মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / সমাজ গঠনৰ শিল্পী প্ৰাচীন কামৰূপৰ কায়স্থসকল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমাজ গঠনৰ শিল্পী প্ৰাচীন কামৰূপৰ কায়স্থসকল

সমাজ গঠনৰ শিল্পী প্ৰাচীন কামৰূপৰ কায়স্থসকল

কায়স্থসকল। সুদুৰ তাহানিতে ভাৰতৰ অন্য ঠাইৰ পৰা অসমলৈ আগমন ঘটা কায়স্থসকলৰ ইতিহাস সুসমৃদ্ধ। কায়স্থৰ মাজত কিছুদিন স্বাধীন নৰপতি আছিল। প্ৰাচীন কায়স্থ সমাজৰ লোক সংস্কৃত ভাষা চৰ্চা কৰি কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছিল। সুদূৰ কান্যকুব্জৰ পৰা কেইজনমান ব্ৰাক্ষ্মণ-কায়স্থ আহি গৌড়ত আশ্ৰয় গ্ৰহণ কৰে। পিচত কামৰূপৰ ৰজা ধৰ্মপালৰ অনুৰোধত প্ৰাচীন কামৰূপলৈ আহি বাৰভূঞা নামেৰে খ্যাত হয়। এই বাৰভূঞাৰে অন্যতম কায়স্থ প্ৰধান চণ্ডীবৰ শৌৰ্য-বীৰ্যত আছিল অতুলনীয়। ধৰ্মপালে চণ্ডীবৰৰ বীৰত্ব আৰু পাণ্ডিত্যত মুগ্ধ হৈ ঢাল-তৰোৱাল দি পূৰ্বাঞ্চলৰ ‘শিৰোমণি ভূঞা’ পাতে। এওঁৰ বংশতে আৱিৰ্ভাৱ হয় মহাপুৰুষৰ। কায়স্থসকল তাহানিতে শাসন নীতিত পাৰ্গত আছিল। কায়স্থসকলৰ বেছিভাগেই পণ্ডিত আছিল। কিছুমান কায়স্থ থকা ঠাইত কাইথেলী পঢ়াশালি আছিল। কিছুমান কায়স্থই চিকিৎসাবিদ্যাও জানিছিল।

১,০০০ খ্ৰীষ্টাব্দৰ পিচৰ পৰা কামৰূপত কায়স্থ বৰ্ণৰ নাম বেছিকৈ ফুটি উঠে। সম্ভৱত: এই সময়ৰ পৰাই আমাৰ দেশৰ কায়স্থসকল এটা সুকীয়া শ্ৰেণীৰ ‘ক্ষত্ৰিয়’ শব্দটো তেওঁলোকে পঞ্চদশ শতিকালৈ ব্যৱহাৰ কৰি থকা প্ৰমাণ পোৱা যায়।

কায়স্থসকলৰ ঐতিহ্য

কামৰূপ ৰাজ্যত অতি প্ৰাচীন কালৰ পৰাই আৰ্যসকলৰ বসতিৰ প্ৰমাণ পোৱা যায়। কিন্তু সপ্তম শতিকাৰ পৰাহে ইয়াত কায়স্থসকলৰ নাম পোৱা যায়। ইয়াৰ আগতে বোধ হয় আমাৰ এই দেশত কায়স্থসকল ‘ক্ষত্ৰিয়’ বুলিয়েই পৰিচিত হৈছিল। কায়স্থসকল ক্ষত্ৰিয় বৰ্ণৰে। মৎস্যজীৱী ক্ষত্ৰিয়সকল পৰৱৰ্তীকালত কায়স্থ নামেৰে পৰিচিত হয়। ১,০০০ খ্ৰীষ্টাব্দৰ পিচৰ পৰা কামৰূপত কায়স্থ বৰ্ণৰ নাম বেছিকৈ ফুটি উঠে। সম্ভৱত: এই সময়ৰ পৰাই আমাৰ দেশৰ কায়স্থসকল এটা সুকীয়া শ্ৰেণীৰ ‘ক্ষত্ৰিয়’ শব্দটো তেওঁলোকে পঞ্চদশ শতিকালৈ ব্যৱহাৰ কৰি থকা প্ৰমাণ পোৱা যায়। চতুৰ্দশ আৰু পঞ্চদশ শতিকাত পশ্চিম ফালৰ পৰা অহা কায়স্থ ক্ষত্ৰিয়সকল পূৰ্বদেশলৈ আহি বৰ্তমান কামৰূপৰ ব্ৰক্ষ্মপুত্ৰৰ উত্তৰকূলত পোনতে বাস কৰোতে ইয়াৰ নাম তেওঁলোকে ‘ক্ষেত্ৰীভাগ’ ৰাখিছিল আৰু সেইকালৰ কবিসকলেও তেওঁলোকৰ অমৰ কবিতাত কায়স্থসকলক ‘ক্ষেত্ৰীভূঞা’ বুলি পৰিচয় দিছিল। এই কায়স্থ ক্ষত্ৰিয়সকল পৰৱৰ্তীকালত যেতিয়া ৰাজ্য শাসনৰ পৰা ৰাজ্য শাসনৰ পৰা বঞ্চিত হৈ ‘অসি’ এৰি সম্পূৰ্ণৰূপে ‘মসি’ আৰু ধৰ্ম চৰ্চাত মন দিয়ে, তেতিয়াৰ পৰাই তেওঁলোক কায়স্থ বুলি পৰিচিত হয়। বোধ কৰো এই কাৰণেই শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ৰচিত অমূল্য গ্ৰন্থবোৰৰ ভনিতাত ‘কায়স্থ শংকৰ’ বুলি নিজকে পৰিচয় দিয়ে।

প্ৰাচীন কামৰূপৰ কায়স্থসকলৰ মাজত কিছুমান স্বাধীন নৰপতি আছিল। এইসকলৰ ভিতৰত দুৰ্লভ নাৰায়ণ, ধৰ্ম নাৰায়ণ, তাম্ৰধ্বজ, আৰিমত্ত আদি প্ৰধান। চণ্ডীবৰ, শ্ৰীধৰ, শ্ৰীপতি, প্ৰতাৰখী, লোহাবৰ আদি ভূঞা, টংকপাণি জ্যেষ্ঠ কায়স্থ, চন্দ্ৰগিৰি আদি বংশধৰসকলো সময়ে সময়ে স্বাধীন নৰপতি বুলি সময়ে সময়ে পৰিগণিত হৈছিল। এইসকলক ৰাজপুত সামন্ত ৰজাসকলৰ লগত কিছু পৰিমাণে তুলনা কৰিব পাৰি। দেশত যেতিয়া বলৱন্ত ৰজাৰ অভাৱ হৈছিল, তেতিয়াই ভুঞাসকল স্বাধীন হৈ বহিছিল আৰু শক্তিশালী ৰজাৰ অভ্যুত্থান হ’লেই তেওঁলোক সেই ৰজাৰেই বশ্যতা স্বীকাৰ কৰি প্ৰাদেশিক শাসনকৰ্তা ৰূপে চলিছিল। বিশেষকৈ জিতাৰী আৰু কোচ বংশৰ ৰাজত্বকালত ভূঞাসকলৰ এই অৱস্থা হোৱাৰ প্ৰমাণ পোৱা যায়। আফগান, মোগল আৰু আহোম ৰজাৰ অধীনত বেছিভাগ ভূঞাই একোটা উচ্চ বিষয় লৈ তেওঁলোকৰ শাসন কাৰ্য্যত সহায় কৰিছিল।

এইখিনিতে ভাৰতৰ নানা প্ৰান্তত থকা কায়স্থ ক্ষত্ৰিয়ৰ বৰ্ণনা দিয়া হ’ল-

ৰাজপুত ৰজাসকলে অতীতত নিজকে সূৰ্যবংশীয় আৰু চন্দ্ৰবংশীয় ক্ষত্ৰিয় বুলি পৰিচয় দিছিল।

গুজৰাটৰ ৰজা ধ্ৰুৱৰ সন্তানসকলে ব্ৰক্ষ্মক্ষত্ৰিয়, মধ্য ভাৰতৰ চন্দ্ৰসেন ৰজাৰ বংশধৰসকলে নিজকে কায়স্থ ক্ষত্ৰিয় বুলি পৰিচয় দিয়ে।

গৌড়ত পাল আৰু সেনবংশীয় ৰজাসকলে নিজকে ক্ষত্ৰিয় বুলিলেই পৰিচয় দিছিল। পৰৱৰ্তী কালত এওঁলোকৰ বংশধৰসকল কায়স্থ আৰু বৈদ্য নামেৰে জনাজাত হৈছিল।

ৰাজপুত কায়স্থসকলৰ ভিতৰৰ কিছুমানে ‘লালা কায়স্থ’ বুলি জনাজাত হৈছিল।

প্ৰাচীন কায়স্থ সমাজৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ ‘কায়স্থ সমাজৰ ইতিবৃত্ত’ ত আছে এনেদৰে- ‘হিন্দুসকলক আৰ্য ঋষি-মুনিয়ে চাৰি শ্ৰেণীত ভাগ কৰিছে- ব্ৰাক্ষ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। কায়স্থ এই চাৰি শ্ৰেণীৰ কোন শ্ৰেণীত পৰে, তাকে লৈ আমাৰ মাজত প্ৰশ্ন উঠে। ভাৰতৰ যিবোৰ ঠাইত কায়স্থ আছে, তাৰ সৰহভাগেই নিজকে ‘ক্ষত্ৰিয়’ বুলি পৰিচয় দিয়ে। বৰ্তমান বংগদেশৰ কায়স্থ সকলেও ক্ষত্ৰিয় বুলি নতুনকৈ উপবীত গ্ৰহণ কৰিছে। কায়স্থ আচলতে ক্ষত্ৰিয়ৰ ভিতৰত পৰেনে নপৰে সেইটোৱেই এটা ডাঙৰ সমস্যা। উত্তৰ ভাৰতৰ হিন্দু ৰজাসকলৰ দিনত ‘কায়স্থ’ শব্দটো কৰ্মবাচক ৰূপেও ব্যৱহাৰ কৰা হয়, যেনে- ‘শৰ্মা কায়স্থ’, ‘ভট্ট মহাকায়স্থ’, ‘সুৰি জ্যেষ্ঠকায়স্থ’। আমাৰ কামৰূপতো ইংৰাজ আমোলৰ আগত যিসকলে ল’ৰা-ছোৱালীক দেশীয় ভাষাৰ শিক্ষা দিছিল, তেওঁলোকক ‘কাইথ’ বুলিছিল আৰু এই শিক্ষাটোক ‘কাইথেলী বিদ্যা’ বুলিছিল। এই কাইথসকল প্ৰায় কায়স্থ  জাতিৰ লোকেই আছিল, কিন্তু মাজে মাজে দুই এজন আন জাতিৰ মানুহো কাইথ আছিল। তদুপৰি কিছুমান ৰাজবিষয়া, গোসাঁইঘৰীয়া বিষয়াৰ পদো কাইথ বা কায়স্থ  আছিল। যেনে- ‘ভঁৰাল কাইথ বা ভাণ্ডাৰ কায়স্থ, বৰ কায়স্থ, ভাণ্ডাৰ বৰকায়স্থ ইত্যাদি। এইসকলৰো প্ৰায়বিলাকেই কায়স্থ জাতিৰ লোক হ’লেও দুই-চাৰিজন অন্য জাতিৰো লোক আছিল।

পৃথিৱীৰ সকলো মানুহ এক মানৱ জাতিৰেই অন্তৰ্ভুক্ত, কেৱল শাৰিৰীক আকৃতি গঠন আৰু বৰণ অনুসৰি এই এক মানৱ জাতিয়েই আৰ্য, মংগোলীয়, দ্ৰাবিড়িয়ান আদি বিভিন্ন জাতিৰ নাম পাইছে। তদুপৰি ধৰ্ম অনুসৰিও মানুহ বেলেগ বেলেগ সমাজত বিভক্ত হৈছে। আৰ্য ঋষি মুণিয়ে আমাৰ হিন্দুসকলক ব্ৰাক্ষ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ- এই চাৰি বৰ্ণত বিভক্ত কৰিছে। অতি প্ৰাচীন কালত ভাৰত আৰু পাৰস্যলৈ অহা আৰ্যসকল মধ্য এছিয়াৰ ইলা পৰ্বত এৰি অহাৰ আগতে ক্ষত্ৰিয়ক ‘ক্ষয়েত’ বা ‘খয়েত’ বুলিছিল। এই সময়ত আজিৰ দৰে ভাগ-বিভাগ হোৱা নাছিল। ‘ক্ষয়েত’ শব্দই ৰজাক বুজাইছিল। সেই ক্ষয়েত বা খয়েতেই পৰৱৰ্তী কালত ক্ষত্ৰিয় আৰু ‘কায়স্থ’ শব্দত পৰিণত হয়। মহাৰাজ অশোকৰ আগৰ সময়খিনিত ‘ৰাজুক’ শব্দেৰেও কিছুমান ক্ষত্ৰিয়ক বুজাইছিল। এই শব্দটো জৈন প্ৰকৃততে ‘ৰাজু’ লিখিছিল। সম্ভৱত: ৰজাৰ জাতি পদত আৰু সন্ধি-বিগ্ৰহাদি কাৰ্যত এই ক্ষত্ৰিয় বা ৰাজুসকলক নিয়োগ কৰিছিল। মনুৰ সময়ত ক্ষত্ৰিয় জাতি মসীজীৱি আৰু অসীজীৱী নামে দুই ভাগত ভাগ হয়। যজুৰ্বেদীয় বৃহৎ ব্ৰক্ষ্মখণ্ডত থকা অনুসৰি শ্লোকৰ অসমীয়া অনুবাদ হ’ল- ‘অসীৰে ৰক্ষা কৰা হয় আৰু মসীৰে স্থাপন কৰা হয়’। উভয়ৰে ক্ষতধৰ্ম বুলি পৃথিৱীবিখ্যাত। পিচলৈ কায়স্থ-ক্ষত্ৰিয় লিখক জাতি বুলি কিছুকাল পৰিচিত হয়। ‘ভাৰতীয় কায়স্থ মহাসভাৰ প্ৰাক্তন সহকাৰী সভাপতি প্ৰতাপনাৰায়ণ চৌধুৰীয়ে লিখিছিল- ‘মসীজীৱী ক্ষত্ৰিয়সকলেই পৰৱৰ্তী কালত ‘কায়স্থ’ নামেৰে পৰিচিত হয়।

‘বিষ্ণু সংহিতাত’ আছে ‘লেখ্য দলিল তিনিবিধ’-‘ৰজাসাক্ষিক, সসাক্ষিক আৰু অসাক্ষিক। ৰাজসভাত ৰজাৰ দ্বাৰা নিযুক্ত কায়স্থে লিখা দলিল আৰু সভাৰ অধ্যক্ষৰ হাতৰ চিন থকা দলিলকেই ৰাজসাক্ষিক দলিল কোৱা যাব।’

কায়স্থ ভূঞাসকলৰ ৰজাদিনীয়া খিতাপ, সন্মান, নিয়ম

কায়স্থ ভূঞাসকলে পোনতে একোখণ্ড ঠাইত একো একোজন স্বাধীন ৰজা আছিল। কোচ আৰু আহোম ৰজাৰ আমোলত তেওঁলোকৰ বেছিভাগেই গোমস্থা, বুজৰবৰুৱা, শিকদাৰ, বৰুৱা, বৰকায়স্থ, চৌধাৰী, জমিদাৰ আদি শাসনকৰ্তাৰ পদত নিযুক্ত হৈছিল। কায়স্থ বিষয়া কিছুমানৰ নিজা নিজা অতিথিশালা আছিল। তাৰ ভিতৰত আগৰ বুজৰবৰুৱা, বৰনগৰৰ বৰুৱা আৰু ৰাংগামাটিৰ জমিদাৰৰ অতিথিশালা বিখ্যাত আছিল।

কায়স্থ ভূঞাসকলৰ নিজা নিজা উপাস্য বিগ্ৰহ আছিল। তেওঁলোকৰ পুৰোহিত লগে লগে ঘুৰিছিল। ধৰ্মাচাৰ্য আৰু বিষয়াৰ নামঘৰ আছিল আৰু তাত পূজা সেৱা হৈছিল।

প্ৰাচীন কামৰূপৰ কায়স্থসকলৰ বেছিভাগেই সংস্কৃত ভালদএ জানিছিল।

সকলো কায়স্থই আত্মৰক্ষাৰ অৰ্থে প্ৰস্তুত আছিল।

বহুত কায়স্থই ঔষধ তৈয়াৰ কৰিব জানিছিল, চিকিৎসাও কৰিছিল।

আগেয়ে প্ৰায় সকলো কায়স্থই খাৰ-বাৰুদৰ ব্যৱহাৰ জানিছিল।

প্ৰাচীন কামৰূপীয় ক্ষত্ৰিয় কায়স্থসকলৰ গাত ক্ষত্ৰিয়ৰ স্বভাৱজাত গুণ আৰু কৰ্মবোৰ আছিল। তাৰ ঠাইত বৰ্তমান তেওঁলোকৰ কিছুমানৰ গাত পবিত্ৰতা, সৰলতাৰ লগতে বৌদ্ধিক জ্ঞান আদি কিছুমান গুণ দেখা যায়।

কায়স্থৰ শ্ৰেণী বিভাগ

ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলত প্ৰধানকৈ দহ শ্ৰেণীৰ ব্ৰাহ্মণ পোৱা যায়।

মাথুৰ-মথুৰাত বাস কৰাৰ পৰা মাথুৰ হৈছে। এওঁলোকে অন্যান্য শ্ৰেণীৰ কায়স্থৰ লগত বৈবাহিক সম্পৰ্ক কৰে, অন্য শ্ৰেণীৰ কায়স্থসকলে নিজ শ্ৰেণীৰ বাহিৰে আন কায়স্থৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰে।

ভটনাগৰ-এই শ্ৰেণীৰ কায়স্থ মজফ নগৰত বেছিকৈ আছে।

সকসেন-কনৌজৰ জয়চাঁদৰ মৃত্যুৰ পিচত সমৰ সিংহৰ তলত এতাবা জিলাত এওঁলোকে বাস কৰিছিল। বৰ্তমানেও উক্ত প্ৰদেশৰ এতাবা জিলাত বেছিকৈ দেখা যায়।

শ্ৰীবাস্তৱ- শ্ৰীনগৰৰ পৰা পোনতে অযোধ্যালৈ আহিছিল। বৰ্তমান কাশী, এলাহাবাদ, মিৰ্জাপুৰ, গোৰক্ষপুৰ আদি ঠাইত দেখিবলৈ পোৱা যায়।

বাল্মিক-আদি বাসস্থান গুজৰাট, বৰ্তমান বেহাৰতো আছে।

অম্বষ্ঠ-পশ্চিমাঞ্চলতে নানা ঠাইত দেখিবলৈ পোৱা যায়। অম্বষ্ঠ দেশৰ পৰা অহাৰ কাৰণে অম্বষ্ঠ নাম হোৱা বুলি কয়। এওঁলোকৰ আচাৰ-ব্যৱহাৰ ব্ৰাহ্মণৰ দৰে, কিছুমানে চিকিৎসা ব্যৱসায় কৰে।

সূৰ্যধ্বজ-দিল্লীত এই শ্ৰেণীৰ কায়স্থ অধিক। এওঁলোকৰ আচাৰ-ব্যৱহাৰ ব্ৰাহ্মণৰ দৰে। এওঁলোকে নিজকে ব্ৰাহ্মণ বুলি পৰিচয় দিয়ে।

গৌড়- এওঁলোকে গৌড় দেশৰ পৰা গৈ দিল্লীত বসবাস কৰিছিল বাবে এই শ্ৰেণীৰ কায়স্থক ‘গৌড় কায়স্থ’ বোলে। কোনো কোনোৱে আকৌ গৌড়ত বাস কৰা বাবে ‘গৌড় কায়স্থ’ শ্ৰেণীৰ উদ্ভৱ হোৱা বুলি কয়।

ভাৰতৰ অন্যান্য ঠাইত থকা কায়স্থ

মধ্যপ্ৰদেশ-ইয়াত থকা কায়স্থসকলে নিজকে মালবকায়স্থ বুলি পৰিচয় দিয়ে। এওঁলোকে মুছলমানৰ আমোলত পোনতে পাৰস্য ভাষা শিকি ৰাজবিষয় লাভ কৰে। এওঁলোকে সকলোৱে লিখা-পঢ়া জানে। বিধাতাই লিখা-পঢ়াৰ নিমিত্তেই কায়স্থক পঠাইছিল বুলি এওঁলোকে বিশ্বাস কৰে।

গুজৰাট-ইয়াৰ কায়স্থসকলে নিজকে সূৰ্যবংশীয় ক্ষত্ৰিয় বুলি পৰিচয় দিয়ে। এই কায়স্থসকলে যজ্ঞসূত্ৰধাৰণ কৰে আৰু যাজন, যজন আৰু জান আদি ক্ষত্ৰিয়ৰ ধৰ্মপালন কৰে।

কচ্ছপ্ৰদেশ- ইয়াৰ কায়স্থসকলে যজ্ঞসূত্ৰ ধাৰণ কৰে। তেওঁলোকৰ বেছিভাগেই পুৰোহিত, লিখক শাস্ত্ৰজীৱি।

ৰাজপুতনা-‘ৰাজধানী’ বুলি পৰিচয় দিয়া কায়স্থসকলে বুন্দিত মাথুৰ আৰু ভটনগৰত বাস কৰে। মৰোৱাত থকা কায়স্থসকলক পাঞ্চালী বা পাঞ্চালী ঠাকুৰ বোলে।

মাদ্ৰাজ- কায়স্থ প্ৰভুৰ স্থান। ইয়াত উপকায়স্থ আৰু প্ৰভা নামৰ কায়স্থ আছে।

বেহাৰ- ইয়াত থকা কায়স্থসকলে নিজকে চিত্ৰগুপ্তৰ বংশধৰ বুলি পৰিচয় দিয়ে। তেওঁলোক ‘লালকায়থ’ নামে জনাজাত। এওঁলোকে যজ্ঞপবীত গ্ৰহণ কৰে।

বংগদেশ- আদিশূৰৰ সময়ত একাদশ শতিকাৰ শেষ ভাগত বংগদেশলৈ পঞ্চ ব্ৰাহ্মণ আৰু পঞ্চ কায়স্থ আহে। এই সময়ৰ পৰা বংগদেশত কায়স্থৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়।

সপ্তম শতিকাৰ কায়স্থ

ভাস্কৰ বৰ্মনৰ তামৰ ফলিত আছে-

‘ন্যায়কৰণিক জনাৰ্দনস্বামী ব্যৱহাৰি

হৰদত্তকায়স্থ দুগ্ধনাথ প্ৰভৃতয়:’

আৰু আছে-

শস্যইতা লেখমিতাচ বসুবৰ্ন্ন ভাণ্ডাগাৰাধিকৃত মহাসামন্তদিবাকৰ প্ৰভ!’

অৰ্থাৎ ন্যায়কৰণিক, জনাৰ্দনস্বামী, ব্যৱহাৰী হৰদত্ত কায়স্থ দুগ্ধনাথ প্ৰভৃতি, ফলিপ্ৰস্তুতকাৰী আৰু লেখক বসুবৰ্ণ ভাণ্ডাৰ ঘৰৰ অধিকাৰী মহাসামন্ত দিৱাকৰ প্ৰভ।

প্ৰাচীন গৌড় ইতিহাস আলোচনা কৰিলে দেখা যায় যে ন্যায়কৰণিক, লেখক আৰু ভঁৰালীত কাম কৰা ক্ষত্ৰিয়সকলেই কায়স্থ বুলি নিজকে পৰিচয় দিছিল। গতিকে তাম্ৰফলিৰ উপৰোক্ত শ্লোক দুটাত থকা হৰদত্ত, দুগ্ধনাথৰ লগৰ জনাৰ্দন, বসুবৰ্ণ দিবাকৰ প্ৰভকো সেই সময়ৰ কায়স্থ বুলি ধৰিব পাৰি। এওঁলোক পুৰণি কালত কামৰূপত বাস কৰা আৰ্যসকলৰ সতি-সন্তান। এই ফলিখনৰ পৰা প্ৰমাণ হয় যে সপ্তম শতিকাৰ কামৰূপত বিশিষ্ট ৰাজকৰ্মচাৰী কায়স্থ আছিল। দশম শতিকাৰ আগৰ তামৰ ফলি আৰু শিলালিপি আলোচনা কৰিলে দেখা যায় যে প্ৰাচীন কালৰ পৰা কায়স্থসকল থকাৰ প্ৰমাণ দিব পাৰি। ত্ৰয়োদশ শতিকাৰ মাজভাগলৈ কামৰূপত ৰাজত্ব কৰা পালবংশৰ ৰজা ৰত্নপাল আৰু ইন্দ্ৰপাল ৰজাৰ দিনত দেশলৈ বহুত ব্ৰাহ্মণ-কায়স্থ আহে।

কায়স্থৰ ৰাজত্ব

কায়স্থ লোকসকলে কামৰূপত ৰাজত্বও কৰিছিল। পাল বংশৰ ৰজা সুবৰ্ণ পালৰ পৰা ১২৫০ চনত তেওঁৰ মন্ত্ৰী সুমতিয়ে সিংহাসন কাঢ়ি লয় আৰু সিন্ধু নাম লৈ কামৰূপ নগৰত ৰজা হয়। পিচত টগ্ৰলখা মল্লিক মুজবেকে কামৰূপ আক্ৰমণ কৰি কামৰূপ নগৰ অধিকাৰ কৰে। সিন্ধু ৰজা সেই সময়ত সম্ভৱত: ৰঙিয়াৰ ওচৰৰ বৰ্তমান সন্ধ্যাঝাৰত আহি আছিল। পাচত বাৰিষা পৰাত মুজবেকক পৰাস্ত কৰে। ইয়াৰ পাচত সন্ধ্যা ৰজাই নামনিৰ ফালে গৈ কমতাপুৰত ৰাজধানী পাতি বিদেশীক কটা দিবলৈ চেষ্টা কৰে। এই বংশৰ তিনিজন ৰজাৰ শেষৰজন সিংহধ্বজক তেওঁৰ মন্ত্ৰী প্ৰতাপধ্বজে হত্যা কৰি ৰজা হয়। আৰু তেওঁ কমতাপুৰৰ পৰা জলেশ্বৰলৈ ৰাজধানী তুলি নি গৌড় নাম দি ৰজা হয়। এই গৌড়ক গুৰু চৰিতত গোগৰীয়া বুলিছে। এওঁৰ পুত্ৰ বিখ্যাত দুৰ্লভ নাৰায়ণ।

জেতাৰি মুনিয়ে সিংহধ্বজ নিহত হোৱাত ধৰ্মপাল নামৰ আন এজন ৰাজ কোঁৱৰক কামৰূপৰ পুৰণি ৰাজধানী কামৰূপ নগৰত আনুমানিক ১৩৩০ খ্ৰী:ত ৰজাঘৰতে এখন কামৰূপ বুৰঞ্জীত ধৰ্মপালৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ গোদণ্ড পৰ্বতত আৰু আন এখন কুবেৰাচলত বুলি লিখিছে। এই সময়ত  তেওঁ গৌড়, কনৌজ, মন্দাৰতলা, জবইসাহানা, ত্ৰিহুট, বাৰাকৰ- এই ছয় ঠাইৰ পৰা ব্ৰাহ্মণ, কায়স্থ, কলিতা লোক আনি পণ্ডিতৰ সভা কৰি কামৰূপত ৰাজত্ব কৰিছিল। শুৱালকুছিৰ বাসত্তৰীয়া ব্ৰাহ্মণক ধৰ্মপালে অন্য বুলি প্ৰবাদ আছে। চণ্ডীবৰ আদি বাৰভূঞাও এই সময়তে কামৰূপলৈ আহে। সম্ভৱত: ধৰ্মপালে কামৰূপ নগৰত কিবা অসুবিধা পাই কুবেৰচললৈ যায়। তাৰ পাছত ভটীয়াই গৈ প্ৰাচীন কৰ্ণসুবৰ্ণত কমতাপুৰ নগৰ স্থাপন কৰি ৰাজধানী পাতে।

ধৰ্মপালে কৰ্ণসুবৰ্ণতে ৰাজধানী পতাত দুৰ্লভ নাৰায়ণে ৰণ কৰে। গৌড়ত থকা চণ্ডীবৰৰ পিতৃ লণ্ডদেৱে দুৰ্লভ নাৰায়ণৰ পক্ষে ৰণ কৰে। ধৰ্মপাল আৰু দুৰ্লভ নাৰায়ণ সম্বন্ধত ভাই-ককাই আছিল। গুৰুচৰিতত ‘বেলেগধয়া ভাই’ বুলি উল্লেখ কৰিছে। এই সময়ত দুৰ্লভ নাৰায়ণে গৌৰেশ্বৰ আৰু ধৰ্মপাল বা ধৰ্মনাৰায়ণে কামেশ্বৰ নাম লৈছিল। ধৰ্মপালে ধৰমপুৰত ৰাজধানী পাতি ৰাজ্য বহলাবলৈ চেষ্টা কৰোতে দুয়োজন ৰজাৰ মাজত যুদ্ধ হয় আৰু পাচত সন্ধি হয়।

কান্যকুব্জৰ পৰা অহা ব্ৰাহ্মণ-কায়স্থসকল

‘গুৰুচৰিত’ৰ মতে কান্যকুব্জৰ পৰা কৃষ্ণপণ্ডিত, ৰঘুপতি, ৰামবৰ, লোহাৰ, বৰণ, ধৰম, মথুৰা নামৰ শ্ৰীপতি, চিদানন্দ, সদানন্দ নামৰ সজ্জন কায়স্থ আহি গোৰেশ্বৰ আশ্ৰয় লয়। গোৰেশ্বৰে তেওঁলোকক ভূঞা উপাধি দি ৰাজ্যত ৰাখে। ভূঞাসকল যি ঠাইত বাস কৰিছিল, তেওঁলোকৰ অনুসৰি সেই ঠাইৰ নাম হয় কনৌজপুৰ। কামৰূপৰ ৰজা ধৰ্মপালে কিছুমান লোকক খোজাত গোৰেশ্বৰ দুৰ্লভ নাৰায়ণে চণ্ডীবৰ আদি কায়স্থবীৰ আৰু কেইজনমান ব্ৰাহ্মণ পণ্ডিতক দিয়ে। ধৰ্মপালে তেওঁলোকক গোদণ্ডপুৰৰ ওচৰত দাস, দাসী, ভূমি আদি দি স্থাপন কৰে। তেতিয়াৰ পৰা তেওঁলোক প্ৰাচীন কামৰূপৰ অঞ্চলত ‘বাৰভূঞা’ বুলি খ্যাত হয়।

বাৰভূঞাসকল কামৰূপত পোনতে দুৰ্লভ নাৰায়ণৰ অধীনত, পাচত ধৰ্মপাল, তাৰ পাচত পুনৰ দুৰ্লভ নাৰায়ণৰ অধীনত কিছুদিন প্ৰাদেশিক শাসনকৰ্তা হৈ থাকে। শিৰোমণি ভূঞা চণ্ডীবৰ আৰু দুই এজন দুৰ্লভ নাৰায়ণৰ সময়তে স্বাধীন হয়। ইন্দ্ৰ নাৰায়ণ, ভৱচন্দ্ৰ আৰু নাতি দুৰ্লভেন্দ্ৰৰ সময়ত ৰাজ্যৰ শাসন ঢিলা হোৱাত সৰহভাগ ভূঞা স্বাধীন হয়। কিন্তু জিতাৰী বংশীয় ৰজা আৰিমত্তৰ সময়ত পুনৰ অধীন হয়। আৰিমত্তৰ কিছুকাল পাচত নামনি অঞ্চলত খেন বংশীয় ৰজাৰ প্ৰভাৱ পৰে (সময়-পঞ্চদশ শতিকাৰ মাজভাগ)

খেন ৰাজবংশৰ ৰাজত্ব

পঞ্চদশ শতিকাৰ শেষ ভাগত খেনবংশীয় শেষ ৰজা নীলম্বৰৰ দিনত বৰনদীলৈ খেন ৰাজ্য বিস্তাৰিত হয়। এইখিনিতে ইয়াৰ তিনি দশকমান আগৰ কিছু কথা উল্লেখ কৰিবলৈ লৈছো-দ্বাদশ শতিকাত মুছলমান আক্ৰমণকাৰীসকলক গৌড় অধিকাৰ কৰাৰ সময়ত কামৰূপ ৰাজ্যক কামৰূপ, কমতা দুই নামে অভিহিত কৰা দেখা যায়। গতিকে প্ৰাচীন কামৰূপৰ পশ্চিম অংশই আনুমানিক দশম শতিকাৰ পাচৰ পৰা কমতা বুলি পৰিচিত হোৱা যেন লাগে। কমতাৰ ৰজাই কামৰূপেশ্বৰ নাম লৈছিল, কোনো কোনোৱে গৌৰেশ্বৰ উপাধিৰেও ভূষিত হৈছিল। বুৰঞ্জী পঢ়িলে অনুমান হয়, বিশ্বসিংহৰ আগলৈ প্ৰায় দুশ বছৰ কৰতোৱা আৰু সোণকোষৰ মধ্যৱৰ্তী স্থানক ‘কমতা’ বুলিছিল। আনুমানিক ১৩২৫ খ্ৰী:ত দুৰ্লভ নাৰায়ণে ‘গৌৰেশ্বৰ’ উপাধি লৈ এই খণ্ডৰ ভিতৰত পোনতে ৰাজত্ব কৰিছিল। তেওঁ আৰু তেওঁৰ বংশধৰসকলে প্ৰায় পঞ্চাশ বছৰ ৰাজত্ব কৰা বুলি ধৰিলে চতুৰ্দশ শতিকাৰ শেষভাগত আৰিমত্তই সেই ৰাজ্য অধিকাৰ কৰে। তাৰ পাছত জিতাৰী বংশধৰসকলো নিস্তেজ হয়। সেই সময়ত কমতাত খেন বংশৰ অভ্যুদয় হয়।

এতিয়া পুনৰ আগৰ প্ৰসংগলৈ আহিছো। পঞ্চদশ শতিকাৰ শেষভাগত খেন বংশীয় শেষ ৰজা নীলম্বৰৰ দিনত খেন ৰাজ্য বৰনদীলৈ বিস্তাৰিত হয়। কিন্তু ১৪৯৮ চনত নামনি অঞ্চল মুছলমানৰ অধীন হয়-হুছেনশ্বাহে (বংগৰাজ) কামৰূপ-কমতা আক্ৰমণ কৰি নীলাম্বৰৰ দেশ অধিকাৰ কৰে। মুছলমানে তাত স্থায়ীভাৱে শাসনকাৰ্য্য চলোৱা নাছিল। নামনিৰ বাৰভূঞাই আনুমানিক ১৩৬৬ খৃ:ৰ পৰা ১৪০০ খ্ৰী:লৈ আৰু ১৪৯৮ খ্ৰী:ৰ পৰা ১৫১৫ খ্ৰী:লৈ স্বাধীন অৱস্থাত থাকে।

কামৰূপীয় ভূঞাসকল স্বাধীনভাৱে থকাৰ সময়

ত্ৰয়োদশ শতিকাৰ শেষভাগৰ পৰা পঞ্চদশ শতিকাৰ শেষ ভাগলৈ কামৰূপ ৰাজ্যৰ ভূঞাসকলে স্বাধীনভাৱে ঠায়ে ঠায়ে ৰাজত্ব কৰি আছিল। এই সময়ৰ ভিতৰত নামনিৰ ফালে তেওঁলোকৰ ওপৰত মাজে মাজে মুছলমান আক্ৰমণকাৰীৰ আক্ৰমণ চলিছিল আৰু অলপ দিন খেন বংশৰ শেষ ৰজাৰ অধীনতো থাকিবলগীয়া হৈছিল। তাৰ পাচত পূবত আহোম আৰু পশ্চিমত কোচ ৰাজ্য স্থাপন হোৱাত আৰু ক্ৰমে সিবিলাকৰ প্ৰভাৱ উত্তৰোত্তৰ বৃদ্ধি হোৱাত ভূঞাসকলে ক্ৰমে আহোম আৰু কোচৰ অধীন হ’বলৈ ধৰে।

স্বাধীনভাৱে থকা ভূঞাসকলৰ ভিতৰত মধ্য অসমত শিৰোমণি ভূঞা চণ্ডীবৰেই শ্ৰেষ্ঠ আছিল।

ধৰ্মপালে দুৰ্লভ নাৰায়ণৰ পৰা পোৱা ব্ৰাহ্মণ-কায়স্থসকলে বৰ্তমানৰ কামৰূপ বৰপেটাৰ ঠায়ে ঠায়ে বসতি কৰিছিল। ইয়াৰ ভিতৰৰ চণ্ডীবৰ হাজো আৰু বৰনদীৰ মাজত লেণ্ডমাণ্ডৰী চিনস্বৰূপে বৰ্তমান ‘মাগুৰী’ নামৰ গাঁও আছে আৰু বৰনদীৰ কাষত লেণ্ডাই নামৰ ঠাই আৰু বহুত গড় আৰু পুখুৰী থকা ঠাইখণ্ড আছে। মাগুৰীৰ পৰা ৬ মাইল দূৰত বৰহাটা নামৰ এখন গাঁও আছে। বৰহাটাৰ পৰা মাগুৰীদি বৰম্বৈ পৰ্বতলৈ এটি অতি প্ৰাচীন আলি মাজে মাজে অলপ চিন আছে। ধৰ্মপালৰ সীমান্ত নগৰ গোদণ্ডপুৰৰ পৰা এই ঠাই ৮ মাইলমান হ’ব। লেণ্ডামাগুৰী এইখিনিকেই বুলিব পাৰি। বৰম্বৈ পৰ্বততে সম্ভৱত: চণ্ডীবৰ ভূঞাৰ ঘৰৰ হাউলি আছিল। চণ্ডীবৰৰ বীৰত্ব আৰু পাণ্ডিত্যক শ্ৰেষ্ঠ বিবেচনা কৰি ধৰ্মপাল ৰজাই তেওঁক ঢাল, তৰোৱাল দি পূৰ্বাঞ্চলৰ শিৰোমণি ভূঞা পাতিছিল। তেওঁ ৬ মাহমানৰ ভিতৰত লেণ্ডামাগুৰীত ঘৰ-দুৱাৰ কৰি চাৰিওফালে কোঠ মাৰি কনৌজৰ পৰা পৰিয়ালবোৰ আনে। বিভিন্ন ঘাত-প্ৰতিঘাতৰ পাচত চণ্ডীবৰ লেণ্ডামাগুৰীলৈ আহি পূৰ্বৰ দৰে দেশ শাসন কৰিবলৈ ধৰে। চণ্ডীবৰৰ বীৰত্বৰ আগত পূৰ্বৰ ভূঞা আৰু উত্তৰৰ ভোটবিলাকে দেশ মাৰিব পৰা নাছিল। কিন্তু লাহে লাহে এই প্ৰভাৱ কমি আহিল। এসময়ত ভূঞাসকলৰ স্বতন্ত্ৰৰীয়া ভাব দেখি ভোটসকলে সাহ পায়। ইয়াৰ বাবে চণ্ডীবৰ লেণ্ডামাগুৰীত নথকাৰ সুবিধাত ভোটে সুবিধা পাই লেণ্ডমাগুৰী লণ্ডভণ্ড কৰে আৰু চণ্ডীবৰৰ পুত্ৰ ৰাজধৰ আৰু আন কিছুমান লোকক উঠাই লৈ যায়। এই দুসংবাদটো পাই চণ্ডীবৰে লেণ্ডমাগুৰীলৈ ঘূৰি আহে আৰু নিজৰ লগত কিছুমান সৈন্য লৈ যুঁজত ভোটক হৰুৱাই ৰাজধৰ আৰু অন্যান্য মানুহক উদ্ধাৰ কৰি লেণ্ডমাগুৰীলৈ আহে। পাচত চণ্ডীবৰে অন্যান্য ভূঞাসকলৰ মাজত একতাৰ অভাৱ দেখি লেণ্ডমাগুৰী ত্যাগ কৰাটোৱেই ঠিক কৰিলে। তেওঁ বৰনদীৰ পূবৰ কিছুমান ঠাই অধিকাৰ কৰিলে। ব্ৰহ্মপুত্ৰৰ গতি সেই সময়ত বৰ্তমান গতিৰ ১০-১২ মাইল দক্ষিণে আছিল। দক্ষিণ পাৰে কাজলীমুখলৈ কছাৰী ৰাজ্য আছিল, কিন্তু বৰ্তমান নগাঁও জিলাৰ উত্তৰখণ্ডত কছাৰীৰ প্ৰভাৱ কম আছিল। সেই ঠাইখিনি মাজুলীপূৰ্ণ আছিল, য’ত ভূঞা নামৰ দুই-এজন ৰজাই কছাৰী ৰজাৰ অধীনত বাস কৰিছিল। চণ্ডীবৰে কাজলীদি ইয়াত সোমাই অধিকাৰ কৰে। চণ্ডীবৰে ভূৰাচাপৰিৰ কুঠাৰডবিত বাস কৰে। পিছত সেই ঠাই অসুচল বোধ কৰিবলৈ ধৰে।

চতুৰ্থ

শ্ৰীহৰি বা সৰস্বতী ভূঞা আৰু তেওঁৰ বংশধৰ সকল থকা ঠাই

শ্ৰী হৰি বা সৰস্বতী ভূঞাৰ পুৰা নাম শ্ৰীহৰি কবিৰত্ন সৰস্বতী ভূঞা। তেওঁৰ পিতৃ চক্ৰপাণি ভূঞাই দুৰ্লভনাৰায়ণ ৰজাৰ শিকদাৰ আছিল। তেওঁৰ বাসস্থান আছিল বৰপেটাৰ ওচৰৰ এখন ঠাইত। এই শ্ৰীহৰি কবিৰত্ন সৰস্বতী ভূঞাই ইন্দ্ৰনাৰায়ণ ৰজাৰ ৰাজত্বৰ সময়ত পিতৃৰ বিষয় পাইছিল। কবিৰত্ন সৰস্বতী প্ৰখ্যাত কবি। তেওঁ ৰজা ঘৰৰ পৰা ‘কবিৰত্ন সৰস্বতী’ উপাধি পাইছিল। এওঁৰ বংশতেই ৰামচৰণ ঠাকুৰৰ জন্ম হয়। ৰামচৰণ ঠাকুৰৰ বংশধৰসকল আগৰ কামৰুপৰ সুন্দৰীয়া, বামুনা আদি গোৱালপাৰাৰ দলগোমা, গৌৰীপুৰ আদিত বাস কৰে।

শ্ৰীপতি দত্তভূঞা আৰু তেওঁৰ বংশধৰ সকল থকা ঠাই:

বাৰভূঞাসকলৰ অন্যতম শ্ৰীপতি দত্তভূঞা অন্যান্য ভূঞাসকলৰ লগত কনৌজপুৰত বাস কৰে। পিচত ধৰ্মপাল ৰজাৰ ৰাজ্যলৈ অহাত তেওঁক পশ্চিম দুৱাৰ ৰক্ষাৰ ভাৰ দিয়ে। তেওঁৰ লগত অন্যান্য ভূঞাসকল পূব অঞ্চলত স্থাপিত হয়।

শ্ৰীপতিৰ পিছত তেওঁৰ পুত্ৰ চিদানন্দ পশ্চিম দুৱাৰৰ ৰক্ষক হয়। চিদানন্দৰ পিছত তেওঁৰ পুত্ৰ জগদানন্দ পশ্চিম দুৱাৰৰ ৰক্ষক হয়। এই সময়ত দুৰ্লভনাৰায়ণৰ বংশধৰৰ হাতৰ পৰা এই ৰাজ্য খহি পৰে। তেতিয়া জগদানন্দ কিছুদিন স্বাধীন হয়। জগদানন্দৰ পিছত পুত্ৰ কৃষ্ণানন্দ স্বাধীন ৰজা হয় যদিও কিছুদিন পিছত কমতাত এখন বংশীয় ৰজাৰ অভ্যুত্থান হোৱাত তেওঁ সেই ৰজাৰ অধীনতা স্বীকাৰ কৰিবলগা হয়। কৃষ্ণানন্দৰ পিছত পুত্ৰ নিৰঞ্জন ভূঞাই পৈতৃক বিষয়বাব কিছুদিন চলায়। পিচত ৰণত হুছেন শ্বাহৰ হাতত বন্দী হয়। এওঁৰ সহোদৰ নৰহৰিয়ে হুছেন স্বাহৰ লগত ৰণ কৰে। কৃতকাৰ্য হ’ব নোৱাৰি পুনৰ কামৰুপলৈ আহে। নিৰঞ্জন ভূঞাৰ বংশধৰ চেঙা, সৰভোগ, গৌৰীপুৰ আদিত বাস কৰে।

সদানন্দ ভূঞা আৰু তেওঁৰ বংশধৰ সকল থকা ঠাই

সদানন্দ ভূঞা চণ্ডীবৰ আদিৰ দলৰ সদানন্দ ভূঞা  কনৌজপুৰত ভৌমিক হৈ আছিল। তেওঁৰ পুত্ৰ আদিৰাম কৌনজপুৰতে থাকে। কিন্তু তেওঁৰ ভায়েক অনিৰুদ্ধ ভাটি অৰ্থাত বংগদেশলৈ যায়। আদিৰামৰ পুত্ৰ কমলাকান্ত শেষ বয়সত কনৌজপুৰ ত্যাগ কৰি গোৱালপাৰাৰ কোনো ঠাইত ভূঞা হৈ থাকে। কমলাকান্ত ভূঞাৰ নাতি কালীকান্তৰ দিনত বিশ্বসিংহ ক্ষমতাৱন্ত হৈ উঠি ভূঞাসকলৰ লগত যুদ্ধ কৰোতে কালীকান্তও বিপক্ষে থিয় দিছিল। কালীকন্ত বিশ্বসিংহৰ হাতত হাৰি ভাটিলৈ যায়। পিছত নৰনাৰায়ণৰ সময়ত কালীকান্তৰ পুত্ৰ ৰায়মোহন উজাই আহি মঙলদৈত বাস কৰে। ৰায়মোহনৰ বংশধৰসকল কামৰুপ জিলাৰ পকোৱা গাঁৱত বাস কৰে।

ভূধৰ ভূঞা আৰু তেওঁৰ বংশধৰ সকল থকা ঠাই

ভূধৰ ভুঞাৰ উপৰিপুৰুষ যশোধৰৰ(বংগদেশৰ) পৰ অহা বুলি কোনো কোনোৱে কয়। কোনো কোনোৱে সদানন্দ ভূঞাৰ বংশধৰ বুলি স্বীকাৰ কৰে। এওঁ সদানন্দ ভূঞাৰ বংশধৰ গোত্ৰ অত্ৰি, সদানন্দ ভূঞাও অত্ৰি গোত্ৰৰ। গতিকে ভূধৰ ভূঞা সদানন্দৰ বংশধৰ হোৱা বুলি বেছি বিশ্বাস হয়।সদানন্দ ভূঞাৰ বাসস্থান কনৌজপুৰত। দুজন পুত্ৰ আদিৰাম আৰু অনিৰুদ্ধ। অনিৰুধ বংগদেশৰ ফালে যায়। আদিৰাম কনৌজপুৰতে থাকে।ভূধৰ ভূঞা অনিৰুদ্ধৰেই বংশধৰ। এওঁ বংগদেশৰ পৰা আহি কামৰুপৰ ৰামদিয়াৰ ওচৰত বংশৰত ভূঞা হৈ আছিল। যি সময়ত বিশ্বসিংহই কামৰুপৰ ভূঞাসকলক জয় কৰে, ভুধৰে সেই সময়ত বিস্বসিংহৰ অধিনতা স্বীকাৰ কৰে। ভূধৰ বংশধৰ কামৰুপৰ ক্ষুদ্ৰ শ্ংকৰা, শিমলীয়া, গোৱালপাৰাৰ সোণাখলি, কামৰুপৰ মদাৰতোলা, দৰঙৰ দীঘিৰপাৰ আদঅি গাঁৱত বাস কৰে।

অম্বৰীশ ৰায় ভূঞা আৰু তেওঁৰ বংশধৰ সকল থকা ঠাই

বিশ্বসিংহই কামৰুপ জয় কৰা সময়ত অম্বৰীশ নামৰ এজন প্ৰখ্যাত ভূঞা বল্যা নদিৰ পশ্চিমফালে বাস কৰিছিল। অম্বৰীশৰ বংশধৰসকল একোজন বিখ্যাত পণ্ডিত আছিল। অম্বৰীশ ৰায় ভূঞাৰ বংশধৰসকল কামৰুপৰ কেন্দুকুছি আৰু মঙলদৈৰ চমুৱাপাৰাত বাস কৰে।

জগতনাৰায় ভূঞা আৰু তেওঁৰ বংশধৰসকল থকা ঠাই

জগতনাৰায়ণ ভূঞাৰ বংশধৰ সকলে শ্ৰীহৰি ভূঞাৰ বংসধৰ বুলি পৰিচয় দিয়ে। বিশ্বসিংহৰ সময়ত জগতনাৰায়ণ নামৰ এজন ভূঞা কমৰুপৰ ক্ষেত্ৰী অঞ্চলত ডাঙৰদিয়াত আগতে বাস কৰিছিল। এওঁকো বিশ্বসিংহই জয় কৰে। এওঁৰ বংশধৰ সকল আগৰ কামৰুপৰ বালিকৰিয়া, চামতা, পানাৰা, হৰিশিঙা আদি গাঁৱত আছে।

শ্ৰীধৰ ভূঞা আৰু তেওঁৰ বংশধৰসকল থকা ঠাইসমূহ

চণ্ডীবৰ ভূঞাৰ লগতে লেঙামাগুৰিত বাস কৰিছিল। ৰজাই এওঁক ভোটৰ দুৱাৰ ৰক্ষা কাৰ্যত নিযুক্ত কৰিছিল। শ্ৰীধৰৰ পুত্ৰ গদাধৰ। তাৰ পিছত পঞ্চম পুৰুষ গোৱৰ্দ্ধন শক্তিশালী হৈ উঠে। অষ্টম পুৰুষ পানীন্দ্ৰ ভূঞাক মহাৰাজ নৰনাৰায়ণে বৰকায়স্থ পাতে। এই শ্ৰীধৰ ভূঞাৰ বংশধৰ সকল কামৰুপৰ চামতা, বৰমাখিবাহা, ঘিলাজাৰি, ক্ষেত্ৰাপাৰা আদিত বাস কৰে।

কন্দৰ্প ভূঞা আৰু তেওঁৰ বংশধৰ সকল থকা ঠাই

কন্দৰ্প বিশ্বসিংহৰ ৰাজত্বৰ সময়ত কামৰুপত ভূঞা আছিল। এওপঁ বিশ্বসিংহৰ বশ্যতা স্বীকাৰ কৰাত মজুমদাৰ বিষয় দিয়ে। এওঁৰ বংশধৰ সকল বৰ্তমানে নলবাৰী জিলাৰ সন্ধেলী আৰু পানীগাঁৱত বাস কৰে।

লোহাবৰ ভূঞা আৰু তেওঁৰ বংশধৰসকল থকা ঠাই

চণ্ডীবৰ ভূঞা আদিৰ লগত এওঁ কনৌজৰ পৰা আহি গৌড়ত কিছুদিন থকাৰ পিছত কমতালৈ আহে আৰু কনৌজপুৰত বাস কৰে। এওঁৰ নাতি দিবাকৰ ভূঞা কমতা ৰজা ইন্দ্ৰনাৰায়ণৰ দিনত স্বাধীন ভূঞা হয়। তেওঁৰ পিছত পুতেক কুমাৰ ঘোষে দুৰ্লভেন্দ্ৰ ৰজাৰ দিনত কমতা ৰাজ্যৰ এক অংশ অধিকাৰ কৰি এজন স্বতন্ত্ৰ ৰজা বুলি পৰিচিত হয়। কিছু বছৰ পিছত কুমাৰ ঘোষৰ ৰাজ্য হুছেনৰ দ্বাৰা অধিকৃত হয়। কুমাৰ ঘোষৰ পুত্ৰ থানুবৰে পূব দিশে আহি কামৰুপৰ খাতাত স্বাদধীনভাৱে বাস কৰে। থানুবৰৰ পুত্ৰ মন্মথৰ দিনত কামৰুপ মুছলমানৰ অধীন হয়। লোহাবৰৰ বংশধৰ কামৰুপৰ খাতাবাৰী,মালিকুছি, মনাহকুছি, দৌলাশাল, কোচবিহাৰত বাস কৰে।

টংকপাণি জ্যেষ্ঠ কায়স্থ আৰু তেওঁৰ বংশধৰসকল থকা ঠাই

টংকপাণি মিথিলাৰ ম্ংখদাস নামৰ গৌড় কায়স্থৰ সন্তান। নিজৰ জন্মভূমি ত্যাগ কৰি ধৰ্মপাল ৰজাৰ আশ্ৰমত বাস কৰে। গৌড়ৰাজে তেওঁক তীৰভুক্তিত ‘জ্যেষ্ঠ কায়স্থ’ পাতে। এওঁৰ পুত্ৰ চক্ৰপানিয়ে পিতৃৰ বিষয়কে পায়। এওঁ সাধক পুৰুষ আৰু কবি আছিল। শেষ সময়ত ‘মহা সিদ্ধাচাৰ্য’ উপাধি পায়।

চক্ৰপাণিৰ দুই পুত্ৰ শূৰপাণি আৰু ধীৰপাণি। শূৰপাণিৰ পুত্ৰ শ্ৰীধৰ। শ্ৰীধৰৰ পুত্ৰ ভূধৰ, গদাধৰ, গদাধৰৰ পুত্ৰ ৰাজ্যধৰ। এওঁৰ সময়ত প্ৰাচীন কামৰুপ ৰাজ্যৰ পশ্চিমখণ্ডত ৰাজবিপ্লৱ ঘটে। ৰাজ্যধৰে তেতিয়া কৰ্ণসুবৰ্ণ ত্যাগ কৰি উত্তৰে কুবচত থকা আত্মীয় এজনৰ লগত বাস কৰে। কুবচত এওঁ স্বাধীন সৰুৰাজা বা ভৌমিক হয়। ৰাজ্যধৰৰ পিচত তেওঁৰ পুত্ৰ শ্ৰীধৰ(দ্বিতীয়) স্বাধীন ৰজা হয়। পিচত নৰকবংশীয় ব্ৰহ্মপালৰ সামন্ত ৰজা হয়। শ্ৰীধৰৰ পিছত পুত্ৰ শূলপাণি ভৌমিক হয়।

চক্ৰপাণিৰ পুত্ৰ দেৱধৰ মিথিলাৰ নান্যদেৱৰ প্ৰধানমন্ত্ৰী হয়। এওঁৰ পুত্ৰ বোধিৰাও বিখ্যাত কবি আৰু মিথিলা ৰাজ্যত প্ৰধানমন্ত্ৰী হয়। বোধিৰাৱৰ পুত্ৰ সূৰ্য ঠাকুৰ মিথিলা ৰাজ হৰিসিংহৰ প্ৰধানমন্ত্ৰী হয়। এওঁৰ সময়ৰ পৰাই উত্তৰ ভাৰতৰ ব্ৰাহ্মণ-কায়স্থৰ বংশাৱলী লিখিবলৈ আৰম্ভ হয়। সুৰ্য ঠাকুৰৰ পুত্ৰ প্ৰীতিকৰ লক্ষ্মীদাস ঠাকুৰ বংশাৱলীত এওঁক কায়স্থ প্ৰধান বোলে। এওঁৰ পুত্ৰ অমৃতকৰ মিথিলাৰ শিৱসিংহ ৰজাৰ মন্ত্ৰী হৈছিল। এওঁৰ নাত্ৰি নৰহৰি কামৰুপলৈ আহি বিশ্বসিংহ ৰজাৰ মন্ত্ৰী হয়। তেতিয়াৰ পৰা তেওঁৰ বংশধৰসকলে প্ৰাচিন কামৰুপত বাস কৰি আছে। এই বংশৰ বংশধৰ ৰাংগোমাটিয়া বৰুৱা বা গৌৰীপুৰ ৰাজবংশ।

চন্দ্ৰগিৰি ভূঞা আৰু তেওঁৰ বংশধৰ সকল থকা ঠাই

চন্দ্ৰগিৰি ভুঞাৰ বংশধৰসকল দৰঙৰ দিগিপাৰ, কামৰুপৰ নন্দগাঁও, চাৰাবৰি, নলবাৰীত বাস কৰে।

প্ৰাচীন কালত কায়স্থ বিষয়াসকলৰ সমাজত স্থান

প্ৰাচীন স্বাধীন কায়স্থ ভূঞাসকলৰ স্বাধীনতা যোৱাৰ পিছত কিছুমানে কোচ ৰজাৰ আৰু আন কিছুমানে আহোম ৰজাৰ অধীনতা স্বীকাৰ কৰি ঠায়ে ঠায়ে শাসনকৰ্তা, খাজনা আদায়কাৰী, কাকতী আদি বিষয়বাব পাইছিল। কেইজনমান ভুঞাই কোচ ৰজাৰ অধীনতা স্বীকাৰ কৰাৰ এটা উদাহৰণ তলত দিয়া হ’ল-

বিশ্বসিংহই কামৰুপৰ পশ্চিম খণ্ড অধিকাৰ কৰাত কিছুমান ভূঞা দৰ্ং, লক্ষ্মীপুৰ পাইছিল। পিচত আহোমৰাজে সেই খণ্ড অধিকাৰ কৰাত তাতো শান্তিৰে বাস কৰিব নোৱাৰাত পৰে।নৰনাৰায়ণ ৰজাৰ সময়ত নামনি খণ্ডত শান্তি স্থাপিত হোৱাত কামৰুপৰ পৰা অহা ভূঞা সকলৰ চৌধ্যজন ভূঞাই একেলগে আহি চিলাৰায়ৰ ওচৰত উপস্থিত হয়। চিলাৰায়ে ভূঞাকেইজনক ৰজাৰ ওচৰলৈ লৈ যায়। চিলাৰায়ে নৰনাৰায়ণৰ আগত ভূঞাসকলৰ অৱস্থাৰ কথা কৈ ৰজাৰ শৰণাপন্ন হোৱা বুলি কয়। ৰজাই এদিন ব্ৰহ্মপুত্ৰত স্নান কৰিব ওলায়, ভাতৃ চিলাৰায়ক লগত তালৈ চৌধ্যজন ভূঞাক লৈ যাবলৈ আৰু অশ্বক্লান্তত পুৰী নিৰ্মাণ কৰিব আদেশ দিয়ে। চিলাৰায়ে তাকে কৰিলে। ৰজাই স-সৈন্যে অশ্বক্লান্ত পায়, পিছদিনা শুক্লাষ্টমীত স্নান কৰে। ৰজাই কায়স্থ প্ৰধানক উদ্দেশি কয়-‘ভ্ৰাতাৰ স্ংগতে, চল নাভাবিবা আন বিচাৰিবা, বৃত্তি দিব আৰু ভূমিদান/আমাৰ আজ্ঞায় চল হুইবে কল্যাণ’ কায়স্থসকলে প্ৰতিজ্ঞা কৰিলে বংশানুক্ৰমে কোচ ৰাজ্য ৰক্ষা কৰি থাকিব। সেই চৌধ্যজন কায়স্থ ভূঞাৰ নাম তলত দিয়া হ’ল-

চৌধ্যজন কায়স্থ ভূঞা- ভবানন্দ, বিভূবিশ্বাস, বিসাৰদ, হৰিচৌধুৰী, গৌৰীপতি, ভীমসেন, শুভংকৰ, দিবাকৰ, মেঘনাদ, নৰহৰি, তন্দ্ৰেশ্বৰ, ভবেশ্বৰ, ধনেশ্বৰ, প্ৰতাপ ৰায়। এইসকলে বিভিন্ন বিষয়বাব খাইছিল।

কায়স্থসকলৰ কৰ্ম আৰু গুণ

বংশোৱলীবোৰ দেখিলে বুজিব পাৰি যে সকলো কায়স্থৰ সাধাৰণ উপাধি ভূঞা। ইয়াৰ দ্বাৰাই বুজিব পাৰি যে প্ৰায় সকলোবিলাকেই ভূঞাৰ সন্তান (তথ্যৰ উৎস-কায়স্থ সমাজৰ ইতিবৃত্ত)। কায়স্থসকলৰ পদ আদিৰ বিৱৰণ দিয়া হ’ল-

বিষয়বাব

সামন্ত, মণ্ডল, ভূম একাৰ্থবোধক-ই ৰাজ্যৰ একোটা ভাগ বুজায়। এইবোৰ শাসনকৰ্তাক সামন্তাধিপতি, মাণ্ডলিক আৰু ভৌমিক বোলে। আমাৰ দেশৰ ভূঞা এই ভৌমিক। আমাৰ নামনি কামৰূপ ৰাজ্য ‘তপা’ আৰু ‘চকলা’ত বিভক্ত হৈছিল। ভূঞাসকল ৰজাৰ অধীনত থকাত একোখন চকলাৰ শাসনকৰ্তা হোৱাৰ অনুমান হয়। কায়স্থ ভূঞাসকলে কোচ ৰজাৰ অধীনত পাত্ৰ। মজুমদাৰ, উজীৰ, বিষয়া, ভঁৰালকায়স্থ, গোমাস্তা, দেৱান বৰুৱা, চৌধাৰী, বক্‌সী, পাটগিৰি, শিকদাৰ আদি বিষয়বাব পাইছিল। তাহানিতে আহোম ৰজাৰ অধীনত বৰুৱা, বুজৰবৰুৱা, বৰকায়স্থ, চৌধাৰী কায়স্থ, পাটোৱাৰী, গোমাস্তা, কাকতী, বৰকাকতী, ঠাকুৰীয়া, তালুকদাৰ, শইকীয়া, বৰা আদি বিষয় পাইছিল।

পাত্ৰ-কোচ ৰজাৰ মন্ত্ৰীক পাত্ৰ বুলিছিল। ৰংগামাটিৰ বৰুৱা আৰু চন্দ্ৰগিৰি ভূঞাৰ বংশৰ বৰশলা শাখাত কোচ ৰজাৰ পাত্ৰ হৈছিল।

উজীৰ-উজীৰ হ’ল বিচাৰক। কোনো একোখণ্ড ঠাইত এনে উপাধিৰ বিষয়া থাকি মুছলমান আৰু কোচ ৰজাৰ আমোলত বিচাৰ আৰু শাসন কৰিছিল।

আহোম ৰাজত্বৰ শেষ সময়লৈ দৰং-কামৰূপৰ সকলো কায়স্থৰ যথেষ্ট সম্পত্তি আছিল। আহোম ৰাজত্বত যিসকল কায়স্থই বিষয়বাব নাপাইছিল, তেওঁলোকে ৰজাঘৰৰ পৰা ‘মানমাটি’ পাইছিল।

মজুমদাৰ

মজুমদাৰ হ’ল একোখণ্ড ঠাইৰ পুঁজি জমাৰ হিচাপ ৰখা বিষয়া। নৰনাৰায়ণ ৰজাৰ সময়ত একোখন পৰগণাত এই নিচিনা জামদাৰ আছিল।

শিকদাৰ

যি এটা বিভাগৰ খাজনা আদায় কৰিছিল আৰু আৱশ্যকমতে সৈন্য দি নিজে সেনাপতি হৈ ৰজাক সহায় কৰিছিল শিকদাৰে। এনে শিকদাৰ কামৰূপৰ বৰশলাৰ শ্ৰীৰাতি সৰস্বতী ভূঞাৰ বংশত হৈছিল। এওঁৰ নাম চক্ৰপাণি শিকদাৰ। দুৰ্লভ নাৰায়ণৰ শিকদাৰ হৈছিল।

ভঁৰাল কায়স্থ

কোচ ৰজাৰ কোষাধ্যক্ষ হ’ল ভঁৰাল কায়স্থ। ৰজা, ৰঘু দেৱ আৰু পৰীক্ষিত নাৰায়ণৰ অধীনত গণককুছিৰ বৰকাকতী, বালিকৰিয়াৰ ভঁৰাল কায়স্থাৰ বংশ এনে ভঁৰাল কায়স্থ আছিল।

বৰুৱা

ফুকনৰ তলতে বৰুৱাৰ সন্মান। বৰুৱাই সীমান্ত ৰক্ষাৰ সহায় আৰু যুদ্ধৰ সময়ত সহায় কৰিছিল। এওঁলোকক একোখন পৰগণা শাসন কৰাৰ দায়িত্ব দিয়া হৈছিল।

চৌধাৰী

চৌধাৰী হ’ল ৰাজত্ব আদায়কাৰী বিষয়া। এওঁৰে হাতত ফৌজদাৰী, দেৱানীৰ বিচাৰ বিভাগ আৰু পুলিচৰ ক্ষমতা আছিল। কামৰূপৰ প্ৰায় সকলো কায়স্থ এই শ্ৰেণীৰ।

বক্‌সী

কোচ ৰজাৰ প্ৰতিনিধি হৈ সি ৰজাৰ ধৰ্ম সম্বন্ধীয় কাম কৰিছিল। বক্‌সীয়ে।বৰ্তমান কোচবিহাৰত এই প্ৰাচীন কামৰূপীয় কায়স্থ বক্‌সী আছে।

বুজৰবৰুৱা

কেইবাখনো পৰগণাৰ ৰাজহ আদায়কাৰী বিষয়া বুজৰবৰুৱা। এওঁৰ অধীনত কেইবাজনো কাকতী, মজুমদাৰ, ঠাকুৰীয়া আদি কৰ্মচাৰী আছিল। কামৰূপৰ কায়স্থৰ ভিতৰত বৰনগৰ, নন্দগাঁও, পূৰ্বপাৰ, নাৰায়ণ গোমস্তাৰ বংশ আদিত এনে বিষয়া থকাৰ প্ৰমাণ আছে।

বৰকায়স্থ

গৌড়ৰাজ্যত যাক শ্ৰেষ্ঠ কায়স্থ বুলিছিল, সেই শ্ৰেণীৰ বিষয়াকেই ইয়াৰ বৰাকায়স্থ বা বৰকাইথ বুলিছিল।

কায়স্থ

দেৱালয়ৰ জমি-জমাৰ হিচাপ ৰখা কৰ্মচাৰী হ’ল কায়স্থ।

কাকতী

বৰফুকন, বুজৰবৰুৱা, বৰকায়স্থ, চৌধাৰী আদিৰ তলত লিখা-পঢ়া কৰা কৰ্মচাৰীক কাকতী বুলিছিল।

ঠাকুৰীয়া, তালুকদাৰ, শইকীয়া, বৰা

এইবোৰ চৌধাৰীৰ অধীনৰ বিষয়া। এশঘৰ মানুহৰ ওপৰৰ বিষয়াক ‘শইকীয়া’, এখন গাঁৱৰ ওপৰৰ বিষয়াক ‘শইকীয়া’, এখন গাঁৱৰ ওপৰৰ বিষয়াক ‘বৰা’ বুলিছিল। কেইবাখনো গাঁৱৰ সমষ্টিক ‘তালুক’ আৰু তাৰ বিষয়াক ‘তালুকদাৰ’ বুলিছিল। তালুকবোৰৰ সৰু সৰু ভাগত শাসনকৰ্তাক ‘ঠাকুৰীয়া’ বুলিছিল।

নিয়োগী

যুদ্ধত নিয়োগ কৰা বিষয়া নিয়োগী। কায়স্থৰ ভিতৰত শালকোছাত এনে নিয়োগী আছিল কোচ ৰজাৰ অধীনত।

ৰায়বৰুৱা

ৰাজবংশৰ লোকে বৰুৱা বিষয় পালে ‘ৰায় বৰুৱা’ উপাধি পাইছিল। কায়স্থৰ ভিতৰত বৰপেটাৰ ৰামৰায়, লোহাবৰ শাখাৰ লাউতলী শাখা,নাৰায়ণ গোমথাৰ বংশৰ শাখাত এনে ‘ৰায় বৰুৱা’ উপাধি থকা দেখা যায়।

বিষয়াসকলৰ এলেকাধীন ঠাইবোৰৰ নাম

প্ৰাচীন কামৰূপৰ ৰাজ্য আগেয়ে গাঁৱত মাত্ৰ বিভক্ত আছিল। পিচত চকলা আৰু ‘তপাত’ বিভক্ত হয়। চকলা ৰাজ্যৰ একোটা ডাঙ ভাগ-তপাবোৰ চকলাৰ সৰু সৰু ভাগ। নৰকবংশ, স্তম্ভবংশ, দুৰ্লভনাৰায়ণৰ বংশ আৰু খেন ৰাজবংশত শাসন বন্দৱস্ত কি ৰকম আছিল বুজিব পৰা নাযায়। ভূঞাসকলে যাৰ যিমান বল তেওঁ সিমানে ঠাই অধিকাৰ কৰিছিল আৰু অধিকৃত ঠায়েই ভূঞা ৰাজ্য বুলি কথিত হোৱা বুলি অনুমান কৰিব পাৰি।

কামৰূপ বুৰঞ্জীৰ পৰা জনা যায় যে মুছলমান আক্ৰমণকাৰীয়ে কোচ হাজোত অধিকাৰ কৰি গৌৰীপুৰ ৰজাৰ উপৰি পুৰুষ কবি শেখৰক লগত লৈ ‘ছেক বিৰাহিম’ (ইব্ৰাহীম) কাড়োৰীয়ে পৰগনা বন্দী কৰে। কিন্তু কামৰূপ পৰগনাৰ পৰা জনা যায়- তপাবোৰ কোচ ৰজাৰ দিনৰেই-সি পৰগনাতকৈ সৰু, সৰু একোখন পৰগনা কেইবাটাও তপাত ভাগ হয়-

কোচ-হাজো মুছলমানৰ আমোলত ভাগ হোৱা চাৰি চৰকাৰ-

কামৰূপ চৰকাৰ পৰগনা

কোঁৱৰভাগ, পাতিদৰং, বনভাগ, বামা, বৰদৰং, বাহাবাৰী, সাতৰজীয়া, চৌৰাহীখাগ, কাচিমপুৰ, বৰভাগ, দেহোৰ, ক্ষেত্ৰীভাগ, বজালী, ৱাহেৰখাতা, বজালীসহিতে একলাগী, বাউসী, বৰনগৰ, পাটকাটা, বৰপেটা, ফুলগুৰি, বাগসা, দিপজল আদি।

চৰকাৰ ঢেকেৰী পৰগনা

খুটাঘাট, গুমা, পৰ্বতজোৰ, কবসে ধুবুৰী, জমিৰা টাৰিয়া, ঘৰুলা চাপৰ, ৰেছুমতাৰী, খুমাৰ, ধামাদি মোহল আদি।

চৰকাৰ দক্ষিণকূলৰ পৰগনা

‘পৰগনো সাম্ভোৰ (তাৰ তলে পাঁচ তপা তপে বগৰবাৰী, তপে চামুৰীয়া, তপে বেকেলী, তপে হালজাল, ওজাখেলি, তপে চামুৰীয়া, তপে বেকেলী, তপে তিসিমপুৰ) পাণ্ডু-ইয়াৰ তলে সাত তপে তপে বংগেশ্বৰ, তপে মঝেয়েলি, তপে ছয়নীয়া, তপে বেলতলা, তপে ভডুৱাকটা.....), ডুমৰিয়, বাড়ন্তী, মেছপাৰা, কালমপুৱাপাৰা, কাউবাৰী, পুত্যতলে, গাড়ো, মোহল, গোড়কাটা’।

চৰকাৰ বংগাল ভূমৰ পৰগনা-বাহেৰবন্ধ, ভিতৰবন্ধ, চকীবতেলা, চানিয়াজী।

ইয়াৰ উপৰি কিছুমান নদীৰ কৰ লৈছিল-

সেইবোৰক ‘মোহল’ বুলিছিল আৰু সৰহকৈ কছাৰী, চুতীয়া, পাইক থকা ঠাইবোৰকো ‘মোহল’ নাম দিছিল। যেনে- কছাৰী মোহল, চুতীয়া মোহল। নগৰবোৰক ‘কসবে’ নাম দিছিল। যেনে- কসবে হাজো, কসবে গুৱাহাটী আদি। সাধাৰণ কথাত মোহল, কসবে, পৰগনা আদিক ‘মোহল’ বুলিছিল। সেইবাবে ‘কামৰূপ বুৰঞ্জীত’ কোচ হাজোৰ ৭৫ টা মোহলত বিভক্ত হোৱা বুলি উল্লেখ আছে। এইখন বুৰঞ্জীত পৰগনাবোৰৰ নামৰ অৰ্থও আছে।

চৌৰাহীখাট

ৰজাৰ (কোচ ৰজাৰ) যি খাইছিল বৰভাগ হ’ল।

ক্ষেত্ৰীভাগ- ৰজাৰ (কোচৰ) চাকৰ ক্ষেত্ৰী-চিপাই যিখন খাইছিল, মানে সকলো পৰগান ক্ষেত্ৰীভাগ হ’ল।

দেহোৰ

দেৱালয় আছিল মানে দোহাৰ হ’ল। আদি

কায়স্থ বিষয়াসকলৰ অৱস্থা

আহোম ৰাজত্বৰ শেষ সময়লৈ দৰং-কামৰূপৰ সকলো কায়স্থৰ যথেষ্ট সম্পত্তি আছিল। আহোম ৰাজত্ব যিসকলে কায়স্থই বিষয়বাব নাপাইছিল তেওঁলোকে ৰজাঘৰৰ পৰা ‘মানমাটি’ পাইছিল। ব্ৰিটিছ আমোলত যিসকলে পূৰ্বৰ ৰাজদণ্ড ফালি আৰু পেৰাকাকত দেখুৱাইছিল, সেইবিলাকৰ ভূমি বাহাল কৰিছিল, যাৰ ফলি-কাকত হেৰাইছিল, সেইসকল উক্ত ভূমিৰ পৰা বঞ্চিত হৈছিল। এইদৰে ফলি হেৰুওৱা বংশৰ সংখ্যাই সৰহ। ক্ষেত্ৰীৰ নাৰায়ণ, গোমাস্তাৰ বংশৰ কোচ আৰু আহোম ৰজাৰ দিনত কেইবাজনো বিষয়া, বুজৰবৰুৱা, মজুমদাৰ, চৌধাৰী আদি বিষয় পাইছিল। ব্ৰিটিছৰ আমোলতো কায়স্থসকল সম্পত্তিশালী হৈ থকাৰ প্ৰমাণ পোৱা যায়। আজিও কিছুসংখ্যক কায়স্থৰ ৰাজদত্ত ভূমিৰ চিন আছে।

শ্ৰীমন্ত শংকৰদেৱ আৰু অন্যান্য বৈষ্ণৱ ধৰ্মাচাৰ্যসকলৰ অৱদান

শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ আৰু অন্যান্য কায়স্থ ভূঞা ধৰ্মাচাৰ্যসকলে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু বিকাশৰ জৰিয়তে সমাজ গঠনৰ মহান কাম কৰিছিল। বিশেষকৈ ধৰ্মীয় গণ্ডীৰ ভিতৰত মানুহ ধাৰ্মিক আৰু নৈতিক জীৱন-যাপনৰ শিক্ষা দিছিল তেওঁলোকে। নাট, ভাওনা, বৰগীত, ধৰ্মীয় সাহিত্যৰ সৃষ্টি কৰি অসমীয়া জাতিটোক কলা-সংস্কৃতি, ভাষা সাহিত্যৰ ক্ষেত্ৰত আগুৱাই থৈ গ’ল। সত্ৰ-নামঘৰত নাম-প্ৰসংগৰ ব্যৱস্থা কৰি মানুহক ধৰ্মপৰায়ণ হ’বলৈ অনুপ্ৰেৰণা দি গ’ল। জাতি জনজাতিৰ মাজত ঐক্য সংহতিৰ এনাজৰী সুদৃঢ় কৰি থৈ গ’ল।

কায়স্থসকলৰ বৈবাহিক দিশ

প্ৰাচীন কালৰ পৰা বাৰভূঞা বংশধৰসকলৰ মাজত কন্যা আদান-প্ৰদান চলি আহিছে। উজনিৰ ধৰ্মচাৰ্যসকলৰ কন্যা খোজাৰ যি নিয়ম বৰ্তমানলৈ চলি আহিছে, তাতো পুৰুষনামা কোৱা দস্তুৰ আছে। কমসংখ্যক কায়স্থ লোক দূৰ দূৰ ঠাইত বাস কৰা কাৰণে ইয়াৰ আৱশ্যক হৈছিল। এইদৰে পৰম্পৰাৰ ভিতৰত জনা-শুনা থকাৰ বাবে শদিয়াৰ পৰা কোচবিহাৰলৈ সম্বন্ধ কৰাত কায়স্থৰ বাধা নাছিল। শ্ৰীমন্ত শংকৰদেৱে ১৫৩০ খ্ৰীষ্টাব্দত উজনি ত্যাগ কৰি কামৰূপলৈ অহাৰ সময়ত লগত কায়স্থ ভূঞাসকলো যায়। ইয়াৰ ১৫/২০ বছৰ পিচত অন্যান্য যি কায়স্থ ভূঞাসকল আছিল প্ৰায়বোৰেই যায় কামৰূপ, গোৱালপাৰা, কোচবিহাৰ পায়। কিন্তু আহোমৰাজ জয়ধ্বজ সিংহৰ দিনৰ পৰা পুনৰ কায়স্থ ভূঞাৰ ধৰ্মাচাৰ্যসকল উজনিলৈ আহিব ধৰে। উজনিলৈ অহা কায়স্থৰ সংখ্যা কম হোৱাত তেওঁলোকৰ মাজত বৈবাহিক সম্বন্ধ কৰা মস্কিল হয়। ঠাকুৰ চৰিত, অনন্ত আতাৰ চৰিত চালে দেখা যায়- তেওঁলোকে ৰজাৰ সহায়ত কামৰূপৰ কায়স্থৰ পৰা কন্যা আনি বিবাহ কৰাইছিল। চক্ৰধ্বজ সিংহ ৰজাই বৰকায়স্থ পৰা

লিখক: মৃগেন শৰ্মা, সম্ভাৰ।

2.80952380952
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top