মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / সৰস্বতী: নদী নে দেৱী নে অন্য কিবা ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৰস্বতী: নদী নে দেৱী নে অন্য কিবা ?

সৰস্বতী: নদী নে দেৱী নে অন্য কিবা ?

আজিৰ ভাৰতীয়ৰ মানসপটত সৰস্বতীৰ স্থান অতি উচ্চত। যথাৰ্থতা যিয়েই নহওঁক কিয়, সৰস্বতীৰ মাহাত্ম কিন্তু অপাৰ! বহু শতিকাৰ পূৰ্বে হেনো ভাৰতত সৰস্বতী নামেৰে এখন নদী আছিল। হেনো বোলাৰ অৰ্থ এয়ে যে আজিৰ মানৱে এই বিষয়ে সঠিককৈ একো ক’ব নোৱাৰে। যোৱা দুটা সহস্ৰাব্দৰ মানুহে এই নদীখনৰ বিষয়ে সঠিককৈ কোনো মত আগবঢ়াব পৰা নাই। অৰ্থাৎ নৈখনক লৈ স্ংঘটিত মানুহৰ বাস্তৱ অভিজ্ঞতা তেনেই তাকৰ। হয়তোবা নায়েই! সম্প্ৰতি পাঞ্জাৱৰ বিপাশা নদীৰ পশ্চিমপাৰত আছে এখন পৰ্বত, যিখনৰ নাম কেকয়। জনৈক সূৰ্যবংশীয় ৰজাৰ নামেৰেই পৰ্বতখনৰ নামকৰণ কৰা হৈছিল। এইগৰাকী ৰজাই হেনো অন্ত:সলিলা সৰস্বতী নদীক সেইখিনি ঠাইতে পৃথিৱীৰ পোহৰ দেখুৱাইছিল! কেকয়ৰপৰা অযোধ্যালৈ অহাৰ পথতে পোৱা যায় গ্ংগা-সৰস্বতী সংগম। অৱশ্যে এইখন গংগা ভাগীৰথী নহয়। সীতাৰ সন্ধানত বান্দৰসকলে নদী এখন পাৰ হৈ পূৱ ফাললৈ ঢাপলি মেলিছিল। তেওঁলোকে পাৰ হৈ যোৱা নদীখনৰ নাম দিছিল ‘সীতা’। পাছলৈ সৰস্বতীৰ সৈতে সন্মিলিত হৈ সেই সীতাই হৈ পৰিছিল সৰস্বতী! তাৰপাছত এই সৰস্বতীয়ে কাৰ্নাল, আম্বালা, পাতিয়ালা হৈ, থানেশ্বৰ, কুৰুক্ষেত্ৰ হৈ ঘৰ্ঘৰা নদীৰ সৈতে জীণ গৈছে। অন্ত:সলিলাৰূপেই আত্মপ্ৰকাশ কৰা এই নদীয়ে অগ্ৰসৰ হৈছে লাজুকি লতাৰ দৰে চুচুক চামাককৈ। ক’ৰবাত যদি আছে কিঞ্চিত্ পানী, ক’ৰবাত আকৌ শুকান বালি! ক্ষীণৰপৰা ক্ষীণতৰ হৈ গৈ গৈ একেবাৰে প্ৰয়াগৰ কাষত গ্ংগা-যমুনাৰ সৈতে মিলিত হৈছে এই নদী। ভাৰতবৰ্ষত প্ৰৱেশ কৰি এইখন নদীৰ পাৰতেই হেনো আৰ্য্যসকলে প্ৰথম বসতি স্থাপন কৰিছিল। অৰ্য্যসকলৰ এনে ঔপনিবেশিকতাৰ সুন্দৰ স্বাক্ষৰ বহন কৰিছে ভাৰতবৰ্ষত পৰৱৰ্তীকালত গঢ়ি উঠা স্বৰ্ণময়ী সভ্যতা-সংস্কৃতিয়ে। খ্ৰিষ্টপূৰ্ব তিনিহজাৰৰো অধিক বছৰ পূৰ্বে বৈদিক যুগৰ ঊষা লগ্নত এই নদীৰ পাৰতেই গঢ়ি উঠিছিল আৰ্য্য ঋষিসকলৰ সাধনাৰ আশ্ৰম য’ত নিতৌ উচ্চাৰিত হৈছিল সামগান, মন্ত্ৰ-স্তোত্ৰ-শ্লোক, ৰচিত হৈছিল বেদ-উপনিষদৰ যুগজয়ী অপূৰ্ব-অমূল্য গ্ৰন্থ! শিক্ষাৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হোৱা আশ্ৰমসমূহৰ আশ্ৰমবাসী তথা চৌপাশৰ বাসিন্দাসকলৰ মানসত সম্ভৱত তেনেকৈয়ে নৈখনে দেৱীৰূপে থিতাপি লৈছিল। একালৰ বৃন্দাবন একালত পৰে চন। সেই নদীৰ পাৰৰ মাটিৰ উৰ্বৰতা ক্ৰমাত্ হ্ৰাস হৈ অহাত, জনস্ংখ্যা ক্ৰমান্বৱে বৃদ্ধি হৈ অহাত, ফল-মূল তথা শস্য-তৃণৰ অভাৱ হৈ অহাত আৰ্য্য ঋষি-মুণিসকলে সেই নদীৰ পাৰ এৰি দেশান্তৰ হ’ল। দেশান্তৰ হ’লেও, অন্য ঠাইলৈ গৈ থিতাপি ললেও এৰি যোৱা সৰস্বতী নদীৰ পাৰৰ কথা, নদীৰ সান্নিধ্যৰ কথা কাহানিও পাহৰিব নোৱাৰিলে। বৰং বাৰুকৈয়ে আকুল হৈ পৰিল সৰস্বতী নদীৰ প্ৰতি! নতুন ঠাইত পুৰণি নদীৰ বিকল্প বিচাৰি হাহাকাৰ লগালে। তেওঁলোকৰ অন্তৰত সৰস্বতী নদী ইতিমধ্যে জ্ঞান-বুদ্ধি তথা সংস্কৃতিৰ প্ৰতীক হৈ পৰিছে। আৰু সম্ভৱত তেনেকৈয়ে আৰ্য্যবাসীৰ মাজলৈ মূৰ্তি পূজাৰ আবিৰ্ভাৱ ঘটিছিল। বুদ্ধদেৱৰো বহু পুৰ্বেই সৰস্বতীক কেন্দ্ৰ কৰিয়ে হয়তো নিৰাকাৰ ঈশ্বৰে ক্ৰমশঃ সাকাৰ ৰূপ লবলৈ ধৰিছিল। অৱশ্যে ঐতিহাসিকসকলৰ মতে হিন্দু ধৰ্মত মূৰ্তিপূজাৰ প্ৰচলন হৈছিল মধ্যযুগৰ প্ৰাকক্ষণত, বৌদ্ধসকলৰ প্ৰভাৱত। এটা সময়ত শান্তিপ্ৰিয় বৌদ্ধসকলৰ ওপৰত চলিছিল নিৰ্মম অত্যাচাৰ! বখটিয়াৰ খিলিজিৰ দৰে মুছলমানসকলৰ আগ্ৰাসন আৰু অতি নিঃকৰুণ সাম্প্ৰদায়িক অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ কিছু সংখ্যক বৌদ্ধই ইছলাম ধৰ্ম গ্ৰহণ কৰিলেও অধিকাংশ লোকে আশ্ৰয় লৈছিল হিন্দু ধৰ্মৰ ছত্ৰছাঁয়াত। ইয়াৰ ফলত হিন্দু ধৰ্মত বৌদ্ধ ধৰ্মৰ যথেষ্ট প্ৰভাৱ পৰিছিল। বিশেষকৈ বৌদ্ধ ধৰ্মৰ কিছু স্ংখ্যক দেৱ-দেৱীৰ হিন্দু ধৰ্মলৈ অনুপ্ৰৱেশ ঘটিছিল। অৱশ্যে এয়াই শেষ বা একমাত্ৰ যুক্তি নহয়। নদী মানেই পানী, প্লাৱন আৰু পলস। পানী আৰু প্লাৱনৰ সমন্বয়ত নৈৰ পাৰত পৰে পলস, যাৰ পৰশত শস্য-ফল ফুলেৰে জাতিষ্কাৰ হৈ পৰে! ‘সৰস্বতী’ শব্দটো উদ্ভৱ হৈছে –‘সৰস’ শব্দৰপৰা যাৰ অৰ্থ হৈছে-পানী আৰু পোহৰ। এই পানী আৰু পোহৰৰ সমন্বয়তেই সৰস্বতীৰ প্ৰকৃত স্বৰূপ প্ৰকাশিত হয়। ঋক্ বেদৰ কোনো স্থানতে সৰস্বতীক জ্ঞানৰ দেৱী বুলি উল্লেখ কৰা হোৱা নাই। পানী আৰু সম্পদৰ দেৱী বুলিয়েই সৰস্বতীৰ বাবে নিৰ্ধাৰিত কৰা হৈছে শ্ৰীপঞ্চমী তিথি। ‘শ্ৰী’ৰ অৰ্থ হৈছে লক্ষ্মী। নৈৰ পানীৰে মাটি হয় উৰ্বৰা আৰু শস্য-শ্যামলা। সেইবাবে বৈদিক যুগত সৰস্বতী আছিল শস্য-সম্পদৰ দেৱী। শ্ৰীপঞ্চমী আচলতে লক্ষ্মী পূজাৰ তিথি। শস্য-সম্পদৰ দেৱী বুলিয়েই সৰস্বতীৰ পূজাত পঞ্চপল্লৱ, যৱৰ শিহ, আমৰ মুকুল আদিৰ প্ৰয়োজন হয়। পুৰাণৰ মতে ইন্দ্ৰকন্যা লক্ষ্মীৰ বিবাহ স্কন্দৰ সৈতে ঠিক কৰা হৈছিল মাঘ মাহৰ শুক্লা পঞ্চমীত। গতিকে আদিতে এই দিনটো লক্ষ্মী পূজাৰ নিমিত্তেই নিৰ্ধাৰিত কৰা হৈছিল। হয়তো তেতিয়াৰ দিনত লক্ষ্মী আৰু সৰস্বতী একেগৰাকীয়েই দেৱী আছিল। দিন অতিবাহিত হোৱাৰ লগে লগে ঋষি-মুণিসকলৰ বাবে ধনতকৈ জ্ঞানৰ গুৰুত্ব বাঢ়ি আহিল। গতিকে লক্ষ্মীৰ গুৰুত্ব ক্ৰমান্বৱে হ্ৰাস পাই আহিল। আৰ্য্য ঋষিসকলে যাৱতীয় সম্পদৰ অধিষ্ঠাত্ৰীৰূপে সৰস্বতীক স্বীকৃতি দিছে এনেদৰে-‘অম্বিতমে, নদীতমে, দেৱীতমে’। বৈদিকোত্তৰ যুগত গংগাৰ মাহাত্ম্যও সৰস্বতীৰ সৈতে একাকাৰ হৈ পৰিছিল। সেই সময়ত সৰস্বতী শক্তিৰ দেৱী ৰূপেও পূজিত হৈছিল। জ্যোতিৰ্ময়ী সৰস্বতী আৰু যজ্ঞাগ্নিৰূপা সৰস্বতীয়েই হৈছে দেৱতেজোনিৰ্গতা জ্যোতিৰ্ময়ী চণ্ডী। দেৱী সৰস্বতীৰ সিংহবাহনা সংৰক্ষিত মূৰ্তি এতিয়াও কোনো কোনো ঠাইত দেখিবলৈ পোৱা যায়। বৌদ্ধতন্ত্ৰৰ প্ৰভাৱতেই হেনো সৰস্বতী দেৱীৰ কোনো কোনো মূৰ্তিত অতিৰিক্ত উগ্ৰতা আৰু যৌনতা পৰিলক্ষিত হয়। বৌদ্ধ দেৱী জাংগুলীতাৰা আছিল বিদ্যাৰ দেৱী। এই জাংগুলীতাৰাই মধ্যযুগত সৰস্বতীৰ ৰূপ ধাৰণ কৰে বুলি কোনো কোনো পণ্ডিতে ক’ব বিচাৰে। আকৌ দেৱীৰ অংগ সৌষ্ঠৱত সনাতন ভাৰতীয় নাৰীতকৈয়ো বেচি প্ৰভাৱ পৰিছিল গ্ৰিক ভাস্কৰ্যৰ। গ্ৰিকসকলৰ বিদ্যাৰ দেৱী আছিল ‘মিউজ’। খ্ৰিষ্টপূৰ্ব সময়ৰপৰাই পশ্চিমীয়াসকলৰ বিক্ষিপ্ত আগ্ৰাসনৰ ফলতেই মিউজৰ প্ৰভাৱ সৰস্বতীত পৰা বুলি ভবাৰ থল আছে। সম্ভৱত সেয়াও ঘটিছিল প্ৰথম শতিকাতেই! কুষাণসকল বহিৰাগত হ’লেও স্থানীয় সভ্যতা-সংস্কৃতিৰ প্ৰতি আছিল আন্তৰিক শ্ৰদ্ধা। সেই সভ্যতা-সংস্কৃতিৰ সৈতে এটা সময়ত তেওঁলোক জাহ গৈছিল। ৰজা কণিষ্ক আছিল বৌদ্ধধৰ্মৰ প্ৰধান পৃষ্ঠপোষক। সম্ভৱত তেতিয়াই দেৱী মূৰ্তিত প্ৰাচ্য আৰু পাচাত্যৰ এক সন্মিলিত ধাৰা কুষাণ শিল্প বা গান্ধাৰ কলাৰ প্ৰভাৱ পৰিছিল। খ্ৰিষ্টাব্দৰ বহু পাছলৈকে, আনকি গুপ্তযুগ, পালযুগ, সেনযুগ আদিতো সাৰস্বত সাধনা আৰু আৰাধনাৰ যথেষ্ট সমল পোৱা যায়। তেতিয়াৰ বৌদ্ধমঠ আৰু বিহাৰসমূহত পূৰ্ণোদ্যমে বিদ্যাচৰ্চা আৰু বিদ্যা দেৱীৰ আৰাধনা চলিছিল। হিউয়েংচাঙৰ উপৰিও অন্য বিদেশী পৰ্যটকৰ বিবৰণীত সেই বিষয়ে উল্লেখ পোৱা যায়। ফা-হিয়েনে হেনো তন্ত্ৰ-সাহিত্যৰ কিছু সংখ্যক গ্ৰন্থ নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত দেখিবলৈ পাইছিল য’ত তন্ত্ৰ-শাস্ত্ৰৰ দুটি মূৰ্তি জাংগুলিতাৰা আৰু বজ্ৰতাৰাৰ বিষয়ে স্পষ্টভাৱে উল্লেখ আছিল। বখটিয়াৰ খিলিজিৰ সাম্প্ৰদায়িকতাৰ জুয়ে সেইবোৰ ভষ্মীভূত নকৰাহেতেঁন, নালন্দা বিশ্ববিদ্যালয় হয়তো সমগ্ৰ পৃথিৱীৰে জ্ঞানৰ কেন্দ্ৰবিন্দু হৈ পৰিলহেতেন। সেই জুইৰ উত্তাপ সহিব নোৱাৰি অলেখ বৌদ্ধলোক আহি হিন্দু ধৰ্মৰ শৰণাপন্ন হৈছিল। লগে লগে বৌদ্ধধৰ্মৰ দুই-এক দেৱ-দেৱীও হিন্দু সংস্কৃতিত প্ৰবেশ কৰিলে। তেনেকৈয়ে বজ্ৰবীণা সৰস্বতী, আৰ্থসৰস্বতী, বজ্ৰসৰস্বতী, মহাসৰস্বতী আদিৰ আৱিৰ্ভাৱ হ’ল। অৱশ্যে সৰস্বতী যে তন্ত্ৰৰ দেৱী সেই কথা মুঠেই জোৰ দি ক’ব নোৱাৰি। আৰু এক বিতৰ্ক আছে আমাৰ কিছুলোকৰ মাজত। গণিকাসকলৰ মাজত প্ৰাচীন কালৰেপৰা সৰস্বতী ক্ৰমে জনপ্ৰিয় হৈ পৰিছিল। গণিকালয়ত সৰস্বতী পূজা কৰাটো একপ্ৰকাৰ ৰীতি হৈ পৰিছিল। অৱশ্যে সেই সময়ত সমাজে গণিকাসকলক ঘৃণাৰ দৃষ্টিৰে চোৱা নাছিল। গণিকাসকল কেৱল ৰূপহীয়েই নহয়, যথেষ্ট গুণৱতী আৰু শিক্ষিতাও আছিল। সমাজৰ উচ্চ, সম্ভ্ৰান্ত ব্যক্তিসকল গণিকাগৃহলৈ গমণ কৰিছিল। নাৰীসকলৰ ভিতৰত হেনো গণিকাসকলেই আছিল উচ্চ শিক্ষিতা। যুগে যুগে দেখা যায়, সৰস্বতীৰ মাহাত্ম্যৰ সৈতে, সেয়া দেৱীয়েই হওঁক বা নদীয়েই হওঁক, নাৰীজাতিৰ ৰূপ-চৰিত্ৰৰ কিছু সম্পৰ্ক গঢ় দিয়া হয়। আনকি স্বৰ্গৰ সুন্দৰী, অপ্সৰা, নৰ্তকী আদিৰ মাজতো সৰস্বতীৰ প্ৰভাৱ আছিল অপৰিসীম। এটা মাত্ৰ উদাহৰণ দাঙি ধৰা হ’ল। ৰাজৰ্ষি বিশ্বামিত্ৰই অলেখ চেষ্টা কৰিও ব্ৰক্ষ্মৰ্ষি হ’ব পৰা নাছিল। কাৰণ, ব্ৰক্ষ্মৰ্ষি বশিষ্ঠই তেওঁৰ ঘোৰ বিৰোধিতা কৰিছিল। সেইবাবে এই দুই ঋষিৰ মাজত তিলমানো সদ্ভাৱ নাছিল ।এবাৰ ক্ৰোধত উন্মত্ত হৈ বিশ্বামিত্ৰই বশিষ্ঠৰ আশ্ৰম উটুৱাই নিবলৈ সৰস্বতীক আদেশ দিছিল। কিন্তু সৰস্বতী কোনোপধ্যে মান্তি হোৱা নাছিল। ক্ৰুদ্ধ বিশ্বামিত্ৰৰ অভিশাপত সৰস্বতী ৰক্তনদী হৈ পৰে। পাছত, মহেশ্বৰৰ কৃপাত সৰস্বতীয়ে পূৰ্বৰ অৱস্থা ঘুৰাই পায়। মহেশ্বৰৰ বৰতেই সৰস্বতী নাৰীশ্ৰেষ্ঠাৰূপে পৰিগণিত হয়। বিশ্বামিত্ৰ কিন্তু লক্ষ্যচ্যুত্ নহ’ল। স-শৰীৰে স্বৰ্গলাভৰ বাবে তেওঁ কঠোৰ তপস্যা কৰিবলৈ ধৰিলে। লগে লগে কঁপি উঠিল স্বৰ্গৰাজ্য। বিশ্বামিত্ৰৰ ধ্যানভংগ কৰিবলৈ কৰা অলেখ চেষ্ঠাও অথলে গ’ল। ৰম্ভা, উৰ্বশী ইতিমধ্যেই হাত দাঙি বহি পৰিলত দেৱৰাজ ইন্দ্ৰ শৰণাপন্ন হ’ল সৰ্বোত্তমা অপ্সৰা মেনকাৰ ওচৰত। মেনকাৰ সৈতে বিশ্বমিত্ৰৰ সাক্ষাত্ হয় পুষ্কৰ তীৰ্থত। অৱশ্যে সেয়া এক অন্য অধ্যায়, তাৰ পৰিসৰ এই আলোচনাৰ বাহিৰত। সৰস্বতী দেৱীৰ হাতত আছে জপমালা। এই জপমালা- জ্ঞানান্বেষণৰ নিমিত্তে প্ৰয়োজন হোৱা অতি উচ্চখাপৰ ধ্যানতন্ময়তাৰ প্ৰতীক। কিছু সংখ্যক প্ৰাচীন চিত্ৰ-ভাস্কৰ্যত জপমালাৰ পৰিবৰ্তে দেখা যায় কলহ। কলহ হৈছে পৱিত্ৰ জলধাৰাৰ প্ৰতীক। নদীৰ সকলো বৈশিষ্ট্য আৰু গুণেই দেৱী সৰস্বতীৰ দেহত সমাহিত হৈ আছে।

লিখক: ডা: ৰফিক আলী।

মোবাইল নং-৯৮৬৪০৪২১৫১ Email Id: drrafiqueali@yahoo.com

 

3.09836065574
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top