মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / সমন্বয়ৰ বাৰ্তাবাহক ভোগালী আৰু জীৱনৰ ঢেঁকীশাল:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমন্বয়ৰ বাৰ্তাবাহক ভোগালী আৰু জীৱনৰ ঢেঁকীশাল:

সমন্বয়ৰ বাৰ্তাবাহক ভোগালী আৰু জীৱনৰ ঢেঁকীশালৰ বিষয়ে লিখা হৈছে ।

 

আকৌ ভোগালী আহিল। বিশ্বায়নৰ কেঁকোৰা চেপাত হাবু-ডুবু খালেও ভোগালী আহিছে, ভবিষ্যতেও আহিব। কিয়নো এই লোক উৎসৱবোৰ ৰাইজৰ প্ৰাণতকৈও আপোন। পৃথিৱীৰ নীতি তথা একতা আৰু সমন্বয়-সম্প্ৰীতি জড়িত থকা এই উৎসৱবোৰ ঐতিহ্যৰ অংগ আৰু সংস্কৃতিৰ প্ৰতীক। মাত্ৰ অঞ্চলভেদে এইবোৰৰ নাম সুকীয়া, সুকীয়া আচাৰ-অনুষ্ঠান-পৰম্পৰা। এই লোক-সংস্কৃতিবোৰৰ যি উদাৰ, সাৰ্বজনীন আৱেদন তাৰ বাবেই ই ধৰ্ম আৰু জাতিৰ পৰিধি ভাঙি সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখে। এই লোক সংস্কৃতিবোৰৰ বুকুতে লুকাই থাকে একোটা জাতিৰ গৌৰৱোজ্জ্বল ইতিহাস। এই লোক সংস্কৃতিবোৰে জাতীয়তাবাদক উদগনি যোগোৱাৰ লগতে একোটা জাতিৰ উন্নতিৰ মান নিৰূপন কৰে। সমাজ এখনৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ভিন্ন ধৰ্মাৱলম্বী লোকসকলক একতাৰ দোলেৰে বান্ধি ৰখাত এই উৎসৱ বা লোক-সংস্কৃতিয়ে প্ৰভূত বৰঙণি যোগায়। সেয়ে হয়তো কোৱা হয় সংস্কৃতি জাতিৰ প্ৰথম পৰিচয়।

বিহু কেৱল অসমৰ জাতীয় সংস্কৃতিয়ে নহয়, ই অসমীয়া জাতীয় জীৱনৰো মূল চালিকা শক্তি

ই একতা আৰু আনন্দৰো প্ৰতীক। সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল- ‘বিহুৱে কাকো দুখ নিদিয়ে, সকলোকে ৰং দিয়ে’। অসমৰ তিনিওটা বিহুৰে ৰূপ-ৰস, গন্ধ বেলেগ বেলেগ, ভিন্ন ঋতু, ভিন্ন প্ৰাকৃতিক পৰিৱেশ। অৰ্থনৈতিক পৰিৱেশো ভিন্ন। ভোগালী বিহু সকলো কৃষিজীৱী মানুহৰ লোক উৎসৱ, আশা, আনন্দ আৰু সাহসৰ উৎসৱ। ই কোনো বিশেষ জাতি-জনগোষ্ঠী বা কোনো ধৰ্মীয় উৎসৱ নহয়। আহোম ৰজা ৰূদ্ৰসিংহৰ দিনতে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰি বিহু উৎসৱে একপ্ৰকাৰ জাতীয় উৎসৱৰ মৰ্যাদা লাভ কৰে। মোগলৰ বিৰুদ্ধে ৰণলৈ যোৱা ডেকাসকলে তাহানিতে গাইছিল-

‘চিৰা খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী

চিৰা খুন্দি দিয়া খাঁও

ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া

শতৰুক মাৰিব যাওঁ।

এই বিহুগীতত অসমীয়া যুঁজাৰু ডেকাৰ দেশপ্ৰেম অৰু অদম্য সাহসৰ লগতে অসমীয়া শিপিনীৰ ৰাতিটোৰ ভিতৰতে কৱচ কাপোৰ বৈ দিয়াৰ পাৰদৰ্শিতা তথা সংগ্ৰামী চেতনাৰ পূৰ্ণ প্ৰতিফলন ঘটিছে। সেয়েহে কোৱা হয়, লোক সংস্কৃতিয়ে দেশপ্ৰেমৰ চেতনাও জাগ্ৰত কৰি তোলে।

ভোগালী বিহুত ভোগৰ প্ৰাচুৰ্যৰ পয়োভৰ বেছি-

 

ই প্ৰাচুৰ্যৰ প্ৰতীক। পুহ আৰু মাঘৰ সংক্ৰান্তি, পৌষ সংক্ৰান্তি বা মকৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। কৃষিজীৱী জনসাধাৰণে দীঘলীয়া হাড়ভঙা পৰিশ্ৰমৰ ফলত লাভ কৰা শস্যমুঠি ঘৰলৈ আনি সকলোৱে মিলিজুলি এসাঁজ খাবলৈ যো-জা কৰে। এই সময়ত ধান, মাহ, আলু-কচু, শাক-পাচলি সকলো উভৈনদী হৈ পৰে বাবে মানুহৰ মন আনন্দে নধৰা হয় আৰু বুকুত সাহসো বাঢ়ে। অৱশ্যে এতিয়া আৰু আগৰ ভোগালী নাই। আগৰ দিনৰ দৰে বকুল বৰা, মাণিকী-মাধুৰী, নিয়ৰ কদম, চিকনকলি, বৰবৰা, পঁইতা বৰা আৰু অলেখ ধৰণৰ স্থানীয় জাতৰ ধান আৰু স্থানীয় অন্যান্য বস্তুবোৰো বৰ্তমান পাহৰণিৰ গৰ্ভত। এইবোৰ সংৰক্ষণৰ অভাৱতে বিলুপ্ত হ’ল। সেইদৰে শইচৰ লগতে মৎস্যও হৰিল। মানুহৰ আগত উছাহ-আনন্দ ম্লান পৰিল। সেইবাবেই হয়তো নিৰ্মলপ্ৰভা বাইদেৱে লিখিছিল- ‘এই জীৱনৰ ঢেঁকীশাল আৰু মজিয়াত ভোগৰ হাত বাউলি নাই’। তথাপি বিহুৰ দিনটোত মানুহৰ হিয়া-মন নাচি উঠে। বিহুৰ আগদিনা উৰুকা। উৰুকাৰ নিশা ভেলাঘৰ বা হাৰলি ঘৰ সাজি মানুহে ফূৰ্তি-তামাচা কৰি সমূহীয়াকৈ ভোজ ভাত খায়। বহু ঠাইত নৰা বা কলমাৰলিৰে সজা সৰু মেজি বা বুঢ়ী মেজি জ্বলায়। ৰাতিটো উজাগৰে থাকি ৰাতি নৌপুৱাওঁতেই মূল মেজি জ্বলায় আৰু মনৰ অভীষ্ট সিদ্ধিৰ বাবে অগ্নিদেৱতাক সেৱা জনাই গায়-

অগ্নি প্ৰজ্জ্বলিতং বন্দে, চতুঃবৰ্ণ হুতাশনম।

সুবৰ্ণ-বৰ্ণং মংগলম, জ্যোতিৰূপায়তে নমঃ।।

ভোগালী বিহুৰ প্ৰধান বৈশিষ্ট্যই হ’ল মেজি জ্বলাই অগ্নিদেৱতাক পূজা কৰা আৰু এই বিহুত পালন কৰা বিশেষ পৰম্পৰা যেনে ম’হ যুঁজ, লবুলবুলি চৰাইৰ যুঁজ, মাঘ বন্ধা, কণীযুঁজ, কুকুৰা যুঁজ ইত্যাদি। মেজি শব্দটো সংস্কৃতৰ মেঘ শব্দৰ পৰা আহিছে। মেজিৰ সৈতে অগ্নিপূজাৰ প্ৰচলন কেতিয়া কেতিয়া কেনেকৈ সংযোজন হ’ল সঠিককৈ কোৱা টান। আৰ্যসকলৰ প্ৰভাৱতে মেজিৰ সৈতে অগ্নিপূজাৰ মন্ত্ৰ পাঠ কৰাৰ পৰম্পৰা আৰম্ভ হ’ল বুলি বহুতে ক’ব খোজে। সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ মতে- ‘জীৱনী শক্তিয়েই অগ্নি। এই অগ্নিৰ পূজা নকৰিলে মানুহ জীয়াই থাকিব নোৱাৰে। মানুহৰ তেজ-বল, বুদ্ধি, প্ৰেৰণা সকলোৰে প্ৰতীক অগ্নি। বেদৰ অগ্নি চিৰ যৌৱনৰ প্ৰতীক’। সাধাৰণতে অসমীয়া ৰাইজে পুৱাতে গা-পা ধুই মেজিৰ ওচৰত সেৱা জনায়, মন্ত্ৰ পাঠ কৰি অগ্নিক পূজা কৰে। কিয়নো এই অগ্নি- ‘অমৃতৰ শিশিৰে বহিন’- অৰ্থাৎ অগ্নি অমৃতৰ দৰে।

অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলেও বিভিন্ন নাম-পৰম্পৰা আৰু ৰীতি নীতিৰে ভোগালী বিহু পালন কৰা দেখা যায়। যেনে- কাৰ্বিসকলৰ হাচ্চা কেকান, ডিমাচাসকলৰ-বিচু, তিৱাসকলৰ- মাঘী উৎসৱ, ৰাভাসকলৰ মাঘী বিহু, নেপালীৰ মাঘে সংক্ৰান্তি, মিচিঙৰ- মাগ আগৰাতি, চাহ-জনগোষ্ঠীৰ- টুচু পৰৱ ইত্যাদি ইত্যাদি। সকলো জনগোষ্ঠীয়ে উদযাপন কৰা এই লোক উৎসৱৰ সময়ো ভোগালী বিহুৰ সময়তে পৰে আৰু এইবোৰৰ মূল আৱেদনো ভোগালীৰ দৰেই সাৰ্বজনীন। মাত্ৰ ঠাইভেদে আচাৰ-অনুষ্ঠান আৰু পৰম্পৰা বেলেগ বেলেগ।

সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰো পৰিৱৰ্তন অৱশ্যম্ভাৱী। যিহেতু সময়ৰ দৰে সংস্কৃতিও গতিশীল। অৱশ্যে বৰ্তমান বিশ্বায়নৰ কোবাল ধুমুহাত কৃষিজীৱী জনসাধাৰণে দিক-বিদিক হেৰুৱাই পেলাইছে, অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছে। তাৰ পূৰ্ণ প্ৰতিফলন ঘটিছে আমাৰ এই জাতীয় ঐতিহ্যৰ অংগস্বৰূপ উৎসৱবোৰত। য’ত ধনেই, তাত সাধাৰণ জনগণৰ আৱেগ-অনুভূতিৰ মূল্যই বা কিমান! সেয়ে উৎসৱবোৰে ইয়াৰ আচল সৌন্দৰ্য আৰু মাদকতা হেৰুৱাই পেলাইছে। উৎসৱবোৰ ক্ৰমান্বয়ে ধনী বণিক এই উৎসৱ, এই সংস্কৃতি পৰ্যবসিত হৈ পৰিছে। তথাপি কিন্তু আমাৰ এই উৎসৱ, এই সংস্কৃতি ৰাইজৰ বুকুৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। জীৱনৰ ঢেঁকীশালত ইয়াৰ গুমগুমনি চিৰযুগমীয়া। কিয়নো এই উছৱ, এই সংস্কৃতি ৰাইজৰ প্ৰাণতকৈও আপোন।

অন্যহাতে আমাৰ অসমখন বৰ্তমান বিভিন্ন সমস্যাৰ এক জলন্ত অগ্নিকুণ্ডত পৰিণত হৈছে। তাতে আকৌ এচাম দুষ্কৃতিকাৰীয়ে আমাৰ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিৰ এনাজৰীডালক ভিন্ন-ভিন্ন কৰিবলৈ উঠিপৰি লাগিছে। এনে এক জটিল সন্ধিক্ষণত ভোগালী আকৌ আহিছে। উৎসৱৰ এই পৱিত্ৰ ক্ষণত আহকচোন সকলোৱে মিলি মেজিৰ জুইকুৰাৰ ওচৰত এবাৰ প্ৰাৰ্থনা জনাওঁ- মেজিৰ এই পৱিত্ৰ জুইকুৰাই যেন আমাৰ মনৰ সকলো কলূষতা, অসূয়া-অপ্ৰীতি আঁতৰাই নিয়ে আৰু অশুভ শক্তিবোৰক নাশ কৰি এখন নিকা সমাজ গঢ়াত সহায় কৰে। সদৌটিলৈকে ভোগালী বিহুৰ শুভেচ্ছা আৰু প্ৰণাম জনালোঁ।

লেখক: ডা মনোৰঞ্জন শৰ্মা পাঠক(ৰাইজৰ বাতৰি)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top