মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / সমন্বয়ৰ উৎসৱ জোনবিল মেলা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমন্বয়ৰ উৎসৱ জোনবিল মেলা

সমন্বয়ৰ উৎসৱ জোনবিল মেলা

‘জোনবিল মেলা’ পাহাৰ-ভৈয়ামৰ সকলো জনগোষ্ঠীৰ মিলন তীৰ্থ। মৰিগাওঁ জিলাৰ জাগীৰোডৰ পৰা নাতি দূৰৰ জোনবিলৰ পাৰত মাঘৰ বিহুৰ তিনি দিনৰ পাছতেই এই মেলা উৎসৱ অনুষ্ঠিত হয়। জোনবিল মেলা উৎপন্ন দ্ৰব্যাদিৰ বিনিময়ৰ বজাৰ। দূৰ-দূৰণিৰ পাহাৰ-ভৈয়ামৰ পৰা তিৱা, খাছি, কাৰ্বি, বড়ো সকলে নিজ নিজ উৎপাদিত সামগ্ৰী বেহাবলৈ আহিছিল আৰু আহে। মেলাথলী পায়েই ইকৰা-খাগৰি আৰু ধান খেৰৰ নৰাৰে এটি অস্থায়ী পঁজা সাজে। এই ঘৰটোতে উৎপন্ন দ্ৰব্যাদি জমা কৰি ৰাখি পাছত পোহাৰ মেলে। তেওঁলোকৰ বিনিময়ৰ সামগ্ৰী হ’ল নানা বিধ পাহাৰীয়া জলকীয়া, আলু, কচু, আদা, হালধী, ধূনা, গন্ধক, লাও, আমলখি, শিলিখা, লা, গাজ, কপাহ, টেঙা আৰু তিলকে ধৰি নানা দ্ৰব্য। ভৈয়ামৰ লোক সকলে সান্দহ, তিলৰ পিঠা, শুকান মাছ, তামোল=পাণ আদি বেহাবলৈ আনে। পাহাৰৰ লোক সকলে ভৈয়ামৰ লোক সকলক ‘মামা-মামী’ সম্বোধন কৰি প্ৰয়োজনীয় সামগ্ৰীৰ বিনিময় কৰি লয়।

উল্লেখযোগ্য যে জোনবিল মেলাৰ ইতিহাস উভতি চালে দেখা যায় যে গৱেষক সকলে পশ্চিম নগাঁও আৰু মায়ঙকে ধৰি গোভা ৰাজ্যৰ কথা স্মৰণ কৰে। গোভা ৰাজ্যৰ পুৰণি বাসিন্দা সকলে তিৱা বা লালুং মানুহ। এই গোভা ৰাজ্যৰ সম্প্ৰীতিৰ নিদৰ্শন জোনবিল মেলা সম্বন্ধে এটি সুন্দৰ কাহিনী আছে। গ্ং বাং লালুঙৰ সাঁচি পতীয়া পুথিৰ পৰা পণ্ডিত সকলে উদ্ধাৰ কৰা কাহিনী মতে তিৱা সকলে জয়তা ৰাজ্যৰ উত্তৰাঞ্চলত বসবাস কৰিছিল। তাৰে এটি পৰিয়ালত লাংবাৰ আৰু লুংবৰ নামে ভাতৃদ্বয়ৰ জন্ম হৈছিল। লাংবৰ আছিল চিকাৰপ্ৰিয়। লাংবৰে চিকাৰ কৰি ফুৰোঁতে এদিন জয়তা ৰাজ্যৰ ৰাজধানী চৌহদত সোমাই পৰিলগৈ। তেওঁ নিজৰাৰ ঘাটত জয়তা কুমাৰী হিলালী আৰু অন্যান্য মহিলা সকল স্নান কৰিবলি অহা দেখিছিল। কেইবাবাৰো এনে সাক্ষাৎ হোৱাৰ পাছত লাংবৰ আৰু হিলালীৰ এই পৰিচয় প্ৰেম-প্ৰণয়ত পৰিণত হয়। অহুকাণে-পহুকাণে এই কথা জয়তা ৰজাৰ কাণত পৰাত তেওঁ খঙত অগ্নিশৰ্মা হৈ লাংবৰক সেনাপতিৰ হতুৱাই বন্দী কৰে। ৰাজধানীত বিচাৰ সভা বহুৱাই লাংবৰক শাস্তি হিচাপে বলি দিয়াৰ সপক্ষে ৰায় দিলে। কিন্ত চেনেহৰ জীয়ৰী হিলালীৰ প্ৰাৰ্থনাত লাংবৰক সেনাপতি পদত অধিষ্ঠিত কৰে। শেষত জয়তা ৰাজ্যৰ দাঁতি কাষৰীয়া উত্তৰ অঞ্চলটো দান কৰি গোৱা নৈৰ পাৰৰ ফুলগুৰিত ৰাজদৰবাৰ পাতি উত্তৰে কপিলী লৈকে ভূ-খণ্ড অৰ্পণ কৰিলে। ‘তিৱা সংস্কৃতিৰ ৰুপৰেখা’ নামৰ গ্ৰন্থত লেখক-গৱেষক লোকেশ্বৰ গগৈৰ মতে লাংবৰক ৰজাই দিব খোজা শাস্তিৰ কথাশুনি ৰাজকুঁৱৰী হিলালী কেইবাদিনো ভাত-পানী নাখাই শুকাই-খীণাই যাবলৈ ধৰিলে। এদিন হিলালী মূছকঁছ গৈ হঠাৎ মাটিত ঢলি পৰিল। একমাত্ৰ জী হিলালীৰ এনে কৰুণ পৰিণতি দেখি মাকো মূছকঁছ গ’ল। ৰাজ্যত হাহাকাৰ লাগিল। ৰজাই নানা বেজ-জ্ঞানী লগালে, কিন্ত সুফল নহ’ল। জয়তাৰ নাৰীয়ে কান্দি কান্দি গছৰ পাত সৰালে। ৰাজ্যৰ চৈপাশে কান্দোনৰ ৰোল শুলি জয়তা ৰজাৰ মন মুকলি গ’ল আৰু হঠাতে ৰাজসভা বহুৱাই লাংবৰক বলি দিয়াৰ আদেশ প্ৰত্যাহাৰ কৰিলে। কিছুদিনৰ পাছত ৰজাৰ আদেশত লাংবৰ আৰু হিলালীৰ মাজত বিবাহ সম্পন্ন কৰা হ’ল। বীৰত্ব অনুসৰি লাংবৰক সহকাৰী সেনাপতি পদত মকৰল কৰিলে। জয়তাৰ প্ৰথা মতে ঘৰ জোঁয়াই চপালে সম্পত্তিৰ একাংশ দিব লাগে। সেয়েহে জয়তাৰাজে বৃদ্ধ বয়সত ৰাজদৰবাৰ পাতি ঘৰ জোঁয়াইক ৰাজ্যৰ একাংশ অৰ্পণ কৰিলে। লাংবৰৰ ৰাজ অভিষেক অনুষ্ঠান মাঘ বিহুৰ উৰুকাৰ সাত দিনৰ পাছত অনুষ্ঠিত হৈছিল, যি অভিষেক পৰৱৰ্তী কালত বিহু উৎসৱ আৰু মেলালৈ ৰুপান্তৰিত হৈছিল। সেয়ে গোভা ৰাজ্যৰ তিৱা সকলে মাঘ বিহুৰ উৰুকাৰ সাত দিনৰ পাছত শনি আৰু দেও বাৰে মেলা অনুষ্ঠিত কৰি আহিছে।

লাংবৰৰ পাছত ৰজা জোন সিঙৰ দিনত ৰাজ্যৰ মধ্যস্থলত এখন বিলৰ পাৰত মহা আড়ম্বৰেৰে মেলা উদযাপন কৰা হয়। গোভা ৰজাৰ সংৰক্ষিত বিল ৰুপে ধাৰ্য কৰা এই বিলৰ নাম ৰজা জনৰ নাম অনুসৰি জোনবিল হয়। মাঘ বিহুৰ উৰুকাৰ পাছৰ বৃহস্পতি বাৰৰ সন্ধিয়াৰ পৰাই ৰজা ঘৰৰ আদেশ ক্ৰমে ‘জোনবিল’ত গোভা ৰাজ্যৰ প্ৰজাই সমূহীয়া ভাৱে মাছ মাৰে। ইয়াৰ প্ৰতি জন মাছুৱৈৰ পৰা কিছু মাছ ৰজা ঘৰত মাননি হিচাপে দি যোৱাৰ প্ৰথা প্ৰচলন আছে। জোনবিল মেলাত গোভা ৰজাই আহি ডা-ডাঙতৰীয়া, বিষয়া, ঢুলীয়া-কালীয়া সমন্বিতে ৰাজদৰবাৰ পাতি বহা আৰু কৰভাৰ গ্ৰহণ কৰাৰ ৰীতি আজিও প্ৰচলন আছে। দৰবাৰত ৰজা পাটৰ বৰবৰুৱা, বৰদলৈ, তামুলী, খাটনিয়াৰ, টঙাভাৰী আদি বিষয়া উপস্থিত থাকে। আনহাতে জোনবিল মেলাৰ বিহুৰ খাদ্য খিনি বিনিময়ৰ যোগে যোগাৰ কৰিবলৈ কৃষিজাত সামগ্ৰীৰ মেটমৰা বোজাৰে পাহাৰৰ ‘মামা-মামী’হঁত নামি আহে আৰু উভতি যাওঁতে পিঠা, সান্দহ, শুকান মাছ আদিৰ মেটমৰা বোজা লৈ পাহাৰলৈ ওভতে। পাহাৰৰ তিৱা ৰাইজে ভৈয়ামৰ তিৱা ৰাইজৰ দৰে ৰঙালী, কঙালী আৰু ভোগালী বিহু উদযাপন নকৰে। পাহাৰৰ তিৱা সকলে জোনবিল মেলাৰ পৰা বিনিময় প্ৰথাৰে গোটাই নিয়া সান্দহ-পিঠা পৰিয়াল বৰ্গই মিলি মাঘ বিহু উৎসৱৰ দিনকেইটা খাই-বৈ বিহু উদযাপনৰ আনন্দ উপভোগ কৰে।

প্ৰণিধানযোগ্য যে জোনবিলৰ পাৰত প্ৰতি মাঘ মাহৰ আৰম্ভণিতে অনুষ্ঠিত জোনবিল মেলাত প্ৰাচীন অৰ্থনীতিত বিশেষ গুৰুত্ব লাভ কৰা ‘বিনিময় প্ৰথা’ আজিও বৰ্তি আছে। আধুনিক মুদ্ৰাৰ প্ৰচলনে এই প্ৰথাৰ গুৰুত্ব কমালেও পাহাৰীয়া আৰু ভৈয়ামৰ লোক সকলৰ জনজীৱন আৰু লোক সংস্কৃতিৰ আঁহে আঁহে এই প্ৰথা আজিও জোনবিল মেলাত বিৰাজমান।

লেখক: দেৱজিৎ হাজৰিকা, প্ৰান্তিক।

3.11320754717
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top