মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / সাম্প্ৰতিক অসমীয়া সাহিত্য: এক চমু অৱলোকন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাম্প্ৰতিক অসমীয়া সাহিত্য: এক চমু অৱলোকন

সাম্প্ৰতিক অসমীয়া সাহিত্য: এক চমু অৱলোকনৰ বিষয়ে লিখা হৈছে ।

 

তাহানিকালৰ সাহিত্যিকসকলৰ সংখ্যা যথেষ্ট সীমিত আছিল| সেই সাহিত্যিকসকলৰ সৃষ্টিসমূহ কেৱল বাতৰি-কাকত, আলোচনী নাইবা কিতাপৰ মাধ্যমেৰে পাঠকসকলৰ হাতত উপলব্ধ হৈছিল| আনহাতে গল্প, কবিতা বা প্ৰবন্ধ যিয়েই নহওক কিয়, লিখাৰ পিছত প্ৰকাশ হৈ পাঠকৰ হাতত পৰালৈকে এটা দীঘলীয়া পৰিক্ৰমা অতিবাহিত কৰিবলগা হৈছিল| পাঠকসকলেও প্ৰিয় লেখকৰ লেখা পঢ়িবলৈ দীঘলীয়া সময়জুৰি অপেক্ষা কৰিবলগা হৈছিল| অৱশ্যে অপেক্ষা কৰি পোৱা বস্তুবোৰ প্ৰায়ে মধুৰ হৈছিল|

সেইকালৰ সাহিত্যিকসকলৰ অধ্যয়ণস্পৃহা অপৰিসীম আছিল| তেওঁলোকৰ পাণ্ডিত্যময় কলমেৰে চিৰসেউজীয়া লেখাবোৰ নিগৰিছিল| এনে বহুতো সাহিত্যিক আছিল যিয়ে গোটেই জীৱনত বহু কম পৰিমানে সৃইষ্টি কৰিছিল| কিন্তু সেইখিনি লৈয়ে মৃত্যুৰ পিছতো তেওলোকে এখন সুকীয়া আসন লৈ এতিয়াও বহি থাকিবলৈ সক্ষম হৈছে|

অলপতে নিৰুপমা বৰগোহাঞিয়ে স্মৃতি ৰোমন্থণ কৰি কৈছিল যে তেওৰ সৰু কালছোৱাত উজান বজাৰৰ ঘৰৰ ওচৰতে অতুল চন্দ্ৰ হাজৰিকাদেৱৰ ঘৰ আছিল| হাজৰিকাদে ৱৰ ব্যক্তিত্ব, পাণ্ডিত্য আৰু গাম্ভীৰ্যতা এনেদৰে পৰিস্ফুত হৈছিল যে এগৰাকী নতুন প্ৰতিভাসম্পন্ন লেখিকা হিচাপে জনাজাত হোৱা নিৰুপমা তামুলীয়ে তেওঁৰ ওচৰলৈ যাবলৈকে ভয় কৰিছিল|

সাহিত্য -

হোমেন বৰগোহাঞিদেৱে কলেজত পঢ়ি থকা সময়তে আত্মহত্যাক বিষয়বস্তু হিচাপে লৈ লিখা ‘এপিটাফ’ নামৰ গল্পটো পঢ়ি তেওঁৰে এগৰাকী সহপাঠীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল| ইয়াৰ পৰাই আমি ধাৰণা কৰি ’ব পাৰো ‘এপিটাফ’ গল্পটো ইমানেই শক্তিশালী আছিল যে গল্পটো পঢ়ি কলেজীয়া ল’ৰা এজনে আত্মহত্যাৰ দৰে পথ এটা বাছি ল’ব লগা হ’ল| আনহাতে মন কৰিবলগীয়া কথা এইটোও যে ইমান বছৰ আগতে লিখা এই গল্পটোৰ চৰ্চা আজিও অব্যাহত আছে|

মই ভাবো সাহিত্য যি ধৰ্মীয়েই নহওঁক কিয় যি সাহিত্যই মানুহৰ মনত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হয়, আৰু যি সাহিত্য মানুহে এবাৰ পঢ়াৰ পিছত মানুহৰ মানসপটত জলজলপটপটকৈ বহু বছৰলৈকে উজলি থাকে সেইবোৰ সাহিত্যকে চাগে যুগমীয়া সাহিত্য বুলি ক’ব পৰা যায়|

সাম্প্ৰতিক কালত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সাহিত্যৰ দিশটো এক অভূতপূৰ্ব উত্থান ঘটাবলৈ সক্ষম হৈছে| নিজা সাহিত্যিক প্ৰতিভা দাঙি ধৰিবৰ বাবে বিভিন্ন ধৰণৰ মাধ্যমৰ সৃষ্টি হৈছে| এনে মাধ্যমসমূহ ইমান ক্ষিপ্ৰ যে লিখি উঠাৰ এক ছেকেণ্ড সময়ৰ ভিতৰতে হাজাৰ-হাজাৰ লোকে ইয়াক পঢ়িবলৈ সক্ষম হয়| ইয়াৰ লগতে লিখনীটোৰ ভাল-বেয়া দিশৰ ওপৰত একে সময়তে বিভিন্নজনৰ বিভিন্ন মন্তব্য প্ৰকাশৰ ব্যৱস্থা এটাও গঢ়ি উঠিছে।

এনেধৰণৰ ক্ষিপ্ৰ অত্যাধুনিক মাধ্যমসমূহৰ বাবেও হয়তো বহুতো সাধাৰণ মানুহে নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছে| আনহাতে আগৰ তুলনাত দিনকদিনে বৃদ্ধি পোৱা বঁটা-বাহন, স্বিকৃতী আদিয়েও এই নতুন চাম লেখক-লেখিকাসকলক আগুৰি ধৰিছে| বঁটা-বাহন স্বিকৃতী আদিয়ে নতুন লেখক-লেখিকাসকলক উত্‍সাহিত কৰে যদিও অপৈণত অৱস্থাত পোৱা স্বিকৃতীয়ে তেওঁলোকৰ ব্যাঘাত জন্মোৱাৰো অৱকাশ থাকি যায়|

সাহিত্য এক জীৱনজোৰা সাধনা| অধ্যয়ণ আৰু চৰ্চা অবিহনে সুসাহিত্যৰ কেতিয়াও সৃষ্টি হ’ব নোৱাৰে| আগতে প্ৰায়ভাগ মানুহে চাইকেল চলাইছিল| বিশেষকৈ জ্যেষ্ঠ মানুহমানে এটা নিয়মীয়া গতিৰে চাইকেলৰ পেডেল মাৰি অহা যোৱা কৰিছিল| আনহাতে কিছুমান চেঙেলীয়া ল’ৰাই জোৰকৈ পেডেল মাৰি আগফালে হাওলি লৈ চাইকেল চলায়, যেন চাইকেলখনৰ গতিতকৈ ল’ৰাজন অধিক গতিতহে যাব| এনে গতি কেতিয়াবা সাহিত্যৰ ক্ষেত্ৰতো দেখা যায়| কিন্তু সাহিত্যৰ ক্ষেত্ৰত এনে গতি কেতিয়াও নচলে| সাহিত্য হ’ব লাগিব সেই জ্যেষ্ঠ মানুহজনৰ দৰে এক নিয়মীয়া অনুশীলন|

সাম্প্ৰতিক কালত নতুন লেখক-লেখিকাৰ সংখ্যা বঢ়াটো সমাজৰ বাবে এটা শুভ লক্ষণ| কিন্তু সুস্থ পাঠকৰ সংখ্যা কমি যোৱাটো পৰিলক্ষিত হৈছে| এয়া কিন্তু শুভলক্ষণ নহয়| উঠি অহা লেখক-লেখিকা সকলেও আগৰ লেখা কিমান পঢ়ে সেয়া সন্দেহজনক| লেখকতকৈ পাঠকৰ সংখ্যা সদায়ে বেছি হোৱা উচিত|

গ্ৰন্থমেলাসমূহলৈ গ’লে নতুন লেখক-লেখিকাসকলৰ কিতাপবোৰ দেখি কি এৰিম কি ধৰিম এনে ভাৱ হয়| আকৰ্ষণীয় বেটুপাতবোৰকলৈ বিভিন্ন ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিভিন্ন লেখক-লেখিকাই যত্‍পৰোনাস্তি চেষ্টা চলায়| কেতিয়াবা এনে বহুল ভাৱে প্ৰচাৰ কৰা কিতাপখন কিনি আনি পঢ়ি থাকোতে হতাশ হ’ব লগা অৱস্থাৰো সৃষ্টি হয়| মই ভাবো সাহিত্যৰ ক্ষেত্ৰত ইমান প্ৰচাৰৰ প্ৰয়োজন নাই| ভাল কিতাপ এখনৰ আদৰ সদায়ে আছে| আজি নহলেও দহ, পঞ্চাশ বছৰ পিছত হলেও ইয়াৰ চৰ্চা হবই| সাহিত্য কেতিয়াও সহজলভ্য হ’ব নোৱাৰে| কাৰণ সহজলভ্য কেতিয়াও শিল্প হ’ব নোৱাৰে|

সামগ্ৰিকভাৱে পৰ্যবেক্ষণ কৰিলে আমি এটা কথাত উপনীত হ’ব পাৰো যে উঠি অহা চামে বেয়া কাম কৰাতকৈ কিবা এটা লিখিছে| সেইটো সমাজৰ বাবে অতিকৈ শুভলক্ষণ| কিন্তু এয়া অনুশীলনহে| এই অনুশীলনক সাধনালৈ ৰূপান্তৰ কৰিলে ইয়াৰ মাজৰ পৰাই এদিন সু-সাহিত্যৰ সৃষ্টি হ’ব| এয়া অসমীয়া সাহিত্যৰ বাবে হ’ব এক শুভ যাত্ৰা|

লেখক: কমল কুমাৰ শৰ্মা

উৎস: সাহিত্য.অৰ্গ

 

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top