অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা শ্ৰী কৃষ্ণৰ চাৰিত্ৰিক বৈশিষ্ট্য বৰ্ণনা

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা শ্ৰী কৃষ্ণৰ চাৰিত্ৰিক বৈশিষ্ট্য বৰ্ণনা

চৈতন্য স্বৰুপ নিত্য

কৃষ্ণৰুপে দৈৱকীত হৈলা অৱতাৰ|

শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ||

পীত-বস্ত্ৰে শোভে আতি শ্যাম কলেবৰ|

কমল-লোচন চাৰু অৰুণ অধৰ||

সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল|

কণ্ঠত কৌস্তভ শিৰে কিৰীটি উজ্জ্বল||

আপাদ-লম্বিত বনমালা জ্জ্বলে গলে|

শোভে আতি শ্ৰী বৎস বহল বক্ষস্থলে|| (ক্ৰমশ:)

গুৰুজনাই দিয়া এই কৃষ্ণ বৰ্ণনাই ভকতৰ হৃদয়চক্ষুত ৰুপৰ যি সঞ্চাৰ কৰে তাৰ তুলনাই নাই-সেয়া কেৱল চাক্ষুষ বৰ্ণনা নহয়, হৃদয় বৰ্ণনা| এই ৰুপ বৰ্ণনা শ্ৰবণ কৰাসকলৰ মানসপটত যি চিত্ৰ অংকিত হ’ল সেয়া যুগজয়ী, কোনেও মচিব নোৱাৰা চিত্ৰ| এয়া হৃদয়ৰ ৰুপ নিৰ্মাণ, আধ্যাত্মিক দৰ্শন| প্ৰতিগৰাকী ভক্তই নিজৰ ভাল লগাকৈ ভগৱানৰ ৰুপ নিৰ্মাণ কৰি লৈ হৃদিস্থিত কৰিব পাৰে|

গুৰুজনাই কীৰ্তন আৰু শ্ৰবণৰ ধাৰণাটোক প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে ভাষাৰ সৰলতাক প্ৰাধান্য দি সুৰাৰোপিত কৰা তাল, মান, লয়ৰ সঞ্চাৰ কৰা কাৰ্যত কল্পনাতীত বুদ্ধিমত্তা আৰু নিৰলস সাধনা অবিহনে এনে কাৰ্য যে সম্ভৱ নহয় তাক দোহাৰিবৰ প্ৰয়োজন নাই| কীৰ্তনৰ শিশুলীলা পঠনত সংৰোপিত কাব্যালংকাৰৰ মায়াই শ্ৰৱণকৰ্তাৰ ভক্তিভাৱহে জগাই তোলে| বৰ্ণনাক কেৱল ভগৱান কৃষ্ণৰ ৰূপ লাৱণ্যতে আৱদ্ধ ৰখা নাই, অন্ত:দৰ্শনো কৰাইছে ভক্তিৰসৰ মহিমাৰে| ইয়াত ব্যৱহাৰ কৰা প্ৰতিটো শব্দ ব্যাপক অৰ্থৰ বাহক| শব্দৰ স্পষ্টতা, মাধুৰ্য্য আৰু সামৰ্থ্যই মূলবস্তুৰ সাৰ্থক ৰসব্যঞ্জনা সৃষ্টি কৰিব পাৰে| লোকোত্তৰ বিষ্ময় হ’ল ইয়াৰ প্ৰাণ| এনে ৰস সেইসকলেহে ল’ব পাৰে, যিসকল ইয়াৰ মাজত নিমজ্জিত হবলৈ নাইবা একীভূত হবলৈ সক্ষম| এনে বিৰল কাব্য সুষমাই সেয়ে সহস্ৰজনক বিমুগ্ধ কৰাই নহয় সৰ্বতিকাল আকৃষ্ট কৰি আহিছে আৰু কৰি থাকিব|

শ্ৰীকৃষ্ণৰ চাৰিত্ৰিক বৈশিষ্ট্য বখানি ঈশ্বৰৰ (নেদেখাজনৰ) প্ৰতি প্ৰেমাশক্তি বঢ়াই তোলাৰ যি অভিনৱ প্ৰয়াস, সেয়া কোনো মূৰ্তবস্তুৰ লগত তুলনা কৰিব নোৱাৰি| মূৰ্ত ৰুপ এটাই ক্ষন্তেকীয়া চাক্ষুষ আনন্দহে দিব পাৰে, অন্তৰত প্ৰবেশ কৰাৰ পথ তাত নাথাকে| ক্ষন্তেকীয়া আৱেগিক ভক্তিৰ ভাব এটাহে জাগ্ৰত কৰিব পাৰে, কিন্তু চেতনা সঞ্চাৰ কৰিব নোৱাৰে: কোনোজনৰ আৰোপিত দৃষ্টিৰে সৃষ্ট বস্তুৰ বাহ্যিক ৰুপ লাৱণ্যত আকৃষ্ট হব পাৰে, হৃদিস্থিত হব নোৱাৰে বা অন্ত:দৰ্শন কৰিব নোৱাৰে-যিটো কথা গুৰুজনাই কেউখন গ্ৰন্থৰ যোগেদি বাৰম্বাৰ বিভিন্ন উপায়েৰে ব্যক্ত কৰি গৈছে| সেয়ে মাধৱদেৱে কৈছে-

“ হে কৃষ্ণ তুমি মাত্ৰ   চৈতন্য স্বৰুপ নিত্য

সত্য শুদ্ধ জ্ঞান অখণ্ডিত|

আৱৰ ষতেক ইটো     তোমাৰ বিনোদ ৰুপ

চৰাচৰ মায়াত কল্পিত||”

প্ৰত্যেকৰে হৃদিস্থিত বিনোদ ৰুপ একে হব নোৱাৰে; নিজস্ব কল্পনা শক্তি, ভাৱশক্তিৰে ৰুপদৰ্শন কৰে আৰু তাতেই আত্মদৰ্শনৰ মূল শিপা প্ৰতিষ্ঠা হয় আৰু আত্মবোধৰ উদয় হয়| কল্পনাশ্ৰয়ী বা ভাবাশ্ৰয়ী আকাৰ বা ৰুপ এটাৰ বিশুদ্ধতা নিৰ্ণয় কৰিব নোৱাৰি| সেয়া কৰ্তাৰ নিজস্ব ধাৰণাপ্ৰসূত, তাক কোনোৱে বলপূৰ্বক প্ৰতিষ্ঠা কৰিব নোৱাৰে| সেয়ে এটা পাৰ্থিৱ ৰুপ নিৰ্মাণ সৰ্বজনগ্ৰাহ্য হ’ব নোৱাৰে, ই অসম্ভৱ|

লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ ‘মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ’ নামৰ গ্ৰন্থৰ পাতনিত কৈছে- ‘ওপৰৰ কথাৰদ্বাৰাই আমি এনেটো কৈছো বুলি যদি কোনোবাই ভাবে যে আমিহে শংকৰদেৱ-মাধৱদেৱক বুজিছোঁ আৰু সেইবাবেহে আমি তেওঁলোকৰ চৰিত্ৰ লিখিবলৈ নিজক যোগ্য বিবেচনা কৰিছোঁ তেন্তে নিশ্চয় আমাৰ প্ৰতি সেইজনে অন্যায় কৰিব| আমাৰ কোৱাৰ মানে এইটোহে যে যি বিষয়ৰে যিজনে পট আঁকিবলৈ যাব, সেই বিষয়ত তেওঁ শ্ৰদ্ধাবান হৈ মন প্ৰান সমৰ্পণ কৰি নালাগিলে সেই পট প্ৰকৃত নহৈ বিকৃত হয়| সেই বিষয়ৰ বিৰুদ্ধে ভাবাপন্নজনৰ হাতত তাৰ প্ৰাণ ধৰা নপৰে, তেনে কাম তেওঁৰ পৰা অসাধ্য’|

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ ‘আধ্যাত্মিক চিন্তন’ নামৰ প্ৰবন্ধৰ অংশ-

‘মহাপুৰুষজনাই ৫০০ বছৰৰ আগতে আমালৈ থৈ যোৱা উপদেশ তেৰাৰ বাঙ্ময়ী মূৰ্তি ‘কীৰ্তন’ত সনাতন ব্ৰহ্মক নমস্কাৰ জনাই আমালৈ আদৰ্শ ৰাখি থৈ গৈছে| উল্লেখ কৰি অহা বিশ্বাত্মাৰ লগত ব্যক্তিগত আত্মাৰ কি সম্পৰ্ক তলৰ দুযোকা পদৰদ্বাৰা পৰিস্কাৰ হয়-

১) মঞি পৰমাত্মা আত নাহিকে সন্দেহ|

দেহ ত্ৰেসে আছো মঞি নোহো ইটো দেহ||

(দ্বাদশ স্কন্ধ ভাগৱত)

২) কৃষ্ণৰ চৰণচিত্তে চিন্তা হৃদয়ত|

কৃষ্ণৰেসে অংশ মঞি মানিয়া মনত||

(দ্বাদশ স্কন্ধ ভাগৱত)

অৰ্থাৎ মই আৰু নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম অভিন্ন, আনহাতে স্বগুণ ব্ৰহ্ম কৃষ্ণৰ মই অংশ|

এই মই তত্বই আত্মবোধ| মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে ‘নামঘোষা’ত-

‘ভগৱন্ত অভিযুক্ত   পুৰুষৰ আত্মবোধ

মাধৱৰ প্ৰসাদে মিলয়|

কৃষ্ণৰ কৃপাতে জানা   গুচয় সংসাৰ ভয়

এহিমানে গীতাৰ নিৰ্ণয়||’

অধ্যাত্মবাদ কি? যদি সুক্ষ্ম দৃষ্টিৰে বিশ্ব প্ৰপঞ্চ চিন্তা কৰা হয়, আমি দুটা ভাগ পাওঁ-দ্ৰ্ষ্টা আৰু দৃশ্য| দ্ৰ্ষ্টাৰ প্ৰধান সহায়ক অনুভৱ আৰু অনুভৱৰ বিষয় দৃশ্য| বিশ্ব প্ৰপঞ্চৰ সাক্ষী আত্মা, আত্মাতত্ব নিত্য, নিশ্চল, নিৰ্বিকাৰ, অসংগ, কুটস্থ, এক আৰু নিৰ্বিশেষ| বুদ্ধিকে ধৰি স্থুলভুত পৰ্যন্ত সমস্ত জগতৰ লগত আত্মাৰ কোনো সম্পৰ্ক নাই|

অজ্ঞানতাৰ কাৰণে দেহ আৰু ইন্দ্ৰিয়বোৰৰ লগত আৰু বিশ্ব প্ৰপঞ্চৰ লগত আদ্যাত্ম স্বীকাৰ কৰি বা মানি লৈ জীৱই নিজক অন্ধ, কণা, মুৰ্খ, বিদ্বান, সুখী-দুখী, কৰ্তা-ভোক্তা ইত্যাদি বুলি ভাৱে| তাৎপৰ্য এয়ে যে যিমান দৃশ্যবৰ্গ জীৱৰ দৃষ্টিগোচৰ হয় সকলো মায়া হেতু সত্য বুলি প্ৰ্তিভাত হয়| প্ৰকৃততে এক, অখণ্ড, শুদ্ধ, চিন্মাত্ৰ, সচ্চিদানন্দ ব্ৰহ্মহে সত্য|”

উপৰিউক্ত কথাখিনিৰ যোগেদি গুৰুজনাই আত্মবোধেৰে নিজক স্বগুণ ব্ৰহ্ম কৃষ্ণৰ অংশ বুলি মানি লৈ ভগৱত প্ৰেমত নিজক উছৰ্গা কৰিছে| কৃষ্ণ পৰমাত্মাত বিলীন হৈ কৈছে-দৃষ্টিত যদিও মোৰ এটা শৰীৰ আছে সেয়া দেহ নহয়, সেয়া অনুভৱৰ বিষয় দৃশ্যহে| এক অৰ্থত তেওঁ দেহে মনে কৃষ্ণ ভকতিত বিলীন হোৱা বাবে নিজৰ পাৰ্থিৱ শৰীৰটোৰ অৱয়ব মায়া মাত্ৰ বুলিছে আৰু তাৰ দৃশ্যৰুপ অস্বীকাৰ কৰিছে|

খন্তেকীয়া জীৱনৰ মায়ামোহৰ আৱৰণ ফালি প্ৰকৃত সত্য, শুদ্ধ, অখণ্ডিত ব্ৰহ্মৰ সন্ধান কৰি কেৱল হৰিনামৰ প্ৰেমৰস সৰ্বজনৰ মোক্ষ প্ৰাপ্তিৰ বাবে উলিয়াই আনিলে| নামধৰ্ম প্ৰতিষ্ঠা কৰি অসমীয়া পুৰাতন সমাজ ব্যৱস্থাক ন-ৰুপত সজালে| যি ধৰ্ম ব্যৱস্থা বিগত ৫৬৭ বছৰে অসমৰ সৰ্বতে নিৰ্ৱধি বৈ আহিছে, তাৰ সমাজতান্ত্ৰিক প্ৰমূল্যই, সংস্কাৰী ধ্যান-ধাৰণাই, বৈজ্ঞানিক দৃষ্টিভংগীয়ে আজিকোপতি অসমীয়া সমাজখনক মোহাচ্ছন্ন কৰি ৰাখিছে| দুয়োজনা গুৰুৱে এখন সংস্কৃত সমাজ গঢ় দিবৰ উপযোগী যি উপায় অসমীয়া মানুহলৈ দি গৈছে সেয়া অতুলনীয়|

শংকৰদেৱে প্ৰতিষ্টা কৰা নামধৰ্ম আৰু দৰ্শনক আগবঢ়াই নিয়াত মাধৱদেৱৰ যি অহোপুৰুষাৰ্থ সেয়া নতুনকৈ বখানিবলগীয়া নাই, যাৰবাবে শংকৰদেৱৰ পিছতে তেৰাৰ নাম আজি সৰ্বত্ৰ বিৰাজমান| গুৰুজনাই ধৰ্মপ্ৰচাৰৰ যি সম্বল গ্ৰহণ কৰিছিল সি সিমানেই জনমুখী আছিল যে ৰজাঘৰে প্ৰতিৰোধ কৰাৰ স্থল বিচাৰি নাপাই ফতোৱা জাৰি কৰিয়েই ক্ষান্ত থকা নাছিল, নিৰ্বাসিত কৰা হৈছিল| তেৰাৰ আদৰ্শক, তেৰাৰ ধৰ্ম মতক নস্যাৎ কৰিবলৈ এটা শ্ৰেণীয়ে সদায় চেষ্টা চলাই আহিছে যদিও আজি শ শ বছৰে কিন্তু উৎখাত কৰিব নোৱাৰিলে| এইটোও ঠিক যে সজ্ঞানে হওক বা অজ্ঞানে হওক বা ৰজাঘৰেই হওক বা প্ৰজাঘৰেই হওক এনে চেষ্টা অব্যাহত থাকিব| অৱশ্যে ইয়াৰো উপায় গুৰু দুজনাই কীৰ্তন আৰু নামঘোষাৰ পাতে পাতে দি গৈছে, ভক্তক সাবধান বাণী শুণোৱাৰ উপৰি সুন্দৰ বাখ্যা দাঙি ধৰিছে| কীৰ্তনৰ ‘পাষণ্ড মৰ্দন’ত গুৰুজনাই উল্লেখ কৰিছে-

দ্বাদশ স্কন্ধৰ তত্ব উধাৰি|

কহিলন্ত শুকে উপসংহাৰী||

জ্ঞানত কৰ্মত কৰি সম্প্ৰতি|

হৰি কীৰ্তনেসে পৰম গতি||

উৰেষা বাৰাণসী ঠাৱে ঠাৱে|

কবিৰ গীত শিষ্টসৱে গাৱে||

তথাপিতো আখি ফুটিল তাৰ|

হৰি কীৰ্তনক কৰে ধিক্কাৰ||

 

শুনা সৰ্বজন কহো সাক্ষাত|

মুঢ়ৰ বোলত নাহি সঞ্জাত||

বোলক আসি ভাগৱত চাই|

তেবেসেহে বুজো তাৰ মুনিষাই||

 

পুৰাণ-সুৰ্য মহাভাগৱত|

বেদান্তৰো ইটো পৰম তত্ব||

তাকে নুবুজি ফুৰে নিন্দা কৰি|

তাৰ মুখ দেখি বুলিবা হৰি||

তেৰাসৱৰ শাস্ত্ৰৰ তত্ব বিচাৰ কৰিব পৰা সামৰ্থ্য আমাৰ নাই আৰু তেনে ধৃষ্টতাও নকৰোঁ| কিন্তু তেওঁলোকে দি যোৱা চহকী সংস্কৃতিৰ ধাৰণাটোত আৰু ৰুপটোত নিজকে বিলীন কৰাৰ প্ৰয়াস সদায় কৰি আহিছোঁ| যি সম্যক জ্ঞান আহৰণ কৰিব পাৰিছোঁ সেইদিশৰ সন্ধান কৰিলে তেৰাৰ সমাজবাদী চেতনা, বৈজ্ঞানিক ধ্যান ধাৰণা বোৰেই সদায় আমাক আকৃষ্ট কৰি আহিছে| আমি ভাবোঁ পুজনীয়জনক পুজিবলৈ মাহ-প্ৰসাদ বা মূৰ্ত্তিৰ প্ৰয়োজন নাই| তেনেলোকে দি যোৱা আদৰ্শক তেনেলোকৰ দৰ্শনক সাৰ্থকভাৱে সভক্তিৰে গ্ৰহণ কৰিব পৰাটোৱেই আচল বুলি মানি আহিছো| ভাবি আচৰিত লাগে যে বিগত ৫৬৭ বছৰে মাধৱদেৱকে মুখ্যকৰি কোনো এজন ধৰ্মগুৰু, লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি শতসহস্ৰ বিদগ্ধ পণ্ডিত, লাখ লাখ ভক্ত বৈষ্ণৱে কস্মিন কালেও মহাপুৰুষ জনাৰ মূৰ্তি প্ৰতিষ্ঠা কৰিব লাগে বুলি তু উচ্চৰণ এটাও নুলিয়ালে| অতি সম্প্ৰতি তেৰাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ কিছু লোকে সজ্ঞানে হওক বা অজ্ঞানে হওক গুৰুজনাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাত উঠি পৰি লগা দেখা গৈছে| সেয়ে আমাৰ সীমিত জ্ঞান আৰু সম্যক ধাৰণাৰে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি বনোৱা কথাটো বিভিন্ন দিশেৰে চালিজাৰি চাব বিচাৰিছোঁ, প্ৰকৃত পক্ষে এই কাম সম্ভৱ হয় নে নহয়|

আমি কাৰোবাৰ মূৰ্তি প্ৰতিষ্ঠা কৰাটোৰ ঘোৰ বিৰোধী কেতিয়াও নহয়| মুৰ্তি এটা নিৰ্মাণ কৰিবলৈ যাওঁতে সেই বিষয়ৰ যি অধ্যয়নৰ দৰকাৰ, ব্যক্তিজনৰ ব্যক্তিত্ব আৰু আদৰ্শ পৰিস্ফুত হোৱাকৈ উপস্থাপনা শৈলীৰ লগত সম্পৃক্ত নন্দনতাত্ত্বিক দিশটো অতিশয় গুৰুত্বপুৰ্ণ| আমি যেতিয়া এটা প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰো অজানিত্ভাৱে পুলকিত হওঁ আৰু আমাৰ চাক্ষুষ অনুভুতিয়ে দিয়া আনন্দৰ শলাগ লওঁ| দৰ্শকৰ এই আশ্বাদনে বিষয়বস্তু অথবা ব্যক্তিবিশেষৰ আত্মালৈ প্ৰৱেশ কৰে| তেতিয়াই এটা প্ৰতিমূৰ্তি সাৰ্থক হোৱা বুলি কব পাৰি, আচলতে এজনৰ পৰা আন জনলৈ সংযোগ হোৱা এখন সাঁকো, এই সাঁকো নিৰ্মাণ কৰে শিল্পীয়ে| শিল্পীৰ হাতৰ পৰাশত প্ৰাণ পাবলৈ শিল্পবস্তুৱে কলাৰুপ পৰিগ্ৰহ কৰিব লাগিব, শিল্পীৰ চৈতন্যই বিষয়বস্তুৰ অৰ্থাৎ ব্যক্তিৰ অন্তৰাত্মাত প্ৰবেশ কৰাৰ দক্ষতা আহৰণ কৰিব লাগিব| তেতিয়াহে প্ৰকৃতপক্ষে ব্যক্তিচৈতন্যক সাৰ্থকভাৱে কলাৰুপত তুলি ধৰিব পাৰিব| কাৰিকৰী চাতুৰ্য্যৰ লগতে নান্দনিক দিশত অৰ্হতা অবিহনে এনে কলাৰুপ নিৰ্মাণ কৰা সম্ভৱপৰ নহয়| নিৰ্মাণৰত শিল্পীৰ চেতন অথবা অৱচেতন পুন:নিৰ্বাচন প্ৰক্ৰিয়াৰে বিষয়বস্তুৰ সংৰচনাৰ পৰা, ৰুপকল্পৰ পৰা বিস্তাৰলৈকে ভাবগত বিন্যাসে সাৰ্থকভাৱে প্ৰকৃতাৰ্থ ধৰি ৰখাত সফল হব পাৰে| সেয়ে এটি প্ৰতিমূৰ্তিয়ে বিষয়বস্তুৰ আৰ্জা আৰু প্ৰকৃতাৰ্থহে নিবেদন কৰে লগতে শিল্পীৰ অতুলনীয় দৃষ্টিৰ সম্ভেদ দিয়ে|

লেখক: ত্ৰিদিৱ দত্ত

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate