মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / লোকবাদ্য আৰু চাহ জনগোষ্ঠী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোকবাদ্য আৰু চাহ জনগোষ্ঠী

লোকবাদ্য আৰু চাহ জনগোষ্ঠী

মানসিক প্ৰশান্তিৰ সৰ্বোত্‍কৃষ্ঠ উপাদান হৈছে সঙ্গীত | সঙীত শ্ৰৱণৰ যোগেদি লাভ কৰা আনন্দ অতুলণীয় | সঙ্গীত মানুহৰ হৃদয়ৰ স্বত:স্ফুৰ্ত প্ৰকাশ | কৰ্মব্যস্ত মুহুৰ্তৰ অৱসৰত গানৰ কলি গুণ-গুণাই নোপোৱা মানুহ আছেনে কোনোবা ? মানৱ মনৰ অন্তৰ্ভাগৰ বিভিন্ন অনুভুতি আৰু ভাৱধাৰাৰ প্ৰত্যক্ষ প্ৰতিফলন ঘটে এই গান বোৰৰ মাজেদি | আত্মাত আত্মানন্দ নাথাকিলে জীৱন যাপনো বিষময়তাত ডুব যায় | আনহাতে সঙ্গীতৰ মূৰ্চ্চনাই দাঙি ধৰে অপৰিমেয় জীৱনৰ অনাবিল সুধা | এই সঙ্গীতৰ তালে তালে বাদ্যযন্ত্ৰৰ সঙ্গতেও সঙ্গীতক অধিক গুৰুত্ব দান কৰে | কেৱল সঙ্গীতে অকলশৰীয়াকৈ পূৰণ কৰিব নোৱাৰা অপূৰণীয় মাদকতাক বাদ্যযন্ত্ৰৰ সুৰৰ তাঁৰডালে সুললিত ঝংকাৰত ঝংকৃত কৰি মূৰ্চ্চনাৰ আলোড়ন সৃষ্টি কৰে | ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ অহা এই চাহ-গোষ্ঠীৰ লোক সকলে তেওঁলোকৰ জীৱনত ৰেখাপাত কৰা কিছুমান লোকবাদ্য যিয়ে যত পাৰিলে লগত লৈ আহিছিল | যেতিয়া সিবিলাকৰ মনত দুখৰ নিৰাদৰ মাত্ৰা অথবা সুখৰ আনন্দৰ প্ৰকাশ ঘটাই সেই বাদ্যযন্ত্ৰবোৰৰ মাজেদি | এই জনগোষ্ঠীয়ে অসমৰ মাটিকেই নিজৰ মাতৃভূমি ৰূপে সাৱটিলৈ লুপ্তপ্ৰায় এই বাদ্যযন্ত্ৰবোৰৰ মাজেৰে নিজৰ লোকসংস্কৃতিক জীয়াই ৰাখিছে |

চাহ জন-জীৱনত অপৰিবৰ্তত কলাৰূপে অহা বাদ্যযন্ত্ৰ সমুহৰ ভিতৰত বিশেষ লেখত ল’বলগীয়া বাদ্যযন্ত্ৰসমুহ হ’ল

  • ঢ়াঁক
  • ঢ়ল
  • মাদল
  • মদন ভেঁড়ী
  • ধুমচা বা ধম‍চা
  • চাহনাই
  • চিঙ্গা
  • ঝাঁঝ
  • বাঁশী বা বাঁচৰী
  • ঘন্টা
  • তুমডী
  • ছমছমী
  • ঢুলকি
  • চেৰঙ্গী

 

ঢ়াঁক

চাহ জনগোষ্ঠীৰ মাজত এই বাদ্যযন্ত্ৰটিৰ ব্যৱহাৰ অতিবেছি | এই ঢ়াঁক বাদ্যটি নহলে চাহ জনগোষ্ঠীয়লোক সকলৰ পূজা-পাৰ্বন, বিবাহ কাৰ্য্য আদি শুভানুষ্ঠান কোনো কাৰণে সামাধা কৰিব নোৱাৰি | ঢাঁক-ঢলৰ মাতে দেৱী আৰাধানাতো অৰিহনা যোগায় | এই ঢ়াঁকৰ ছেওত বিবাহৰ মাঙ্গলিক কাৰ্য্যত সুৰৰ জোৱাৰ উঠে | এই ঢ়াঁকটোৰ আকাৰ জয়ঢোলৰ দৰে আৰু লগতে দুডাল মাৰিও থাকে বজাবৰ বাবে, তাৰে এডালৰ আকাৰ অলপ শকত আৰু আনডাল ক্ষীণ | ঢ়াঁকত এডাল ৰছীও থাকে যাতে কান্ধত উলোমাই লৈ বজাবলৈ সুচল হয় |

ঢল

গানৰ তাল ৰক্ষা কৰিবৰ বাবে মানুহে কোনো টান বস্ত্ত বা উদং কলহত বা ঢলত হাতৰ চাপৰ মাৰি সুৱদি শব্দৰ সৃষ্টি কৰে | ভাৰতৰ বিভিন্ন কোনৰ পৰা অহা এই চাহ জনগোষ্টীয় লোকৰ মাজত “ঢল” বাদ্যযন্ত্ৰটিৰ প্ৰচলন আছিল | এতিয়াও ঠাই বিশেষে কম বেচি পৰিমানে ঢলৰ প্ৰচলন আছে | এই ঢলৰ ব্যৱহাৰ চাহগোষ্ঠীয়লোক সকলে বিবাহ আৰু পূজা পাৰ্বণত হয় | ঝুমুইৰ নাচতো ইয়াৰ ব্যৱহাৰ পূৰাদমে চলে | সাধাৰণতে ঢল বজাবলৈ দুডাল মাৰি থাকে, তাৰে এডাল শকত আনডাল ক্ষীণ | এই বাদ্যযন্ত্ৰটি চাহ জনগোষ্ঠীৰ প্ৰায় বিলাক সম্প্ৰদায় মাজত ব্যৱহৃত আৰু প্ৰচলিত |

মাদল

এই মাদল নামৰ বাদ্যযন্ত্ৰটি চাহ সম্প্ৰদায়ৰ উল্লেখযোগ্য বাদ্যযন্ত্ৰ | বিশেষ কৈ মুণ্ডা আৰু চাওতাল সম্প্ৰদায় লোক সকলে এই বাদ্যযন্ত্ৰ বেছিকৈ ব্যৱহাৰ কৰে | এই সম্প্ৰদায়ৰ লোকে ঝুমুইৰ নাচৰ লগত সংহতি ৰাখি মাদল বাদ্যটি বিশেষ ৰূপে ব্যৱহাৰ কৰে | চাহ গোষ্ঠীয় আন সম্প্ৰদায়ৰ মাজতো ইয়াৰ ব্যৱহাৰ মন কৰিব লগিয়া | চাহ-গোষ্ঠীয় বাউৰী সম্প্ৰদায়ৰ বিবাহ গীতৰ লগত এই মাদল ব্যৱহাৰ কৰে |

মদন ভেঁড়ী

মদন ভেঁড়ী চাহ জনগোষ্ঠীৰ অতি পুৰণিকলীয়া বাদ্যযন্ত্ৰ | আন বাদ্যযন্ত্ৰতকৈ ইয়াৰ গুৰুত্ব বেছি | প্ৰবাদ মতে এই বাদ্যৰ জৰিয়তে স্বৰ্গৰ দেৱতায়ো মৰ্ত্যৰ বিবাহৰ মাঙ্গলিক কাৰ্য্যৰ সংঙ্কেত পায় | ইয়াক বিশেষ ৰূপে ভূমিজ সম্প্ৰদায়লোকে ব্যৱহাৰ কৰিছিল | তদুপৰি আন চাহ সম্প্ৰদায়ৰ মাজত এই বাদ্যটিৰ ব্যৱহাৰ নাছিল তেনে নহয় | বৰ্তমান এই বাদ্যটিৰ ব্যৱহাৰ চাহ সমাজৰ পৰা সম্পূৰ্ণৰূপে লুপ্ত হৈ গ’ল যেন লাগিছে | এই বাদ্যক মুখেৰে ফুঁ মাৰি কন্ঠনলীৰ দ্বাৰা সুৰৰ লহৰ তোলা প্ৰক্ৰিয়া মন কৰিব লগীয়া |

ধুমচা বা ধমচা

ধমচাৰ আকৃতি প্ৰায় ঢলৰ দৰে হ’লেও, ঢলতকৈ অলপ শকত আৰু মোটা বিধৰ | ইয়াকো বজাবৰ বাবে দুডাল মাৰি থাকে | ধমচা সাধাৰণতে বিবাহ আদি কাৰ্যত ব্যৱহাৰ কৰা হয় | পূজা-পাৰ্বনত ইয়াৰ ব্যৱহাৰ সাধাৰণতে নহয় বুলি জনাযায় | ঝুমুই গীতৰ লগতো কেতিয়াবা ইয়াক সংগত কৰা হয় |

চাহনাই

চাহ সমাজত ব্যৱহিত হোৱা আন এটি উল্লেখযোগ্য অথচ লুপ্তপ্ৰায় বাদ্যযন্ত্ৰটি হ’ল চাহনাই | ইয়াৰ সুৰ বৰ মিঠা, আৰু হৃদয় বিদাৰক | চাহ জনগোষ্ঠীৰ প্ৰাচীনতম বাদ্যযন্ত্ৰৰ ভিতৰত এই বাদ্যটি অন্যতম | এই বাদ্যক বিবাহ কায্যত বিশেষ ৰূপে ব্যৱহাৰ কৰা দেখা যায় | ভূমিজ সম্প্ৰদায় লোকে চাহনাইক বিশেষ ৰূপে ব্যৱহাৰ কৰা দেখা যায় |

চিঙ্গা বা শিঙা

চাহ সমাজত এইবিধ বাদ্যৰ ব্যৱহাৰ কম যেন অনুমান হয় | জনা মতে চাহ সম্প্ৰদায়ৰ চম্বলপুৰীয়া সমাজৰ হে এই বিশেষ বাদ্যযন্ত্ৰ | এই বাদ্যযন্ত্ৰটি কিছু অংশ পহুৰ শিঙেৰে তৈয়াৰ কৰা হয় | বজাবৰ বাবে মাৰি দুডালো থাকে | এইবিধ যন্ত্ৰক ডিঙিত ওলোমাই লৈ বিবাহ আদি মাঙ্গলিক অনুষ্ঠানত বজোৱা হয় |

ঝাঁঝ

এই বিধ ডাঙৰ তাল অথাত্‍ থলুৱা বৰতাল | ইয়াক চাহ জনগোষ্ঠী সমাজত কীৰ্ত্তন, নামগোৱা আদিত ব্যৱহাৰ কৰা হয় | এই বাদ্যৰ প্ৰচীনতম ৰূপ আজি লুপ্তপ্ৰায় |

বাঁশী

এই বাদ্যযন্ত্ৰত মুখেৰে ফুঁদি ভিতৰত থকা বায়ুৰ কম্পনৰ ফলত ধ্বনি নিৰ্গত হয় | সেয়ে এনে ধ্বনিত সুৰৰ লালিত্য বিদ্যমান | অসমৰ চাহ বাগিছা অঞ্চলত জনজীৱনৰ লোকসংগীত , লোকবাদ্য সকলোৰে লগত বাঁশী বহুলভাৱে প্ৰচলিত | এই বিধ বাদ্য বাঁহেৰে নিৰ্মিত |

ঘন্টা

এই ঘন্টা বাদ্যটি খুব সম্ভৱ ধৰ্মীয় অনুষ্ঠানত অৰ্থাত্‍ দেৱ-দেৱীৰ পূজা -গৃহাদিতহে মাত্ৰ ব্যৱহাৰ হয়| বৰ্তমান এই ঘন্টাৰ প্ৰচলন চাহ সমাজত বৰকৈ দেখা পোৱা নাজায় যদিও প্ৰাচীন কালত ইয়াৰ বহল প্ৰচাৰ আছিল |

তুমড়ী

তুমড়ী সাধাৰণতে একশ্ৰেণীৰ লাও টোকাৰী সদৃশ বাদ্য | এই বাদ্যযন্ত্ৰ জনপ্ৰিয় নহ’লেও ই কিন্ত এতিয়া প্ৰচলিত বাদ্য | ইয়াক জাতিলাওৰ শুকান খোলাৰে গুঁই ছালৰ দ্বাৰা কিছু টান সূতা দি বান্ধি তৈয়াৰ কৰা হয় | বীন-বৰাগীৰ দৰে এই চাহ জনগোষ্ঠীয় তুমড়ীধাৰীয়ে জীৱনৰ ঘাত-প্ৰতিঘাত্ক অকলেই বহন কৰি এইদৰে ডাৱৰীয়া বতৰকো ফৰকাল কৰাৰ মানস কৰে |

ছমছমী

ই এবিধ সৰু বাদ্যযন্ত্ৰ | এই জনগোষ্ঠীয় সমাজে এই বাদ্যযন্ত্ৰটিক কৰতাল বুলি আখ্যা দিছে | ইয়াক হাতৰ পৰশতেই বজোৱা হয় | ইয়াৰ আকাৰ থলুৱা খুটিতাল সদৃশ | ইয়াক বিশেষকৈ নামগোৱা, কীৰ্ত্তন আদিত ব্যৱহাৰ কৰা হয় | ই বিশেষকৈ ধৰ্মীয় পৌৰাণিক নৃত্য-গীতত ব্যৱহৃত বাদ্যযন্ত্ৰ |

ঢুলকি

এই ঢুলকিও চাহ সমাজৰ একশ্ৰেণী বাদ্য | এই বাদ্যটি চাহ সমাজৰ ছাদী আৰু কেচুঁৱাৰ জন্মোপলকক্ষ্যে “ছট্টী” নামৰ শুদ্ধি অনুষ্ঠানতো বজোৱা হয় | অৱশ্যে কিছুৱে এই বাদ্য নাম-কীৰ্ত্তন, সংকীৰ্তন বা ভকতীয়া সমাজত বজোৱা নিয়ম আছে বুলি কয় | ইয়াৰ আন এটি নাম “বিচম ভাঁকি” | আন কিছুমানে বাদ্যটি “মনসা” পূজাতো ব্যৱহাৰ কৰা দেখা যায় |

চেৰঙ্গী

এই চেৰেঙ্গীও চাহ জনগোষ্ঠীৰ এটি উল্লেখযোগ্য বাদ্যযন্ত্ৰ | ইয়াক গুঁই ছালেৰে তৈয়াৰ কৰা হয় | ইয়াক সাধাৰনতে ধেমেলীয়া গীতৰ লগত সংগত কৰা হয় |

লিখক: দুলাল বৰুৱা

2.88333333333
বিদ্যুত পলাশ Dec 01, 2015 11:20 AM

যথেষ্ট উপকৃত হৈছো

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top