মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বিসয়ে লিখা হৈছে

 

গোলাঘাট জিলা সদৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ নিতৌ শ শ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকৰ সমাগমৰ স্থল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বৈষ্ণৱ ধৰ্মৰ উল্লেখনীয় ধৰ্মানুষ্ঠান।এই ধৰ্মীয় অনুষ্ঠানটো গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ ঘিলাধাৰী,মক্ৰ্ং আৰু কাকডোঙা নদীৰ সংগমস্থলীত অৱস্থিত।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,জৈৱ-বৈচিত্ৰ্যৰে পৰিপুৰ্ণ নামবৰ সংৰক্ষিত বনাঞ্চল,ইয়াত অৱস্থিত গৰমপানী পুখুৰী,নুমলীগড়,শোধনাগাৰ,নেঘেৰিটিঙৰ শিৱদৌলৰ লগতে সাম্প্ৰতিক সময়ত গোলাঘাটত অৱস্থিত পৰ্যটনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ।অতীত বুৰঞ্জীৰ উত্থান-পতনৰ ধামখুমীয়াত বছা অঞ্চলত থিতাপি লোৱা বিভিন্ন জাতি-জনজাতি,সাংস্কৃতিক তথা ধৰ্মীয় উপাসনাৰ উমৈহতীয়া স্থল আছিল আঠখেলীয়া।ষোড়শ শতিকাত শংকৰদেৱৰ নৱঅভ্যুদয়ৰ কালত বৈদান্তিক আধ্যাত্মিকতাৰ প্ৰভাৱত বৈষ্ণৱ আদৰ্শলৈ পৰিৱৰ্তন ঘটি আঠখেলীয়া নামঘৰ হ’ল।নিতৌ শ শ,হাজাৰ হাজাৰ তীৰ্থযাত্ৰী ,বৈষ্ণৱ ধৰ্মাৱলম্বী লোকৰ সমাগমৰ স্থল শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বৈষ্ণৱ ধৰ্মৰ উল্লেখনীয় ধৰ্মানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানভাগ ধৰ্মীয় আৰু সাংস্কৃতিক বাতাৱৰণক সুপৰিকল্পতভাৱে ৰক্ষণাবেক্ষণ,যাতায়ত আৰু অন্যান্য আনুষংগিক দিশসমুহ জাতি,ধৰ্ম,বৰ্ণ,ভাষা নিৰ্বিশেষে ভক্ত প্ৰাণ ৰাইজ,তীৰ্থযাত্ৰী,আঠখেলীয়াবাসী শুভাশিস ৰাইজৰ লগতে প্ৰশাসন –চৰকাৰ,দল-সংগঠন,নামঘৰৰ দায়িত্বত থকা ব্যক্তিসকলৰ লগতে শুভাকাংক্ষী ৰাজ্য তথা দেশবাসীৰ ঐকান্তিক প্ৰচেষ্টাৰে ৰাজ্যখনৰ পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ।

আঠখেলীয়া নামঘৰলৈ আহিলে কিবা পায় নে নাপায় ,সেই কথা নিশ্চিতভাৱে ক’ব নোৱাৰোঁ যদিও এই কথা ঠিক যে সাম্প্ৰতিক সময়ত দৈনন্দিন ঘটি থকা হত্যা,লুণ্ঠন,ধৰ্ষণ ,ব্যভিচাৰ আদিৰে ভৰি থকা পৰিৱেশত ভগৱানৰ নামত লোৱা সেৱাৰ থলী শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত প্ৰৱেশ কৰিলে কিঞ্চিৎ হ’লেও মন আৰু অস্তৰাত্মা পৱিত্ৰতাৰে ভৰি পৰে।এয়ে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ মহিমা।ভাৰতবৰ্ষৰ পৱিত্ৰ তীৰ্থস্থানসমুহৰ অন্যতম এই আঠখেলীয়া নামঘৰলৈ দৈনিক অগণন ভক্তৰ সমাগম ঘটে যদিও পৱিত্ৰ ভাদ মাহত অন্যান্য মাহতকৈ যথেষ্টগুণে ভক্তৰ সমাগম বৃদ্ধি পোৱা দেখা যায়।ভাদ মাহটো সমস্ত ধৰ্মপ্ৰাণ ভকত বৈষ্ণৱৰ কাৰণে অতি পৱিত্ৰ মাহ।এই ভাদ মাহতেই শ্ৰীমন্ত শ্ংকৰদেৱ,মহাপুৰুষ মাধৱদেৱৰো তিৰোধান হৈছিল।আনকি ভগৱান শ্ৰীকৃষ্ণয়ো দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ দৈৱকীৰ গৰ্ভত জন্ম লৈছিল ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথিত।এই পৱিত্ৰ ভাদ মাহৰ পৱিত্ৰতাখিনি আঠখেলীয়া নামঘৰতো প্ৰতিবছৰে ৰক্ষা কৰি অহা হৈছে।শাওণ মাহৰ শেষৰ দিনাৰ পৰা ভাদ মাহৰ নাম আৰম্ভ হয় আৰু ভাদ মাহৰ শেষৰ দিনা অৰ্থাৎ বিশ্বকৰ্মা পুজাৰ দিনা এই ভাদমহীয়া নামৰ সামৰণি পৰে।ভাদ মাহৰ বিশেষ দিনৰ কাৰণে গুৰুস্থানীয় এজন লোকক নামাচাৰ্যৰ দায়িত্ব দিয়া হয় আৰু দুগৰাকীমান মালামন্ত্ৰ লোৱা ভক্ত-বৈষ্ণৱক ভাগৱত পাঠৰ দায়িত্ব অৰ্পণ কৰে।ভকত-বৈষ্ণৱ পাঠকসকলেও সলনাসলনিকৈ দাyইত্ব পালন কৰে আৰু স্থানীয় আঠখেলৰ ৰাইজ তথা যুৱকবৃন্দই হৰিনামৰ কীৰ্তনৰ বাবে বাদ্যযন্ত্ৰ আদি লৈ হৰিনামৰ ধ্বনিৰে সমগ্ৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।এই পৱিত্ৰ ভাদ মাহত আন মাহৰ তুলনাত সেৱক-সেৱিকাৰ সংখ্যা হেজাৰগুণে বৃদ্ধি পায় আৰু মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হয়।ভাদ মাহত নামঘৰৰ দৈনন্দিন কৰ্মৰাজিৰ বিশেষ তাৰতম্য ঘটে।উক্ত মাহত সেৱক-সেৱিকাসকলক পৰিচৰ্যাৰ কাৰণে এখন বিশেষ সমিতি গঠন কৰি দিয়ে।বিশেষ সমিতিখনৰ লগতে আঠখেলৰ ৰাইজেও সেৱক-সেৱিকাসকলক সেৱা-শুশ্ৰূষা আগবঢ়ায়।শ্ৰী কৃষ্ণৰ জন্মাষ্টমী,শংকৰদেৱ আৰু মাধৱদৱৰ তিৰোভাৱ তিথি নামঘৰত বিশেষভাৱে পালন কৰে।ভাদমাহত আনহে নালাগে,এগচি বন্তি জ্বলাবলৈকে নামঘৰৰ ভিতৰত ঠাই নাইকিয়া হয়।ঠাহ খাই পৰে বন্তি-প্ৰদীপেৰে নামঘৰৰ চৌহদ।ভাদ মাহৰ শেষৰ দিনা অৰ্থাৎ বিশ্বকৰ্মা পুজাৰ দিনা গধুলি গুৰুভকতৰ ব্ৰত ভংগ কৰাই নাম সমিতিয়ে দান-দক্ষিণা আদি আগবঢ়াই বিদায় সম্ভাষণ জনায় আৰু এনেদৰেই ভাদ মাহৰ কৰ্মৰ সামৰণি পেলায়।

সাম্প্ৰতিক সময়ত গোলাঘাটৰ অন্যতম পৰ্যটনথলী হিচাপে চিহ্নিত ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ আৰম্ভণি কেতিয়া?সেই কথা নিশ্চিতভাৱে জানিব পৰা নাযায় যদিও জনশ্ৰুতি মতে নামঘৰৰ পৱিত্ৰ ভুমিখণ্ডত এজন অজ্ঞাত কুলশীল সাধু-সম্ভ লোকৰ আশ্ৰম আছিল।সেই সময়ত৫ বাট-পথ দুৰ্গম আৰু হিংস্ৰ জীৱ-জন্তুৰে পৰিপুৰ্ণ আছিল।চাৰিওফালে অটব্য অৰণ্যৰে পৰিপুৰ্ণ অঞ্চলটোত মানুহৰ বসতি একেবাৰে সীমিত।কেৱল সৌভাগ্যৰ বলতহে সন্ত লোকৰ সংগ লাভ কৰিবলৈ সক্ষম হয়।ঠিক তেনে এজন সৌভাগ্যৱান লোকৰ প্ৰতি প্ৰভু ভগৱন্তই নিজৰ মহিমা নিজে বেকত কৰি মহিমামণ্ডিত হৈ পৰিল।সেইজন আশ্ৰয়ী লোক আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ মহাসতী জয়মতীৰ স্বামী গদাপাণি কোঁৱৰ।১৬৭০ খ্ৰী:ৰ পৰা ১৬৮১ খ্ৰী:লৈকে আহোম ৰাজশক্তিৰ মহাসংকটে দেখা দিছিল আৰু সেই সময়ত চামগুৰীয়া ফৈদৰ ১৪ বছৰীয়া কোঁৱৰ ল’ৰা ৰজাই শাসন কৰিছিল।শহুৰেক লালুকসোলা বৰফুকনৰ প্ৰৰোচনাত পৰি ল’ৰা ৰজাৰ সিংহাসন নিষ্কণ্টক কৰিবৰ বাবে আহোমৰ কোঁৱৰসকলক অংগক্ষত কৰা হয় আৰু ভৱিষ্যতে যাতে কেতিয়াও ৰজা হ’ব নোৱাৰে।এনে সন্ধিক্ষণত মহাসতী জয়মতীয়ে স্বামী গদাপাণি কোঁৱৰক কোনোবা অজ্ঞাত স্থানলৈ পলুৱাই পঠিয়ায়।ছদ্মবেশেৰে গদাপাণিয়ে পৰ্বতে-ভৈয়ামে ঘুৰি ফুৰি হঠাৎ এদিন সাধু-সন্ত লোকজনৰ আশ্ৰয় পায়হি আৰু তেওঁৰ আশ্ৰয়তে তেৰাৰ দৰ্শন পাই আশ্ৰমতে কিছুদিন থাকিবলৈ লয়।জনশ্ৰুতি মতে,ৰজাৰ  চাউদাংহঁত আহি এই স্থান পাইছিলহি আৰু অটব্য অৰণ্য,বাঁহ-বেত,চৰাই-ইকৰা,গছ-গছনিৰে ভৰপুৰ আৰু আশ্ৰমলৈ সোমাই যোৱা-পথটো ডাঠ মকৰাজাল আদিৰে আবৃত হোৱাত মানুহ থকাৰ কোনোধৰণৰ সন্ধান নোপোৱাত চাউদাংহঁত উভতি যায়।পদাপাণি কোঁৱৰে আশ্ৰমৰ পৰা ওলাই ডাঠ মকৰাজাল আঁতৰাই যেতিয়া মানুহৰ অসংখ্য খোজ আৰু ৰজাঘৰীয়া সা-সৰঞ্জাম পালে,তেতিয়া তেওঁক বিচাৰি অহা চাউদাংহঁত বুলি জানিব পাৰিলে আৰু সম্ভৰ সান্নিধ্য লাভৰ বাবেই তেওঁ ৰক্ষা পৰিল বুলি মাহাত্ম্য প্ৰকাশ কৰি নিজৰ সংকল্প সিদ্ধিৰ উদ্দেশ্যে অন্য স্থানলৈ গমন কৰিলে।১৬৮১ খ্ৰী:ত গদাপাণি কোঁৱৰে ৰাজসিংহাসন লাভ কৰি সন্ত লোকৰ মাহাত্ম্য পাহৰিব নোৱাৰি সেই আশ্ৰমলৈ মানুহ পঠিয়ালে আৰু সন্ত লোকৰ কোনো সম্ভেদ নাপাই বিশেষ আঠটা পৰিয়ালৰ ওপৰতেই আশ্ৰমভাগি চোৱা-চিতা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব অৰ্পণ কৰে।ক্ৰমাৎ     এই আঠটা পৰিয়ালৰ বংশ বৃদ্ধি হৈ একো একোটা কুৰিত পৰিণত হয় আৰু এই আঠটা কুৰিৰ সমষ্টিয়েই আঠকুৰীয়া আৰু পাছত বিশেষ পাৰদৰ্শিতা থকা কোনো কোনো লোকক ৰজাই বাছি আনি ঠায়ে ঠায়ে কামৰ দায়িত্ব অৰ্পণ কৰিছিল।ৰজাই বাছি অনা বাবে খোৱা-লোৱা থকাৰ বাবেই এই চুবুৰিটো বছা কুৰি নামেৰে খ্যাত হৈ পৰিছিল।ব্ৰাহ্মণ কুৰি আহোম ৰাজত্বৰ সময়ত কণৌজৰ পৰা ব্ৰাহ্মণ আৰু কায়স্থসকলক আনি উচ্চ পদত নিযুক্তি দিয়াৰ উপৰি ধৰ্মীয় কাৰ্য পালনৰ বাবে ভুমি-জমিন দিয়াৰ ফলত ব্ৰাহ্মণ কুৰি বুলি ঠাইডোখৰ জনাজাত হ’ল।বৈৰাগ্য কুৰি ছদ্মবেশ ধৰি বিভিন্ন ঠাই বা দেশৰ সাংস্কৃতিক বিৱৰণ ৰজাক জনাব লাগিছিল আৰু তেনে বৈৰাগীৰ বা থকা লোকৰ বাবে অনুসৰি ঠাইডোখৰ বৈৰাগী কুৰি বুলি প্ৰখ্যাত হৈ পৰিল।নাঙল কুৰি আহোম স্বৰ্গদেউসকলে মাটিৰ উৰ্বৰতা চাই কৃষিজানা লোকক খাত পাম দি খেতিৰ সঁজুলি নাঙলৰ অধিক যোগান ধৰি কৃষকৰ প্ৰসাৰণ কৰিছিল আৰু কালক্ৰমত সেই বাবে থকা মানুহৰ পৰাই চুবুৰিটোৰ নাম নাঙলৰ কুৰি হ’ল।শলালৰ কুৰি আহোম ৰজাৰ দিনত উচ্চ পদবী লাভ কৰাসকলৰ ভিতৰত ব্ৰাহ্মণ,কায়স্থ,গণক আৰু কলিতাসকলৰ উপৰি কেওট,কোচ,সুত আৰু নাথ সম্প্ৰদায়ৰ জনগোট আছিল বুলি অসম বুৰঞ্জীৰ পৰা জনা যায়।সম্প্ৰীতিৰ এনাজৰীত বান্ধ খাই এই উচ্চ পদবী ভোগ কৰা লোকসকলেও কৃষিকৰ্মকে প্ৰাধান্য দি ধৰ্মীয় কাৰ্যতো অংশগ্ৰহণ কৰিছিল।এই পদবীভুক্ত আৰু সমাজৰ শ্ৰেষ্ঠ ব্যক্তি হিচাপে পৰিচিত লোকসকলৰ পৰাই নাম অনুসৰি শলালৰ কুৰি হিচাপেই পৰিচিত হ’ল।কছাৰী কুৰি জনশ্ৰুতি মতে আহোম ৰজাৰ শাসন কালত কৃষি-শিল্প আদিৰ ক্ষেত্ৰত নিপুণ কছাৰী নামৰ এজন ৰাজঘৰীয়া বিষয়বাব খোৱা লোকে সগোত্ৰীয় পৰিয়ালবৰ্গৰ লগত থাকি এনে বৃত্তিধাৰী হৈও সামাজিকভাৱে নিজৰ প্ৰতিপত্তি লাভ কৰাৰ পাছত তেওঁৰ পৰাই সেই অঞ্চলত বসবাস কৰা স্থান অনুসৰি কালক্ৰমত কছাৰী কুৰি নামেৰে প্ৰখ্যাত হ’ল।বৰাহী কুৰি অতীতৰ বৰাহী লোক অন্তৰ্ভুক্ত সমাজখনৰ বৰাহী খেলত পৰিগণিত হয়।কাকতি কুৰি মাটিৰ হিচাপ –পত্ৰ ৰখা,মাটিত উৎপন্ন শস্যৰ হিচাপ,পাইক আদিৰে লেখবুজ কৰা আৰু আন আন হিচাপ ৰখা বিষয়া।সমাজত তেনে কোনো বিষয়া থকাৰ বাবেই পাছত কাকতি কুৰি খেল নামকৰণ হয়।বৰাহী আৰু কাকতি কুৰি দুটা কালৰ কুটিল গৰ্ভত সেই অঞ্চলৰ পৰা আঁতৰি গ’ল।অৱশ্যে অঞ্চলটোত বৰ্তমান চুতীয়া সম্প্ৰদায়ৰ লোকৰ সংখ্যা অধিক যদিও অন্যান্য সম্প্ৰদায়ৰ লোকৰ সংখ্যা কম বুলি ক’ব নোৱাৰি।সম্প্ৰীতিৰ ভাৱত একেডাল এনাজৰীৰ বান্ধোনত মিলিজুলি বসবাস কৰি আছে।

লেখক:ধ্ৰুৱজ্য্যোতি বৰুৱা (দেওবৰীয়া সুকন্যা)

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top