মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / সৰ্থেবাৰীৰ কাঁহ শিল্প
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৰ্থেবাৰীৰ কাঁহ শিল্প

সৰ্থেবাৰীৰ কাঁহ শিল্প

কাঁহ শিল্পৰ ঐতিহ্যৰে সমৃদ্ধ কাঁহ শিল্পৰ পীঠভূমি সৰ্থেবাৰী। চৰাই-চিৰিকটিয়ে তেতিয়াও সাৰ নাপায়,যেতিয়া সৰ্থেবাৰীৰ ঘৰে ঘৰে আৰম্ভ হয় হাতুৰীৰ টিং টিং –টং টং শব্দ। হাতুৰীৰ মৃদু ঝংকাৰে উমান দিয়ে—পোহৰ হ’বলৈ আৰু বেছি সময় নাই। সেই একেই গতি, একেই ব্যস্ততা,তাহানিৰ পৰা আজিলৈকে নিৰৱচ্ছিন্ন।সৰ্থেবাৰী এখন নগৰৰ নাম যদিও নগৰীয়া আচাৰ –ব্যৱহাৰে ইয়াৰ বাসিন্দাসকলক প্ৰভাৱিত কৰিব পৰা নাই। নগৰখনৰ এচাম সুদক্ষ বণিকে দেশ-বিদেশৰ শিল্প জগতত যি প্ৰভাৱ বিস্তাৰ কৰি আহিছে, সেয়া চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। ১৯৫৫ চনৰ ৩১ ডিচেম্বৰত বিষ্ণুৰাম মেধিয়ে সৰ্থেবাৰীক নগৰলৈ ৰূপান্তৰিত কৰে যদিও স্বাধীনতা লাভৰ সুদীৰ্ঘ বছৰৰ পিছতো সৰ্থেবাৰীৰ প্ৰকৃতাৰ্থত কোনো পৰিৱৰ্তন নহ’ল। সৰ্থেবাৰীত কাঁহৰ উৎপাদন আজিৰ নহয়, বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰপৰাই সৰ্থেবাৰীত উৎপাদিত সামগ্ৰীসমূহে ক’ব নোৱাৰাকৈ বিস্তাৰ লাভ কৰি ৰজাঘৰ-প্ৰজাঘৰৰ সম্পদ হৈ পৰিছিল। ৰাং শতকৰা ২২ ভাগ আৰু তাম শতকৰা ৭৮ ভাগৰ সংমিশ্ৰণত ধাতুৰ যৌগিক মিশ্ৰণত উৎপন্ন কাঁহ নামৰ ধাতুবিধৰপৰাই কঁহাৰ শিল্পীসকলৰ মৃসণ হাতৰ পৰশত প্ৰাণ পাই উঠে কাঁহৰ বিভিন্ন উৎপাদিত সামগ্ৰীয়ে। কাঁহ নামৰ এই ধাতুবিধ খ্ৰীষ্ট জন্মৰ দুহেজাৰ বছৰ আগতে ভাৰতীয়সকলে আয়ত্ত কৰিব পাৰিছিল। সৰ্থেবাৰীত কাঁহ শিল্পৰ গৌৰৱময় ইতিহাসৰ কথা বাণভট্টৰ ‘হৰ্ষচৰিত’ৰপৰাই অনুমান কৰিব পাৰি। সপ্তম শতিকাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰবৰ্মাই কনৌজ অধিপতি হৰ্ষবৰ্দ্ধনক দুই ৰাজ্যৰ সম্প্ৰীতি সুদৃঢ় কৰাৰ বাবেই কাংস্য পাত্ৰ উপহাৰ হিচাপে দিয়াৰ কথা বুৰঞ্জীয়ে কয়।‘দৰংগ ৰাজবংশাৱলী’ত কঁহাৰ শিল্পীসকলক যে মহাৰাজ নৰনাৰায়ণে বিশেষ গুৰুত্ব আৰোপ কৰিছিল সেয়াও উল্লেখ আছে।অনুমেয় সৰ্থেবাৰীৰ কঁহাৰ শিল্পীসকলৰ হতুৱাই কুমাৰ ভাস্কৰ বৰ্মাই উপহাৰ দিয়া সামগ্ৰী তৈয়াৰ কৰি থৈছিল।গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু তেওঁৰ পুত্ৰ প্ৰমথেশ বৰুৱা সৰ্থেবাৰীৰ কঁহাৰৰ বিশেষ আত্মীয় আছিল। সৰ্থেবৰীয়া কঁহাৰে গঢ়া বিভিন্ন ধৰণৰ শৰাই, টেমাবটা, ভোৰতাল, দুগদুগী-লোটা প্ৰভৃতি কাঁহৰ সামগ্ৰী জাতীয় সাংস্কৃতিক সম্পদ হিচাপে ৰাজভৱনত সংৰক্ষিত কৰি ৰাখিছিল।আহোম ৰাজত্বকালক অসমৰ কাঁহ শিল্পৰ ‘সোণালী যুগ’বুলি কোৱা হয়।আহোম যুগত ৰজাঘৰ-প্ৰজাঘৰ সকলোতে কঁহাৰসকলকো অত্যধিক গুৰুত্ব আৰোপ কৰা হৈছিল।আহোম স্বৰ্গদেউসকলে কাঁহৰ বাচন-বৰ্তন গঢ়া কাৰিকৰসকলক যথেষ্ট উৎসাহিত কৰিছিল।তেওঁলোকে তৈয়াৰ কৰা ধুনীয়া ধুনীয়া বাটি,দুগদুগী,টেমিবটা,পিকদানি,ভোগজৰা আদিয়ে ৰাজকাৰেঙৰ জেউতি চৰাইছিল।আনকি যুদ্ধ-বিগ্ৰহতো ব্যৱহাৰ হোৱা বৰতোপ কাঁহেৰে নিৰ্মাণ কৰি উলিয়াইছিল।মাইহাং বাটি, মাইহাং কাঁহীৰ নিচিনা সৰ্থেবাৰীৰ কঁহাৰৰ দ্বাৰা উৎপাদিত বাচন-বৰ্তনত খাদ্য খাইহে যেন স্বৰ্গদেউ, ডা-ডাঙৰীয়াসকলে অধিক তৃপ্তি পাইছিল।স্বৰ্গদেউ শিৱসিংহই সেই সময়ৰ সৰ্থেবাৰীৰ প্ৰখ্যাত কাঁহ শিল্পী জীউধন কঁহাৰৰ নিখুঁত শিল্প প্ৰতিভা দেখি চমকিত হৈ পৰিছিল।স্বৰ্গদেউ শিৱসিংহক সৰ্থেবাৰীৰ কঁহাৰ জীউধনে উপহাৰ হিচাপে দিছিল এটা কাঠৰ বাঘ।বাঘটোৰ ভিতৰত কাঁহৰ তালযোৰ এনেদৰে সংযোগ ঘটোৱা হৈছিল যে বাঘটোৰ গাত হাত দিলেই তালযোৰ বাজি উঠে।জীউধন কঁহাৰৰ এই শিল্প নৈপুণ্যৰ চানেকি স্বৰূপে ৰজাঘৰৰপৰা তেওঁলৈ যচা হৈছিল এখন তাম্ৰ পত্ৰ,এশ বিঘা মাটি আৰু চৌধুৰী খিতাপ।ইংৰাজৰ শাসন কালতো সৰ্থেবৰীয়া কঁহাৰৰ দ্বাৰা উৎপাদিত সামগ্ৰীয়ে যথেষ্ট সমাদৰ লাভ কৰিছিল। উদাহৰণস্বৰুপে ১৮৯৩ ত মহাৰাণী ভিক্টোৰিয়াৰ ৰাজত্বকালত সৰ্থেবৰীয়া কঁহাৰৰ তৈয়াৰী সামগ্ৰীক যথেষ্ট মৰ্যাদা অৰ্পণ কৰিছিল।তেতিয়া লণ্ডনত অনুষ্ঠিত এখন বৃহৎ হস্ততাঁত শিল্পৰ প্ৰদৰ্শনীত ভাগ লোৱাৰ সুবিধা পাইছিল পুষ্পৰাম কঁহাৰে।তেওঁ এখন জাত কাঁহী প্ৰদৰ্শন কৰিছিল।কাঁহীখনৰ আছিল তিনিটা খুৰা,এটা বেৰ ,বেৰটোৰ ওপৰতহে আছিল এখন কাঁহৰ কাঁহী।কাঁহীখনৰ কাষত তৈয়াৰ কৰিছিল চাৰিটা ভাটৌ চৰাই।চৰাইৰ ওপৰত আছিল কাঁহৰ বাটি।পুষ্পৰাম কঁহাৰ আছিল এগৰাকী সুনিপুণ কাঁহ শিল্পৰ খনিকৰ ।১৯০৫ চনৰ পৰা ১৯১০ চনৰ ভিতৰত তেওঁ সাজি উলিয়াইছিল প্ৰাৰ্থনাসমূহত ব্যৱহাৰৰ বাবে এটি কাৰিকৰী কৌশলযুক্ত গছা।বৰপেটা সত্ৰৰ ধাতুৰে নিৰ্মিত দুৱাৰ,সৰ্থেবাৰী তামুলী চুপাৰ কীৰ্তন ঘৰৰ ধাতুৰ দুৱাৰ,আতাথেৰ চুপাৰ কীৰ্তন ঘৰৰ গোসাঁইৰ আসন, নানা ৰকমৰ কাৰুকাৰ্য খচিত চন্দ্ৰ জালি লোটা,ধুনীয়া ধুনীয়া তামোল খোৱা বঁটাৰ সৃষ্টিকৰ্তা পুষ্পৰাম কঁহাৰ আছিল সৰ্থেবাৰীৰ গৌৰৱ।সৰ্থেবাৰীৰ কঁহাৰসকলে এসময়ত অসমৰ বিভিন্ন ঠাইত গঢ়শাল পাতি কাঁহৰ বাচন-বৰ্তন গঢ়াইছিল।গুৱাহাটী আৰু উজনি অসমৰ বিভিন্ন ঠাইত গঢ়শাল পাতি কাঁহৰ বাচন-বৰ্তন গঢ়াইছিল।বিশেষকৈ গুৱাহাটীৰ মালিগাঁও,কামাৰাপাৰা,উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ,ভৰলুমুখৰ ফুকনৰ হাউলী ইত্যাদিৰ উপৰি উজনি অসমৰ বিভিন্ন ঠাইতো গঢ়শাল পাতি কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা সময়ত কঁহাৰসকলে মহাজনৰপৰা ভগা কাঁহ আনি তাক পুনৰ মহাজনৰ গাদীত জমা কৰিছিল।সামগ্ৰী তৈয়াৰ কৰা সময়ত কঁহাৰসকলে মহাজনৰপৰা ভগা কাঁহ আনি তাক পুনৰ গঢ়াই মহাজনৰ গাদীত জমা কৰিছিল।১৯৩৩ লৈকে সৰ্থেবৰীয়া কঁহাৰসকলে অসমৰ বিভিন্ন গাঁৱে-ভুঞে, হাটে-বজাৰে নানান ঠাইত কঁহাৰসকলে গঢ়শাল পাতি বাচন-বৰ্তন তৈয়াৰ কৰাৰ উপৰি কাঁহ শিল্পৰ ব্যৱসায় কৰি ঘৰৰপৰা বাহিৰত কটাইছিল।বছৰি জন্মাষ্টমীৰ নাওখেল উৎসৱ উপভোগ কৰি কঁহাৰসকলে প্ৰৱাসলৈ ওলাই গৈছিল আৰু ছমাহ বণিজ কৰি পুনৰ সৰ্থেবাৰী সভাৰ আগে আগে ঘৰ সোমাইছিল।অকল সৰ্থেবাৰীতে নহয়, তিতাবৰ,ৰহা,সাপটগ্ৰাম,বিলাসীপাৰা ইত্যাদি ঠাইতো কঁহাৰসকলে কাঁহৰ পাত্ৰ তৈয়াৰ কৰিছিল; এই শিল্পীসকলো প্ৰকৃতাৰ্থত সৰ্থেবাৰীতে আছিল বুলি কোৱাৰ যুক্তি নথকা নহায়,কিয়নো আজিও সৰ্থেবৰীয়া কঁহাৰে উজনীয়া কাঁহৰ সামগ্ৰী আৰু নামনিৰ সামগ্ৰী তৈয়াৰ কৰাত সিদ্ধহস্ত হৈ আছে।কাঁহ শিল্পীৰ এই ঐতিহ্য ধৰি ৰাখিছে সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলে।কাঁহ শিল্পৰ প্ৰচলন অকল অসমতে নহয়, আমাৰ দেশৰ ঠাই বিশেষে ,আনকি বিদেশতো ইয়াৰ উৎপাদন হৈছিল আৰু আজিও চলি আছে। কিন্তু সৰ্থেবাৰীত উৎপাদিত কাঁহৰ সামগ্ৰীৰ লগত আন ঠাইৰ সামগ্ৰীৰ পাৰ্থক্য অতি বেছি বুলি স্পষ্ট হৈ পৰিছে।সৰ্থেবাৰীত উৎপাদিত কাঁহৰ সামগ্ৰীয়ে কেৱল ৰাজ্যখনতে নহয়, আন্ত:ৰাষ্ট্ৰীয় স্তৰতো বজাৰ কিছু কিছু পৰিমাণে দখল কৰিব পাৰিছে।স্বৰ্গদেউ ৰূদ্ৰসিংহৰ দিনতে অসমীয়া কাঁহ শিল্পৰ কাৰুকাৰ্যই দেশ-বিদেশৰ অনেক লোকক আকৰ্ষিত কৰিছিল। উক্ত সময়ছোৱাতে ভূটান, তিব্বতলৈ নানান প্ৰয়োজনীয় কাঁহৰ সামগ্ৰীৰ লগতে সুকীয়াকৈ গঢ়ি তোলা তালাবাদ্যও যথেষ্ট পৰিমাণে সৰবৰাহ ঘটিছিল, যি ধাৰাবাহিক ৰূপে আজিলৈকে চলি আছে।মহাৰাজ ৰূদ্ৰসিংহৰ দিনত তিব্বত আৰু চীন দেশৰ সৈতেও অসমৰ বেহা-বেপাৰ বেছিকৈ চলিছিল। বিশেষকৈ কাঁহ, পিতল,তাম প্ৰভৃতি ধাতুবিলাকৰ আদান-প্ৰদান হৈছিল অত্যধিক। ‘অসম বুৰঞ্জী’ত উল্লেখ আছে যে তিব্বতৰ ৰাজধানী লাচাৰপৰা অসমৰ বাটত চৌনা নামৰ এডোখৰ ঠাইত তিব্বতীসকলৰ এখন হাট বহিছিল।চৌনাৰপৰা চাৰিমাইল আঁতৰত জীমনচু নামৰ ঠাইত আহোম ৰজাৰো এখন হাট বহিছিল আৰু ইয়াতেই দুমাহ কাল কাঁহ,পিতল,তাম,লৱণ ইত্যাদিৰ সলনি এৰী কাপোৰ,হাতীদাঁত,কস্তুৰী ইত্যাদি সামগ্ৰী সলনা-সলনি কৰিছিল। অসমৰ বাহিৰেও যে অন্য ঠাইত কাঁহৰ সামগ্ৰীৰ উৎপাদন হৈছিল,সেয়া হিতেশ্বৰ বৰবৰুৱাৰ বুৰঞ্জীত উল্লেখ আছে।ভূটীয়াসকলে,তিব্বতীসকলে সৰ্থেবাৰীৰ কঁহাৰসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰাতহে আজিলৈকে গুৰুত্ব আৰোপ আহিছে। বাপতি সাহোন বিহুৰ লগতো জড়িত হৈ আছে সৰ্থেবাৰীত উৎপাদিত কাঁহৰ সামগ্ৰী।নাগাৰা নামৰ নাম ল’লেই ভোৰতালৰ কথা মনত পৰে। ৰজনজনাই যোৱা ভোৰতালৰ শব্দই কিন্তু প্ৰকাৰান্তৰে সৰ্থেবৰীয়া কাঁহ শিল্পৰ গুণানুকীৰ্তন কৰি আছে।অসমৰ প্ৰায়বোৰ লোক-সংস্কৃতিৰ লগত জড়িত হৈ পৰা কাঁহৰ বাদ্যযন্ত্ৰই পৰোক্ষভাৱে অসমৰ সংস্কৃতিক যেনেদৰে খামোচ মাৰি ধৰি ৰাখিছে,ঠিক তেনেদৰে মন্দিৰৰ আসন,ঘণ্টা,বিগ্ৰহ ইত্যাদি কাঁহেৰে তৈয়াৰী সামগ্ৰীৰো গুৰুত্ব কোনোদিনে কমি যোৱা নাই।অসম তথা অসমৰ বাহিৰৰ সত্ৰ,নামঘৰ,মঠ-মন্দিৰত শ্ৰদ্ধাৰে গ্ৰহণ কৰা হৈছে সৰ্থেবাৰীত উৎপাদিত কাঁহৰ সামগ্ৰী কাঁহী, বাটি, লোটা, ঘটী,কলহ,চৰিয়া,বঁটা,পাণ বঁটা ইত্যাদি কাঁহৰ সামগ্ৰী কইনাৰ লগত নিদিলে মান-মৰ্যাদা যেন ক্ষুণ্ণ হয়—আজিও সেই ধাৰণা বৰ্তি আছে অসমীয়া সমাজ জীৱনত।দৰাই বিয়াৰ দিনাখন ব্যৱহাৰ কৰা দাপনীখন, নাপিতৰ কহালিপাটো সৰ্থেবৰীয়া কহাঁৰে গঢ়া। তদুপৰি ভকত, পাঠক, ঢুলীয়া-খুলীয়া, গায়ন-বায়ন, কালীয়া-তালীয়া আদিয়ে ব্যৱহাৰ কৰা পাতিতাল, খুটিতাল, মঞ্জিৰা আদি কাঁহৰ বাদ্যবোৰৰ স্ৰষ্টাও সৰ্থেবৰীয়া কঁহাৰসকলেই। অসমৰ বিভিন্ন ধৰ্মানুষ্ঠানৰ নানান বিগ্ৰহ, মন্দিৰৰ দুৱাৰ,আনকি হাজোৰ মাধৱৰ আসনৰ কাৰুকাৰ্যই আজিও সৰ্থেবৰীয়া কঁহাৰৰ গুণ বখানি আছে।অতি সম্প্ৰতি ঐতিহ্যমণ্ডিত কাঁহ শিল্পটোৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই দেখা দিছে,যাৰ বাবে উদ্যোগটোৰ সাময়িকভাৱে গতি লেহেম হৈ পৰিছে।অসম সমবায় কঁহাৰ সংঘ সৰ্থেবাৰীৰ কঁহাৰ শিল্পীসকলৰ হিয়াৰ আমঠু স্বৰূপ।ইয়াৰ জন্ম নহ’লে হয়তো আজিৰ সময়লৈকে জাতীয় সম্পদ স্বৰূপ কাঁহৰ সামগ্ৰী স্ৰষ্টা সৰ্থেবাৰীৰ কঁহাৰসকল বুলি গৌৰৱ কৰাৰ থল নাথাকিলহেঁতেন।মহাজনৰ শোষণ-বঞ্চনাৰ পৰা কঁহাৰসকলক মুক্তি প্ৰদান কৰাৰ উদ্দেশ্যে ১৯৩৩ চনত ‘অসম সমবায় কঁহাৰ সংঘ’ৰ জন্ম দিয়ে সেই সময়ৰ এগৰাকী বিদগ্দ্ধ পণ্ডিত নীৰৱ সাধক কোহিৰাম দাসে।১৯৩৯ চনত ই এক পঞ্জীয়নভুক্ত সংস্থালৈ ৰূপান্তৰিত হৈ বৰ্তমানলৈকে সৰ্থেবাৰীৰ কাঁহ শিল্পৰ সৰ্বাংগীন বিকাশ আৰু শ্ৰীবৃদ্ধিৰ হকে সেৱা আগবঢ়াই আহিছে যদিও পৰিৱৰ্তিত সময়ৰ লগত সুপৰিকল্পিতভাৱে খোজ দিয়াত কিছু বাধাপ্ৰাপ্ত হোৱা বাবেই সমবায় কঁহাৰ সংঘই শিল্পীসকলৰ অভাৱ পূৰণ কৰিব পৰা নাই।প্ৰয়োজনীয় কেঁচামাল যোগান ধৰাৰ ক্ষেত্ৰতো সংঘই উজুটি খাব লগা হৈছে,যাৰ ফলত উৎপাদনৰ হাৰ নিম্নগামী নহ’লেও উৰ্দ্ধগামী হ’ব পৰা নাই।১৯৯৪ ৰ পৰা ২০০৫ লৈকে সৰ্বমুঠ বাৰ বছৰৰ এক উৎপাদন বিশ্লেষণ কৰি দেখা গৈছে যে কিছু বছৰত সৰ্থেবাৰীত কঁহাৰ সামগ্ৰীৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পাইছে।‘অসম সমবায় কঁহাৰ সংঘ লিমিটেড’ৰ জৰিয়তে উলিওৱা এক হিচাপত দেখা গৈছে যে ১৯৯৯-২০০০ এই সংঘৰ জৰিয়তে কঁহাৰসকলে ২২৫০০০০ কেজি কাঁহৰ সামগ্ৰী উৎপাদন কৰিছিল।কিন্তু সমসংখ্যক কঁহাৰ শিল্পীয়ে ১৯৯৮-১৯৯৯ বৰ্ষত উৎপাদন কৰিছিল ২৫৮৬৬০০০ কেজি সামগ্ৰী।২০০১-২০০২ ৰ পৰা ২০০৪-০৫ লৈকে প্ৰায় প্ৰতি বছৰে ৩৫০০০০০ কেজি কাঁহৰ সামগ্ৰী উৎপাদন কৰা ‘অসম সমবায় কঁহাৰ সংঘ’ৰ কিন্তু উৎপাদন হ্ৰাস পাইছে ২০০৫-২০০৬ বৰ্ষত।আনহাতে, উৎপাদিত কাঁহৰ সামগ্ৰীৰ বাবে কঁহাৰসকলৰ গঢ়নি বানচ পৰ্যাপ্ত পৰিমাণে বৃদ্ধি হোৱা নাই।প্ৰায় পাঁচ বছৰৰ ভিতৰত প্ৰতি কেজি কাঁহৰ সামগ্ৰী তৈয়াৰ কৰাৰ বাবদ বৃদ্ধি হৈছে ১২ টকাৰপৰা ২১ টকালৈকে। সেয়েহে সম্প্ৰতি উৰ্দ্ধমুখী বজাৰমূল্যৰ লগত তিষ্ঠি থাকিব পৰা নাই কাঁহ শিল্পীসকল।গোটেই দিনটো হাড়ভঙা পৰিশ্ৰম কৰাৰ পিছতো তেওঁলোকে পোৱা সামান্য মাননিৰে পৰিয়াল পোহপাল দিয়াটো একপ্ৰকাৰ জটিল হৈ পৰিছে।সেয়েহে কঁহাৰ শিল্পীসকল সোমাই পৰিছে মধ্যভোগীৰ জালত।তেওঁলোকৰপৰা অধিক সুতত টকা ধাৰে লৈ পৰিয়াল চলাবলগীয়া হোৱা কঁহাৰসকলে শিল্প- উদ্যোগটোৰ উত্তৰণত কি কৰিছে, সেয়া স্পষ্টভাৱে ওলাই পৰিছে।বৃহত্তৰ সৰ্থেবাৰীত বৰ্তমান ২৮০ খন কঁহাৰ গঢ়শালত প্ৰায় ১৪৬৫ জন কাঁহ শিল্পীয়ে স্বকীয় প্ৰতিভাৰে নিজ নিজ কৰ্মত ব্ৰতী হৈ আছে। পিছে কেঁচামালৰ অভাৱ উদ্যোগটো স্থৱিৰ হৈ পৰাৰ অন্যতম প্ৰধান কাৰণ। কেঁচামাল হিচাপে ব্যৱহাৰ কৰা ৰাং আৰু তামৰ সংমিশ্ৰণ ঘটাই সৰ্থেবাৰীৰ কাঁহ কৰিবৰ বাবে দুয়োপদ সামগ্ৰীয়ে আনিব লাগে বাহিৰৰপৰা।তাৰ পৰিৱৰ্তে ভগা কাঁহ পৰ্যাপ্ত পৰিমাণে যোগান পাইছিল সৰ্থেবাৰীৰ কঁহাৰসকলে।বৰ্তমান পাকিস্তানৰপৰা ফাঁচীবজাৰৰ মধ্যভোগীৰ জৰিয়তে সৰ্থেবাৰীলৈ সৰবৰাহ কৰা হয় ভগা কাঁহ।সেয়েহে যিকোনো সময়তে মধ্যভোগীয়ে ইয়াৰ মূল্য বৃদ্ধি ঘটাব পাৰে।উদ্যোগটো সম্পূৰ্ণ তেওঁলোকৰ নিয়ন্ত্ৰণাধীন হৈ পৰিছে।ঠিক তেনেদৰে ইন্ধনৰ বাবে প্ৰয়োজন হোৱা এঙাৰো আহে গাৰো পাহাৰৰপৰা।অসমত তেনেকুৱা এঙাৰ পোৱা নাযায় বাবে বাহিৰৰ ৰাজ্যৰ পৰা ইয়াৰ সৰবৰাহ কৰাত অত্যধিক মূল্য ভৰিব লগা হয় উৎপাদন গোটসমূহে। কাঁহ শিল্পীসকল দক্ষ যদিও তেওঁলোকৰ কাৰিকৰী কৌশল আৰু বিজ্ঞানসন্মত দৃষ্টিভংগী দুৰ্বল। সেয়েহে আধুনিক সা-সৰঞ্জাম তেওঁলোকে ব্যৱহাৰ কৰিব নোখোজে অথবা তেওঁলোকক ব্যৱহাৰৰ বাবে কোৱা হোৱা নাই। সেয়েহে পুৰণি হাতুৰী, চেনা, খন্তিকে সাৰোগত কৰি তেওঁলোকে উৎপাদন কাৰ্য অব্যাহত ৰাখিছে, যাৰ ফলত সময়ৰ অপব্যৱহাৰ হৈছে, যথেষ্ট সংখ্যক সামগ্ৰী উৎপাদন কৰা কাৰ্যত ব্যাঘাত জন্মিছে,উৎপাদিত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰিছে। সৰ্থেবাৰীত উৎপাদিত কাঁহৰ সামগ্ৰীৰ দৰে হুবহু সামগ্ৰী তৈয়াৰ কৰা কৌশল আয়ত্ত কৰিছে আন ৰাজ্যত যন্ত্ৰৰ সহায়ত।সৰ্থেবাৰীত উৎপাদিত কাঁহৰ সামগ্ৰীয়ে বজাৰ এখন দখল কৰিব নোৱাৰাৰ গুৰিতে আছে সু-পৰিকল্পিত নীতি-নিদেৰ্শনাৰ অভাৱ। পুৰণি পদ্ধতিৰে উৎপাদিত সামগ্ৰীসমূহ বজাৰত উলিয়াই দিয়াৰ লগতে নিৰ্দ্দিষ্ট বিক্ৰী কেন্দ্ৰৰ যোগেদি বিক্ৰী কৰা পদ্ধতিয়ে যিকোনো গ্ৰাহকক আকৰ্ষিত কৰিলেহেঁতেন।প্ৰয়োজনীয় হ’লেও ঠাইতে নোপোৱা বাবে বহুতেই বহু সময়ত উক্ত সামগ্ৰীসমূহ বজাৰত উলিয়াই দিয়াৰ লগতে নিৰ্দ্দিষ্ট বিক্ৰী কেন্দ্ৰ বাহিৰৰ যোগেদি(ভূটান,তিব্বত আদি), অসম সমবায় কঁহাৰ সংঘৰ যোগেদি আৰু মহাজনবোৰৰ গাদীৰ যোগেদি সৰ্থেবাৰীত উৎপাদিত সামগ্ৰী বজাৰলৈ উলিয়াই দিয়া হয়।সৰ্বাধিক দয়িত্ব ‘অসম সমবায় কঁহাৰ সংঘ’ৰ আছে যদিও বজাৰখন সম্প্ৰতি নিয়ন্ত্ৰণত আছে মহাজন শ্ৰেণীৰ ওপৰতহে। তেওঁলোকে এখন নতুন বজাৰৰ সৃষ্টি কৰিছে আৰু অধিক মুনাফা আদায় কৰি আছে।কাঁহৰ সামগ্ৰী বজাৰলৈ উলিয়াই দিয়াৰ সময়ত বিশেষ ধৰণৰ পেকিঙৰ ব্যৱস্থা কৰা নহয়।উৎপাদিত সামগ্ৰী খোলাকৈ আলমাৰিত অথবা মাটিত দ’ম কৰি থোৱা দেখা যায়,যাৰ ফলত গ্ৰাহকে নিজে পচন্দ কৰি সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা নাপায় অথবা ভালদৰে চকুত নপৰে।তদুপৰি কিছুদিন পিছতে সামগ্ৰীসমূহৰ ওপৰত ধূলি-বালিৰ এক চামনি পৰে আৰু উজ্জ্বলতা হ্ৰাস পায়,যাৰ ফলত গ্ৰাহকে পচন্দ কৰিবলৈ টান পায়।আধুনিক সৌন্দৰ্যখোদিত কাকতৰ পেকেটত ভাগে ভাগে পেকিং কৰি বজাৰত উলিয়াই দিব পাৰিলে,ব্যৱসায় বৃদ্ধি হোৱাটো স্বাভাৱিক। কোনো কাৰিকৰী কৌশল নোহোৱাকৈ সম্পূৰ্ণ হাতেৰে একো একোটা কাঁহৰ টুকুৰাৰে চিকমিকাই থকা অনেক মনোমোহা সামগ্ৰী তৈয়াৰ কৰা এইসকল শিল্পী অসম চৰকাৰৰ চকুত পৰা নাই। প্ৰতি বছৰে স্বাধীনতা দিৱসৰ দিনা অসমৰ বছা বছা শিল্পী- সাহিত্যিকলৈ যচা হয় শিল্প-সাহিত্যিক পেঞ্চন।শিল্পীসকলৰ মাজত দেখা যায় অভিনেতা, কণ্ঠশিল্পী, বাদ্যযন্ত্ৰী, ঢুলীয়া ইত্যাদিৰ উপৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা লোকৰ নাম।কিন্তু দুৰ্ভাগ্যজনকভাৱে সৰ্থেবাৰীৰ কাঁহ শিল্পীসকল উক্ত তালিকাৰ পৰা বাদ পৰি ৰয়।বাঁহেৰে এখন চাইকেল তৈয়াৰ কৰিছে,গছৰ মূঢ়াৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিছে, তেওঁলোক শিল্পীৰ তালিকাৰ ভিতৰত সোমাই পৰিছে।অথচ কাঁহৰ টুকুৰা এটাক কোবাই কোবাই ভিন্ন ৰূপেৰে গঢ় দিয়াৰ এই নিখুঁত কাৰিকৰী কৌশলেৰে মোহনীয় ৰূপ প্ৰদান কৰিব পৰা এইসকলৰো আছে একো একোটা নিজস্ব প্ৰতিভা।কিন্তু অতি সুখৰ খবৰ যে যোৱা ২০০৮ চনৰ পৰা সৰ্থেবাৰীৰ কাঁহ শিল্পীলৈকে শিল্পী পেঞ্চন আগবঢ়াবলৈ আৰম্ভ কৰিছিল যদিও যোৱা ২০১৪ চনৰ পৰা বন্ধ হৈ যায়।সৰ্থেবৰীয়া কঁহাৰ শিল্পীসকল জীৱন আৰু জীৱিকাৰ লগতে এবিধ সম্পদৰ সংৰক্ষণ আৰু বিকাশত অৰিহণা যোগোৱা এজাক সুনিপুণ খনিকৰ,ভাস্কৰ্য শিল্পী; তেওঁলোকে কেৱল হাত দুখনেৰে খোদিত কৰে নিপুণ ভাস্কৰ্য ,হাতেৰে চুই গম পায় জুইৰ উত্তাপ কিমান।তেওঁলোকৰ সৃষ্টি সমূহত আছে এগৰাকী শিল্পীৰ নিপুণতাৰ চিহ্ন।

লেখক: ধনজিৎ ডেকা, দৈনিক অসম

2.92592592593
Anonymous Mar 12, 2016 07:58 PM

কাহৰ বাচন বোৰৰ বজাৰৰ ব্যৱস্থা কৰা প্ৰযোজন.আচে.

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top