মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / সত্ৰীয়া সমাজ-সংস্কৃতিৰ ক্ৰমবিৱৰ্তনঃ এক চিন্তন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সত্ৰীয়া সমাজ-সংস্কৃতিৰ ক্ৰমবিৱৰ্তনঃ এক চিন্তন

সত্ৰীয়া সমাজ-সংস্কৃতিৰ ক্ৰমবিৱৰ্তনঃ এক চিন্তন, সেই বিষয়ে লিখা হৈছে ।

অসমীয়া জাতিয়ে সঠিক ৰূপত গঢ় লোৱাৰ সময় বুলিলে শংকৰদেৱৰ সমাজ সংস্কাৰৰ সময়খিনিকে ধৰি লোৱা হয়৷ পূৰ্বৰ অন্ধবিশ্বাস, বলিপ্ৰথাৰ ঠেক চিন্তাধাৰাক আঁতৰাই শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল এক নৱ অভ্যূদয়ৰ সমাজ৷

প্ৰচলিত তথা জনপ্ৰিয় ধৰ্মব্যৱস্থাবোৰৰ সমুখত শংকৰদেৱে থিয় কৰালে শ্ৰীমদ্ভাগৱতৰ শ্ৰীকৃষ্ণক৷ সাধাৰণ লোকে প্ৰথমে ইয়াক সহজভাৱে ল’ব নোৱাৰা দেখি শংকৰদেৱে প্ৰথমে মৌলিক কৃষ্ণকথা, পাঠ আৰু কিছু উৎসৱ-নাটেৰে নৱবৈষ্ণৱৰ চেতনা প্ৰতিজন অসমীয়াৰ মনত সুমুৱাই যাবলৈ সক্ষম হয়৷

গুৰুজনাৰ উদ্যোগত সামাজিক নৈতিকতাৰ দিশত জন-সমাজৰ জীৱন দৰ্শন আৰু আধ্যাত্মিকতাই নিজৰ বাট বুলিলে এক বলিষ্ঠ ৰূপত৷ গঠন হ’ল অসমীয়া সমাজৰ৷ পূৰ্বে উচ্চবৰ্ণৰ আৰু জনজাতীয় লোকৰ উপাসনাগৃহত বন্দী হৈ থকা ‘ঈশ্বৰে’ লাহে লাহে মানুহৰ মন, মস্তিষ্ক আৰু অন্তৰাত্মাত ঠাই ল’লেহি৷ লাহে লাহে শংকৰী কলা-কৃষ্টিৰ উপাদানসমূহে চৰ্চাৰ জগত এখন সৃষ্টি কৰে৷

বিভিন্ন নাট, যাত্ৰা আৰু প্ৰসঙ্গৰে নামঘৰ আৰু সত্ৰসমূহ এই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে৷ তেৰাৰ সৃষ্টি কীৰ্তন, দশম আৰু ৰূক্মিনী হৰণক আধুনিক অসমীয়া কাব্য সাহিত্যৰ লাইখুঁটা বুলিব লাগিব৷

ইয়াৰ পাছৰ পৰ্যায়ত তেখেতে কিছু নাটৰ সৃষ্টি কৰি সাধাৰণ মানুহৰ বোধগম্য হোৱাকৈ মঞ্চস্থ কৰিবলৈ ধৰে৷ লাহে লাহে সকলো সত্ৰ, নামঘৰত তেখেতৰ নাটৰ চৰ্চা আৰম্ভ হয়৷

উপাসনা গৃহত বন্দী হৈ থকা ঈশ্বৰৰ চৰিত্ৰ গাঁৱৰ ৰজা-হোজা সকলোৱে ল’ব পৰা হ’ল৷ এনেদৰেই শংকৰদেৱে মুকলি কৰিলে লেখ-জোখ নোহোৱা অজস্ৰ নাট সৃষ্টিৰ বাট৷

সৰ্বকলাতে নিপুণ শংকৰদেৱে সপ্তবৈকুণ্ঠৰ চিত্ৰ হেঙুল হাইতালেৰে অংকন কৰিছিল৷ এই হেঙুল-হাইতালৰ উপৰিও বিভিন্ন প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰা ৰং প্ৰয়োগ কৰি পাটৰ সূতাৰে তেখেতে সাজি উলিয়াইছিল প্ৰায় ১০ মিটাৰ দৈৰ্ঘ্যৰ বৃন্দাৱনী বস্ত্ৰ য’ত মূলতঃ ঠাই পাইছিল শ্ৰীকৃষ্ণৰ লীলাই৷

তদুপৰি মুখা ভাওনাৰ সূচনা কৰিছিল শংকৰদেৱেই যাৰ যোগেদি অসমত ক্ৰমাৎ মুখাশিল্প বিকশিত হ’বলৈ ধৰে৷ ভাওনাৰ মুখাৰ উপৰিও ভাৱৰীয়াৰ অঙ্গ- বিন্যাস, নামঘৰ-মণিকুটৰ চিত্ৰকলাই এক নৱ ৰূপত জিলিকি উঠিছিল৷ সময়ে জন্ম দিছিল এচাম কলা শিকাৰুক৷

শংকৰদেৱৰ পাছৰ সময়খিনিত ৰাম সৰস্বতী, শ্ৰীধৰ কন্দলি, অনন্ত কন্দলি আদিয়ে শংকৰী যুগৰ সমলসমূহ কাব্য আৰু নাট্যৰ মাধ্যমত আগুৱাই নিয়ে৷ নৱৰস সৃষ্টিৰে শ্ৰীধৰ কন্দলিৰ ‘কাণখোৱা’ আৰু ৰাম সৰস্বতীৰ ‘ভীম চৰিত’ৰ কিছু কাল্পনিক ঘটনাৰ সমাৱেশেৰে প্ৰচাৰশীল সময়খিনিত চৰ্চাৰ জগতখনক এক নতুন স্তৰলৈ লৈ যোৱা হয়৷

ভক্তি প্ৰৱণ সাহিত্যৰ মাজত যুঁজ- বাগৰৰ বৰ্ণনা কৰি এইদৰে তেওঁলোকে সূচনা কৰি যায় আকৰ্ষণৰ৷ ইয়াৰ উপৰিও গুৰুজনাৰ জীৱনকালতে মাধৱদেৱে ‘দধি মথন অৰ্জুন ভঞ্জন’ নাটখনিৰ সৃষ্টি কৰে৷

তদুপৰি চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লুটিওৱা আৰু ভোজন বেহাৰৰ দৰে ভালেকেইখন ঝুমুৰা মাধৱদেৱে লিখি এইবোৰৰ পৰিৱেশন কৰে৷ এই সময়খিনিৰ সমসাময়িকভাৱে ‘ৰাম যাত্ৰা’ আৰু ‘গোৱৰ্ধন যাত্ৰা’ নামৰ দুখন যাত্ৰাও মাধৱদেৱে লিখে৷

একে সময়তে গোপালদেৱে আতাই বলি ছলন, নন্দোৎসৱ উদ্ধৱ যাত্ৰা ইত্যাদি নাট ৰচনা কৰে৷ ইয়াৰ পাছৰ সময়খিনিত ৰাম সৰস্বতী, চন্দ্ৰভাৰতী, কবিৰাজ চক্ৰৱৰ্তী আদিসকলে অসুৰ বধৰ অজস্ৰ নাটক লিখি ভাওনাক অধিক আকৰ্ষণীয় ৰূপত তুলি ধৰে৷

ইয়াৰ পাছৰ কালছোৱাত ৰত্নাকৰ মিশ্ৰ, ৰামচন্দ্ৰ বৰপাত্ৰ গোঁহাই আদিসকলে নতুনৰ সংযোজন ঘটাই ক্ৰমে ‘গীতা কীৰ্তন’ আৰু ‘হয়গ্ৰীৱ মাধৱ’ পুথি দুখন ৰচনা কৰে৷

মাধৱদেৱৰ নামঘোষাৰ আৰ্হিত গোপাল মিশ্ৰই ‘ঘোষাৰত্ন’ আৰু পুৰুষোত্তম ঠাকুৰে ‘নৱ ঘোষা’ পুথি লিখি উলিয়ায়৷ ইয়াৰ সমান্তৰালকৈ কাল-সংহতিৰ গোঁসাই-মহন্ত সকলে দুই-এফাঁকিকৈ ঘোষা ৰচনা কৰিবলৈ আৰম্ভ কৰে৷

শঙ্কৰদেৱৰ মুল ৰচনাসমূহৰ আৰ্হিত এইদৰে পৰৱৰ্তী সময়ত গুৰুসকলৰ চৰিত পুথি ৰচনা আৰু ভাগৱত কথাৰ দৰেই এইবোৰ সত্ৰ আৰু থানসমূহত জনপ্ৰিয় হ’বলৈ ধৰে৷

এক অৰ্থত ক’বলৈ গ’লে শঙ্কৰী যুগৰ সাহিত্যই পাছৰ সময়খিনিত হোৱা সৃষ্টি সমূহত প্ৰতক্ষ্য প্ৰভাৱ পেলাবলৈ সক্ষম হ’ল৷ আধুনিক সাহিত্য তথা ভাষা উত্থানৰ সময়খিনিত কিছু নতুন শ্ৰেণীৰ সাহিত্যই গা কৰি উঠে৷

অৱশ্যে, অসমৰ জাতীয় জীৱনৰ এক সঙ্কটময় সন্ধিক্ষণত ৰচিত পুৰণি সাহিত্যৰ প্ৰভাৱ এই সময়খিনিতো বিস্তাৰিত হয়৷ জাতীয় চেতনাক এক কৰি ৰখা এই সাহিত্যৰাজি এই যুগটোত বতাহে নোপোৱা চাকিৰ দৰে প্ৰজ্বলিত হৈয়ে থাকিল৷

ইয়াৰ পাছৰ সময়খিনিত পৰিৱৰ্তনশীল সমাজৰ লগত খাপ খুৱাই আগবাঢ়ি গ’ল শিক্ষা, সাহিত্য আৰু কলাৰ চৰ্চা৷

শংকৰী যুগৰ সাহিত্যই যি উদাৰ সৰ্বভাৰতীয় নীতি মানি চলিলে সেইখিনিৰ অনুকৰণেই আছিল পাছৰ সময়খিনিৰ চৰ্চাৰ আদিমূল৷

শংকৰী একশৰণ ধৰ্মৰ কলা-সংস্কৃতিত লাহে লাহে সমন্বয় ঘটে৷ চৰ্চাৰ ক্ষেত্ৰখনতো শংকৰদেৱৰ চৰ্চাৰ আৰ্হিত নৃত্য-গীত-বাদ্যত কিছু নতুনৰ সমন্বয় ঘটিল৷ পৰিৱেশ্য কলাসমূহৰ প্ৰথমে কমলাবাৰী সত্ৰত আৰু পাছলৈ সকলোবোৰ সত্ৰত আৰু নামঘৰত চৰ্চা পূৰ্ণোদ্যমে চলিল৷

এই চৰ্চাসমূহে লাহে লাহে আহোম ৰাজত্বৰ সহায় লাভ কৰে আৰু ৰজাঘৰীয়া পৃষ্ঠপোষকতাত শংকৰী চৰ্চা টনকিয়াল হৈ পৰে৷ বিশেষকৈ শিৱসিংহ আৰু ৰুদ্ৰসিংহৰ ৰাজত্বকালত শংকৰী কলা-কৃষ্টিৰ ক্ৰমবিকাশ ঘটিবলৈ ধৰে৷

সূত্ৰধাৰী নৃত্যতো কিছু থলুৱা তাল আৰু মুদ্ৰাৰ সংযোজন ঘটিল৷ একেদৰে বয়ন শিল্পও বিকশিত হ’ল৷ শংকৰী কলা সংস্কৃতিৰ সমলবোৰে গামোচাৰ চানেকিত ঠাই ল’বলৈ ল’লে৷

পিছে আধুনিক কালৰ অভ্যুত্থানৰ সময়চোৱাত অসম তথা অসমীয়াৰ চৰ্চাৰ জগতখনত মানৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ, বৃটিচৰ শাসন আৰু কানিৰ ব্যৱহাৰে বাৰুকৈয়ে বেয়া প্ৰভাৱ পেলাবলৈ সক্ষম হয়৷

শংকৰী যুগৰ কাব্য, নাট-নৃত্য, চিত্ৰকলা আৰু আচাৰ বিচাৰেৰে এক হৈ থকা জাতিটো কিছু ৰক্ষণশীল নীতি লৈ পৃথক খেল হৈ ভাগ হ’বলৈ ধৰে৷

কিছু স্বাৰ্থান্ধ লোকে এইদৰে নিজৰ সুবিধাৰ বাবে এক হৈ থকা জাতিটোক ভাগ কৰিবলৈ ধৰে৷ উনবিংশ শতিকাৰ শেষৰফালে অসমৰ নৱজাগৰণৰ সময়চোৱাত কমলাকান্ত ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে দুই এজন পণ্ডিতে বহুখিনি চেষ্টা কৰিছিল যদিও পূৰ্বৰ সেই একতাক সম্পূৰ্ণৰূপে ঘূৰাই আনিবলৈ সক্ষম নহ’ল৷

সমন্বয়ৰ দিশত এই সময়খিনিৰ সৃষ্টিত এটাই প্ৰচেষ্টা এইচাম লেখকে লৈছিল আৰু সেয়া হ’ল মূল জাতীয় সুৰটো উদ্ধাৰ কৰা৷ ভাগ হোৱা গাঁৱৰ লোকৰ মুখে-মুখে গীত-পদ, মাত কথাক সমল হিচাবে লৈ তেওঁলোকে ৰচনা কৰি গ’ল অজস্ৰ সৃষ্টি৷

বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’ত বনঘোষাৰ অন্তৰ পৰশা ঠাঁচ পোৱা গ’ল৷ একেদৰে সিংহদত্তদেৱ অধিকাৰীৰ ‘ঠুনুকী’ত গাৰোসমাজ আৰু ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ত মিচিং সমাজৰ সুখ-দুখৰ দলিল প্ৰতিফলিত হ’ল৷

এতিয়া আধুনিক সময়৷ পশ্চিমীয়া নীতি-আদৰ্শৰে ব্যস্ত জনজীৱন৷ বৰ্তমান শংকৰী কলা দৰ্শনৰ চৰ্চা কেৱল আঙুলিৰ মূৰত লিখিবপৰা কিছু সত্ৰত চলি আছে৷

তিতাবৰৰ পুৰণা কমলাবাৰী সত্ৰ ইয়াৰ এটা ভাল উদাহৰণ হ’ব পাৰে৷ কিছু অনুষ্ঠানে বৃত্তিমুলক শিক্ষা কিছুমান দি আহিছে৷ পিছে এয়াই যথেষ্ট নহয়৷

আনহাতে দৈনন্দিন জীৱনৰ স’তে সম্বন্ধ ৰাখিব নোৱাৰিলে শংকৰী সংস্কৃতিৰ অনুশীলন কৰাটোও অসম্ভৱ৷

সংগীত-নাটক অকাডেমীয়ে শংকৰী চৰ্চাৰ এখন ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় মঞ্চ দিছে৷ কিন্তু কেৱল সেইখিনিৰেই শংকৰৰ অৱদানৰ বিশ্বজনীনতা প্ৰতিষ্ঠা কৰাটো সম্ভৱ নহয়৷ কেৰোণ অসমতে৷ এক হ’ব লাগিব সমাজ৷ অন্যথা প্ৰতীকী অৰ্থতহে শংকৰী চৰ্চা থাকিবগৈ৷ কিমানদিন থাকিব তাকো স্পষ্টকৈ কোৱাটো টান৷

লেখক: ভাস্কৰজ্যোতি দাস(সাহিত্য.অৰ্গ)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top