মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / সীতা বাৰমাহী গীত আৰু ৰাম বাৰমাহী গীত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সীতা বাৰমাহী গীত আৰু ৰাম বাৰমাহী গীত

সীতা বাৰমাহী গীত আৰু ৰাম বাৰমাহী গীত

সীতা বাৰমাহী গীত

 

নং-১

দিহা- কান্দে মোৰ জানকী সীতা।

পদ- বহাগৰ মাহতে বাপু অশোকৰে তলে।

মইনাৰী নিদ্ৰা গৈলো উৰতৰ শিতানে।।

জেঠৰ মাহতে বাপু ৰাৱণে নেই হৰিয়া।

ইন্দ্ৰে দিলা মুক্তাৰ মালা ব্ৰ্ক্ষাক লাগিয়া।

আহাৰৰ মাহতে বাপু পকি পৰে আম।

যিটো বেলা থাকো মই ঋষিৰ আশ্ৰম।।

শাওঁনৰ মাহতে বাপু ৰাইজে দেই গছা।

মই অভাগিনী সীতাৰ কপালৰে দশা।।

ভাদৰে মাহতে বাপু পালেঙত নাই ফুল।

ইটো কথা জানে মোৰ দয়াৰে শহুৰ।।

আহিনৰ মাহতে বাপু ঋতু স্নান পাই।

ইটো কথা জানে মোৰ দয়াৰ শাহু আই।।

কাতিৰে মাহতে বাপু আছোঁ আগ বাৰি।

দুষ্ট ৰাক্ষসক মাৰি আনিব উদ্ধাৰি।।

আঘোনৰ মাহতে বাপু শালিৰে বতৰ।

দূৰৰ পৰা ৰামচন্দ্ৰক কৰিছো কাতৰ।।

পুহৰ মাহতে বাপু অতি বৰ শীত।

মই অভাগিনী সীতাৰ নাই থান থিত।।

মাঘৰ মাহতে বাপু ধৰমৰ থিতি।

বনবাসে দিলা মোক গৰভে সহিত।

ফাগুনৰ মাহতে বাপু পছোৱা মেলে বাৱ।

মই সীতা অভাগিনীৰ নাই বাপ মাৱ।।

চৈত্ৰৰ মাহতে বাপু চৈতালী গাৱে।

ইটো কথা জানে মোৰ দয়াৰে লক্ষ্মণ।।

হাতে বাৱে ঢাক-ঢোল মুখে বাৱে বাঁহী।

ইটো গীতৰ নাম থৈছে সীতা বাৰমাহী।

সীতা বাৰমাহী গীত(কামৰুপ)

নং-২

দিহা- ওঁহে প্ৰভু দয়াময় সংসাৰ সাগৰ।

ৰাক্ষস কুলক প্ৰভু কৰিলা উদ্ধাৰ।।

(১)

পদ- বহাগ মাসতে নিতে নানা পুষ্পময়।

ৰাম ৰাজা হ’ব বুলি সৰ্ব্বলোকে কয়।।

তাহাতে দাৰুণ বিধি দৈৱৰ লিখন।

ভৰতক ৰাজ্য দিয়া ৰাম গৈলা বন।।

(২)

জেঠৰ মাসতে ৰাম সীতাই সহিতে

দেখিলা সুবৰ্ণ মৃগ পাশা খেলাইতে।।

তাহাক বধিতে গৈলা শ্ৰী ৰাম লক্ষ্মণ।

শূণ্য গৃহে পায় সীতা হৰিলা ৰাৱণ।।

(৩)

আহাৰ মাহতে হয় ঘনে বৰিষণ।

আমাসাক চাৰি গৈলা ৰাম নাৰায়ণ।

পাপিষ্ঠ ৰাৱণ ৰাজা দুষ্ট দুৰাচাৰ।

মিঠা ফল দিয়া ৰাজা ছাপিলা ভূমিত।।

(৪)

শাওণ মাহতে দেৱে বৰিষে ভূমিত।

কোনে স্ৰজা মৃগৰাৱ শুনো সুললিত।।

নানা পুষ্প ফুল ফল গন্ধে ভৈলা ভোল।

ভ্ৰ্মৰে নাচাৰে ফুলৰ লইতে জোল।

(৫)

ভাদৰ মাসতে সীতা দেখিলা সপোন।

সমুদ্ৰ ছেৰাই আহিল পবন নন্দন।।

পাইব প্ৰভুৰ বাৰ্ত্তা সব বিৱৰণ।

ৰাম ৰাম বুলি সীতা জুৰিলা ক্ৰন্দন।।

(৬)

আহিনত মৃগ দেখি হাতে লৈলাশৰ।

আমাক ছাৰিয়া গৈলা ৰাম গদাধৰ।।

কৰ্ম্মবন্ধে বন্দি হলোঁ ৰাক্ষসৰ ঘৰে।

উদ্দেশ্য নেপাওঁ মই কৰ্ম্ম দোষ মোৰে।।

(৮)

আঘোণ মাহতে নিতে ঘনে পৰে জাৰ।

স্বামীৰ চৰণ ভাবি স্বামী কৰোঁ সাৰ।।

স্বামী বিনে গতি নাই ভব তৰিবাৰ।

ৰাম বিনে স্বামী নাই সুন্দৰী সীতাৰ।।

(৯)

পুহৰ মাহতে জাৰ ঘনে পৰে শীত।

তথাপি নখণ্ডে সীতাৰ মনৰ বাঞ্ছিত।।

পিঙ্গল বৰণ সীতা শোকাতুৰ হিয়া।

যমুনাক যায় সীতা কান্দিয়া কান্দিয়া।।

(১০)

মাঘৰ মাহতে জাৰ অতি বিপৰীত।

ভালুক বান্দৰগণ ভৈলা সচকিত।।

মন্দোদৰী কয় ৰাজা ঘটালি প্ৰমাদ।

আপোনি মজালি প্ৰভু লঙ্কা হেন ৰাজ।

(১১)

ফাগুণ মাহতে উঠে অৰুণ আকাশ।

সমুদ্ৰ বান্ধিয়া ৰামে বধিলা ৰাক্ষস।।

প্ৰথম ৰণত পৰিলেক ইন্দ্ৰজিত।

তথাপি নখণ্ডে সীতাৰ মনৰ বাঞ্চিত।।

(১২)

চৈত্ৰ মাহতে দেৱীৰ পূজা অৱসনে।

সমুদ্ৰ বান্ধিয়া ৰামে বধিলা ৰাৱণে।।

বিভীষণে দিলেক সোণৰ লঙ্কাপুৰী।

দাসী কৰি দিলা ৰামে ৰাণী মন্দোদৰী।।

ৰাম বাৰমাহী গীত

দিহা- ওহে প্ৰভু ৰঘুনাথ সংসাৰৰ সাৰ।

ৰাক্ষস কুলক প্ৰভু কৰিলা উদ্ধাৰ।।

(১)

পদ- আঘোণ মাহতে ৰামে মনে কৰে চিন্তা।

কিমতে বঞ্চিত আমি সঙ্গে লৈয়া সীতা।।

কান্দে দশৰথ ৰাজা আৰ্তনাদ হৈয়া।

কৈকয়ী সুমিত্ৰা কান্দে পুত্ৰক লাগিয়া।।

(২)

পুহৰ মাহতে ৰামে মনে কৈলা সাৰ।

অযোধ্যাৰ নৰ আসে ৰাম দেখিবাৰ।।

লক্ষ্মণক লৈয়া ৰাম সঙ্গত কৰিয়া।

ভৰতক ৰাজ্য ভাৰ দিলেক সপিয়া।।

(৩)

মাঘৰ মাহতে ৰাম দিগম্বৰ বাস।

শীতল কদম্ব তলে খাটিলা প্ৰবাস।।

লক্ষ্মণ উঠিয়া বোলে ৰামক বুজায়।

বিধিৰ লিখন দাদা খণ্ডণ নাযায়।।

(৪)

ৰামৰ লাগিলা ভোক ফাগুন মাহত।

শৰ ধনু ভূমিত থৈ চৰিলা বৃক্ষত।।

লাফে উঠি লাফে নামি পাৰে বৃক্ষ ফল।।

থোপ কৰন্ত লক্ষ্মণ যত গাৰ বল।

পূৰ্ব্বৰ বৃতান্ত ৰাম স্মৰণ কৰিলা।

যতে ৰাম য’তে অযোধ্যা সে কাল ভৈলা।।

কত কত মুনিগণ যায় সেহি ঠাই।

ৰামক ভকতি কৰি অনেক বুজায়।।

(৫)

চৈত্ৰ মাসে ৰাম প্ৰভু ৰবিৰ প্ৰতাপ

সীতাই বোলন্ত প্ৰভু লাগিলা পিয়াস।।

ওপৰে ৰবিৰ তাপ তলে তপ্ত বালু।

নপাৰে হাঠিতে সীতা সুকোমল তনু।।

সীতাৰ ক্ৰন্দন দেখি ৰামৰ ভৈলা দয়া।

ডাল ভাঙি প্ৰভু ৰামে ধৰিলন্ত ছাঁয়া।

ৰামে ভাঙ্গে বৃক্ষ ডাল লক্ষ্মণে ধৰে শিৰে।

তাৰ ছাঁয়াত সীতাদেৱী চলে ধীৰে ধীৰে।।

ৰাম যায় আগে আগে লক্ষ্মণ যায় পাছে।

জল খাব সীতা যায় সৰোবৰৰ কাছে।।

(৬)

বহাগ মাহতে ৰাম যজ্ঞ আৰম্ভিলা।

লাখে লাখে মুনিগণ হঠাতে আসিলা।।

মুনিগণ আসিয়া যে বুলিলন্ত ৰাণী।

লাখে লাখে কাষ্ঠা ধৰি জ্বালিলা অগনি।

আকাশ পাতাল লৰে অগনিৰ ধ্বনি।

চাৰি দিশে মুনিগনে কৰে বেদধ্বনি।।

যজ্ঞ কৰি প্ৰভু ৰাম তুষ্ট ভৈলা মন।

মুনিক দক্ষিণা দিলা যত গাভীগণ।

(৭)

জেঠৰ মাহতে ৰাম নাই ঘৰ বাৰী

দণ্ডুক বনক আসে সঙ্গে এক নাৰী।।

সঙ্গে এক নাৰী আৰু ভাই দুই জন।

পৰম আনন্দে থাকে দণ্ডুক অৰণ্য।।

(৮)

আহাৰ মাহতে ৰাম মনতে ভাবিলা।

অযোধ্যাপুৰীৰ লোক আসিয়া ঠেকিলা।।

অযোধ্যপুৰীৰ লোক কৰে হাহাকাৰ।

তোমাৰ অবিহনে দেখো দিনতে এন্ধাৰ।।

অযোধ্যাৰ লোক সবে কৰে নানা স্তুতি।

জনমে জনমে হৌক তোমাত ভকতি।।

(৯)

শাওঁণৰ মাহতে মেঘে বৰিষন্ন ধাৰে।

মাথাই হাত দিয়া ভাবে অৰণ্য ভিতৰে।।

পিতৃ বাক্য আইলো ভাই দুই জন।

নিদাৰুণ মাতৃ বনে দিলা কি কাৰণ।।

(১০)

ভাদৰ মাহতে বৰ বিপাক মিলিলা।

সুবৰ্ণৰ মৃগ এক আসি দেখা দিলা।

মহা ভয়ে মায়া মৃগ মাথা তুলি চায়।

ক্ষণেক থমকি মৃগ দূৰতে পলায়।।

(১১)

আহিন মাহতে ধৰি বচন সীতাৰ।

ধনু ধৰি যায় ৰাম মৃগ মাৰিবাৰ।।

লৱৰি পশিলা মৃগ অতি ঘন বনে।

ৰাম সদৃশ মৃগ চেঞ্চাই ঘনে ঘনে।।

(১২)

কাতিৰ মাহতে ৰাম লক্ষ্মণক কৈলা।

ৰাক্ষসে বধিব আহে তুমি কৈত ৰৈলা।।

সীতাই বোলন্ত শুনা প্ৰাণৰ লক্ষ্মণ।

অকলে গৈয়া প্ৰভু হৰাইব জীৱন।।

লক্ষ্মণে বোলন্ত জগতৰ কোন বীৰ।

আমাৰ দাদাৰ স্পৰ্শ কৰিব শৰীৰ।।

সীতাই বোলে বাপু তোৰ মন নোহে ভাল।

মুখত মধুৰ কিন্তু পেটে হলাহল।।

আগে গৈলা প্ৰভু ৰাম পাছত লক্ষ্মণ।

কাতিৰ শুক্ল পক্ষে সীতা হৰিলা ৰাৱণ।।

বাৰো মাহতে আছে পূৰ্ণিমাৰ শশী।

ইটো গীতৰ নাম হৈছে ৰাম বাৰমাহী।।

লিখকঃ শ্ৰী ফণীন্দ্ৰনাথ কলিতা

2.92452830189
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top