অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাহিত্য কি?

সাহিত্য কি?

 

সাহিত্যক সংজ্ঞায়িত কৰিবলৈ ভিন্ন চিন্তাবিদে ভিন্ন সময়ত চলোৱা প্ৰয়াসবোৰ যিকোনো জাতিৰ বৌদ্ধিক জীৱনৰ বাবে ইতিবাচক পৰিঘটনা বুলি সকলোৱে স্বীকাৰ কৰে৷ কোনো চিন্তাবিদে একেষাৰতে সংজ্ঞায়িত কৰিবলৈ ব্যৰ্থ হোৱা কথাটোতে নিহিত হৈ আছে সাহিত্যৰ গৰ্ভত লুকাই থকা অজস্ৰ মণি মুকুতাবোৰৰ বহুমাত্ৰিক গুণাৱলীৰ ব্যাপকতা৷

আমাৰ অসমতো ’সাহেই সাহিত্য’, ’সাহিত্য জাতিৰ দাপোন’ আদি বিভিন্ন জ্ঞানগৰ্ভ কথা বৰেণ্য সাহিত্যিকৰ কাপৰ পৰা নিঃসৃত হৈছে৷ তথাপি ভাব হয় তেনেবোৰ বাক্যই সাহিত্যৰ গভীৰতম কোণত ব্যাপ্ত হৈ থকা সকলো উপাদানকে সমানে স্পৰ্শ কৰিব পৰা নাই৷

হয়তো তেনে এক নিৰ্ধাৰিত সংজ্ঞাৰ বন্দীশালত সম্পূৰ্ণভাৱে বন্দী নোহোৱাৰ বাবেই সাহিত্যৰ বেলেগ বেলেগ দিশসমূহে সমাজৰ গৰিষ্ঠসংখ্যক মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷

তৎসত্ত্বেও সাহিত্য সৃষ্টিৰ অন্তৰালত সত্য উদ্‌ঘাটনৰ এক সুতীব্ৰ বাসনা বহু লেখকৰ মনত গভীৰভাৱে অন্তৰ্লীণ হৈ থাকে৷ কথাসাহিত্যত সেই সত্য যিদৰে প্ৰতিফলিত হয়, ঠিক একেধৰণৰ বহিঃপ্ৰকাশ কবিতা বা প্ৰৱন্ধৰাজিৰ মাজত দৃশ্যমান নহয়৷

সাহিত্যৰ কোনোবা এটা ভাগত সেই উন্মেষৰ প্ৰক্ৰিয়া যথেষ্ট প্ৰত্যক্ষ যেন লাগিলেও আনবোৰ ভাগত এক সুকোমল বৌদ্ধিক ধুসৰতাৰ মাজত সত্যই লুকা ভাকু খেলে৷ সংবেদনশীল পাঠকৰ তীক্ষ দৃষ্টিত অৱশ্যে সেই ধুসৰতাই বেছি প্ৰহেলিকাৰ সৃষ্টি কৰিব নোৱাৰে৷

মননশীল সাহিত্যই বহু পাঠকৰ ৰসস্বাদন কৰোৱাই এক ঐন্দ্ৰজালিক মায়াজালৰ দ্বাৰা৷ সেই মায়াজালৰ মাজৰ পৰা উজ্জ্বল হৈ উঠা সত্যৰ সংস্পৰ্শত পাঠক সকল হৈ পৰে সন্মোহিত আৰু সন্তুষ্ট৷ পাঠকৰ মনত জন্ম দিব পৰা এক উচ্চস্তৰৰ বৌদ্ধিক পৰিতৃপ্তিৰ বাবেই আধুনিক প্ৰযুক্তিৰ সহায়ত নিৰ্মিত ভিন্ন উপাদানৰ মাজতো গ্ৰন্থ আৰু সাহিত্যৰ স্থান অনন্য৷

প্ৰকৃত সত্য উন্মেষৰ বৌদ্ধিক প্ৰক্ৰিয়াটো যত দূৰ সম্ভৱ নিৰাৱেগ, নিৰন্তৰ আৰু কিছু পৰিমানে নৈৰ্ব্যক্তিক হ’ব লাগিব৷ ইয়াৰ অন্যথা এক পক্ষই সত্য বুলি পূৰ্বানুমান কৰি লোৱা কথা এটা আন দৃষ্টিকোনেৰে চালে একে ধৰণে প্ৰতিবিম্বিত নহ’বও পাৰে৷ সেয়েহে পাশ্চাত্যৰ পণ্ডিতে কৈ গৈছে- “Disinterested intellectual curiosity is the life blood of real civilization”.সঁচা, জ্ঞান অন্বেষণৰ নিৰলস প্ৰচেষ্টাতে মূলতঃ জীপাল হৈ উঠে সমাজৰ সামগ্ৰিক চেতনা৷ সেই চেতনাই এক উচ্চস্তৰৰ সৰ্বজনমান্য ৰূপ পালেই জাতিৰ সভ্যতাৰ পোতন গভীৰ হৈ পৰে৷ সেই সমাজ, সেই জাতিয়ে তেতিয়া লাভ কৰে এক অন্তহীন চালিকাশক্তি, যাৰ প্ৰভাৱত চিন্তাৰ দিগন্ত হৈ পৰে ন ন পোহৰেৰে আলোকিত৷

তেনে এক সজীৱ পৰিবেশ ৰচনা কৰিবলৈ সক্ষম হোৱা সাহিত্যই কালোত্তীৰ্ণ ৰূপলৈ উন্নীত হয়৷ তেতিয়া তাৰ বিস্তাৰিত প্ৰভাৱে বহু মানুহক প্ৰজ্ঞাৰ পৃথিৱীখনলৈ হাত বাউলি দি মাতে৷

ইয়াৰ উপৰিও তুচ্ছ প্ৰাত্যহিকতাই জীৱনলৈ নমাই অনা একঘেয়ামিবোৰক প্ৰত্যাহবান জনোৱাৰ ক্ষেত্ৰতো সাহিত্য হ’ব পাৰে অত্যন্ত বিশ্বস্ত লগৰী৷

পাশ্চাত্য সাহিত্যত এইটো সন্দেহাতীত ভাৱে প্ৰমাণিত হৈছে যে সমাজৰ সুষম উত্তৰণৰ বাবে কেৱল জ্ঞানাৰ্জনেই যথেষ্ট নহয়৷ মানুহৰ কলপনাশক্তিৰ গুৰুত্বও বহু বেছি৷

কথাসাহিত্যৰ বৈবিধ্যময় উপাদানবোৰে বহু পাঠকৰ মনলৈ আনে কল্পনাশক্তিৰ এক শক্তিশালী জোঁৱাৰ৷ সেই জোঁৱাৰত পৰিমাৰ্জিত হয় মানুহৰ মনন আৰু চিন্তন৷ তেনে সাহিত্য স্থায়ী হৈ ৰয় পাঠকৰ মনত৷

সৃষ্টি কৰে অনুভৱৰ কিছু ধ্বনি-প্ৰতিধ্বনি, যাৰ সুকোমল শব্দই যুগ যুগান্তৰলৈ ন ন পাঠকক মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ এনেবোৰ ক্ষেত্ৰতে ৰসোত্তীৰ্ণ পৰ্যায়লৈ সাহিত্যৰ উত্তৰণ অৱশ্যম্ভাৱী হৈ পৰে৷ সামূহিক পৰিবেশ ৰচনা কৰাৰ উপৰিও বহু যুগলৈ মানুহৰ মনত প্ৰাণৱন্ত হৈ থাকি সাহিত্য হৈ পৰে এখন সমাজৰ এক নিৰ্ভৰযোগ্য ঐতিহাসিক দাপোন৷

অতীতৰ বিজ্ঞানসন্মত আৰু আৱেগবিবৰ্জিত বিশ্লেষণে এটা জাতিক সহায় কৰে ভৱিষ্যতৰ কাৰ্যপন্থা তৈয়াৰ কৰিবলৈ৷ দৰাচলতে সমাজৰ বিকাশত ইতিহাস সাক্ষী বুলি কোৱা কথাটোৱে প্ৰকাৰন্তৰে সাহিত্যৰ নিছিগা সুঁতিৰ দৰে বৈ থকা ধাৰাটোকেই বুজায়৷

বৰ্তমান সময়ৰ অনুভূতিহীন যান্ত্ৰিক পৃথিবীৰ বৌদ্ধিক বন্ধ্যাত্বক শক্তিশালীভাৱে প্ৰতিহত কৰিবলৈ সক্ষম আধুনিক সাহিত্য আৰু বহুতো যোগাত্মক উপাদানেৰে সমৃদ্ধ৷ এনে ভাবনাই মনলৈ কেতিয়াবা অন্তহীন প্ৰশ্নৰ লানিকো নিমন্ত্ৰণ কৰে৷

অৱধাৰিতভাৱে প্ৰশ্ন উঠে সাহিত্য যুগৰ সীমাবদ্ধতাৰ পৰা সম্পূৰ্ণৰূপে মুক্তনেকি? আমি ভাবে এই প্ৰশ্নৰ উত্তৰ বৰ্তমানৰ লগতে ভৱিষ্যতৰ সকলো যুগতে নঞাৰ্থকেই হ’ব৷ যুগৰ সকলো সীমাবদ্ধতা যিহেতু কোনো মহান ব্যক্তিয়ে সম্পূৰ্ণৰূপে অতিক্ৰম কৰিব নোৱাৰে, সেয়েহে মানুহে সৃষ্টি কৰা সকলো সাহিত্য কীৰ্ত্তিতে সেই সীমাবদ্ধতা সমূহ কম বেছি পৰিমাণে পৰিলক্ষিত হ’ব৷ এইটো জীৱনৰ অমোঘ সত্য৷

আমোদজনক কথা সত্যানুসন্ধানত চিৰব্যস্ত হৈ থকা বৰেণ্য সাহিত্যিক সকলো এই সীমাবদ্ধতা সন্দৰ্ভত সজাগ৷

মানুহে সৃষ্টি কৰা সাহিত্য ব্যৱহৃত হয় মানুহৰ বাবে, তাৰ ভিতৰতে সুসাহিত্যৰ কীৰ্ত্তিসমূহ ব্যৱহৃত হয় মানুহৰ হিতৰ বাবে৷ সমাজ জীৱনত ৰিক্ততাৰ পৰিবেশ বিৰিঙি উঠিলেই বহু মানুহে সাহিত্যৰ উদাৰ বুকুখনত আশ্ৰয় লয়৷

তাৰ নিৰ্য্যাসে মানুহক কৰি তোলে আত্মিকভাৱে পৰিপূৰ্ণ৷ সেই গতিকে যুগৰ সীমাবদ্ধতা সম্পূৰ্ণৰূপে অতিক্ৰম কৰি প্ৰকৃত সাহিত্য সৃষ্টি হ’ব নোৱাৰে৷

কোনোবাই ভ্ৰান্ত ধাৰণাৰ বশৱতী হৈ তেনে মনোভাৱ পোষণ কৰিলেও সময়ৰ সোতত সেয়া বিবৰ্ণ হৈ পৰিবলৈ বাধ্য৷ আৰু কোনোবাই যদি তেনে সাহিত্য ’নিৰ্মাণ’ (সৃষ্টি নহয়) কৰিবলৈ আগবাঢ়ে, তাৰ ফলাফল হয়তো মানৱ সমাজৰ বাবে সুখকৰ নহ’ব৷ একপক্ষীয় ভাৱে কেৱল গুণেৰে সমৃদ্ধ সাহিত্যই কাৰো মনত অনাবিল আনন্দ সৃষ্টি কৰিব নোৱাৰে৷

মানৱিক দোষ বা সীমাবদ্ধতাবিহীন ’সাহিত্য’ হ’ব কেৱল ঈশ্বৰৰ ওচৰত উচৰ্গা কৰা প্ৰসাদৰ দৰে৷ আমি নিবিচাৰো তেনে সাহিত্যক, কিয়নো দোষ গুণে সমৃদ্ধ হৈ থকা সাহিত্যহে সমাজৰ প্ৰকৃত দাপোন হ’ব পাৰে৷ তদুপৰি নিৰ্মল সাহেৰে অনুপ্ৰাণিত হৈয়েই হয়তো সাহিত্যিক, চিন্তাবিদে আমাৰ সমাজ,, সভ্যতাক পৰ্য্যালোচনা কৰি আহিছে৷ সেয়েহে বিজ্ঞজনে কৈ গৈছে যে সাহেই সাহিত্য৷

এফালেদি চাবলৈ গ’লে সাহিত্য হয়তো পানীৰ দৰে৷ পানীয়ে যিদৰে যি পাত্ৰত থোৱা হয় তাৰেই ৰূপ লয়, তেনেদৰে সাহিত্যৰ ভিন্ন উপাদানসমূহে সংবেদনশীল পাঠকৰ হৃদয়ৰ নিভৃততম কোণত লিপিট খাই থকা অনুভৱৰ একান্ত নিজৰ পৃথিৱীখনত ভিন্ন ৰূপ লয়৷

তথাপিও মতাদৰ্শ নিৰপেক্ষ বিজ্ঞানমনস্কতাৰে নিৰীক্ষণ কৰিলে এটা কথা সুস্পষ্ট হৈ পৰে – সাহিত্যৰ সামগ্ৰিক যাত্ৰা সদায় মানৱ সমাজৰ হিতৰ বাবে, কিয়নো প্ৰকৃত সাহিত্য লাহে লাহে আগবাঢ়ে সত্যানুসন্ধানৰ কাঁইটীয়া আলিবাটেদি।

লেখক: ময়ূৰ বৰা

উৎস: সাহিত্য.অৰ্গ

 

2.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top