অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শংকৰদেৱৰ সত্ৰ প্ৰতিষ্ঠান আৰু সত্ৰীয়া শিল্পবস্তু

শংকৰদেৱৰ সত্ৰ প্ৰতিষ্ঠান আৰু সত্ৰীয়া শিল্পবস্তু

এটা জাতিৰ স্থাপত্য আৰু ভাস্কৰ্য শিল্পই জাতিটোৰ সাংস্কৃতিক ৰুচিবোধৰ স্বাক্ষৰ বহন কৰে। প্ৰকৃতাৰ্থত শিল্পকলা মানুহৰ জীয়াই থকাৰ এবিধ আহিলা বা সঁজুলি বুলি ক’ব পাৰি। ই মানৱ অস্তিত্বৰ অন্যতম অপৰিহাৰ্য প্ৰয়োজন। নীলমনি ফুকনৰ ভাষাত ‘প্ৰকৃতিয়ে সজ সঁজুলি এৰি নিজাকৈ সঁজুলি সাজিবলৈ লোৱাৰ দিনাই নহ’লেও, লাহে লাহে মানুহেই উন্মোচিত কৰিলে মানুহৰ ভাবনাৰ কল্পনাৰ এখন অন্তহীন জগত; ৰুপ, ৰেখা, ছন্দ, বৰ্ণ, পোহৰ আৰু কাম বাসনাই মানুহক শিল্পী ৰুপে গঢ়ি তুলিলে।

মহাপুৰুষ শ্ংকৰদেৱ হ’ল অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ প্ৰথমগৰাকী প্ৰবক্তা। তেওঁৰ প্ৰচেষ্টাত অসমীয়া স্ংস্কৃতিয়ে স্বচ্ছতাৰে গতিশীলতা লাভ কৰিলে। অসমৰ স্থাপত্য-ভাস্কৰ্য শিল্পৰ ইতিহাস বহু পুৰণি। শ্ংকৰদেৱৰ হাতত এই শিল্পই নব্যৰুপ ধাৰণ কৰিলে। প্ৰাচীন কালৰেপৰা প্ৰচলিত পৰম্পৰা অনুসৰি এই শিল্পবোৰ আছিল মূলত: ৰজাঘৰীয়া সম্পদ। শ্ংকৰদেৱে এই শিল্প কলাক ৰজা আৰু বিত্তবান শ্ৰেণীৰ উপৰিও সমাজৰ সকলো শ্ৰেণীয়ে চৰ্চা কৰিব পৰা ৰুপ দিলে। তদুপৰি অসমত পূৰ্বৰেপৰা চলি অহা জনজাতীয় শিল্পকলাক বৈষ্ণৱ ধৰ্মৰ আবেগ আৰু ভক্তিৰসৰ আদৰ্শেৰে সিক্ত কৰি তাক ন-কৈ সজালে। শ্ংকৰদেৱৰ সামগ্ৰিক আদৰ্শটোৱেই আছিল সকলো শ্ৰেণীৰ মানুহৰ বাবে গ্ৰহণযোগ্য আদৰ্শ। অসমত শিল্পচৰ্চা আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা সত্ৰ প্ৰতিষ্ঠানৰ ভূমিকা উল্লেখযোগ্য।

অসমৰ সামাজিক স্ংগঠনৰ দিশত সত্ৰ আৰু নামঘৰৰ অনেক অৰিহণা আছে। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি শ্ংকৰদেৱে সত্ৰ-নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া সমাজ সুস্ংগঠিত কৰিলে। শ্ংকৰী স্ংস্কৃতিৰ  কেন্দ্ৰস্থল নামঘৰ গুৰুজনাৰ অভিনৱ উদ্ভাৱন। সত্ৰ ব্যৱস্থাত প্ৰাচীন ভাৰতীয় আশ্ৰম আৰু বৌদ্ধ বিহাৰৰ আদৰ্শ থাকিব পাৰে। ভাৰত ভ্ৰমণ কালত দৰ্শন ঘটা বিভিন্ন ঠাইৰ ধৰ্মীয় প্ৰতিষ্ঠানৰ আৰ্হিৰ সৈতে হয়তো শ্ংকৰদেৱে নিজৰ আদৰ্শৰ স্ংযোগ ঘটাই ইয়াৰ আৰ্হি নিৰ্মাণ কৰিছিল। জাতীয় স্ংস্কৃতিৰ গঢ় লোৱাৰ ক্ষেত্ৰত এটা সুস্থ বাতাবৰণ আৰু মানসিক বান্ধোনৰ প্ৰয়োজন। শ্ংকৰদেৱে তেওঁৰ আধ্যাত্মিক চিন্তাৰ জৰিয়তে প্ৰাচীন অসমীয়া সমাজৰ অনেক ৰোগ নিৰাময় কৰি সত্ৰ-নামঘৰৰ বেদীতে এটা সুস্থ সামাজিক জীৱনৰ ভেটি গঢ়িলে।

তৎকালীন ভাৰতীয় সমাজৰ ৰাজকীয় পৃষ্ঠপোষকতাত চলা মন্দিৰবোৰতকৈ সত্ৰ ব্যৱস্থা অধিক সমাজমুখী আছিল। সত্ৰাধিকাৰগৰাকীয়েই এই ব্যৱস্থাৰ মুখীয়াল ব্যক্তি হ’লেও সমূহীয়া প্ৰচেষ্টাৰ মাজেৰেহে সত্ৰ প্ৰতিষ্ঠান পৰিচালিত হয়। সত্ৰ ব্যৱস্থাই অৱশ্যে শ্ংকৰদেৱৰ সময়তে পূৰ্ণ বিকাশ লাভ কৰিছিলনে নাই সেই বিষয়ে সঠিককৈ জনা নাযায় যদিও শ্ংকৰদেৱৰ ধৰ্ম আৰু সমাজদৰ্শনৰ আধাৰত ই গঢ় লৈ উঠিছিল বুলি নিশ্চিতভাৱে কব পাৰি। শ্ংকৰদেৱে পাটবাউসী সত্ৰত দামোদৰদেৱক কামৰুপ অঞ্চলৰ ধৰ্মগুৰু পাতি নিজে কোচবিহাৰলৈ যোৱাৰ কথা জনা যায়। অৱশ্যে পছলৈ কোনো কোনো ঠাইত গুৰুসকলৰ ধৰ্মপ্ৰচাৰ বন্ধ হোৱাৰ ফলত বা আন  আন কাৰণত সত্ৰ ব্যৱস্থা লোপ পালে যদিও উজনিত এই ব্যৱস্থা পৰম্পৰা সূচক হৈ পৰিল। সত্ৰ প্ৰতিষ্ঠানবোৰে অসমৰ সাংস্কৃতিক জীৱনৰ কাৰণে এটা আদৰ্শৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। অৱশ্যে বৰ্তমান সময়ৰ আৰ্থসামাজিক জীৱন পদ্ধতিৰ লগত এই সত্ৰীয়া ব্যৱস্থা খাপ খুৱাই চলাব পৰাটো সম্ভৱ নহয় অথবা পুৰণি সত্ৰ ব্যৱস্থা অবিকৃত ৰুপত ৰক্ষা কৰাটোও সম্ভৱ নহয়। ইয়াৰ মাজতো জীৱনৰ বাবে প্ৰয়োজনীয় শান্তি লাভৰ উপায়স্বৰুপে সীমিত পৰিসৰৰ মাজতো সত্ৰবোৰে এতিয়াও সুস্ংস্কৃত জীৱন যাপনৰ আদৰ্শ দেখুৱাব পাৰে।

সত্ৰবোৰৰ কেন্দ্ৰ হ’ল নামঘৰ। একোখন গাঁৱৰ বাবে নামঘৰটোৱেই সামাজিক, সাংস্কৃতিক চৈত্যনৰ কেন্দ্ৰস্বৰুপ। জনজাতীয় মৰঙৰ লেখীয়াকৈ নামঘৰ হ’ল গোষ্ঠী-চেতনা আৰু শিল্প বস্তুৰ এটা অভিব্যক্তি। আজিও প্ৰায়বোৰ গাঁৱতেই একোটা নামঘৰ আছে আৰুস্সত্ৰৰ নামঘৰৰ আৰ্হিতেই এই নামঘৰবোৰো পৰিচালিত হয়। নামঘৰতেই সকলোৱে মিলিজুলি নানাধৰণৰ সাংস্কৃতিক কাৰ্য সম্পাদন কৰে। শংকৰদেৱৰ সময়ত সজা নামঘৰৰ আৰ্হিজ আজি পাবলৈ নাই যদিও প্ৰচলিত পৰম্পপৰাই ততকালীন সময়ৰ নামঘৰৰ এটা ধাৰণা আমাক দিয়ে। দৈত্তাৰী ঠাকুৰৰ চৰিতত মাধৱদেৱে বৰপেটাত এটি নামঘৰ সজাই তাত ভাওনা যাত্ৰা কৰাৰ কথাৰ উল্লেখ পোৱা যায়। সত্ৰ অৰু গাঁৱৰ পুৰণি নামঘৰবোৰৰ বহুততে আজিও পুৰণি পৰম্পৰাৰ পৰিচয় বৰ্তমান। নামঘৰৰ মূল গৃহৰ পশ্চিম অংশ অৰ্ধবৃত্তকাৰ টুপভঙা আৰু দুয়োফালে দুখন বাৰাণ্ডা থাকে। পৃথক মণিকূট  শ্ংকৰদেৱৰ সময়তে সজা হৈছিলনে নাই সঢ়িককৈ কবলৈ টান। অৱশ্যেসকলো সত্ৰৰ নামঘৰত মণিকূট দেখিবলৈ পোৱা নাযায়।

অসমৰ বৌদ্ধিক আৰু কলাত্মক বিকাশৰ ক্ষেত্ৰত নামঘৰৰ যথেষ্ট অৱদান আছে। শ্ংকৰদেৱ প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ হ’ল নামঘৰ। জ্যোতিপ্ৰসাদ আগৰৱালাই বৰ্তমান সময়ৰ বিশ্ব-স্থাপত্যৰ অলংকাৰ বৰ্জিত সৰলতা আৰু ৰৈখিক সৌন্দৰ্যৰ আদৰ্শৰ প্ৰথম স্ংস্কৰণটি এই নামঘৰতে দেখা পোৱা বুলি কৈ গৈছে। শংকৰদেৱে অসমৰ স্থাপত্য-ভাস্কৰ্য শিল্প কলাক সৰ্বসাধাৰণ মানুহৰ ওচৰ চপাই আনিলে। পূৰ্বৰ শিল, পোৰামাটিৰ স্থাপত্যৰ ঠাইত বাঁহ-কাঠেৰে নামঘৰ সাজি তেওঁ অসমৰ স্থাপত্য শিল্পৰ নতুন ধাৰা প্ৰৱৰ্তন কৰিলে। নামঘৰত প্ৰয়োজন হোৱা সিংহাসন, গছা, ঠগা, চিত্ৰ বিচিত্ৰ কাৰুকাৰ্যৰ ঢৰা, কৰণি, শৰাই, মুখা, নেগেৰা, খোল আদিৰ সৃষ্টিয়ে ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত এটা নতুন সমীকৰণ ৰচনা কৰিলে। ভক্তিৰ মাহাত্ম্য প্ৰচাৰৰ হেতু শংকৰদেৱে নাট ৰচিলে, নাটৰ অভিনয় কৰালে। ভাওনাৰ সৃষ্টি আৰু জনপ্ৰিয়তাই সত্ৰীয়াশিল্পৰ সম্প্ৰসাৰণত বিশেষভাৱে সহায় কৰিলে। শংকৰদেৱৰ সাংস্কৃতিক পৰম্পৰাত সাহিত্য আৰু শিল্প একেলগে চলে।সত্ৰৰ কোনোবা আতৈয়ে যদি দুৱাৰত লতাফুল কাটে, গুৰুৱে তাকে পদত বান্ধি ঈশ্বৰৰ গুণ বৰ্ণায়। এনে দৃষ্টান্ত বিৰল। ভক্তি মাৰ্গত বাহ্যিকতা সদায় বৰ্জিত। গতিকে ইয়াৰ শিল্পবস্তুৰ ৰুপো পৰিশীলিত। সত্ৰত ব্যৱহাৰ কৰা বা সত্ৰত নিৰ্মণ কৰী উলিওৱা হস্তশিল্পবোৰৰ প্ৰতিবিধতেই পৰিমাৰ্জিত সৰলতা বিদ্যমান। সত্ৰৰ ভকত-বৈষ্ণৱসকলে হাততে পোৱা নানাবিধ সামগ্ৰীৰে নিজৰ ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰি লয়। সত্ৰৰ এই কৰ্ম-স্ংস্কৃতি আদৰ্শৰ বিষয়।

সত্ৰত নিৰ্মিত হস্তশিল্পবোৰ তৈয়াৰ কৰা সামগ্ৰী, তাৰ প্ৰায়োগিক দিশ আদিলৈ লক্ষ্য ৰাখি এটা নিৰ্দিষ্ট ক্ৰমত তালিকাভুক্ত কৰিব পাৰি-

  • সিংহাসন, গৰুড়াসন, মথুৰাসন, ঠগা, গছা, সহস্ৰ বন্তি গছা আদিৰ উপৰিও গৰুড়, হনুমান, নাৰদ, জয়-বিজয় আদিৰ কাঠত কটা মূৰ্তি, নামঘৰৰ বেৰৰ জালীকটা খিৰিকী, ফুলকটা চতি, মাৰলি, বেৰত কটা পুৰাণ-ৰামায়ণ-মহাভাৰতৰ আখ্যান-উপখ্যানৰ দৃশ্য।
  • নমঘৰৰ খুটা, বাটচ’ৰা, সিংহদুৱাৰ আদি।
  • কঠ, ঢৰা, পীৰা, পাটীঢৰা, পেৰা আদি;
  • পাচি-খৰাহি, দা-কটাৰীৰ সুদৃশ্য নল, কাঠৰ চৰিয়া, হেতা, খুন্দনা, উৰাল-মাৰি, কৰিয়া, জাপি, লাঠি আদি।
  • খোল, দবা, মৃদংগ আদি;
  • ভাওনাৰ পোছাক, মুকুট, গদা, ধনু, চোঁ-মুখা, আ-অলংকাৰ আদি;

শ্ংকৰদেৱৰ নেতৃত্বত আৰম্ভ হোৱা অসমৰ বৈষ্ণৱ আন্দোলন তত্কালীন সময়ৰ পৰিপ্ৰেক্ষিতত এটা প্ৰগতিশীল শক্তি আছিল। তেওঁ প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰা নৱ বৈষ্ণৱ ধৰ্ন্ম আৰু বৈষ্ণৱ জীৱন দৰ্শনে অসমৰ সামাজিক-সাংস্কৃতিক জীৱনত অভিনৱ স্পন্দন তুলিবলৈ সমৰ্থ হোৱাৰ লগতে সৃজনশীল শক্তি আৰু সুকুমাৰবোধৰ সঞ্চৰ কৰিলে। এনেকৈয়ে সেই ধৰ্মীয় পৰম্পৰাই হৈ হৈ পৰিল শিল্পকলাৰ প্ৰধান প্ৰেৰণা বা উপজীব্য। সত্ৰৰ বৈষ্ণৱ-ভকতসকলৰ দৈনন্দিন কামকাজৰ মাজতে আজৰি সময়ত সাধাৰণ শিল্পচৰ্চা চলে। স্ংগীত, নৃত্য, নাট, বাদ্য আদিৰ চৰ্চাৰ লগতে ব্যৱহাৰ্য শিল্পবস্তু তেওঁলোকে নিৰ্মাণ কৰে। এই চৰ্চাত খৰখেদা নাইবা বাণিজ্যিক লেনদেনৰ তাগিদা নাই। ধীৰে-সুস্থিৰে আৰু সাধাৰণ আহিলা-পাতিৰে এই সামগ্ৰীবোৰ তৈয়াৰ কৰা হয়। প্ৰয়োজনসাপেক্ষে সাধাৰণ যন্ত্ৰৰো সহাউ লোৱা হয়। ‘কুন্দ’ এনে এটা সাধাৰণ যন্ত্ৰ। ইয়াৰ সহায়ত চালপীৰা, তামুলীপীৰা, বিচনীৰ নাল আদি কুন্দাই লোৱা হ্য। কুন্দত কটা সামগ্ৰীবোৰ হেঙুল-হাইতাল আদিৰে ৰ্ং চৰোৱা হয়।

সেই ৰঙৰ ওপৰত লা চৰাই ৰ্ং স্থায়ী কৰা হয়। ঘূৰণীয়া বস্তুবোৰত লা জপি বেত এডালেৰে হেঁচি ধৰিউ কুন্দত ঘূৰোৱা হয়। ঘঁহনি লাগি লা গৰম হৈ কাঠৰ সামগ্ৰীবোৰত লগোৱা ৰঙৰ সৈতে লিপিত খাই ধৰে। ইয়াৰ ফলত ৰ্ং উজ্জ্বল আৰু স্থায়ী হয়। কাঠৰ শৰাই, পুথি থোৱা পেৰা, ঠগা, তামুলীপীৰা-চালপীৰাৰ খুৰা, সিংহাসনৰ গজহস্তী, মৈৰা, খুটা-চতি, বেতৰ নালৰ বিচনী, লাঠি আদি সামগ্ৰী লা চৰাই সুন্দৰ কৰা হয়।

নামঘৰৰ সিংহাসন হ’ল তিনি বা পাঁচ বা সাতখলপীয়া হস্তীযুক্ত সিংহমূৰ্তি থকা থাপনাৰ আসন। ই ৰাজ সিংহাসনতকৈ বেলেগ। সিংহাসন সৰহভাগেই কাঠৰ আৰু ই অসমীয়া কাঠশিল্পৰ অনুপম সম্পদ। সাতখলপীয়া সিংহাসনত মুঠতে ২৮ টা হাতী আৰু ২৮ টা সিংহ থাকে। সিংাহাসনত থকা মূৰ্তিৰ সৈতে পুৰীৰ জগন্নথ মন্দিৰৰ সিংহ মূৰ্তিৰ সাদৃশ্য আছে। সিংহাসনৰ বাহিৰেও বিষ্ণু, নাৰদ, বলোভদ্ৰ আদিৰ মূৰ্তি খোদিত খুটা, কাৰুকাৰ্য খচিত ফুল-তেঁতেলী কটা জালীকটা, চৌকাঠ, দুৱাৰ আদি নামঘৰৰ প্ৰত্যেকবিধ সামগ্ৰীয়েই সত্ৰীয়া শিল্পবস্তুৰ উজ্জ্বল নিদৰ্শন।

উজনিৰ কোনো কোনো সত্ৰত বাঁহৰ কাঠীৰ চোঁ-মুখা তৈয়াৰ কৰ হয়। এই মুখা পৃথিৱীৰ আন আন ঠাইৰ মুখাতকৈ বেলেগ। এই মুখাবোৰ চকুত লগাকৈ ডাঙৰ। বাঁহৰ সৰু সৰু কাঠীৰে মুখাৰ মূল সজাটো তৈয়াৰ কৰি তাৰ ওপৰত মাটিৰ লেউ দি কাপোৰ মেৰিয়ই ৰ’দত শুকুৱাবলৈ দিয়া হয়। শুকালে তাত চকু, মুখ, নাক, কাণ আদিৰ সাঁচ  দি আকৈ শুকূৱা হয়। ইয়াৰ পাছত খৰিমাটিৰে(চকমাটি) বগা আৱৰণ দি তাৰ ওপৰত আৱশ্যকীয় ৰঙেৰে বোলাই লোৱা হয়। চকু, জিভা, চুলি, আদিত প্ৰয়োজন অনুসাৰে ভিন ভিন ৰ্ং বলোৱা হয়। এনেদৰেই চোঁ-মুখা সাজু হৈ উঠে। মাজুলীৰ চামগুৰি সত্ৰৰ বৃহত আকাৰৰ মুখাবোৰ, ৰাজ্যিক সংগ্ৰাহলয়ত থকা কামৰুপৰ কালজিপাৰ সত্ৰৰ তিনিখন কাটহ্ৰ মুখা সত্ৰৰ মুখাশিল্পৰ উজ্জ্বল নিদৰ্শন।এই মুখাবোৰৰ আকৃতি বৃহত। ইয়াৰ বাহিৰেও তেজপুৰৰ দ-পৰ্বতীয়াৰ বৰালিমৰা সত্ৰৰ মুখত সোঁ হাত থৈ বহি থকা মূৰ্তিটো, নগাওঅৰ শলগুৰি সত্ৰৰ দুৱাৰৰ মূৰ্তি,। সুন্দৰীদিয়া সত্ৰৰ কাঠত কটা ভাস্কৰ্য আদিৰ কথাও প্ৰস্ংগক্ৰমে এইখিনিতে উনুকিয়াব পাৰি।

স্ংগীত আৰু নৃত্যকলাৰ সৈতে স্ংগত কৰা খোঅল নিৰ্মাণ কৰি শ্ংকৰদেৱে বাদ্যযন্ত্ৰৰ মৰ্যদা বৃদ্ধি কৰিলে। প্ৰহ্লাদ কুমাৰ বৰুৱাই খোলৰ নিৰ্মাণ সমোপৰ্কত এনেদৰে কৈছে-“মহাপুৰুষৰ ধৰ্মকেন্দ্ৰিক স্ংস্কৃতিৰ সম্প্ৰসাৰণৰ লগে লগে তাল আৰু খোলৰ নিৰ্মাণ কাৰ্য জনসমজত শিল্পচৰ্চাৰ বাতাৱৰণ এটাও গঢ়ি তোলে। খোলৰ নিৰ্মাণৰ লগে লগে পৰম্পৰাগতভাৱে ঢোল, মৃদংগ চোৱা মুচিয়াৰ শ্ৰেণীটোৰ প্ৰতি থকা সমাজৰ দৃষ্টি ভংগীৰ ওপৰতো এক কঠিন আঘাত হনা হ’ল। কাৰণ শ্ংকৰদেৱে খোল, মৃদংগ চোৱাৰ কামো নিজ হাতেৰেই কৰি শ্ৰেণীবৈষম্যহীন সামাজিক আদৰ্শ এটা প্ৰতিষ্ঠা কৰিলে।”

নামঘৰত অনুষ্ঠিত হোৱা নম-কীৰ্ত্তন, ভাওনা-সবাহত বহা আসন হ’ল কঠ বা ঢাৰি। কুহিলা, গোগলা, মুথা আদিৰে কঠ তৈয়াৰ কৰা হয়। কলথৰুৱাৰেও কঠ সাজি ভকতে ব্যৱহাৰ কৰা দেখা যায়। বাঁহৰ মিহিকৈ তুলোৱা কাঠীৰে বৈ উলিওৱা  ঢাৰিবোৰত সুন্দৰকৈ বাও বান্ধি নিখুঁত কৰি লোৱা হয়। সত্ৰৰ ভকতসকলৰ সৰল জীৱন-চৰ্যাৰ মাজত বিলাসী অসনৰ স্থান নাই। তেওঁলোকৰ প্ৰয়োজনীয় আসন সহজলভ্য সামগ্ৰীৰে তৈয়ৰী এনে ঢৰি-কঠ।

শ্ংকৰদেৱৰ শিল্পকৰ্মৰ গণতান্ত্ৰিকতাই অসমীয়া স্ংস্কৃতিৰ পথাৰখন বহল আৰু ব্যাপক কৰি তুলিলে। তেওঁৰ দ্বাৰা প্ৰচাৰিত আধ্যাত্মিক সংস্কৃতি প্ৰধান আদৰ্শৰ নীতি উদাৰ হোৱা বাবে আৰু ইয়াৰ শিল্প মূল্যৰ বাবেই এই আদৰ্শই সকলো শ্ৰেণীৰ লোককে আকৰ্ষণ কৰিছিল। অসমীয়া জাতিৰ আত্মপ্ৰত্যয় আৰু সাংস্কৃতিক ৰুচিবোধ শ্ংকৰদেৱৰ অৱদান। তেওঁ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য আগত ৰখিয়েই সত্ৰ-নামঘৰ প্ৰতিষ্ঠা কৰি গীত-নাট বাদ্যৰ লগতে শিল্পচৰ্চাৰ অভ্যাসো মানুহৰ মাজত গঢ়ি তুলিছিল। কিন্তু ইয়াৰ আৰত লুকাই আছিল অসমীয়া স্ংস্কাৰৰ মহত উদ্দেশ্য। অসমীয়া সাংস্কৃতিক সৰল ৰুপত গঢ়ি, সাংস্কৃতিক সমাজৰ বৌদ্ধিক বিকাশৰ মাধ্যম ৰুপে লৈ আৰু সামাজিক শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত ইয়াক জড়িত কৰি মহাপুৰুষজনাই অসমীয়া জাতীয় জীৱনৰ সোনালী অধ্যায়ৰ সূচনা কৰিলে।

ড০ স্বপ্না স্মৃতি মহন্ত, প্ৰান্তিক।

শেহতীয়া উন্নীতকৰণ: : 5/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate