মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / সংস্কৃতিৰ ইটো সিটো
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সংস্কৃতিৰ ইটো সিটো

সংস্কৃতিৰ ইটো সিটো

কলা-খাৰেৰে কাপোৰ ধোৱা প্ৰথা

আগৰ দিনত মহিলাসকলে কলাখাৰৰ সহায়ত কাপোৰ ধুইছিল বুলি ককা-আইতাৰ মুখত শুনিছিলোঁ। কলাখাৰ প্ৰস্তুত কৰাৰ বাবে কলগছ একোডাল, বিশেষকৈ ভীমকলৰ গা-গছ আগৰ পৰা গুৰিলৈকে টুকুৰা-টুকুৰ কৰি কাটি লৈ দুহাতমান দীঘল কৰি পাতল পাতল কৰি চিৰিয়া চিৰিকৈ ফালি ৰদত শুকুৱাব লাগে। অন্ততঃ সাত দিন মান ৰদত শুকুৱাই জুই জ্বলাই পুৰিব লাগে। ছাঁই হোৱাৰ পিছত জাতি লাউৰ খোলাৰ তলত এটা বিন্ধা কৰি লৈ ভিতৰত কলাখাৰ ভৰাই লৈ পানী ভৰাই দিব লাগে। লাউটোৰ তলৰ ফুটাটোৰে বা বিন্ধাটোৰে টোপ টোপকৈ পানী বাহিৰ হৈ পৰিব আৰু আন এটা পাত্ৰত টোপটোপকৈ পৰা খাৰৰ পানীখিনি সংগ্ৰহ কৰিব লাগে।
আগতে কাপোৰ ধুবলগা থাকিলে আগদিনাৰ পৰাই এটি ডাঙৰ খৰাহিত বা পাচিত কলাখাৰৰ ছাঁই ভৰাই লৈ তাত পানী ঢালি দিয়ে। খৰাহিৰ পানীখিনি ৰাখিবৰ কাৰণে তলত একোটা ডাঙৰ পাত্ৰ থৈ দিয়ে। পিছদিনা পুৱা বা গধূলি কাপোৰ খাৰত সিজোৱা কামটো আৰম্ভ কৰে।

কাপোৰ সিজাবৰ বাবে তিনিটা মাটিৰে সজোৱা উধান পাতি লয়। মাটিৰ উধান সাধাৰণতে আলতীয়া মাটিৰে বোকাৰে তৈয়াৰ কৰা হয়। তিনিটা উধান পাতি লৈ চৌকা নাখান্দাকৈ ওপৰতে শুকান কলৰ পাত, খেৰ, নৰা, বাঁহৰ পাত আদিৰে জুই ধৰি কেৰাহি পাতি লৈ তাত কলাখাৰ ভৰাই লৈ গৰম কৰিব লাগে। কেৰাহিৰ খাৰ গৰম নোহোৱা পৰ্যন্ত তলত জুই দি থাকিব লাগে। ভকভককৈ উতল আহিব লাগিব। তাতে অলপমান চূণৰ গুড়ি নাইবা চৌদা মিহলাই দিলে বেছি ভাল হয়। কলাখাৰৰ পানীত কাপোৰ দি লৈ কিছুসময় উতলিবলৈ দিব লাগে। ইয়াৰ পাছত জুই দিয়া বন্ধ কৰি, ঠাণ্ডাকৰি লৈ কাঠৰ কাপোৰ ধোৱা পাত বা পকী পাতত এচাৰি এচাৰি চৰপ চৰপ কৰি কলাখাৰত উতলোৱা কাপোখিনি ধুই ৰদত শুকাবলৈ মেলি দিব লাগে।

কলাখাৰত উতলোৱা কাপোৰ অতি চাফা হয়। বেমাৰৰ বীজাণু আদিও খাৰৰ পানীত মৰি যায়। আগৰ দিনত কলাখাৰেৰে কাপোৰ ধোৱা কাৰ্যই আছিল অসমৰ প্ৰথম কাপোৰ ধোৱা প্ৰথা। তেতিয়াৰ দিনত কলাখাৰেৰে মানুহে গা-মুৰ আদিও ধুইছিল। কলাখাৰ বীজাণুনাশকেই নহয় বিভিন্ন ৰোগৰো ঔষধ। কলাখাৰে পৱিত্ৰতাও আনে।

অসমীয়াৰ পৰম্পৰা নেওঠনী

নেওঠনী,- কপাহ পেৰি পেৰি গুটি গুচোৱা পদ্ধতিটোক নেওঠনী বুলি কোৱা হয়। এই পৰম্পৰা অসমীয়াৰ অতি প্ৰচীন। নেওঠনীৰ সহায়ত কপাহৰ গুটি আৰু আঁহ পৃথক পৃথক কৰিব পাৰি। তাহানি অসমীয়াৰ ঘৰে ঘৰে এইবিধ নেওঠনী আছিল। বৰ্তমানৰ দৰে সূতা আদিৰ তেতিয়া আৱিষ্কাৰেই হোৱা নাছিল আৰু হৈছিল যদিও সেয়া ক্ৰয় কৰিবলৈ আৰ্থিকভাৱে সক্ষম নাছিল। নিজৰ ঘৰতেই কপাহৰ খেতি কৰি সেইবোৰৰ পাৰ সূতা কাটি কাপোৰ বৈ লৈছিল। সধাৰণতে আঘোণ-কাতি মাহত কপাহৰ কলি ওলায় আৰু ফাগুন-চত মাহত কপাহ পোৱা যায়। কপাহৰ কলবোৰ চিঙি আনি সেইবোৰ ফালি তাৰ পৰা কপাহবোৰ বাহিৰ কৰা হয়, প্ৰথমতে কপাহবোৰ ভালদৰে চাফ-চিকুণ কৰি বাছি লব লাগে। কোনো কোনো ঠাই কিছুমান অসমীয়া মহিলাই বৰালি মাছৰ দাঁতেৰেও কপাহৰ পৰা লেতেৰা অংশ বা জাৱৰ আদি আতৰ কৰিছিল।

অলপ অলপ কপাহ বাওঁহাতত লৈ সোঁহাতেৰে মুঠিত ধৰি নেওঠনীটো ঘূৰাই থাকিব লাগে। ইয়াৰ ফলত গাৰ ফালে পেৰি লোৱা কপাহখিনি গোটখাব আৰু লেটেৰা জাৱৰ বোৰ সন্মোখৰ ফালে বাহিৰ হৈ যাব। (নেওঠনী দেখিবলৈ মাজ-অংশ মোটা আৰু দুইমুৰ ক্ৰমান্বয়ে সৰু কাঠেৰে তৈয়াৰী) পিছত বাঁহৰ ধেনুৰ সহায়ত কপাহখিনি ধুনি লৈ মাজত এক

দুডাল বাঁহৰ চাৰি চে.মি.মান দীঘল শলিৰে ঘূৰাই কপাহখিনি একোডাল ডাঙৰ মমবাতিৰ সমান কৰি লবলাগিব। ইয়াৰ পাছতেই যঁতৰত সুমুৱাই দি সূতা কাটিব পাৰি। নেওঠনী এটা সময়ত জীৱিকাৰ আহিলা হিচাপেও ব্যৱহাৰ কৰা হৈছিল।

এসময়ত কপাহী কাপোৰৰ বৰ আদৰ আছিল বাবেই নেওঠনীৰ জনপ্ৰিয়তা আৰু প্ৰচলনো আছিল। স্বাধীনতা সংগ্ৰামী সকলে কপাহী কাপোৰ ব্যৱহাৰ কৰিছিল, সেই সময়ত বিদেশী বস্ত্ৰ দাহণ কৰি বৰ্জন কৰিছিল। মহামানৱ মহাত্মা গান্ধীয়েই কপাহীকাপোৰ নিজে যঁতৰত সূতা কাটি বৈ লৈ পিন্ধিছিল। তাহানি একেৰাতিৰ ভিতৰতে কপাহ নেওঠী সূতা কাটি কাপোৰ বৈ স্বামীক ৰণলৈ পঠাইছিল। এনে কপাহী কাপোৰক কবচ কাপোৰ বোলা হয়। লোকবিশ্বাস আছিল যে এনেকৈ এৰাতিতে বৈ দিয়া এনে কবচ পিন্ধি ৰণলৈ গ’লে ৰণত মৃত্যু নহয়।তাৰেই উদাহৰণ হৈছে- ‘‘আহোম স্বৰ্গদেউসকলৰ দুজন প্ৰধান মন্ত্ৰী আছিল- এজন বুঢ়াগোহাঁই আৰু আনজনক বৰগোহাঁই বোলা হৈছিল। এবাৰ ফ্ৰাচেংমুং বৰগোহাঁই ডাঙৰীয়া কলিয়াবৰৰ ৰণলৈ হঠাতে যাবলগীয়া হৈছিল। এই ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নীৰ নামেই আছিল মূলাগাভৰু। স্বামী ততাতৈয়াকৈ ৰণলৈ যাবলৈ ওলোৱাত বৰা বিমোৰত পৰিল, কি কৰিব, ইমান কম সময়ত সূতা কাটি কবচ কাপোৰ বোৱা নহয়গৈ। উপায়ন্তৰ হৈ মূলাগাভৰুৱে স্বামীক ৰণলৈ যাবলৈ বাধা দিছিল, তৎস্বত্তেও স্বামী ৰণলৈ গ’ল আৰু সেই ৰণতেই মূলাগাভৰুৰ স্বামীৰ মৃত্যু হৈছিল।’’

আইৰ সাতমপুৰুষীয়া আখলত ভুমুকি

গাঁৱৰ ঘৰ, চোতাল, বাৰীৰ তামোল-পাণ, এক অপূৰ্ব সৌন্দয্যৰে ভৰা ঘৰখনৰ প্ৰতিটো বস্তুৰে এক সুকীয়া গৌৰৱ আছে ।ডাঠ চকোৱাৰ বেৰ দি, মাজতে চোতাখন লৈ চৰাঘৰ, বৰঘৰ মাৰলঘৰ, গোসাঁই ঘৰ, ৰান্ধনিঘৰ আদি সুকীয়া সুকীয়াকৈ সজা গৃহ নিৰ্মাণ পদ্ধতি আধুনিক মাৰ্বল, টাইলচ, চিমনি লগোৱা পাকঘৰৰ লগত কেতিয়াও তুলনাই হ’ব নোৱাৰে। চৰাঘৰ বৰঘৰৰ পৰা আঁতৰত অলপ ভিতৰ ফাললৈ সজা সাধাৰণতে কেঁচা ৰান্ধনিঘৰেই অসমীয়া সাতমপুৰুষীয়া মাদকতা বজাই ৰাখে। কাঁঠৰ খুটা দি সাজিলেও অথবা টিন দিলেও সাধাৰণতে ৰান্ধনিঘৰৰ মজিয়া কেঁচাকৈ ৰখা নিয়ম বেলেগ পাকত খোৱা আলহী-অতিথি, ভকত কাৰণ আহিলে ঠাইতে পাক-ঘৰৰ এচুকত ঢৌ খুঁটি মাৰিবলৈ সহজ হয়। তদুপৰি ঘৰখন মুকলি মুকলি লগাকৈ দুইবেলা ৰঙা মাটিৰে মচি থ’বও পাৰি।

বাহী গাৰে বা জোতাই-মোজাই পাকঘৰত সোমোৱাৰ বাধা পৰম্পৰাগত। জুইশাল বা জুহাল হয় ভাত খোৱা মজিয়াৰ একাষতে পতা হয় নতুবা তাৰ কাৰণে আছুতীয়াকৈ কোঠা এচা বা এডোখৰ চালি থাকে।ৰান্ধনিশালৰ মজিয়াৰ ফালে খিৰিকী থাকিলেও পাকঘৰত সাধাৰণতে খিৰিকী দিয়া নিয়ম কমেই দেখা যায়। ৰন্ধা বা খোৱা আনে দেখিলে মুখ লগাৰ আশঙ্কাৰ লগতে খিৰিকী সৰকাই চোৰে ৰন্ধা বস্তু চৰুৰে সৈতে লৈ যোৱাৰ ভয়েই খিৰিকী নৰখাৰ হয়তো কাৰণ । পূৱ বা উত্তৰ মুৱাকৈ সাজি লোৱা মাটিৰ দুটা চৌকা অসমীয়া ৰন্ধনিগৰৰ প্ৰথম সম্পদ। ভাত ৰন্ধা ঠাইখনৰ পবিত্ৰতা ৰক্ষাৰ কাৰণে চৌকাৰ পৰা কিছু আঁতৰাই চাৰিওকাষে মাটিৰে সৰুকৈ আলি এটা দি লোৱা হয়। এই আলিটোৰ ভিতৰতহে চৰু, কেৰাহী, হেতা, ভাত-চৰুৰ গুৰি সৰা বুটি শোটা, হাত ধোৱা লোটা, চৰিয়া, ভাত-চৰু পোহৰোৱা গছা-চাকি ৰখা নিয়ম।

আলিৰ ইকাষে বাঁহেৰে সজা এখন পানীচাং, চৌকাৰ ওপৰত চালৰ ওপৰৰ পৰা ওলোমাই থোৱা সৰু, বৰ , ধোঁৱা লগা এসোপা টেকেলি, টেকেলিৰ ভিতৰৰ কোনোবাটোত শুকান ঠেকেৰা, কোনোবাটোত শুকান শিলিখা, কোনোৱাটোত আঠীয়াকলৰ শুকান বাকলি বা কোনোৱাটোত নিমখ, কোনোৱাটোত শুকান খৰিচা বা পকা খৰিচা, কোনোৱাটোত কলগছ শুকুৱাই কৰা কলাখাৰ। এই সকলোবোৰ ৰখা চাংখনক ধোঁৱা চাং বুলি কোৱা হয়।

হেন্দালিত শুকান খৰি, লাগনি খৰিৰ লগতে শুকাবলৈ থোৱা মহানিমৰ পাতৰ চালনী এখন, বা গুৰি খুন্দিবলৈ থোৱা কেইটামান শুকান বগৰী। পানী-চাঙত থোৱা টেকেলি, কলহ, মলাত পিঠাগুড়ি, সান্দহ, চিৰা-পিঠাৰ লগতে পকা কলৰ থোক এটা, ঔটেঙা দুটামান, ঢেঁকীয়া বা কচুশাক দুমুঠি, লাও এচিটা। কাঁঠৰ চৰিয়া এটাত চকলিয়াই থোৱা গুড় অলপ। লগতে শিলৰ বাটি এটাত সৰিয়হৰে কৰা খাৰলি, পানী-টেঙা অকণ। ইফালে শিকিয়াত ওলোমাই থোৱা থাকে এঁৱা গাখীৰৰ ঘটি এটা। দৈ-গাখীৰৰ টেকেলি আৰি থোৱা পানী-চাঙৰ কাষৰ খুঁটাটোত সাঁচতীয়া পাতি পইচা ভৰাই থোৱা বিন্ধা তিনিটামান থাকে, যাক কণকণ ল’ৰা-ছোৱালীয়ে খোলোং বুলি কয়। মজিয়াৰ বেৰত ওলমি থাকে খোৱা তেলৰ চিঁচা, দাঁত খৰকিয়াবলৈ খৰিকা থোৱা চুঙা। মজিয়াৰ বেৰত আউজাই থোৱা থাকে নিতৌ ধুই ধুই চকচকিয়া কৰা সৰু-বৰ পীৰা। আইনাৰ দৰে ঘঁহি-পিহি ধুই থোৱা ফুলকটা কাঁহৰ কাঁহী, বৰকাঁহী, বাটি, বান বাটি, পাণধোৱা লোটা, চৰিয়া, ঘটি, কাঁহৰ গিলাচ, পিতলৰ গিলাচ মজিয়াৰ চাঙত শাৰী শাৰীকৈ থোৱা থাকে। আৰু থাকে ফুলকটা শিলৰ  পটাৰ বুকুত পটাগুটি, অনবৰতে জুই সাঁচি ৰাখিবলৈ তুঁহ দি থোৱা জুহালত লোহাৰ ডেগ।

দোক-মোকালিতে ঘৰ-চোতাল সাৰি আগদিনাৰ বাহী বাচন ফুট ছাঁইৰে ঘঁহি-পিহি ধুই, ৰঙা মাটিৰে পিৰালি, ঘৰ মচি, মূৰ তিয়াই গা-ধুই তিতা তিয়নীৰে আহি মজিয়াৰ ডাৰত ওলোমাই আগদিনাই তিয়াই-বুৰাই থোৱা ৰিহা-মেখেলা পিন্ধি ঘৰৰ গৃহিনীয়ে পবিত্ৰ হৈ পাকঘৰ সোমায়। খাবৰ পৰত বজাৰৰ বস্তুৰে জনপান কৰিবলৈ আঁঠুৰ মূৰত খোলা পতা নিয়ম অসমীয়া গৃহস্থীৰ বাবে আচহুৱা কথা।  পানী অকণ দি মোহাৰি মাৰিলেই কুমলি উঠা কোমল চাউল, তেঁতেলীপতীয়া চিৰা, শুকান পিঠাগুড়ি এডলা আদি যদি নাথাকে তেনেহলেনো সেইখন অসমীয়া গৃহস্থীৰ আখলেই বুলিব নোৱাৰি।

মেলাহি বাটি এটাত দুখামোচমান পিঠাগুড়ি লৈ পকা চেনিচম্পা কল দুটা আৰু গুড় (মিঠৈ) গাখীৰৰ লগত জলপান তৈয়াৰ কৰি, আগদিনাই ৰাতি সিজাই থোৱা লুথৰিৰে লৰা-ছোৱালীবোৰক ৰাতিপুৱাৰ জেঙামাৰি, ডাঙৰৰ বাবে বানবাটিত চিৰা বা সান্দহ বা কোমল চাউল সজাই থয়। কঁৰীয়াত খীৰাই অনা গৰুৰ গাখীৰ আছেই। আকৌ মজিয়াৰ কাষত শলামাৰি থোৱা বা ঠাৰিডালৰ গুৰিত নিমখ লগাই থোৱা গোন্ধে আমোলমোলাই থকা পকা কঁঠালটোৱে মোক খা মোক খা কৰি থাকেই।

ৰাতিপুৱাৰ জাঁজ মাৰি পাকত ঘূৰা অসমীয়া গৃহিনীয়ে এফালে ভাতৰ চৰু পাতি, আনফালে হয় তাঁতকে দোমোৰ মাৰে, নহয় জহা, বৰা দুটামানকে উলিয়াই থওঁ বুলি ঢেঁকীকে জুৰি লয়। ধানবনোৱা কল (মেচিন) ওলোৱা কেইদিন হৈছে। হ’লেও ঢেঁকীত বনোৱা চাউলৰ জোৰৰ লগত কলত বনোৱা চাউলে পাই জানো? ঢেঁকীত ধান বানিলে তুঁহ ৰাহি, খুদ ৰাহি, চাউলখিনিৰো সুকিয়া ৰস থাকে। ধান জৰা-ফুকা কৰা চালনি, ডলা, তিয়োৱা হৈ নাথাকিলে ভাত ৰন্ধা গাৰে পিছে চুব নাপায়।

দুপৰীয়া সাজত মাটিমাহে ঔটেঙাই, জাতিলাও বিলাহী, কচুথোৰ পাতত দিয়া, কাঠ আলু, পোৰা মাছৰ পিটিকাই মোক খা মোক খা কৰি থাকে। কোনবিধ আগতে খাবা, কোনবিধ পাছত…ভাবি থাকোতেই সময় যায়। গৰমৰ দিনত আকৌ চৰুত পইটা ভাত থাকিলে পোৰা মাছ, পোৰা বেঙেনা, কঁঠাল গুটিৰে পিটিকা লগত কণ জলকীয়া খাবলৈ ঘৰৰ আটাইৰে হেতা-উপৰা লাগে। পথাৰৰ পৰা অহাজনৰ বাবে দৈ, পইটা ভাত, আঠীয়া কল গা শাঁত পেলোৱা জুৰণি।

খাবৰ পৰাত মচা মজিয়াকে আকৌ পানী ছটিয়াই মচি দি ভাগে ভাগে বৰপীৰা পাৰি মূল মানুহকেইজনক পীৰাৰ কাষত লোটা, খৰিকা, গামোচা সজাই দি সকলোকে একেলগে খাবলৈ দিয়ে। ঘৰৰ মূলজনে বেঢ়া-কাঁহীত বা বান কাঁহীত ভাত খোৱা নিয়ম। কাঁহীৰ কেউকাষে বিভিন্ন ব্যঞ্জনৰ সৰু সৰু সজাই দিয়া থাকেই। ৰান্ধোতে-বাঢ়োতে কাঁহী-বাটি থেকেচ-নেকেচ্ কৰিব নাপাই, সেয়া বোলে কুলক্ষণীয়াৰহে চিন। ভাত খাওঁতে টকালি মাৰি বা চৰু চাই ভাত খাব নাপাই। এয়া আমাৰ অসমীয়াৰ নিয়ম।

ওজাপালি

ওজাপালি অসমৰ এটি পুৰণি আৰ্ধনাটকীয় কলা৷ ইয়াত নৃত্য, সংলাপ, যুদ্ধৰ বৰ্ণনা আৰু লোমহৰ্ষক বা হাস্যপ্ৰধান দৃশ্যবোৰ উপযুক্ত গীত, কবিতা আৰু উপযুক্ত ৰাগ আদিৰে পৰিৱেশন কৰা হয়। পুৰণি কালৰ পৰা কামৰূপ জিলা, দৰং, গোৱালপাৰা আদি অঞ্চলৰ জনসাধাৰণৰ মাজত এই অৰ্ধনাটকীয় কলা জনপ্ৰিয় কলাৰূপ হিচাপে প্ৰচলিত হৈ আহিছে৷ ইয়াৰ সুৰ, তাল, লয়, নৃত্য, শাৰী হৈ থিয় হোৱা দৃশ্য, চকুৰ চাৱনি, ৰাগ, কাহিনীভাগে সকলো শ্ৰেণীৰ লোককে অভিভূত কৰি তোলে।

এসময়ত ওজাপালিৰ যথেষ্ট আদৰ আছিল। কিন্তু যেতিয়াৰে পৰা চৌদিশে পশ্চিমীয়া সংস্কৃতিয়ে আৱৰি ধৰিলে, তেতিয়াৰে পৰা ক্ৰমশঃ অসমীয়া সংস্কৃতিৰ প্ৰতিটো অসমীয়া মানুহৰ ৰুচি কমি আহিবলৈ ধৰিলে।

ওজাপালি প্ৰধানতঃ দুবিধ—সুকনান্নী আৰু ৰামায়ণ গোৱা ওজা। কামৰূপত ৰামায়ণ গোৱা ওজাক সভা গোৱা বোলে। পদ্মপূৰাণৰ গীত-পদ গোৱা ওজাক সুকনান্নী ওজা বোলে। সুকনান্নী ওজাই ধুতী, গাত বগা চাদৰ আৰু কপালত বগা চন্দনৰ ফোট লয়। কিন্তু ৰামায়ণ গোৱা ওজাৰ সাজ-পাৰৰ বিশেষত্ব আছে। চাপকণ চোলা, কপালত দীঘল ৰঙা-হালধীয়া গামোচা। ভৰিত নূপুৰ, হাতত গামখাৰু আৰু কপালত চন্দনৰ ফোট লয়।মূৰৰ পাগুৰিটোৰ বিশেষত্ব আছে।পুৰণিকালত ওজাজনে তিৰোতাৰ নিচিনাকৈ দীঘল চুলি ৰাখিছিল আৰু খোপা বান্ধিছিল যদিও বৰ্তমান ই লোপ পাইছে বুলিব পাৰি। আখ্যানৰ লগত ৰিজাই কিছুমান খুহুতীয়া কথাৰ মাজেৰে বৰ্ণনা দি দৰ্শকক হাঁহিৰ খোৰাক যোগায় আৰু আমোদ দিয়ে। সভা গোৱা ওজাই খুটিতাল বজায়। কিন্তু সুকনান্নী ওজাই এখন হাতেৰে বুঢ়া আঙুলিত ৰচীৰে মেৰিয়াই খঞ্জিৰা বজায়। সোঁহাতৰ বুঢ়া আঙুলিৰ কাম যথেষ্ট। ৰামায়ণ ওজাৰ লগত দেওধনী নাথাকে, কিন্তু সুকনান্নী ওজাৰ দেওধনী একপ্ৰকাৰ প্ৰধান অংগ বুলিব পাৰি। আজিকালি এই দেওধনী লোপ পাই আহিছে। দেওধনীয়ে কিছুমান অলৌকিক শক্তি দেখুৱাই মানুহৰ মন আকৰ্ষণ কৰে।ওজাসকলৰ স্মৃতি শক্তি প্ৰখৰ আছিল, তেওঁলোকে নিজৰ সুললীত কণ্ঠৰে গোৱা ওজাপালিৰ যোগেদি ভাগৰুৱা মন জীপাল কৰি তোলে আৰু সমাজক একগোট কৰি ৰাখিবলৈ সমৰ্থৱান হয়। চৌষষ্টি কলাৰ ভিতৰত বিশেষকৈ সাহিত্য, সংগীত, নৃত্যকলাৰ সমন্বয় ওজাপালি। শংকৰী যুগৰো বহুকাল আগতে সুস্থ আৰু প্ৰচলিত আছিল ওজাপালি। ওজাপালিক অসমীয়া জাতিৰ এটা অতি আপুৰুগীয়া আৰু প্ৰধান কলা হিচাপে গণ্য কৰা হয়।

লিখক: নিতুল বৰা।

2.88524590164
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top