অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সোণোৱাল কছাৰীৰ হাইদাং গীত:

সোণোৱাল কছাৰীৰ হাইদাং গীত:

 

চ’ত মাহৰ শেষত বাইথ’ পূজাভাগ অনুষ্ঠিত কৰিয়েই সোণোৱাল কছাৰী সমাজে দোমাহী ব’হাগ বিহুৰ সূচনা কৰিছিল। কিন্তু আহোম ৰজা ৰাজেশ্বৰ সিংহই ৰংঘৰ বাকৰিত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীক সামৰি ব’হাগ মাহৰ প্ৰথম দিনত অনুষ্ঠিত কৰা বিহু অনুষ্ঠানৰপৰাই অন্যান্য জনগোষ্ঠীৰ দৰেই সোণোৱাল জনগোষ্ঠীয়েও ব’হাগৰ প্ৰথম দিনৰপৰাই সপ্তাহজোৰাকৈ ব’হাগ বিহু পালন কৰা পৰম্পৰা প্ৰচলিত কৰে। ব’হাগ বিহুত তেওঁলোকে গাঁৱৰ প্ৰতিটো গৃহস্থৰ চোতালত বিহু হুঁচৰি গায়। তেওঁলোকে বিহু আৰু হুঁচৰি দুটা সুকীয়াকৈ পৰিৱেশন কৰে। হাইদাং বা হয়দাং নামৰ আদিম কালৰপৰা মুখে মুখে প্ৰচলিত হৈ অহা গীতসমূহ গাই গাই হুঁচৰি পৰিৱেশন কৰে। এই গীতসমূহক কিছুমানে হয়দাং আৰু কিছুমানে হায়দাং বুলি কয়। কিন্তু কোনটো শুদ্ধ সেই সম্বন্ধে বিতৰ্ক হোৱা দেখা নাই আৰু শব্দ দুটাৰ অৰ্থও উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা দেখা নাই আজি পৰ্যন্ত। আমি কেতিয়াবা কেতিয়াবা এই সম্বন্ধে বিশ্লেষণ আগবঢ়াইছো বন্ধু-বান্ধৱ কিছুমানৰ আগত। আমাৰ মতে গীতসমূহক হায়াদাং বুলি কোৱাহে বেছি যুক্তিযুক্ত যেন লাগে। কাৰণ হয়দাং শব্দৰ অৰ্থ নাই। কিন্তু হায়দাং শব্দৰ হা শব্দই ভূমি বা কৃষিক বুজায়, বড়ো ভাষাত। সেয়ে হ’লেও হায় শব্দৰ পাছত যোগ হোৱা দাং শব্দটোৰ অৰ্থ বা আচল ৰূপ কি হ’ব পাৰে সেই প্ৰশ্ন আহি পৰে। আমাৰ মতে হ’লে দাং শব্দটো দোং বা দঙ শব্দৰ অপভ্ৰংশ ৰূপ যেন লাগে। বড়ো ভাষাত দঙ বা দং শব্দই থকা বা বৰ্তমান বুজায়। সেই ফালৰপৰা চালে হায়াৰ হা শব্দাংশেই ভূমি আৰু দঙ শব্দাংশই থকা বা বৰ্তমান বুজায়। হা আৰু দঙ শব্দ দুটা লগ লাগি মাটি বা ভূমি আছে বুলি বুজাব। কৃষি ভূমিৰ সন্দৰ্ভত এঠাইৰপৰা আন ঠাইত উপস্থিত হৈ খেতি কৰাৰ বাবে উপযুক্ত মাটিৰ সন্ধান পাই হায়দাং বা হাদোং শব্দটো উচ্চাৰণ কৰিছিল। এই কথাটো প্ৰতিপন্ন কৰে হায়াবায় এ লালৌ লালৌ নামৰ গীতফাকিয়ে। ইয়াৰ লালৌ শব্দটো লালি শব্দৰ অপভ্ৰংশ ৰূপ হ’ব পাৰে। যদি সেয়ে হয় লালি শব্দই সোণোৱালী বা সাৰুৱা মাটিৰ অৰ্থ কৰিব পাৰে। বড়ো ভাষাত বিশেষ্য শব্দৰ আগত আ বৰ্ণ যোগ হয়। গতিকে হা শব্দৰ পাছত আ বৰ্ণ যোগ হৈ হায়া হোৱা সম্ভৱ। গতিকে দুয়োটা শব্দ অৰ্থাৎ হায়া দং মানে মাটি বুজায়। মাটি আছে বা মাটি পালো আছে হ’ব পাৰে। আনহাতে দঙ শব্দৰ সলনি মৌন বা সমাৰ্থক শব্দ ব্যৱহাৰ হয়। মোন বা মৌন ক্ৰিয়াটো ভূত কালত মৌনবায় হয়। অৰ্থাৎ পালোঁ। শব্দকেইটা নতুনকৈ সজালে হায়া মৌনবায় লালি। অৰ্থাৎ মাটি পালোঁ সাৰুৱা বা কৃষি উপযোগী। ইয়াত বড়ো ভাষাৰ ৰীতি মতে পালোঁ ক্ৰিয়া পদটো কৃষিভূমি বিশেষণ আৰু বিশেষ্য পদৰ আগত বহিছে। যদি এই বিশ্লেষণ শুদ্ধ হয়, তেন্তে নাম ফাকি শুদ্ধ ৰূপত এনে হ’ব- হায়া মৌন বায় এ লালি

লালি হায়া।

(হায়া বায় এ লালৌ, লালৌ হায়া। ওৰ লালৌ হয়া)

এই লালৌ বা লালী হায়া বা কৃষিভূমি ডাঙৰী অঞ্চলৰ বৰ ধাদোম আৰু সৰু ধাদোম পথাৰেই আছিল যেন লাগে। ধাদোম শব্দটো বিশ্লেষণ কৰিলে এনে ধাৰণা হয়। ধাদোম শব্দটোও অপভ্ৰংশিত হৈছে যেন লাগে। পূৰ্বতে উল্লেখ কৰা হা দোন শব্দটো অপভ্ৰংশ হৈ ধাদোমক হোৱা যেন লাগে। হ বৰ্ণটো কোনো কোনো ক্ষেত্ৰত ধ হিচাপে উচাৰিত হয়। গতিকে হাদোন শব্দটো ধাদোন হিচাপে উচ্চাৰণ হ’ব পাৰে। গতিকে হাদোন শব্দটো ধাদোন হিচাপে উচ্চাৰিত হোৱা অসম্ভৱ নহয়। মাটিৰ সন্ধানত প্ৰব্ৰজন কৰা এদল কছাৰী লোকে ডাঙৰী অঞ্চলৰ বহল পথাৰখনৰ সন্ধান পাই হয়া বয় এ ধাদোম অৰ্থাৎ ধাদোম নামৰ বহল পথাৰখনৰ সন্ধান পালো বা মৌনবায় বুলি স্বত:সফূৰ্তভাৱে মনৰপৰা ওলই আহিছিল। ডাঙৰী অঞ্চলত ধাদোম দুখন আছে। এখন সৰু ধাদোম আৰু আনখন বৰ ধাদোম। প্ৰথমে হয়তো সৰু আকাৰৰ পথাৰখন আৰু তাৰ পিছত বহল আকাৰৰ বৰ ধাদোম পথাৰখন আৱিষ্কাৰ কৰিছিল।

আৰু এষাৰি অপভ্ৰংশ ৰূপত গাই থকা হাইদাং গীত বিশ্লেষণৰ বাবে লোৱা যাওক। গীতফাকি হ’ল-

‘এলেং পেলেং ৰাসুতাৰ চেলেং।

হয় নেকি নহয়ে হয়ে লো হয়া’।।

ইয়াৰ এলেং শব্দটোৱে এলেং মাছক বুজাব পাৰে। পেলেং শব্দই পালেং শাকক বুজাব পাৰে। যদি সেয়ে হয় এই শব্দ দুটাই এলেং মাছ পালেং শাকৰ লগত ৰন্ধা বুজাব পাৰে। এলেং মাছ পালেং শাকৰ লগত ৰান্ধিলে খুব জুতি লগা হয়। ৰাসুতা শব্দই সৰু সূতা শব্দৰ অপভ্ৰংশ হ’ব পাৰে। সৰু সূতাৰ চেলেং অৰ্থাৎ চেলেং কাপোৰ বুজাব পাৰে। সোণোৱাল কছাৰীসকলে হুঁচৰি দলক এখন শৰাই আগবঢ়াই সেৱা জনায়। সেই শৰাইখনত তামোল-পাণসহ চেলেং চাদৰ আগবঢ়োৱা হয়। গতিকে গীতৰ মাধ্যমেৰে হুঁচৰি দলে প্ৰশ্ন কৰিছে শৰাইত দিয়া চেলেং চাদৰ(কাপোৰ)খন সৰু সূতাৰ হয়নে নহয়। এজনে হয়তো শৰাইখন চাকি থোৱা আগলি কলপাতখন উদঙাই চাই দেখে যে হয়, চেলেং হয়েলো(হয়ে অ’) বুলি নিশ্চিত কৰিছে।

আৰু এষাৰি গীত লোৱা যাওক-

হুৰাই হুৰাই ৰামতীবাই অ’ কলিয়া।

হুৰাই শব্দটো হেৰ শব্দৰ অপভ্ৰংশ ৰূপ হ’ব পাৰে। আৰু ৰাম্বতী বাই শব্দটো নামতী বাই শব্দৰ অপভ্ৰংশ ৰূপ হ’ব পাৰে। যদি সেয়ে হয় তেন্তে গীত ফাকি এনেকুৱা হ’ব-

হেৰ হেৰ নামতী বাই। এই গীতেৰে নামতী গাভৰুগৰাকীক বিহু মাৰিবলৈ আহ্বান জনাব পাৰে।

আৰু এফাকি গীত লোৱা যাওক (সোণোৱালসকলে হাঁহক হা বুলি কয়) সেয়ে- হা চৰাই না এ হে’। বুলি গাইছে।

এটা প্ৰচলিত কিংবদন্তী মতে ৰজাই ভাগিনীয়েকক হাঁহ চৰোৱা নিয়োজিত কৰিছিল। হয়তো এই দৃশ্যকে বৰ্ণোৱা হৈছে যে ভাগিনীয়েকে হাঁহ চৰাই আছে।

আহোমৰ লাহন বুলি এটা খেল আছে। এই খেলৰ লোকে হয়তো হাঁহ চৰাইছিল। লাহন শব্দটো কছাৰী শব্দৰ লাহান শব্দৰ অপভ্ৰংশ ৰূপ হ’ব পাৰে। লা মানে সন্তান আৰু হান শব্দটো হাঞ্চ বা হঞ্চ বা হংস শব্দৰ অপভ্ৰংশ ৰূপ হ’ব পাৰে। উজনি অসমৰ লোকে আ বৰ্ণটো অ হিচাপে উচ্চাৰণ কৰে। সেয়ে লাহাঞ্চ বা লাহান শব্দটো লাহন হিচাপে উচ্চাৰণ হ’ব পাৰে।

লেখক:খুন্দেশ্বৰ হাজৰিকা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate