মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / শীতৰ জুইকুৰা, ভোগালীৰ মেজিটো আৰু কিছু কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতৰ জুইকুৰা, ভোগালীৰ মেজিটো আৰু কিছু কথা

শীতৰ জুইকুৰা, ভোগালীৰ মেজিটো আৰু কিছু কথা

পুহৰ ঠেঁটুৱৈ লগা জাৰত দপদপীয়াকৈ জ্বলা জুইকুৰাৰ আমেজখিনিৰ কথা সুকীয়াকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। মানৱ সভ্যতাৰ ইতিহাসত সম্ভৱতঃ জুইৰ আৱিস্কাৰেই হ’ল প্ৰথমটো দিকনিৰ্ণায়ক ঘটনা।

*নিশাৰ অন্ধকাৰ দূৰীকৰণ,

*শীতকালত শৰীৰৰ কষ্টৰ নিবাৰণ,

*নিশাচৰ প্ৰাণীৰ পৰা সুৰক্ষা তথা কালক্ৰমত খাদ্য প্ৰস্তুতকৰণ – মূলতঃ এই চাৰি কাৰ্য্যত জুইৰ ব্যৱহাৰে আদিম মানুহক ইয়াৰ গুৰুত্ব অনুধাৱন কৰিবলৈ শিকাইছিল।

পৰৱৰ্তী সময়ত এই অনুধাৱনেই ৰূপ লয় অগ্নি বা জুইৰ উপাসনাৰ। এনে অগ্নি উপাসনাৰে এক ৰূপ হ’ল ভোগালীৰ মেজি জ্বলোৱাৰ সংস্কৃতি।

কেৱল অসমতে নহয়, পঞ্জাৱতো মকৰ সংক্ৰান্তিত একে দৰেই অগ্নি উপাসনা কৰাৰ প্ৰথা আছে। মুঠ কথাত আমাৰ অনেক সমাজতে এতিয়াও জুইকুৰাক সংস্কৃতিৰ অপৰিহাৰ্য্য উপাদান হিচাপে ধৰা হয়। কিন্তু আজিৰ এই ৰচনাৰ মূল বিষয় অৱশ্যে জুইকুৰাৰ সাংস্কৃতিক গুৰুত্বৰ আলোচনা নহয়; বৰঞ্চ জুইকুৰাৰ সতে জড়িত এক গোপন ঘাতকৰ বিষয়ে জনোৱাহে।

আমাৰ গাঁৱে-ভূঁঞে সাধাৰণতে কেঁচা খৰিৰ ধোঁৱাই ক’লা কৰা ৰান্ধনিশালসমূহ তথা তাত ৰন্ধা-বঢ়াত ব্যস্ত লোকসকলৰ এটা বয়সৰ পাছত হোৱা চকুত ছানি পৰা ৰোগ – আমাৰ প্ৰায়ভাগৰে বাবে নিশ্চয় এক পৰিচিত ঘটনা।

কিন্তু এই পৰিচিত হৈ পৰা ছবিখনৰ আঁৰত থকা স্বাস্থ্যজনিত কাৰকবিধক ইতিমধ্যেই সমগ্ৰ বিশ্বতে এক বিপুল সংখ্যক লোকৰ মৃত্যুৰ বাহক বুলি জানিব পৰা গৈছে।

ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰৰ অধিকাংশ বাসিন্দাই শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰে কাঠখৰি, বাঁহ, খেৰ, গোবৰ পিঠা, কেৰাচিন আদিৰ দৰে “নিম্নমান”ৰ ইন্ধনসমূহ।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী এতিয়াও বিশ্বৰ প্ৰায় অৰ্ধেক জনসংখ্যাই তুলনামূলকভাৱে নিম্নমানৰ এই ইন্ধনবোৰ ব্যৱহাৰ কৰি আছে। দূৰ্বল আৰ্থিক অৱস্থা তথা এনে ইন্ধনৰ সহজলভ্যতা তথা কম মূল্যকে ইয়াৰ কাৰণ বুলি ক’ব পাৰি।

শেহতীয়া পিয়লৰ তথ্য মতে অসমতো প্ৰায় ৭৮ শতাংশ পৰিয়ালত খৰি-খেৰ-কাঠ-বাঁহ আদিকে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

ভাৰতৰ আন আন ৰাজ্যৰ দৰে অসমৰো গ্ৰাম্যাঞ্চলত LPGৰ দৰে “পৰিস্কাৰ” ইন্ধনৰ ব্যৱহাৰ তেনেই নগণ্য। এতিয়া কথা হ’ল , এনে ইন্ধনৰ ব্যৱহাৰে আমাৰ ৰান্ধনিঘৰবোৰত এক গোপন ঘাতকৰ জন্ম দিয়ে আৰু সেয়া হ’ল – আভ্যন্তৰীণ গৃহ প্ৰদূষণ (Indoor Air Pollution)।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী সমগ্ৰ বিশ্বতে পাঁচবছৰৰ তলৰ শিশুৰ অকালমৃত্যুৰ ৫০শতাংশই হয় ঘৰৰ ভিতৰত এলান্ধুজাতীয় দ্রব্যৰ প্ৰদূষণৰ পৰিণতিত হোৱা নিউম’নিয়া ৰোগৰ বাবে। কেৱল সেয়াই নহয়, বিশ্বৰ ৪ মিলিয়ন লোকৰ অকাল মৃত্যুৰ বাবে দায়ী আভ্যন্তৰীণ গৃহ প্ৰদূষণ জনিত বিভিন্ন ৰোগ।

এই সংস্থাৰে ২০১৪ ত প্ৰকাশিত অন্য এক তথ্য অনুযায়ী দক্ষিণ-পূব এছিয়া আৰু পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিম্ন আৰু মধ্য আয়ৰ দেশসমূহত আভ্যন্তৰীণ গৃহ প্ৰদূষণৰ বাবে প্ৰায় ৩.৩ মিলিয়ন লোকৰ মৃত্যু হয়।

এনে পৰিপ্ৰেক্ষিততে সামগ্ৰিকভাৱে বিশ্বৰ উন্নয়নশীল দেশসমূহত কঠিন জৈৱ ইন্ধনৰ দহনক জলজনিত ৰোগৰ পাছতে দ্বিতীয়টো মুখ্য ৰোগ সৃষ্টিকাৰক হিচাপে গণ্য কৰা হৈছে।

ভাৰততো এই প্ৰদূষণৰ বাবে প্ৰতি বছৰে এক মিলিয়নৰো অধিক লোক মৃত্যুৰ মুখত পৰে বুলি জানিব পৰা গৈছে। কোৱা বাহুল্য মাত্ৰ যে এইসকলৰ অধিকাংশই মহিলা আৰু পাঁচবছৰৰ তলৰ শিশু।

আমাৰ পৰম্পৰাগত ৰান্ধনিশাল বা জুহালবোৰত  ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনৰ ফলস্বৰূপে -

*বায়ুমণ্ডললৈ কাৰ্বন মনক্সাইড,

*কাৰ্বন-ডাই-অক্সাইড,

*নাইট্ৰ্জেন অক্সাইড,

*চালফাৰ অক্সাইড আদিৰ লগতে বহুচক্ৰীয় এৰ’মেটিক হাইড্ৰ’কাৰ্বন যৌগসমূহ নিৰ্গত হয়।

কেৱল সেয়াই নহয়, এনে অসম্পূৰ্ণ দহনে বায়ুমণ্ডললৈ এৰি দিয়া প্ৰদূষকদ্ৰব্যৰ মাজত আছে অতি ক্ষুদ্ৰাকৃতিৰ কণাজাতীয় দ্ৰৱ্য (particulate matter –PM10) আৰু ফৰমেলডিহাইড, যি মানৱ শৰীৰৰ বাবে অতিশয় অপকাৰী।

অন্যহাতে সচৰাচৰ আমাৰ গ্ৰাম্যাঞ্চলৰ ৰান্ধনিশাল বা চহৰৰ বস্তি অঞ্চলৰ ঘৰবোৰত উপযুক্ত বায়ু চলাচলৰ ব্যৱস্থা নথকাৰ বাবে এই প্ৰদূষকবোৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকি বিপদৰ মাত্ৰা আৰু বঢ়াই তোলে।

মাৰাত্মক প্ৰদূষকবোৰৰ বিষক্ৰিয়াৰ ফলস্বৰূপে মানৱ শৰীৰত -

*নিউম’নিয়া,

*ক্ৰ’নিক অৱষ্ট্ৰাকটিভ পালম’নাৰী ডিজিজ (COPD),

*হাওঁফাওঁ তথা সমগ্ৰ শ্বাসতন্ত্ৰৰ ৰোগ,

*ক্ৰ’নিক ব্ৰংকাইটিছ,

*চকুৰ চানি পৰাকে ধৰি বিভিন্ন ৰোগ,

*কৰ্কটৰোগ,

*হাঁপানী,

*পালম’নাৰী টিউবাৰকুলছিছ আদিৰ দৰে ৰোগৰ ওপৰিও নৱজাতকৰ ক্ষেত্ৰত নিম্ন ওজন,

*গৰ্ভৱতী নাৰীৰ ক্ষেত্ৰত মৃতসন্তানৰ জন্ম,

*অপৈণত ভ্ৰুণ আদিৰ দৰে সমস্যা হোৱা দেখা যায়।

অন্যহাতে ৰান্ধনিশালত অধিক সময় কটোৱাৰ বাবে মহিলা আৰু মাকৰ সতে কটোৱা পাঁচবছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত আভ্যন্তৰীণ প্ৰদূষণৰ কুপ্ৰভাৱ অধিক।

মাঘৰ মাহত বা মকৰ সংক্ৰান্তিৰ সময়ত হোৱা ভোগালীৰ মেজিৰ দৰে অগ্নিৰ উপাসনাৰ পৰম্পৰাসমূহেও বায়ুমণ্ডলত প্ৰদূষকৰ মাত্ৰা বঢ়োৱাৰ তথ্য শেহতীয়াকৈ জানিব পৰা গৈছে।

বিগত বৰ্ষত অসমত ভোগালী বিহুৰ সময়ত কৰা এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে মেজিৰ জুই জ্বলোৱাৰ সময়ছোৱাত অধ্যয়নস্থলীৰ বায়ুমণ্ডলত কাৰ্বন মন’ক্সাইড তথা PM10 ৰ মাত্ৰা যথেষ্ট বৃদ্ধি হয়।

এই অতিশয় ক্ষুদ্ৰাকৃতিৰ কণিকাবোৰ মানুহৰ শৰীৰৰ শ্বাসতন্ত্ৰত থকা সকলো প্ৰতিৰোধ ব্যৱস্থা পাৰ হৈ হাঁওফাওঁত প্ৰৱেশ কৰে।

অন্যহাতে কাৰ্বন মন’ক্সাইডে শৰীৰৰ তেজৰ ৰক্তকণিকাৰ সতে বিক্ৰিয়া কৰি তেজৰ অক্সিজেন বহন কৰাৰ ক্ষমতা হ্ৰাস কৰে।

ভোগালী বিহুৰ আগে-পিছে শস্য চপোৱাৰ পাছত সচৰাচৰ শস্যৰ অৱশিষ্ট খেৰ-নৰা আদি পুৰি পেলোৱাৰ প্ৰক্ৰিয়াইও এনে বায়ু প্ৰদূষণৰ মাত্ৰা বঢ়াত সহায় কৰে। এনে প্ৰদূষণে স্বাভাৱিকতেই মানৱ শৰীৰত নানা বিপদ সৃষ্টি কৰাৰ লগতে অন্যান্য জীৱৰ শৰীৰতো বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰে।

প্ৰতি বছৰে বিশ্বৰ এক বুজন স্ংখ্যক লোক বায়ু প্ৰদূষণজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে বুলি বিভিন্ন তথ্যৰ পৰা জানিব পৰা গৈছে।

সততে আমাৰ মনত খৰি-কাঠৰ জুইকুৰা বা ভোগালীৰ মেজিৰ সতে এক মানসিক আৰু সাংস্কৃতিক একাত্মতা নিহিত হৈ থাকে। আমাৰ স্থানীয় বা পাৰম্পৰিক খ্যাদ্যাভাসতো জুইত পোৰা বা ৰন্ধা খাদ্যৰ প্ৰতি আগ্ৰহ বেছি।

কিন্তু এই মানসিক বা সাংস্কৃতিক একাত্মতাৰ কথা ক’বলৈ যাওঁতে আমি ওপৰত উল্লেখ কৰা ঘাতকৰূপী আভ্যন্তৰীণ আৰু সামগ্ৰিক বায়ু প্ৰদূষণৰ কথাও মনত ৰখা ভাল।

অন্যহাতে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ জনসংখ্যা, নিম্নবিত্ত জনসংখ্যাৰ বাবে এতিয়াও LPG টো বাদেই, কেৰাচিন তেলকণো অতি মহাৰ্ঘ। এনে পৰিপ্ৰেক্ষিতত এইসকল লোকক আভ্যন্তৰীণ গৃহ প্ৰদূষণৰ পৰা আঁতৰাই ৰখাটো নিসন্দেহে এক প্ৰত্যাহ্বান।

সেইবাবেই পৰিস্কাৰ ইন্ধনৰ সুলভ আৰু সুপৰিকল্পিত ব্যৱস্থা তথা সমাজৰ সকলো স্তৰতে সজাগতাৰ অবিহনে এই গোপন ঘাতকৰ নিৰ্মূলকৰণ একপ্ৰকাৰ অসম্ভৱ বুলিলেও বঢ়াই কোৱা নহয়।

লেখিকা: মানসী গোস্বামী

উৎস: সাহিত্য.অৰ্গ

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top