অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাজো হেন নাম

হাজো হেন নাম

অসম-গৌৰৱ তীৰ্থ নগৰী হাজো উত্তৰ কামৰুপৰ এখনি প্ৰাকৃতিক শোভাৰে আবৃত মহাপীঠ। অসমৰ নাভিকেন্দ্ৰ গুৱাহাটীৰ পৰা পশ্চিমে মাত্ৰ ২২ কিলোমিটাৰ দূৰৰ পৰা বৃহত্তৰ হাজোৰ এলেকা আৰম্ভ হৈছে। শৰাইঘাট দলং পাৰ হৈ আগিয়াঠুৰি গণেশ মন্দিৰৰ কাষেৰে যোৱা পথটিৰে হাজোৰ মাজেৰে বৰপেটা আৰু নলবাৰীলৈ যাব পাৰি। হাজো অঞ্চল প্ৰকৃততে সহজ-সৰল কৃষিজীৱী লোকৰ গাঁওবোৰৰ সমষ্টি। প্ৰতিখন গাঁওৰে আছে ঐতিহ্য বহন কৰিব পৰা চিনাকি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশাল সেউজীয়া ৰাশিৰে আবৰা হাজো ভাৰতবৰ্ষৰ ঐতিহ্যপূৰ্ণ স্থানবোৰৰ অন্যতম বুলি গৱেষক তথা পণ্ডিত সকলে মন্তব্য কৰিছে। প্ৰাকৃতিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে বিশাল ব্ৰহ্মপুত্ৰক প্ৰথমে স্থান দিব লাগিব। হাজো এলেকাৰ পূব দিশটো মহাবাহু ব্ৰহ্মপুত্ৰই পোহৰাই ৰাখিছে। অসমৰ মানচেষ্টাৰ শুৱালকুছি এই অঞ্চলৰ অন্যতম গৌৰৱ। পণ্ডিতসকলে কৈছে যে কেন্দ্ৰ সদায় সৰু, কিন্তু পৰিধি ব্যাপক। হাজোৰ বুৰঞ্জী প্ৰসিদ্ধ তথা বহু ৰজা-মহাৰজাৰ স্মৃতি বিজৰিত হয়গ্ৰীৱ মাধৱ দেৱালয় হ’ল হাজো অঞ্চলৰ কেন্দ্ৰ। মণিকূট পাহাৰত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয় অষ্টম শতিকাৰ বুলি ধৰি লোৱা হৈছে। এই দেৱালয়খনে হাজোক দিছে গভীৰ তথা বিস্তৃত পৰিচয়। হয়গ্ৰীৱ দেৱালয়ৰ কাষৰে-পাঁজৰে পাহাৰীয়া পৰিৱেশত ক্ৰমে মদনাচল পাহাৰত কেদাৰ মন্দিৰ অৱস্থিত। ইতিহাসে দিয়া তথ্যমতে, এই মন্দিৰ স্থাপনৰ কালো অষ্টমৰ পৰা দশম শতিকা। হয়গ্ৰীৱ দেৱালয়ৰ নামনিত থকা বিষ্ণুপুস্কৰ নামৰ পুখুৰীটোৰ দৰে কেদাৰ মন্দিৰৰ সমুখৰ পুখুৰীটোক মদন পুস্কৰ বুলি জনা যায়। ইয়াৰ উপৰি কেদাৰৰ কাষতে আছে কমলেশ্বৰ মন্দিৰ, কামেশ্বৰ মন্দিৰ আৰু গণেশ মন্দিৰ। মুঠতে হিন্দু ধৰ্মৰ পাঁচটা তীৰ্থস্থান বা ঐতিহাসীক মন্দিৰ হাজোৰ কেন্দ্ৰতে থকা হেতুকে হাজোক পঞ্চতীৰ্থ বুলি জনা যায়। এই মন্দিৰবোৰ পাহাৰীয়া পৰিৱেশৰ গছে-বনে আৱৰি থকা বাবে গাম্ভীৰ্য যথেষ্ট। এই মন্দিৰবোৰৰ স্থাপন আৰু পতন বিষয়ক বহু কথা আছে। হাজোৰ মঠ-মন্দিৰ দৰ্শনৰ বাবে অহা লোকৰ মনত জীৱনত মচিব নোৱাৰা সাঁচ বহি যায়। অতি আগ্ৰহৰ বিষয় যে বৌদ্ধধৰ্মী লোকসকলেও হয়গ্ৰীৱ দেৱালয়ক নিজৰ আৰাধ্য দেৱতা বুদ্ধৰ অৱস্থিতি জ্ঞান কৰে। প্ৰত্যেক বছৰে বহু ভূটীয়া লোক হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ ‘মহামুনি’ দৰ্শনৰ বাবে আহে। সেই লোকসকলক হাজোবাসীয়ে আতিথ্য প্ৰদান কৰে। তেওঁলোকৰ বিশ্বাসক হাজোবাসী ৰাইজে সদায় সন্মান জনাই আহিছে। আনহাতে মুছলমান সকলৰ পৱিত্ৰ স্থান পোৱামক্কা হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত। শ্বেখ জালালুদ্দিন ওৰফে গিয়াছুদ্দীন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানতে হোৱা বাবে কবৰো তাতেই দিয়া হৈছিল। কালাক্ৰমত আউলীয়াৰ মাজাৰকে পোৱামক্কা বুলি মানুহে পৰম ভক্তিৰে ভগৱান বা আল্লাৰ দোৱা বিচাৰি আহে। পোৱামক্কা সম্পৰ্কে জনশ্ৰুতিও নথকা নহয়। মক্কাৰ এপোৱা মাটি আনি গৰুড়াচলত স্থাপন কৰি দোৱা কৰাৰ সময়ৰে পৰা পোৱামক্কা হোৱা বুলি মানুহে কয়। গৰুড়াচল পাহাৰৰ নামনিৰ মাজাৰ বা দৰগাহ চোৱাচিতা কৰাৰ বাবে দৰগাহ ভূমিতে ফকিৰ আৰু পাইকসকলক স্থাপন কৰা হৈছিল। সেই গাওঁখন ফকিৰটোলা বুলি বৰ্তমান পৰিচিত। তেওঁলোকেও সেই কাম শুদ্ধচিত্তে কৰি আহিছে। গৰুড়াচল পাহাৰৰ পৰা বৃহত্তৰ হাজো অঞ্চলক ভালদৰে নিৰীক্ষণ কৰিব পাৰি। একেখিনি ঠাইতে হিন্দু-ইচলাম আৰু বৌদ্ধ ধৰ্মৰ যে ব্যাপক চৰ্চা হৈছিল সেয়া মন্দিৰ আৰু দৰগাহসমূহে ভালদৰে সোঁৱৰাই থাকে। উল্লেখযোগ্য যে হাজোৰ পোৱামক্কা দৰগাহেই হ’ল অসমৰ সৰ্বপ্ৰথম মছজিদ। ১৩৪৪ খৃ:ত গিয়াছুদ্দিনৰ মৃত্যুৰ পিছত গৰুড়াচলে পূৰ্বতকৈও অধিক গুৰুত্ব পালে।

যোগিনীতন্ত্ৰৰ মতে, হাজো অঞ্চলত হেনো আঠশ লিংগযুক্ত তীৰ্থ স্থান আছে। এই তথ্যই ইয়াকে সূচায় যে হাজো প্ৰকৃততে প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি, য’ত সকলো ধৰ্মৰ যোগীসকলে নিৰলে সাধনা কৰিব পাৰিছিল। বৰ্তমানৰ পণ্ডিতসকলে মতপোষণ কৰে যে জগত গুৰু শঙ্কৰাচাৰ্যৰ গুৰু কুমাৰিলা ভট্ট আৰু বৌদ্ধ দাৰ্শনিক ধৰ্মকীৰ্তিৰ জন্মস্থানো এই পৱিত্ৰ হাজোধাম। প্ৰাক শ্ংকৰী যুগৰ স্ংস্কৃত পণ্ডিত তথা কবি অনন্ত কন্দলী আৰু ৰাম সৰস্বতীৰো জন্মস্থান হাজো। মুঠতে ধৰ্ম, দৰ্শন আৰু সাহিত্যৰো মহাপীঠ হিচপে হাজো পৃথিৱী বিখ্যাত। কি ঠিক, বুৰঞ্জীয়ে ঢুকি পোৱৰ আগতে আৰু বা কিমান বিদগ্দ্ধ পণ্ডিতে এই স্থানত বসতি কৰিছিল। আন এক পৰ্যটনৰ আকৰ্ষণ হ’ল দুৱনি মুৱনি নামৰ দুটি টিলা। ঠিক গৰুড়াচল পাহাৰৰ পশ্চিমে লখাইতৰা (পুঠিমাৰী) নৈৰ দক্ষিণ পাৰত অৱস্থিত। জনশ্ৰুতি মতে মদনাচল পাহাৰত কপিল মুনিৰ আশ্ৰম আছিল আৰু গৰুগাইবোৰ দুৱনি-মুৱনিত চৰি ফুৰিছিল। ধৰ্মীয় আখ্যানমতে, বালক গোবিন্দই হেনো সেই টিলা দুটিত গৰু চৰাইছিল। তাত থকা প্ৰকাণ্ড শিল দুটিক স্থানীয় ৰাইজে ‘গাই দোৱা’ শিল বুলি কয়। টিলা দুটিৰ পৰা হেনো কোনেও শিল নানে বা ঘৰত ব্যৱহাৰ নকৰে। হাজোবাসী ৰাইজে সেই টিলা দুটিলৈ চাই বালক কৃষ্ণৰ স্মৃতি ৰোমন্থণ কৰে। বৰ্তমান সেই টিলা দুটি স্ংকটাপন্ন। আবেলি পৰত লখাইতৰাৰ পাৰৰ ঝাউবন, বিৰিণা আৰু আকণৰ আঁৰত ৰাম-শিয়ালৰ দৌৰাদৌৰীৰ যি দৃশ্য পৰিলক্ষিত হৈছিল সিয়ে দুৱনি মুৱনিৰ অধিক ৰ্ং চৰাইছিল। পৰ্যটন বিভাগে বিষয়টো মন কৰিলে ভাল হয়। জনস্ংখ্যা বৃদ্ধি আৰু বেদখলৰ পৰা পৱিত্ৰ স্থানবোৰ বচাই ৰখাটোৱে বৰ্তমান চিন্তাৰ কাৰণ হৈ দেখা দিছে। এই হাজো অঞ্চলৰে তেতেলীয়া গাঁৱত অতি পুৰণি তথা বহুল প্ৰচাৰিত হৰগৌৰী মন্দিৰ অৱস্থিত। বিশাল কৃষিপথাৰ আৰু সেউজীয়া গাঁৱৰ মাজৰ হৰগৌৰী মন্দিৰৰ উত্তৰে বৰম্বৈ পাহাৰ। এই মন্দিৰলৈ আহিলে বিল, কৃষিপথাৰ, পাহাৰ, নদী আৰু স্থানীয় কৃষকৰ পৰম সান্নিধ্য লাভ কৰিব পৰা যায়। মুঠতে তীৰ্থস্থান আৰু প্ৰকৃতিৰ মহাসমাহাৰ ঘটা হাজো অঞ্চল পৰ্যটনৰ বিশাল ভাণ্ডাৰ। উল্লেখযোগ্য যে হাজো এলেকাৰ পাঁচগাঁও অঞ্চল সত্ৰ স্ংস্কৃতিৰ অতি মহত্বপূৰ্ণ ঠাই। সত্ৰসমূহৰ বুৰঞ্জীয়ে কয় যে নাম ধৰ্ম তথা শ্ংকৰী কলা-কৃষ্টিৰ মহাপীঠ মাজুলীৰ দৰে পাঁচগাঁও অঞ্চলটো বছৰেকত মহাপুৰুষীয়া তিথি আৰু জন্মোত্সৱ গাম্ভীৰ্যপূৰ্ণভাৱে উদ্‌যাপন কৰি অহা হৈছে। ধৰ্ম আচৰণৰ বৈচিত্ৰ থাকিলেও এই অঞ্চলৰ ৰাইজ ভাতৃত্ববোধৰ চানেকীৰে মহীয়ান। এই অঞ্চলৰে দমদমা এটি বুৰঞ্জীপ্ৰসিদ্ধ নাম। হাজোৰ সৌন্দৰ্য আৰু বুৰঞ্জীত দমদমা অঞ্চলে কেইবাখনো গাঁৱক প্ৰতিনিধিত্ব কৰি আধ্যাত্মিক আৰু বৌদ্ধিক দিশত আগস্থান পাই আহিছে। দমদমা সম্পৰ্কে গৱেষণাৰ প্ৰয়োজন আছে। কিংবদন্তি আৰু বুৰঞ্জীৰ আধাৰত মানুহৰ বিশ্বাসক কৌতূহলী কৰি অহা দমদমা কুলহাটী গাঁৱৰ অলংকাৰ। এই অলঙ্কাৰৰ জ্যোতি সমগ্ৰ হাজোবাসীৰ ওপৰত বিদ্যমান। স্থানীয় বিদ্বান লোকে কয় যে যোগডোঙা পিটনি(দমদমা মহাবিদ্যালয়ৰ গাতে লাগি থকা) আৰু ঢিপ বা টিলাটো বৰ ৰহস্যময়। এই বিষয়ে অসমৰ উচ্চশিক্ষা প্ৰতিষ্ঠানে নিশ্চয় গৱেষণা কাৰ্য আগবঢ়াব। হাজো অঞ্চলৰে বামুন্দীৰ খৰি বা সুৱেৰী উত্সৱ এক বৃহত্ এলেকাৰ ধৰ্মীয় উতসৱ। শুৱালকুছিকে ধৰি ক্ৰমে বৰলাহ, সৰুলাহ, হালোগাও, বংশৰ, সোৱণচাহ, শিলিগুৰি অঞ্চলৰ ৰাইজ সুৱেৰী উতসৱৰ প্ৰধান অলংকাৰ। অৱশ্যে শিলিগুৰিৰ ধাৰেশ্বৰ দেৱালয় বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ দাঁতিত অৱস্থিত এখন প্ৰাকৃতিক দৃশ্যৰে সুশোভিত তীৰ্থস্থান। মুঠতে হাজো অঞ্চলৰ পৱিত্ৰ ধাম তথা প্ৰাকৃতিক দৃশ্যবোৰ একেদিনাই চাই শেষ কৰিব নোৱাৰি। ইফালে মনাহকুছি গাঁৱত বৰম্বৈ পাহাৰৰ দক্ষিণে হিন্দুসকলৰ এখন বিতোপন আশ্ৰম আৰু মুছলমানসকলৰ এখনি ধৰ্মস্থান মোকাম অৱস্থিত। সাধু সন্ত আৰু নিস্ংগ ফকিৰসকলৰ মহামিলনস্থলী আশ্ৰমখনক বাপুজী সনাতন আশ্ৰম বুলি সকলোৱে জানে। একেখিনি ঠাইতে এই দুয়োটি স্থানত বহু হিন্দু মুছলমানৰ মিলন হয়। দেৰিকৈ গম পোৱা গৈছে যে মোকামৰ শিখৰত দুটি কবৰ আছে। গৱেষকসকলে কৈছে যে সেই কবৰ দুটি ক্ৰমে আজানপীৰ চাহাবৰ ভাতৃ হজৰত নবীশ্বাহ আৰু তেওঁৰ পত্নীৰ। সম্প্ৰতি মনাহকুছি অঞ্চলৰ মুছলমান আৰু হিন্দু সমাজে বাপুজী সনাতন আৰু মোকামখনক পৰ্যটনৰ আকাৰ্ষণ হিচাপে গঢ়াৰ প্ৰয়াস অব্যাহত ৰাখিছে।

দীনেশ কাকতি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate