অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৰ্থেবাৰীৰ সভা

সৰ্থেবাৰীৰ সভা

ডেৰশ বছৰৰো আগৰেপৰাই অনুষ্ঠিত বৰপেটা জিলাৰ পূব প্ৰান্তত অসম বিখ্যাত কাঁহ শিল্প উদ্যোগ নগৰীত প্ৰতি বছৰে যুগাদ্যা মাঘী পূৰ্ণিমা তিথিত উদযাপিত হৈ অহা সভা-মহোতসৱ সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিৰ জ্বলন্ত নিদৰ্শন। এই সভা মহোতসৱত হিন্দু-মুছলমান উভয়ে আন্তৰিকতাৰে অংশগ্ৰহণ কৰা দেখা যায়। এই সভা মহোতসৱৰ কোনো লিখিত চন-তাৰিখ নাই যদিও ই ৰাইজ মেল (১৮৯৪) চনৰ বহু বছৰ আগৰ। ইমান পুৰণি সভা অসমৰ কৰ’বাত আছেনে ভাবি চাবলগীয়া। প্ৰতি বছৰে ইয়াৰ কলেবৰ বৃদ্ধি পাই আহিছে। ই সৰ্থেবাৰী ৰাইজৰ স্ংহতি, সম্প্ৰীতি, প্ৰাণ প্ৰাচুৰ্য আৰু বীৰত্বৰ ধ্বজা হবন কৰি আছে। সৰ্থেবাৰীৰ ওচৰ পাজৰৰ গাঁৱক লৈ পাকা-সৰু ক্ষেত্ৰী-ধৰ্মপুৰ মৌজা সামৰি বৃহত অঞ্চলটোৰ এয়া যেন ঐক্য সমন্বয়ৰহে উতসৱ। দূৰ অতীতত বিভিন্ন ধৰ্মাৱলম্বী লোকে সহযোগ-সমন্বয় ৰাখি এটি সামূহিক সাৰ্বজনীন ধৰ্মানুষ্ঠানৰ প্ৰয়োজন অনুভৱ কৰি সৰ্থেবাৰীৰ ৰাইজে জগন্নাথ মহাপ্ৰভুৰ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। সভাৰ প্ৰথম মেলতে অঞ্চলটোৰ পণ্ডিতসকলক নিমন্ত্ৰণ কৰি আনি শুভ দিন হিচাপে থিৰ কৰা হৈছচিল মাঘী পূৰ্ণিমাৰ তিথি। একোটা উতসৱে একোটা জাতিৰ ইতিহাস কয়। যিদৰে দীপন্বিতা উতসৱে ৰামচন্দ্ৰৰ লংকা জয়ৰ কথা কয়, তেনেদৰে সৰ্থেবাৰীৰ সভা মহোতসৱে সাম্ৰাজ্যবাদী বৃটিছৰ পদ লেহনকাৰী পীতম্বৰ, দাসৰাম চৌধুৰীহঁতৰ লেখীয়া অত্যাচাৰী কৰ্মচাৰীয়ে ভাৰ-ভেটি, কাৰ-কাটল আৰু মোকৰ্দমা আদিৰে জুৰুলা কৰা ৰাইজৰ অদমনীয় মনোবল, অন্যায়ৰ বিৰুদ্ধে স্ংগ্ৰাম আৰু মাৰবান্ধি আইনৰ যুদ্ধত জয়ী হোৱাৰ অতীত স্মৃতিকে ৰোমন্থন কৰে। ভাস্কৰ বৰ্মাৰ দিনৰেপৰা কাঁহ শিল্পক লৈ গৌৰৱ কৰা সৰ্থেবাৰীৰ ৰাইজে সভাখনক লৈয়ো গৌৰৱ কৰে। এই সভা এক বিজয়ৰুতসৱ, ঐক্য-স্ংহতি-সম্প্ৰীতি আৰু মিলনৰ উতসৱ, শৌৰ্য-বীৰ্যৰ উতসৱ।

পোন্ধৰদিনীয়া সভাৰ মেলৰ গুৰুত্ব আৰু তাতপৰ্য সুদূৰপ্ৰসাৰী। গণতান্ত্ৰিক পদ্ধতিৰ স্পষ্ট নমুনা সৰ্থেবাৰীৰ সভাৰ মেলত সভা আৰম্ভ হোৱা দিনৰে পৰা অদ্যৱধি স্পষ্ট পৰিলক্ষিত হোৱা দেখা যায়। মেলত সমাজভুক্ত সকলো ব্যক্তিয়ে যুক্তিপূৰ্ণ বাক-বিনিময়েৰে সমাজৰ বিভিন্ন সমস্যাৰ সমাধান উলিওৱাৰ লগতে সভা পৰিচালনাৰ যাৱতীয় দিশত মুকলি আলোচনা কৰি ব্যৱস্থা লোৱা হয়। মাঘী পূৰ্নিমাৰ এপষেক আগৰেপৰা অৰ্থাত আউসীৰ পৰা মুকলি আকাশৰ তলত মূৰত নিয়ৰ লৈ বহা মেলত কেৱল সভাৰ প্ৰস্তুতিয়ে কৰা নহয়, সমাজৰ দায়-দোষ, বাদ-বিবাদ আদি গঠনমূলক আৰু স্ংস্কাৰমূলক অভিপ্ৰায়েৰে বাছি বাছি সমাজৰ বান্ধোন কটকটীয়া কৰাৰ লগতে ভাতৃত্ব ভাব, একতা, ত্যাগৰ মনোভাব, চিন্তাৰ উতকৰ্ষ সাধন, যুক্তি-তৰ্কৰ মাহাত্ম্যআদি সজ গুণৰ বিকাশ ঘটায়। সৰ্থেবাৰীৰ অধিবাসীসকল মূলত: পাঁচোটা খেলৰ, ষোল্লতা চুপাৰ অন্তৰ্ভুক্ত। পৰিচালনাৰ বাবে গাঁৱৰ পাঁচোটা খেলত ভাগ কৰি প্ৰত্যেকৰ হাতত একোটা প্ৰধান দায়িত্ব অৰ্পণ কৰা হয়। এই পাঁচোটা প্ৰধান দায়িত্বৰ কাৰ্যবাহীসকলক গঞা প্ৰধান কোৱা হয় আৰু সমাজখনক কোৱা হয় সৰ্থেবাৰী পাঁচখেল গঞাগয়ৰহ। আতাথেৰ খেলৰ ধন ভৰালী, শালকাঠিয়াথেৰ চুপাৰ মজুমদাৰ, কাজিথেৰ খেলৰ পাঠক, তালপকদাৰ খেলৰ অৰ্চক আৰু তামুলীথেৰ খেলৰ আহ্বায়ক। প্ৰত্যেকৰ দায়িত্ব সুকীয়া। পঞ্চ প্ৰধানৰ নেতৃত্বত চলে ধৰ্মীয় অনুষ্ঠান আৰুহ সভাৰ মেল। এই দায়িত্ব আজি পৰ্যন্ত পৰম্পৰাগতভাৱে চলি আহিছে। সৰ্থেবাৰীত বাস কৰা আন লোকে সমাজ ভুক্ত হ’ব খুজিলে আগেয়ে কোনো চুপাৰ জৰিয়তে খেলভুক্ত হ’ব লাগে। পাঁচখেল গঞাগয়ৰহৰ নিয়ম-নীতি বা বিচাৰৰ ৰায় নমনা লোক বা পৰিয়ালক এঘৰীয়া কৰি ৰখাৰ ব্যৱস্থা আজিও বাহাল আছে। মূল ব্যৱসায় কাঁহ শিল্পৰ বাবে দূৰ অতীতৰ সৰ্থেবাৰীৰ প্ৰায়ভাগ মানুহ প্ৰবসুৱা আছিল। সভাত কিন্তু সকলোৱে ঘৰলৈ অহা বাধ্যতামূলক। মেল আৰম্ভ হোৱাৰ দিনৰে পৰা মেলত উপস্থিত থাকিব নোৱাৰিলে দিনে ৫ আনাকৈ খটিয়ান দিয়াৰ নিয়ম আছিল। মেলত প্ৰতিঘৰ মানুহৰ অৱস্থাৰ বুজ লৈ সভাৰ বৰঙণি নিৰ্দ্ধৰণ কৰা হয়। তাকে সৰ্থেবাৰীৰ ৰাইজে ‘বৰঙণি খুইট’ বুলি কয়। প্ৰস্ংগক্ৰমে উল্লেখৰ নিতান্তই প্ৰয়োজান যে প্ৰকৃত লিখিত অসমীয়া ভাষা আৰু বৰপেটাত প্ৰচলিত নানা ভাষাৰ মাজত এক বৃহত তফাত আছে, যিদৰে আছে অন্যান্য ঠাইৰো। গোঁসাই বা গোহাঁই শব্দটো ঈশ্বৰ বুজাবলৈ ব্যৱহৃত হয়। নমানি অসমৰ প্ৰায়বোৰ ঠাইতে গোঁসাইঘৰৰ বিগ্ৰহক গোঁসাই জাতীয়ৰে উচ্চাৰণ কৰা হয়। সৰ্থেবাৰীত গোঁসাইক গোঁসাই নুবুলি কোৱা হয় গহে। তেনেদৰে বৰঙণিক বৰগেনী কোৱা হয়। আৰ্থিক অৱস্থা অনুসৰি ঘৰমূৰি পাঁচ টকাৰপৰা ওপৰলৈ বৰঙণি নিৰ্দ্ধাৰণ কৰা হয়। কৰোবাৰ আপত্তি থাকিলে মেলতে নিস্পত্তি কৰিব পাৰে। প্ৰতি বছৰে বৰঙণি হ্ৰাস-বৃদ্ধি কৰা হয়। খেলৰ বৰণজ্ঞণি সংগ্ৰহৰ দায়িত্বত থকাসকলক সাৰ্বেনদাৰ কোৱা হয়। সাৰ্বেনদাসকলে সভৰ পোন্ধৰ দিনত স্ংগৃহিত বৰঙণি প্ৰতি খেলৰ ভঁৰালীৰ হাতত জম দিয়াৰ পিছতহে সেই ধনেৰে সভাৰ মাঙ্গলিক কাৰ্য আৰম্ভ কৰাৰ নিয়ম। সৰ্থেবাৰীৰ সভা মহোতসৱৰ প্ৰধান অংশ তিনিটা হ’ল ধৰ্মীয় আচাৰ-অনুষ্ঠান, কলা-স্ংস্কৃতিৰ প্ৰদৰ্শন আৰু বাণিজ্য মেলা। মাঘি পূৰ্ণীমাৰ আগদিনাৰ পৰা পঁচদিন ধৰি এই সভা চলে। প্ৰথম তিনিদিনক সভাৰ গোন্ধ বোলে। সিদিনা পুৱা সৰ্থেবাৰীৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিনিধিয়ে এটাকৈ বাঁহ আনি সভাৰ খোলাত ৰাজহুৱ শ্ৰমদানেৰে চাইনা(ৰভা) সাজে। বৰ্তমানৰ সভত কাপোৰ ব্যৱহাৰ কৰা হয় যদিও পূৰ্বতে এই ৰভা পাকা ৰিজাৰ্ভৰ তৰা-বিৰিণা কাটি আনি সজা হৈছিল। সন্ধিয়া চুপাই চুপাই থকা গোঁসাইঘৰৰ পৰা দবা, ঢোল, তাল, কাঁহ, শঙ্খ, ঘণ্টা বজাই নাম-কীৰ্ত্তন আদি কৰি ফটকা ফুটাই মহা আড়ম্বৰেৰে শোভাযাত্ৰা কৰি বিগ্ৰহবোৰ আনি সভাৰ পৰ বৰগোসাই ঘৰত প্ৰতিষ্ঠা কৰা হয়। বিগ্ৰহবোৰৰ নাম ভিন ভিন, যেনে- ক’লীয়া ঠাকুৰ, শ্যামৰায়, গোপাল গোৱিন্দ, গোপাল বাসুদেৱ, লক্ষ্মী, ৰাধাকৃষ্ণ, বংশীগোপাল, মদনগোপাল, আদি। সিদিনাৰ পৰা ব্ৰাহ্মণসকলে অহৰ্নিশে গোঁসাইঘৰত থাকি বিগ্ৰহ ধুওৱা, বন্তি জ্বলোৱা আৰু পূজাৰ কাম কৰে। গোঁসাই উলিওৱা অনুষ্ঠান এটা ডাঙৰ উপভোগ্য উতসৱ, ইয়াকে সভাৰ গোন্ধ বোলে। পিছদিনা সভাৰ হোম। এই দিনটো সভাৰ মূল অংশ। সিদিনা পুৰুষ-মহিলা সকলোৱে মানস কৰি বিগ্ৰহৰ সন্মুখত ঘিউৰ হেজাৰ হেজাৰ চাকি জ্বলায় আৰু মোনে মোনে চেনি আগবঢ়ায়। দুপৰীয়াৰ পৰা হোম-যজ্ঞ আৰু দশম, ৰত্নাৱলী আৰু ভাগৱত পাঠ কৰা হয়। এশ আঠজন ব্ৰাহ্মণে ভাগে ভাগে বহি তুলসীপাঠ, চণ্ডীপাঠ, বুটকপাঠ, আছিদ্ৰধাবন, বিষ্ণুসহস্ৰ নাম আদি পূজা কৰাৰ লগতে জপ কৰে। সৰ্থেবাৰীৰ সভাৰ প্ৰসাদত চাউল-বুটৰ লগতে চেনিৰ প্ৰসাদৰ পৰিমাণ নামনি অসমতে সৰ্বাধিক। মাটিৰ ডাঙৰ ঘাইত ভক্তই পূৰ্ণ কৰি লয় প্ৰসাদ। পাশ্বৱৰ্তী গাঁওবোৰৰ গঞাই দূৰণিবটীয়া আত্মীয়লৈ পঠোৱাৰ অঘোষিত নিয়ম। হোমৰ পিছদিনা ভৰসভা। চতুৰ্থ দিনা চেৰা সভা পৰ্ব; শেষৰ দিনা ভঙা সভা। সভাৰ প্ৰতিদিনে আবেলিৰ ভাগত কৰা ভকত নাম-কীৰ্তন আৰু বোৱাৰী পুৱাতেই কৰা আয়তীৰ নাম আকৰ্ষণীয় অনুষ্ঠান। ভঙা সভাৰ নিশা ভকতসকলে গোঁসাই ঘৰত বিৰাত থিয় ম্নাম ধৰে আৰু তাৰ পিছত বিগ্ৰহবোৰ পুনৰ চুপাৰ কীৰ্তনঘৰলৈ নাম-কীৰ্তন কৰি ওভটাই নিয়া হয়। শেষৰ দিনা ভকতনী(আয়তী) সকলৰ নাম। সভাৰ অগণন যাত্ৰী আৰু দুখীয়া, মগনীয়াক সিধা দিয়াৰ নিয়ম আজিও প্ৰচলিত। আটাইকেইদিনতে পুৱা আৰু গধুলি চাউল, দাইল, তেল আৰু খৰি সিধা হিচাপে দিয়া হয়। তাৰ বাবে প্ৰতিটো পৰিয়ালে নিৰ্দ্ধাৰিত পৰিমাণৰ বৰঙণিৰ উপৰি পাঁচ কেজিকৈ চাউল আৰু এক আটিকৈ খৰি দিব লাগে।

লেখক ধনজি ডেকা, দৈনিক অসম।

3.02380952381
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top