মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / শিৱসাগৰৰ ঘনশ্যাম দ’লৰ স্থাপত্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিৱসাগৰৰ ঘনশ্যাম দ’লৰ স্থাপত্য

শিৱসাগৰৰ ঘনশ্যাম দ’লৰ স্থাপত্যৰ বিষয়ে লিখা হৈছে

 

প্ৰাচীন অসমৰ স্থাপত্যৰ বিকাশৰ ধাৰা গঢ় লৈ উঠিছিল বিভিন্ন বংশৰ ৰজাসকলৰ ৰাজত্বকালত।আহোম ৰাজত্বকালত অসমত স্থাপত্য শিল্পই নতুন মাত্ৰা লাভ কৰিলে।আহোম যুগত নিৰ্মিত টেৰাকট্টাৰ নিদৰ্শনেৰে ভৰপুৰ শিৱসাগৰৰ ঘনশ্যাম দ’লটো স্থাপত্য ভাস্কৰ্যৰ এটা সুন্দৰৰ নিদৰ্শন।

ঘনশ্যাম দ’ল জয়সাগৰ পুখুৰীৰ পশ্চিমপাৰত,দেৱীদ’লৰ দক্ষিণফালে অৱস্থিত।আহোম স্বৰ্গদেৱে বংগদেশৰপৰা অনোৱা ঘনশ্যামউদ্দিন নামৰ এজন খনিকৰ আৰু স্থপতিবিদে এই দ’লটো সাজিছিল।স্বৰ্গদেৱ ৰাজেশ্বৰসিংহৰ দিনত সজোৱা এই দ’লটোৰ স্থাপত্য মোগলীয় আৰ্হিৰ।মন্দিৰ বা দ’লৰ পৰম্পৰাগত আকৃতি নাই যদিও ইয়াক ঘনশ্যামৰ দ’ল বুলি কোৱা হয়।অৱশ্যে ড০ মহেশ্বৰ নেওগৰদ্বাৰা সম্পাদিত ‘পৱিত্ৰ অসম’গ্ৰন্থৰ মতে ইয়াৰ নাম আচলতে নাতি গোঁসাইৰ দ’ল।গ্ৰন্থখনত উল্লেখ থকা মতে এই দ’লটো পৰ্বতীয়া গোসাঁইৰ জীয়েকৰ ফালৰ নাতিয়েক এজনৰ।এই দ’লটোৰ মাজত অৱস্থিত ঘাই ঘৰটোৰ উত্তৰে এটা তোৰণ পথ আৰু কাষতে আন এটা ঘৰ আছে,যিটোক ভোগঘৰ বুলিও কোৱা হয়।ঘনশ্যাম দ’লৰ সন্মুখত আৰু এটা সৰু ঘৰ আছে।এই ঘৰকেইটা ইটাৰে সজা।আয়তাকৃতিৰ ঘাই ঘৰটোৰ বাহিৰৰ গাত সুশোভিত পোৰামাটি বা টেৰাকট্টাৰ কলাসুলভ কাৰুকাৰ্য আহোম যুগত নিৰ্মিত আন সকলো দ’ল বা ঘৰ আদিতকৈ বেলেগ আৰু উচ্চ মানৰ।

ঘনশ্যাম দ’লৰ আকাৰ বাকীবোৰ দ’ল বা মন্দিৰতকৈ সৰু।দ’লটোৰ ওপৰত এটা টোপ আছে।সেই টোপটোৰ আকাৰ আয়তৰ নিচিনা বংগদেশৰ গৌড়ীয় মঠৰ লগত এই দ’লটোৰ সাদৃশ্য আছে।অন্যান্য দ’লৰ লগত ঘনশ্যাম দ’লৰ বিশেষ কোনো সাদৃশ্য নাই।দ’লটোৰ শিল্পকৰ্মত হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মৰে প্ৰভাৱ দেখা যায়।এই দ’লটোৰ দুৱাৰৰ আৰ্হি মোগলীয়।দ’লটোত দুটা খুঁটা বা স্তম্ভ আছে।দ’লটোৰ চাৰিওমেৰে এটা গড় আছে।

অসমৰ মঠ-মন্দিৰবোৰ প্ৰধানত:ভাৰতীয় স্থাপত্য আৰু ভাস্কৰ্যৰ মুল পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠত।নৰ-নাৰীৰ বাহিৰেও জীৱজন্তু,চৰাই আদিৰ প্ৰতিকৃতিয়ে মন্দিৰবোৰৰ বহু ঠাই অধিকাৰ কৰি আছে।অসমৰ সকলো মঠ-মন্দিৰৰ গাত খোদিত মুৰ্তিবিলাক দ্বিমাত্ৰিক অৰ্থাৎ চেপেটা গঢ়ৰ।ঘনশ্যাম দ’লৰ ভাস্কৰ্যবোৰো ইয়াৰ ব্যতিক্ৰম নহয়।ঘনশ্যাম দ’লটো টেৰাকট্টা বা পোৰামাটিৰ ভাস্কৰ্ৰ অপুৰ্ব নিদৰ্শন।

ঘনশ্যাম দ’লৰ ভাস্কৰ্যত বিভিন্ন ধৰ্মৰ সমন্বয় ঘটিছে।দ’লটোৰ প্ৰৱেশদ্বাৰৰ ওপৰত ৰামায়ণৰ আখ্যান খোদিত কৰা আছে।গছৰ ডালত বান্দৰ সৈন্যবিলাক বগাই ফুৰাৰ দৃশ্য আছে।তাৰ মাজত বালি আৰু সুগ্ৰীৱৰ যুদ্ধ কৰাৰ দৃশ্য প্ৰদৰ্শন কৰা হৈছে।মাজভাগত আছে লংকাৰাজ ৰাৱণ।ৰাৱণক লক্ষ্য কৰি বান্দৰ সৈন্যবিলাকে নানা অস্ত্ৰ নিক্ষেপ কৰিছে।একাষত এজোপা গছৰ তলত গালত হাত দি বিষণ্ণ মনেৰে বহি আছে সীতা।লগতে এই অংশটোত গছৰ মাজে মাজে শিৱলিংগ আৰু শিৱমন্দিৰ থকা ভাস্কৰ্যৰ মাজত আছে এখন উৰি থকা বিজয়ধ্বজা।তাৰ তলত দুটা ভাটোৰ প্ৰতিকৃতি।

দ’লটোৰ ওপৰৰ আওলাৰ ধেনুভিৰীয়া পেনেলত বিভিন্ন দেৱ-দেৱী,বিষ্ণুৰ অৱতাৰসমুহ আৰু তেওঁলোকৰ লীলাৰ ভাস্কৰ্য আছে।এই বিভিন্ন মুৰ্তিৰ ভিতৰত শিশুকালৰেপৰা বিভিন্ন অৱস্থাত শ্ৰীকৃষ্ণ,কুৰ্ম অৱতাৰ,বৰাহৰুপী বিষ্ণু,নৰসিংহ অৱতাৰ ,ৰাধা-কৃষ্ণৰ যুগল মুৰ্তি আদি উল্লেখযোগ্য।

বাঁওফালৰ পেনেলত হাতত হেংদান লৈ ৰাজকীয় বেশত আহোম বিষয়া আৰু হাতীৰ পিঠিত ৰজাক অৱস্থান কৰি থকা দেখা গৈছে।লগতে এইটো পেনেলত বিষ্ণু আৰু দুৰ্গামুৰ্তিৰ ভাস্কৰ্যও আছে।

ঘনশ্যাম দ’লৰ পুব আৰু পশ্চিম ফালৰ বেৰত সৰু সৰু কেইবাটাও টেৰাকট্টাৰ মুৰ্তি আছে।তাৰ ভিতৰত উৰ্ধ্ববাহু হৈ থকা ধ্যানৰত ঋষি,উৰ্ধ্ববাহু হৈ থকা এগৰাকী নাৰী স্থাপন কৰা হৈছে।এই মুৰ্তিকেইটাৰপৰা অলপ আঁতৰত গছৰ তলত এটা বাঘৰ প্ৰতিমুৰ্তি আছে।

পুবফালৰ বেৰত এগৰাকী নাৰীক অত্যাচাৰ কৰি থকা এটা দৃশ্য খোদিত কৰা হৈছে।এইখন বেৰৰ দুটা লক্ষ্য কৰিবলগীয়া মুৰ্তি হৈছে-হোৰা লোৱা এজন জনজাতীয় লোক আৰু পদ্মাসনত থকা বুদ্ধ।এজোপা গছৰ তলত তিনিটা হাতী থকা এখন ফলক আছে।

দ’লটোৰ একেবাৰে ওপৰৰ অংশত ধেনুভিৰীয়া পেনেলত অলেখ ভাটৌৰ প্ৰতিকৃতি শাৰী পাতি সজাই থোৱা আছে।শিৱসাগৰৰ শিৱদ’লত থকা ম’ৰা চৰাইৰ ভাস্কৰ্য আৰু ঘনশ্যাম দ’লৰ ভাটৌ চৰাইৰ ভাস্কৰ্যৰ জৰিয়তে দ’লৰ ৰুপ-সৌন্দৰ্য বৃদ্ধিৰ প্ৰচেষ্টা পৰিলক্ষিত হৈছে।

ঘনশ্যাম দ’ল আৰু জয়দ’ল-এই দুয়োটা দলৰ ভাস্কৰ্যবোৰত দেৱ-দেৱীৰ মুৰ্তিবিলাকে সাধাৰণতে সন্মুখলৈ চাই থকা আৰু নৰ-নাৰীৰ মুৰ্তিবিলাকে একাষৰীয়াকৈ চাই থকাৰ ৰুপত ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰিছে।

ঘনশ্যাম দ’লৰ নিৰ্মাণকাৰীজনৰ নাম হৈছে ঘনশ্যাম।আমি আগতে উল্লেখ কৰিছোঁ যে,ঘনশ্যাম আছিল আহোম স্বৰ্গদেৱে কোচবিহাৰৰপৰা অনা ঘনশ্যামউদ্দিন নামৰ এজন খনিকৰ আৰু স্থপতিবিদ।অসমলৈ অহা ঘনশ্যাম হিন্দুধৰ্মত দীক্ষিত হয়হি।তেওঁ আহোম ৰজাৰ নিৰ্দেশত ৰ্ংপুৰ নগৰ নিৰ্মাণ কৰিছিল।ৰংপুৰ নগৰ নিৰ্মাণ কৰি ঘনশ্যামে ঘৰলৈ উভতি যাবলৈ ওলাওঁতেই তেওঁ যিবোৰ বস্তু নিবলৈ ওলাইছিল তাৰে লোটা এটাৰ তলিত এখন কাকত ধৰা পৰে।এইখন আছিল মুছলমান ৰজাৰ হতুৱাই আহোম ৰাজ্য আক্ৰমণ কৰাবলৈ চিত্ৰ আৰু তথ্য সম্বলিত এখন গুপ্ত অভিসন্ধিৰ কাকত।এই অপৰাধ কৰি ধৰা পৰাত শাস্তিৰুপে স্বৰ্গদেউ ৰাজেশ্বৰসিংহই ঘনশ্যামক এই দ’লটোত বন্দী কৰি থয়। কোনো কোনোৰ মতে এই দলটোৰ ঘনশ্যামৰ আবাসহে আছিল।অৱশ্যে ইয়াৰ ভিতৰত পুজাৰ কোনো বিগ্ৰহ নাই।

ঘনশ্যাম দ’লৰ সন্মুখত বৰ্তমান এখন উদ্যান নিৰ্মাণ কৰা হৈছে।

ঘনশ্যাম দ’লটোক ‘নাতি গোসাঁইৰ’ৰ দ’ল বুলিও জনা যায়।কোনো কোনো গ্ৰন্থত উল্লেখ আছে যে পৰ্বতীয়া গোসাঁইৰ জীয়েকৰ ফালৰ নাতিয়েক এজনৰ বাবে এই মন্দিৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সজোৱাইছিল।সেয়েহে ইয়াৰ নাম নাতি গোসাঁইৰ দ’ল।কিন্তু আন কিছুমান গ্ৰন্থ আৰু প্ৰত্নতত্ত্ব বিভাগৰ  মতে এইটো ‘ঘনশ্যামৰ আবাস’হে আছিল,নাতি গোসাঁইৰ প্ৰসংগটো যুক্তিহীন।

আহোম যুগৰ টেৰাকট্টাৰ নিদৰ্শনেৰে খুন্দ খাই থকা ঘনশ্যাম দ’লটো যে সেই সময়খিনিৰ এটা অতি সুন্দৰ স্থাপত্যৰ নিদৰ্শন,সেই কথাটো অনুমেয়।কিন্তু বৰ্তমান সময়ত এই দ’লটোৰ অৱস্থা বৰ পুতৌজনক।মুল দ’লটোৰ ভিতৰৰ অংশ মকৰাজাল,শিল,বালি,ছিমেণ্টৰ বস্তা আদিৰে লেতেৰা হৈ পৰিছে।দ’লটো তি অপৰিষ্কাৰ হৈ আছে।ভাস্কৰ্যৰ ক্ষেত্ৰত দেখা গৈছে যে দ’লটোৰ বিভিন্ন অংশৰ ইটাবোৰ খহি যোৱাত বহুতো  সুন্দৰ ভাস্কৰ্য নষ্ট হৈ গৈছে।দ’লটোৰ মুল প্ৰৱেশৰদ্বাৰৰ ওপৰত ৰামায়ণৰ আখ্যান খোদিত কৰি ৰখা অংশৰ বহু ঠাইত ইটা খহি পৰিছে।ভোগ ঘৰটোৰো বহু অংশৰ ইটা খহি পৰিছে।

বৰ্তমান প্ৰত্নতত্ত্ব বিভাগে এই দ’লটোৰ ধ্বংসপ্ৰাপ্ত হোৱা অংশবোৰ পুননিৰ্মাণ কৰিবলৈ আৰু দ’লটোৰ ক্ষতি নহ’বলৈ কাম চলাই আছে।অসমৰ সুধীসমাজেও এই দ’লটো সম্পৰ্কে চিন্তা-চৰ্চা কৰাৰ থল আছে।

প্ৰসংগ টোকা:

চেতিয়া যোগেন:আহোম যুহৰ স্থাপত্যত ভাস্কৰ্যৰ অলংকৰণ।

প্ৰসংগ পুথি:

১।অসম সাহিত্য সভা :অসমীয়া জাতিৰ ইতিবৃত্ত,প্ৰকাশক –বনলতা ,২০০৫।

২।নেওগ,মহেশ্বৰ (সম্পা):পৱিত্ৰ অসম প্ৰকাশক –কিৰণ প্ৰকাশ ,২০০৮।

৩।বৰুৱা,প্ৰদীপ :চিত্ৰ –বিচিত্ৰ অসম,প্ৰকাশক-জ্যোতি প্ৰকাশন ,২০০৩।

৪।ৰাজকুমাৰ ,সৰ্বানন্দ :ইতিহাসে সোঁৱৰা ছশটা  বছৰ প্ৰকাশক-বনলতা ,২০০০।

৫।শৰ্মা ,প্ৰদীপ :অসমৰ শেষ মধ্যযুগীয়া মন্দিৰ স্থাপত্য,প্ৰকাশক –অসম প্ৰকাশন পৰিষদ ,২০০৫।

৬।শৰ্মা ,শিৱ :মহাতীৰ্থ অসম,প্ৰকাশক-বাণীমন্দিৰ ,২০০৭।

লেখিকা:হিমাদ্ৰী দত্ত (প্ৰান্তিক)

 

2.90476190476
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top