অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শৰণীয়া কছাৰীসকল

শৰণীয়া কছাৰীসকল

জাতি-জনজাতিৰে ফুলনি হৈ থকা অসমৰ এটা প্ৰধান জনজাতি হ’ল শৰণীয়া কছাৰীসকল। মংগোলীয় ফৈদৰ শৰণীয়া-কছাৰীসকল মূলতঃ কছাৰীমূলৰ। তেওঁলোক অতিশয় সমৃদ্ধ সংস্কৃতিৰ অধিকাৰী। তেওঁলোকৰ বৰ্ণময় সংস্কৃতিৰ চমু আলেখ্য এই লেখা। শৰণীয়াসকলে বহাগ বিহু অতি উলহ-মালহেৰে পালন কৰে। ব’হাগ বিহুৰ লগত সংপৃক্ত হৈ আছে ব’হাগৰ ১৩ তাৰিখে হোম-যজ্ঞ কৰি গোহাঁই বাঁহ খহোৱা উৎসৱ। তদুপৰি বহাগৰ ১ তাৰিখৰ পৰা ৭ দিনলৈ বাঁহ গোহাঁই উৎসৱ। বাতৰ পূজা, কাতি গাছা, মাঘৰ দোমাহী, বাম্বোল পিতা, মহ খেদা, নৱান্ন খোৱা উৎসৱ, গোছা লোৱা উৎসৱ শৰণীয়া কছাৰীসকলৰ উল্লেখযোগ্য উৎসৱ।

বাঁহ গোহাঁই উৎসৱ

বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গা-পা ধুই পৱিত্ৰভাৱে মকাল বাঁহ কাটি আনি চাঁচি-চুৰুকি সুন্দৰ কৰি তাৰ ওপৰত এটা মুকুট পিন্ধাই আৰু বিভিন্ন ৰঙৰ কাপোৰ ছোঁৱাৰ আদি পিন্ধাই ইয়াক নামঘৰত সজায়। তাৰপিছত বহাগৰ ১ তাৰিখৰ পৰা গাঁৱৰ ঘৰে ঘৰে লৈ যায়। এই বাঁহডাল ৯ হাত ৫ ফুট দীঘল হ’ব লাগিব। বাঁহৰ অৰ্থাত্ বাঁহ গোসাঁইৰ মূৰত পিতলৰ মুকুট পিন্ধাই তাত তেল সেন্দূৰ সানি ফুলৰ মালা পিন্ধায়। তাৰপিছত বাঁহডাল গোসাঁই ঘৰত ৰাখি ধূপ-ধূনা জ্বলাই পূজা কৰি নতুন বছৰৰ শুভ কামনা কৰা হয়। বহাগ মাহৰ ১ তাৰিখৰ দিনা সকলোৱে গা-পা ধুই গোসাঁই ঘৰলৈ আহে আৰু ঢোল-খোল-তাল-শংখ-ঘণ্টা বৰকাঁহ আদি বজাই বাঁহ গোসাঁইক গাঁৱৰ ঘৰে ঘৰে ফুৰাবলৈ নিয়ে।

বাঁহ গোসাঁইৰ আগৰফালে ধৰাজনক ‘আগধৰা’ আৰু গোৰৰ পিনে থকাজনক ‘গোৰধৰা’ বুলি কয়। বাঁহ গোসাঁই চোতাল পোৱাৰ লগে লগে বটা এখন আৰু ফুল দিয়ে। বাঁহ গোসাঁইক বটাৰ ওপৰত থৈ নাম পৰিৱেশন কৰা হয়। গৃহস্থই বাঁহ গোসাঁইৰ সন্মুখত সেৱা জনাই আৰু গৃহস্থৰ মংগল কামনা কৰি হৰিধ্বনি দিয়ে এইদৰে-

‘জয়গোপালক সুমৰি হৰি বোল

হৰি বোল। হৰি বোল

গৃহস্থৰ মনৰ কামনা পূৰ্ণ হওক

অপায়-অমংগল দূৰ হওক

হৰি বোল হৰি বোল।‘

বাম্বোল পিতা উৎসৱ

বাম্বোল পিতা উৎসৱ শৰণীয়া কছাৰীৰ এটা সাংস্কৃতিক বৈশিষ্ট্য। এই বাম্বোল পিতা উৎসৱৰ তাৎপৰ্য হ’ল যে গ্ৰীষ্মক বিদায় দি শৰতক আমন্ত্ৰণ জনোৱা। এই উৎসৱ ভাদ মাহৰ পূৰ্ণিমাত আৰম্ভ কৰি পাঁচ দিন ধৰি পালন কৰা হয়।

বাম্বোলৰ অৰ্থ হ’ল- ‘বাম’ মানে বাঁহ আৰু ‘বোল’ মানে টুকুৱাই কোৱা বা গোৱা গীত। বাঁহত কোবাই কোবাই গোৱা গীতবোৰ এনেধৰণৰ-

এশ টকাৰ হালধি গুড়া দুশ টকাৰ তেল

তিনিশ টকাৰ ঘোঁৰাটো লাগাম ছিঙি গেল

খিদি আনলো খিদি আনলো বান্ধবাৰ

ঠাই নাপলাং

শহুৰ বুঢ়াই দিখাই দিলাক কটা বাঁহৰ

তল।

কি আই হাইটৌ বোলে বাই হাইটৌ

বোলে

বাম্বোল বাম্বোল পিতিবা যাং হেৰ

বাম্বোল পিতবা যাং

অ’ হুৰেই হুৰেই অ’ হুৰেই।

মহ খেদা উৎসৱ

মহ খেদা উৎসৱ আঘোণ মাহৰ পূৰ্ণিমাৰ দিনৰপৰা পাঁচ দিন ধৰি পালন কৰে। এই মহ খেদা উৎসৱে শৰতক বিদায় দি শীতকালক আহ্বান জনায়। ইয়াক আকৌ ভালুক নচুৱা উৎসৱ বুলিও কয়। মহ খেদা ল’ৰাহতৰ মাজৰ এজনক শুকান কলপাতেৰে মেৰিয়াই ভালুক সজাই লৈ যায়। এই মহ খেদা গীতৰ তালে তালে ভালুকে নৃত্য কৰে আৰু তলৰ গীতবোৰ ল’ৰাহতে গায় এইদৰে-

আঘোণ মাহত পূৰ্ণী হ’ল।

মহ খেদবা হুকুম হ’ল

হালতি হৌৰে থুপৰী হওঁ

কণা-কুঁজাই এক ফাল হওঁ

ল’ৰা-লৰি, ভাই-বৌ

টেপুল গুৰা খাইবো

টেপুলত নহাল লোণ

চাউল কৰে দোণ দোণ

চাউল কৰি পাতাল পিহা

খাইতে কৰে থিহা নীহা।

হাল বালো সিৰালে

মৈ দিলো পাকে

খিদি গুৰি পাৰ কৰলো

বুঢ়া দিয়াৰ ঘাটে।

শৰণীয়া কছাৰীৰ অতি সুন্দৰ আকৰ্ষণীয় নৃত্য হৈছে মাছমৰীয়া নৃত্য। মাছমৰীয়া নৃত্যৰ ছন্দে ছন্দে গীতৰ লহৰে লহৰে আংগিক সঞ্চালনে দৃষ্টিনন্দন ৰূপ লয়।

মাছমৰীয়া নৃত্যৰ গীতবোৰ হ’ল-

অ’ আইহাত ঐ বাইহাত ঐ জাখেই খালেই লৌ

আমতিৰ চুৱা গেল আমি মাছ মাৰং যৌ।

আহ, আপি, জাখেই মাৰবা যাং

আহ, আপি মাছ মাৰবা যাং।

ছানাতে চানাকাই জাখেই বুই দিছিল ঐ

ছানামাছ মাৰবি বুলি।

পোৱান মাছ ডাঙৰ হ’ল খালেই ভৰাই

আনোংগৈ

জাক্ পাতি জাখেই মাৰি মাৰি।

পালপাতি মাছ মাৰং শৰণীয়া কছাৰী

আহ আপী জাখেই মাৰবা যাং

আহ, আপি মাছ মাৰবা যাং।

লেখক: ধনেশ্বৰ হুজুৰী।

2.97826086957
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top