মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / শ্ৰীমন্ত শংকৰদেৱৰ “কীৰ্ত্তনঘোষা’ৰ মাজেৰে প্ৰকাশিত মানৱতাবাদৰ জিলিঙনি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শ্ৰীমন্ত শংকৰদেৱৰ “কীৰ্ত্তনঘোষা’ৰ মাজেৰে প্ৰকাশিত মানৱতাবাদৰ জিলিঙনি

শ্ৰীমন্ত শংকৰদেৱৰ “কীৰ্ত্তনঘোষা’ৰ মাজেৰে প্ৰকাশিত মানৱতাবাদৰ জিলিঙনিৰ বিষয়ে লিখা হৈছে ।

 

এক গভীৰ জীৱনবোধ, মানুহৰ ওপৰত অগাধ বিশ্বাস, আৰু জনচেতনা তথা জনজীৱনৰ উন্নতিৰ দায়বদ্ধতাইহে সৃষ্টি কৰে শংকৰদেৱৰ দৰে এজনা সমাজ সংস্কাৰকৰ। শংকৰদেৱে যিখন সমাজত জন্ম লৈছিল তাৰ এটা সমীক্ষা কৰিলেই দেখা যাব তেখেতৰ কিমান একাগ্ৰতা, সমাজ অধ্যয়ন, দূৰদৰ্শিতা, আৰু পাৰদৰ্শিতাৰ প্ৰয়োজন হৈছিল তদানীন্তন সমাজখন সলাবলৈ।

মহাপুৰুষজনাৰ কান্ধত আছিল দুই গধুৰ বোজা – সমাজখন অন্ধবিশ্বাস মুক্ত কৰি মানুহক মানুহৰ ওপৰত বিশ্বাস ৰাখিবলৈ আগবঢ়াই নিয়া, আৰু ধৰ্মৰ নামত চলি থকা সংস্কাৰৰ বোজাৰ পৰা ভগৱান বিশ্বাসক আঁতৰাই আনি এটি সৰলীকৃত ৰূপ যোগান ধৰা।

এক সমাজ সংস্কাৰকৰ ৰূপত তেখেতৰ আবিৰ্ভাৱ অসমীয়া সমাজৰ কাৰণে তেতিয়া পৰম সৌভাগ্যৰ কথা আছিল।

পূজা-পাৰ্বন, জাগ-যজ্ঞ, বলি-বিধানৰ লগত যিমান ভয়, সংশয়, সন্দেহ, আৰু গ্লানি তথা নীচাত্মিকাভাৱ, অথবা অহং আৰু তামসিক ভাৱ জড়িত হৈ আছিল সেই সকলোখিনি গুৰুজনাই আঁতৰাই নিকা কৰি নিৰ্মল আৰু ফৰকাল ভাৱধাৰাৰ নামৰ নিজৰা বোৱাই আনিছিল।

খোল, তাল, মৃদংগৰ মাতেৰে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছিল গাঁৱে গাঁৱে। অংকীয়া নাট-ভাওনাৰ বাবে গাঁৱৰ ডেকা-বুঢ়া দৈনিক সমাবেত হোৱাৰ প্ৰায়োজন হৈছিল; খোল, তাল তৈয়াৰ কৰা; গায়ন বায়নৰ প্ৰশিক্ষণ লোৱা; নৃত্য-গীতৰ লগত তাক পৰিবেশন কৰা; সাজ-সজ্জাৰ যোগান —

এই সকলো খিনিয়ে পৰচৰ্চা, পৰনিন্দাৰ সময় কাটি নিছিল, সামাজিক দায়বদ্ধতাৰ জন্ম দিছিল, ব্যক্তিৰ মাজৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ সুযোগ দিছিল, তথা সামাজিক আনন্দৰ জোঁৱাৰ আনিছিল।

পণ্ডিত প্ৰকৃততে কোন? গুৰুজনাৰ মতে পণ্ডিত আৰু শাস্ত্ৰজ্ঞ একেজন ব্যক্তি নহয় অথবা পণ্ডিত হ’বৰ বাবে শাস্ত্ৰজ্ঞ হোৱাৰ প্ৰয়োজন নাই। প্ৰকৃত পণ্ডিতজনে নিজ জ্ঞানৰ জড়িয়তে এক সমদৃষ্টি লাভ কৰে:

ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কূল।

দাতাত চোৰত যেন দৃষ্টি একতুল।।

নীচত সাধুত যাৰ ভৈল একজ্ঞান।

তাহাকেসে পণ্ডিত বুলিয়ে সৰ্বজান।। (শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ)

যিখন সমাজত গুৰুজনাৰ বিচাৰৰ পণ্ডিতব্যক্তি নাই, সেইখন সমাজ দৈনন্দিন খামখেয়ালীৰ উৰ্দ্ধলৈ উঠিব নোৱাৰে।

সেয়েহে বৈকুণ্ঠগামী মানৱৰূপী ভগৱানে নিজ সখা উদ্ধৱক চিৰবিদায়ৰ বেলাত জগত জ্ঞান দি গৈছে উপৰোক্ত পংক্তিৰ জড়িয়তে।

সাধাৰণ জনগণৰ মাজত সাম্প্ৰতিক পৰিস্থিতিৰ অৰাজকতাই সদায়েই এক বিশ্বাসহীনতাৰ ভাৱ আনি দিয়ে। “ঘোৰ কলিকাল” বুলি ত্ৰাহি মধুসুদন সোঁৱৰা মাটিৰ মানুহক কলিৰ মাহাত্ম বুজাই সামগ্ৰিক আশাৰঞ্জক এক মানসিকতাৰ যোগান ধাৰিছিল তেৰাই:

কলিসি শ্ৰেষ্ঠ চাৰিযুগ মাজে।

প্ৰশংসে কলিক জ্ঞানী সমাজে।|

কৰিয়া কীৰ্ত্তন কলিত আতি।

পাৱে বৈকুণ্ঠক ছত্ৰিশ জাতি।।

সত্য যুগে কৰি ধ্যান সমাধি।

ত্ৰেতাত সমস্তে যজ্ঞ আৰাধি।।

দ্বাপৰে পূজি নানা ভক্তি ভাৱে।

কলিত কীৰ্ত্তনে সি গতি পাৱে।।

মন কৰিবলগীয়া এয়ে যে ইয়াত অন্য যুগ, অন্য ৰীতি নীতি বেয়া বুলি ইয়াত কোৱা হোৱা নাই : যুগ, কাল পৰিস্থিতি সাপেক্ষে সেইখিনিৰো মূল্য আছিল, কিন্তু গুৰুজনাৰ সমকালীন সময়ৰ কাৰণে ধৰ্মৰ সৰলীকৃত নাম-কীৰ্ত্তনৰ ৰূপটোৱেই যথোপযুক্ত।

শংকৰদেৱৰ এনে অকাট্য যুক্তিৰে ভৰা কথা-বতৰাৰ বাবেই সমসাময়িক অন্য শাস্ত্ৰজ্ঞ সকলে তেখেতৰ লগত যুক্তি তৰ্কত হাৰ মানিছিল।

অসমীয়া নৱজাগৰণৰ পথপ্ৰদৰ্শক আছিল শংকৰগুৰু। “ধ্যান বৰ্ণন”ত বৈকুণ্ঠৰ যি বৰ্ণনা দিয়া হৈছে তাত ইহজগতৰ সমষ্ট সুন্দৰতাৰ লগত কল্পনাৰ উত্তম সমাবেশ ঘটিছে –

শাৰী শাৰী ৰঞ্জে বিমানচয়।

বৈদূৰ্য্য-হীৰা মৰকতময়।।

চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে আতি।

নজানি যাত পশি দিন ৰাত্ৰি।।

চাৰু সৰোবৰ নিৰ্মল জল।

সুগন্ধি পদ্ম শোভে উতপল।।

আছে ৰাজহংস-সমূহে ৰঞ্জি।

লীলায়ে মৃণাল ভুঞ্জে উভঞ্জি।।

‘ধ্যান-বৰ্ণন’ত শংকৰদেৱে দিয়া ভগৱানৰ শাৰীৰিক বৰ্ণনাও অতি অনুপম – “অৰুণ আতি” চৰণযুগল, নখচন্দ্ৰযুক্ত “আঙ্গুলি পান্তি”, “ৰতনে উজ্জ্বল উজন্টি”যুক্ত নূপুৰ প্ৰকাশিত পাদ পৃষ্ঠ, উজ্জ্বলিত জঙ্ঘাত, “কৰিকৰ সম সাক্ষাত উৰু, ৰত্ন ৰঞ্জিত পীত মেখলা, নাভি “সৰোৰুহ ৰুচিৰ কান্তি”, হৃদয়ত “প্ৰকাশিত শ্ৰীবত্স পান্তি”, “পূৰ্ণ চন্দ্ৰ ৰুচি” মুখ মণ্ডল, “মুকুতাৰ পান্তি”হেন দাঁত, “তিল ফুল সম” নাক, অৰুণ লোচন, ধনু সম ভ্ৰু, সদাপ্ৰকাশিত এক ঈষত হাসি, ইত্যাদি ইত্যাদিৰ সমন্বয়েৰে যি পৰিপূৰ্ণ ৰূপ প্ৰকাশ পাইছে সেয়া মানৱ দেহাৰ ওপৰত প্ৰকৃতিৰ সমস্ত সুন্দৰতাৰ সমাহাৰেৰে বৰ্ণিত এক কল্পচিত্ৰ। লিওনাৰ্দো দ ভিঞ্চি, মাইকেল এঞ্জেলোৰ ভাস্কৰ্যৰ মাজেৰে বিমূৰ্ত হৈ উঠা মানৱ দেহাৰ জয়গান একে ধৰণৰে নহয় নে?

ভগৱানৰ দশাৱতাৰ নাইবা চতুৰ্বিংশতি অৱতাৰৰ কল্পনা কৰা সাধাৰণ মনুষ্যৰ পক্ষে সহজসাধ্য নিশ্চয় নাছিল – সেয়েহে দশাৱতাৰ নৃত্য লাহে লাহে জনপ্ৰিয় হৈ উঠিল।

ভগৱান সৰ্ৱত্ৰ বিদ্যমান -

ভগৱানক লাৰুগোপালৰ ৰূপত নিজ সন্তানৰ মাজেৰেও প্ৰত্যক্ষ কৰিব পাৰি। যশোদাৰ যিমানখিনি হাৰাশাস্তিৰ সুন্দৰ চিত্ৰাংকন কৰা হৈছে, যিকোনো মাতৃয়ে তাৰ লগত সহৃদয়তাৰে বান্ধ খাই ভগৱানৰ শিশুৰূপ হৃদয়ত অংকণ কৰি ল’ব পাৰে:

ভাণ্ড ভাঙ্গি আৱে যাইবি কথা।

খাইবো আজি কৃষ্ণ তোৰ মাথা।।

সকলে লৱনু কৈলি নাশ।

শুনি প্ৰভু ভৈলা মহাত্ৰাস।।

দেখি বাড়ি এড়িলাহা সতী।

কৃষ্ণক বান্ধিবে ভৈলা মতি।।  (শিশু-লীলা)

কেৱল যশোদা সুন্দৰীয়েই লাভ কৰা নাই ভগৱানৰ সান্নিধ্য; ভগৱানৰ কৃপা লাভ কৰা অতিশয় সহজ – অজামিলে জীৱন কালত কাহানিও কৃষ্ণ নাম লৈ নাপালে, তথাপি মৰণবেলাত নিজ পুত্ৰ নাৰায়ণৰ নামোচ্চাৰণৰ মাজেদিয়েই পালে পৰম মুকুতিৰ দান:

বিপ্ৰৰ ঔৰসে     বেশ্যাৰ গৰ্ভত

দশ পুত্ৰ জাত ভৈল।

আতি দায়াতৰে    কনিষ্ঠ পুত্ৰৰ

নাৰায়ণ নাম থৈল।।

অনেক অধৰ্ম     কৰন্তে বিপ্ৰৰ

আয়ু ভৈল সমাপত।

ভয়ংকৰ তিনি    গোটা যমদুত

আগে ভৈল উপগত।।

ভয়ে অজামিলে    পুত্ৰক ডাকিল

আইস নাৰায়ণ বুলি।।

মৰন্তে বিপ্ৰৰ     মুখত শুনিয়া

হৰিৰ কীৰ্ত্তন-বাণী।

প্ৰভু-নাম লৱৈ   বুলি খেদি আইল

বিষ্ণু-দূত চাৰি প্ৰাণী।।  (অজামিলোপাখ্যান)

কৃষ্ণক প্ৰিয়সখাৰ ৰূপত আয়াসতে কাষৰতে পোৱা যায় – ইয়াৰ সাৱলীল বিবৰণ পোৱা যায় দামোদৰ বিপ্ৰাখ্যানত।

“অতিথি দেৱো ভৱ” সৰ্বভাৰতীয় পৰম্পৰাৰ লগত অসমীয়া সমাজ জীৱনৰ উপাদান আৰু কল্পনাৰ আদৰ্শ পুৰুষ শ্ৰীকৃষ্ণৰ বন্ধুবৎসল স্বভাৱৰ এক সুন্দৰ সমাহাৰ পোৱা যায় এই আখ্যানত:

মিত্ৰক দেখিয়া     ভাৰ্য্যাক এড়িয়া

উঠি আসি আথে বেথে।

সখিক আলিঙ্গি  আতি প্ৰীতি পাইলা

আনন্দে লোতক ঝৰে।

সোণাৰ খাটত     বসুৱাইলা আনি

ধৰিয়া আতি সাদৰে।।

একে গুৰুগৃহত পঢ়া বিপ্ৰ দামোদৰক ভাৰ্য্যাই খট বান্ধ দি ধৰিছে সখাৰ পৰা সহায় মাগিবলৈ, সহজ সৰল বিপ্ৰই সাহাৰ্য বিচাৰিবলৈ গ’ল যদিও মুখ খুলি একো খুজিব নোৱাৰিলে। বন্ধুবৰৰ সাদৰ অভ্যৰ্থনাত সন্তুষ্ট হৈ তেওঁ নিজগৃহ অভিমুখে গতি কৰিলে।

অন্তৰ্য্যামী প্ৰভুৱে হিয়া উবুৰিয়াই দিলে বন্ধুত্বৰ প্ৰতিদান। নিৰক্ষৰ জনগণৰ মনত ভগৱানৰ এনে প্ৰিয় সখাৰ ৰুপ চিত্ৰণৰ জড়িয়তে কীৰ্ত্তনে জনমানসত এক বিশ্বাসৰ পৰিবেশ সৃষ্টি কৰিছিল, ভয় ভীতি, প্ৰহেলিকা, কুহেলিকা নাইকীয়া কৰিছিল।

সকলো ধৰণৰ, সকলো স্বভাৱৰ ব্যক্তিয়েই ভগৱানৰ কৃপা লাভ কৰিবলৈ সক্ষম — এই বিশ্বাস জন্মাবলৈকে ইমানবোৰ আখ্যান-উপাখ্যানৰ বৰ্ণন আৰু দৈনিক সেইবোৰৰ শ্ৰৱণ-কীৰ্ত্তনৰ ব্যৱস্থা কৰা হৈছিল নিশ্চয়।

ভগৱানক চিন্তিবৰ বাবে কোনো বিশেষ সময়, পৰিস্থিতি, বিশেষ পৰিবেশ সৃষ্টিৰ প্ৰয়োজন নাই:

জ্বৰ- মৰণৰ সময়ে দুঃখে।

তযু গুণ নাম নেৰোক মুখে।।

নিজকে মহাপাপী বুলি গণ্য কৰি পাপৰ প্ৰায়শ্চিত্যৰ বাবে জাগ-যজ্ঞ, বলি-বিধানৰ প্ৰয়োজন নাই –

মন্ত্ৰ তন্ত্ৰ আনো দ্ৰব্য অনেক।

দেশ-কাল-পাত্ৰ-ছিদ্ৰ যতেক।।

পূৰ্ণ নুহি যত যজ্ঞ অঙ্গ।

হৰি নামে কৰে সৱে সুসাঙ্গ।।

পঞ্চম মহাপাপী যিটোজন।

তাৰো প্ৰায়চিত্ত হৰি -কীৰ্ত্তন।।

ব্ৰহ্ম-বধী গুৰু-বধী যতেক।

পিতৃ মাতৃ-বধী পাপী অনেক।।

কুকুৰ খায় হেন ম্লেছগণে।

সিও শুদ্ধ হোৱে হৰি কীৰ্ত্তনে।।  (পাষণ্ড-মৰ্দ্দন)

কৃষ্ণক প্ৰেমিকৰ ৰূপত কল্পনা কৰিও লাভ কৰিব পাৰি — সমস্ত গোপিনীয়ে কাম ভাৱত আতুৰ হৈ ভগৱানতে দেহ-মন-প্ৰাণ সপি দি লাভ কৰে সান্নিধ্যৰ আস্বাদ:

ব্যভিচাৰী দুষ্টা ব্ৰজ-যুৱতী।

তথাপি কৃষ্ণত ভৈল ভকতি।।

জানিলো পাপীও ভজোক মাত্ৰ।

এতেকে ভৈল মুকুতিৰ পাত্ৰ।।

এইখিনিতে দ্ৰষ্টব্য যে শংকৰদেৱে ৰাধাক কৃষ্ণৰ সমস্থান দি যুগলমূৰ্ত্তি প্ৰতিষ্ঠা কৰা নাই। ভক্ত সকলোৱেই সান্নিধ্যৰ যোগ্য।

কিন্তু ফলাফল ফলদাতা এজনেই – আকাৰ, নিৰাকৰ, সৰ্বাকাৰ যি ৰূপতেই পৰিগ্ৰহ কৰিব পাৰি সিয়েই তেৰাৰ ৰূপ।

বৈৰী ৰূপত কল্পনা কৰিও লাভ কৰিব পাৰি ভগৱানৰ দৰ্শন:

বৈৰী ভাৱে চিন্তিবাহা মোক

দুনাই আহি পাইবা এহি লোক

জাত-পাতৰ খামখেয়ালীৰ পৰা দূৰ এক জগতৰ চিত্ৰ তেৰাই মানসপটত খোদিত কৰি লৈছিল:

কৃষ্ণৰ কথাত যিটো ৰসিক।

ব্ৰাহ্মণ-জন্ম তাৰ লাগে কিক।।

স্মৰোক মাত্ৰ হৰি দিনে ৰাতি।

নবাছে ভকতি জাতি অজাতি।।

এইটো এক অতিশয় পৰিতাপৰ কথা যে জাতি-অজাতিৰ বাচ-বিচাৰ গুৰুজন পৰগামী হোৱাৰ পাঁচশ বছৰৰ পাছতো আমি এৰিব পৰা নাই।

শংকৰদেৱৰ ব্যক্তিত্ব আৰু সত্ৰ ব্যৱস্থা -

“ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমাজ চেতনাৰ ইতিহাসৰ আধাৰত” শীৰ্ষক গ্ৰন্থত বাপচন্দ্ৰ মহন্তই লিখিছে যে বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাটি যদিও সৰ্ব্বভাৰতীয় এক পৰম্পৰা, তথাপি সত্ৰ ব্যৱস্থাতো শংকৰদেৱেহে এক শৰণীয়া মহাপু্ৰুষীয়া প্ৰচীন বৈষ্ণৱ মত প্ৰচাৰৰ কেন্দ্ৰৰূপে অসমত আৰম্ভ কৰিছিল বুলি ধৰিব পাৰি।

খেতৰ মতে শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰখন ভৌগলিক, সামাজিক তথা আৰ্থিক দৃষ্টিত ভাৰতবৰ্ষৰ অন্যান্য বৈষ্ণৱ আচাৰ্যসকলৰ প্ৰচাৰ ক্ষেত্ৰতকৈ বহু পৰিমাণে সুকীয়া চৰিত্ৰৰ আছিল।

মহন্তদেৱৰ মতে সত্ৰৰ মূল উদ্দেশ্য হ’ল— সাত্ত্বিক বিচাৰ বুদ্ধিৰ আধাৰত পাৰস্পৰিক বুজাবুজিৰে সমাজত শান্তি আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰা।

সত্ৰৰ আদৰ্শত সত্ৰাধিকাৰ বা সত্ৰৰ সঞ্চালক গুৰুসকলৰ আদেশ উপদেশমতে একদেৱ একসেৱ ধৰ্মত বিশ্বাসী গাঁৱৰ নিবাসী শিষ্যসকলে নিজৰ সামাজিক জীৱনক সত্ৰানুকূল ব্যৱস্থাৰেই আৰ্থিক আৰু সামাজিক উভয় ক্ষেত্ৰতে সকলো স্তৰৰ লোকে নিজ নিজ ৰুচি আৰু যোগ্যতাৰ ভিত্তিত আত্মবিকাশ আৰু আত্মপ্ৰকাশৰ সুবিধাও পাইছিল।

কৃষক, শিল্পী, বণিক প্ৰভৃতি বিভিন্ন বৃত্তিধাৰী লোকৰ লগত সত্ৰ-ব্যৱস্থাৰ পোনপটীয়া সম্পৰ্ক থকাৰ উদাহৰণ শংকৰদেৱৰ জীৱন চৰিতত পোৱা যায়। মহন্ত দেৱে লগতে কৈছে:

“ভাগৱত ধৰ্মৰ গুৰু পৰম্পৰাটোও যথাক্ৰমে ব্ৰহ্মা, নাৰদ আৰু ব্যাসৰ যোগেদি শুকে লাভ কৰিছিল। নৈমিষাৰণ্যসত্ৰত শুকৰ মুখেদি ভাগৱতৰ তত্ত্ব জ্ঞান সাধাৰণ শ্ৰেণীৰ লোকেও গ্ৰহণ কৰিব পৰাকৈ প্ৰকাশ পাইছিল।

শংকৰদেৱৰ সত্ৰ পৰম্পৰাই তাৰ আধাৰতে শ্ৰৱণ-কীৰ্ত্তন নামধৰ্ম প্ৰচাৰ কৰি আহিছে।……সত্ৰ ব্যৱস্থাটো শংকৰদেৱেহে এক শৰণীয়া মহাপু্ৰুষীয়া প্ৰচীন বৈষ্ণৱ মত প্ৰচাৰৰ কেন্দ্ৰৰূপে অসমত আৰম্ভ কৰিছিল বুলি ধৰিব পাৰি।

…শংকৰদেৱ ধৰ্মগুৰু হোৱাৰ লগতে শিল্পী আৰু কলাকাৰো আছিল। কলা আৰু শিল্প ভক্তি ধৰ্মৰ বিৰোধী বস্তু নহয়; সাত্ত্বিক স্তৰৰ শিল্প কলাই ভক্তিৰ বিকাশত সহায়হে কৰে।

কৃষক, শিল্পী, বণিক প্ৰভৃতি বিভিন্ন বৃত্তিধাৰী লোকৰ লগত সত্ৰ-ব্যৱস্থাৰ পোনপটীয়া সম্পৰ্ক থকাৰ উদাহৰণ শংকৰদেৱৰ জীৱন চৰিতত পোৱা যায়।” (পৃষ্ঠা ১২-২০)

সত্ৰ ব্যৱস্থাত কালক্ৰমত যি কেৰোণ সোমাইছিল তাৰ কাৰণে গুৰুজনা দায়ী হ’ব নোৱাৰে- দায়ী সমকালীন মনোবৃত্তি। সমাজখনলৈ সম্পূৰ্ণ এক পৰিবৰ্ত্তনৰ ভাৱ-ধাৰা আনি তেখেতে আশাপ্ৰদ পৰিবেশৰ জন্ম দি প্ৰগতিৰ বতৰা আনিছিল।

শংকৰদেৱৰ সম্পূৰ্ণ কৰ্মৰাজিৰ বিশ্লেষণ এক অতিশয় দুৰূহ কাম, কীৰ্ত্তনৰো দুটিমান অধ্যায়ৰ মাজেৰে প্ৰকাশিত মানৱতাবাদৰ জিলিঙনিতেই সামৰণি মাৰিলোঁ এই প্ৰৱ্ন্ধৰ পৰিসৰ। দোষ ত্ৰুটি গুৰুজনাৰ নহয়, এই অধমৰ নিজা অল্পমতিৰহে পৰিচায়ক।

লেখক: ড° দীপশিখা মহন্ত বৰতামুলী

উৎস: সাহিত্য.অগ

 

2.57142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top