অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সত্ৰ নগৰী বৰপেটা

বৰপেটা নগৰ বৰপেটা জিলাৰ সদৰ ঠাই। এই নগৰ গুৱাহাটী চহৰৰ পৰা ৯০ কি:মি (৫৬ মাইল) উত্তৰ-পশ্চিম দিশে অৱস্থিত। অসম বুৰঞ্জীত বৰপেটাক "সত্ৰভূমি" বুলি জনা যায়। বৰপেটা থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰে। ষোল্ল শতিকাত মহাপুৰুষ মাধৱদেৱ উজনি অসমৰ পৰা বৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ভেঁটি টনকিয়াল কৰাৰ উদ্দেশ্যে বৰপেটা নগৰলৈ আহিছিল। বৰপেটা সত্ৰ আৰু আন আন সত্ৰসমূহ বৰপেটা জিলাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে, যিবোৰে অসমৰ চুকে-কোণে থকা ধাৰ্মিক লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

বৰপেটাক অসমত সত্ৰভূমি বুলি জনা যায়। বৰপেটা থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰে। ষোল্ল শতিকাত মহাপুৰুষ মাধৱদেৱ উজনি অসমৰ পৰা বৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ভেঁটি টনকিয়াল কৰাৰ উদ্দেশ্যে বৰপেটা নগৰলৈ আহিছিল। বৰপেটা নগৰখন ২২ খন হাটীত বিভক্ত হৈ আছে, য’ত সত্ৰ পৰিচালক আৰু ভক্তসকল সপৰিয়ালে বাস কৰে। এই বিশেষত্ব অসমৰ আন কোনো ঠাইতে দেখা নাযায়। বিভিন্ন সত্ৰ আৰু মঠসমূহ বৰপেটা জিলাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে, যিবোৰে অসমৰ চুকে-কোণে থকা ধাৰ্মিক লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ইয়াৰে কেইখনমান প্ৰখ্যাত সত্ৰ হ’ল – বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, চূণপুৰা সত্ৰ, গণককুছি সত্ৰ, কনৰা আৰু জনীয়া। ফাকুৱা উত্সৱ(হোলি) ইয়াৰ প্ৰধান উত্সৱ আৰু ইয়াক ধুমধামেৰে পালন কৰা হয়। হাতীদাঁতৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা হস্তশিল্প অসম বিখ্যাত। ইয়াৰ আতচবাজীৰ কাৰখানাও অসমত জনাজাত।

বৰপেটা বিভিন্ন ভাষা-ভাষীৰ মানুহৰ মিলনভূমি হিচাপে বিশেষ গুৰুত্ব পাই আহিছে। ইয়াক তিতাকুছি, পোৰাভিঠা, মথুৰা, বৃন্দাবন, চৌখুটীস্থান, নবৰত্ন-সভা, ইচ্ছাকুছি, পুষ্পক বিমান, কামপুৰ আৰু বৰপেটা আদি বিভিন্ন নামেৰে জনা যায়। ইংৰাজ শাসনৰ অধীনলৈ অহাৰ আগেয়ে বৰ্তমানৰ বৰপেটা জিলা কোচ-হাজো আৰু আহোম সাম্ৰাজ্যৰ অবিচ্ছেদ্য অংশ আছিল। আদি কালৰেপৰা বৰপেটাই বৰ্মনসকলৰ (৩৮০-৬৫৪), চলস্থামৰ (৬৫৫-৯৮৫), পালসকলৰ(৯৮৫-১২৬০), কমতাসকলৰ(১২৬০-১৫০৯) আৰু কোঁচসকলৰ (১৫০৯ ৰ পৰা) শাসন প্ৰত্যক্ষ কৰি আহিছে যদিও কমতা আৰু কোচ শাসনৰ সময়তহে ইয়াৰ মুখ্য বুৰঞ্জীমূলক উন্নয়নসমূহ হৈছিল।

কোচৰজা নৰনাৰায়ণে তেওঁৰ ৰাজধানী বৰপেটাৰ সমীপতে বৰনগৰত(বৰ্তমানৰ সৰভোগ) স্থাপন কৰিছিল। যি সময়ত মহাপুৰুষজনাই পাটবাউসীত সত্ৰ পাতি তেওঁৰ ধৰ্মীয় চিন্তাধাৰাসমূহ প্ৰচাৰৰ কামত লাগি আছিল, সেই সময়ত ৰজা নৰনাৰায়ণৰ ৰাজত্ব চলি আছিল। মোগলসকলৰ আগমনৰ পিছত কোচ সাম্ৰাজ্যৰ অন্ত পৰিছিল। বৰপেটাৰ ওচৰে-পাজৰে আহোমসকলে মোগলৰ সৈতে বহুকেইখন যুদ্ধ কৰিছিল। কেইখনমান পৰিচিত যুঁজৰ ভিতৰত জখলিখানা, ভাতেকুছিআৰু ভৱানীপুৰৰ যুঁজ উল্লেখনীয়। পিছত যুঁজত আহোমসকল পৰাস্ত হৈছিল আৰু মোগলে ক্ষমতা লৈ ইয়াৰ প্ৰশাসনিক আৰু কৰ সংগ্ৰহৰ দিশটো প্ৰণালীবদ্ধভাৱে সজাই তুলিছিল। কামৰূপক "চৰকাৰ" পাতি বৰপেটা, ক্ষেত্ৰী, বজালী, বৰনগৰ, বাঁহবাৰী আৰু বিজনী পৰাগনত ভগাই তাকে আৰু সৰু ভাগ কৰি তাপাত বিভক্ত কৰি এজন গোমস্তাক চলাব দিছিল। প্ৰশাসনিক সুচলতাৰ বাবে প্ৰতিটো পৰাগনক তালুক, লট আৰু গাঁওত ভাগ কৰা হৈছিল। পাৰাগনসমূহ বৰবৰুৱা আৰু চৌধুৰীসকলৰ তলত ৰখা হৈছিল। প্ৰতিটো তালুক তালুকদাৰৰ তদাৰকত আছিল আৰু তেওঁক সহায় কৰিবলৈ ঠাকুৰীয়া, পাটোৱাৰী, কাকতি, গাঁও বৰিকা ইত্যাদি আছিল যিয়ে কৰ সংগ্ৰহৰ হিচাপ-নিকাচ ৰাখিছিল। পৰাগনৰ বিচাৰকক শিকদাৰ বুলি কোৱা হৈছিল, য’ত আমিন আৰু কনংগ ভূমি সমীক্ষা, কৰ সংগ্ৰহৰ বাবে দায়ৱদ্ধ আছিল। The success of the Oxomia in Horaighat Battle recovered possession of Guwahati and western Assam forms a momentous chapter in the history.

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত বৰপেটা নগৰ সত্ৰৰে পূৰ্ণ এখন ধৰ্মীয় ঠাইত পৰিণত হৈছে বাবে ইয়াক বৈকুণ্ঠধাম বুলিও কোৱা হয়। আহোম ৰজা শিৱসিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ আৰু চন্দ্ৰকান্ত সিংহৰ দিনতে এই সত্ৰসমূহে মাটিৰ আবণ্টন পাইছিল। বাউসীৰ শ্বাহ মদৰৰ, বৰনগৰৰ শ্বাহ-ফকীৰৰ, ক্ষেত্ৰীৰ পাঁচ পীড়ৰ, ভেল্লাৰ চৈয়দ শ্বাহনুৰ দেৱান ফকীৰৰ মুছলিম-দৰঘাছলৈও ভূমি আবণ্টন কৰিছিল। দেৱালয়সমূহলৈও ভূমি আবণ্টিত কৰা হৈছিল আৰু এই আবণ্টনসমূহৰ কথা কপাৰ-ফলিত লিপিৱদ্ধ কৰি ৰাখিছিল, যিবোৰ বুৰঞ্জীৰ সমল হিচাপে স্বীকৃতি পাই আহিছে।

মানৰ আক্ৰমণত বৰপেটা নগৰৰ লগতে বৰপেটা সত্ৰৰো বিস্তৰ ক্ষতি হৈছিল। এই মানসকলক আঁতৰোৱাৰ বাবেই বৃটিছসকল আহিছিল। বৃটিছ অহাৰ পিছৰেপৰাই এই অঞ্চলত মৌজাদাৰী পদ্ধতি আৰম্ভ হৈছিল। ১৮৪১ চনত বৰপেটা অসামৰিক মহকুমা হৈছিল আৰু জন বাটলাৰ ইয়াৰ প্ৰশাসক হৈছিল।

স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত বৰপেটা অঞ্চলৰ বহু সংখ্যক লোকে যোগদান কৰি জেল খাটিছিল। মদন চন্দ্ৰ বৰ্মন আৰু ৰাউতা কোচ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্বহীদ আছিল। উমেশ চন্দ্ৰ ব্ৰহ্মচাৰী, ধনীৰাম তালুকদাৰ, গণেশ লাল চৌধুৰী, দেৱেন্দ্ৰ নাথ উজীৰ, অক্ষয় কুমাৰ দাস, বংশীধৰ চৌধুৰী, নানামোহন মজুমদাৰ, গোলক পাঠক, সোণাৰাম চৌধুৰী, ডাঃ জিনাৰাম দাস, বিশ্বনাথ দাস, প্ৰাণেশ্বৰ দাস, অম্বিকাগিৰি ৰায়চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, মধুসুদন দাস, উপেন্দ্ৰ চন্দ্ৰ দাস, দেৱেন্দ্ৰ শৰ্মা, নৰনাৰায়ণ গোস্বামী, কবিৰাজ ঘনশ্যাম দাস, চন্দ্ৰপ্ৰভা শইসকীয়ানী এই অঞ্চলৰ প্ৰধান মুক্তিযুঁজাৰু। ১৯৩৪ চনত মহাত্মা গান্ধীয়ে আৰু ১৯৩৭ চনত জৱাহৰলাল নেহৰুৱে বৰপেটালৈ আহিছিল।

বৰপেটাৰ কলা-সংস্কৃতিৰ ভেঁটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ জৰিয়তে স্থাপন কৰিছিল। তেওঁৰ পিছত তেওঁৰ শিষ্য মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ-এ কেবাখনো সত্ৰ প্ৰতিষ্ঠাৰ জৰিয়তে এই ভেঁটি মজবুত কৰি থৈ গৈছিল।

মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পলৈ যোৱাৰ বাবে বৰপেটাক প্ৰৱেশদ্বাৰ বুলি কব পাৰি। বৰপেটা নগৰৰ পৰা ইয়াৰ দৃৰত্ব ৪৪ কিঃমিঃ।

২০০১ চনৰ লোকপিয়ল মতে বৰপেটাৰ মুঠ জনসংখ্যা ৪১,১৭৫ জন। ইয়াৰে ৫০% পুৰুষ আৰু ৫০% মহিলা। বৰপেটাৰ গড় শিক্ষিতৰ হাৰ ৮০%, যিটো ৰাষ্ট্ৰীয় শিক্ষিতৰ হাৰ ৫৯.৫% তকৈ অধিক। ইয়াৰ ভিতৰত ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মুঠ জনসংখ্যাৰ ১০% ছবছৰতকৈ কম বয়সৰ শিশু।

ঐতিহ্য আৰু সংস্কৃতি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটা নগৰৰ কৃষ্টি-সংস্কৃতিৰ ভেঁটি প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ পিছত মহাপুৰষজনাৰ শিষ্য মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱে এই ভেঁটিক টনকিয়াল কৰি থৈ গৈছিল।

সত্ৰ:

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ সহিতে তেওঁৰ শিষ্যসকলে বৰপেটাত কেবাখনো সত্ৰ প্ৰতিষ্ঠা কৰি গৈছিল। এই সত্ৰসমূহক আঞ্চলিক সংস্কৃতিৰ প্ৰশিক্ষণস্থলীৰ লগতে মঠ হিচাপেও গণ্য কৰা হয়। অঞ্চলটোৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এই সত্ৰসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। যদিও এই সত্ৰসমূহ মূলতঃ বৈষ্ণৱ চিন্তাধাৰাৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল, সময়ৰ লগে লগে সত্ৰসমূহ শিক্ষা, সংগীত, নৃত্য, নাট্য, কলা, হাতীদাঁতৰ কৰ্ম আদি বিষয় সন্নিবিষ্ট একো একোটা মুকলি সাংস্কৃতিক কেন্দ্ৰত পৰিণত হৈছে।

কেইখনমান উল্লেখযোগ্য সত্ৰ:

  • পাটবাউসী
  • গনককুছি
  • জনীয়া
  • সুন্দৰীদিয়া
  • বৰপেটা
  • বাৰাদি
  • কনৰা
  • মইনাবাৰী সত্ৰ
  • গৰেমাৰী
  • বনিয়াৰা পাৰা বজাৰ

পাটবাউসী সত্ৰ

পাটবাউসী সত্ৰ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰ বৰপেটা মূল নগৰৰ পৰা ২ কিঃমিঃ আঁতৰত অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱে এই সত্ৰৰ পৰাই ধৰ্মীয় আদৰ্শ, সাহিত্য, কলা-সংস্কৃতি আৰু কৰ্ম সংস্কৃতিৰ প্ৰসাৰ কৰিছিল। এই সত্ৰতে তেওঁ অতি গুৰুত্বপূৰ্ণ ১৮ বছৰ কটাইছিল যিখিনি সময়ত কীৰ্তন-ঘোষা ৰচনা কৰাৰ উপৰিও ২০ টাকৈ বৰগীত ৰচনা কৰিছিল। পিছলৈ এই সত্ৰৰ পৰাই শ্ৰীমাধৱদেৱ, শ্ৰীদামোদৰদেৱ আৰু শ্ৰীহৰিদেৱ-এ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। মহাপুৰুষসকলে ব্যৱহাৰ কৰা কিছুমান আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে।

গণককুছি সত্ৰ

এই সত্ৰ বৰপেটা এলেকাৰ ভিতৰতে অৱস্থিত। শ্ৰীমাধৱদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। সত্ৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱে এতোলা সোণৰ (প্ৰায় ১০ গ্ৰাম) বিনিময়ত এই সত্ৰৰ মাটি ক্ৰয় কৰিছিল আৰু শ্ৰীমাধৱদেৱক উক্ত সত্ৰৰ সত্ৰাধিকাৰ হিচাপে মনোনীত কৰিছিল। শ্ৰীমাধৱদেৱে ১৮ বছৰ ধৰি উক্ত সত্ৰৰ সত্ৰাধিকাৰ হৈ আছিল। মহাপুৰুষজনাই ব্যৱহাৰ কৰা কিছুমান আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে।

জনীয়া সত্ৰ

বৰপেটা-জনীয়া পথত বৰপেটা নগৰৰ পৰা ৮ কিঃমিঃ দূৰত্বত এই সত্ৰ অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত শ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ইয়াত বহুসংখ্যক ভক্তিমূলক গীত ৰচনা কৰিছিল।

সুন্দৰীদিয়া সত্ৰ

গনককুছি সত্ৰ এৰাৰ পিছত শ্ৰীমাধৱদেৱে এই সত্ৰ স্থাপন কৰিছিল। বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰীমথুৰা দাস বুঢ়া আতাই আদিতে এই সত্ৰতেই আহি শ্ৰীমাধৱদেৱৰ শৰণ লৈছিল। এই সত্ৰতে শ্ৰীমাধৱদেৱে পালনাম আৰু বীৰনাম বা থিয়ানামৰ শুভাৰম্ভ কৰিছিল। মহাপুৰুষজনাই ব্যৱহাৰ কৰা বহুসংখ্যক আচবাব, সাঁচিপাত আদি এতিয়াও এই সত্ৰত সংৰক্ষিত হৈ আছে।

বৰপেটা সত্ৰ

শ্ৰীমাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল। ইয়াতেই তেওঁ শ্ৰীমথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। এই বুঢ়া আতায়েই সত্ৰৰ প্ৰশাসনিক দিশটো শক্তিশালী কৰি বৰপেটাৰ আঞ্চলিক আৰু প্ৰতিষ্ঠানিক উন্নয়ন সাধন কৰিছিল। এক গণতান্ত্ৰিক ব্যৱস্থাৰো প্ৰৱৰ্তন কৰা হৈছিল, যি ব্যৱস্থা আজিও চলি আছে। বহু সংখ্যক ভক্ত বৰপেটালৈ আহিছিল আৰু জাতি বৈষম্য পৰিহাৰ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি এক সাম্যবাদী সমাজ গঢ়ি তুলিছিল। ভক্তসকলৰ মাজত এক নতুন কৰ্ম সংস্কৃতি ঠন ধৰি উঠিছিল। এই সত্ৰত কেবাটাও গৃহ আছে। সন্মুখৰ প্ৰৱেশদ্বাৰক বাটচ’ৰা বুলি কোৱা হয়। নাম কীৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা মূল কীৰ্তনঘৰটো স্থপত্যবিদ্যাৰ সুন্দৰ নিদৰ্শন। আগেয়ে সজোৱা এই ঘৰটো ১৯৫২ চনত ডাঙৰ খুটাৰে আৰু চিত্ৰ খোদিত বেৰেৰে পকীকৰণ কৰা হয়। জগমোহন ঘৰত সত্ৰৰ ভকতসকলে যিকোনো ধৰণৰ অসুবিধাসমূহ আলচ কৰে। ভজঘৰত যোৱা ৪০০ বছৰ ধৰি অক্ষয় বন্তি নামেৰে এগছ বন্তি ক্ৰমাগতভাৱে জ্বলি আছে। দৌল ঘৰৰ চৌহদত শ্ৰীকৃষ্ণৰ দৌল উত্সৱ পালন কৰা হয়। ইয়াত এখন সৰু "চিৰিয়াখানা" আৰু ৰঙীয়াল বাগিছা আছে। চৌহদৰ ভিতৰত সাংস্কৃতিক বিদ্যালয়, কেলি কদম গছ, শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতা পুথিভঁৰাল, অধ্যয়ন কক্ষ, কাৰ্যালয় আৰু পাকঘৰ আছে। শ্ৰীমথুৰা দাস বুঢ়া আতাই প্ৰচলন কৰা সত্ৰৰ সংবিধান এতিয়াও বলবৎ আছে।

বাৰাদি সত্ৰ

বৰপেটা নগৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ২ কিঃমিঃ। শ্ৰীমাধৱদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু অতি কম সময়ৰ বাবে তেওঁ ইয়াত আছিল। বাৰাদি সত্ৰ মাধৱদেৱৰ আদি সত্ৰ। শিক্ষাৰ কেন্দ্ৰ হিচাপে লৈ বাৰাদি সত্ৰৰ পৰাই দশোদিশে শংকৰী সংস্কৃতিয়ে প্ৰসাৰ লাভ কৰিছিল। হোলি বা ফাকুৱা উত্সৱ এই সত্ৰত পালন কৰা উত্সৱসমূহৰ এটা প্ৰধান উত্সৱ।

সত্ৰ কনৰা

বৰপেটাৰ পৰা ১৬ কিঃমিঃ দূৰত্বত এই সত্ৰ অৱস্থিত। শ্ৰী শ্ৰীনাৰায়ণ দাস ঠাকুৰ আতাই এই সত্ৰ স্থাপন কৰিছিল। প্ৰাকৃতিক দুৰ্যোগে এই সত্ৰত ক্ষতিগ্ৰস্ত কৰে। সত্ৰ পৰিচালনাত বানপানীয়ে অসুবিধাৰ সৃষ্টি কৰে। ফলত এই ঠাইত বসবাস কৰা লোকসকল বৰপেটাৰ গজিয়া আৰু গনককুছিলৈ উঠি আহে।

মইনবাৰী সত্ৰ

এই সত্ৰ সৰভোগত অৱস্থিত। ম‍ইনবাৰী সত্ৰ পঞ্চদশ শতিকাৰ শেষ ভাগত শ্ৰীমন্ত শংকৰদেৱৰ ভক্ত আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ প্ৰিয় মিত্ৰ নাৰায়ণ দাস ঠাকুৰ আতাই স্থাপন কৰিছিল।

লিখক: আকাশ জ্যোতি গগৈ।

শেহতীয়া উন্নীতকৰণ: : 7/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate