডালেই ছোৱালী আৰু ল’ৰাৰ মাজৰ লক্ষ্মণ-ৰেখা। এই ৰেখা ডেকা সকলে কোনো কাৰণতে অতিক্ৰম নকৰে। এই ৰেখাৰ বাহিৰৰ পৰা ডেকাই বিহু উপভোগ কৰে। ছোৱালীয়ে ৰেখাৰ ভিতৰত থাকি নাচে। ডেকা সকলক টকা দি ছোৱালীয়ে বিহু গাবলৈ আহ্বান কৰিলে ডেকাই এই ফাকি নামেৰে বিহু গাবলৈ আৰম্ভ কৰে :

অতি চেনেহৰে       টকাটি দিলাহি

বিহু নাম গাবলৈ বুলি,

বিহু নাম গাবলৈ       নাজানো একোকে

নাহাঁহিবা অঁকৰা বুলি।

মৰাণ সকলৰ গছতলৰ মুকলি বিহু মৰাণ সমাজলৈ প্ৰকৃতিয়ে দিয়া এটি অনুপম উপহাৰ। ইয়াত ডেকা-গাভৰুৱে মুক্তমনে ৰং-ৰহইচ কৰিব পাৰে। কোনো বাধা নাই। বিহুনামৰ যোগেদি মৰম বিনিময় কৰিব পাৰে, প্ৰেম যাচিব পাৰে, জীৱনসঙ্গী নিৰ্বাচন কৰিব কৰিব পাৰে। বিহুনামেৰে কথা কটা-কটী গাওঁতে ল’ৰাই হাৰিলে জৰিমণা ভৰা নিয়ম। এই জৰিমণা আন একো নহয় – গাভৰু দলক মৰ্টন বা বিস্কুট আদি খোৱাব লাগিব। উল্লেখ থাকিলে যে মুক্ত আৰু বাধাহীনভাৱে নাচ-গান কৰিব পাৰে যদিও তাত কোনো ধৰণৰ ব্যভিচাৰ বা অসভ্যালি নহয়, আৰু দুঃসাহসিক ঘটনাও নঘটে। দূৰণিৰ ডেকাই গায় আৰু ছোৱালীয়ে নাচে। এয়ে পৰম্পৰা। অৱশ্যে উৰুওৱা দিনা উৰুৱাই শেষ কৰাৰ পিছত ছোৱালী পলুৱাই নিব পাৰে। তাত কোনো ধৰণৰ দায়-দোষ নালাগে বা জগৰ নধৰে।

অষ্টমতে, মৰাণ বিহুৰ ‘বৰমগা’ পৰম্পৰা আন এটা বিশেষ বৈশিষ্ট্য। ঘৰ খনত অপায়-অমঙ্গল হৈ থাকিলে, বেমাৰ-আজাৰ, সঘন দুৰ্ঘটনা, অবাঞ্ছিত কাৰণত আৰ্থিক ক্ষতি আদি হৈ থাকিলে গাঁৱৰ বিহুদলৰ পৰা আশীৰ্বাদ বিচৰাৰ নিয়ম আছে। ইয়াকে ‘বৰমগা’ বোলে। বৰ মাগিবলৈ হ’লে গৃহস্থই আগতীয়াকৈ গাঁৱৰ গছতলৰ বিহুতলীত গৈ তামোল-পাণ দি নিমন্ত্ৰণ কৰি থ’ব লাগে। এটা নিৰ্দিষ্ট দিনত বিহুতলীৰ পৰা ডেকা-গাভৰু-সহিতে বিহুদল আহি গৃহস্থৰ ঘৰত বিহু মাৰি আশীৰ্বাদ দি যায়। অপুত্ৰত দম্পতীয়েও পুত্ৰ কামনাৰে এইদৰে বৰ মাগে। অনেকৰ ক্ষেত্ৰতে শুভ ফল লাভ কৰা দেখা যায়।

নৱম বৈশিষ্ট্য হৈছে মৰাণ সকলৰ বিহুনাচ পদ্ধতি। মৰাণ বিহুৱতীৰ বিহুনাচত উদ্দাম যৌন আৱেদন নাই। তাৰ ব্যতিৰেকে নাচৰ সকলো সময়তে এটা মাৰ্জিত আচৰণহে দেখা পোৱা যায়।

দশম বৈশিষ্ট্য হৈছে সাজৰ। মৰাণ সকলৰ জাতীয় সাজপাৰ – কলীয়া ৰিহা-মেখেলা চাদৰ। সেয়াই বিহুৰু স্বীকৃত সাজপাৰ। গাঁৱৰ গছতলৰ বিহু গাবলৈ যাওঁতে সকলো গাভৰুৱেই ঘৰত নিজে বোৱা (কপাহী কাপোৰ) মেখেলা আৰু কঁকালমৰা পিন্ধে। বুকুত মেথনি মাৰে। গছতলৰ বিহুলৈ যাওঁতে সকলো ছোৱালীয়ে খালী ভৰিৰে যোৱাটো এটা মন কৰিব লগীয়া কথা। কোনো কোনো গাঁৱত কঁকাল মৰাৰ পৰিৱৰ্তে মেখেলা আৰু চাদৰ পিন্ধে। ব্লাউজ আৰু আ-অলংকাৰ এইবোৰ বাৰু গতানুগতিক, সাৰ্বজনীন ভাৱে যিবোএ পিন্ধে সেইবোৰেই। ল’ৰাৰ সাজ-পাৰো সাৰ্বজনীন।

সৰ্বশেষ বৈশিষ্ট্য হৈছে ঢোল। মৰাণৰ ঢোল অসমীয়াৰ সৰ্বজনীন ঢোলবোৰতকৈ কিছু ডাঙৰ আৰু চাহ-মজদুৰ সকলৰ ঢোলতকৈ কিছু সৰু। ঢোলৰ খোঁট কিছু লেহেমীয়া। গীতৰ লগত ঢোল ব্যৱহাৰ কৰিলে গীতটোৰ অদিছোৱা গাই শেষ কৰিলে নাচনী খোঁট বজায় আৰু তেতিয়াই নাচনীয়ে হাত মেলি নাচে। ঢোলৰ খোঁট শেষ হোৱাৰ লগে লগে নাচনীয়ে হাত কঁকালত থ’ব আৰু গায়কেও গীতৰ্ফ অন্তৰা গাবলৈ আৰম্ভ কৰিব। নাচনী খোঁটটো এনে ধৰণৰ :

ঘেন তিঘেন ইতিঘেন

টাকুৰ ঘেন টাকুৰ ঘেন

ঘেন ঘেন

টাকুৰ ঘেন টাকুৰ ঘেন

গীত শেষ হোৱাৰ পিছত ঢোল বজোৱা নিয়ম হয়। গীত শেষ হোৱাৰ লগে লগে ঢুলীয়াই ‘টাকুৰ গিগেন নিস্তাওঁ গেয়াওঁ’ বুলি চাপৰ এটা মাৰিব। তাতেই গীত, নাচ, ঢোল সকলোৰে অন্ত পৰিব। তেনেদৰে আৰু বেলেগ খোঁট আছে।

 

লেখক : পানীৰাম ডেকা মৰাণ

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা

 

 

 

বড়োৰ খেৰাই উৎসৱ

 

খেৰাই বড়ো সকলৰ প্ৰধান ধৰ্মীয় উৎসৱ। বাথৌ দেৱতাক প্ৰধান কৰি দেৱ-দেৱী সকলক পূজা-অৰ্চনা কৰি ‘খাম’, ‘চিফং’ আৰু ‘জোথা’ বজাই নাচে আৰু আনন্দ উপভোগ কৰে। আগৰ দিনত বড়ো সকলে দেৱ-দেৱীক ভয় কৰি বিভিন্ন দেৱ-দেৱীক সন্তুষ্ট ৰাখিবলৈ পূজা-অৰ্চনা কৰিছিল। দেৱ-দেৱী সকলৰ ভিতৰত শিৱ অথবা ‘বাথৌ’ৱেই প্ৰধান দেৱতা। বাথৌ দেৱতাক পালনকৰ্তা আৰু ৰক্ষাকৰ্তা হিচাপে জ্ঞান কৰে। তেওঁকেই ‘শিৱ’, ‘মহাদেৱ’, ‘বুঢ়া বাথৌ’, ‘শিৱৰাজা’, ‘খুৰিয়া বুঢ়া’, ‘মহাৰাজা’ বুলিও কোৱা হয়। শিৱৰ পত্নী ‘পাৰ্বতী’ক ‘বাথৌ বুৰৈ’, ‘মাইনাও বুৰৈ’, ‘বুল্লী বুৰৈ’ আদি নামেৰে পূজা কৰে। বিভিন্ন ধৰণৰ বিপদ-বিঘিনি, বেমাৰ-আজাৰ, অভাৱ-অভিযোগ আদি দেৱতাৰ অসন্তুষ্টিৰ পৰাই আহে বুলি বড়ো সকলে বিশ্বাস কৰে। সেই কাৰণে বছৰৰ আৰম্ভণিতে গাঁৱৰ ৰাইজে একেলগে মিলি ‘খেৰাই’ উৎসৱ পাতি দেৱতাক সন্তুষ্ট ৰাখিবলৈ যত্ন কৰে। দেৱ-দেৱী সকল সন্তুষ্ট হ’লেহে গাঁৱৰ ৰাইজে শান্তিৰে দিন নিয়াব পাৰে বুলি ভাবে। বড়ো সকলে খেৰাই উৎসৱটো কোনোবা মন্দিৰ অথবা ঘৰৰ ভিতৰত নাপাতে। গাঁৱৰ ওচৰতে থকা পথাৰত অথবা মুকলি ঠাইত খেৰাই উৎসৱটো পাতে। ‘বাথৌ বুঢ়া’ আৰু ‘বাথৌ বুৰৈ’ৰ বাহিৰেও ভালেকেইজন দেৱতাই খেৰাই উৎসৱত স্থান লাভ কৰে। তেওঁলোকৰ ভিতৰত আগ্ৰাং, খৈলা, খাৰ্জি, ৰাজখান্দ্ৰা, ৰাজফুথুৰ, বুৰা আলী, আহু মাইনাও, শালি মাইনাও, বাঘ ৰজা, জমন বুঢ়া, জমন বুৰৈ, ভাণ্ডাৰী, চৌদ্ৰী আদিয়েই প্ৰধান। বড়ো সকলে দেৱ-দেৱীক পূজা কৰিলেও কোনো দেৱ-দেৱীৰ প্ৰতিমাক পূজা নকৰে। খেৰাই উৎসৱৰ কাৰণে তেনে কোনো স্থায়ী ঘৰ অথবা স্থান নাথাকে। সমজুৱা খেৰাইৰ বাহিৰেও কোনো ব্যক্তিয়ে নিজাববীয়াকৈ আৰু নিজৰ ঘৰৰ চৌহদতে খেৰাই উৎসৱ পাতিব পাৰে। নিজা পৰিয়ালৰ সুখ-শান্তি কামনা কৰিয়েই তেনে বিধৰ খেৰাই উৎসৱ পতা হয়। খেৰাই উৎসৱক প্ৰধানকৈ দুই প্ৰকাৰৰ বুলি কোৱা হয়। এবিধ খেৰাই উৎসৱক দৰ্শন খেৰাই (দৌৰ্শীন খেৰাই) আৰু আন বিধ খেৰাইক উমৰাও খেৰাই বুলি কোৱা হয়। ‘বাথৌ’ক বাদ দি খেৰাই উৎসৱ হ’ব নোৱাৰে। য’ত খেৰাই উৎসৱ পাতে তাত বাথৌৰ দেৱী থাকিবই। বাথৌ দেৱতাক প্ৰধান কৰিহে খেৰাই উৎসৱ পাতে। বাথৌৰ স’তে বাকী সৰু-সুৰা দেৱ-দেৱী সকলক স্থান দিয়া হয়।

খেৰাইত বাথৌ বেদী নিৰ্মাণ কৰোঁতে কিছুমান নিয়ম-নীতি পালন কৰা দেখা যায়। যি ঠাইত খেৰাই উৎসৱ পতা হয় তাত আগদিনা খন গাঁৱৰ ৰাইজে একেলগে গোট খাই ঠাই ডোখৰ পৰিষ্কাৰ কৰি লয়। তাৰ পিছত উত্তৰা-দক্ষিণাকৈ এটি দীঘল বেদী তৈয়াৰ কৰে। দক্ষিণ-পূৱ কোণত বাথৌৰ বেদী সজা হয়। বাথৌৰ বেদী সাঁজোতে কিছুমান নীতি-নিয়ম মানিব লাগে। বাথৌ বেদী সজাৰ অন্তোৰালত হিন্দু ধৰ্মৰ পঞ্চতত্ত্বৰ কথাৰ মিল থকা যেন লাগে। এই প্ৰসংগ আলোচনা কৰিবলৈ ল’লে অধিক দীঘল হ’ব যেন লাগে। সেয়ে বাথৌ বেদী সজাৰ নীতি-নিয়ম আৰু ইয়াৰে কিছুমান প্ৰাসংগিক কথা বাদ দিয়া হ’ল।

খেৰাই উৎসৱক এজন ওজা (মন্ত্ৰ জনা ব্যক্তি), এজনী ‘দৌদিনী’, এজন গিথাল আৰু এজন দেউৰী থাকে। তেওঁলোকৰ বাহিৰেও দুজন ‘খাম’ (মাদল) বজাওঁতা, দুজন বাঁহীবাদক আৰ এজন ‘জোথা’ (খঞ্জুৰি) বজাওঁতা লাগে। বুঢ়া বাথৌ, বুঢ়ী বাথৌ আৰ্থাৎ আই লক্ষ্মীক কেন্দ্ৰ কৰি, দৌদিনীক মাধ্যম হিচাপে লৈ খেৰাই পূজা উৎসৱ পতা হয়।

খেৰাই উৎসৱত বড়ো সকলে আন্তৰিক পবিত্ৰতা ৰক্ষা কৰি অংশ লোৱা দেখা যায়। বিশেষকৈ ‘ওজা’ আৰু ‘দৌদিনী’ৰ সহায়ত খেৰাইত অংশ লোৱা ব্যক্তি সকলে দেৱ-দেৱীৰ নিচেই কাষত স্থান লৈ তেওঁলোকৰ পৰা বৰ (বীৰ) গ্ৰহণ কৰা যেন অনুমান কৰিব পাৰি। সেয়েহে, খেৰাই উৎসৱত ‘ওজা’ আৰু ‘দৌদিনী’ৰ উপস্থিতি তথা অৰিহণা বৰ্ণনাৰ বাহিৰত। ‘ওজা’ৰ অবিহনে দেৱ-দেৱীৰ মনৰ কথা কোনেও ক’ব নোৱাৰে। দেৱ-দেৱী সকলৰ মনৰ সন্তুষ্টি নাইবা বেজাৰৰ কথা ওজাৰ বাহিৰে অইনৰ দ্বাৰা গম পোৱা সম্ভৱ নহয়। ওজাৰ পিছতেই খেৰাইত গুৰুত্বপূৰ্ণ স্থান লোৱা ব্যক্তি হ’ল ‘দৌদিনী’। ওজাৰ দৌদিনীৰ মাধ্যমেৰেহে দেৱ-দেৱীৰ মন জয় কৰিবলৈ লয়। দেৱ-দেৱী সকলৰ চৰিত্ৰ আৰু মনৰ কথা দৌদিনীয়ে গম পায়। সেয়ে, কোন দেৱ-দেৱীয়ে কি বিচাৰে তাকো দৌদিনীয়ে জানি লৈহে সন্তুষ্ট কৰাৰ কাৰণে ল’ব লগা ব্যৱস্থা ল’বলৈ দিয়া হয়। ভিন ভিন দেৱ-দেৱীৰ নামত ভিন ভিন ভংগিৰে দৈদিনীয়ে নাচ দেখুৱাই খেৰাই থলীত দেৱ-দেৱীৰ উপস্থিতিৰ বিষয়ে প্ৰকাশ কৰে। তেওঁলোকক যথা-ৰীতি সন্তুষ্ট কৰি দৌদিনীয়ে ৰাইজৰ কাৰণে বৰ আদায় কৰে। খেৰাইত দৈদিনীয়ে প্ৰদৰ্শন কৰা ভিন ভিন নাচৰ বাবে ভিন ভিন সুৰত বাঁহী বজাব লাগে আৰু সেইমতে ‘খাম’ অৰ্থাৎ মাদলো বজাব লাগে। তাৰে প্ৰধান নাচবোৰ হ’ল দেমগ্লায়, দৌদিনী অংখাৰনায়, বাথৌ গিদিংনায়, চত্ৰনী, খাফ্ৰি চিবনায়, খৈজৌমা ফনায়, গান্দৌলা বৌননায়, চাগীলাও বৌনায়, সুফুৰ গেলেনায়, জঠমৌনজৌলা গেলেনায়, লাওবৌনায়, গৰায় দাব্ৰায়নায়, খামাও বাৰখৌনায়, জাৰাফাগ্লা মৌচানায়, দাওচা হাথাৰনায় আৰু দাওথৈ লৌংনায়। বড়ো সংস্কৃতিৰ বড়ো নৃত্যৰ জন্ম খেৰাই উৎসৱৰ দৌদিনীৰ নৃত্যৰ পৰাই হোৱা বুলি ক’লেও অধিক কোৱা নহ’ব যেন লাগে। কাৰণ বড়োৰ পৰম্পৰাগত নৃত্যত যি তাল-মান লক্ষ্য কৰা যায়, খেৰাই উৎসৱৰ ‘দৌদিনী’ৰ নৃত্যৰ তাল-মানৰ স’তে পাৰ্থক্য নথকা যেন লাগে। যিয়েই নহওক, খেৰাই উৎসৱত প্ৰদৰ্শিত দৌদিনীৰ নৃত্য উচ্চমানৰ বুলি  ক’ব পাৰি। কিছুমান পণ্ডিতৰ মতেও বড়ো সকলৰ দৌদিনী নৃত্য ভাৰতৰ ধৰ্মীয় অনুষ্ঠানত প্ৰদৰ্শন কৰা পৰম্পৰাগত নৃত্যতকৈ তল খাপৰ নহয়। খেৰাই পূজা উৎসৱৰ আন এটি দিশ হ’ল বুঢ়া বাথৌকে আদি কৰি দেৱ-দেৱী সকলক বড়ো সকলে পৰম্পৰাগত ভাৱে বলি-বিধানেৰে পূজা-অৰ্চনা কৰি আহিছে। সেয়েহে যিহেতু বৈদিক যুগত হিন্দু ধৰ্মত বলি-বিধানৰ প্ৰচলন নাছিল, অকল মংগোলীয় গোষ্ঠীৰ বড়ো সকলে অতীজৰে পৰাই বলি-বিধানেৰে বুঢ়া বাথৌ অৰ্থাৎ শিব্ৰাই বা শিৱক পূজা-অৰ্চনা কৰি আহিছে। আৰ্য্য সকলে শিৱক ‘ম্লেচ্ছ’ বুলি ঘিণ কৰিছিল। কিন্তু পিছত শিৱৰ শক্তি আৰু মাহাত্ম্যক জানি দেৱাদিদেৱ বুলি আৰাধনা কৰিছিল। লগে লগে আৰ্য্য হিন্দু সকলেও মহাদেৱক সন্তুষ্ট কৰিবলৈ বলি প্ৰথাৰে পূজা-অৰ্চনা কৰিবলৈ ল’লে আৰু বুঢ়া বাথৌ তথা শিব্ৰাই (শিৱ)-ক হিন্দুৰ প্ৰধান দেৱতা হিচাপে জ্ঞান কৰিবলৈ লোৱা দেখা গ’ল।

 

লেখক : ড° কামেশ্বৰ ব্ৰহ্ম।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা

 

তিৱাসকলৰ ইয়াংলি উৎসৱ

 

বালিখুঞ্জি এখন সৰু গাওঁ। জাগীৰোডৰ পৰা ৪০ কিল’মিটাৰ নিলগত কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাত এই সৰু গাওঁখন অৱস্থিত। নিখুঁত তিৱা ভাষাতে কথা কোৱা ইয়াৰ অধিবাসী সকলে অসমীয়া ভালকৈ বুজি নাপায় আৰু ক’বও নোৱাৰে। নেলীৰ পৰা ১৪ কিল’মিটাৰ দক্ষিণে উলুখুঞ্জিলৈ যোৱাৰ পথৰ দাঁতিত অৱস্থিত ন-মাইলৰ পৰা বালিখুঞ্জি পাবলৈ ৭ কিল’মিটাৰ দুৰ্গম অৰণ্য পথ অতিক্ৰম কৰিব লাগে। ৫০০ ফুট সুউচ্চ পাহাৰৰ টিলাত অৱস্থান কৰা বালিখুঞ্জি গাওঁখনে সোঁৱৰাই দিয়ে মানৱ প্ৰজাতিৰ বিকাশৰ অসমান স্তৰ সমূহৰ ৰুপ।

গাঁৱৰ মুৰব্বী ল’ৰৰ ঘৰত এই উৎসৱৰ আৰম্ভণি হয়। উৎসৱৰ বাবে নিৰ্দিষ্ট কৰা দিনটোত দলৈ, মাজি, ফাদৰ প্ৰমুখ্যে বিভিন্ন দায়িত্বশীল বা-বিষয়া সকলে সন্ধিয়াৰ লগে লগে ল’ৰৰ ঘৰত উপস্থিত হয়। তিৱা সকল পুনৰ জন্মত বিশ্বাসী। মৃত ল’ৰ, দলৈ, মাজি, ফাদৰৰ নামে যিসকলে এতিয়া জন্মলাভ কৰিছে, সেই সকলে উৎসৱ উপলক্ষে এযোৰকৈ কুকুৰা ল’ৰৰ ঘৰলৈ অনাৰ নিয়ম। ল’ৰৰ পৰৱৰ্তী তিনিটা জনমলৈ এই সকলক ইয়াংলি উৎসৱত কুকুৰা দি থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ কৰায়। উৎসৱ উপলক্ষে পাণ্ঠাই (ডেকা ল’ৰা)-সকলে নতুন ঠেনা, তাগ্‌লা, ঠেনাচ, টঙালি, বাৰহতীয়া ফুলাম কাপোৰৰ পাগুৰিত টুকুৰা লেংজাই (ভীম চৰাইৰ নেজ) গুজি নানা প্ৰকাৰৰ আ-অলংকাৰ পৰিধান কৰি হাতত লাংখুই-বাৰু (ঢোল-তৰোৱাল) লৈ নৃত্যৰ বাবে প্ৰস্তুত হয়।

সন্ধিয়া ল’ৰই চৰাং (চান্তাৰি) খেল, চাৰিবিচাই (চাৰিজন বিষয়া), অজা (পাংচি, খ্ৰাম আৰু কীত) আৰু ৰান্ধনি (দুজন পুৰুষ আৰু দুগৰাকী মহিলা) খেলক ভাগে ভাগে তামোল-পাণৰ বটা চাৰিটা দি উৎসৱৰ নিজ নিজ দায়িত্ব পালনৰ নিৰ্দেশ দিয়ে।

ইয়াৰ পিছত যথাক্ৰমে সাত বটা, মৃত বাৰকুল জেলাৰ বাবে বাৰ বটা আৰু ওঠৰ দেৱতাৰ বাবে ওঠৰ বটা তামোল-পাণ ডলাত আগ বঢ়াই গাওঁ আৰু অঞ্চলটোৰ মংগলটোৰ মংগলৰ বাবে পূজা-প্ৰাৰ্থনা কৰে।

এন্ধাৰ হোৱাৰ লগে লগে ল’ৰৰ ঘৰৰ চোতালৰ সোঁমাজত প্ৰকাণ্ড একুৰা জুই ধৰি পোহৰৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য যে এই উৎসৱত কৃত্ৰিম পোহৰৰ ব্যৱহাৰ নিষিদ্ধ। আনকি নিষিদ্ধ থাকে কেমেৰাৰ ব্যৱহাৰ অথবা লংপেণ্ট, জোতা, চেণ্ডেল, শাৰী, মেখেলা-চাদৰ আদি পৰিধান কৰি প্ৰবেশ কৰাৰ।

ল’ৰৰ নিৰ্দেশ মতে প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন হোৱাৰ লগে লগে পাংচি (বাঁহী) অজা সকলে গুৰুৰ স্মৰণত সাতবাৰ বাঁহী বজায়। ইয়াৰ পিছত লুডাং খ্ৰাম (দীঘল ঢোল) আৰ বাঁহীৰ সৰৰ তালে তালে খ্ৰাম অজাই সাতাপাক আৰু দলৈ, মাজি আৰু ফাদৰে সাতপাক জুইকুৰাৰ চাৰিওফালে বৃত্তাকাৰে নৃত্য কৰে।উল্লেখনীয় যে ল’ৰৰ ঘৰৰ চোতালৰ কাষতে গছৰ পাত আৰু খেৰেৰে নিৰ্মিত সৰু চাল এখনৰ তলত সমবেত হোৱা যুৱক সকলৰ মাজৰ পূৰ্ব্ব নিৰ্দ্ধৰিত এজন যুৱকক শাৰী সদৃত ৰঙাপাৰি দিয়া কাপোৰ এখনেৰে সাইলাখ লখিমীৰ দৰে ওৰণিৰে ঢাকি সজাই-পৰাই উলিয়াই আনি নৃত্যৰ থলীত উপস্থিত কৰায়। দলৈ, মাজি, ফাদৰৰ লগতে পাংচি, কীত (গীত) আৰু খ্ৰাম, অজাই খ্ৰাম, অজাই খ্ৰাম আৰু পাংচি বজাই লখিমী গৰাকীক ধুনা ফুৰাই ঠেনাচেৰে বিচি বিচি ঋজু গতিৰ গীত গাই গাই জুইকুৰাৰ চাৰিওফালে সাতপাক নাচে। এই নাচৰ অন্তত পাগুৰিত টুকুৰা লেংজাই গুজি সুন্দৰ সাজ-পাৰেৰে প্ৰস্তুত হৈ থকা ডেকা সকলে যুদ্ধৰ নিনাদেৰে বাজি উঠা ইয়াংলি খ্ৰামৰ তালে তালে উকি মাৰি নৃত্য আৰম্ভ কৰে। এই নৃত্য গীত গোটেই ৰাতিটো চলে। বহুৰঙী ফুল বছা কাচং-ফচ্‌কাই পৰিহিতা খৰ্‌লা (যুৱতী)-সকলে মাজে মাজে নৃত্যৰত পাণ্ঠাই সকলক বাঁহৰ চুঙাত জু খাবলৈ দি তেওঁলোকৰ শৰীৰ আৰু মনত নতুন উদ্যম আৰু প্ৰেৰণা যোগায়।

পিছদিনা পুৱাৰ পৰা ল’ৰ সমন্বিতে বিষয়া সকল উপবাসে থাকি লখিমী গৰাকীক লৈ ঠেনাচেৰে বিচি বিচি খ্ৰাম বজাই ‘ইয়াংলি চাল’ অভিমুখে যাত্ৰা কৰে। বালিখুঞ্জি গাঁৱৰ পৰা ‘ইয়াংলি চাল’ অৰ্থাৎ ইয়াংলি উৎসৱৰ মূল থলীলৈ আধা কিল’মিটাৰ দূৰ। প্ৰাকৃতিক শোভাৰে মহিমামণ্ডিত চাৰিওফালে ওখ পৰ্বতেৰে আগুৰা সমতল ভূমিত এই ইয়াংলি চাল অৱস্থিত। উৎসৱ উপলক্ষে এই থলী খন হাবি-জংঘল পৰিষ্কাৰ কৰি সজাই-পৰাই তোলা হয়। উৎসৱ থলীৰ সোঁমাজত এজোপা প্ৰকাণ্ড ওখ গছ। গছ জোপাৰ কাষতে এখন ‘আগৰ চাং’ (সৰু বাঁহৰ চাং) সাজি ওচৰতে এডাল ‘আগৰ খুন্দা’ (ওখ বাঁহৰ খুঁটা) পুতি ৰখা হয়। মূল থলীৰ একাষত খেৰ আৰু পাতেৰে নিৰ্মিত এটা সৰু ঘৰ আৰু একাষে পূজা-পাতল, বলি-বিধানৰ বাবে দীঘলীয়াকৈ সজোৱা মাটিৰ বেদী।

লখিমীক লৈ ইয়াংলি চাল পোৱাৰ পিছত লখিমী গৰাকীক পূৰ্ব নিৰ্মিত খেৰ পাতৰ ঘৰত একাষৰীয়াকৈ ৰাখি ল’ৰ-দলৈ সকলে পূজা-পাতলৰ প্ৰস্তুতি চলায়। ডেকা সকলে ঢাল-তৰোৱাল লৈ দূৰন্ত গতিত গছ জোপাৰ চাৰিওফালে উকি মাৰি মাৰি নৃত্য আৰম্ভ কৰে। বজ্ৰ নিনাদেৰে বাজি উঠা ইয়াংলি খ্ৰামৰ তালে তালে নচা ডেকা সকলৰ নৃত্য চাবলৈ সেই সময়ত সমসবেত হয় বিভিন্ন গাঁৱৰ গাঁওবাসী ডেকা-গাভৰু আৰু ৰাইজ। দূৰ-দূৰণিৰ মামীয়েক সকলে দিনজোৰা নৃত্য-গীতৰ অন্তত ভাগিনীয়েক সকলক আপ্যায়ন কৰিবলৈ খ’ত ভৰাই আনে জু-চা (পোহন মদ) আৰু চিৰাৰ টোপোলা। প্ৰকৃতিৰ মোহনীয় ৰুপ আৰু কাচং-ফাচ্‌কাই আৰু তাগ্‌লা পিন্ধা খৰ্‌লা-পাণ্ঠাই সকলৰ প্ৰাণোচ্ছল সমাবেশত ‘ইয়াংলি চাল’ত গঢ়ি উঠে এক স্বৰ্গীয় ৰোমাণ্টিক পৰিবেশ।

সেইদিনাৰ কাৰ্য্যসূচীত ল’ৰই বিভিন্ন উপাস্য দেৱ-দেৱী উপলক্ষে সাতোটা ছাগালী, তিনিটা গাহৰি, দুটা কুকুৰা, এটা হাঁহ আৰু এটা পাৰ চৰাই বলি দিয়ে। ইয়াংলি চালৰ নিৰ্দিষ্ট স্থানত সজাই থোৱা দীঘলীয়া মাটিৰ আলি সদৃশ ভেটিত ‘কাম্‌ঠা বৰৈ’, ‘ম’খ’ বৰৈ’ আৰু তিৱা সকলৰ প্ৰিয় উপাস্য দেৱতা ‘বদলমাজি’ৰ নামত তিনিটা বগা মতা ছাগলী, ‘মহাদেউ’, ‘সাতবনী’ আৰু ‘নৰ’চিং’ৰ নামত তিনিটা ক’লা মতা ছাগলী আৰু ‘চাংপালি’ৰ নামত এজনী মাইকী ছাগলী বলি দি শস্যৰ উৎপাদন বৃদ্ধি আৰু গাঁও তথা অঞ্চলটোৰ উন্নতি আৰু মংলৰ কাৰণে পূজা-প্ৰাৰ্থনা কৰে।

তদুপৰি এজনী মাইকী গাহৰি ‘বচতাৰ’ নামে আৰু দুটা মতা গাহৰি যথাক্ৰমে ‘মচুৱাতাণ্ঠুৱা’ আৰু ভূত, পিশাচ, দাইনীৰ সন্তুষ্টিৰ বাবে বলি দিয়ে।

নৃত্য-গীত, বলি-বিধানৰ মাজতে দলৈ, মাজি, ফাদৰ আদি বিশিষ্ট বিষয়া সকলৰ তত্ত্বাৱধানত দুটা নতুন ধান-পূৰা বান্ধি আগৰ চাঙত প্ৰতিষ্ঠা কৰে।

সন্ধিয়াৰ আগে আগে নিৰ্দিষ্ট ঠাইত বহুৱাই ৰখা লখিমী গৰাকীক ল’ৰ, দলৈ সকলে ‘লুডাং খ্ৰাম’ আৰু বাঁহী বজাই গীত গাই এটা পুখুৰীৰ পাৰলৈ আগ বঢ়াই আনে। পুখুৰীৰ পানীত আগেই সাজি থোৱা গছৰ পাতৰ এখন প্ৰতীকী নাও আৰু বিৰিণাৰ বঠা এডালেৰে নাওখন চলায় আৰু সাগৰৰ পৰা পৃথিৱীলৈ মহাদেউয়ে কেনেকৈ লখিমী অৰ্থাৎ সাতবনীক আনি আনুহৰ খাদ্যৰ সংকট গুচাইছিল সেই কাহিনী-গীত গাই গাই এযোৰ কুকুৰা বলি দি মঙল চায়।

এই কাৰ্য্য সম্পাদন কৰি পুনৰ ইয়াংলি চাললৈ ঘূৰি আহে আৰু ধানৰ পূৰা বান্ধি আগেই সজাই থোৱা ‘আগৰ চাঙ’ৰ সন্মুখত এটা হাঁহ আৰু এটা পাৰ চৰাই বলি দি পূজা-প্ৰাৰ্থনা কৰে। উল্লেখনীয় যে সেই দিনাৰ উৎসৱৰ আৰম্ভণিতে টঙালতি পাতেৰে পিঠাগুৰি মিহলোৱা পানী ছটিয়াই সকলো লোককে পৱিত্ৰ কৰি লোৱাৰ নিয়ম। পূজাৰ সকলো প্ৰস্তুতিতে পিঠাগুৰি মিশ্ৰিত পানী ব্যৱহাৰ অপৰিহাৰ্য্য।

সন্ধিয়াৰ লগে লগে লখিমীক ঋজু গতিৰে নৃত্য-থলীত সাত পাক ঘূৰাই নৃত্য-গীতৰ সামৰণি মাৰে। সেই সময়তে মামীয়েক সকলে নৃত্যানুষ্ঠানত অংশ গ্ৰহণ কৰি ক্লান্ত হোৱা ভাগিন আৰু বা-বিষয়া সকলক ছিৰা-টোপোলা আৰু লাউ আৰু বটলত ভৰাই অনা জু-চা আৰু ফটিকাৰে অপ্যায়ন কৰে আৰু মৰম আৰু শুভেচ্ছা জনায়।

এই পৰ্বৰ অন্তত এন্ধাৰ হোৱাৰ লগে লগে প্ৰকাণ্ড কেবাকুৰা জুই জ্বলাই তাৰ পোহৰত পূজাত বলি দিয়া ছাগলী, গাহৰি, কুকুৰা আদি পশু-পক্ষীৰ কিছু অংশ মাংসৰে প্ৰস্তুত কৰি উলিওৱা ব্যঞ্জনেৰে খাদ্য গ্ৰহণ কৰে। খাদ্যৰ তালিকাত থাকে ভাত, পিঠাগুৰি দি সিজোৱা মাংসৰ আঞ্জা আৰু চামচুৰি আৰু ঢেঁকীয়াৰ শাকেৰে মাংস দি সিজোৱা এবিধ ‘খাজী’ (ভাজি)। আঞ্জা অথবা ভাজিত নিমখ আৰু হালধিৰ বাহিৰে তেল, মচলা, নহৰু, পিয়াঁজ আদি উপকৰণ ব্যৱহাৰ নিষিদ্ধ।

খোৱা-বোৱাৰ শেষত ধানৰ পূৰা আৰু লখিমী গৰাকীক আগে-পিছে জোৰ লৈ খ্ৰাম-পাংচি বজাই শোভাযাত্ৰা কৰি উকি মাৰি মাৰি ল’ৰৰ ঘৰলৈ আগ বঢ়াই আনে। আহোঁতে দলটোৰ শেষত পানী আৰু পিঠাগুৰি মিশ্ৰণৰ এডাল লানি নিছিগা ৰেখা ‘ইয়াংলি চাল’ৰ পৰা ল’ৰৰ ঘৰলৈ পাৰি দি আহে। ল’ৰৰ ঘৰলৈ আহি চোতালৰ একাষত থকা ‘চুৰিবাচা’ (লখিমী ঘৰ)-ত প্ৰবেশ কৰি ধান-পূৰা দুটা চুঙাত ৰাখি পূজা-অৰ্চনা কৰে আৰু এটা ক’লা মতা ছাগলী বলি দিয়ে। ডেকা সকলে ৰাতিৰ আগ ভাগলৈ নৃত্য কৰে আৰু বাকী খিনি সময় বিশ্ৰাম গ্ৰহণ কৰে।

পিছদিনা পুৱাৰ পৰা ল’ৰৰ ঘৰৰ চোতালত ইয়াংলি নৃত্যানুষ্ঠান অনুষ্ঠিত হয়। সেইদিনা কোনো পূজা-পাতল, বলি-বিধান কাৰ্য্য নাথাকে। এই নৃত্যানুষ্ঠান সকলোৰে বাবে উন্মুক্ত থাকে। সন্ধিয়া ডেকা সকলে ল’ৰৰ ঘৰৰ পৰা আহি ‘চামাদি’ত কিছু সময় নৃত্য কৰি উৎসৱৰ সামৰণি মাৰে।

উল্লেখ্য যে ‘চামাদি’ হৈছে তিৱা সকলৰ সামাজিক-সাংস্কৃতিক জীৱনৰ বুনিয়াদ। ইয়াতে ডেকা সকলে সামাজিক নিয়ম-শৃংখলা, কৰ্মনিপুণতা আৰু সাংস্কৃতিক শিক্ষা লাভ কৰি ভৱিষ্যৎ সাংসাৰিক জীৱনৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে। সকলো ডেকাই ইয়াংলি উৎসৱত যোগদান কৰাটো বাধ্যতা মূলক। সেয়েহে উৎসৱ উপলক্ষে সেই কেইদিন ‘চামাদি’ত প্ৰবেশ নিষিদ্ধ থাকে।

উৎসৱৰ পৰৱৰ্তী দিনত উৎসৱৰ পূজাত বলি দিয়া পশু-পক্ষীৰ মাংসবোৰ ৰ’দত শুকুৱাই গাঁৱৰ প্ৰতিঘৰ পৰিয়াল আৰু গাঁৱৰ বাহিৰত বসবাস কৰা পৰিয়াল সমূহলৈ সম-পৰিমাণৰ মাংসৰ একোটাকৈ টোপোলা বান্ধি প্ৰেৰণ হয়। তদ্ৰুপ চুৰিবাচাত ৰখা দুটা ধান-পূৰাৰে এটা পূৰা ভাঙি এমুঠি এমুঠিকৈ সম-পৰিমাণৰ ধানৰ টোপোলা সকলো পৰিয়াললৈ প্ৰেৰণ কৰে। এই ধান পাৰিয়াল সমূহে লখিমী জ্ঞানে পূজা-পাতল কৰে। এই ধান আন বীজৰ লগত মিহলাই সিঁচিলে প্ৰচুৰ উৎপাদন হয় বুলি বিশ্বাস।

সকলো তিৱা গাঁৱতে ইয়াংলি উৎসৱ নাপাতে। কাৰ্বি আংলঙৰ বালিখুঞ্জি, বৰৰংখৈ, আমচাই, বৰমাৰজং, মেঘালয়ৰ মাগ্ৰ’ আৰু মৰিগাঁও জিলাৰ গোভা গাঁৱত এই উৎসৱটো নিৰ্দিষ্টকৈ অনুষ্ঠিত হয়।

 

লেখক : তুলসী বৰদলৈ

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা

ৰংজালি বৈশাগু : বড়োসকলৰ বিহু

 

ৰংজালি বৈশাগু বড়োসকলৰ এটা প্ৰধান উৎসৱ ৰঙালী বিহু। চ’ত মাহৰ অন্তিম তথা সংক্ৰান্তিৰ দিনাই ৰঙালী উৎসৱৰ আৰম্ভণি হয়। এই বিহুতেই নাচ-গান, ৰং-ৰহস্য কৰি নতুন বছৰক আদৰে বাবে বড়ো সকলে এই বিহুক ৰংজালি বৈশাগু বোলে। ৰংজালি বৈশাগুৰ দমাছিত বড়ো সকলে নাচ-গান, হুঁচৰি, ঢোল,পেঁপা, গগনা, ছেৰেজা, খাম, জোথা-ছিংফুং বজাই নতুন বছৰক আদৰ সম্ভাষণ জনায়। ডঃ নবীন চন্দ্ৰ শৰ্মাই অসমৰ জাতীয় উৎসৱ বিহুক আৰ্য্য-অনাৰ্য্য সংস্কৃতিৰ সমন্বয়ত তথা মিলনৰ উৎসৱ বুলি অভিহিত কৰিছে। আনহাতে, বিহু উৎসৱক ৰং-আনন্দৰ প্ৰতি লক্ষ্য ৰাখি কৃষিকাৰ্য্যৰ লগত সম্পৰ্ক থকাটোক নুই কৰিব নোৱাৰি, সেয়েহে এই উৎসৱক কৃষিকৰ্মৰ উৎসৱ বুলিও ক’ব বিচাৰে। ‘বিহু’ শব্দক সংস্কৃত বিষুৱ বা বিষুৱত শব্দৰ পৰা উৎপত্তি হোৱা বুলি বহুতো লোকে কয়। অসমত বসন্ত মাহত ৰংজালি বৈশাগু : ৰঙালী বিহু পালন কৰাৰ দৰে ভাৰতৰ অন্যান্য জাতি-উপজাতি-জনজাতিৰ মাজত ব’হাগ মাহত ‘বৈশাখাদি’, বৈশাখী আৰু হিমাচল প্ৰদেশৰ খাচ সকলেও নতুন বছৰত বিহুৰ দৰে ‘বিষ্ণু’ উৎসৱ পালন কৰে। ইয়ৰ উপৰি অসমত মিচিং জনজাতি সকলে ‘আলি-আয়ে-লৃগাং’ নাচ-গানেৰে পালন কৰে।

অসমৰ জনজাতি বড়ো সকলে ‘বিহু’ শব্দটোক বিনানৈ (বি + হী) শব্দৰ পৰা হোৱা বুলি কয়। বড়ো সকলে ‘ৰংজালি বৈশাগু’ত বছৰৰ আৰম্ভণিৰ পৰা শেষলৈ যাতে কোনো বিপদ-আপদ, দুখ-দুৰ্গতি নোহোৱাকৈ দিন অতিবাহিত হয়, তাৰ বাবে গাঁৱৰ প্ৰতি ঘৰে ঘৰে গৈ আৰ্শীবাদ খোজে আৰু আৰ্শীবাদ লয়। তাৰ বাদেও বছৰত কৰিব লগীয়া কৃষি কৰ্মৰ পৰা যাতে অধিক ফচল বা উৎপাদন পাব পাৰি ইয়াৰ বাবেও মা বসুমতীৰ ওচৰত প্ৰাৰ্থনা কৰি বৈশাগু উৎসৱ পালন কৰে। ৰাভা সকলৰ বায়খ’ (বায়স) উৎসৱৰ লগত বিহু উৎসৱৰ মিল আছে। দেউৰী, চুতীয়া, তিৱা (লালুং)-সকলেও নতুন বছৰৰ ব’হাগ মাহৰ প্ৰথম বুধ বাৰৰ দিনা ‘দেওধনী’ তোলে বা দেওধনী নাচে। ডিমাছা সকলেও ‘বুসু’ উৎসৱ পালন কৰে। ডিমাছা সকলৰ ‘বুসু’ উৎসৱৰ বিহুৰ লগত মিল আছে। ‘বুসু’ উৎসৱৰ উদ্দেশ্য হ’ল কৃষি দেৱতা ‘ব্ৰাই শিব্ৰাই’ আৰু বতাহ-বৰষুণৰ মায়াবী গায়তী (দেৱী-পাৰ্বতী)-ক নাচ-গান কৰি সন্তুষ্ট কৰি ৰখা। গাৰো সকলৰ ‘ৰংচুগালা’ আৰু ‘ওৱাংগালা’ নাচ-গানো কৃষিকৰ্মৰ লগত জড়িত হৈ আছে। ব্ৰাঞ্চো সকলৰ ‘চাও জিয়ল লুক’ মিচিমি-আৰান সকলৰ দেৱতাই, চিংফৌ সকলৰ ‘চাংকেন’, আবৰ (আদি)- সকলৰ ‘মপিন’, মানপা আৰু ছেৰদুকপেন সকলৰ ‘লেচেৰ’, আপাতানি সকলৰ ‘মলকো’, ডফলা সকলৰ ‘চিৰম মৱোকুম’, অকা সকলৰ ‘হুফুগ্ৰ’, খাচিয়া সকলৰ ‘নংক্ৰেমে নৃত্য’, মণিপুৰী সকলৰ ‘লাইছাৱাওবা নৃত্য’ বিহু (বৈশাগু)-ৰেই প্ৰাচীনতম উৎসৱ। বিভিন্ন জাতি-উপজাতিৰ সংস্কৃতিৰ  সংমিশ্ৰণতহে অসমৰ জাতীয় উৎসৱ বিহুৰ ভেটি বৰ টনকিয়াল হৈছে। ইয়াৰ সম্বন্ধে ডঃ প্ৰফুল্ল দত্ত গোস্বামীয়ে তেওঁৰ ‘ফ’ক লিটাৰেচাৰ অব্‌ আছাম’ নামৰ গ্ৰন্থ খনত বহুল ভাৱে বৰ্ণনা কৰিছে।

ৰঙালী বিহুৰ গৰুক গা-ধোৱা সম্পৰ্কে এটা লোক-বিশ্বাস বড়ো সমাজত প্ৰভাৱ আছে। গৰু বিহুৰ দিনা গৰুক গা ধুৱাবলৈ গৰখীয়া সকলে নৈ, বিল বা পুখুৰীলৈ লৈ গ’লে গীত গায় :

দিগিলিথি লাওথি যৌশনি যুলি

দুদালি যাগৌন গাই খুখিলি

দিগিলিথি লাওথি খ্ৰি-খ্ৰি গানথি

জৌংনি যৌশৌআ যাগৌন বলদ।

(দীঘলতিৰ লাঠী গৰুৰ ঔষধ

গাইজনী হ’ব খীৰতি

দীঘলতি লাঠীৰ ঘন ঘন গাঁঠী

আমাৰ গৰুটো হ’ব বলদ)

আকৌ গৰখিয়াই গায়,

লাউ জা, ফাণ্ঠাও জা,

বৌছৌৰে বৌছৌৰে বিফানি খিথেৰ এৰ

হাঞ্জা হাঞ্জা নৌংছৌৰ জা হালুৱা গেদেৰ

গৌলাও।।

(লাউ খা, বেঙেনা খা

বছৰে বছৰে বাঢ়ি যোৱা দলে-বলে

মাক সৰু, বাপেক সৰু তহঁত হোৱা হালুৱা

বলদ গৰু।)

পুৰণিক বিদায় দি নতুনক আদৰণি জনোৱাৰ বাবে আনন্দত মতলীয়া হয়। কাপোৰ-কানি ধুই ঘৰ-দুৱাৰ মচি-কাচি, বুঢ়া-বুঢ়ী আৰু বৃদ্ধ লোকক সন্মান যচা আৰু আৰ্শীবাদ খুজি সেৱা জনোৱা, নতুন সাজ-পোছাক পৰিধান কৰি নতুন বছৰক আদৰণি জনোৱা আৰু পুৰণি বছৰক বিদায় দিয়াৰ এয়া চিহ্ন। বিহু উৎসৱক বড়ো সকলে গংগনা, ছিফুং, ছেৰজা, খাম-জোথা বজায়। ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যই কৈছে : অসমৰ বিহু উৎসৱৰ প্ৰেৰণাত বৈদিক যাগ-যজ্ঞৰ কিছু প্ৰভাৱ পৰিলেও বিহুৰ খোৱা-বোৱাত পাণ-তামোল, নাচ-গান, খোল-মাদল বজোৱা, গাঁৱৰ সকলোৱে একত্ৰিত হৈ মাছ মৰা, চিকাৰ ধৰা আদিত অসমীয়া সমাজত বড়ো সকলৰ যথেষ্ট প্ৰভাৱ আছে। বাঁহেৰে সজোৱা বাদ্যযন্ত্ৰত তিব্বত-বৰ্মীয় কিৰাটৰ চিহ্ন বিদ্যমান।

বিহুগীত (বৈশাগু মেথায়)-ত প্ৰেমৰ কথাই স্পষ্টকৈ প্ৰকাশ পায় :

দেগ্লায় বৈশাগুৱাও নৌংখৌ ফৈগৌন হৌন্না

লামা-নায়ৈ নায়ৈনৌ

বৈশাগু বৌথৌৰাছৌ বাংগোলাংবায় আদা

বৈশাগু বৌথৌৰাছৌ বাংগোলাংবায়।

হাবাব! আদা

আংলাই সান্দৌংমৌন, দেগ্লাইনি

বৈশাগুৱাও

নৌং আদায় ফৈনানৈ

আংনি খানায় খোফায়াও

দাওথুৰ বিবাৰ থেবনানৈ হৌফৈগৌন।

নাথায়, ফৈমাল যাবায় আদা,

আংনি গৌসৌনি সান্নায়া লথ্ৰাই লাংবায়।।

অসমীয়া :

এইবাৰ ব;হাগ বিহুত তুমি আহিবা বুলি

অপেক্ষা কৰি কৰিয়েই

অ’ ককাইদেউ, বিহু বতৰতে পাৰ হৈ গ’ল।

বিহুৰ বতৰ অতিবাহিত হৈ গ’ল।

অ’ মোৰ মৰমৰ ককাইদেউ

মই ভাবিছিলো, এইবাৰ বিহু বতৰত

তুমি আহি

মোৰ চুলি কোছাত

কপৌ ফুল গুজি দিবাহি

কিন্ত অথলে গ’ল, ককাইদেউ অ’

মোৰ মনৰ কথা, মনতে মাৰ গ’ল।।

ৰঙালী বিহুব বা ব’হাগ বিহুৰ লগত বতাহ-বৰষুণৰ অতি ওচৰ সম্বন্ধ থকা যেন অনুমান হয়। বৰদৈচিলা (বাৰ-দৈ ছিখ্‌লা) ৰাংঢালী ছোৱালীৰ ৰুপ লৈ শুকাই ফাট মেলিবলৈ ধৰা ধৰণীক জীপাল কৰিবৰ বাবে লগতে বিহুৰ বতৰা দিবৰ বাবে ধৰণীত পৰ্দাপণ কৰেহি। তাকে বড়ো সকলে ‘বাৰ হুংখা’ (বাৰ দৈ ছিখ্‌লাবৰ দৈ চিলা) বোলে। প্ৰকৃতিৰ এই ৰুপটোক লৈয়েই বড়ো গাভৰু সকলে বাৰ দৈ ছিখ্‌লা নৃত্য পৰিবেশন কৰে। বড়ো সকলৰ এই বাৰ দৈ ছিখ্‌লা নৃত্য অসমৰ বাহিৰেও ভাৰতৰ অন্যান্য ঠাইত অতি জনপ্ৰিয়।

ৰংজালি বৈশাগুৰ বতৰত উদ্দাম ভংগিমাৰে, হাই-উৰুমিৰ মাজেৰে নাচ-গান কৰা বাবে ‘হুঁচৰি’ নাচ কৰা বুলি কোৱা হয়। ‘হুঁচৰি’ শব্দটো বড়ো শব্দৰ পৰা অহা বুলি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই কৈছে। কৃষিজীৱি সকলৰ লগত জাপিৰ অতি ওচৰ সম্বন্ধ, বড়ো সকলে জাপিক ‘খাফ্ৰি’ বোলে। জাপি-নৃত্যই অসমীয়া সামাজিক কৃষি কৰ্মৰ সময়ত ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবে ব্যৱহাৰ কৰাটোকে সূচাইছে। ‘জাপি নৃত্য’ বড়ো সকলৰো আছে। বড়ো সকলে জাপি নৃত্যক ‘খাফ্ৰি ছিবনায় মৌছানায়’ বোলে। ‘জাপি-নৃত্য’ (খপ্ৰি ছিবনায় মৌছানায়) বড়ো আৰু অসমীয়াৰ এক নিবিড় সম্বন্ধ তথা সাংস্কৃতিক সমন্বয়ৰ ঐক্যক সূচাইছে। ইয়াৰ উপৰি বছৰৰ আৰম্ভণিৰ বৰষুণ পাই নৈ-বিল-জান-জুৰিৰ পৰা ওলাই অহা মাছৰ জাকটোক ধৰিবলৈ জাকৈ-খালৈ লৈ সদল-বলে মাছ ধৰিবলৈ যোৱা নৃত্যও বড়ো সকলৰ আছে, তাকেই বড়ো সমাজত ‘না-গুৰুনাই মৌছা নায়’ বোলে।

 

লেখক : যতীন্দ্ৰ নাথ স্বৰ্গীয়াৰী।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা।

 

অসমৰ চাহ-জনগোষ্ঠীৰ মাজত প্ৰচলিত ফাকুৱা উৎসৱ

 

বসন্তৰ আগমনৰ আগে আগে প্ৰকৃতিয়ে ৰং সলায়। গছ-বিৰিখেও যেন নতুন বসন পিন্ধিবলৈ আৰম্ভ কৰে। শীতৰ ঠৰঙা লগা দিনবোৰ উকলিব ধৰে। পচোৱা ফাগুন হৈ পৰে চঞ্চল। কোনোবা লঠঙা গছত পেপুৱৈ লগা কেতেকী জনীয়ে ‘দেখবাহ’ ‘দেখবাহ’ ‘বিৰচী ৰাপ’ বুলি বিনাব ধৰে। আমে মলিয়ায়, কঁঠালে মুচিয়ায়, বূৰচা পকিবলৈ আৰম্ভ কৰে। কেতেকী জনীয়ে কেতিয়াবা আকৌ ‘আম্বা পাক’, ‘কঠৰ পাক’, ‘ভূৰচা পাক’ বুলি আম-কঁঠাল-ভূৰচা পকিবলৈ আকুল আহ্বান জনায়। পলাশ-মদাৰ-শিমলুৱে ভমকা ফুলীয়া মেখেলা বব আৰম্ভ কৰে। শীতৰ বিদায়ৰ লগে লগে ফল্গুৰাজে গাত ৰং-বিৰঙৰ ধূলি-বালি সানি পচোৱাৰ স’তে ঢাপলি মেলে। ফল্গুৰ এই ৰঙৰ উৎসৱেই হৈছে ফল্গু উৎসৱ বা ফাকুৱা। এই উৎসৱক হলি উৎসৱ বুলিও কোৱা হয়। বৃহত্তৰ চাহ জনগোষ্ঠীয় সমাজৰ কৰম-টুচুৰ লেখীয়াকৈ এই ফাকুৱা উৎসৱৰো এক সুকীয়া স্থান আছে।

ফাকুৱা উৎসৱ হ’ল ৰঙৰ উৎসৱ। আনন্দৰ উৎসৱ। পুৰুষ-মহিলা, আবাল-বৃদ্ধ-বণিতা সকলোৱে ৰঙত মতলীয়া হয়। চেঙেলীয়া ডেকা হ’লেতো কথাই বেলেগ। তাতে আকৌ মৰমৰ বৌ জনীক আবিৰ ঘঁহিবলৈ পালে আৰু পায় কোনে? সেয়ে ফাকুৱাৰ নাম শুনাৰ লগে লগে দেৱৰেকে আনন্দতে গায় :

ফগুৱাৰে ফগুৱা তিন ডগুৱা।

ভৌজী ভাতাৰ কৰে হাম আগুৱা।।

ফাগুনৰ পূৰ্ণিমা নিশা বাৰীত শিমলু গছৰ ঠানি পুতি তাৰ ওপৰত সৰু মেজি সাজি পূজা-পাতল কৰি মেজিত জুই লগাই শিমলু গছক দুছেওকৈ কটা হয়। ই এক ধৰ্মীয় আচাৰহে। এই আচাৰতে কিছুমান ৰাজ্যত মেঘ দাহন কৰা হয়। ইয়াকে ফাগুৱা কটা বুলি কোৱা হয়। কথিত আছে : শ্ৰী কৃষ্ণই হলি নামৰ এক অত্যাচাৰী ৰাক্ষসক বধ কৰি শান্তি প্ৰতিষ্ঠা কৰিছিল। এই হলি ৰাক্ষসৰ প্ৰ্তীকী ৰুপেহে, মেঘ দহন বা দাহন কৰি শিমলু গছক দুছেও কৰাৰ ৰীতি প্ৰচলিত হৈ আহিছে। ভক্ত প্ৰহ্লাদক লৈও এনে এক লোককথা শুনা যায়।

ফাকুৱা কটা ৰাতি ওৰেটো ৰাতি ছৌৰ খেল খেলা (খখৌ লেখীয়া খেল) হৈছিল। এই খেল বৰ্তমান বিলুপ্ত হ’ব ধৰিছে। পূৰ্ণিমাৰ দিনা বোকা-পানীৰেহে ফাকুৱা খেলা নিয়ম। ফাকুৱা কটাৰ পিছ দিনাখন নিজ নিজ ঘৰৰ দেৱস্থানত আবিৰ ৰং উছৰ্গা কৰাৰ পিছতহে সাধাৰণতে ৰং খেলা হয়। কিন্ত আজিকালি দুয়োদিন ফাকুৱা খেলা দেখা যায়।

ফাকুৱাৰ গীত-মাতত বিশেষকৈ ৰামায়ণৰ ৰাম-সীতা, লক্ষ্মণ, হনুমান, কৌশল্যা আদি দেৱ-দেৱীৰ নাম থকা গীতত আধ্যাত্মিক ভাব প্ৰকট কৰা দেখা যায়। এনেহেন ফাগুন মাহত ৰামে বনবাস খাটিব লগা হোৱাত মাক কৌশল্যা নহয় প্ৰজাগণেও প্ৰলাপ কৰিছে। ফল্গুৰাজক বিদায় দিব লগীয়াত যেন কাৰোৰে সহ্য হোৱা নাই। এনে এটি ভাবকে এই গীতত প্ৰকাশ পাইছে :

ৰাম খেলে হলি, লক্ষ্মণ খেলে হলি হ’

লংকা গাঢ়া যে ৰাৱণা খেলে হলি হ’

আৰ নাহি পাএবই ফাগুনা হ’

বনে বনে ৰাম জী কা বিতলই ফাগুনা হ’

ঘৰে হেই কশৌল মৈয়া, কৰহই চগুনুৱা হ’

ৰা-মা লড়িকা ধেনুকা কৈচে তাড়ি হ’

আৰ নাহি পায়েৰই ফাগুনা হ’

হ’ হ’, হলি, হ’ হ’ হলি, হ’ হ’ হলি হ’।

ফাকুৱা গীতত আধ্যাত্মিক ভাবেই যে অকল গুৰুত্ব পায় সেয়া নহয়। তাৰ মাজতে ঝুমইৰৰ খেমতাৰ লেখীয়াকৈ খৰকৈ গাব পৰা ৰং-ৰহইচৰ গীতো আছে।

পোৱা ভৈৰ চতুৱা কেজি ভৈৰ গুৰ।

আৱেলা ফগুৱা উড়েলা ধূল।।

xx   xx   xx

বাৰ হাঁথকে ধতি, সাত হাঁথকে ফেটা।

সাত ঘাটকে পানী পিয়ে এক বাপকে বেটা।।

আনন্দত আত্মহাৰা হহোৱা এই হেন বতৰত, আকৌ যদি বৌজনীক পোৱা যায় তেন্তেতো সোণতে সুৱগা চৰা কথা। কিন্ত মৰমৰ বৌজনীতো জমিদাৰৰ ঘৰৰ বোৱাৰীৰ দৰে নহয়। তাই পুঁজিপতি-জমিদাৰৰ ওচৰত সৰ্বস্ব হেৰুওৱা-জীৱন সংগ্ৰামত কঠোৰ পৰিশ্ৰম কৰি জীয়াই থকা বোৱাৰীহে। সেয়ে এনেহেন উৎসৱতো পেটৰ তাড়নাত, ভোক নিবাৰণৰ বাবে বুৰ যাবলৈ ধৰা তেজাল সূৰুযটোৰ দৰে শিৰত ডগমগীয়া সেন্দূৰ পিন্ধি হাতত হাম্বল লৈ জামালপুৰ পাহাৰত শিল ভাঙিবলৈ গৈছে। দুই হাতে হাম্বল মাৰি কপালৰ ঘাম মাটিত পেলাই শিল ভাঙি টুকুৰা-টুকুৰ কৰিছে। তথাপি এনেহেন বতৰত মৰমৰ বৌজনীক জানো পাহৰিব পাৰি? সেয়ে মনত পেলাই দেৱৰেকে গাইছে :

পাথৰ ফৰে গেলে ভৌজী

জামালপুৰ পাহাড়

টিকা তৰ লালে লাল গে ভৌজী

টিকা তৰে লালে লাল।

সাপ্তাহ দিনে দৰমহা পাবে

লেবে লাল চুড়ী-ৰুমাল গে ভৌজী

টিকা তৰে লালে লাল …….।

বৃহত্তৰ চাহ জনগোষ্ঠীয় সমাজত ফাকুৱা সম্পৰ্কীয় এনে অলেখ গীত-মাত আছে যদিও এইবোৰৰ চৰ্চাৰ অভাৱত, এইবোৰ এতিয়া বিলুপ্তিৰ পথত গতি কৰিছে। বৃহত্তৰ সমাজ খনত চলি থকা ধৰ্মান্তৰ কৰণ প্ৰক্ৰিয়াও এই বিলুপ্তিৰ ন্য এক কাৰণ। কিয়নো ধৰ্মৰ লগত সংস্কৃতি আৰ সংস্কৃতিৰ লগত জাতিটোৰ ভাষা আৰু অস্তিত্ব নিৰ্ভৰ কৰে। ধৰ্মই কেৱল সংস্কৃতিক হত্যা কৰাই নহয় জাতিটোকো ধ্বংস কৰে। ইতিহাসে কিন্ত যুগে যুগে ইয়াকে প্ৰমাণ কৰি গৈছে।

 

লেখক : হেমন্ত মাহাতো।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা।

 

 

 

 

আহোম বিবাহ প্ৰথা : চক্‌লং

 

মানুহে যেতিয়াৰ পৰা সমাজ পাতি বসবাস কৰিবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰাই কিছু নীতি-নিয়মৰ প্ৰচল হয় আৰু সমাজ খনৰ পৰিৱৰ্তনৰ লগে লগে ৰীতি-নীতি বিলাকৰো সাল-সলনি হয় ; কিন্তু যি বিলাক নীতি-নিয়ম সকলো সময়তেই সেই সমাজত আৰু অন্য লোকৰ সমাজতো শুদ্ধ বুলি বিবেচিত হয় আৰু তেনে নিয়মবোৰ যুগ যুগ ধৰি পালন কৰি আহে, তেনে প্ৰচলিত নীতি-নিয়মক সেই সমাজ খনৰ সামাজিক ৰীতি-নীতি (custom) বুলি ধৰা হয়। বেলেগ বেলেগ বিভিন্ন সমাজত প্ৰচলিত নীতি-নিয়ম বিলাকৰো অদল-বদল হয়। এখন সমাজৰ নীতি-নিয়ম অন্য্য এখন সমাজত শুদ্ধ বুলি বিবেচিত হ’ব পাৰে। সেইদৰে বিভিন্ন ধৰ্মীয় লোকৰ সমাজতো ৰীতি-নীতিবোৰৰ পাৰ্থক্য থাকে। হিন্দু ধৰ্মৰ ৰীতি-নীতি মুছলিম ধৰ্মৰ ৰীতি-নীতিৰ লগত নিমিলে। খ্ৰীষ্ট ধৰ্মৰ ৰীতি-নীতি বৌদ্ধ বা জৈন ধৰ্মৰ ৰীতি-নীতিৰ লগত নিমিলিব পাৰে। অৱশ্যে যিবিলাক মূল কথা সকলো ধৰ্মৰ মানুহে সকলো সময়তে যুগ যুগ ধৰি পালন কৰি আহিছে, তেনেবোৰ ৰীতি-নীতি শাশ্বত আৰু তাৰ পৰিৱৰ্তন নহয়। সমাজ বিজ্ঞানী সকলৰ মতে, যুগ যুগ ধৰি চলি অহা ৰীতি-নীতিবোৰ কালক্ৰমত বিশুদ্ধ হৈ সামাজিক প্ৰথা বা ৰীতি-নীতি হিচাপে গ্ৰহনযোগ্য হয়। যিবিলাক প্ৰচলিত প্ৰথা বা পদ্ধতিয়ে অন্য কোনো সমাজৰ অপকাৰ নকৰে, যিবিলাক নীতি-নিয়ম সমাজ খনৰ প্ৰগতিৰ পথত অন্তৰায় নহয় আৰু সকলোৰে বাবে গ্ৰহণযোগ্য হয়, তেনে নীতি-নিয়ম বা সামাজিক পদ্ধতিবোৰ সকলো সময়তে শুদ্ধ বুলি ভবা হয় আৰু এই সমাজ পদ্ধতিবোৰেই কালক্ৰমত সামাজিক আইন (Custom Law) হিচাপে স্বীকৃতি প্ৰাপ্ত হয়গৈ। অনে সামাজিক আইনবোৰ আইন-আদলততো স্বীকৃতি লাভ কৰে। সামাজিক আইনৰ পৰাই সময়ত বিধান সভা, লোক সভা আদিৰ জৰিয়তে আইন (Act)-ৰ সৃষ্টি হৈছে। বৰ্তমান সময়ত ন্যায়ালয়ৰ সৃষ্টিশীল আৰু ভৱিষ্যতৰ প্ৰতি অনুধাৱন কৰা বিচাৰক সকলে সাংবিধানিক আইনতকৈ সামাজিক পদ্ধতিৰে অবিৰামবাৱে চলি অহা সামাজিক প্ৰথা বা পদ্ধতিকহে বেছি গুৰুত্ব দিয়া দেখা যায়, যিহেতু Custom Law বা সামাজিক প্ৰথাৰে যুগ যুগ ধৰি অবিৰামভাৱে চলি অহা ৰীতি-নীতিবোৰৰ মূল্যায়ন অনেক অৰ্থত স্থিতিশীল বুলি বিবেচিত হয়।

অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক মহামান্য চাও লুং চু-কা-ফাৰ লগত আহোমৰ বিষয় ববীয়া, সৈন্য-সামন্তৰ উপৰি তেওঁৰ মহাৰাণীকে ধৰি তিনি গৰাকী ৰাজৰাণী আহিছিল। তেওঁলোক হ’ল মহাৰাণী আই মে চাওলু, ৰাণী নাং চেং চুম্‌ ফা আৰু ৰাণী ই-লু ৱেং চিং চুম্‌ ফা। আহোম ৰজা সকলৰ দিনত চক্‌লং প্ৰথাৰে বিয়া পতাৰ কথা বুৰঞ্জীত উল্লেখ আছে। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে মণিপুৰৰ ৰাজকন্যা কুৰংগনয়নীক বিয়া কৰোৱাৰ কথা বুৰঞ্জীত এনেদৰে আছে :

‘পাচে স্বৰ্গদেৱলৈ জনালে, বোলে : মণিপুৰীয়া ৰজাৰ জীয়েক এটি আছে, নাম কুৰংগনয়নী। পূৰ্বৰো মণিপুৰীয়া ৰজা বব্ৰুবাহাৰ সন্তানহে, ক্ষত্ৰিয় তাত সংশয় নাই। এতেকে যেন স্বৰ্গদেৱে বিবাহ কৰাব’। পাচে স্বৰ্গদেৱে শুনি বোলে : ‘ভাল, বৰুৱা যে জনাইছে বিবাহ কৰিম’।

পাচে বৰবৰুৱা কছাৰীৰ পৰা মনিপুৰীয়া ৰজাৰ জীয়েককো, মাক, বায়েক, পুতেক, খংগীয়া ফুকনকে, দিহিংগীয়াৰ ঘুমুৰীয়া দুৱলীয় ফুকনকে পঠাই অনালে। গৌৰীসাগৰত থ’লে। পিছে সোণাই নৈত স্বৰ্গদেৱে চক্‌লং কৰি বিবাহ কৰালে। কন্যাৰ বাপেক বৰবৰুৱা, দ্ৰব্য-বস্তু সকলো বৰবৰুৱা দিলে, অলংকাৰ – পাতি সোণৰ আৰু যৌতুকো যিখান খোৱা-চোৱা সঁজুলি সকলো বৰবৰুৱাৰ ঘৰৰেহে দিলে। আতপৰে খনাত কুঁৱৰীয়ে পুখুৰী খনালে। আৰু দিচৈৰ নামে সৰুচৰাই হাবিত মইনামাঝি গাঁৱক খাট পতালে, তাতে যুতকীয়া মগলবোৰ থৈছিল। ৯৩।। (তুংখুংগীয়া বুৰঞ্জী, দ্বিতীয় সংস্কৰণ, ১৯৬৪, পৃঃ ৫১)। স্বৰ্গদেও কমলেশ্বৰ সিংহৰ দিনত মাজিও আইদেউৰ বিয়া সন্দৰ্ভত বুৰঞ্জীত তলত দিয়া ধৰণেৰে পোৱা যায় :

‘মাজিও আইদেউৰ বিয়া : আত পাচে সেই শকৰ আঘোণ মাসৰ ১৯ দিন যাওঁতে মাংলবাৰে স্বৰ্গদেৱৰ ভনী আইদেউক কুঞৈগঞা বুঢ়াগোহাঁই ডাঙৰীয়াৰ মাজিও পুতেকলৈ চক্‌লং মতে বিবাহ দিলে। সেই বিবাহত ন-দিন পানী তুলিছিল। সকলো সত্ৰ-চহৰীয়া গায়ন-বায়ন আনিছিল। ছোৱালী উলিয়াই দিবৰ দিনা ডাঙৰীয়াবোৰ চৌৰাত বহিছিলহি ; বৰবৰুৱা, ফুকনবোৰ বহিছিল ।…… (তুংখুংগীয়া বুৰঞ্জী, দ্বিতীয় সংস্কৰণ, ১৯৬৪, পৃঃ ১৭৪)।

তদুপৰি সতী জয়মতী আৰু স্বৰ্গদেও গদাধৰ সিংহৰ বিয়া সম্বন্ধে লোকগীতত পোৱা কথাখিনি এনেধৰণৰ :

………

‘মাদুৰী চহৰত, ডাঙৰ হৈ আছিলো, আই-বোপাইৰ আহংগত খাই।

মাদুৰী চহৰত, ডাঙৰ হৈ আছিলো, বৰগোহাঞিৰ হৈছিলোঁ জী।

গদাপাণি-কোঁৱৰ, নিলে তুংখুংগলৈ, চক্‌লং বিয়াকৈ নি’।।

…….

‘লাই লিট্‌ নাং হুন্‌ ফা’ সাঁচিপাতত আহোম ভাষাত লিখা এখন পুথি। এই পুথি খনত চক্‌লং বিয়াৰ বিষয়ে প্ৰায় সকলোবোৰ কথা পোৱা যায়। স্বৰ্গৰ দেৱতা সকলৰ ৰজা লেংদনে বিজ্ঞ পণ্ডিত অক্‌কাই মউহুঙৰ জীয়ৰী নাং হুন্‌ ফাক বিয়া কৰোৱা বিৱৰণ আছে।

উপযুক্ত ছোৱালী দেখা পালে ছোৱালী খোজা, ঘৰ চোৱা, ছোৱালী দিবলো সন্মতি প্ৰকাশ কৰিলে পাণ-তামোলৰ শৰাইত ফুলাম কাপোৰৰ ঢাকনি দি মান ধৰা (যাক সোধনীভাৰ বুলি কোৱা হয়), ফেন্‌ লুং – কুকুৰা-ঠেঙেৰে পৰম্পৰা অনুসাৰে ভাল-বেয়া গণনা কৰি বিয়াৰ শুভ দিন চোৱা, মূল বিয়াৰ আগতে ন-পুৰুষৰ চাউল খুওৱা, জ্ঞাতি সকলক ভোজ-ভাতখুওৱা, ডাম্‌, ফি আদিক পূজা কৰি, ৰিক্‌ খনৰ যোগেদি ঘৰ খনৰ – গাঁৱৰ আৰু নিজৰ দেশ খনৰ মংগল আয়ুস বঢ়াবৰ কাৰণে প্ৰাৰ্থনা কৰা, ঞা পুলকৰে (অমৃত – সাঁজ) নিমন্ত্ৰিত তথা সন্মানিত জনক আপ্যায়ন কৰা আদি প্ৰথা নাং হুন্‌ ফা পুথিত আছে। বিয়াত কইনাই হীৰা-মুকুতা, সোণৰ অলংকাৰ আদি ব্যৱহাৰ কৰা আৰু পূৰ্বপুৰুষৰ বুৰঞ্জী কৈ বুজনি বা উপদেশ দিয়া কথা বিলাক এই সাঁচিপতীয়া পুথি খনত পোৱা যায়। আহোম সকলৰ মতে এইখনেই প্ৰথম চক্‌লং বিবাহ।

আহোম ৰাজত্বৰ পিছৰ কালছোৱাত চক্‌লং বিবাহৰ কথা লিখিত ভাৱে পোৱা যায়। পদ্মনাথ গোহাঞি বৰুৱাই ‘মোৰ সোঁৱৰণী’ (১৯৭১) নামৰ গ্ৰন্থত চক্‌লং প্ৰথাৰে বিবাহ কৰোৱাৰ কথা উল্লেখ কৰিছে। হিতেশ্বৰ বৰবৰুৱায়ো ‘আহোমৰ দিন’ বোলা কিতাপ খনত চক্‌লং বিবাহ সম্পৰ্কে লিখিছে। গতিকে এই কত অতি সহজে অনুধাৱন কৰিব পাৰি যে চক্‌লং বিয়াৰ প্ৰথা আহোম সমাজত অতীতৰ পৰা একেৰাহে চলি আহিছে।

ৰাতি বিবাহৰ শুভ লগ্নত মৰলত প্ৰজ্বলিত এশ গছি চাকি সন্মুখত ৰাখি (অগ্নিসাক্ষী) মউলুঙৰ (পুৰোহিত) আৰু জ্ঞাতি-ৰাইজৰ উপস্থিতিত দৰাই হাতত হেংদাঙ লৈ, নিজৰ পৰিবাৰ-পৰিয়াল, গাঁও আৰু দেশ ৰক্ষা কৰিবৰ বাবে কৰা প্ৰতিজ্ঞা – পৃথিৱীৰ অন্য জাতিৰ বিবাহবোৰত পোৱা নাযায়। চক্‌লং বিবাহৰ শুভ মুহূৰ্তত, যুগ্মজীৱনৰ প্ৰতি উপদেশ গ্ৰহণ কৰা, প্ৰয়োজন সাপেক্ষে দৰা-কইনাৰ পূৰ্বপুৰুষ সকলৰ অতীত বুৰঞ্জী কোৱা প্ৰথাই সমাজ খনাক অদৃশ্য এক সোণালী সূতাৰে বন্ধাৰ দৰে দায়বদ্ধতাৰ স্বাক্ষৰ বহন কৰে। চক্‌লং বিবাহৰ যৌতুক কইনাৰ একচেতীয়া সম্পত্তি, ইয়াত স্বামীৰ অধিকাৰ নাথাকে। চক্‌লং বিবাহত বিবাহ বিচ্ছেদ নাই। কাৰণ, প্ৰজ্বলিত এশ গছি চাকি, পুৰোহিত আৰু সমজুৱা জ্ঞাতিবৰ্গৰ উপস্থতিত দৰাই প্ৰতিজ্ঞা কৰে, কইনাই স্বামী বৰণ, বস্ত্ৰ প্ৰদান কৰে। চক্‌লং শব্দটোৰ বহুলভাৱে অৰ্থ প্ৰকাশ কৰিলে – আহোম সকলৰ বিবাহৰ সকলো কাৰ্য্যকে সামৰি লোৱা বুজায়, ইয়াৰ সীমাবদ্ধতা মৰলত এশ এগছি চাকি জ্বলোৱাতে নাথাকে। চক্‌লঙত আহোমসকলৰ ধৰ্মৰ এটি অংশ বিশেষ বুলি ক’ব পাৰি।

চক্‌লং বিবাহ আহোম সমাজৰ সামাজিক পদ্ধতি (Customary Law) আইন-আদালতত স্বীকৃতি বিয়া। এই এই বিয়াৰ বৈধতা সম্পৰ্কে বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ত (সেই সময়ৰ আছাম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়) বিচাৰৰ বাবে এটি গোচৰ তৰা হৈছিল। এই গোচৰটোৰ আদালতৰ ৰায় All India Reporter,, 1969, Assam and Nagaland – Page 90- ত প্ৰকাশ হৈছিল। দৰ্খাস্তকাৰী আছিল বলোৰাম বাৰুৱতী আৰু ওপৰ পক্ষ হ’ল সূৰ্য্য  বাৰুৱতী। এই গোচৰৰ কথা আৰু ৰায়দান চমুকৈ তলত দিয়া হ’ল-

দৰ্খাস্তকাৰী বলোৰাম বাৰুৱতীয়ে ওপৰ পক্ষ সূৰ্য্য বাৰুৱতীক বিবাহ কৰাৰ ফলত তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হ’ল। কিছু দিনৰ পিছত দৰ্খাস্তকাৰীয়ে ওপৰ পক্ষক এৰি দি অন্য এগৰাকী নাৰীক চক্‌লং প্ৰথা মতে বিবাহ কৰিলে। নিম্ন আদালতৰ প্ৰথম বিচাৰত সাক্ষ্যদান দিওঁতে বলোৰামে দ্বিতীয় গৰাকী নাৰীক চক্‌লং প্ৰথামতে বিবাহ কৰা বুলি স্বীকাৰ কৰে। আদলতে বিচাৰ কৰি বলোৰামক দোষী বুলি শাস্তি বিধান কৰাত বলোৰামে ছেছন আদালতত আপীল কৰে। আপীলত দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰি ছেছন আদালতৰ বিচাৰকে নিম্ন আদালতৰ ৰায়দান শুদ্ধ বুলি বলোৰামৰ আপীল নাকচ কৰে। দুয়ো আদালততে ব্যৰ্থ হৈ বলোৰামে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰেহি। উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশে চক্‌লং সম্বন্ধে জ্ঞাত হ’বৰ বাবে গেইটৰ অসম বুৰঞ্জীৰ তৃতীয় সংস্কৰণত (১৯৬৩) উল্লেখ কৰা চক্‌লংৰ বিৱৰণৰ (যিবোৰ কথা গেইটৰ প্ৰথম সংস্কৰণ (১৯০৫) আৰু দ্বিতীয় সংস্কৰণত (১৯২৬) নাছিল) আধাৰত ভিত্তি কৰি প্ৰমাণযোগ্য তথ্য আৰু বিশ্বাসযোগ্য সাক্ষীৰ অভাৱবুলি মত প্ৰকাশ কৰি ভাৰতীয় ফৌজদাৰী আইনৰ ৪৯৪ ধাৰা (স্বামী-স্ত্ৰী জীয়াই থকা কালতে দ্বিতীয় বিবাহ কৰা) প্ৰমাণিত নোহোৱাত দৰ্খাস্তকাৰী বলোৰামক খালাচ দিয়ে। বলোৰামৰ অকুষ্ঠ স্কীকাৰোক্তি আদালতত অথলে গ’ল। উচ্চ ন্যায়ালয়ৰ এনে ৰায়দানলৈ লক্ষ্য কৰি ক’ব পাৰি যে চক্‌লং বিবাহ আহোম সমাজৰ প্ৰচলিত স্বীকৃত বিবাহ (Customary Law) হ’লেও এনে বিবাহ মউলুঙৰ (পুৰোহিত)-দ্বাৰা সমাধান কৰাটো অতি প্ৰয়োজনীয় কথা।

বৰ্তমান আহোম সমাজত বিভিন্ন প্ৰকাৰৰ ধৰ্মৰ ৰীতি-নীতি সোমাব ধৰিছে। অন্য ধৰ্মৰ মানুহৰ সমাজত থাকিলে কিছু নীতি-নিয়মৰ সাল-সলনি হোৱাটো স্বাভাৱিক। বিয়াৰ ক্ষেত্ৰত ঠাই বিশেষে আহোমৰ কিছু লোকে নিজাকৈ কিছুমান নিয়ম সৃষ্টি কৰি চক্‌লঙৰ পৱিত্ৰতা আৰু প্ৰসাৰতাত কিছু প্ৰতিবন্ধকতা জন্মাইছে। এনে কাৰ্য্যই আহোম সকলৰ জাতীয় ঐক্যত বাধাৰ সৃষ্টি কৰে। চক্‌লং সম্বন্ধে কেইবাখনো পুথি ছপা হো প্ৰকাশ পাইছে। এনেবোৰ কথালৈ লক্ষ্য কৰি আহোম সমাজৰ গুণী-জ্ঞানী পুৰুষ সকলে ১৯৬৯ চনত নঁগাৱত বহা সদৌ অসম টাই আহোম বুৰঞ্জী সংঘৰ অধিবেশনত এই বিষয়ত বিচাৰ কৰিবৰ বাবে এখন কমিটি পাতি দিছিল। সেই কমিটিয়ে সাঁচিপাতৰ পুথিত থকা চক্‌লঙৰ বিৱৰণ আহৰণ কৰি আৰু অসমৰ বিভিন্ন ঠাইত থকা আহোম পণ্ডিত-পুতোহিত সকলৰ মতামত লৈ এটি প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ‘চক্‌লং’ পুথিখন সদৌ অসম টাই বুৰঞ্জী আৰু সংস্কৃতি সংঘৰ দ্বাৰা ১৯৭২ চনত প্ৰকাশিত হয়। এই পুথি খনত দুই-এটি কথাৰ আসোঁৱাহ থাকিলেও ইয়াৰ এটি নতুন সংস্কৰণ প্ৰকাশ কৰি পৱিত্ৰ চক্‌লঙৰ আনুষ্ঠানিক কাৰ্য্য সমাপন কৰিবলৈ ব্যৱস্থা কৰাই সকলো প্ৰকাৰে সমীচীন হ’ব।

লেখক : ড° সত্যনাথ চেতিয়া।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা।

 

ডিমাচা বিবাহ-বিধি

 

অন্যান্য জাতিৰ দৰে ডিমাচা সকলেও পুৰণি কালৰে পৰাই বিভিন্ন ৰীতি-নীতিৰে বিবাহ (জুজগুবা মাই খুবা) কাৰ্য্য সম্পন্ন কৰে।

ডিমাচা সকলৰ বিবাহৰ ছান্দি দাংছেংবা, লাউঠাই লাংবা, কান্তি প্ৰথা (Anti Dowry) পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ আছে। সাধাৰণতে ল’ৰাঘৰীয়া আৰু ছোৱালী ঘৰীয়া সন্মতি ক্ৰমেহে বিবাহৰ কাৰুকাৰ্য্য আৰম্ভ হয়। দুয়ো পক্ষৰ মাজত প্ৰস্তাৱ মানি ল’লেই ‘ছান্দি দাংছেংবা’ প্ৰথামতে ল’ৰাঘৰে সাত খিলা কৌপাতত এক কেজি নিমখত বাঁহৰ ৰছীৰে সাতোটা বান্ধ দি ছোৱালী ঘৰলৈ নিয়াৰ প্ৰথা আছে। বিবাহ কাৰ্য্য সাধাৰণতে দিনৰ প্ৰায় বাৰ বা এক বজাৰ ভিতৰতে অনুষ্ঠিত কৰিব লাগে।

‘লাউঠাই লাংবো’ মানে লাউৰ পাত্ৰত জুদি (লাওপানী) ভৰাই লৈ কন্যা ঘৰলৈ নিয়া আৰু শুক্ল পক্ষৰ সোমবাৰ, মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে এই লাউঠাই লাংবা উৎসৱ পালন কৰা হয়। ডিমাচা সকলৰ মতে এই বাৰ কেইটা পবিত্ৰ দিন। লাউঠাই নিওঁতে এটা পাচিত (খামফ্লু) সুন্দৰকৈ ৰিমচাউ ৰামাইৰে ঢাকি লৈ যায়। লাউঠাই লাংবা প্ৰথাত কুকুৰা, হাঁহ, ছাগলী ইত্যাদি ঘৰত বলি দি মাংসৰ আঞ্জা খাব নোৱাৰি। এই উৎসৱত মাছ, শাক-পাচলিৰ আঞ্জা, মটৰ-চানা আদিৰ ভাজি, বামলা মাছ, শুকান ইলিছ মাছ, ঠেঙেৰা মাছ আদি প্ৰস্তুত কৰি ভোজন হয়।

দৰাৰ ঘৰ দূৰৈত হ’লে বিশেষকৈ নিজৰ চেংফাং বা সম্বন্ধীয় এঘৰ ‘নথাও’ বুলি ল’ব লাগে। ছান্দি দাংচেং বাৰ পিছতেই লাউঠাইৰ কাম আগ বাঢ়িবলৈ আৰম্ভ কৰে। লাউঠাই লাংবা সাধাৰণতে তিনিবাৰকৈ নিয়াৰ নিয়ম আছে। কিন্তু আজিকালি বহুতে এবাৰতেই লাউঠাই লাংবাৰ প্ৰথাৰ কাম সম্পন্ন কৰে। এই লাউঠাই আনোতে বিয়াৰ প্ৰস্তাৱ আলোচনা কৰা কথা ৰাইজক জনইবলো দিয়ে আৰ কাল্টি আৰু দিন-বাৰ ঠিক কৰে। তাৰ পিছত লাউঠাইৰ বাবে দৰা ঘৰীয়াই কন্যাৰ ঘৰলৈ যায়। গাঁৱৰ খুনাং (গাঁওবুঢ়া), মুখিয়াল আৰু আত্মীয় সকলক নিমন্ত্ৰণ কৰে। দৰা ঘৰীয়াই লাউঠাইটো ভালকৈ পাচিত (খামফ্লুত) ৰিমচাউ ৰামাইৰে ঢাকি লৈ যায়। এইদৰে ৰিমচাউ ৰামাইৰে ঢাকি নিয়াটো ডিমাচাৰ প্ৰচলিত নিয়ম।

ইয়াৰ পিছত দৰা ঘৰীয়াই কইনা ঘৰীয়াক লাউঠাই আগ বঢ়াই এইদৰে গাৰাও খানডি বা গাৰাও চলেৰে কয়:

হাই দিনি বাছাইনখে শিব্ৰাই ৰিবানী, বাছাইন মাইনবা,

দামৰামা দাউবানী ছান্দি লাবুখা,

জুলাও লাবুদু মাইলাও লাবুদু।

জুগ্ৰিক লাবুখা, দুলা বাছাইন খামাখা।

কইনা ঘৰীয়াৰ পুৰোহিত আৰু পিতাকে লাউঠাই গ্ৰহণ কৰে। তাৰ পিছত দৰা ঘৰীয়াৰ হাইনগা দুহনে (পুৰুষ) ডিঙিত গামোচা লৈ কইনা-দৰাৰ  পিতা-মাতাক আৰু দুয়ো পক্ষক খুনাং আৰু মাননীয় সকলক দীঘল আঁঠু লৈ সেৱা কৰে। এইদৰে আকৌ দ্বিতীয় বাৰ লাউঠাই অনাৰ বাবে আৰু অন্যান্য কামৰ বাবেও দিন ধাৰ্য্য কৰে। আকৌ হাইনগা দুজনে ডিঙিত গামোচা লৈ উভয় পক্ষক পুনৰ সেৱা কৰে। দ্বিতীয় বা তৃতীয়বাৰ লাউঠাই নিওঁতে দৰা ঘৰীয়াই কইনা ঘৰলৈ যোৱাৰ আগদিনাখনেই ৰাইজৰ গাঁওবুঢ়া, মুখিয়াল আৰু আত্মীয় সকলক নিমন্ত্ৰণ কৰি সকলো আলোচনা কৰি পিছদিনা কইনা ঘৰলৈ যায়। কইনা ঘৰত নিয়ম অনুসৰি দৰাঘৰৰ পিতা-মাতা, খুনাঙক আসন পাতি বহিবলৈ দিয়ে, কইনা ঘৰীয়া খুনাং আৰু আত্মীয় সকলক আৰু কন্যাৰ পিতা-মাতায়ো আসন পাতি বহে। দৰা ঘৰীয়াই কইনাৰ পিতাকক লাউঠাই আগ বঢ়ায়। দৰা আৰু কইনা ঘৰীয়াৰ পুতোহিতৰ গাৰাও খানডি বা ছলেৰে নানা আলাপ-আলোচনা হয়। এইদৰে আকৌ দৰাঘৰীয়াৰ হাইনগা দুজনে (পুৰুষ) ক্ৰমে কইনা ঘৰৰ পিতা-মাতা আৰু মান্য সকলক ডিঙিত গামোচা লৈ দীঘল আঁঠু লৈ সেৱা কৰে। সেৱা কৰা হাইনগা দুজনক সন্মান স্বৰুপে পৃথককৈ খোৱা-লোৱাৰ ব্যৱস্থা আৰু জুদি খাবলৈ দিয়ে। সেৱা কৰাৰ পিছত বিয়াৰ দিন-বাৰ আৰু কাল্টি দিয়াৰ বাবে সিদ্ধান্ত লয়।

দৰা পক্ষই কইনাক কাল্টি দিয়াৰ নিয়ম আছে। কাল্টিৰ ক্ষেত্ৰত কোনো দাবী নাই। সাধাৰণতে এই কাল্টি বিয়াল্লিছ টকাৰ পৰা পাঁচশ টকালৈকে দিয়া দেখা যায়। কিন্ত আজিকালি এহেজাৰ টকালৈকেও দিয়া দেখা যায়। কাল্টিৰ মূল্যটো দৰা আৰু কইনা পক্ষৰ মীমাংসাত ঠিক কৰে।

কিনাই বিয়াত ৰিগু (মেখেলা), ৰিজামফাই বেৰেণ (ৰামধেনুৰ নিচিনা) বুকুৰপৰা আঁঠুলৈকে মেঠনি মাৰে আৰু ৰিখাউছা (ৰিহা) পিন্ধে।

দৰাই ধুতী (গাইন থাউ), বগা কামিজ, ডিঙিত বগা আৰু হালধীয়া ৰঙৰ গামোচা (ৰিচা) আৰু মূৰত বগা পাগুৰি মৰা নিয়ম আছে। এই পাগুৰিটো ষোল্ল ফুট দীঘল হ’ব লাগিব। আৰু পাগুৰি বন্ধা জনক ‘লাউঠাইছা’ (সৰু লাউৰ পাত্ৰ) জুদি দি নিমন্ত্ৰণ কৰা উচিত। এই পাগুৰি বান্ধোতে দৰাক এটা কোঠাত বহুৱাই ৰং-ৰহইচৰ আত্মীয় আৰু বন্ধু-বান্ধৱী সকলে ধেমালি কৰে। বাছি লোৱা দুজনী গাভৰুৱে (পিতৃ-মাতৃ থকা) দৰাক মূৰত তেল সানি দিয়ে আৰু ফণিয়াই দিয়ে।

সাজ-পোছাক পিন্ধোৱাৰ আগতেই দৰাক পৃথককৈ ভাতৰ লগত পাঁচবিধ আঞ্জা খুওৱা নিয়ম আছে। দৰাৰ আঞ্জা ৰান্ধিবলৈ দুগৰাকী গাভৰু বাছি লয়।পাঁচবিধ আঞ্জা যেনে – মাছ, দাইল, ভজা কণী, শুকান ইলিছ মাছ (নাফৰাও), শাক-পাচলি আদিৰ আঞ্জা ৰান্ধে। কিন্তু বিয়াৰ বাবে হাঁহ, ছাগলী, কুকুৰা আদিৰ বলি দিয়া মাংস দৰাক খুওৱা অনুচিত। কিন্তু বলিৰ আগেয়ে অপায়-অমংগলৰ বাবে ব্ৰাই শিৱাৰায় (শিৱ-পাৰ্বতী), আমাং গামামডি (মা কালি)-ৰ নাম ধৰি ‘মি’ ‘দ’ প্ৰসাদ আগ বঢ়াই পুৰোহিতে পূজা-পাতল কৰে।

বিয়াৰ আগদিনা দৰা ঘৰীয়াই কইনা ঘৰলৈ গৈ অসুখ-বিসুখৰ খা-খবৰ লোৱাৰ নিয়ম। ইয়াক ‘গিলিমগাছা নাইবা’ বুলি কয়। কইনা ঘৰত দৰা ঘৰীয়া যোৱা খবৰ আগেয়ে পঠিওৱা (ডাক পঠোৱা, ডাখাইবা) আৰ বাম ফুটুৱাই লোৱাৰ এটি ৰীতি আছে। তাৰ পিছতহে দৰা ঘৰে কইনা ঘৰলৈ ‘গিলিমগাছা নাইবা’ বুলি যাত্ৰা কৰে। বিয়াৰ দিনা পুৱাই কইনা ঘৰত দৰা পক্ষই কাল্টি দিয়া প্ৰথা আছে। দৰা ঘৰীয়াই কইনা ঘৰীয়াক কাল্টি দিয়া আৰু পাণ – তামোল দুয়ো পক্ষৰ মাজত সাল-সলনি কৰা এক অন্যতম পৰম্পৰা। এই কাল্টিটো ৰং-ৰহইচৰেআৰু আনন্দৰে গ্ৰহণ কৰে। কইনা ঘৰত ধেমেলিয়াৰে বাঁহেৰে তৈয়াৰ (খৰংখাবা) বাট নিদিয়া কাৰ্য্য বা নঙলা বেৰ দি থয়। দৰা পক্ষই কইনা ঘৰত প্ৰবেশ কৰাৰ বাবে অনুমতি বিচাৰে। নানান আলাপ-আলোচনাৰ (গাৰাওখানডি বা ছলেৰে) পিছতহে কইনা ঘৰত সোমাবলৈ দিয়া হয়।

কইনা ঘৰলৈ যাওঁতে অৰ্থাৎ দৰাৰ আগে আগে ছজন ডেকাই সজাই লোৱা ছটা পাচিত (খামফ্লু) লাউঠাই, (জুদি) ছামলাইজু (মাছ, মাংস) ৰিমছাউ ৰামাইৰে ঢাকি মূৰত তুলি লৈ যায়। এই লাউঠাইৰ পাচিকেইটা মূৰৰ পৰা মাটিত নমাওঁতে এটা লেখত ল’ব লগীয়া নিয়মো আছে। দৰাই বৰযাত্ৰীৰে কইনা ঘৰলৈন বুলি ওলাওঁতে প্ৰথমে সোঁভৰি আগুৱাই সূৰ্য্যক সেৱা কৰি কইনা ঘৰলৈ বুলি যাত্ৰা কৰে। দৰা ঘৰীয়াই কইনা ঘৰলৈ হাঁহি-ধেমালিৰে ওলাই যোৱাৰ পিছত পুৰোহিতে পথৰ কাষত (লাফাংবা) বুলি কণী এটা (দাউডিদাইনবা) কাটে। দাউডিদাইনবা মানে বিয়াৰ যাত্ৰাত কোনো অমংগল দূৰ হয় বুলি বিশ্বাস। দৰাৰ পিছে পিছে ক্ৰমে ছযোৰ গাভৰু-ছোৱালীয়ে ৰিগু, ৰিজামগাইবেৰেন পিন্ধি যোৱাৰ নিয়ম আছে আৰু বয়স্ক পুৰুষ-মহিলা, বুঢ়া-বুঢ়ী, ল’ৰা-ছোৱালী শাৰী পাতি অহাৰ নিয়মো আছে। ৰভাতলীত দৰাঘৰীয়া-কইনাঘৰীয়াৰ মান্য পুৰুষ আৰু মহিলা সকলক দুভাগ কৰি আসনত বহিবলৈ দিয়ে। মহিলা-পুৰুষ (হাইনগাৰাও, হাইনগাজিক) আত্মীয় সকল আৰু মান্যজন আৰু অন্যান্য সকলক নিয়ম অনুসৰি বহিবলৈ দিয়ে। ডিমাচাই এই ৰীতিক ‘কামৰেন কামবা’ বোলে। ডিমাচাৰ বিয়াত বহাৰ ক্ষেত্ৰত (কামৰেন কামবা) শৃংখলিত প্ৰথা শলাগ ল’ব লগীয়া। ৰভাথলীত শৃংখলাবদ্ধভাৱে বহাৰ পিছত দৰাকো আদৰেৰে নিয়ম-শৃংখলাৰে ৰভাথলীলৈ লৈ যায়। দৰাৰ লগত সখীৰ উপৰি চাৰিজন ডেকা লগত লৈ যোৱা প্ৰথা আছে। দুজন সখীয়ে দৰাই আঁঠু ল’বৰ বাবে পাটী পাৰি দিয়ে। আৰু আন দুজনে পুৰুষৰ চাদৰেৰে ৰিমচাউৰামাইৰে আঁৰ-বেৰ দি যায় আৰু দৰাৰ আগে আগে ছাতি মেলি যায়। ৰিমচাউৰামাইৰে আঁৰ-বেৰ দিয়া মানে পৰম্পৰাক সন্মান জনোৱা। এইদৰে দৰাই প্ৰথমে দৰাৰ পিতা-মাতাক, দৰাঘৰীয়া, খুনাং আৰু কইনা ঘৰীয়া গুৰুজন আৰু মান্য জনৰ আগত দীঘল আঁঠু লৈ আশীৰ্বাদ লয়। বাঁহেৰে তৈয়াৰী সজাই-পৰাই লোৱা আসনত (কুঞ্জখ) দৰা আৰু কইনাক বহুৱাই। দৰা-কইনাই ফুলৰ মালা সালসলনি কৰি কইনাই দৰাৰ চৰণ চুই আশীৰ্বাদ লায়। তাৰ পিছত কইনাৰ পিতাকে দৰাৰ পিতাকক কইনা গতাই দিয়া, দৰাৰ পিতাকে নিয়ম অনুযায়ী কইনাক গ্ৰহণ কৰে। ইয়াকে ‘য়াওফাবা’ বোলে। কইনা সম্প্ৰদান কৰাৰ আগেয়ে কইনা ঘৰীয়াৰ পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰি লয়। দৰাৰ পিতাকেও মন্ত্ৰ উচ্চাৰণ কৰিহে কইনাক (বোৱাৰী) গ্ৰহণ কৰে। কইনাৰ পিতাকে এনেদৰে কয় :

ৰাজিজাং ৰাজি গাৱাৰ, হাখলি গাৱাৰহা

গাৰাজাং গৰজাং আশীৰ্বাদ ৰিদু,

ন, হা, চংলাইখা, দাউলাই বজৰ ছংখা,

মিঃ লাই বজৰ ছংখা

নামুগিৰি, খৰমুগিৰি,

দিনি ফাৰাংদে বাজামাই থিলাইখা,

নিনিছা, আনি বিছিক থামদ খালাই মায়া,

থাকদি খালাই মায়া,

থাকদি বিদিং ছিদিং বালাই ছিদিংমা,

থাফু বিদিং ছিদিং বালাই ছিদিংমা

থামদ খালাই মায়া, থাকদি খালাই মায়া।

এনে সময়তেও দৰা ঘৰীয়া আৰু কইনা ঘৰীয়াই তামোল-পাণ সলনি কৰা প্ৰথা আছে। ইয়াৰ পিছত ৰাইজৰ ভোজনৰ আৰম্ভণিতে ব্ৰাই শিবাৰাই আমাংগামাডি নাম ধৰি ‘মি’ ‘দ’ প্ৰসাদ আগ বঢ়াই পুৰোহিতে পূজা-পাতল কৰিলেহে ভোজন কৰা হয়। কইনা ঘৰত ভোজনত দৰা ঘৰীয়াই লাউঠাই লাউঠাইৰ জুদি, ছামলাইজু (মাছ, মাংস, নাফৰাও) কইনা ঘৰত ৰাইজক অলপ অলপকৈ হ’লেও দিয়া উচিত। ভোজনৰ পিছত কইনা ঘৰত ‘দৰাধৰা’ ছাতি মেলি কইনাৰ ককায়েক বা ভায়েকে দৰাক গ্ৰহণ কৰি ভিতৰলৈ লৈ যায়। (দৰাই একেদিনাই কইনা লৈ নাযায়)। কইনা ঘৰত দৰাৰ সখী সলনি কৰি সখীয়েকে দৰাৰ পৰা তামোল-পাণ সলনি কৰি বিদায় লয়। এদিন, তিনিদিন, পাঁচদিন বা সাতদিনলৈকে (আঠমঙলা) ‘ফেৰা’ লৈ বুলি দৰা-কইনাক কইনা ঘৰীয়াই বৰযাত্ৰীৰে দৰাৰ ঘৰত বিদায় দিয়ে আৰু দৰাৰ ঘৰত ফেৰাত ভোজন হয়। এইদৰে কইনা ঘৰীয়াই তামোল-পাণ সলনি কৰি দৰা-কইনাৰ পৰা বিদায় লৈ উভতি আহে। এনেকৈয়ে বিবাহ কাৰ্য্য সামৰণি পৰে।

 

লেখক : আলো নুনীছা থাওছেন।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা।

 

 

উজনি অসমৰ ভেকুলী-বিয়া

 

ভেকুলী বিয়া এ’

ঐ ৰাম মেঘে পানী তুলি দিয়া হে। (উৰুলি)

পানী তুলিবলো আহিছে ইন্দ্ৰদেৱে

ঐ ৰাম ক’তে পানী তোলা ঘাটে হে।। (উৰুলি)

এয়া এফাকি বিয়ানাম। কিন্ত ই আমাৰ অসমীয়া সমাজৰ সচৰাচৰ বিয়াত গোৱা বিয়ানাম নহয়। ই হৈছে উজনি অসমৰ কোনো কোনো জনগোষ্ঠীয়ে অতীতৰে পৰা প্ৰচলন কৰি অহা ভেকুলী-বিয়াৰ বিয়ানাম। বহুতৰে বাবে ই আচহুৱা কথা। বহুতে এই বিষয়ে অৱগতও নহয়। কাৰণ ই এক অগতানুগতিক প্ৰথা। আনহাতে ই জনগোষ্ঠীয় পৰম্পৰা বাবে সেই সমাজতেই সীমাবদ্ধ। বিশ্বাস-অবিশ্বাসৰ এক প্ৰশ্নবোধক পৰম্পৰাৰে যুগ যুগ ধৰি অসমৰ খিলঞ্জীয়া এই জনগোষ্ঠী সমূহে ইয়াক এক কৃষ্টি হিচাপে প্ৰচলন কৰি আহিছে।

আমি সৰু হৈ থাকোঁতে আমাৰ গাঁওবোৰত ভেকুলী বিয়া পতা দেখিছিলো। ককা-আইতাৰ মুখে এই বিয়া কিয় পাতে তাৰ বিষয়েও শুনিছিলোঁ। বাৰিষা কালত, খেতিৰ সময়ত একেৰাহে বহুত দিন খৰ মাৰিলে এই বিয়া পাতে। অসমৰ দুখীয়া কৃষক সকলে ধান খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰে। এই খেতিৰ বাবে বৰষুণেই হ’ল অসমৰ খেতিয়ক সকলৰ একমাত্ৰ ভৰসা। খেতিৰ সময়ত বৰষুণ নহ’লে অসমৰ শ্ৰমজীৱী কৃষকসকলৰ খেতি কৰা সমস্যা হৈ পৰে। অসমৰ জলবায়ুত যথেষ্ট পৰিমাণৰ বৰষুণ হয় যদিও কেতিয়াবা কেতিয়াবা খেতিৰ সময়তে বৰষুণ নহয়। সময়ত বৰষুণ নহ’লে চহা খেতিয়ক সকলক দুঃচিন্তাই আৱৰি ধৰে। কঠীয়া ধান সিঁচিবৰ সময়ত, ৰুবৰ সময়ত কেতিয়াবা কেতিয়াবা সমূলি বৰষুণ নহয়। তেতিয়া কৃষক সকলৰ কি কৰোঁ, কি নকৰো অৱস্থা হয়। পথাৰৰ চহাই থোৱা মাটি শুকাই কৰকৰীয়া মাৰে; তিয়াই থোৱা কঠীয়া ধানৰ গঁজালি মৰহি যায়; ৰোৱাৰ উপযুক্ত কঠীয়া ৰঙা পৰে। আকৌ কঠীয়া ৰুব নোৱাৰিলে বছৰটো খাবৰ জোখাৰে ধান পোৱাটো কঠিন হো পৰে। সেয়েহে খেতিৰ সময়ত বৰষুণ নহ’লে অসমৰ খেতিয়ক সকলক চিন্তাই জুমুৰি দি ধৰে।

এনে এক জটিল পৰিস্থিতিত অসমৰ কোনো কোনো জনগোষ্ঠীৰ লোকসকলে বৰষুণ দিয়াবলৈ অতীজৰে পৰা বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি আহিছে। লোকবিশ্বাসত বিশ্বাসী অসমৰ সহজ-সৰল ৰাইজে বৰষুণ দিয়াবৰ বাবে প্ৰচলিত পৰম্পৰা বা প্ৰথাৰ শৰণাপন্ন হয়। এই পৰম্পৰা বা প্ৰথাবিলাকৰ ভিতৰত ভেকুলী বিয়া অন্যতম। ভেকুলীয়ে টোৰটোৰালে বোলে শুকান মেঘেও গৰজে। সেয়েহে ভেকুলীক বৰুণ দেৱতাৰ দূত বুলি কোৱা হয়। এই ভাবিয়েই খেতিৰ বতৰত বৰষুণ নোহোৱা আপদ কালত হোজা-গঞা ৰাইজে বৰষুণৰ বাবে স্তত্তি কৰি ভেকুলীকেই ত্ৰাণকৰ্তা ৰুপত পূজা কৰে। এই পূজাৰেই অন্য নাম ভেকুলী বিয়া।

ভেকুলীৰ বিয়া পতাৰ পদ্ধতি : ভেকুলী বিয়াৰ নামটোৱেই সূচায় যে ইয়াৰ বাবে ভেকুলীৰ প্ৰয়োজন। এই বিয়া সচৰাচৰ মানুহৰ বিয়াৰ দৰেই অনুষ্ঠিত হয় যদিও ইয়াৰ কিছু পৃথক নীতি-নিয়ম আছে। এই নীতি-নিয়ম সমূহ সম্পূৰ্ণ জনগোষ্ঠীয় ধাৰাৰ।

বিয়াৰ বাবে দৰা-কইনা সজাবলৈ দুটা ভেকুলী নিৰ্বাচন কৰা হয়। এই ক্ষেত্ৰত চুক ভেকুলীয়ে গ্ৰহণযোগ্য। কাৰণ চুক ভেকুলী অতি শান্ত প্ৰকৃতিৰ। ই একে ঠাইতে ৰৈ থাকে। খেদিলেও ই সততে আঁতৰি নাযায়। আনহাতে, ই অপকাৰীও নহয়। সেয়েহে বিয়াৰ বাবে চুক ভেকুলীক প্ৰাধান্য দিয়া হয়। তথাপি জঁপিয়াই যাব নোৱাৰাকৈ বিয়াৰ দিনা ঠেঙত সূতাৰে বান্ধি থোৱা হয়। বিয়াৰ বাবে দিন-বাৰ চাই ভেকোলা আৰু ভেকুলী জনীক ধৰি গা-পা ধুৱাই, বাঁহৰ চুঙত ভৰাই থয়। কেতিয়াবা কেতিয়াবা চুঙাত ভৰাই থোৱাৰ পিছতো কেনেবাকৈ জঁপিয়াই পলাই যায়। যিহেতু চুক ভেকুলী সদায় ঘৰৰ ভিতৰতে চুকে-কোণে লুকাই থাকে, সেয়ে পলাই গ’লেও পুনৰ বিচাৰ পোৱাত অসুবিধা নহয়। তাতে চুঙাত ভৰাবৰ সময়ত ভেকুলী দুটাৰ গাত চিন দি থয়। অগত্যা যদি পলাই যোৱা ভেকোলাটো বা ভেকুলীজনী বিচাৰি নাপায় তেন্তে অন্য এটা ভেকোলা বা ভেকুলী ধৰি গা-পা ধুৱাই পুনৰ নতুনকৈ চুঙাত ভৰাই থয়। অৱশ্যে এনেকৈ দৰা বা কইনা পলাই যোৱাটো শুভ লক্ষণ নহয় বুলি কোৱা হয়। গাঁৱৰ তিৰোতা সকলৰ ভেকুলী বাছনি কৰাত দক্ষতা মন কৰিবলগীয়া। দৰা-কইনাৰ বাবে ভেকোলা আৰু ভেকুলী বাছি উলিওৱাটো সহজ কথা নহয়। গঞা মহিলাৰ এই ক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা আছে। তেওঁলোকৰ মতে ভেকুলাটো ক্ষীণ আৰু ভেকুলীজনী কিছু শকত হয়। এইদৰে দৰা-কইনা নিৰ্বাচন কৰি গাঁৱৰ দুই মূৰত দুই ঘৰ গঞাক ক্ৰমে দৰাঘৰীয়া আৰু কইনাঘৰীয়াৰ দায়িত্ব দি সেইমতে দুয়ো ঘৰতে বিয়াৰ আয়োজন কৰে।

দৰা-কইনা নিৰ্বাচন কৰাৰ পিছত সিহঁতক একোটাকৈ নাম দিয়া হয়। ভেকুলী দৰা-কইনাৰ নিৰ্দিষ্টকৈ একোটা নাম থাকে। দৰাৰ নাম ‘ভিকুৰাজ’ আৰু কইনাৰ নাম ‘কাঞ্চনমতী’। বিয়াৰ বাবে দৰা-কইনা বাছনি কৰোঁতে বিশেষ গুৰুত্ব দিয়া দৰকাৰ। ভেকুলী দুটাৰ বৰণ বগা-চকলা হ’ব লাগে। ভেকুলী বিয়া সদায় উজনি-নামনিক লৈহে পতা নিয়ম। অৰ্থাৎ ভেকুলী কন্যাৰ ঘৰ সদায় উজনিত আৰ দৰাৰ ঘৰ সদায় নামনিত হোৱাটো বাঞ্ছনীয়। কোনো ক্ষেত্ৰতেই এই দিশ সলনি হ’ব নালাগে। দৰা উজনিৰ আৰু কইনা নামনিৰ কেতিয়াও নহয়। ভেকুলী কইনাক সদায় ভটিয়াই নিয়াৰ নিয়ম। বিয়াৰ বাবে দিন-বাৰ, দুণৰী-কলচী ধৰা ছোৱালী (এৱাঁ ছোৱালী), দৰা-ধৰা, কন্যা-ধৰা, ডেকা-গাভৰু আদি সকলো কাম পঞ্জিকা চাইহে কৰা হয়। এই সকলোৰে ৰাশি চক্ৰও চাই লোৱা হয়। বাকী সকলোবোৰ মানুহৰ বিয়াৰ নিয়মেৰেই সম্পন্ন কৰা হয়। গাঁৱৰ মানুহক দুয়ো ঘৰে বিয়াৰ নিমন্ত্ৰণ জনায়। অৱশ্যে জনগোষ্ঠীয় সমাজত হোম-যজ্ঞৰ প্ৰচলন নাই বাবে বেকুলী বিয়াতো হোম-যজ্ঞৰ বিধান নাথাকে।

ভেকুলী বিয়াত দৰা ঘৰতকৈ কইনা ঘৰত আয়োজন অধিক পৰিমাণে হয়। দৰা ঘৰত ৰাইজক বিশেষ ধৰণৰ আপ্যায়ন কৰা নহয়। তামোল-পাণ আৰু চাহ-জলপানেৰে দৰা ঘৰত অতিথিক অপ্যায়িত কৰা হয়। দৰা ঘৰৰ পৰা সকলোৱে মিলি নিশা ভাগত ঢোলে-দগৰে কইনাৰ ঘৰলোলি যায়। ভেকুলী বিয়াৰ ঢোলৰ চাপৰ সচৰাচৰ বিহুত বজোৱা চাপৰৰ দৰে নহয়। ইয়াৰ এক সুৰীয়া খৰ আছে। বিয়াৰ সময়ত দৰা ঘৰে কন্যা ঘৰলি চাউল, তেল, নিমখ, শাক-পাচলি আদি যাৱতীয় বিধানেৰে এখন ভাৰ নিয়াৰ প্ৰথা আছে। এই ভাৰ খনৰ লগতে গাঁৱৰ ডেকা সকলে আনন্দ কৰিবৰ নিমিত্তে অন্য কিছুমান বস্তুও পঠিয়াই দিয়ে। এই বস্তু বোৰৰ ভিতৰত আমাৰ ভেকুলী দৰা-কইনাই ভাল পোৱা পোক-পৰুৱা, কেচু-কুমটি আদি থাকে। কন্যা ঘৰত সকলোৱে মিলি ভোজ-ভাত খায়। কেতিয়াবা কেতিয়াবা কাপোৰ টনা-টনিক লৈ দৰা ঘৰীয়া আৰু কইনা ঘৰীয়াৰ মাজত বিবাদৰো সূত্ৰপাত হয়। অৱশ্যে এনে বিবাদ খন্তেকীয়া। ডেকা-গাভৰু সকলে তাক স্ফূৰ্তি-তামাচা বুলি উৰুৱাই দিয়। বিয়াৰ সকলো কাম সম্পন্ন হোৱাৰ পিছত কন্যা ঘৰৰ গৃহস্থই ভেকুলী কন্যাৰ মাক-দেউতাক ৰুপে ভেকুলী কন্যাৰ কন্যাদান কৰে।

এনেকৈ ওৰেটো নিশা স্ফূৰ্তি-তামাচাৰে বিয়াৰ আনন্দ উপভোগ কৰি কাহিলি পুয়াতে দৰা-কইনাক লগত লৈ কইনা ঘৰৰ পৰা বিদায় লয়। দৰা-কইনাক যিমান পাৰে সিমান ধুনীয়াকৈ সজা কলৰ ভুৰত তুলি দিয়া হয়। সেই ভুৰ খন নি গাঁৱৰ মূৰত কোনো এক ওখ ঠাইত আলফুলকৈ থৈ আহে। (বহুতে ভবাৰ দৰে নদী বা জলাশয় আদিত উটুৱাই নিদিয়ে)। জনবিশ্বাস মতে ওখ ঠাইত থ’লেহে বৰুণ দেৱতাই ভেকুলী দৰা-কইনাক দেখা পাই বৰষুণ দিয়াব আৰু পানীৰে ওপচাই ভেকুলী দৰা-কন্যাৰ ভূৰখনৰ দ’ ঠাইলৈ উটুৱাই লৈ যাব। এই বিশ্বাসতেই জনগোষ্ঠীয় জঞা ৰাইজে অতীজৰে পৰা ভেকুলী বিয়া পাতি বৰষুণ মাতি আহিছে।

ভেকুলী বিয়াত মানুহৰ বিয়াত গোৱা ধৰণেই কিছুমান বিয়ানাম গায়। এই বিয়ানামবোৰ ভেকুলী বিয়াৰ উদ্দেশ্যতহে গোৱা হয়। বিয়াত এই বিয়ানামবোৰ গোৱা অপৰিহাৰ্য্য। এই বিয়ানামবোৰতেই ইন্দ্ৰ আৰু বৰুণ দেৱতাক বৰষুণৰ বাবে কৰা প্ৰাৰ্থনা অথবা স্তুতি জড়িত হৈ আছে। এই বিয়ানামবোৰ তিনিধৰণৰ : পানীতোলা নাম, দৰা অহাৰ পিছত কন্যা ঘৰত গোৱা নাম আৰু স্তুতি বা প্ৰাৰ্থনা গীত। প্ৰচলনৰ অভাৱত এই বিয়ানামবোৰ পাহৰণিৰ গৰ্ভত প্ৰায় বিলীন হৈ গৈছে। আনহাতে, এই নাম বা গীত সমূহ লিপিবদ্ধ কৰি ৰাখিবলৈ কোনোৱে প্ৰয়াসো কৰা নাই। সেয়ে ইয়াত ভেকুলী বিয়াৰ আপুৰুগীয়া এই বিয়া নামসমূহ সম্পূৰ্ণকৈ নহ’লেও কিছু উল্লেখ কৰা হ’ল।

  • ভেকুলী বিয়াৰ পানীতোলা নাম :

ভেকুলী বিয়া এ

মেঘে পানী তুলি দিয়া হে।

পানী তুলিবলৈ আহিছে ইন্দ্ৰদেৱ

ক’তে পানী তোলা ঘাটে হে।। (উৰুলি)

চুকৰে ভেকুলী ওলাই লৰে মাৰে

পিঠিত খৰে খজুৱাইছে বুলিহে।

পানী তুলিবলৈ ঢুলীয়া ওলাইছে

তাতে ঢোল বজাইছে ৰাতিহে।। (উৰুলি)

শুকানকৈ পুখুৰী খন্দালা দেউতা

ক’তে পানী তোলা হয় হে।

দূৰৈকৈ পুখুৰী দেখি পঠিয়াইছো

ৰিণিকি ৰিণিকি ক’তেবা যমুনা নৈয়েহে।। (উৰুলি)

  • কন্যা ঘৰত গোৱা নাম :

অৰণ্যে অৰণ্যে আহিলা ভিকুৰাজ

পদূলিতে দেখিলা ইটা।

চোতালৰ আগতে কেঁচা আম এজুপি

ভিতৰত সজাইছে সীতা।।

চতাই-পুৰহি (পৰহি-চতাই) আহিব দিছিলো

আজিনো আহিছা কিয়?

আমাৰে কাঞ্চনমতী বাটে চাই আছিলে

কান্দোনত ভাঙিছে হিয়া।।

আগৰখন ভাৰতে কি কি আনিছা

পদূলি মুখতে থোৱা।

পিছৰখন ভাৰতে যি যি আনিছা

ভঁৰালৰ গাধৈতে থোৱা।।

পিঠিতে খৰে লৈ আহিছা ভিকুৰাজ

গাতো যে ছালে নাইকিয়া।

ভঁৰালৰ তলতে আছে কলি কুকুৰ

তাকে বিয়া কৰি নিয়া।। (উৰুলি)

তলিতে তুলিচা বহিছে ললিতা

শৰাই লৈ মেলিছে চুলি।

মূৰতে ওৰণি দীঘলকৈ টানিছে

ভিকুৰাজ আহিছে বুলি।

এফালে বহিছে বৰুণ-দৈ গাভৰু

এফালে বহিছে সখী।

কিবা সদায় সখি কাঞ্চন মৰিব কান্দি

ভিকুৰাজক নেদেখি।

কোনে আনি দিব লোণ-আমলখি

কোনে আনি দিব জৰা।

কোনে আনি দিব ভিকুৰাজৰ বাতৰি

জল নগৰৰ পৰা।।

যাওঁতে ভিকুৰাজ কদম ৰুই গ’লে

আহোঁতে পেলালে কলি।

তাৰে এপাহি কাঞ্চনমতী ছিঙিলে

স্বামী ৰুই গৈছে বুলি। (উৰুলি)

  • স্তুতিগীত বা প্ৰাৰ্থনাগীত :

চকুৰে ভেকুলী কান্দিব লাগিছে

পিঠিৰ খৰ খজুৱাইছে বুলি।

ইন্দ্ৰৰাজ দেউতা বৰষুণ মাগিছো

গুচি যাওক পৃথিৱীৰ ধূলি।। (উৰুলি)

ইন্দ্ৰৰাজ দেউতা কাকূতি কৰিছো

আমাকো বৰষুণ দিয়া।

বৰুণে দি যাব সোণৰ সাজ-কাপোৰ

ইন্দ্ৰই লৈ যাব বিয়া।।

একঁকাল পানীতে কোঁৱৰ গা নুধুলে

এবুকু পানীলৈ যায়।

এবুকু পানীতে কোঁৱৰ গা নুধুলে

এমূৰা পানীলৈ যায়।।

এমূৰা পানীতে কৰে চলে বলে

কোঁৱৰক উটুৱাই নিয়া।

বৰষুণ নোহোৱাত ৰাইজ মৰিছে

আমাক বৰষুণ দিয়া।। (উৰুলি)

বিজুলী মাৰি ইন্দ্ৰৰাজ দেউতা

গংগাজল এমুঠি দিয়া

ইন্দ্ৰ দেউতা ত্ৰিখুটি দেউতা (মেঘ দেউতা)

গংগাজল এমুঠি দিয়া। (উৰুলি)

এই বিয়ানামবোৰ মুখ বাগৰি প্ৰচলিত হৈ আহিছে। মুষ্টিমেয় জনগোষ্ঠীয়ে এনেধৰণৰ ভেকুলী বিয়াৰ অনুষ্ঠান পাতি অহা বাবে এই নামবোৰ প্ৰায় হেৰাই গৈছে। কাৰণ, বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা নোহোৱা হৈ পৰিছে। তথাপি দুই-এঠাইত এতিয়াও ই কৃষ্টি হিচাপে জীয়াই আছে। আজিৰ যুগত শিক্ষিত সমাজে ইয়াক অন্ধবিশ্বাস বুলি উৰুৱাই দিব পাৰে। কিন্ত জনবিশ্বাসক উলাই কৰাটোও সিমান সহজ কথা নহয়। আমি কলেজত পঢ়া কালতো খেতিৰ দিনত প্ৰায়ে গাঁৱতে আছিলোঁ। সৰুতে ভেকুলী বিয়াক আনন্দ-উৎসৱৰ এক অনুষ্ঠান হিচাপে পাইছিলোঁ যদিও কলেজত পঢ়া কালত ভেকুলী বিয়াক লি মনত এক ঔৎসুক্য ভাৱে ঠাই লৈছিল। তেতিয়াও ভেক্কুলী বিয়া প্ৰত্যক্ষ কৰিছিলোঁ। যিহেতু এই বিয়া প্ৰতি বছৰে পতা নহয়। কাৰণ প্ৰতি বছৰে প্ৰকৃতি কেতিয়াও নিৰ্দয় নহয়। যি বছৰ খেতিৰ বছৰত খৰ মাৰে সেই বছৰতহে এই বিয়া পতা হয়। ভেকুলী বিয়াৰ বাদেও আমাৰ সমাজত বৰষুণ দিবৰ বাবে ‘বাঘ ধনু’ বুলি এবিধ বিশেষ ধৰণৰ ধনু বতাহত ঘূৰাই ঘূৰাই বজায়। এইবোৰ দেখি-শুনি মনত এক প্ৰশ্নই খু-দুৱনি লগাইছিল। সঁচাই বৰষুণ হ’বলে? কিন্তু আমাক আচৰিত কৰি খৰাং বতৰকো নেওচি আকাশ ক’লা মেঘে চানি ধৰিছিল আৰু ভেকুলী বিয়াৰ পিছদিনা পুৱাৰ ভাগতে বৰষুণ হৈছিল। তেতিয়া উপলব্ধ কৰিছিলোঁ যে এই জনবিশ্বাসত নিশ্চয় কিবা ৰহস্য নিহিত আছে। (এতিয়াও এই অসমীয়া সমাজত বিৰাজ কৰি আছে। নহ’লেনো ‘বিয়াৰ বতৰ পৰিছে বৰষুণ দিবই বুলি গাঁৱতহে নালাগে চহৰৰ মানুহেও কোৱা-মেলা কৰেনে?) অৱশ্যে কিছুমানে তেতিয়াও মানি নলৈছিল। তেওঁলোকৰ মতে, বহুদিন বৰষুণ নোহোৱাৰ পিছত বৰষুণ হ’বই। তাত ভেকুলী বিয়াৰ সম্বন্ধ নাই। পিছে, এনেবোৰ যুক্তি-তৰ্কৰো কিবা অৰ্থ আছে বুলি মনে নধৰে। এনেবোৰ কাৰ্য্যৰ সত্য-অসত্যৰ বিচাৰ কৰাতো সময়ৰ অপব্যৱহাৰ মাথোন। কাৰণ জনগোষ্ঠীয় সমাজৰ এনেবোৰ জনবিশ্বাস, পৰম্পৰাই হৈছে তেওঁলোকৰ পৰিচয়, সমাজৰ বুনিয়াদ। এইবোৰ তেওঁলোকৰ কৃষ্টি-সংস্কৃতিৰে একোটা অংগ, ভেকুলী বিয়াও এক জনগোষ্ঠীয় কৃষ্টি। ভেকুলী বিয়া পাতিলেই বৰষুণ দিব বা নাপাতিলেই বৰষুণ নিদিব এনেবোৰ যুক্তি-তৰ্কৰ কোনো অৰ্থ থাকিব নোৱাৰে। ই বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। এই বিশ্বাসৰ বাবেই হয়তো গঞা ৰাইজে ইয়াৰ সু-ফলো পাই আহিছে। সি যি নহওক, এই কৃষ্টি অধুনা-লুপ্ত। আওকলীয়া অন্ধবিশ্বাস বুলি আজিৰ সমাজে এইবোৰ এৰি পেলাইছে। লগে লগে হেৰাই গৈছে আমাৰ এক আপুৰুগীয়া কৃষ্টি। তথাপি আমি অতীতৰ এক কৃষ্টি হিচাপে গণ্য কৰি সংৰক্ষণ কৰাটো নিশ্চয় প্ৰাসংগিক কথা হ’ব।

 

লেখক : গহীন সোণোৱাল।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা।

 

বৰপেটাৰ প্ৰাণৰ উৎসৱ, ৰঙৰ উৎসৱ

 

শীতকালৰ শুক্ল প্ৰকৃতিয়ে বসন্তৰ আগমনৰ লগে লগে নৱ ৰুপ ধাৰণ কৰি ৰঙে-ৰুপে হৈ উঠে মোহনীয়া। শ্যামল উৰণি লি প্ৰকৃতি হৈ পৰে অন্যন্যা-অপৰুপা। বসন্তৰ আগমনত প্ৰাণচঞ্চল প্ৰকৃতিৰ বিতোপন ৰমণীয় পৰিবেশত জীৱকুল লৈ উঠে অধীৰ আনন্দত আত্মহাৰা। সেয়ে বসন্ত কালক কোৱা হয় ‘ঋতুৰাজ বসন্ত’। ভাৰতবৰ্ষত উদ্‌যাপিত ঋতু কালীন উৎসৱসমূহৰ ভিতৰত এই বসন্ত কালত উদ্‌যাপিত ফল্গুৎসৱ বা হোলী অন্যতম। ই ৰঙৰ উৎসৱ, যৌৱনৰ উৎসৱ। এই উৎসৱৰ উৎপত্তিাৰ বিষয়ে বিভিন্ন পৌৰাণিক আখ্যান পোৱা যায়। আমাৰ দেশত উদ্‌যাপিত প্ৰায় প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ সৈতে যুক্ত। ফল্গুৎসৱ বা দৌল উৎসৱো ইয়াৰ পৰা পৃথক নহয়।

অসমত দৌল উৎসৱৰ পাতনি মেলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। ২১ বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মতে, ‘ৰামৰায়কে আদি কৰি জ্ঞাতিসকলে শংকৰদেৱক ক’লে যে আপুনি অনেক তীৰ্থ ভ্ৰমণ কৰি নানাৰকম উৎসৱ দেখি আহিছে। আমাক এটি উৎসৱ দেখুৱাওক। এই কথা শুনি ফাগুনা মাহৰ পূৰ্ণিমা তিথিত শংকৰদেৱে বৃন্দাবনী গোপালৰ ফাল্গুৎসৱ কৰি দেখুৱালে। তেতিয়াৰে পৰা অসমত ফাল্গুৎসৱ বা ফাকুৱা প্ৰচলিত হ’ল। কীৰ্তন পুথিত ঠাই পোৱা ‘ৰঙ্গে ফাকু খেলে চৈতন্য বনমালী। দুই হাতে ফাকুৰ গুণ্ডা সিঞ্চন্ত মূৰাৰী’ – ঘোষা আৰু পদ এই উপলক্ষে ৰচিত হৈছিল’। (বেজবৰুৱা গ্ৰন্থাৱলী ১ম, খণ্ড, পৃঃ ১৫৪)।

দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা ধামত দৌল-উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই (১৫১৮ শক)। সেই দিনৰ পৰা এতিয়ালৈকে পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল-উৎসৱ পালন কৰি অহা হৈছে। দৌল-উৎসৱ বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ। স্থানীয় ভাষাত এই উৎসৱক দেউল বুলি কোৱা হয়। দেউলৰ এমাহমান আগৰে পৰা বৰপেটাত এই উৎসৱটিক আদৰাৰ ব্যাপক ব্যস্ততা পৰিলক্ষিত হয়। হাটীয়ে হাটীয়ে ৰোল উঠে হোলি গীতৰ। গৃহিণীসকল ব্যস্ত হয় আলহী-অতিথিক আদৰাৰ যাৱতীয় প্ৰস্তুতিত। চূণ-কামেৰে সজাই তোলা হয় বৰপেটা সত্ৰ। বৰপেটাত দৌল-উৎসৱ যিমান আড়ম্বৰপূৰ্ণ আৰু বাহুল্যভাৱে উদ্‌যাপন কৰা হয়, বোধহয় অসমৰ কোনো ঠাইতেই এই উৎসৱটি এনেদৰে উদযাপিত নহয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ বৰপেটাৰ দৌল-উৎসৱ।

নক্ষত্ৰ গণনা অনুযায়ী বৰপেটাৰ দৌল-উৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ পালন কৰা হয়। সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ‘লে চাৰিদিনীয়া বা পাঁচদিনীয়া আৰু চ’ত মাহৰ পূৰ্ণিমা তিথিত দৌল হ’লে তিনিদিনীয়াকৈ পালন কৰা হয়। চাৰিদিনীয়া বা পাঁচদিনীয়া দৌলক ‘ডেকা দৌল’ আৰু তিনিদিনীয়া দৌলক ‘বুঢ়া দৌল’ বুলি কোৱা হয়। দৌল-উৎসৱৰ প্ৰথম দিনটোক কোৱা হয় ‘বহ্নুৎসৱ’ বা ‘গন্ধযাত্ৰা’ বা ‘গন্ধ’। সেইদিনাখন বৰপেটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বক্তসকলে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আদি আনি সত্ৰৰ ‘টুপৰ চোতালত’ এটি বৃহৎ মেজি সজায়। গন্ধৰ দিনা আবেলি এক নিৰ্দিষ্ট ক্ষণত দৌল গোৱিন্দ মহাপ্ৰভুক ‘ভাজঘৰ’ৰ (মণিকূট-গৃহ)পৰা গায়ন-বায়ন, ঢুলীয়া সমন্বিতে পূব দুৱাৰেদি উলিয়াই আনি ‘মঠৰ চোতাল’ত এখন বৰ শৰাইত ৰখা হয়। তেনেদৰে কলীয়া ঠাকুৰ গোঁসাইক ঘাই দুৱাৰেদি উলিয়াই আনি মঠৰ চোতালত বৰ শৰাইত ৰখা হয়। দৌল গোৱিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক উলিয়াই আনোতে গায়ন-বায়নে সুহাই ৰাগৰ ‘চলে বিৰিন্দাবনে’ বৰগীতটো গায়। ইয়ৰ পাছত আৰম্ভ হয় অধিবাসী। এই সময়ত মহাপ্ৰভুক স্নান-অৰ্চনা কৰোৱা হয়। গায়ন-বায়নসকলে মঠৰ চোতালত বসন্ত ৰাগৰ ‘মই দেখো দেখো’ তুৰ বসন্ত ৰাগৰ ‘প্ৰাণ গোপাল’ ‘কেলি  কৰে বিৰিন্দাবনে’ আৰু বসন্ত ৰাগৰ ‘হৰিৰ হেৰোৰে বাপ’ এই কেইটা গীত গায়। মুখ্য গায়নে আঠোটা ৰাগ টানি আঠোটা বৰগীত গায়। এই ৰাগকেইটা হ’ল – অহিৰ, ললিত, বৰাড়ী, মাল্লসী, বসন্ত, কামাদ, মল্লাৰ আৰু ভৈৰৱী, ইয়াক অষ্টাৰাগ বোলা হয়।

গন্ধৰ দিনা সন্ধিয়া নিৰ্দিষ্ট ক্ষণত মঠৰ চোতালৰ পৰা গোঁসাইদ্বয়ক গায়ন-বায়ন-বৰঢুলীয়া সহিতে ভক্তবৃন্দই টুপৰ চোতালৰ মেজি কাষলৈ লো ইআহে। প্ৰজ্বলিত মেজিৰ চাৰিওফালে গোঁসাইক সাত পাক ঘূৰোৱা হয়। ইয়াক ‘মেজি পুওৱা’ বা ‘মাঘ পুওৱা’ বুলি কোৱা হয়। এই সময়ত ঢোল, খোল, তাল, ডবা, শংখ, ঘণ্টাৰ শব্দ আৰু আই সকলৰ উৰুলীৰ ধ্বনিত মুখৰিত হৈ পৰে বৰপেটা সত্ৰ। চাৰিওফালে প্ৰতিধ্বনিত হয় হোলী গীতৰ মন-প্ৰাণ হৰি নিয়া সুৰ। গোঁসাইক মেজিৰ চাৰিওফালে ঘূৰোৱা সময়তে বৰপেটাৰ স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত হয় আতচবাজীয়ে সৃষ্টি কৰে ভিন্ন ৰঙী আলোকৰ দৃষ্টিনন্দন খেলা। প্ৰজ্বলিত মেজিৰ উত্তাপ, হোলী গীতৰ মূৰ্ছনা ভক্তৰসৰ গল্গুধাৰাৰে আলোড়িত হয় প্ৰতিজনৰ হৃদয়। আনন্দৰ মহাৰোল নিনাদিত হয় বৰপেটা সত্ৰৰ চৌপাশে। ‘মন প্ৰাণে হৰি নাম / হোলী খেলো অবিৰাম / উতলা ফাগুনে নাচে বৰপেটা ধাম’।

মেজিৰ জুইৰ চাৰিওফালে সাত পাক ঘূৰোৱাৰ পাছত গোঁসাইক পোনতে নি বৰপেটা সত্ৰৰ উত্তৰ-পশ্চিম দিশত থকা ‘যোগমোহন’ গৃহত এখন শৰাইৰ ৰখা হয়। তাৰ পাছত নক্ষত্ৰ গণনা অনুসৰি এক শুভ লক্ষণত গোঁসাইক দৌলত আৰোহণ কৰোৱা হয়। বৰঢুলীয়াৰ ঢুলৰ চেও, গায়ন-বায়নৰ খোল-তালৰ শব্দ আৰু ভক্তসকলৰ জয়ধ্বনিৰে গোঁসাইক দৌলৰ সাতোটা চিৰিৰে সাত পাক ঘূৰাই দৌলৰ ভিতৰত সু-সজ্জিত দোলাত স্থাপন কৰা হয়। নিশা গায়ন-বায়নে দৌলৰ আগত সেৱাৰ কীৰ্তন কৰে আৰু বৰধেমালি বজায়। লগতে বংশৰ দ্বাৰা যাত্ৰাভিনয় কৰা হয়।

গন্ধৰ পাছৰ দিনাখন ভৰদৌল। তিনিদিনীয়া দৌলোৎসৱ হ’লে ভৰদৌল এদিন আৰু চাৰিদিনীয়া দৌলোৎসৱ হ’লে ভৰদৌল দুদিন হয়। ভৰদৌলৰ দিনা পুৱা যোগমোহন গৃহত আইসকল আৰু বাপু সকলৰ প্ৰসংগৰ পাছত বংশৰা বা হাটী গোটৰ গায়ন-বায়ন সকলে গুৰুঘাট বজাই শ্যাম ৰাগৰ দুটা ‘পুৱাৰ গীত’ আৰু ললিত ৰাগৰ ‘যশোমতী পেখিতে নয়ন জুৰায়’ গীতটো গায়। লগতে ‘ভাই দেখো কমলাপতি দৌলৰ উপৰে’, ‘দৌলে গোবিন্দ পৰম আনন্দে’ আৰু ‘ফাগুখেলে কৰুণাময়’ গীত কেইটি গোৱাৰ পাছত ‘ভোজন বেহাৰ’ অংক কৰে। আবেলি ঘোষা কীৰ্তন আৰু ব্যাহ কীৰ্তন কৰা হয়। গোঁসাই দৌলত থকা সময়ত ভক্তপ্ৰাণ ৰাইজে ফাকুগুড়িৰে গোঁসাইক সেৱা কৰে। বৰপেটা সত্ৰত সমবেত হাজাৰ হাজাৰ ভক্তই দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক দৰ্শন কৰি ধন্য হয়। ভৰদৌলৰ সন্ধিয়াৰ পৰাই বৰপেটাত ৰঙৰ মহামেলা আৰম্ভ হয়। দলে দলে কিশোৰ-চেমনীয়া-ডেকাসকলে হোলীগীত গাই ৰঙত হৈ পৰে মতলীয়া। ‘আহা আমি খেলো হোলী / মহানন্দে ৰংগ কৰি / ফাগু উৰাই গগনে পৱনে’। বিৰ দি বাট নোপোৱা হৈ পৰে বৰপেটা সত্ৰ। পাৰ ভাঙি বয় আনন্দৰ ধল। ভৰদৌলৰ নিশা বংশৰা বা হাটী গোটৰ গায়ন-বায়ন সকলে গন্ধৰ নিশাৰ দৰেই সেৱাৰ কীৰ্তন কৰে আৰু বৰধেমালি বজায়। নিশা পাল পৰা বংশৰাই নিবেদন কৰে যাত্ৰ-ভাওনা।

ভৰদৌলৰ পিছদিনা ফাকুৱা বা হোলী। আবিৰৰ ৰঙে চৌদিশে ৰঞ্জিত কৰা ফাকুৱাক বৰপেটাত কোৱা হয় ‘সুঁৱেৰী’ বা ‘সৌৰী’। সিদিনা বৰপেটাৰ আকাশত ৰং বৰষে। ৰঙত নাচি উঠে বৰপেটা-বৰধাম। হৰি কীৰ্তনত মুখৰিত হয় বৰপেটাৰ হাতীসমূহ। ইজনে সিজনক ফাকুগুড়ি ছটিয়াই আনন্দত মত্ত হৈ গায় : ‘ৰঙত নাচি উঠিল আজি বৃন্দাবন / পাই নৱ বসন্তৰে পৰশন / কুঞ্জ নিকুঞ্জ বনে বহে মিলন মেলা / আহা খেলো আমিমিলি ৰঙৰে খেলা’।

ভৰদৌলৰ নিশা দৌল গোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক দৌলৰ পৰা নমাই কীৰ্তন ঘৰৰ ভিতৰত ৰখা হয়। সুঁৱেৰীৰ দিনা আবেলি পুনৰাই গোঁসাইক মঠৰ চোতাললৈ উলিয়াই আনি পূজা-অৰ্চনা কৰাৰ পাছত দুখন সুশোভিত দোলাত তুলি গায়ন-বায়ন-ঢুলীয়া সহিতে হাজাৰ হাজাৰ ভক্তই হোলী গীতেৰে চৌদিশ্মুখৰিত কৰি, ফাকুগুড়িৰে আকাশ ৰঙালী কৰি বৰপেটা সত্ৰৰ দক্ষিণ দিশে প্ৰায় ডেৰ কিলোমিটাৰ নিলগত থকা কলবাৰী সত্ৰলৈ নিয়ে। ভক্তগণে আকুলচিত্তে গায় – ‘আহা আহা খেলো হোলী / সখিসমে মিলিজুলি / ফাগু সানো ৰঙতে উমলি / দোলাৰ উপৰে দুলি বজায় হৰি মুৰুলী / চলি যায় ঘনচাৰ পদূলি’। কলবাৰী সত্ৰত গোঁসাইৰ দোলা এক পৱিত্ৰ ভূমিত ৰখা হয় আৰু ভক্তগণে এবিধ বনৰীয়া মাহ (হেকেটা মাহ) গোঁসাইৰ সন্মুখত দিয়ে। ইয়াকে ‘হেকতা’ খোৱা বুলি কোৱা হয়। গোঁসাইক হেক্‌তা খাবলৈ নিয়া সময়ত প্ৰায় ডেৰ কিল’মিটাৰ জোৰা এই পথছোৱাত অগণিত লোকৰ সমাবেশে সৃষ্টি কৰে এক অভূতপূৰ্ব পৰিবেশ।

ঘুনুচা কীৰ্তন মতে, শ্ৰীকৃষ্ণ লক্ষ্মীগৃহ এৰি ঘুনুচা গৃহত থকাত লক্ষ্মী বিতুষ্ট হয় আৰু শ্ৰী কৃষ্ণ গৃহ-প্ৰবেশত বাধা আৰোপ কৰে। এই ঘটনাকে মূল উপজীব্য হিচাপে লৈ বাঁহেৰে হেঙাৰ বন্ধা হয় আৰু শ্ৰীকৃষ্ণৰ সমৰ্থক সকলে সেই বাঁহ ভাঙি গোঁসাইক সত্ৰত প্ৰবেশ কৰোৱায়। এই ‘বাঁহ ভঙা’ অনুষ্ঠানটো অতিকে মনোৰম। ইয়াতেই প্ৰদৰ্শিত হয় বৰপেটীয়া ডেকাৰ শাৰীৰিক শক্তি। ‘বাঁহ ভঙা’ অনুষ্ঠানত চাৰিডাল বাঁহ ভঙা হয়। এই চাৰিডাল বাঁহ পোনতে গন্ধৰ দিনাৰ পৰাই দৌল গৃহৰ চাৰিটা কোণত পোতা থাকে। বাঁহ কেইডালৰ শীৰ্ষত অঁৰা থাকে এখন চন্দ্ৰতাপ। এই বাঁহ কেইডালৰ এডাল দক্ষিণ হাটী, এডাল নহাটী আৰু এডাল উত্তৰাহাটীয়ে যোগান ধৰে। সেই অনুৰুপে প্ৰথমডাল বাঁহ দক্ষিণ হাটীৰ বাপু সকলে, দ্বিতীয়ডাল বাঁহ নহাটীৰ বাপু সকলে আৰু তৃতীয় আৰ চতুৰ্থ বাঁহ দুডাল উত্তৰ হাটীৰ বাপু সকলে ভাঙে। বাঁহ ভঙাৰ পাছত গোঁসাইক কীৰ্তন ঘৰৰ চাৰিও ফালে সাত পাক ঘূৰায়। গোঁসাইক সাত পাক ঘূৰাই থকাৰ সময়ত মঠৰ চোতালত অনুষ্ঠিত হয় আন এক অৰ্ধ নাটকীয় অনুষ্ঠান। য’ত লক্ষ্মীৰ পক্ষৰ এজন ভকত আৰু শ্ৰীকৃষ্ণৰ পক্ষৰ এজন ভকতে বাদানুবাদত লিপ্ত হয়। এই অনুষ্ঠানটোক ‘বোলবোলনি’ বোলা হয়। বাদানুবাদৰ অন্তত শ্ৰীকৃষ্ণই পৰাজয় স্বীকাৰ কৰি লক্ষ্মীৰ ওচৰত দণ্ড ভৰে আৰু লক্ষমীয়ে গোঁসাইক মণিকূটত প্ৰৱেশৰ অনুমতি দিয়ে। সেই মতেই দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাই কীৰ্তন ঘৰৰ মণিকূটত প্ৰবেশ কৰে আৰু ইয়াৰ লগে লগে সামৰণি পৰে জাক-জমকতাৰে পূৰ্ণ বৰপেটাৰ দৌল-উৎসৱ। দূৰ-দূৰণিৰ পৰা যাত্ৰী সকলে আৰম্ভ কৰে স্বগৃহলৈ উভতনি যাত্ৰা। বিষাদে আগুৰা এটি মন লৈ বৰপেটা বাসীয়ে অধীৰ আগ্ৰহেৰে পুনৰ অপেক্ষা কৰে পৰৱৰ্তী দেউললৈ।

 

লেখক : প্ৰিয়ৰঞ্জন দাস।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা।

 

সোণোৱাল কছাৰীৰ লখিমী-তোলা সবাহ

 

সোণোৱাল কছাৰী সকল অসমৰ এক বৃহৎ জনগোষ্ঠী। ৰাজ্য খনৰ কেইবাখনো জিলাত বিশেষকৈ তিনিচুকীয়া-ডিব্ৰুগড়-শিৱসাগৰ-যোৰহাট-গোলাঘাট-লখিমপুৰ আৰু ধেমাজি জিলাত এওঁলোক অতীজৰে পৰা বসবাস কৰি আহিছে। অসমৰ এক বৃহৎ জনগোষ্ঠী হিচাপে সোণোৱাল কছাৰী সকল সাংস্কৃতিক ভাৱে চহকী। বাৰেৰহণীয়া সংস্কৃতিৰে সোণোৱাল সকলৰ জনজীৱন উৎসৱ মুখৰ। বিহুকে আদি কৰি সামূহিক সংস্কৃতিৰ উপৰি সোণোৱাল সকলৰ নিজস্ব এক সাংস্কৃতিক ধাৰা আছে। সোণ কমোৱা বৃত্তিৰ বাবেই সোণোৱাল সকলে সোণোৱাল কছাৰী নামে পৰিচিত হৈছিল যদিও সোণোৱাল সকল প্ৰধানতঃ কৃষিজীৱী। সোণোৱাল সকল যে কৃইষজীৱী লোক সেই কথা তেওঁলোকৰ মাজত প্ৰচলিত কৃষিভিত্তিক পূজা-সেৱা, আচাৰ-অনুষ্ঠান আৰু উৎসৱ-পাৰ্বণ আদিৰ পৰাই জানিব পাৰি। সোণোৱাল সকলৰ বহু সাংস্কৃতিক আচাৰ-অনুষ্ঠান, সামাজিক ধ্যান-ধাৰণা, বিশ্বাস, উৎসৱ-পৰ্বণ খেতিৰ লগত সম্পৰ্কিত। সোণোৱাল সকলৰ তেনে এটি কৃষি ভিত্তিক উৎসৱেই হৈছে লখিমী তোলা সবাহ। ধন-ধানেৰে সমৃদ্ধ বৈদিক দেৱী লক্ষ্মীৰ কোমল ৰুপত লখিমী ৰুপে সোণোৱাল সকলে কল্পনা কৰে। লখিমীক তেওঁলোকে শুদ্ধ বগা বস্ত্ৰ পৰিহিতা এগৰাকী নাৰী ৰুপে মনত ধাৰণা কৰে। এনে ধৰণৰ নগৰাকী লখিমীৰ কল্পনা কৰি সোণোৱাল সকলে লখিমীক পূজা-অৰ্চনা কৰে। সোণোৱাল সকলে লখিমীক দুই ধৰণে অৰ্চনা কৰে, ঘৰুৱা ভাৱে শস্যৰ ভঁৰালত, আৰু পথাৰক কেঁচা পিঠাগুড়ি, কলেৰে লখিমীক দিয়ে। ইয়াকে সোণোৱাল সকলে লখিমীক দিয়া বুলি কয় – পথাৰত আলি বান্ধি কল আৰু পিঠাগুড়িৰে পথাৰৰ লখিমীক অৰ্চনা কৰে। ঘৰত সাধাৰণতে সন্ধ্যাবেলা ভঁৰালৰ ভিতৰত কল পিঠাৰে লখিমীক দিয়ে – লখিমীক দিয়াৰ দিনা চৰু হাড়ি ধুই পৰিষ্কাৰ কৰি লোৱা হয়। ভঁৰালৰ লখিমীয়ে দিয়া উপচাৰ পিচদিনা উলিয়াই আনি প্ৰসাদ হিচাপে গ্ৰহণ কৰে। ঘৰত লখিমীক দিয়া দিনা গোটেই ঘৰ খন সাত্ত্বিক ভাবত ৰখা হয় আৰু সেই দিনা মাছ-মাংস নাখায়। আঘোণ-পুহ মাহত পথাৰৰ সোণোৱালী শস্য চপাওঁতে বহুতো শস্য পোক-পৰুৱা, চৰাই, এন্দুৰ আদিয়ে খাই নষ্ট কৰাৰ উপৰি ৰ’দ, বৰষুণৰ প্ৰভাৱ আৰু সময় মতে চপাব নোৱাৰাত বহু শস্য পথাৰতে নষ্ট হয়। সোণোৱাল সকলৰ বিশ্বাস যে এনে ধৰণে পথাৰত শস্য নষ্ট হ’লে লখিমী আয়ে তেওঁক অৱহেলা কৰিছে বুলি ভাবে গৃহস্থক দোষ ধৰে। লখিমীয়ে দোষ ধৰিলে পাছলৈ পথাৰত ভাল খেতি নহয় বুলি সোণোৱাল সকলে ধাৰণা কৰে। লখিমীৰ এই দোষৰ পৰা হাত  সাৰিবলৈ গাঁৱৰ ৰাইজে সমূহীয়াকৈ প্ৰতি বছৰে বা দুই বা তিনি বছৰৰ মূৰে মূৰে ফাগুনা বা চ’ত মাহত লখিমীক আদৰিবলৈ লখিমী-তোলা সবাহ পাতে। লখিমী তোলা সবাহৰ এক মাহ মানৰ পৰাই গাঁও খন উৎসৱ মুখৰ হৈ পৰে, গাওঁ খনৰ প্ৰত্যেক ঘৰ সোণোৱালেই এই অনুষ্ঠান বিভিন্ন ধৰণে ভাগ লয়, প্ৰতিঘৰ সোণোৱালেই লখিমী তোলা সবাহ পৰম নিষ্ঠা আৰু আন্তৰিকতাৰে পালন কৰে। লখিমী তোলা সবাহৰ বাবে কোনো ধৰণৰ পূৰ্ব নিৰ্ধাৰিত দিন-বাৰ নাথাকে। ৰাজহুৱা ভাৱে ফাগুনা বা চ’ত মাহৰ কোনো এটা শুভ দিন ধাৰ্য্য কৰি লোৱা হয়। লখিমীক, সাধাৰণতে নৈৰ পৰা তুলি অনা হয় আৰু সেই তুলি অনা লখিমীক পাচত গায়নে-বায়নে নামঘৰলৈ নিয়া হয়। পাচত নামঘৰৰ পৰা আঁতৰি থকা লখিমীক প্ৰতিঘৰে আদৰি ঘৰলৈ নিয়ে। নৈৰ পৰা লখিমীক তুলিবলৈ নৈৰ কাষৰ সুবিধা জনক ঠাই এডোখৰ চাঁচি-চুৰুকি পৰিষ্কাৰ কৰি লোৱা হয়। এই ঠাই ডোখৰকে লখিমী তোলা ঘাট বোলে। নৈৰ পৰা তুলি লখিমীক ৰাখিবৰ বাবে গাঁৱৰ নামঘৰটোও চাফ-চিকুণ কৰি লোৱা হয় – তাৰ পাছত কৌপাত মেৰোৱা নলৰ লাখুটি, দুখন জাকৈ আৰু উকা বগা বৰ কাপোৰেৰে দুডাল বাঁহত এখন দোলা তৈয়াৰ কৰা হয়। নলৰ লাখুটি বিলাক লখিমীৰ সাৰথি হিচাপে ভবা হয়। পাচত সেই নলৰ লাখুটি প্ৰত্যেক ঘৰ মানুহে এৱাঁ সূতা টানি নামঘৰৰ পৰা লখিমীক ঘৰলৈ আদৰি নিয়ে আৰু লাখুটি ডাল ভঁৰালত সযতনে ৰাখি থয়। লখিমীক নৈৰ পৰা তুলিবলৈ পূৰ্বতে নিৰ্ধাৰিত দুজন মানুহে পানীত বুৰ মাৰি জাকৈৰে লখিমী তোলে, জাকৈত জেং-জাবৰ, মাছ-পুঠি যিহকে আহে বগা বৰ কাপোৰৰ দোলাত তুলি লয়। সাধাৰণতে জাকৈত মাছ আহিলে সুমংগল আৰু লখিমীয়ে দোষ নধৰা বুলি সোণোৱাল সকলে বিশ্বাস কৰে।

লখিমী তোলাৰ দিনা পুৱাৰ ভাগতেই গাঁৱৰ সকলো মানুহ গোট খাই নিয়মিত আগমন কৰাৰ পাচত গায়ন-বায়নেৰে নামঘৰটো সাতপাক ঘূৰি লখিমী তুলিবলৈ নৈৰ লখিমী তোলা ঘাটলৈ শোভাযাত্ৰা কৰে। শোভাযাত্ৰাৰ দলটোৰ আটাইতকৈ আগত যায় পূৰ্বৰ পৰা নিৰ্বাচিত কৰি ৰখা ভাল ৰাশিৰ দুজনী শুচি অকুমাৰী ছোৱালী, তেওঁলোকৰ হাতত থাকে ডালি-কলচী, গায়ন-বায়নৰ মাজত দোলা আৰু আই সকল, দোলা ভাৰ ল’বলৈ পূৰ্বৰে পৰা নিৰ্বাচিত চাৰিজন কিশোৰে তলত জামাৰ দৰে বগা কাপোৰ পিন্ধি গাৰ ওপৰত চেলেং চাদৰেৰে ওৰণি লৈ গা-মূৰ ঢাকি দোলা ভাৰ লয়। ডালি-কলচী ধৰা কিশোৰী কেই গৰাকী, দোলাভাৰী সকল আৰু জাকৈ বাই লখিমী তোলা মানুহকেইজনক গাঁৱৰ সকলো মানুহে গোটেই মাহটো বৰ পবিত্ৰ জ্ঞান কৰে আৰ তেওঁলোকক সন্মানৰ চকুৰে চায়, আনকি যিসকলে এই কামৰ দায়িত্ব পায় তেওঁলোকে নিজেও গৌৰৱ অনুভৱ কৰে। অৱশ্যে ডালি-কলচী কিশোৰী, দোলাভাৰী আৰু নৈৰ লখিমী তোলা কেইগৰাকীয়ে সাত্ত্বিক ভাবত নীতি-নিয়ম পালন কৰিব লাগে। গায়ন-বায়ন ডালি-কলচী দোলাৰে শোভাযাত্ৰা কৰি পূৰ্বৰে পৰা ঠিক-ঠাক কৰি যোৱা লখিমী তোলা ঘাটত লখিমী তোলা হয়। ঘাটত প্ৰথমেই আই বসুমতী কুবেৰ, কালিকা আৰু নদী বা ঘাটুৱৈ দেৱতাক আগমন কৰি লোৱা হয় – এইখিনি কৰাৰ লগে লগে আয়তী সকলে লখিমী-আদৰা নাম গায়:

দীঘল কলপাতত লখিমী বগালে

তামৰে কলচী লৈ

বিৰিণা ডালতে শলিতা লগালে

লখিমী নামকে লৈ।

গায়নে-বায়নে সমাজ খন পাতিলে

পালেহি যমুনা নৈ

সাগৰে বাগৰে শালখনি জুৰিলে

কৰ্মশালা সাপৰে লাডু

পাৰ্বতী বচনে কিৰিষি কৰিলে

কপিলা কণ্ঠত উঠে

হাবিৰ হনুমন্তই আলিপাহ কাটিলে

ভালুকে চলালী গৰু …….. :

এইদৰে গীত গাই আই লখিমীক প্ৰাৰ্থনা কৰে। এই প্ৰাৰ্থনাৰ মাজতে আগতেই নিৰ্বাচিত কৰি ৰখা জকৈয়তা কেইজনে পূব, পশ্চিম, উত্তৰ, দক্ষিণ আদি দহো দিশক উদ্দেশ্য কৰি নৈৰ পানীত বুৰ মাৰি দহ বাৰকৈ জাকৈ বায় আৰু জকৈত যি মাছ, পুঠি, জেং-জাৱৰ, বোকা, বালি যি উঠে কাপোৰৰ দোলাত ভৰায়। তাৰ পাছত গায়নে-বায়নে দোলাত তুলি লখিমীক আদৰি গাঁৱৰ নামঘৰলৈ লৈ যোৱা হয়, এই আদৰণি যাত্ৰাত ডালি-কলচী লোৱা কিশোৰী কেইগৰাকী, আয়তী সকল আগত যায়, পাচে পাচে গায়ন-বায়ন মাজত দোলা আৰু দোলাভাৰী সকল যায়। দোলাভাৰী কেইজনে হাতত কৌপাতেৰে মেৰুওৱা একোডাল নলৰ লাখুটি লয়। লখিমী-তোলা ঘাটৰ পৰা লখিমী নামঘৰলৈ আদৰি নিওঁতে গোটেই বাটছোৱা এৱাঁ সূতা টানি অনা হয়। সোণোৱাল সকলে বিশ্বাস কৰে যে এৱাঁ সূতাইদি বগাই লখিমী ঘাটৰ পৰা গাঁৱলৈ আহে। লখিমী আদৰি আনি নামঘৰত থোৱাৰ পাচত দোলাত অহা বোকা, বালি, মাছ-পুঠি, জেং-জাবৰ আটাইবোৰকে লখিমী বুলি ভাবি কৌপাতত ভাগ ভাগ কৰি প্ৰত্যেক ঘৰ গঞা-ৰাইজৰ মাজত বিতৰণ কৰে। গাঁৱৰ প্ৰত্যেক ঘৰ গৃহস্থ বা গৃহিণীয়ে একোটা ভাগ লৈ নলৰ লাখুটি বাই বাই লখিমীক আদৰি আনি আথে-বেথে ভঁৰালত সুমুৱাই থয়। নামঘৰৰ পৰা এনেকৈয়ে লখিমীৰ ভাগ আনোতেও ঘৰলৈ এৱাঁ সূতা টানি অনা হয় ঠিক আগৰ বিশ্বাসৰ দৰেই। এই সবাহত পুৰুষৰ আৱশ্যক নহয়, কেৱল তিৰোতা সকলেই সম্পন্ন কৰে। ঘৰুৱা লখিমী সবাহত ভঁৰালৰ সন্মুখত ৰজা পাতি লখিমী আদৰা গীত গাই পথাৰৰ লখিমীক ঘৰলৈ আদৰি আনে, বহুতে খেতি চপোৱাৰ পাচত মাঘ মাহত লখিমীক ঘৰলৈ নানো বুলি প্ৰথমতে লখিমীক নৰাৰে বান্ধি থৈ আহে আৰু ফাগুন-চ’ত মাহত লখিমী সবাহ পাতি পথাৰৰ লখিমীক ঘৰলৈ আদৰি আনে। আবেলি পৰত আই সকলে নাম গাই গৃহস্থনীৰ লগত পথাৰৰ পৰা লখিমীক আদৰি আনি ভঁৰালত থয়হি। আকৌ খেতি চপাওঁতে নানা প্ৰকাৰেৰে শস্য নষ্ট হোৱাত লখিমী দুখ পাই আঁতৰি থকা বুলি ভাবি পথাৰৰ পৰা লখিমীক ঘৰলৈ আদৰি আনিবৰ বাবে লখিমী সবাহ পাতে। কেতিয়াবা ঘৰৰ কাৰোবাৰ চকুৰ বেমাৰ হ’লে লখিমীয়ে দোষ ধৰা বুলি বিশ্বাস কৰে। তেতিয়া আয়তী সকলে গীত-মাতেৰে লখিমীক স্তুতি-প্ৰাৰ্থনা কৰি লখিমীৰ দোষ ভাঙোতে ঘৰুৱা ভাৱে যিকোনো সময়ত লখিমী সবাহ পাতে।

 

লেখক : বেণু বড়া।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা।

 

গালং জনজাতিৰ বৰ্ণাঢ্য উৎসৱ : মপিন

 

সূৰ্যোদয়ৰ দেশৰুপে খ্যাত অৰুণাচল প্ৰদেশৰ বুকুত আদিতে ব্যাসদেৱে তপস্যা কৰিছিল বুলি জনা যায়। এই দেশখন ষষ্ঠ দালাই লামাৰ জন্মস্থান। নানা জনজাতিৰ বৈচিত্ৰ্যময় মিলন্ভূমি হ’ল অৰুণাচল প্ৰদেশ। পাঁচোটা উপত্যকা : কামেং, সোৱণশিৰি, চিয়াং, লোহিত আৰু টিৰপাত বিভক্ত এই দেশ খনত বৰ্তমান চাবিছটা জনগোষ্ঠী আৰু অসংখ্য জনজাতীয় লোকে বাস কৰে। ইয়াৰে চিয়াং উপত্যকাত বাস কৰা এটা বৈচিত্ৰ্য পূৰ্ণ জনগোষ্ঠী হ’ল গালং।

গালং সকলৰ সম্পৰ্কত অসমৰ জনজাতি গ্ৰন্থত আছে : গালং সকলে ডাঙৰ-দীঘলকৈ ঘৰ-দুৱাৰ সাজে। ঘৰবোৰ বৰ্গাকাৰ। এওঁলোকৰ নানা ধৰণৰ জ্যামিতিক চানেকিৰ ফুল থকা কঁকালৰ বগা কাপোৰ দেখনিয়াৰ বস্তু। দক্ষিণৰ কোনো গালঙে দাঁতিত ৰঙা ফুলেৰে বগা পচমৰ চোলা ব্যৱহাৰ কৰিছিল আৰু  উত্তৰৰ গালঙে বৰি সকলৰ পৰা বগা পচমৰ চোলা কিনি লৈছিল বুলি জি ডি এছু ডানৱাৰ চাহাবে লিখিছে। গালং সকলে মূৰৰ টুপীত পাকৈ ঢোঁৰা বা ধনেশ চৰাইৰ ঠোঁট লগাই লোৱা দেখা যায়। এওঁলোকৰ বিয়াৰ প্ৰথা বিচিত্ৰ ধৰণৰ। গালং সমাজত ‘মশ্বুপ’ বা ‘ৰাশ্বে’ নাই। গালং জনজাতিয়ে বসন্ত ঋতু আৰম্ভ হোৱাৰ লগে লগে পতা এক উৎসৱ হ’ল ‘মপিন’। এই মপিন উৎসৱ পালনৰ দ্বাৰা ধৰ্মীয় আৰু সাংস্কৃতিক দুয়ো দিশ প্ৰকাশিত হয়।

মপিন উৎসৱ পালনৰ দ্বাৰা গালং সকলে আনন্দ, ধন-ঐশ্বৰ্য বৃদ্ধিৰ কামনা কৰে। মাৰ্চ-এপ্ৰিল মাহত মহাড়ম্বৰৰে এই উৎসৱ পাঁচ-ছদিন ধৰি পালন কৰা হয়। উৎসৱৰ এপষেক মান আগৰে পৰা আয়োজন আৰম্ভ হয়। সপোন দেখা আৰু মঙল চোৱাৰ ওপৰত নিৰ্ভৰ কৰি এই উৎসৱ পতা হয়। গাঁৱৰ মাইকী মানুহে গাঁৱলৈ মপিন দেৱী আহিব নে নাহে তাকো সপোনত দেখে। সপোনৰ কথা প্ৰচাৰ হোৱাত গাঁৱৰ ৰাজহুৱা ঘৰ ‘ডেৰ’ত গাঁৱৰ ৰাইজে গোট খায় আৰু কুকুৰা আৰু ইয়াৰ কণীৰে মঙল চায়। মঙলৰ ফলাফল চাই মপিন উৎসৱ পতা হয়। লগে লগে গাঁঅৱৰ তিৰোতা সকল ব্যস্ত হৈ পৰে উৎসৱৰ বাবে প্ৰয়োজনীয় ‘আপ্‌’ প্ৰস্তুত কৰাত আৰু পুৰুষ সকল ব্যস্ত হৈ মাইকী মেথোন, গাহৰি, কুকুৰা আদি সংগ্ৰহত। ইফালে গাঁৱৰ ডেকা সকল ব্যস্ত হৈ পৰে মপিন দেৱী আৰু তেওঁৰ লগৰীয়া দেৱ-দেৱী সকলৰ মূৰ্তি গঢ়াৰ বাবে প্ৰয়োজন হোৱা বাঁহ, কাঠ, গছৰ পাত যোগাৰ কৰাত। ডেৰৰ সন্মুখত মপিন দেৱীৰ মূৰ্তি কাৰিকৰে এন্দিশ্বিকা গছৰ পাতেৰে সজায়। এই মপিন পূজাৰ বাবে অইন দেৱ-দেৱীৰ মূৰ্তিও সজা হয়। মপিন উৎসৱৰ দেৱ-দেৱীৰ মূৰ্তি গছৰ পাতৰ দ্বাৰা সজা ব্যৱস্থাৰ লগত সনাতন হিন্দু ধৰ্ম আৰু অসমৰ কেতবোৰ জনগোষ্ঠীৰ অনুৰুপ মূৰ্তি সজা বা মূৰ্তি পূজা ব্যৱস্থাৰ মিল আছে। উদাহৰণ স্বৰুপে, সনাতন হিন্দু ধৰ্মত মনসা পূজা আৰু নাগ পঞ্চমীত বেদীৰ মূৰ্তিৰ ওচৰতে এটা সিজু গছৰ ডাল ৰখা হয়। শিৱৰাত্ৰিত বেল গছক, ভঠেলীক বাঁহক পূজা কৰা হয়। আকৌ একে ধৰ্মৰ পূজা সমূহত ঘটক আম গছৰ ঠাল ৰাখি পূজা কৰা হয়। অসমৰ বড়ো জনজাতিয়ে বাথৌ পূজাত সিজু গছক, চাহ জনগোষ্ঠীয়ে কৰম পূজাত কৰম বা চিকা মৰলীয়া গছৰ ডালক পূজা কৰে। মপিন পূজাৰ মূৰ্তি সাজি থাকোঁতে গাঁৱৰ প্ৰতি গৰাকী গৃহিণীয়ে দেৱীৰ নামত কাৰিকৰক খাদ্য যোগান ধৰে। ইয়াক ‘শ্বিকানাম’ বোলে।

মপিন দেৱ-দেৱীৰ মূৰ্তি সজা আৰম্ভৰ লগে লগে দণ্ডায়ে (পুৰোহিত) মন্ত্ৰৰ সুৰত মপিনৰ ইতিবৃত্তি গায়। এই ব্যৱস্থাৰ সনাতন হিন্দু ধৰ্ম সত্যনাৰায়ণ পূজাৰ পুৰোহিতৰ পাঁচালি পাঠৰ লগত মিল আছে। সত্যনাৰায়ণ পূজাত পুৰোহিতে সত্যনাৰায়ণ পূজাৰ ইতিবৃত্তিৰ পাঁচালি গায়। আকৌ মনসা পূজাত পৰিৱেশিত ওজাপালিয়ে মনসাৰ পূজা প্ৰচলনৰ ইতিবৃত্তিৰ কাহিনী গায়। পাতি ৰাভা সকলৰ তুকুৰীয়া পূজাত পৰিৱেশিত তুকুৰীয়া ওজাপালিত ওজা আৰু পালি সকলে তুকুৰীয়া পূজা প্ৰচলনৰ কাহিনী গায়। মপিন পূজাত দণ্ডায়ে পূৰ্তিৰ বেদী পৰিষ্কাৰ কৰে,। পিঠাগুড়ি ছটিয়ায় আৰু মাটিত খুঁচি খুঁচি মূৰ্তি সমূহ প্ৰতিষ্ঠা কৰে। মূৰ্তি প্ৰতিষ্ঠাৰ পিছত মাইকী মেথোন এজনী দেৱীৰ আগত কাঠ পুতি বন্ধা হয়। গাহৰি, কুকুৰা আদিও মেথোনৰ দুয়োপিনে বন্ধা হয়। প্ৰথমতে সোঁফালৰ পৰা আহুতি দি আহি মপিন দেৱীৰ সন্মুখৰ মেথোনৰ আহুতি বন্ধ কৰি আকৌ বাওঁফালৰ আহুতি দি আহি অৱশেষত মেথোন জনী উচৰ্গা কৰে। লগে লগে নাৰী সকলে নিজ নিজ ভঁৰালৰ পৰা খাবলৈ অনা ধান (দহিগিঞ্চি) আদাৰে স’তে মপিন দেৱীৰ সন্মুখত সজায়। মহিলা সকলে দহগিঞ্চি মেথোনৰ তেজেৰে বুলাই লৈ মপিন দেৱীৰ গাৰ অংশ বিশেষ এৰুৱাই দহগিঞ্চিত সুমুৱাই কাপোৰেৰে ঢাকি ঘৰলৈ লৈ আহে। এই ব্যৱস্থাৰ লগত সনাতন হিন্দু ধৰ্মৰ কিছুমান পূজাৰ অনুৰুপ ব্যৱস্থাৰ মিল আছে। দুৰ্গা পূজাত নলবাৰী জিলাৰ বেলশৰৰ ‘বিলেশ্বৰ দেৱালয়’ত কলগছক কাপোৰ পিন্ধাই দুৰ্গা দেৱীৰ ৰুপত পূজা কৰা হয়। পূজাৰ অন্তত দেৱীক মন্দিৰৰ কাষত দেৱান পুখুৰীত বিসৰ্জন দিয়াৰ পিছত ভক্ত সকলে কাপোৰ খনৰ এটুকুৰা ল’ব পৰাতো সৌভাগ্য ৰুপে গণ্য কৰে। ঠিক তেনেদৰে সৰস্বতী পূজাত ঘটৰ কাপোৰ খন পূজাৰ শেষত বিসৰ্জনৰ অন্তত টুকুৰা-টুকুৰ কৰি ভক্ত সকলে হাতৰ মণিবন্ধত বান্ধি লয়। আকৌ ভঠেলী উৎসৱত পাৱৰা ৰখা ঠাইৰ পাৱৰাৰ গুড়িৰ তলৰ মাটি অলপ আনি ঘৰত পাৰ চৰাইৰ বাহত দিলে পাৰ চৰাইৰ ৰোগ আঁতৰে বুলি বিশ্বাস প্ৰচলিত আছে।

মপিন উৎসৱৰ দিনা ঘৰে ঘৰে সকলোৱে পাত-পিঠা কৰি ডেৰেৰ সন্মুখত ঢাৰি পাতি জমা কৰে। এই পিঠাবোৰ মিহলি কৰি তাক ভাগ কৰি ঘৰে ঘৰে বিলায়। লগে লগে আৰম্ভ হয় মেথোনৰ মাংস ভাগ কৰি লোৱা কাম। এই পৰ্বক ‘হৰি টেঙনাম’ বোলে। উৎসৱৰ দ্বিতীয়টো দিনতে ডেকা-গাভৰুৱে গালত পিঠাগুড়ি সানি আনন্দ কৰে। এই ব্যৱস্থাৰ দৌল-উৎসৱৰ ফাকুৱাৰ লগত মিল আছে। আকৌ নৱজাতকৰ অন্নপ্ৰাসন-নামকৰণ আদিত জাতকৰ পৰিয়াল, সম্পৰ্কীয় লোকে ইজনে-সিজনৰ মুখত নীল, ফাকু আদি সানি ধেমালি আনন্দ কৰে। তৃতীয় দিনাৰ পৰা পঞ্চম দিন লোকৈ সণ্ডায়ে প্ৰতি ঘৰতে ঘূৰি গৃহস্থক আশীৰ্বাদ দিয়ে। তেওঁৰ স’তে ডেকা-গাভৰুহঁতে ঘৰে ঘৰে নাচি বাগি যায়। ইয়াক ‘মপিন শ্বনাম’ বোলে। গৃহস্থই দণ্ডাই আৰু ডেকা-গাভৰু সকলক আদৰ-সাদৰ কৰে। এই ব্যৱস্থাৰ লগত চাহ জনগোষ্ঠীৰ টুচু পূজাৰ মিল আছে। টচু পূজাৰ অন্তত দেৱী নদীত বিসৰ্জন দিয়াৰ আগতে গাঁৱৰ ঘৰে ঘৰে ফুৰাব নিয়া হয়। গীত গাই, বাদ্য বজাই যোৱা দলটোক গৃহস্থৰ লোকে আদৰ-আপ্যায়ন কৰে। তেনেদৰে ৰঙালী বিহুত বিহুৱা দলক, মহোহো পৰ্ব, বাম্বোলপিতা পৰ্ব, পুৰুষা পৰ্বত গৰখীয়া দলবোৰক গৃহস্থই চাউল, টকা-পইচা দি আশীৰ্বাদ লয়। এনেদৰে পাঁচ দিন অতিবাহিত হোৱাত দণ্ডায়ে বাঁহৰ চুঙাত আপ্‌ ভৰাই লৈ দেৱ-দেৱীৰ মূৰত ঢালি তেওঁলোকে লগত অনা সা-সম্পত্তিবোৰ গঞালৈ এৰি ‘দিমি জামেৰ’লৈ উভতি যাবলৈ অনুৰোধ জনায়। লগে লগে সামৰণি পৰে মপিন উৎসৱৰ।

মপিন উৎসৱ পালনৰ দ্বাৰা সমাজত ঐক্য-সম্প্ৰীতি গঢ়ি উঠে। ডেৰত সকলো লোক গোট খোৱাৰ দ্বাৰা আৰু মপিন শ্বনামত গাঁৱৰ প্ৰতি ঘৰলৈ দণ্ডাইৰ স’তে ডেকা-গাভৰু সকল ফুৰিবলৈ যোৱাৰ দ্বাৰা সম্প্ৰীতিৰ এনাজৰী ডাল সুদৃঢ় হয়। ডেকা-গাভৰু সকলে পিঠাগুড়ি সনা ব্যৱস্থাৰ দ্বাৰা পৰস্পৰে ভ্ৰাতৃত্ববোধত উদ্ধুদ্ধ কৰায়, সমাজৰ সমূহীয়া উন্নতিৰ হকে কৰ্মৰত হ’বলৈ প্ৰেৰণা যোগায়।

 

লেখক : মৃগেন শৰ্মা।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা।

 

 

খুলীয়াভাউৰীয়া

 

দৰঙী সংস্কৃতিৰ অন্যতম দৃশ্য-শ্ৰাব্য অনুষ্ঠান খুলীয়াভাউৰীয়া। খুলীয়াভাউৰীয়া দৰঙৰ লোকনাট্য। খুলীয়া আৰু ভাউৰীয়া শব্দ দুটাৰ সংযোগত খুলীয়াভাউৰীয়া শব্দটোৰ সৃষ্টি হৈছে। খুলীয়া শব্দৰ অৰ্থ যিজনে খোল বজায় অৰ্থাৎ খোলবাদক, ভাউৰীয়া শব্দৰ অৰ্থ যিজনে ভাও দেখায় অথবা ভাও দিয়ে। খোল সংগত কৰি ভাওনাৰ চৰিত্ৰ ৰুপায়ণ কৰাৰ বাবে খুলীয়াভাওৰীয়া বা খুলীয়াভাউৰীয়া বোলা হয়। খোল + ঈয়া = খুলীয়া আৰু ভাও + অৰীয়া = ভাউৰীয়া। দৰঙী লোক শব্দ ভাউৰীয়াই ভাওনাকে সূচায়। নৃত্য-গীত, বাদ্য, অভিনয়, সংলাপ, কৌতুকৰ সমাবেশ দেখিবলৈ পোৱা যায় খুলীয়াভাউৰীয়াত।

সাধাৰণতে গোঁসাই ঘৰ নাইবা কোনো ৰাজহুৱা মুকলি ঠাইত ভাউৰীয়া প্ৰদৰ্শন কৰা হয়। দৰঙী লোক-ভাষাত ভাউৰীয়া প্ৰদৰ্শন কৰাকে ভাউৰীয়া উঠা বুলি কোৱা হয়। খোল বাদনৰ জৰিয়তে খুলীয়াভাউৰীয়া অনুষ্ঠানৰ আৰম্ভ হয়। খোল বাদনৰ পিছত ওজা বা ওঝাই সোঁহাতৰ চোৱৰ নচুৱাই বিভিন্ন নৃত্য ভঙ্গীৰে ৰঙ্গমঞ্চত প্ৰৱেশ কৰে। আৰু খোল আৰু তাল বজাই ওজাৰ প্ৰৱেশৰ সূচনা কৰে। কেই মূহূৰ্তমান নৃত্য প্ৰদৰ্শন কৰাৰ অন্তত ওজাই বন্দনা লগইঅ দিয়ে আৰু পালি সকলে সেই গীত দোহাৰে, এনেদৰে :

দিহা : অ’ হৰি প্ৰভূ বাসুদেউ নাৰায়ণ।

পদ : বন্দিম মই কৃষ্ণৰে চৰণে মনে ধৰো।

প্ৰথমতে বন্দো আম মাৱ সৰস্বতী।

তাৰ পিছে বন্দো আমি লক্ষ্মীপতি।

গণেশক বন্দো গৌৰীৰে চৰণ।

প্ৰণাম কৰো শিৱ সনাতন।

বন্দনাৰ পিছতে ওজাই দৰ্শকৰ নাটকাৰ বিষয়বস্তুৰ ভংগিত দিয়ে এনেদৰে :

নিনিন্দিবা সাধুসৱ কৰোহো কাতৰ।

বিৰাত পৰ্বৰ পদ কৰিয়ো প্ৰচাৰ।

উল্লেখযোগ্য, খুলীয়াভাউৰীয়া এজন ওজা থাকে। তেওঁ মঞ্চ নিৰ্দেশক, পৰিচালক আৰু অন্যতম গায়ক। অঙ্কীয়া ভাউনাৰ সূত্ৰধাৰ আৰু ব্যাসৰ ওজাপালিৰ ওজাৰ লগত খুলীয়াভাউৰীয়াৰ ওজাৰ সাদৃশ্য দেখিবলৈ পোৱা যায়। ওজাৰ সহায়ক হিচাপে চাৰি-পাঁচ জন পালি থাকে। ওজাই লগাই দিয়া গীত-পদবোৰ পালি সকলে দোহাৰে চাৰি-পাঁচ জন খুলীয়া আৰু দুই-তিনি জন তাল বাদকে খোল আৰু তাল বজায়। ওজাই মঞ্চ নিৰ্দেশনাৰ কাম সংগী সকলৰ সৈতে গীত-পদৰ মাধ্যমেৰে প্ৰকাশ কৰে।

নাটকৰ অভিনেতাই অভিনয় কৰাৰ আগে আগে ওজাই মঞ্চত (দৰঙী ভাষাত খোলাত) প্ৰৱেশ কৰি নাটকৰ বিষয়বস্তু, কি চৰিত্ৰৰ প্ৰবেশ ঘটিব আদি দৰ্শকলৈ আগজাননী হিচাপে সূচক গীত-পদ, খোল-তাল আদিৰে নাটকৰ আৰম্ভণি কৰে। ইয়াকে ৰভাচালী মাৰা বুলি কোৱা হয়। খুলীয়াভাউৰীয়া নাটকৰ আৰম্ভণিৰ লগত গ্ৰীক নাটকৰ ‘কোৰাচ’ৰ সাদৃশ্য দেখিবলৈ পোৱা যায়। ইংলেণ্ডৰ প্ৰাচীন নাটকৰ বাহিৰেও ইলিজাবেথৰ যুগতো কোৰাচ পদ্ধতিৰে নাটক উপস্থাপনৰ প্ৰচলন আছিল, উদাহৰণ স্বৰুপে মাৰ্লোৰ নাটক ডি আৰু ফোষ্টাৰৰ নাম উল্লেখ কৰিব পাৰিব। ৰাভাচালীৰ পিছতে খুলীয়াভাউৰীয়া খোল ঘাতনীৰ অনুষ্ঠান। ই দ্বিতীয় স্তৰ। ওজাই খুলীয়া আৰু তালুৱৈৰ সৈতে খোল-তাল বাজনাৰে কিছু সময় নৃত্য প্ৰদৰ্শন কৰে।

খুলীয়াভাউৰীয়াত কৰুণ দৃশ্য বা কাৰুণ্য প্ৰকাশ কৰিবৰ বাবে বিলপৰ গীত দিয়া হয়। খুলীয়াভাউৰীয়াত বহুৱাৰ চৰিত্ৰটো অপৰিহাৰ্য্য অংগ। বহুৱাৰ মূল কাৰ্য্য দৰ্শকক হাঁহিৰ খোৰাক যোগায় আৰু মঞ্চৰ মৃত ব্যক্তি সকলক আঁতৰাই নিয়ে। বহুৱাৰ চৰিত্ৰৰ সংলাপ আৰ গীত সমূহত সচৰাচৰ দৰঙী ভাষা প্ৰয়োগ কৰা দেখা যায়। উল্লেখযোগ্য যে বহুৱাৰ চৰিত্ৰৰ জড়িয়তে এক হাস্যৰসৰ সৃষ্টি কৰা প্ৰথাটো ইলিজাবেথৰ নাটকৰ এক উপাদান আৰু যিটো অসমীয়া সাহিত্যয় লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকত দেখিবলৈ পোৱা যায়।

ওজাই এক বিশেষ ধৰণৰ সাজ পিন্ধে। মূৰত জোঙা নাওনেৰীয়া এটি টুপি পিন্ধে। এটা হাত দীঘল বগা চোলা পিন্ধে। চোলাটোৰ পিছফালে ‘ও’ আখৰটো অথবা আঁহতৰ পাতৰ দৰে এটি চক চিলাই লোৱা হয়। আগতে ওজাৰ চোলাটো একাধিক ৰঙৰ কাপোৰেৰে লোৱা হৈছিল যদিও পিছলৈ বগা চোলাই ব্যৱহাৰ কৰা দেখা যায়। চোলাটো পিন্ধোতে কঁকালত পিন্ধা জামাটোৰ তলত সোমাই লোৱা হয় আৰু চোলাটো কঁকাললৈকেহে থাকে। জামাটোৰ ওপৰত কঁকালত দুটা বা ততোধিক ৰঙৰ কাপোৰেৰে তৈয়াৰী ছয়-সাত ইঞ্চিমান ওলমাই ৰখা টঙালি এখন বান্ধি লোৱা হয়। ওজাই অভিনয়-নৃত্য-গীতৰ সময়ত সোঁহাতত চোৱৰ আৰু বাওঁহাতত এখন ৰুমাল ঘূৰাই দুয়ো হাতেৰে মুজুৰা (মুদ্ৰা) দিয়ে। ওজাই মণিগোঁঠা ঢোল মাদলীযুক্ত এধাৰি মালা গলত পিন্ধে, কাণত কেৰু, হাতত গামখাৰু আৰু কোনো কোনো ওজাই নুপূৰ পিন্ধে আৰু কপালত এটা বগা ফোঁট লয়। পালি সকলে সাধাৰণতে ধুতী-পাঞ্জাৱী পিন্ধে।

খুলীয়াভাউৰীয়াৰ ভাউৰীয়া সকলে ভাওনাৰ লগত সংগতি ৰাখি সাজ-সজ্জা কৰে। জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে খুলীয়াভাউৰীয়াৰ ভাউৰীয়া হ’ব পাৰে। সহ-অভিনেতা খুলীয়াভাউৰীয়াত দেখিবলি পোৱা নাযায়। পুৰুষেই মেখেলা-চাদৰ পিন্ধি স্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰে। দৈত্য, ৰাক্ষস, জন্তু আদিৰ চৰিত্ৰৰ বাবে মুখা ব্যৱহাৰ কৰে। অভিনেতা সকলে নৃত্য-ভঙ্গীমাৰে বচন মতে।

খুলীয়াভাউৰীয়াৰ নাটকৰ বিষয়বস্তু মূলতঃ ৰামায়ণ, মহাভাৰত আদি ধৰ্ম গ্ৰন্থৰ পৰা লোৱা হয়। বিষয়বস্ত সাধাৰণতে ধৰ্মমূলক যদিও ইয়াৰ মাজেৰে একোটা আদৰ্শ মূলক দৃষ্টি-ভঙ্গি নথকা নহয়, তদুপৰি ই আধ্যাত্মিক জীৱনৰ সহায়ক হয়। নিশা দহমান বজাৰ পৰা আৰম্ভ হৈ শেষ নিশা লৈকে খুলীয়াভাউৰীয়া চলে। সেয়ে খলা পোহৰাই ৰাখিবৰ বাবে ‘ভোটা’ বা ‘আঁৰিয়া’ ব্যৱহাৰ কৰে।

ৰাইজৰ সভাত ভাউৰীয়া উঠিলে (দৰঙী ভাষাত ভাউৰীয়া প্ৰদৰ্শন কৰাক উঠা বুলি কোৱা হয়)। ভাউৰীয়া খলাৰ পূব দিশত গুৰুক আসন দিয়া হয়। খলাৰ পশ্চিম দিশত স্থান দিয়া হয় ছোঁ-ঘৰ দৰঙী ভাষাত চোংঘৰ। য’ত ভাউৰীয়া সকলে নিজৰ সাজ-সজ্জা কৰে। চোংঘৰটো বৰ্তমান গ্ৰীণ ৰুমৰ লেখীয়া।

ভাউৰীয়াৰ দল খলাত উপস্থিত হৈয়ে খোল-তাল বজাই দলৰ উপস্থিতি ৰাইজক জনায়, ইয়াকে ৰভাচালী মৰা বুলি কোৱা হয়। এটি সমবেত প্ৰাৰ্থনাৰে খুলীয়াভাউৰীয়া নাটৰ সামৰণি মৰা হয়। প্ৰাৰ্থনাটো ওজাই লগাই দিলে পালিৰ সৈতে সমূহ দলটোৱে ইয়াক দোহাৰে এনেদৰে :

দিহা : অপৰাধ ক্ষমা কৰা নাৰায়ণ আমাৰ।

পদ : কি দিয়া পূজিবো হৰি চৰণে তোমাৰ।

সেৱাতে সন্তুষ্ট হৈবা সম্বন্ধে আমাৰ।

হস্তেদি পূজিবো হৰি সিও থাকে কৰ্ম কৰি।

মনদি পূজিবো প্ৰভু নোবোলে হৰি।

চিত দিয়া পূজিবোহো চিতৰ নাই থিত।

দেহা দিয়া পূজিবো পাপে আছে ৰত।।

আপোনাৰ গুণে তুষ্ট হোৱা লক্ষী পতি।

তোমাৰ পূজাৰ ফুল নাপাইলো বিচাৰি।

এহিমানে বিৰাটৰ পদ সমাপ্ত ভৈল।

তাক শুনি সভাসদে ৰাম ৰাম বোল।।

সংস্কৃত নাটকৰ মুক্তি মঙ্গল ভটিমাৰ সৈতে খুলীয়াভাউৰীয়া সামৰণিৰ প্ৰাৰ্থনাৰ সাদৃশ্য দেখিবলৈ পোৱা যায়।

দৰঙৰ এসময়ৰ জনপ্ৰিয় খুলীয়াভাউৰীয়াৰ কেতিয়াৰ পৰা প্ৰচলন তাৰ কোনো তথ্য পোৱা নাযায়। তদুপৰি এই সম্পৰ্কে লোক কলাৰ গৱেষক সকলৰ মতভিন্নতা দেখা যায়। খুলীয়াভাউৰীয়া প্ৰাক্‌-শঙ্কৰী যুগৰ ব্যাসৰ ওজাপালিৰ সৈতে সাদৃশ্য থকা বুলি একাংশ গৱেষকে মত প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই আকৌ মহাপুৰুষ শঙ্কৰদেৱৰ আঙ্কীয়া ভাওনাৰ আলমতহে গঢ় লৈ উঠা বুলি ক’ব বিচাৰে। একাংশ স্থানীয় লোকৰ মতে লেচাকোণীয়া গোবিন্দ আতাই খটৰা সত্ৰ স্থাপন কৰি পোন প্ৰথমে দৰঙত খুলীয়াভাউৰীয়াৰ প্ৰৱৰ্তন কৰিছিল বুলি মত প্ৰকাশ কৰে। ‘অসমৰ লোক-সংস্কৃতিৰ আভাস’ গ্ৰন্থত ড° নবীন চন্দ্ৰ শৰ্মাই খুলীয়াভাউৰীয়াৰ সম্পৰ্কে এনেদৰ উল্লেখ কৰিছে – শঙ্কৰদেৱৰ অঙ্কীয়া ভাউৰিয়াৰ প্ৰভাৱৰ ফলত খুলীয়াভাউৰীয়াৰ জন্ম হোৱা নাই। ব্যাসৰ ওজাপালিৰ প্ৰভাৱতহে খুলীয়াভাউৰীয়াৰ জন্ম। ৰাম গোস্বামীয়ে ‘লোকনাট্য’ গ্ৰন্থত উল্লেখ কৰিছে যে ‘খুলীয়াভাওনা’ বুলি ক’লে আমি দৰঙী সংস্কৃতিৰ প্ৰতিনিধি মূলক লোকধৰ্ম অনুষ্ঠান ৰুপে ইয়াক সমাদৰ জনাওঁ। ব্যাসৰ ওজা দুৰ্গেশ্বৰ নাথৰ মতে, ‘খুলীয়াভাউৰীয়া’ৰ উৎপত্তিৰ সম্পৰ্কে ওজাপালিৰ আৰু পুতলা নাচৰ নিচিনাকৈ সঠিক সময় দিব নোৱাৰিলেও খটৰা সত্ৰ স্থাপনৰ সময়তে খুলীয়াভাউৰীয়াৰ উৎপত্তিৰ সময় বুলি আঙুলিয়াব পাৰি। খুলীয়াভাউৰীয়াৰ উৎপত্তি প্ৰাক্‌-শঙ্কৰী যুগৰ নে শঙ্কৰদেৱৰ সময়ৰ সৃষ্টি সেই বিষয়ে গৱেষণাৰ দ্বাৰাহে সঠিককৈ ক’ব পৰা যাব।

 

লেখক : কৃষ্ণ দেৱ ওজা।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা।

ৰামদিয়াৰ ভঠেলি

 

সত্ৰ-সংস্কৃতিৰে সমৃদ্ধ ৰামদিয়া এখন ঐতিহ্য পূৰ্ণ ঠাই। সেয়েহে ৰামদিয়াক সত্ৰ-সংস্কৃতিৰ ছোঁ-ঘৰ বুলিও আখ্যা দিয়া হয়। এসময়ত ৰামদিয়া লৌহিত্যৰ দিয়া আছিল। নিৰ্মল বায়ু, উৰ্বৰ ভূমি আৰু মনোৰম প্ৰাকৃতিক যোভাৰ বাবেই ৰামদিয়া মানুহেৰে পৰিপূৰ্ণ হ’ল। আচলতে ৰামদিয়া নামটো চৰিতকাৰ সলকৰ ৰচনাতহে লিখিত ৰুপত পোৱা যায়। ৰামানন্দ দ্বিজৰ গুৰুচৰিতত এনেদৰে উল্লেখ আছে।

হাজো সমীপত গ্ৰাম নামে ৰামদিয়া

তহিতে ৰহিলা পাছে সত্ৰক কৰিয়া।।

ৰামদিয়াৰ তিনিটা বিষয় চিৰস্মৰণীয়। প্ৰথমটো হ’ল : ৰামদিয়াৰ সুযোগ্য সন্তান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কালীৰাম মেধি, দ্বিতীয়টো হ’ল : ৰামদিয়াৰ সত্ৰ-সংস্কৃতি আৰু তৃতীয়টো হ’ল : লোক-উৎসৱ ৰামদিয়াৰ ভঠেলি, য’ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতি-বিজড়িত হৈ আছে।

কৃষিজীৱী সমাজত লোক-উৎসৱ সমূহ পৰম্পৰাগত ভাৱেই চলি আছে। ই কেতিয়া আৰম্ভ হৈছিল তাৰ কোনো চন-তাৰিখ নাই। ভঠেলি শব্দটো কোনো কোনোৱে ভাঠি, কোনো কোনোৱে ভাটিয়ালি আৰু কিছুমানে ভূঁইথলীৰ পৰা ‘ভঠেলী’ৰ উৎপত্তি বুলি কয়। ড° বাণীকান্ত ককতিৰ মতে : ‘ভঠেলি’ শব্দটো সংস্কৃত ভাষাৰ ভস্থলী বা ভস্থালিকা শব্দৰ পৰা ৰুপান্তৰিত হৈ অসমীয়া ভাষাত ‘ভথেলি’ হিচাপে ব্যৱহাৰ হৈছে। আকাশ মণ্ডলত শোভা বৰ্ধন কৰা সুসজ্জিত বাঁহৰ নিচানেই ভথেলি উৎসৱৰ কেন্দ্ৰবিন্দু। অৱশ্যে অসমৰ বিভিন্ন ঠাইত উদ্‌যাপিত  হোৱা ভঠেলিৰ লগত ৰামদিয়াৰ ভঠেলিৰ প্ৰভেদ আছে। ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যইও ভঠেলি শব্দটো আৰ্য্য  সংস্কৃত ভস্থালিকা শব্দৰ পৰা উদ্ভৱ হোৱা বুলি ক’ব খোজে। উত্তৰ কামৰুপৰ বিভিন্ন ঠাইত উদ্‌যাপিত ভঠেলিত দুডাল বাঁহ (এডাল দীঘল আৰু চুটি) দৰা-কন্যাৰ প্ৰতীক হিচাপে লৈ ৰং-বিৰঙৰ কাপোৰেৰে মেৰিয়াই ফুলৰ মালা আৰু চোঁৱৰ সুসজ্জিত কৰি ‘পাৰা’ বা ‘পাউৰা’ তোলাৰ ব্যৱস্থা আছে। ৰামদিয়াৰ ভঠেলিত তেনে পাৰা বা পাউৰা তোলাৰ ব্যৱস্থা নাই। অৱশ্যে আজিকালি ভঠেলিৰ মূল খলা (খোল)-ৰ বাঁওফালে গোঁসাই বা বিগ্ৰহ স্থাপন কৰি পোন্ধৰ জনা গোঁসাইৰ কাৰণে পকী মণ্ডপ সজাই দিয়াৰ কিছু বছৰ পূৰ্বে জেকনিসহ চাৰিটা আগবাঁহ ৰঙীণ কাপোৰেৰে বান্ধি মাটিৰ ঢাপৰ চাৰিওফালে বান্ধিছিল। এয়া বাঁহ পূজাৰ ঐতিহ্য বহন কৰে নে জনজীৱনত বাঁহৰ প্ৰয়োজনীয়তাক সূচায় সেয়া গৱেষণাৰ বিষয়। যা হওক, মহাপুৰুষ মাধৱদেৱে ৰামবালিত পদাৰ্পণ কৰাৰ পূৰ্বৰে পৰা ৰামদিয়াত লোক-উৎসৱ ভঠেলি উদ্‌যাপিত হৈ আছিল বুলি ধাৰণা কৰিব পাৰি। ষোড়শ শতিকাৰ শেষ ভাগৰ কথা। কোচ নৰপতি ৰঘুদেৱ ৰজাৰ নিৰ্দেশ মৰ্মে বৰপেটা থানৰ পৰা মহাপুৰুষ মাধৱদেৱ ভক্ত সমন্বিতে হাজোত পদাৰ্পণ কৰে আৰু হাজোৰ নামনিৰ ৰামদিয়া বালিতো চৈ গৃহতে বাহৰ পাতি বসতি কৰে। যেন ৰামদিয়া পৱিত্ৰ হ’ল। শ্ৰী শ্ৰী মাধৱদেৱে ৰামদিয়া বালিত তিনি মাহ  আৰু লক্ষ্মীকান্ত আতৈৰ চৰিত্ৰত উল্লেখ আছে – বাপ আজি ছমাহ কাল আপুনি ইয়াত থাকিল, তথাপি আমি সৎ ধৰ্মপ্ৰীতি বস্তু খিনি লভিবৰ মন নকৰিলোঁ। এতিয়া আমাৰ কি উপায় হ’ব? – আশীৰ্বাদ দি বিদায় লৈ গুৰুজনা নাৱত উঠি বেহাৰ ৰাজ্যলৈ ৰাওনা হ’ল। লাক্ষ্মীনাৰায়ণৰ আইধায়ৰ ভক্তি ভৰা কাতৰ অনুৰোধত শ্ৰী শ্ৰী মাধৱদেৱে বেহাৰলৈ যাবলৈ বাধ্য হ’ল। সেয়া আছিল ১৫৭৯ খ্ৰীষ্টাব্দৰ ব’হাগৰ ছয় তাৰিখ। ৰামদিয়াৰ বাবে এটা কৰুণ দিন। তথাপি উপায় নাছিল। আইধায়ৰ আজ্ঞা। সেয়ে ছয় ব’হাগত খোল-তাল-বাদ্য-বাজনাৰে বৰ্তমানৰ ভঠেলি খোলাৰ পৰাই শ্ৰী শ্ৰী মাধৱদেৱক বিদায় দিলে। নাৱেৰে শ্ৰী শ্ৰী মাধৱদেৱ বেহাৰলৈ গুচি গ’ল। সেয়েহে কোনো কোনো ক’বলৈ বিচাৰে : শ্ৰী শ্ৰী মাধৱদেৱ ৰামদিয়াৰ পৰা ভটিয়াই যোৱাৰ স্মৃতি স্বৰুপেহে ৰামদিয়াৰ ভঠেলিৰ জন্ম হয়। আৰু যদি সেয়ে হয় তেতিয়া হ’লে ৰামদিয়াৰ ভঠেলিৰ জন্ম ষোল শতিকা বা বৈষ্ণৱ যুগৰ বুলি ক’ব পাৰি। ব’হাগৰ ছয় তাৰিখে ভঠেলি উদ্‌যাপিত হয় বাবে ৰামদিয়া ভঠেলিক ‘সাতবিহু’ও বোলে। কোনোৱে আকৌ ক’ব খোজে : ‘সাত বিহু’ক নৱীকৰণ কৰি ভঠেলি উৎসৱৰ পাতনি মেলে আৰু ইয়াৰ যোগেদি শংকৰী সংস্কৃতিৰ বীজ ৰোপণ কৰে। কিন্ত এনে ধাৰণা অমূলক যেন লাগে। অন্তত : সেই সময়ত এনে ধাৰণা মানুহৰ নাছিল যেন লাগে। ৰামদিয়া ভঠেলিলৈ মহাপুৰুষীয়া, দামোদৰীয়া আৰু চৈতন্যপন্থী সত্ৰৰ গোঁসাই বা বিগ্ৰহ বিলাক বালালৈ নিয়া হয়। আচলতে কিজানি মাধৱদেৱ বেহাৰলৈ যোৱাৰ পিছৰে পৰা ৰামদিয়া ভঠেলিত ধৰ্মীয় প্ৰভাৱ প্ৰকট হ’ল।

ৰামদিয়াৰ ভঠেলি উৎসৱ তিনিদিনীয়া। পাঁচ ব’হাগত আৰম্ভ হয়। পাঁচ ব’হাগত সত্ৰ সমূহত নাম-প্ৰসংগ কৰা হয় আৰু বছেৰেকীয়া হিচাপ-নিকাচ হয়। সত্ৰত বন্তি জ্বলাবলৈ প্ৰতি ঘৰৰ পৰা তেল লোৱাৰ প্ৰথাও আছে। আজিকালি ভঠেলি উৎসৱ উদ্বোধন কৰোৱা ব্যৱস্থা কৰা হৈছে। সেইদিনা ধূলাৰ সত্ৰ বালালৈ নিয়া হয়। পাঁচ বহাগৰ দিনাই দোকানী-পোহাৰী আহি ৰামদিয়া ভৰি পৰে। লোকে-লোকাৰণ্য হয়।

ছয় ব’হাগৰ দিনা ভঠেলি মূল উৎসৱ। সেইদিনা অইন ঠাইৰ মানুহেৰে ভৰি পৰে। ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ খনেই ভঠেলি উৎসৱ বা মেলাৰ ঠাই। সেইদিনা প্ৰতিঘৰ মানুহৰ ঘৰৰ সন্মুখত একোটি বেদী বা ঢাপ থাকে। মাটি-পানীৰে মচা ঢাপটোৰ কাষত আগলতি কলপাতৰ ওপৰত শৰাই। শৰাইত চাউল বা মাননি। ঘৰৰ জীয়ৰী-বোৱাৰীকে ধৰি সকলোৱে গোসাঁইক সেৱা কৰি আশীৰ্বাদ ল’বলৈ অপেক্ষা কৰি থাকে। সেইদিনা দিনৰ বাৰ বজাৰ পৰা বিভিন্ন সত্ৰৰ পৰা পোন্ধৰ জন গোঁসাইক (প্ৰথম অৱস্থাত দহ খন সত্ৰ আছিল, তাৰ পিছত বাৰ খন, বৰ্তমান পোন্ধৰ খন) বালালৈ বা ভঠেলি খোলালৈ ঢোল-খোল বজাই আদৰি অনা হয়। গোঁসাইৰ আগে আগে সৰু সৰু ল’ৰাই হাতে হাতে দণ্ড লৈ গোঁসাইক আগ বঢ়াই লৈ যায়। দণ্ডবোৰৰ মূৰত থাকে পিতলৰ টুপী। গোসাঁইৰ আগে-পাচে গায়ন-বায়ন আৰু আয়তী সকল। কিযে সুন্দৰ মনোমোহা দৃশ্য। গাঁৱৰ মাজেৰে গোসঁই যাওঁতে গাঁওবাসীয়ে গোসঁইৰ আশীৰ্বাদ লয় আৰু নিৰ্মালি লয়।

ভঠেলি খোলাত পূবা-পশ্চিমাকৈ শাৰী শাৰীকৈ বেদীৰ ওপৰত গোসঁই সজাই থোৱা হয়। প্ৰতিজন গোসাঁইৰ ওপৰত চাৰিডাল বাঁহৰ খুঁটাৰ ওপৰত এখন ফুলাম জলম লগোৱা ছাদ। বালালৈ বা ভঠেলি খোলালৈ গোঁসাই বা বিগ্ৰহ অনা সত্ৰ সমূহ হ’ল : ধূলাৰ সত্ৰ, বগৰীবাৰী সত্ৰ, শিশুৰ সত্ৰ, ৰাম লক্ষ্মণ সত্ৰ, বাসুদেৱ সত্ৰ, বিষ্ণুপুৰ সত্ৰ, নৰনাৰায়ণ সত্ৰ, লেংটা গোপীনাথ সত্ৰ, হাতভঙা সত্ৰ, মেঘনাৰায়ণ সত্ৰ, বাসুদেৱ বালি সত্ৰ, লাডুৱা গোপাল সত্ৰ, বংশীগোপাল সত্ৰ আৰু চৈতন্য সত্ৰ। সেই সময়ত অগণন দৰ্শকে গোসঁই সেৱা কৰি নৱবৰ্ষৰ আশীৰ্বাদ লয়। গোসাঁইক এটি সেৱা কৰি নৱবৰ্ষৰ আশীৰ্বাদ লয়। গোসাঁইক এটি সেৱা জনোৱাৰ কি যে হেতা-ওপৰা। গোসাঁই বা বিগ্ৰহ সন্ধিয়া হোৱাৰ আগে আগে নিজ সত্ৰলৈ নিয়া হয়। গোসাঁই ইভতাই নিওঁতে লগত যোৱা মানুহে যাৰে বাৰীত আঠীয়া কলৰ থোক পায় কাটি লৈ যায়। গোসাঁই ঘৰত প্ৰ্ৱেশ কৰাৰ কিছু আগৰে পৰা পৰস্পৰে পৰস্পৰৰ গালৈ কল দলিয়ায়। ইয়াক কল দলিয়া উৎসৱ বোলে। গোসাঁই সত্ৰত প্ৰৱেশ কৰাৰ আগতে এখন আঁৰ কাপোৰ টানি দুই দলত বিভক্ত হৈ পৰস্পৰে পৰস্পৰৰ লগত তৰ্ক কৰে। এই তৰ্ক শ্ৰীকৃষ্ণ গোসাঁই আৰ গোসাঁনীৰ তৰ্ক। গোসাঁই ঘুনুচাৰ ঘৰৰ পৰা অহা বাবে গোসানীৰ আক্ষেপ। সাত ব’হাগৰ ভঠেলিক ভঙা ভঠেলি বুলি কোৱা হয়। সেইদিনা খোলাৰ বাহিৰে অইন অনুষ্ঠান নাথাকে। সেইদিনা গাঁৱৰ কেইখন মান সত্ৰৰ বিগ্ৰহ গাঁৱৰ বিভিন্ন অঞ্চলত সুকীয়া সুকীয়াকৈ ঘূৰাই লৈ ফুৰা হয়। ইয়াকে গোসঁই বুলি কোৱা হয়। এই গোসাঁই ফুৰণিৰ ফলত গাঁৱৰ অপায়-অমংগল নাশ হয় বুলি বিশ্বাস। ৰামদিয়াৰ ভঠেলি সমন্বয়ৰ প্ৰতীক। ৰামদিয়াৰ হিন্দু-মুছলমান উভয়ৰ পূৰ্ণ সহযোগেৰে উদ্‌যাপিত হয় ভঠেলি উৎসৱ। ভঠেলি উৎসৱলৈ কোনো আমন্ত্ৰণৰ কথা নাই। ভঠেলি উৎসৱৰ গোসাঁই আৰু ভঠেলি উৎসৱৰ মেলাৰ বাবেই মানুহৰ ইমান আকৰ্ষণ। ৰামদিয়া বাসীও সেইদিনা হেজাৰ হেজাৰ মানুহৰ পদ-ধূলিৰে ধন্য হয়। ভঠেলি উৎসৱ পৰিচালনাৰ সমস্ত দায়িত্ব বহন কৰে ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰই।

কৃষ্টিয়ে এটা জাতিক জীয়াই ৰাখে। এটা জাতি জীয়াই থকাৰ অৱলম্বন হ’ল কৃষ্টি। চহা জীৱনৰ অতীতৰ স্মৰণীয় দিনৰ প্ৰতিফলন হ’ল : লোক উৎসৱ বা লোক-সংস্কৃতি। অতীতৰ গতিশীলতাই বাস্তৱৰ লগত মিলন ঘটায়। সেই অতীতক লৈ বাস্তৱ ধাৱিত হয় আৰু বাস্তৱ হৈ পৰে মধুময়। ৰামদিয়াৰ লোক-উৎসৱ ভঠেলিয়েই ৰামদিয়াক কৰিছে মহীয়ান।

 

লেখক : ৰজত চন্দ্ৰ ভৰালী।

উৎস :  লোক-সংস্কৃতিৰ সঁফুৰা।

2.97222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top