অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোক-সাহিত্য

লোক-সাহিত্য

কবিগুৰু ৰবীন্দ্ৰনাথে কৈছে যে শিপাই যেনেকৈ মাটিৰ তলত থাকি গছক পত্ৰে-পুষ্পে সুশোভিত কৰি ৰাখে, সেইদৰে সকলো দেশৰে সাহিত্যৰ মূলভাগ লোক-জীৱনৰ মাটিৰ তলত ঢাক খাই সজীৱ হৈ থাকে। লোক জীৱনৰ লগত জড়িত এই সাহিত্য সম্পূৰ্ণভাৱে স্থানীয়; ই কেৱল দেশৰ জনসাধাৰণৰ উপভোগৰ আৰু উপলব্ধিৰ যোগ্য। কবিগুৰুৰ মতে বাহিৰৰ লোকৰ তাত প্ৰবেশৰ অধিকাৰ নাই। কিন্তু সংকীৰ্ণ প্ৰাদেশিক মূলৰ ওপৰতহে সাহিত্যৰ সাৰ্বভৌমিক শাখা-প্ৰশাখাৰ দিগন্তব্যাপী বিস্তৃতি সম্ভৱপৰ। এইখিনিতে এইটোও মন কৰিবলগীয়া যে জাতীয় সাহিত্যৰ এই ভাগত ব্যক্তি বিশেষৰ কল্পনাৰ সফুৰণ নাই; নতুবা কেৱল এজনৰ মনোৰঞ্জনৰ কাৰণেও ইয়াৰ সৃষ্টি নহয়। এই লোক সাহিত্য সমাজৰ উমৈহতীয়া সৃষ্টি, সমাজৰ সৰ্বজনৰ ভাৱ, চিন্তা আৰু কল্পনাৰ মিলন তীৰ্থ; সমগ্ৰ সমাজৰ আনন্দ বিনোদনৰ কলাক্ষেত্ৰ। যুগ যুগ ধৰি জনসাধাৰণৰ মুখে মুখে লোক সাহিত্য চিৰন্তন আৰু চিৰজীৱী হৈ আছে। লোক জীৱনৰ লগত নিবিড়ভাৱে সম্বন্ধ থকা সাহিত্যৰ ভিতৰত প্ৰধান হ’ল যোজনা-ফকৰা বা প্ৰবাদ, সাঁথৰ, নিচুকনি, জন্মৰ পৰা মৃত্যুলৈকে পালন কৰা পৰ্বৰ লগত জড়িত গীতসমূহ, উৎসৱ-অনুষ্ঠানৰ গীত, লোক ধৰ্ম সম্বন্ধীয় গীত, কৰ্মগীত, সাধুকথা, কিম্বদন্তী আৰু পুৰা-কাহিনী। যোজনা ফকৰাসমূহ লোক সাহিত্যৰ শুভাষিতাৱলী। এইবোৰে জাতিৰ সামাজিক, আচাৰ-বিচাৰ, আয়ুৰ্বেদ আৰু কৃষি সম্বন্ধীয় জ্ঞানৰ পৰিচয় দি লোক জীৱন তাৰ মাজতে সম্পূৰ্ণভাবে প্ৰতিফলিত কৰে। এই প্ৰবাদসমূহক স্থান, ভূগোল, জাতি, সমাজ, পুৰাণ কাহিনী, বুৰঞ্জী, লৌকিক আখ্যান, সাধুকথা, প্ৰকৃতি, ধৰ্ম, আচাৰ-ব্যৱহাৰ – এইকেইটা বিভিন্ন শ্ৰেণীত ভাগ কৰিব পাৰি। এইবোৰ লোক-পৰম্পৰা মুখে মুখে বাগৰি অহা জাতিৰ সমূহীয়া ব্যৱহাৰিক আৰু নৈতিক জ্ঞানৰ সঞ্চয় পুঁজি। সাধাৰণ সুবিধাৰ কাৰণে ইটো যুগৰ পৰা সিটো যুগলৈ হস্তান্তৰ কৰিবলৈ লোক-জ্ঞানৰ এই প্ৰবাদসমূহ গীতৰ আকাৰত ৰচা হয়। সৰহ সংখ্যক ফকৰা-যোজনা বা প্ৰবাদত ঘৰুৱা আৰু গাঁৱলীয়া জীৱনৰ এশ-এটা চিত্ৰ আছে, কোনোটোত মুনিহ-তিৰোতাৰ দোষ-ত্ৰুটিক আঙুলিয়াই দিয়া হৈছে। তাৰে ফলত হাঁহি-কৌতুকৰো সৃষ্টি হৈছে। পানী অনা, ধান বনা, কাপোৰ বোৱা, ভাত ৰন্ধা আদি গৃহস্থালিৰ অলেখ সাধাৰণ চিত্ৰৰ উল্লেখ থকাৰ হেতু কোনো কোনোৱে এইবোৰ তিৰোতাৰ দ্বাৰা ৰচিত বুলি অনুমান কৰে। প্ৰবাদসমূহৰ পৰা গাঁৱৰ গছ-গছনি, ফল-ফুল, চৰাই-চিৰিকটি, জীৱ-জন্তু, ঋতু-বতৰৰ মনোৰম বৰ্ণনা কৰিব পাৰি। প্ৰকৃতিক গাঁৱলীয়া মানুহে কেৱল পূজা-অৰ্চনাই নকৰে, নতুবা উৎসৱ-অনুষ্ঠানত প্ৰকৃতিৰ মণ্ডন কাৰ্যত প্ৰয়োগ কৰিয়েই সন্তুষ্ট নহয়, তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰাত প্ৰকৃতি অন্তৰংগ সংগী। এই কাৰণেই বিজ্ঞানৰ পাঠ নোহোৱাকৈ গাঁৱৰ মানুহে প্ৰকৃতিৰ বহু ৰহস্য, সত্য, নীতি-নিয়ম উদঘাটন কৰিবলৈ সমৰ্থ। প্ৰকৃতিৰ লগত এই নিবিড় সংযোগ ঘটাত গাঁৱলীয়া মানুহৰ ভাষাও সহজভাৱেই প্ৰকৃতিৰ উপমা প্ৰতীকেৰে সমৃদ্ধ। এই বিষয়ে সাঁথৰবিলাকো মনত ৰখাৰ সুবিধা কাৰণে ছন্দত ৰচনা কৰা হয়। এশাৰীত সুধিব পৰা প্ৰশ্ন এটাকো সেইদেখি শ্ৰুতিমধুৰ কৰিবলৈ দীঘলীয়া ছন্দত ৰচনা কৰা হয়।

শদিয়ালৈ নাযাবা সতফুল নেখাবা

কেঁচাপাতত নেবান্ধিবা লোণ

উপজিয়েই লৰ মাৰে কোন?

ইয়াৰপৰা সাধাৰণৰ ছন্দ বা কবিতা-প্ৰীতিৰ মনোভাৱ বুজিব পাৰি। অৱশ্যে এই সাঁথৰবোৰ মনোৰঞ্জকেই নহয়; মন্ত্ৰ, আখ্যান, সাধুকথা আৰু প্ৰৱচনৰ দৰে ই মানুহৰ বুদ্ধি আৰু চিন্তাৰো এক অতি প্ৰাচীন ৰূপ। ড° ফ্লেজাৰৰ মতে সাঁথৰ মানুহৰ সভ্যতাৰ সেই যুগৰ সৃষ্টি – যি যুগত মানুহে অন্তৰৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিবলৈ ভয় কৰিছিল। কোনো কোনো জাতিয়ে এতিয়াও মন্ত্ৰৰ দৰে লোক-অনুষ্ঠানত সাঁথৰ ব্যৱহাৰ কৰে। পূজা-পাতলত সাঁথৰ আৰু তাৰ উত্তৰ দিয়াৰ নিয়ম আছে। মধ্য প্ৰদেশৰ গোঁড় আৰু বিৰহৌৰ জাতিয়ে বিয়াৰ দিনা দৰা-কন্যাক সাঁথৰেৰে প্ৰশ্ন কৰে। সাঁথৰৰ উত্তৰ দিব পাৰিলেহে ভোজপুৰী তিৰোতাই দৰাক বাসৰ-ঘৰত সোমাবলৈ দিয়ে। এই ক্ষেত্ৰত সাঁথৰ আধুনিক বুদ্ধি পৰীক্ষাৰ শাৰীৰ। বহু পণ্ডিতৰ মতে সাঁথৰ লোক সাহিত্যৰ প্ৰাচীনতম শাখা। মহাভাৰতৰ যুধিষ্ঠিৰক ধৰ্মই সাঁথৰৰ ৰূপত প্ৰশ্ন সুধিছিল –

কা বাৰ্তা ? কিমাশ্চৰ্যম ?

ক: পন্থা ? কস্য মোদতে ?

ইতি মে চতুৰ: প্ৰশ্নান্‌

উত্তৰং দত্বা জলং পীৱ ।

বৌদ্ধ সিদ্ধাচাৰ্য সকলৰ চৰ্যাপদতো সাঁথৰ আছে –

দুলি দুহি পিটা ধৰণ ন জাই ।

ৰুখেৰ তেন্তেলি কুম্ভীৰে খাঅ ।।

অসমীয়া ভকতীয়া ফকৰা –

গুৰুক মাৰিবা, ভকতক মাৰিবা

মাৰিবা সোদৰৰ ভাই

সংগৰ হৰি ভকতক মৰিয়াই মাৰিবা

এতেকে হৰিক পায় ।

সাঁথৰ মূলতে ৰূপক; ৰূপক হ’ল সম্বন্ধ, তুলনা আৰু সাদৃশ্য-বৈসাদৃশ্যৰ ধাৰণা সম্বন্ধে যি প্ৰাথমিক মানসিক প্ৰক্ৰিয়া, তাৰেই ফল। প্ৰাচীন হোৱাৰ অন্য কাৰণ হ’ল ইয়াত থকা হাস্য-ৰসাত্মক উপাদান। কোনো এটা বিষয় কেনেদৰে বিদ্ৰূপাত্মক অথবা হাঁহি ঠাট্টাৰে হ’ব পাৰে তাৰ কাৰণ আগতে সাজু হৈ থাকিব নোৱাৰাটোৱেই উপহাসৰ লক্ষণ। সেই কাৰণেই ই আদিম আৰু সৰলচিতীয়া। হোজা মানুহ আৰু ল’ৰা-ছোৱালীক দুটা পৰিচিত বস্তুৰ ভিতৰত থকা সাদৃশ্য দেখুৱাই হাঁহি তোলাব পাৰি; কাৰণ সেই দুটা বস্তুৰ ভিতৰত সাদৃশ্য আছে বুলি তেওঁলোকৰ কোনো ধাৰণা নহৈছিল। এনে আকস্মিক আৱিষ্কাৰত সহজে হাঁহি উঠে। সাঁথৰৰ প্ৰতি ল’ৰা-ছোৱালীৰ ধাউতি সম্বন্ধে ব্লুমফিলডে বঢ়িয়াকৈ ব্যাখ্যা কৰিছে – ‘আদিম মানুহে তেওঁৰ পাৰিপাৰ্শ্বিক জগতখনৰ লগত নিজৰ মনটো খাপ খুৱাই ল’বৰ কাৰণে অতীতৰপৰা কৰি অহা চেষ্টাৰ ফলেই হ’ল সাঁথৰ। পৃথিৱীৰ তেতিয়া ল’ৰাকাল – গতিকে চকুৰ আগৰ স্বপ্নবোৰো একেবাৰে নতুন সেইজীয়া। প্ৰকৃতিৰ দৃশ্য আৰু জীৱনৰ বহি:ৰূপ আৰু তেওঁলোকৰ চাৰিওফালৰ অকণ অকণ অনুষ্ঠানবোৰৰ প্ৰতিও অনুৰাগ সিমানেই তীক্ষ্ণ, ঔত্‌সুক্যপূৰ্ণ। ল’ৰা-ছোৱালী আৰু ল’ৰামতীয়া মানুহৰ মন সকলো ধৰণৰ বিচিত্ৰ মিলন আৰু সকলো ধৰণৰ অসংগত অমিলৰ প্ৰতি সাধাৰণতে আকৰ্ষিত হয়। সেয়েহে ল’ৰা-ছোৱালীয়ে সাঁথৰ ভাল পায়, আদিম মানুহে সাঁথৰ ব্যৱহাৰ কৰে। সকলো দেশৰ লোক সাহিত্য সাঁথৰেৰে ভৰা। সাঁথৰবোৰ শিশুমনৰ ৰহস্যও, বিবেকো। সভ্যতাৰ অগ্ৰগতি হৈছে, তথাপি সাঁথৰ জীয়াই আছে। বুদ্ধি আৰু স্মৃতিৰ পৰীক্ষা কৰিবলৈ সাঁথৰৰ এতিয়াও ব্যৱহাৰ আছে’। নিচুকনি গীতো লোক সাহিত্যৰ এটা প্ৰধান অংগ। মাকৰ কাৰণে সন্তান যিদৰে মৰমৰ, এই গীতবোৰো এটা জাতিৰ কাৰণে তেনে স্নেহৰ। মাকে ল’ৰা-ছোৱালীক নিচুকাই শুৱাবৰ কাৰণে এই নিচুকনি গীত বা ল’ৰা নিচুকুৱা গীত গায়। এই গীতবোৰ শুনি ল’ৰা-ছোৱালী মন্ত্ৰমুগ্ধ বা সন্মোহিত হৈ টোপনি যায়। আটাইতকৈ অধিকসংখ্যক নিচুকনি গীতৰেই মূল বিষয় হ’ল – ‘শোৱা সোণকণ, শোৱা। মাৰা ওচৰতে আছে। ভয় নকৰিবা। সকলো কুশলে আছে’। এই সকলো ভালে থকাটো ঘৰৰ বাকীসকলে কি কৰিছে তাৰ এটা মধুৰ বৰ্ণনা দি বহলাই ব্যাখ্যা কৰিব পাৰি। দেউতাৰা পথাৰলৈ গ’ল, ককায়েৰা গৰু চৰাবলৈ গ’ল, বায়েৰা পানী আনিবলৈ গৈছে, ইত্যাদি। কিছুমান গীতত কেঁচুৱাক নিৰ্ভয়বাণী শুনোৱাৰ লগে লগে শান্ত পৰিবেশৰ সৃষ্টি কৰা হৈছে –

লাই হালে জলে আবেলি বতাহে

লফা হালে জালে পাতে ।

আকৌ –

আমাৰে আইটি শুব ,

বাপেকে আহি কলা ৰুব ,

ঠোক মেলিব খাব ।

এই ধৰণৰ যুক্তিয়ে পিছলৈ তন্দ্ৰালস ফুলৰ বৰ্ণনালৈ ৰূপ সলাইছে –

ফুলি আছে গোলাপ ফুল

নেভাঙিবা ডাল ,

আমাৰ মইনা বহি আছে

দেখিবলৈ ভাল ।

ভয় লগা আন্ধাৰ ৰাতিটো যাতে নিৰাপদে যায় তাৰ আশ্বাস দিবলৈ সাধুপুৰুষ আৰু দেৱতাসকলৰ নাম স্মৰি প্ৰাৰ্থনা কৰা হয়; তেওঁলোকে যেন পাটীৰ সন্তানটিক টোপনিৰ সময়ত ৰখি থাকে। এইপিনৰ পৰা নিচুকনি গীতবোৰ এক প্ৰকাৰ সান্ধ্য-স্তুতি গীত। কিছুমান নিচুকনি গীত যশোদাই কেঁচুৱা কৃষ্ণক শুৱাবৰ বাবে গোৱা গীতৰ ৰূপত গোৱা হয় –

যশোদা মাও মথনি থোৱা ।

কৃষ্ণই কান্দিছে কোলাত লোৱা ।।

আৰু এক প্ৰকাৰ নিচুকনি গীত আছে। এইবোৰত মাকে সন্তানৰ গুনানুকীৰ্তন কৰে। কেঁচুৱাৰ ব্যক্তিগত সৌন্দৰ্য আৰু মনোহৰ ৰূপক ফুল, তৰা, জোন বা মুকুতাৰ লগত তুলনা কৰি বৰ্ণোৱা হয়; নাইবা বৰ্ণিত বিষয়টোৰ যোগেদি সন্তানৰ উজ্জ্বল ভৱিষ্যত সম্বন্ধে ভৱিষ্যদ্বাণীও কৰা হয় –

বাপুকন ধুনীয়া পাটৰে চুৰিয়া ,

মূৰত হেঙুলীয়া ছাতি ,

বাটৰ বাটৰুৱাই ৰৈ ৰৈ সুধিছে

কোন বিষয়াৰে নাতি ।

নাইবা ,

বৰচ’ৰাৰ মুখতে বকুলফুল ফুলিছে

নিতৌ তিনিপাহি সৰে ।

মইনাৰ চকুলৈ চাবকে নোৱাৰি

হীৰা কি মুকুতা জ্বলে ।

স্বভাৱ-চৰিত্ৰ সজ হ’বলৈ পাৰিতোষিকৰ প্ৰতিশ্ৰুতি নিচুকনি গীতৰ সাধাৰণ বিষয়বস্তু। এই প্ৰতিশ্ৰুতিসমূহৰ ধৰণ নিৰ্ভৰ কৰে পৰিৱেশ আৰু গায়কৰ কল্পনাশক্তিৰ ওপৰত। কেতিয়াবা ই অতি সামান্য সুখৰ বিষয়ে আৰু কেতিয়াবা ধন-সম্পদ আৰু ক্ষমতাৰ বিষয়ে হয়। উদাহৰণস্বৰূপে –

নেকান্দিবা সৰু আইটি নিছিঙিবা মণি,

সত্যে সত্যে বিয়া দিম মাধৱক আনি।

অথবা –

মোৰ বোপাই লাহৰি নেপাইছোঁ আহৰি

বৰা জুৰিছোঁ আৰু,

সেই বৰা বানি পিঠা-গুড়ি সানি

বোপালৈ লৈ যাম লাড়ু।

লগতে সন্তানক খোজ কঢ়ুৱাবলৈ, আঙুলিবোৰৰ ব্যবহাৰ শিকাবলৈ, সংখ্যাবোৰচিনাই গণনা কৰিবলৈ (এক দুই তিনি চাৰি লেখিব নোৱাৰি), টোপনিৰ পৰা জগাবৰ কাৰণে, ভাত খাবলৈ খাটনি ধৰি আৰু পৰিশ্ৰমী আৰু সদাচাৰী হ’বলৈ নিচুকনি গীতবোৰ ব্যৱহাৰ কৰা হয়। মুঠতে এই গীতবোৰে শিশুৰ কাৰণে আৱশ্যকীয় গুণাৱলীৰ নিৰ্দেশ দিয়ে আৰু লোকশিক্ষা ব্যৱহাৰৰ এটি ছবি আমাৰ সন্মুখত দাঙি ধৰে। কিছুমান নিচুকনি গীতৰ যোগেদি ভয় খুউৱাও হয়। সেই ভীতি প্ৰদৰ্শন কেতিয়াবা ধেমালিৰ ছলেৰে আৰু কেতিয়াবা লোহমৰ্ষকৰূপে কৰা হয়। টোপনি নহা ল’ৰা-ছোৱালীক টোপনি নিয়াবলৈ সকলো জাতিয়েই এই আভুৱা-ভৰা ভয়ৰ ভাবুকি দেখুৱায়। শ্ৰীধৰ কন্দলীৰ কাণখোৱা গীতটি এই বিষয়ে মনোৰম উদাহৰণ। কিছুমান দুখ লগা সৰু সৰু গীত আছে। সেইবোৰত মাকৰ ক্লান্তি, গেবাৰি খটা জীৱন, পোৰা-কপাল, বাপেকৰ অনুপস্থিতি বা মৃত্যু সম্বন্ধীয় ঘটনাৰ উল্লেখ থাকে। এনে ধৰণৰ গীতৰ উপৰিও বহুতো নিচুকনি গীতত আমি সৰু-সুৰা কাহিনী পাওঁ। এই গীতবোৰ শিশুৰ দৰেই নতুন আৰু মনোৰম। যেতিয়ালৈকে শিশুৱে কান্দিব আৰু মাকে নিচুকাব – তেতিয়ালৈকে ভাষাত এই গীতবোৰ থাকিব বুলি কব পাৰি মন্ত্ৰৰ দৰে এই গীতবোৰৰ সুৰে আমাৰ ল’ৰা-ছোৱালীক চিৰদিন মুগ্ধকৰিব আৰু সৰুৰেপৰা সুৰ আৰু সংগীতৰ প্ৰতি ধাউতি জন্মাব। লোক গীত আৰু লোক সংগীতৰ কোলাতেই আমাৰ লোক সাহিত্য উম লৈ শুই আছে। অসমীয়া ভাষাত বিবিধ লোক গীত আৰু লোক সংগীত আছে। এইবোৰ সমগ্ৰ গাঁৱলীয়া সম্প্ৰদায়ৰ আপুৰুগীয়া সাংস্কৃতিক সম্পদ। যোজনা, সাঁথৰ আৰু সাধুকথাৰ দৰেই লোক গীতসমূহো বৰ্তি আছে মৌখিক ঐতিহ্যৰ ওপৰত। দৰাচলতে লোক গীত শিকাৰ বা শিকোৱাৰ কোনো পদ্ধতি নাই। এই গীতবোৰ ইপুৰুষৰ পৰা সিপুৰুষলৈ কাণে কাণেই বাগৰি আহি আছে। লোক গীতত সমাজৰ প্ৰত্যেক লোকেই অংশগ্ৰহণ কৰে; নগৰীয়া শিক্ষিত লোকৰ সংগীতত সাধাৰণতে এনে নঘটে। গাঁৱৰ প্ৰত্যেক মুনিহ-তিৰোতাই দুই-চাৰিফাঁকি গীত জানে আৰু অৱস্থা অনুসৰি গায়, আন নহ’লেও মন দি শুনে আৰু তাৰ সহজ মাধুৰ্য উপলব্ধি কৰিব পাৰে। আগৰ অধ্যায়ত খেল ধেমালিৰ উল্লেখ কৰা হৈছে, খেল-ধেমালিৰ গীতবোৰকো নিচুকনি বা ল’ৰা ওমলোৱা গীতৰ পৰ্যায়তে পেলাব পাৰি। ধেমালিৰ গীতৰ ভিতৰত ‘বেজি সীওঁ সীওঁ? নিসিবা নিসিবা’।‘ অ’ ফুল অ’ ফুল নুফুল কিয়? গৰুৱে যে আগ খায় মই নো ফুলিম কিয় ?’ ‘কি কথা? বেং কথা’। আদি প্ৰশ্নোত্তৰ শীৰ্ষক গীতবোৰ কাব্যিক সৌন্দৰ্য আৰু ৰচনা কৌশল উভয় পিনৰ পৰা শিশুৰ চিত্তাকৰ্ষক।

সংস্কাৰ সম্বন্ধীয় গীতৰ ভিতৰত বিয়া-নামেই প্ৰধান। অসমীয়া তিৰোতাৰ স্বাভাৱিক কাব্য-প্ৰতিভাৰ হেতু যুগৰ লগত ৰজিতা খুৱাই নতুন বিয়া-নাম ৰচনা হৈয়ে আছে। বিয়াৰ লগত সৰু-বৰ নানা আচাৰ-অনুষ্ঠান পালন কৰা হয়, সেইবোৰত সুকীয়া গীত গোৱা হয়। তদুপৰি কন্যা আৰু দৰা ঘৰত গোৱা নামো বেলেগ। বিবাহৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত নামসমূহ তলৰ দৰে শ্ৰেণী বিভাগ কৰিব পাৰি –

  • জোৰোণৰ গীত
  • পানী তোলাৰ গীত
  • মাহ-হালধিৰ গীত
  • অধিবাসৰ গীত
  • দৈয়নৰ গীত
  • কন্যা সজোৱা নাম
  • কন্যাৰ গুৰিত গোৱা নাম
  • দৰা সজোৱা নাম
  • দৰা ওলোৱা নাম
  • সুৱাগুৰি তোলা নাম
  • দৰা আদৰা নাম
  • কন্যা হোমৰ গুৰিলৈ নিয়া নাম
  • দৰা বৰণৰ নাম
  • কন্যাক আখৈ তুলি দিয়া নাম
  • দৰা-কন্যাক আশীৰ্বাদ দিয়া গীত
  • দৰা-কন্যাৰ পাশা খেলাৰ নাম
  • কন্যা উলিয়াই দিয়া নাম , ইত্যাদি।

এই বিভিন্ন অনুষ্ঠানত শৃংগাৰ, কৰুণ, শান্ত, হাস্যৰসাত্মক গীতবোৰ গোৱা হয়। প্ৰকৃততে এই অনুষ্ঠানসমূহেই গাঁৱলীয়া তিৰোতাক সংগীতমুখৰ কৰিছে আৰু সুকুমাৰ শিল্পৰ প্ৰতি তেওঁলোকৰ ধাউতি বঢ়াইছে। বিয়া নামৰ মাজেদি বিবাহিত জীৱনৰ আদৰ্শ, স্বামী-স্ত্ৰীৰ ইজনৰ সিজনৰ, পৰিয়াল আৰু সমাজৰ প্ৰতি দুয়োৰে কি কৰ্তব্য তাকে দাঙি ধৰা হয়। দৰা-কন্যাৰ সমুখত হৰ-পাৰ্বতী, কৃষ্ণ-ৰুক্মিণী, ৰাম-সীতা, নল-দময়ন্তী, সাৱিত্ৰী-সত্যবানৰ কাহিনী উল্লেখ কৰি বিয়ানামে মূলতে শাস্ত্ৰৰ কাৰ্যকে সাধে। নাৰী-পুৰুষ দেহৰ বৰ্ণনা, সাজ-পাৰ, অলংকাৰ-পাতিৰ উল্লেখৰ হেতু বিয়ানামৰপৰা অসমীয়া তিৰোতাৰ, সৌন্দৰ্য আৰু শিল্প-কল্পনাৰ পৰিচয় পোৱা হয়। প্ৰেম, শৃংগাৰ বিৰহ, কৰুণ ৰসৰ সৃষ্টি কৰি এই গীতবোৰ কাব্যিক সৌন্দৰ্যৰেও মনোৰম হৈছে। হাস্য-ৰসেৰে সমৃদ্ধ যোৰা নাম আৰু খিচাগীতত অসমীয়া তিৰোতাৰ আমোদ-কৌতুকী মনৰ প্ৰকাশ হৈছে। বিহুগীত উত্‌সৱ অনুষ্ঠান ভিতৰুৱা। এই শাৰীৰ অন্যান্য গীত হ’ল ভথেলি উত্‌সৱ গীত, মহৌ-হৌ গীত, ভেকুলি বিয়া নাম, পুতেলি বিয়া নাম, লখিমী উত্‌সৱ গীত। লোক ধৰ্ম সম্বন্ধীয় অন্য এক শ্ৰেণীৰ গীত হ’ল মনসা বা বেউলা-লক্ষীন্দৰৰ গীত। মনসাৰ বাহিৰেও হিন্দু আৰু লৌকিক ভালেমান দেৱ-দেৱীৰ পূজা-পাতল গাঁৱৰ মানুহে ঘৰুৱা আৰু সমূহীয়াভাৱে পালন কৰে আৰু কেইবাগৰাকীয়ে লগ লাগি (সবাহ পাতি) নাম গায়। দেৱ-দেৱী আৰু পূজা-পাৰ্বনৰ সম্বন্ধীয় নাম হ’ল আইনাম, অপেচৰী সবাহৰ গীত, শুকানী অপেচৰাৰ গীত, তুলসীতলৰ গীত, দেউলৰ গীত, হুঁচৰি গীত আদি। দেহ বিচাৰৰ গীতসমূহো ধৰ্ম গীতেই। বাৰমাহী ঋতুগীত যদিও ইয়াৰ মাজত নাৰীৰ বিৰহৰ মূৰ্তিয়েই স্পষ্টভাৱে প্ৰকাশ পাইছে। নাৰী জীৱনৰ নানা আশা-আকাংক্ষা এই বিৰহৰ গীতত মূৰ্তিমান হৈ উঠিছে। সৃষ্টিৰ আদিৰে পৰা প্ৰকৃতি আৰু মানুহৰ মাজত অন্তৰংগ সম্বন্ধ গঢ়ি উঠিছে; বাৰমাহী তাৰেই বন্দনা গীত। নাৰী হৃদয় আৰু প্ৰকৃতি পৰিচয়ৰ বাহিৰেও বাৰমাহী গীতত সামাজিক-ধাৰ্মিক জীৱনৰো যে চিত্ৰ আছে, সেই কথা তলৰ উদ্ধৃত পদ কেইফাঁকিয়েই প্ৰমাণ কৰিব।

আঘোণৰ মাহতে নেকাটিলা পাত ।

খাবলৈ নাপালো প্ৰভু নবীন ধানৰ ভাত ।।

(ন খোৱা উত্‌সৱৰ উল্লেখ)

মাঘৰ মাহতে ধৰমৰ তিথি ।

ডাক দালিম শ্ৰীফল খাইতে নেদে বিধি ।।

ফাগুনৰ মাহত ফাগুনৰ বাতৰি ।

দেউলৰ ওপৰত দেউল তুলিয়া মগৰি ।।

আহিনৰ মাহত তুলসীৰ গোৰে চাতি ।

বিধৱা ব্ৰাহ্মণী পূজে হাতে লৈয়া বাতি ।।

আহিনৰ মাহতে দেৱীৰ অষ্টমী ।

হাঁহ কাটে পাঠা কাটে পাব জাকে জাকে ।।

কৰ্ম আৰু পৰিশ্ৰমেই গাঁৱলীয়া জীৱনৰ দৰ্শন। পৰিশ্ৰম যাতে বিৰক্তিকৰ আৰু অৱসাদ দায়ক নহয় তাৰ কাৰণে দৈনন্দিন সকলো কামতে গীতৰ ব্যৱহাৰ হয়। মুখৰ গীতে শৰীৰৰ ভাগৰ পাহৰাই কাম কৰাত উদ্দীপনা আৰু অনুপ্ৰেৰণা যোগায়। যঁতৰৰ গীত, ধান দোৱা, মৰণা মৰা, ধান বনা, উৰলৰ গীত – কৰ্ম সংগীতৰ ভিতৰত প্ৰধান। ইয়াৰ বাহিৰেও মাছ মৰা, নাওবোৱা বিষয়ৰ গীতৰো প্ৰচলন আছে। এই গীতবোৰৰ সুৰ আৰু বিষয়বস্তুৰ আলোচনা কৰিলে জীৱন নিৰ্বাহৰ বিভিন্ন কাৰ্যাৱলীৰ প্ৰতি গাঁৱলীয়া মুনিহ তিৰোতাৰ কি ধাৰণা কল্পনা আৰু সেইবোৰ কেনেকৈ পালন কৰা হয় তাক বুজিব পাৰি। বিভিন্ন শাৰীৰ এই গীতবোৰৰ পৰা সাধাৰণ জীৱনৰ আবেগ-অনুভূতি, গীত-নৃত্য মুখৰ (এই গীতবোৰৰ নৃত্য ছন্দত ভৰি-হাত মিলাই গোৱা হয়) মন-প্ৰাণৰ পৰিচয় ফুটি ওলায়। এই গীতবোৰ অকণি অকণি বাখৰৰ দৰে – মানুহৰ জীৱন আঙঠিটো এই বাখৰেৰে সৰ্বতিকাল উজ্জ্বল। এই গীতত ব্যৱহাৰ কৰা ভাষাও লক্ষ্য কৰিবলগীয়া। এই গীতত যি ভাষা ব্যৱহাৰ কৰা হয়, সি বহুলাংশে প্ৰতীক-প্ৰধান। এই লোক গীতবোৰত জনসাধাৰণৰ পৰম্পৰাগত ৰুচিৰ পৰিচয় আছে; জনঐতিহ্যসমূহৰ লক্ষণ যিমান সাহিত্যমূলক, তাতকৈ অধিক সামাজিক। ইয়াত কলা আৰু নীতি-বিজ্ঞানৰ সামাজিক ঠাঁচৰ খোজত ব্যক্তিগত সৃষ্টি প্ৰেৰণাই খোজ মিলাব লাগে। এই কলা আৰু নীতিবিজ্ঞান সাধাৰণতে হ’ল বিৰাট জনসাধাৰণৰ কলা আৰু নীতিবিজ্ঞান। ইয়াৰ ফলত যে গীতবোৰ জনপ্ৰিয় আৰু জাক জমকীয়া হয়, সেইবিষয়ে কোনো সন্দেহ নাই; কিন্তু লগে লগে ইয়াক মানুহে সহজে সাহিত্যিক সৃষ্টিসমূহ গণ্ডীবদ্ধ হৈ পৰে। লোক সাহিত্যত ব্যক্তিগত কবিৰ মুক্ত কল্পনাৰ উদ্দাম গতি নাই, নাই ভাবাবেগৰ গভীৰত্ব, বাধাহীন প্ৰকাশ আৰু সবাতোপৰি দৃষ্টি। লোক সাহিত্যৰ বিষয় নিৰ্বাচনো সীমাবদ্ধ। প্ৰকাশভংগী ধৰাবন্ধা। কোনো এটা বিশেষ বিষয় বৰ্ণাবলৈ পূৰ্বাপৰ চলি অহা ধৰাবন্ধা নিয়ম পালন কৰা হয়। কলাৰ মাজেদি সাহিত্যৰ সৃষ্টি কৰোতে অভিজ্ঞতাৰপৰা পোৱা ঘটনাই প্ৰকাশৰ বিষয়বস্তু হয় আৰু ভাব হয় প্ৰকাশৰ আহিলা। জনসাহিত্যত অৱশ্যে অভিজ্ঞতাৰ প্ৰাথমিক ভিত্তি হ’ল পূৰ্বাপৰ চলি অহা লোকাচাৰ। এই লোকাচাৰসমূহকেই শব্দ আৰু প্ৰকাশভংগীৰ ৰূপক প্ৰয়োগৰ মাজেদি প্ৰকাশ কৰা হয়। অধিক সংখ্যক অসমীয়া লোক গীতৰ প্ৰধান উপজীৱ্য হ’ল প্ৰেম; সেই কাৰণে এইবোৰ গীতত বহুলভাবে প্ৰতীকৰ প্ৰয়োগ আছে। কিয়নো প্ৰেমৰ কথা মন্ত্ৰৰ দৰে গোপনীয়। সেই ভাষাৰ অৰ্থ কেৱল প্ৰেমিক-প্ৰেমিকাৰহে উপলব্ধিৰ বিষয়। কেতবোৰ চৰাই-চিৰিকটিৰ নাম অসমীয়া লোক গীতত সেইকৰণে বিশেষ অৰ্থত প্ৰতীকৰূপে ব্যৱহৃত হৈছে। যেনে – মউ, মউমাখি, মইনা, কোৱা, শালিকা, ভাটৌ, কুলি, কাউৰী, ম’ৰাচৰাই, কপৌ, হাঁহ, কামচৰাই, চাকৈ-চকোৱা। মউ, মউমাখি আৰু প্ৰজাপতি সকলো দেশৰ সাহিত্যত প্ৰেমৰ প্ৰতীক; সংস্কৃতত প্ৰাকৃত সাহিত্যত ইয়াৰ উল্লেখ আছে। বিহুগীতত আছে :

চৰাই হৈ পৰিম গৈ ছালত ।।

আমি জুৰণীয়া মৌ …..।। ইত্যাদি।

ময়ুৰ সৌন্দৰ্যৰ প্ৰতীক। মাছৰ নাম কেৱল সৌন্দৰ্যৰ প্ৰসংগতে উল্লেখ হোৱা নাই; এই নামবোৰ প্ৰজননৰো প্ৰতীক। শক্তি আৰু সৌষ্ঠৱৰ আদৰ্শৰূপে হাতীৰ নামৰ প্ৰয়োগ হৈছে (মাক নাই মাউৰা, তিৰী নাই বৰলা, হাতী ধৰিবলৈ যায়)। নেমুটেঙা, সুমথিৰা, জৰা, তিয়ঁহ, জালিকোমোৰা, জলকীয়া, বগীজামু এইবোৰ শব্দই নাৰী আৰু পুৰুষৰ শৰীৰৰ অংগৰ ইংগিত দিয়ে। শিমলু উৰণীয়া মনৰ সংকেত (চ’তে মাহতে শিমলু ফুলিলে, ওপৰে উৰিলে তুলা; কমোৱা তুলাবোৰ যেনেকৈ উৰিছে, তেনেকৈ উৰিবৰ মন)। অকণমান বতাহত বাঁহ হালে জালে। বাৰীৰ বাঁহ কাটি আনি ঘৰৰ যিকোনো বন-বাৰীত লগাব পাৰি – এয়ে ইংগিত।বগৰি জেং প্ৰেমৰ প্ৰতিবন্ধক। সেন্দুৰ, জেতুকা, হালধি এইবোৰ আৰু ইয়াৰ বৰ্ণ – যৌৱন, আনন্দ, মিলনৰ প্ৰতীক। চাকি, বন্তি, শলিতা, তেল – এই শব্দবোৰ প্ৰেম নিবেদন, বিৰহৰ বৰ্ণনাত ব্যৱহাৰ হয়। (ৰাতি পৰে পৰে তোলৈ মনত পৰে, চকুপানী দুধাৰে বয়; তললৈ মূৰকই গুণিবলৈ ধৰিলে আগতে চাকিটো থৈ)। মধ্যযুগৰ সন্ত কবিসকলৰ পদাৱলীত আৰু পাহাৰী চিত্ৰাংকনতো চাকি, তেল, শলিতা বিশেষ অৰ্থব্যঞ্জক। এই গীতবোৰত নামকো প্ৰতীকৰূপে লোৱা হৈছে। অসমীয়া বিয়ানামত ৰাম-কৃষ্ণ, সীতা-ৰুক্মিণী আদিৰ উল্লেখ আছে; এইবোৰৰপৰা লোক সাহিত্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি। বৈষ্ণৱ ধৰ্মই আমাৰ সামাজিক আৰু জাতীয় জীৱনত যিদৰে সংস্কাৰ সাধিলে, সেইদৰে অসমীয়া লোক গীতকো সংস্কৃত কৰিলে। নৰ-নাৰীৰ প্ৰেম প্ৰসংগত নামৰ উল্লেখ হোৱাত, বিহুগীত অতি বাস্তৱধৰ্মী হৈছে। আধুনিক কাব্য-ৰীতিত স্থূল প্ৰেমৰ বৰ্ণনাত সোণপাহী, অলকানন্দা আদি নামৰ উল্লেখ মন কৰিবলগীয়া। অসমীয়া জাতীয় জীৱনৰ লগত লুইত, দিখৌ, জাঁজি, ধনশিৰিৰ অংগাংগী সম্বন্ধ। এই নদীবোৰে অসমীয়াৰ আৰ্থিক আৰু সামাজিক জীৱনত বহুৰূপে ক্ৰিয়া কৰিছে। এই নদীসমূহৰ তৰংগত অসমীয়া জীৱনৰ হৰ্ষ-বিষাদ, আনন্দ-উত্‌সৱ চিৰকাল তৰংগায়িত। প্ৰত্যেক লোক গীতৰেই নিজস্ব সুৰ আৰু লয় আছে। বিয়ানাম আৰু বিহুগীত একেটা সুৰতেই গোৱা নহয়। আনকি, একেখন বিভিন্ন প্ৰসংগত গোৱা বিভিন্ন নামৰ সুৰৰ মাধুৰীও বেলেগ। গাঁঠিয়ন খুন্দা বা সুৱাগুৰি তোলাৰ গীতৰ সুৰ আৰু লয়, পানীতোলা বা দৰা আদৰা সময়ত গোৱা গীতৰ সুৰ আৰু লয়ৰ লগত নিমিলে। গাঁৱৰে জীৱনৰ দ্ৰুত পৰিৱৰ্তন হৈছে। তাৰে ফলত বোলছবিৰ গানে আজি লোক গীতৰ ঠাই দখল কৰিছে। এই লোক গীতৰ সুৰবোৰ শীঘ্ৰে ৰেকৰ্ড কৰি ৰক্ষা কৰা উচিত; নহ’লে চিৰদিনলৈ ই লোপ পাব। ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীতবোৰৰ দৰে গল্প গীতিৰ উপকৰণৰ প্ৰাধান্য থক প্ৰণয়গাঁথা বা কবিতাও অসমীয়াত আছে। ইয়াৰে কিছুমান বিস্ময়কৰ বীৰৰসাত্মক অথবা প্ৰেম-ৰোমান্সপূৰ্ণ; যেনে – জনা গাভৰুৰ গীত মন্ত্ৰৰ দৰে বিস্ময়কৰ উপাদানেৰে গঁথা। কিছুমান ঐতিহাসিক; যেনে – বদন বৰফুকনৰ গীত। আকৌ খুহুটীয়া কথাৰে ভৰা আৰু আমোদদায়ক মলুৱা বান্দৰৰ গীত।জন-সাহিত্যৰ অন্য এক ডাঙৰ শাখা সাধুকথা। এই সাধুকথাবোৰৰ সঠিক সূত্ৰ দিয়া কঠিন। সাধুকথাবোৰৰ এটা বিশিষ্ট লক্ষণ ইবোৰ পৰম্পৰাগত। ইজনৰপৰা সিজনলৈ, এযুগৰপৰা আন যুগলৈ, এখন সমাজৰ পৰা আন সমাজলৈ বাগৰি অহা, ইয়াৰ ঐতিহ্য একেবাৰে মৌখিক। সাধুটো শুনিলে শুনোতাই তেওঁৰ মনৰ পৰা একো যোগ নিদিয়াকৈ বা তাৰ কোনো সলনি নকৰাকৈ আন এজনৰ আগত তাৰ পুনৰাবৃত্তি কৰে। মাজে সময়ে এই ঐতিহ্য সাহিত্যৰ যোগেদিও জীয়াই থাকে। প্ৰমাণস্বৰূপে অসমীয়া ভাষাত প্ৰচলিত বহুতো সাধুকথা, হিতোপদেশ, পঞ্চতন্ত্ৰ আৰু আনকি বৌদ্ধ জাতকতো পোৱা যায়। ইউৰোপীয় পণ্ডিতসকলে সাধুকথাৰ বিভিন্ন ৰূপৰ মাজত পাৰ্থক্য দেখুৱাবৰ কাৰণে মাৰ্চেন, চেজেন আদি কিছুমান নাম ব্যৱহাৰ কৰিছে। কিন্তু অসমীয়া সাধুকথা বুলিলে উপাখ্যান, পৰম্পৰাগত উপাখ্যান, পৰম্পৰাগত আখ্যান – এই সকলো ধৰণৰ মাজত প্ৰচলিত আখ্যানকেই ধৰা হয়। উপাখ্যান, পুৰণি আখ্যান আৰু পৰম্পৰাগত আখ্যানৰ ভিতৰত কেইবা প্ৰকাৰৰো সুস্পষ্ট কাহিনী পৰে। যেনে –

(১) সৃষ্টি বা প্ৰকৃতিৰ ব্যাখ্যামূলক উপাখ্যান

(২) অপেশ্বৰী, ভূত-প্ৰেত, অলৌকিক জীৱৰ লগত জড়িত কাহিনী

(৩) বুৰঞ্জীমূলক বা বুৰঞ্জীমূলক বুলি বিশ্বাস কৰা চৰিত্ৰ সম্বন্ধে থকা উপাখ্যানবোৰ।

কোনো কোনো উপাখ্যান বা পৰম্পৰাগত কাহিনী কওঁতে সঁচা-ঘটনাৰূপে তাক বৰ্ণনা কৰা হয় আৰু কওঁতাই নিজেও তেনেদৰে বিশ্বাস কৰে। পুৰণি আখ্যানবোৰো সাধুকথাৰ শাৰীতেই পৰে। পৃথিৱী সৃষ্টি হোৱাৰ কাহিনী লৈয়েই পুৰণি আখ্যানৰ জন্ম। ই সৃষ্টি আৰু প্ৰকৃতিৰ পদাৰ্থসমূহৰ আলোচনা কৰে; গতিকে ই সৃষ্টিধৰ্মী আৰু মৌলিক উপাখ্যানৰ শাৰীৰ সাহিত্য। দেৱতাসকলৰ বিজয় অভিযান সম্বন্ধে যেতিয়া ই আলোচনা কৰে, তেতিয়া ই ৰূপকথাৰ শাৰীত পৰে। বহুতো অসমীয়া সাধু মহাভাৰত, ৰামায়ণ আৰু পুৰাণৰ আখ্যান-উপাখ্যানৰ অসমীয়া ভাঙনি। অসমীয়া সাধুকথা প্ৰধানত: জীৱ-জন্তু, প্ৰাকৃতিক পদাৰ্থ, ঠাট্টা-বিদ্ৰূপ আৰু টেটোন সম্বন্ধীয়। প্ৰায় সকলো জাতিৰ মাজতে জীৱ-জন্তু সম্বন্ধে সাধু আছে। এসময়ত জন্তু-জগত্‌খনৰ লগত সাধাৰণ মানুহৰ ঘনিষ্ঠ সম্বন্ধ আছিল; গতিকে স্বভাৱতেই প্ৰকৃতি আৰু জন্তুৰ স্বভাৱ সম্বন্ধে তেওঁলোকে ভালকৈ জানিছিল। কিন্তু জন্তু সম্বন্ধে বৰ্ণনা কৰোঁতে তেওঁলোকে সৰু-সুৰা একো কথাকে বাদ নিদিয়াকৈ খৰচি মাৰি কৈছিল। জন্তু জগত সম্বন্ধে সাধাৰণ মানুহৰ কি ধাৰণা আছিল সেই কথাও এই সাধুকথাত পোৱা যায়। ড° প্ৰফুল্লদত্ত গোস্বামীয়ে অসমীয়া সাধুকথাৰ বিজ্ঞানসন্মত অনুশীলন কৰিছে। কিন্তু এই বিষয়ে বহু কাম এতিয়াও অসম্পূৰ্ণ হৈ আছে। এই অসম্পূৰ্ণতা কেৱল সাধুকথা সংগ্ৰহৰ ফালৰপৰাই নহয়; অসমীয়া সাধুকথা কেনেকৈ ঠাই বাগৰি ফুৰিছে আৰু ইয়াৰ ওপৰত জনজাতীয় সাহিত্যৰ কেনেকৈ প্ৰভাৱ পৰিছে সেই সম্বন্ধে চৰ্চা আৰু অনুসন্ধান কৰাৰ অৱকাশো আছে। সকলো দেশৰ সাধুকথাৰ পৰা জাতীয় চৰিত্ৰ আৰু মনোবিশ্লেষণ কৰিব পাৰি। লোক সংস্কৃতি আৰু লোক সাহিত্য প্ৰসংগত ভাষাৰ আলোচনাও তাত্‌পৰ্যপূৰ্ণ। সকলো ভাষাৰে ঘাইকৈ দুটা ৰূপ – এটা সংস্কৃত, অন্যটি প্ৰাকৃত; অৰ্থাত্‌ এটি সাহিত্যিকৰ, পুথি-পত্ৰৰ আৰু মাৰ্জিত ৰুচিৰ লোকৰ; আনটি সাধাৰণ, অৰ্থাত্‌ গাঁৱলীয়া মানুহৰ ভাষা (কথিত বা উপভাষা)। সৰহ সংখ্যক মানুহে এই প্ৰাকৃত অৰ্থাত্‌ সাধাৰণ মানুহৰ ভাষাটোকেই দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। এই ভাষাৰ উচ্চাৰণ, শব্দৰ প্ৰয়োগ আৰু অৰ্থ, বাক্যৰীতি সুকীয়া; ই ব্যাকৰণৰ বিধি-নিষেধৰ পৰা বহুখিনি মুক্ত। ভাষাতত্বৰ পিনৰপৰা কিন্তু দুয়োটা ৰূপৰেই বিশেষ মূল্য আছে। সাধাৰণ মুখৰ ভাষাৰপৰাও শব্দ আৰু উচ্চাৰণ বিৱৰ্তনৰ মনোৰঞ্চক বুৰঞ্জী সংকলন কৰিব পাৰি। ভাষাতত্বৰ আঁত হেৰাই যোৱা ভালেমান সুত্ৰ এই লোক ভাষাৰপৰা উদ্ধাৰ কৰা সম্ভৱ। লোক সংস্কৃতিৰ তথ্য-পাতি আহৰণ কৰোঁতে এই ভাষাৰো সংগ্ৰহ প্ৰয়োজনীয়। বিভিন্ন সম্প্ৰদায়ৰ গাঁৱলীয়া পুৰুষ-তিৰোতাৰ মাজত আজিও বিশেষকৈ খেতি-বাতি, মাছমৰা, বোৱা-কটা, এড়ি পলু পোহা, ৰন্ধা-বঢ়া সম্বন্ধীয় অলেখ বাক্যাংশ বা জতুৱা-ঠাঁচ প্ৰয়োগ হয়; সেই শব্দ আৰু জতুৱা-ঠাঁচবোৰ সাহিত্যৰ ভাষাত বিপুল অৰ্থব্যঞ্জনাৰে ব্যৱহাৰ কৰিব পাৰি। কমাৰ, কুমাৰ, বাঢ়ৈ, খনিকৰ, মৰিয়া-সোণাৰীয়ে নিজৰ ব্যৱসায়ত সদা-সৰ্বদা প্ৰয়োগ কৰা শব্দসমূহ চয়ন কৰিব পাৰিলে অসমীয়া পৰিভাষিক শব্দৰ ভঁৰাল নিশ্চয় চহকী হ’ব। লোক ভাষা সম্পৰ্কে আৰু এটি বিষয় মন কৰিবলগীয়া। প্ৰধান আৰ্য ভাষা অসমীয়াৰ বাহিৰেও সম্প্ৰদায় বিশেষে কোনো কোনোৱে গোষ্ঠীৰ উপভাষাকো মাতৃভাষাৰূপে ব্যৱহাৰ কৰে; যেনে – লালুং, চুটীয়া, দেউৰী, বড়ো, কছাৰী, মিকিৰ, মিৰি ভাষা। ওচৰা-ওচৰি গাঁৱত বাস কৰা হেতু, আৰু এই সম্প্ৰদায়ৰ সকলোৱে শিক্ষা-সংস্কৃতি আৰু ৰাষ্ট্ৰীয় জীৱনত অসমীয়া ভাষাক গ্ৰহণ কৰাত আৰ্য অসমীয়া আৰু আৰ্যেতৰ উপভাষাসমূহৰ সদা-সৰ্বদা আদান-প্ৰদান ঘটিছে। তাৰে ফলত অসমীয়া ভাষালৈ এই উপভাষাসমূহৰ পৰা নানা শব্দ, খণ্ডবাক্য, মনোৰম ফকৰা-যোজনা আহিছে। ফলত অসমীয়া ভাষাৰ সৌষ্ঠৱ বাঢ়িছে, লগে লগে অসমৰ সকলো জাতি-উপজাতিয়ে এক উমৈহতীয়া পৰিণতিৰ পথত আগবাঢ়িছে। এই উপভাষাসমূহৰ শব্দ আৰু জতুৱা-ঠাঁচ চয়ন কৰি অসমীয়া ভাষাক সমৃদ্ধিশালী আৰু সাৰ্বজনীন কৰা বৰ্তমান সকলো অসমীয়া লিখকৰ কৰ্তব্য।

উৎস: অসমৰ লোক-সংস্কৃতি

3.23529411765
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top