মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / শৰণীয়া কছাৰী সকলৰ বাঁহ গোঁসাই উৎসৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰণীয়া কছাৰী সকলৰ বাঁহ গোঁসাই উৎসৱ

শৰণীয়া কছাৰী সকলৰ বাঁহ গোঁসাই উৎসৱৰ বিষয়ে লিখা হৈছে ।

অসম আমাৰ ৰূপহী গুণৰো নাই শেষ৷

অসমখন বাৰে ৰহণীয়া জাতি জনজাতিৰে ভৰা ৰাজ্য৷ এনে এন ৰাজ্যৰ একোটা জাতি বা জনজাতিৰ বিষয়ে জানিবলৈ তেওঁলোকৰ উৎসৱৰ বিষয়ে জানিলে ভাল৷ এই বাৰে ৰহণীয়া অসমৰেই অন্য জনজাতিৰ দৰে এটা জনজাতি হল শৰণীয়া কছাৰী৷

এই জনজাতিটোৰো বিহুৰ লেখিয়া উৎসৱ হয়৷ নানান উৎসৱৰ ভিতৰত বাঁহ গোঁসাই উৎসৱ এই জনজাতিৰ লেখত ল’বলগীয়া আৰম্বড়পূৰ্ণ উৎসৱ৷

এই উৎসৱৰ মূল গাঁৱৰ সকলো গৃহস্থৰ শান্তি কামনা কৰা এক আধ্যাত্মিক উৎসৱ৷ এই বাঁহ গোঁসাই হিচাপে ভগৱান বিষ্ণুক পূজা অৰ্চনা কৰা হয়৷ গৰু বিহুৰ দিনা এই জনজাতীয় লোক সকলে গৰু নোৱাই আহি ঘৰত গা ধুই শুচি হৈ সেউজীয়া নতুন মুকচা পৰিধান কৰে, বগা ৰঙৰ হাত দীঘল গেঞ্জি বা বগা ৰঙৰ অন্য চোলা পৰিধান কৰি গলত সেউজীয়া বিহান (বিহুৱান) লয় আৰু গাঁৱৰ প্ৰধান গোঁসাই ঘৰত এক হয় গোঁসাই ঘৰত পূজা কৰি আঁঠু লয় আৰু সকলোৱে মিলি গাঁৱৰ নিৰ্দ্দিষ্ট বাঁহৰ বাৰীত বাঁহ কাটিবলৈ যায় ঢোল তাল শংখ বৰকাহ আদি বজাই, নিৰ্দিষ্ট জাতি বাঁহ এডাল পূজা অৰ্চনা কৰি কাটি গোঁসাই ঘৰলৈ আনি বাঁহ ডাল চাচি ধুই পৰিষ্কাৰ কৰি বগা ৰঙৰ জামা পিন্ধা মূৰত এটা পিতলৰ চোলা পিন্ধাই দিয়ে আৰু বাকী অংশত চোঁৱৰ, বিহুৱান, ৰুমাল আদি পিন্ধাই দিয়ে আৰু এখন শৰাইত কেইপাহি মান ফুল থৈ ৰুমাল এখনেৰে মেৰিয়াই বান্ধে বিষ্ণু ৰূপী বাঁহ গোঁসাই থিয় কৰি ৰাখিবলৈ, এই আটাইবোৰ কাৰ্য্যকে বাঁহ বন্ধা বোলে৷

বাঁহ বন্ধা হোৱাৰ পিছত সকলোৱে সেৱা লবলৈ গোঁসাই ঘৰৰ বাহিৰলৈ আনি গোঁসাই ঘৰৰ চৌপাশে ৭ বাৰ বা ৩বাৰ প্ৰদৰ্শন কৰে আৰু সেৱা লৈ সিদিনাৰ বাবে আকৌ গোঁসাই ঘৰত সোমাই থৈ দি মাহ প্ৰসাদ লৈ ঘৰাঘৰি যায়৷

মানুহ বিহুৰ দিনা অন্য লোকৰ দৰে এওঁলোকেও অন্য নীতি নিয়মসমূহ পালন কৰি গোঁসাই ঘৰত সমবেত হৈ নিৰ্দ্দিষ্ট দুজন ডেকাৰ দ্বাৰা বাঁহ গোঁসাইক বাহিৰলৈ আনি সেৱা লয় আৰু ঢোল তাল শংখ বজাই গাঁৱৰ মুখিয়াল বা দেউৰী গৰাকীৰ ঘৰলৈ প্ৰথমে অনা হয়৷

যি ঘৰ গৃহস্থৰ ঘৰলৈ গোঁসাই যাব তেওঁলোকে চোতালত গোৱৰেৰে লেপন কৰি শুচি কৰি ৰাখে আৰু লঘোণ দিয়ে, বুট মাহ, কল, কুঁহিয়াৰ আদি নৈবদ্য তৈয়াৰ কৰি ৰাখে আৰু গোঁসাই আদৰিবলৈ পদূলিত এখন পীৰাৰ ওপৰত নতুন বিহুৱান ৰাখে তাত গোঁসাই ধৰা লোক কেইজনৰ ভৰি দুখন নোৱাই আৰু কাঁহৰ কাঁহীত পান তামোল এগছি বন্তি জ্বলাই আদৰি আনে৷

ঘৰৰ চোতালৰ সন্মুখত বা গোঁসাই ঘৰৰ কাষত গোঁসাই ৰাখিবলৈ তাতো এখন পীৰাৰ ওপৰত নতুন বিহুৱান ৰখা হয় গোঁসাই ৰখাৰ পিছত গৃহস্থই কাঁহৰ কাঁহী বা শৰাইত নতুন বিহুৱান, পান তামোল এযোৰ, সাধ্য অনুসাৰে টকা ৰাখি সেৱা লয় আৰু সকলোৱে মিলি গৃহস্থৰ আশীৰ্বাদ কৰে৷ আৰু যতনাই ৰখা মাহ প্ৰসাদ সকলোকে ভগাই দিয়া হয়৷

অৱশ্যে মৃত কৰ্ম নোযোৱালৈ, নতুন কেচুৱা জন্মৰ এমাহ নোহোৱালৈকে সেই গৃহস্থৰ ঘৰৰ বাঁহ গোঁসাই নিয়া নহয়৷ মহিলাৰ মাহেকীয়া হলে তেওঁলোকক আঁতৰাই ৰাখে৷

গোঁসাই যোৱাৰ পিছত পীৰাত পাৰি দিয়া বিহুৱান দুখন গৃহস্থই গোঁসাই ঘৰত ৰাখে তেনে বিহুৱান ঘৰত ৰাখিলে শান্তি আৰু ধনে ধানে উপচি পৰে বুলি বিশ্বাস কৰে৷

এনেকৈ প্ৰতি ঘৰে গোঁসাই আদৰে আৰু গধূলি গোঁসাই আনি গোঁসাই ঘৰৰ চৌপাশে আকৌ ৭ৰ পৰা ৩ বাৰৰ ভিতৰত ঘূৰি সমাজে সেৱা লয় আৰু দেউৰীয়ে এটা কাঁহৰ গিলাচত তুলসী ফুলৰ সৈতে পানী আনি বাঁহ ডালৰ তল ফালে নোৱাই ভিতৰত সোমাই থৈ দিয়ে, গোঁসাই নোৱা পানী গোঁসাই ফুৰোৱা সকলক অলপ অলপ খাবলৈ দিয়া হয় এনে কৰিলে ভাগৰ পলাই বুলি বিশ্বাস আছে; তেনেকৈ বহাগৰ পাঁচ তাৰিখলৈকে তেনেকৈ গাঁৱত গোঁসাই ফুৰাই লৈ ফুৰে আৰু বহাগৰ ছয় তাৰিখে বিভিন্ন ঠাইৰ বাঁহ গোঁসাই একত্ৰিত হয় নিৰ্দিষ্ট স্থানত আৰু বহাগৰ সাত তাৰিখে বাঁহ সোলোকোৱা নিয়ম সেইদিনা ৰুমাল, চোঁৱৰ, বিহুৱান সোলোকাই বাকচত ভৰাই থৈ দিয়ে৷

পিছত বহাগৰ মাহৰ প্ৰথম পূৰ্ণিমাৰ দিনা গোঁসাই ঘৰত হোম যজ্ঞ পতা হয় আৰু গাঁৱৰ সকলো আহি এখন কৈ শৰাই আগবঢ়াই সেৱা লয় যজ্ঞ শেষ হোৱাৰ পিছত গোঁসাইক সেৱা লৈ সকলোবোৰ সোলোকাই ৰাখি ওপৰত তুলি ৰখা হয় আৰু পুৰণি বাঁহ গোঁসাই ডালক এখন কলৰ ভেলত সজাই নৈ লৈকে নি উতুৱাই দিয়া হয় আৰু উভতি আহোঁতে পিছলৈ চাবলৈ দিয়া নহয় চালে অমংগল হয় বুলি বিশ্বাস আছে৷

এনেদৰে শেষ হয় বাঁহ গোঁসাই উৎসৱ আৰু আকৌ নতুন বছৰত পাতে তেনে উৎসৱ৷ এনেদৰে একতাৰে থাকে জনজাতিটো৷ অকল নিজৰ জাতিৰ ঘৰলৈকে বাঁহ যাব সেইটো নহয় অন্য জাতিৰ ঘৰলৈকো এই গোঁসাই নিয়া হয় এনেদৰেই একতাৰে বান্ধ খায় অসমীয়া সকল৷ এনেখন অসমত জনম পোৱাটো সৌভাগ্যৰ কথা৷

লেখক: প্ৰকাশ ডেকা শৰণীয়া(সাহিত্য.অৰ্গ)

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top