মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / হাজং জনগোষ্ঠীয়ে পালন কৰা কিছুমান উৎসৱ-পাৰ্বণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাজং জনগোষ্ঠীয়ে পালন কৰা কিছুমান উৎসৱ-পাৰ্বণ

হাজং জনগোষ্ঠীয়ে পালন কৰা কিছুমান উৎসৱ-পাৰ্বণ

হাজং লোকসকলে বিভিন্ন ধৰণৰ উত্সৱ-পাৰ্বণ পালন কৰে । উত্সৱৰ ভিতৰত বাস্তুদেৱতা তেওঁলোকৰ মূল ও প্ৰধান । এই উত্সৱ মূলতঃ বছৰত দুবাৰ বা তিনিবাৰ পালন কৰে । এবাৰ বহাগত, এবাৰ পথাৰৰ নতুন ধান দাই শেষ হোৱাৰ পিছত ন খোৱা আৰু নতুন ভৰালত নতুন বছৰৰ নতুন ধান সোমাই থোৱাৰ কাৰণে । এই ‘বাস্তুপূজা’ গাঁৱৰ কিছু দূৰত এটা নিৰ্জন স্থানতহে বাস্তু দেৱতাৰ স্থান স্থাপন কৰে । এই থানত ৩৩ কোটি দেৱ-দেৱী থাকে বুলি বিশ্বাস । বাস্তু স্থানত বটগছ ৰুই দিয়াৰ নিয়ম । কিছুমানে বটগছ থকা ঠাইতহে এই স্থান স্থাপন কৰে । বাস্তু দেৱতাক পূজা অৰ্চনা কৰিবলৈ এজন ডিপচি(পূজাৰী) থাকে । এওঁলোকৰ সকলো ব্যক্তিয়ে ডিপচি হোৱা ক্ষমতা নাথাকে । বংশগতি এটা ধাৰা থাকে । এখন গাঁৱৰ কেইবাটাও পৰিয়াল লগ লাগি এখন সমাজ পাতি বাস কৰে । সেইখন সমাজে এখন নিৰ্জন ঠাই ও কিছু দূৰত বাস্তু দেৱতাৰ স্থান স্থাপন কৰে । এখন গাঁৱত কেইবাটাও এই স্থান থাকে । এই দেৱতাৰ পূজা আয়োজন কৰে বৃহস্পতি, সোম বা যিকোনো ভাল দিন বাৰ চাই । পূজাৰ কাৰণে সমাজত যি কেইটামান পৰিয়াল আছে সিহঁতৰ পৰা চান্দা লগতে চাউল সংগ্ৰহ কৰে । পূজাত প্ৰসাদ হিচাপে গাখীৰ, চেনি আৰু চাউলৰ পৰা ৰন্ধা পায়স নতুবা খিচিৰি খোৱা সু-ব্যৱস্থা কৰে । এওঁলোকৰ সমাজত ন-খোৱা প্ৰথা অতি পুৰণি । নতুন ধান দাই শেষ হোৱাৰ পিছত শ্ৰদ্ধাসহকাৰে আঘোণ,পুহ মাহত নৱান্ন খোৱাৰ এই পূজা আয়োজন কৰে । নৱান্ন খোৱা সময়ত কিছু ঠাইত আমিস আহাৰৰ আয়োজন কৰা পৰিলক্ষিত হয় । গ্ৰহণ কৰা এখন গাঁৱৰ পৰিয়ালত কোনো সদস্যৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে বা কোনো পৰিয়ালে কন্যা এগৰাকীক বিয়াৰ বাবে দৰা ঘৰলৈ পঠিয়াব বিচাৰিলে সেইখন সমাজে বাস্তু দেৱতাক আগতীয়াকৈ পূজা অৰ্চনা কৰিব লাগে, যদিহে কোনো পৰিয়ালৰ কোনো সদস্যৰ বাস্তু পূজাৰ পূৰ্বে বিয়া অনুষ্ঠান অনুষ্ঠিত কৰে বা হ’বলগীয়া হয় তেনেহলে পূজাৰ ডিপচি(পূজাৰী)ক তেওঁৰ ঘৰত গৈ তামোল-পাণেৰে স-সন্মানেৰে পূজাৰ কাম সমাপ্ত কৰি দিবলৈ অনুৰোধ জনায় । বিয়াৰ কাম-কাজ যাতে সুন্দৰ ভাৱে সু-সম্পন্ন হয় । ভৱিষ্যত সাংসাৰিক জীৱন সুখময় হোৱাৰ মঙ্গল কামনাৰে । এওঁলোকে বাস্তু দেৱতাক বিভিন্ন ঠাইত উত্সৱ ও মেলাৰ আয়োজন কৰে । ইয়াক পাগলা বাস্তু বুলিও কোৱা হয় । বহাগ মাহৰ প্ৰথম বৃহস্পতিবাৰ বা বহাগৰ যিকোনো বৃহস্পতিবাৰে দিনে ৰাতিয়ে পূজা আয়োজন কৰে । শুক্ৰবাৰে পুৱতি নিশাৰ পৰাই বলিবিধান চলে । যেনেঃ পঠা ছাগলী, পাৰ আদি । পঠা ছাগলী, পাৰ আদি এৰিও দিয়ে দেৱতাৰ নামত মঙ্গল কামনা কৰি ।

মনসা দেৱীৰ পূজাঃ


মনসা দেৱীৰ পূজা হাজং সকলে মাৰ’ পূজা আৰু বৰ্ত পূজা বুলিও কয় । বৰ্ত পূজাত হাঁহ বলি দিয়ে । মনসা সৰ্পৰ দেৱী, শিৱৰ কন্যা । বৰ্ত পূজা বা মাৰ’ পূজা শাওন মাহৰ শুক্লপঞ্চমী তিথি অৰ্থাৎ নাগ পঞ্চমী তিথিত পালন কৰা হয় । অৱশ্যে কিছুমানে এই তিথিৰ ব্যতিক্ৰম ৰূপতো পতা দেখা যায় । মাৰ’ পূজা এদিনীয়া,দুদিনীয়া আৰু তিনিদিনীয়া হ’ব পাৰে । গীতালু সকলৰ দ্বাৰা ‘পৰ্দা পূৰাণ’ কিতাপ পঢ়ি, গীত-বাদ্য আৰু নৃত্যৰে ব্যক্তিগত ভাৱে কৰে । এই পূজাত বলি-বিধান চলে । যেনেঃ হাঁহ,পঠা ছাগলী । ঘট আৰু প্ৰতিমা উভয়তে দেৱীৰ পূজা অৰ্চনা চলে । মাৰ’ পূজাত গীতালু দল বৰ আৱশ্যক । পুহ আৰু চ’ত মাহৰ বাহিৰে যিকোনো মাহত বা বিয়া উত্সৱতো মাৰ’ পূজা আয়োজন কৰে বা কৰিব পাৰে । এই পূজা এওঁলোকৰ এটা গুৰুত্বপূর্ণ পূজা । কোনো পৰিয়ালৰ জ্যেষ্ঠপুত্ৰ বা কনিষ্ঠপুত্ৰৰ বিয়াৰ সময়ত এই পূজা আয়োজন কৰে । কিছুলোকে পৰিয়ালৰ কুশল মঙ্গল কামনা কৰি এই পূজা আয়োজন কৰে ।

কাতি পূজাঃ


হাজং সম্পদায়ে কাতি মাহৰ শেষ তথা কাতিৰ সংক্ৰান্তিৰ দিনা কাতিপূজা অনুষ্ঠিত কৰে । এই পূজাৰ মূল কাহিনী স্কন্ধ পুৰাণত আছে । কাতি পূজাৰ কাৰণে কোনোবা গৃহস্থৰ প্ৰাঙ্গনত এখন কলা সুলভ মণ্ডপ প্ৰস্তুত কৰা হয় । চাৰি চুকত চাৰিটা কলপুলি পুতি তাৰ মাজত ময়ুৰৰ স্কন্ধত কাৰ্তিকৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হয় । মণ্ডপত ঘট, ধানৰ সিহ আদি থোৱা হয় । এই অনুষ্ঠানত পৌৰোহিত্য কৰিবৰ বাবে ব্ৰাহ্মণ বা অধিকাৰীৰ দ্বাৰা দিক্ষিত লোক এজনে পূজা সমাপন কৰে । এই উত্সৱত কেৱল নাৰীয়েহে অংশ ল’ব পাৰে । নাৰীৰ বাদে পুৰুষে এই অনুষ্ঠান চাবও নোৱাৰে । এই অনুষ্ঠানত একমাত্ৰ নাৰীয়েহে অংশ গ্ৰহণ কৰাৰ বাবে ইয়াত অশ্লীলতাৰ চাপ বেছি । গোটেই নিশাটো গীত গাই গাই আনন্দ মুখৰ কৰি তোলে । গীত পৰিবেশন কৰি যাওঁতে গাৰ অঙ্গ বস্ত্ৰৰ প্ৰতি কোনো নজৰ নাথাকে । এই অনুষ্ঠানত তিৰোতাসকলে শিৱৰ সৈতে চণ্ডীৰ বিয়াৰ কাহিনী বৰ্ণনা কৰে । সন্তানকামী তিৰোতা এজনীক কাতিৰ মাক সজাই এজোৰ কল আৰু তামোল পাণ কোলত দি এখন কাপোৰেৰে ঢাকি দিয়ে । সেয়া সন্তানৰ প্ৰতীক । তিৰোতাসকলে আৰম্ভণিতে গৰ্ভধাৰণ আৰু গৰ্ভ বৃদ্ধিৰ বৰ্ণনা গাই মুক অভিনয় কৰে । কাতিৰ জন্মৰ পিছত মাকে অশৌচ খেদোৱাৰ বৰ্ণনা । ইয়াৰ পিছত আগ নেওৱা অংশৰ অৱতাৰণা কৰে । এই খণ্ডত নাট্যধৰ্মী গুণ অধিক পৰিস্ফুট হয় । কাতি পূজাৰ পিছত কৃষি কৰ্মৰ প্ৰতিক অভিনয় কৰে । এগৰাকী তিৰোতাই পুৰুষৰ সাজ পিন্ধি কাল্পনিক নাঙল-যুঁৱলি লৈ হাল জোৰে । দুজনী গাভৰু ছোৱালী গৰুৰ অভিনয় কৰে । এনেতে বাঘে গৰ্জন কৰি গৰু লৈ যায় । পিছত বাঘ মাৰি গৰু উভতাই আনে । ইয়াৰ পিছত খেতি কৰা দীঘলীয়া নৃত্য গীতৰ অভিনয় । অৱশেষত আগ নেওৱা কাৰ্যৰ অভিনয় । যি গৰাকী তিৰোতাই পূজা ভাগ আগবঢ়াই তেওঁ থাপনাৰ আগত থোৱা ধান গছৰ পৰা আঠুকাৰী সভক্তিৰে ধানৰ শীহ কাটি কুলাত ভৰাই । তাৰ পিছত মৰণা মাৰি ধান জাৰি-জুৰি সোমোৱাই থোৱাৰ অভিনয় । তাৰ পিছতেই ভটিয়া বেপাৰীৰ প্ৰৱেশ । তেওঁৰ সৈতে দৰ-দাম কৰি ধান বিক্ৰি কৰি বাদুলি খেদা অনুষ্ঠান বহল ভাৱে আয়োজন কৰে । এই অনুষ্ঠানত এজোৰ সামান্য ডাঙৰ আকৃতিৰ ধনু কাড়ৰ প্ৰয়োজন । ধনু কাড় কাতিপূজা দিনাখনেই সাজি উলিয়াই । দুগৰাকী গাভৰু ছোৱালী বাদুলী খেদা নৃত্য প্ৰদৰ্শন কৰে । দুটা কলপুলিত কাইট থকা গছ এডালত বিভিন্ন ফলমূল ৰাখি দিয়ে । গছৰ ডালত ৰখা ফলমূলকে ধনু কাড়েৰে খুচি পেলায় দিয়ে । এইখিনিতে গীত এটা জোৰে —
“কলা খাবা আইছে তই বাদ্ৰী,
গাছনি নাই মোলা কলা ”
এই পূজাত তিৰোতাসকলে ওৰে ৰাতি উজাগৰে থাকি সূৰুয ভূমুকি নৌমাৰোতেই পূজা সমাপ্ত কৰি, গাঁৱৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ গৈ গৃহস্থক শুৱাৰ পৰা জগাই তুলিবৰ বাবে গীত পৰিবেশন কৰি আকৌ পূজাস্থলিলৈ উভতি আহে । পূজা শেষৰ পিছদিনা সকলোৱে মিলি খিচিৰি ৰান্ধি খোৱাৰ নিয়ম । এই পূজাৰ দিনাখন সৰু সৰু ল’ৰাবোৰে সন্ধিয়াৰ ভাগত খেৰৰ মুঠি বা চাইকেলৰ টায়াৰত হাকটি এটা বান্ধি মহ পোক খেদা পৰম্পৰা ।
গীত এটা জোৰে —
“আঘোণ আহে কাতি যায়,
মছা মাও পোৰা যায় ।”
গাঁৱৰ প্ৰতিঘৰৰ তিৰোতাৰ পৰা চান্দা সংগ্ৰহ কৰি এই পূজা আয়োজন কৰে । কিছুলোকে ব্যক্তিগত ভাৱেও এই পূজা অনুষ্ঠিত কৰে । কোনোবা এহাল দম্পতিৰ গৰ্ভত সন্তান ধাৰণ নহলে, এই পূজাত সন্তান লাভৰ কাৰণে আগ কৰিব পাৰে । কিছুমানে আগ কৰাৰ পিছত সন্তান লাভ কৰিছে ই লোকবিশ্বাস ।

থুবো মাগা পৰ্বঃ


পুহ মাহৰ কৃষ্ণ পক্ষৰ পৰা আৰম্ভ কৰি সংক্ৰান্তিৰ আগমহূৰ্তলৈকে গাঁৱৰ সৰু সৰু ল’ৰাবোৰে হাতত সৰু সৰু টাঙোন এটা লৈ গাঁৱৰ প্ৰতি ঘৰে ঘৰে গৈ ধুম-ধাম শব্দৰে গীত জোৰে । যেনে–

” ঠুবা, ঠুবা, Aho, Maho, Barawati jale, Baro kami, Tero kami, Basre, Basre mage Ami, Basarla, Khela, Nakorek, Hela karile Bela hoi, Sawashata khela nuhai. ঠুবা, ঠুবা ।

এনে দৰে গীত গাই । থুবো মাগি পোৱা ধান-চাউল বিক্ৰি কৰি টকা সংগ্ৰহ কৰি সময়ত সকলোৱে মিলি ধুম-ধামেৰে ভোজ ভাত খোৱাৰ প্ৰস্তুতি চলায় । থুবো মাগি পোৱা আৰ্থিক সহায়ৰ উপৰিও তেওঁলোকে যি কেইজন সদস্য থাকে প্ৰত্যেকৰে পৰা কিছু টকা সংগ্ৰহ কৰে । পথাৰৰ পৰা নৰা কাটি সুন্দৰকৈ মেজি সাজি উলিয়াই । সংক্ৰান্তি দিনা মেজিত ভাত-পানী, চাউলৰ পৰা প্ৰস্তুত কৰা কেচামদ আদি সেৱন কৰি ওৰে ৰাতি আনন্দৰে উজাগৰে থাকি সূৰুয ভূমুকি নৌমাৰোতেই গা-পা ধুই ৰাতি যাপন কৰা মেজি জ্বলাই । ই এক ভীস্মৰ চিতা বুলি কিছুমানৰ বিশ্বাস । এই থুবো মাগা ৰমণীসকলেও খোৱা পৰিলক্ষিত হয় ।
সংক্ৰান্তিৰ দিনা ৰাতি থুবো মাগাৰ ভোজ ভাত খাই পিছদিনা পুৱতি নিশাত মেজি জ্বলাই মাঘ বিহু বা ভোগালী বিহু পালন কৰে । এই বিহুত হাজং সম্প্ৰদায়ে পিঠা (বৰা চাউল আৰু যিকোনো চাউল সংমিশ্ৰণ কৰি প্ৰস্তুত কৰে।), মুৰি, তিল লাৰু, নাৰিকল লাৰু, মুৰিলাৰু, দৈ, চিৰা ,ৰুহি বা কেছামদ (চাউলৰ পৰা বনোৱা )। মাছ, মাংস, ভাত ইত্যাদি খায় । গাঁৱৰ বা সমাজৰ প্ৰতিজন ব্যক্তিয়ে ইজনে-সিজনৰ ঘৰলৈ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যায় । আত্মীয়ৰ ঘৰলৈ গৈ আনন্দ মনেৰে ভোগালী বিহু পালন কৰে । গৰুক গা-পা ধোৱাই পিঠা খোৱাই । পুষণা পৰ্ব মেলা অনুষ্ঠিত কৰে, ভোগালী বা মাঘ বিহুত ।

বহাগ বিহু বা ৰঙালী বিহুঃ


বহাগ বা ৰঙালী বিহু অসমৰ জাতীয় উত্সৱ । এই বিহু হাজং সকলেও বৰ উল-মালহেৰে পালন কৰে । ভোগালী বিহুৰ দৰে এই বিহুত পিঠা, তিল লাৰু, নাৰিকল লাৰু, মুৰিলাৰু, দৈ, চিৰা, ৰুহি বা কেচামদ, মাছ,মাংস, ভাত আদি খোৱাৰ ব্যৱস্থা কৰে । ইয়াৰ উপৰিও তেওঁলোকে এই বিহুত গোটেই মাহ বা দহ, পোন্ধৰ দিন সমাজৰ বা গাঁৱৰ প্ৰতিটো ঘৰলৈ গৈ বিহু নাচি, হুচৰি, কৃষ্টি প্ৰদৰ্শন কৰি চান্দা সংগ্ৰহ কৰে যুৱক-যুৱতী সকলে । এই সংগ্ৰহ কৰা টকাৰে গাঁৱৰ ৰাইজ তথা যুৱক-যুৱতী সকলে আনন্দ মনেৰে ভোজ খোৱাৰ ব্যৱস্থা কৰে । এনেদৰে ৰঙালী বিহু উত্সৱ পালন কৰে ।

তিৰনাথঃ


তিৰনাথ হৈছে মহাদেৱ শিৱক কৰা পূজা । তিৰনাথ পূজা প্ৰতিটো পৰিয়ালে বছৰত এবাৰ আয়োজন কৰে । কিছুলোকে তিনি কল্কি বা বাৱন্ন কল্কি দি এই পূজা আয়োজন কৰে । এই কল্কিবোৰৰ পৰা ভাঙ খোৱা পৰ্ব অনুষ্টিত হয় । ইয়াত পুৰুষ, মহিলা সকলোৱে ভাঙ খোৱা পৰম্পৰা । এই পূজা ৰাতি অনুষ্ঠিত হয় । প্ৰথমতে এজন অধিকাৰী বা পূজা কৰিব পৰা ব্যক্তিয়ে পূজা সম্পন্ন কৰে, পিছত লগে লগে তিৰনাথৰ গীত আৰম্ভ কৰে পুৰুষ, মহিলা উভয়ে । ৰাতি কমেও ১২, ১ বজালৈ এই গীত পৰিবেশন কৰে । গীত শেষ হোৱাৰ পিছত পূজাৰ প্ৰসাদ (কল, চেনি, চাউল আদিৰ প্ৰস্তুত কৰে ) বিতৰণ কৰে লগতে পায়স, চাহ, মুৰি খাই নিজ নিজ ঘৰলৈ উভতি যায় । এটা কথা যদিহে কোনোবা পৰিয়ালৰ গৰু , ছাগলী আদি হেৰাই যায়, তেনেহলে তিৰনাথ পূজা দিম বুলি আগ কৰিলে এদিন, দুদিনৰ পিছত নিজে নিজে গৰু গৃহস্থৰ ঘৰ সোমাইহি ই জনবিশ্বাস ।

চ’ৰ মাগা বা চ’ৰ খেলা পৰ্বঃ


চ’ৰ খেলা পৰ্ব এওঁলোকৰ কৃষি ভিত্তিক উত্সৱ । দেৱালীৰ দহ, বাৰ দিন পূৰ্বৰ পৰাই প্ৰতি ঘৰে ঘৰে গৈ চ’ৰ মাগা কাৰ্য আৰম্ভ কৰে । এই পৰ্ব আৰম্ভ কৰাৰ পূৰ্বে তেওঁলোকে প্ৰশিক্ষণ ল’ব লগা হয় । এই পৰ্বত অতি কমেও ২০, ২৫ গৰাকী ব্যক্তিৰ প্ৰয়োজন হয় । এই পৰ্বত নাৰীসকলে আগ-ভাগ নিব নোৱাৰে বা নাৰীক অন্তৰ্ভুক্ত কৰা নাছিল । পুৰুষসকলেই মহিলাৰ সাজ পিন্ধি মহিলা ৰূপ লৈছিল । এই পৰ্ব প্ৰদৰ্শন কৰিবলৈ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যায় । চ’ৰ খেলা পৰ্ব মাগিবলৈ যাওঁতে যদিহে কোনোবা গাঁৱত ৰাতি কটাব লগীয়া হয়, সেই গাঁৱত থকা ধনী ব্যক্তি এগৰাকীৰ ঘৰত চ’ৰমাগা বা চ’ৰখেলা দলটো ৰাতি যাপন কৰিব লাগিব বুলি আগতীয়াকৈ খবৰ দিবলৈ দলৰ এগৰাকী অগ্ৰসৰ হয় । সেই খবৰ দিয়া ব্যক্তি গৰাকীক ভাত খব্ৰী বুলি কোৱা হয় । খবৰ দিয়াৰ পিছতে চ’ৰমাগা দলটোয়ে মাগি থকা গাঁৱৰ পৰা খবৰ দিয়া গাঁৱলৈ গৈ ধনী ব্যক্তিৰ ঘৰত উপস্থিত হয় । এওঁলোকৰ দলত এগৰাকী বা দুগৰাকী ভিক্ষাদাৰী থাকে । বিভিন্ন ধৰণৰ নৃত্য-গীত প্ৰদৰ্শন কৰি লোকসকলক আমোদ-প্ৰমোদ দিয়ে ।
এইবোৰৰ উপৰিও বিভিন্ন উত্সৱ-পাৰ্বণ যেনেঃ কানিদেও পূজা বা কানিচণ্ডী, ৰাধাষ্টমী, জন্মাষ্টমী, সৰস্বতী পূজা, লক্ষ্মী পূজা, দূৰ্গা পূজা, কলী পূজা বা দেৱালী, তিনিটা বিহু, শিৱৰাত্ৰী পূজা বিশ্বকৰ্মা পূজা, পাৱনি পূজা, পিঠাদেউ পূজা, মুইলা, হইলাবাৰী ইত্যাদি পূজা পালন কৰে ।

 

হাজং নাৰীৰ জাতীয় পোছাক ৰাঙাপাতিন-

 

নাৰী, পুৰুষৰ দ্বাৰা মানৱ সমাজ গঠিত ই সত্য। নাৰী আৰু পুৰুষ ইজনে সিজনৰ অবিহনে মানৱ জীৱন অসম্পূৰ্ণ। নাৰী বিশ্বব্ৰমাণ্ডৰ অপৰূপ সৃষ্টিকাৰী জন্মদাত্ৰী জননী। নাৰীৰ অবিহনে এখন সমাজ, সংস্কৃতি পূৰ্ণাংগৰূপ কল্পনাতীত। হাজং সমাজত নাৰীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। পুৰুষৰ সমানে সমানে প্ৰতিটো কাৰ্যত নাৰীসকলে সহায়ৰ হাত আগবঢ়াই। নাৰীৰ দেহত অপাৰ মহিমা লুকাই থকাযেন অনুভৱ হয়। প্ৰতিটো কামতে নাৰীৰ অৱদান উল্লেখনীয়। হাজং নাৰীসকলে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিব পৰা ক্ষমতাশালিনী লোক বুলি কব পাৰি। শৰীৰৰ লজ্জা নিবাৰণৰ কাৰণে পিন্ধা বস্ত্ৰ তেওঁলোকে নিজে প্ৰস্তুত কৰি তোলাৰ উপৰিও পুৰুষসকলক পিন্ধাৰ কাৰণে গামোচা প্ৰস্তুত কৰি দিয়ে। তেওঁলোকে পৰিধান কৰা বস্ত্ৰটোক “ৰাঙাপাতিন” বুলি কোৱা হয়। তাৰোপৰি বুকু ঢাকিবলৈ ব্লাউজৰ ওপৰত লোৱা বস্ত্ৰটো “আগন” বুলি কোৱা হয়। গাত লওঁতে ই ইংৰাজী V আকৃতিৰ দৰে হয়। শীত কালত গাত মেৰিয়াই নিবলৈ চাদৰ প্ৰস্তত কৰে। এইবোৰ নিজে ব্যৱহাৰ কৰাৰ উপৰিও বিক্ৰী কৰি ঘৰৰ আৰ্থিক অনাতন দূৰ কৰে। ই এক আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ উপায়। বহু হাজং মহিলাই এইবোৰ বিক্ৰী কৰি ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিব পৰা হৈছে। মহিলাসকলে পিন্ধা ৰাঙাপাতিনটো ভাল দেখি আন আন জনগোষ্ঠীৰ লোকসকলেও কিনিব বিচাৰে। তেওঁলোকে পিন্ধিবলৈ নহয়, প্ৰদৰ্শনী হিচাপে। মই গৌৰৱ কৰি কব বিচৰা নাই, সচাকৈ ভাল দেখি নেকি ? বহু লোকৰ মুখত শুনি পাওঁ সাজ-পাৰটো ভাল দিখিছো। কিছুলোকে তেতিয়াই ক’ব বিচাৰে যে, আপোনালোকে কি জাতি ? দোৱান কি ? তেতিয়া কওঁ যে, আমি হাজং জনগোষ্ঠী। আকৌ সুধে মিচিং নেকি ? বড়ো নেকি ? নেপালী নেকি ? ইত্যাদি। আকৌ উত্তৰ দিব লগা হয়। আমি কোনো মিচিং, বড়ো, নেপালী জাতি নহয়। আমি হাজং জাতি, ভৈয়াম অনুসূচিত জনজাতি। অসমৰ থুলুৱা বাসিন্দা। হিন্দু ধৰ্মাৱলম্বী লোক, আমাৰ নিজা দোৱান, জাতীয় পোছাক আছে।
হাজং মহিলা সকলে ঘৰৰ সমুদায় কাম -কাজ সামৰি কাপোৰ বোৱাত ব্যস্ত হৈ পৰে।

পাতিনঃ
পাতিন হাজং মহিলাৰ জাতীয় পোছাক। ই জাতীয় ঐতিহ্য আৰু মৰ্য্যদা সূচিত কৰে। পাতিন হাজং সংস্কৃতিৰ এক অন্যতম অংগৰূপে বিবেচিত হয়। পাতিনৰ আকাৰ আকৃতি তেওঁলোকৰ হাতৰ জোখত দীঘল ৭ হাত আৰু পথালি পৰিধানকাৰীৰ উচ্চতা অনুসৰি ৩/৪ হাত হব পাৰে।
পাতিনৰ প্ৰকাৰঃ ৰাঙাপাতিন, কানপাতিন, বগাপাতিন। ইত্যাদি।

ৰাঙাপাতিনঃ
ৰাঙাপাতিন হৈছে বিভিন্ন ৰংবিৰঙৰ কাৰু-কাৰ্য্য খুচিত বস্ত্র। এই পাতিনত ৰঙা ৰঙৰ সূতাৰ পৰিমাণ বেছিকৈ ব্যৱহাৰ কৰা হয়। এই পাতিন বিভিন্ন ধৰণৰ চাপা, যেনে – এক চাপা, তিনি চাপা, আৰু পাঁচ চাপা আদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰে। সমগ্ৰ ৰাঙাপাতিটোত বিভিন্ন ধৰণৰ নাম দিয়া থাকে, যেনেঃ জৰভাঙা, গুৰুচামৰি, ডালু ছাৱা, কালাইটিলা ছাৱা, চিপ্ৰা ছাৱা, ঝাৰমুনি ছাৱা, শলপুনা ছাৱা, শেঙনেলী ছাৱা, কৰেবাৰী ছাৱা এইবোৰক চাক্লা বুলিও কোৱা হয়। ৰাঙাপাতিনৰ দুটা মোৰত ডৰা দিয়ে। ৰমণীৰ পৰা আৰম্ভ কৰি বৃদ্ধা বয়সৰ সকলোৱে ৰাঙাপাতিন পৰিধান কৰে। কেৱল বিধবা সকলেহে ৰাঙাপাতিন পৰিধান কৰিব নোৱাৰে। সম্প্ৰতি কিছুলোকক পিন্ধা পৰিলক্ষিত হয়। অৱশ্যে নতুনকৈ উঠি অহা চামে সৰ্বভাৰতীয় বিভিন্ন সাজ-পাৰ পিন্ধিবলৈ আৰম্ভ কৰিছে যদিও সামাজিক কাৰ্য ক্ষেত্ৰত অনেকে ৰাঙাপাতিন পৰিধান কৰি সমাজৰ জাতীয় পোছাক ৰাঙাপাতিনৰ মৰ্যাদা অক্ষুন্ন ৰাখিছে। ৰাঙাপাতিনত ৰাং জাতীয় এবিধ সূতা মিহলাই বিভিন্ন ধৰণৰ ফুল বাছি প্ৰস্তুত কৰিব পৰা যায়। ই অধিক উজলি উঠে।

কানপাতিনঃ
কানপাতিনত ৰং বিৰঙৰ সূতা খুব কমকৈ ব্যৱহাৰ হয়। ইয়াক ৰমণীসকলে পৰিধান কৰিব নিবিচাৰে। কাৰণ দেখাত ৰংচুঙীয়া নহয়। মূলতঃ বৃদ্ধা মহিলা সকলে কেতিয়াবা পিন্ধে। ইয়াক এক নালে সূতাৰে প্ৰস্তুত কৰে।

বগা পাতিনঃ
বগা পাতিন কেৱল বিধৱা মহিলা সকলেহে পৰিধান কৰে। ইয়াক বগা সূতাৰে প্ৰস্তুত কৰে। এই পাতিন পৰিধান কৰোতে কিছু মহিলাই ককালত বান্ধি (মেৰিয়াই)লয়। কিছু লোকে ককাল মেৰিয়াই নলয়। সুবিধানুসৰি যি যেনেকৈ পিন্ধি সুখ অনুভৱ কৰে তেনেকৈয়ে পিন্ধে।

আগনঃ
বিভিন্ন ৰঙৰ সূতাৰ লগতে ইয়াত এবিধ ৰাং জাতীয় সূতা ব্যৱহাৰ কৰি আগন প্ৰস্তুত কৰে। ৰাঙাপাতিন, ৰাঙা ব্লাউজ পৰিধান কৰি বুকুৰ ওপৰত এই বস্ত্ৰ ইংৰাজী V আকৃতিৰে মেৰিয়াই লয়। ই দীঘে ৪/৫ হাত আৰু পথালি ১ হাত জোখৰ। ইয়াক বিভিন্ন ধৰণৰ ফুল বাছি ৰঙীন কৰি দেখনীয়াৰ কৰি তোলে। ইয়াক পুৰুষ সকলেও দিঙিত মেৰিয়াই লয়।

গামোচাঃ
গামোচা হাজং পুৰুষ সকলে পিন্ধা এটা বস্ত্ৰ। গামোচা মহিলা সকলে প্ৰস্তুত কৰি দিয়ে। ইয়াৰ আকাৰ আকৃতি দীঘল ৪/৫ হাত আৰু পথালি ২ হাত। বৃদ্ধ লোক সকলে নিংটি গুজি ভাল পায়। সেয়েহে নিংটি গুজা গামোচা কিছু দীঘলীয়াকৈ প্ৰস্তুত কৰে। গামোচাৰ পৰা মহিলা সকলে নিজ শিশুক পিঠিত বুকুছা কৰে। এই সমুদায় বস্ত্র প্ৰস্তুত কৰে বয়নশিল্পৰ দ্বাৰা। বয়নশিল্পক এওঁলোকে বানা বুলি কয়।

বানাঃ
বানা প্ৰতিটো হাজং পৰিয়ালৰ এক সাংস্কৃতিক সম্পদ। মূলতঃ বানা তিনিপ্ৰকাৰৰ যেনেঃ ১/শিস্নী বা মাটি বানা, ২/শ্বাল বানা ৩/ তাঁত বানা আদি। বয়নশিল্প নজনা মহিলা খুব কম থকা পৰিলক্ষিত হয়। বয়ন নজনা ৰমণীক বিয়া দিবলৈ অলপ কষ্ট অনুভৱ হয়। বানা প্ৰস্তুত কৰিবলৈ বিভিন্ন সা-সৰঞ্জামৰ প্ৰয়োজন। যেনেঃ বানাগাৰি, দুৰপতি, মাখু, বেও, লাটাই, চুৰখি, বোৱাসূতা, ভলডাঙৰা, শিস্নীবাৰি, যতৰ, সূতা ভৰোৱা নলী, ৰাজ, ৰাজকাতা, পুতুলবাৰি, বানাখুটা, ৰচি, হাতকাৰাবৰি, হিৰখাতি, বোৱাদাঙি, বোৱাচুঙা, ঠেৰঠেৰাবাৰি ইত্যাদি। সম্প্ৰতি শিস্নী বা মাটি বানাত কমসংখ্যক লোকে কাপোৰ প্ৰস্তুত কৰে। এই বানাত কাপোৰ প্ৰস্তুত কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন আৰু কষ্টকৰ। আদিতে এই বানাৰ যথেষ্ট প্ৰচলন আছিল। শ্বাল বা তাঁত বানাত অতি কম সময়ৰ ভিতৰত কাপোৰ প্ৰস্তুত কৰি উলিয়াব পৰা যায়। এই বানাত কাপোৰ বোৱা অতি সহজ। সম্প্ৰতি এই বানা প্ৰচুৰ প্ৰচলন। ৰাঙাপাতিন বা কাপোৰ লগোৱা সময়ত বানাগাৰিত মেৰিয়াই লওতে কিছু লোকে বাইৰা বা কানা পেলাই। ই কাপোৰ বোৱাত অপটুতাৰ পৰিচায়ক বুলিও কব পৰা যায়। অৱশ্যে কিছুমানে বৃদ্ধা হোৱাৰ কাৰণে দৃষ্টি শক্তি লোপ পোৱাত এনে পৰিস্থিতিৰ সন্মুখীন হয়। সামাজিক দৃষ্টিকোণৰ পৰা চালে হাজং মহিলা সকলে প্ৰত্যেকেই একো একোজন সুদক্ষ শিপিনী, লোকশিল্পী, মাছোয়ৈ, ৰোৱনী আৰু দাৱনী। হাজং গাভৰু সকলে ৰাঙাপাতিন, ফুলা আগন আৰু ডেকা সকলে গামোচা পৰিধান কৰি বিভিন্ন উত্সৱ -পাৰ্বন, সভা -সমিতিত জাতীয় কলা -কৃষ্টি “লেৱাটানা” প্ৰদৰ্শন কৰে। এই কলা-কৃষ্টিত ডেকা -গাভৰু উভয়কে প্ৰয়োজন। “লেৱাটানা” কৃষ্টি ডেকা-গাভৰুৰ প্ৰেমৰ কাহিনীৰ আধাৰত। লেৱা মানে লতা, টানা মানে টনা-টনি। এইখিনিতে জাতীয় কৃষ্টি লেৱাটানাৰ এটি গীত উল্লেখ কৰিবলৈ প্ৰযত্ন কৰিলো। যেনে–

গাভৰু (চিংৰি)—
প্ৰথমে প্ৰণাময় দেবী সৰস্বতী
দ্বিতীয় প্ৰণাময় হৰি, কি ৰাময় ৰাম
দ্বিতীয় প্ৰণাময় হৰি ।

ডেকা(চিংৰা)—
তৃতীয় প্ৰণাময় গাওঁ বুঢ়া মাঠাই
চতুৰ্থ প্ৰণাময় হৰি ,কি ৰাময় ৰাম
চতুৰ্থ প্ৰণাময় হৰি ।

গাভৰু (চিংৰি)—
তিকতিকৌ বেলাৰা, চিকচিকা ৰাঙাপাতিন
আয় হমাজ ধান কাটা যাং,কি ৰাময় ৰাম
আয় হমাজ ধান কাটা যাং

ডেকা (চিংৰা)—
পাকা ধান কাটিলে সুখ নালাগিলে
আয় হুবাই ঘৰবাই যাং,কি ৰাময়
আয় হুবাই ঘৰবায় যাং।

গাভৰু (চিংৰি)—
সোণালা পথনি কাওছা দিমা পৰিছে
সোণাৰিনা ৰূপাৰি চাং, কি ৰাময় ৰাম
সোণাৰিনা ৰূপাৰি চাং।

ডেকা (চিংৰা)—
নাক’ নাক’ বুইনি নিয়া যা ঘৰবাই
দুইজনে ঘৰবাই চাম,কি ৰাময় ৰাম
দুইজনে ঘৰবাই চাম

গাভৰু (চিংৰি)—
লিংলিঙা গাছতে মাওবাহা লাগিছে
দাদা মগে পাৰে দিহা খাং,কি ৰাময় ৰাম
দাদা মগে পাৰে দিহা খাং।

ডেকা (চিংৰা)—
ডাঙৰ গাছলা ডাঙৰ মৌ,কামৰালে যাব জেও
চ বুইনি ঘৰবাই যাং,কি ৰাময় ৰাম
চ বুইনি ঘৰবাই যাং।

গাভৰু (চিংৰি)—
অ দাদা খেৱা টানিব মই লেৱা
দাদা মগে বাধা নাদিকনা,কি ৰাময় ৰাম
দাদা মগে বাধা নাদিকনা।

ডেকা (চিংৰা)—
লেৱাৰা টানিবাতে মাইদুতে ছিৰিলে
তাৰা তাৰি জোৰা লাগে দিহা ,কি ৰাময় ৰাম
তাৰা তাৰি জোৰা লাগে দিহা ॥

এই লেৱাটানা গীতটো ডেকা -গাভৰুৰ ভৰ যৌৱনৰ প্ৰেমৰ গীত। লতাটো টনা-টনি কৰি থাকোঁতে মাজতে চিঙি যায়। পিছত আকৌ জোৰা লগাই দিবলৈ অনুৰোধ জনায়।

IMG-20151103-WA0004

IMG-20151103-WA0005

উৎস-ফেহুঁজালি,লেখক-সদানন্দ হাজং,
হৰিনাথপুৰ, ধেমাজি।

2.95454545455
গনেশ হাজং Dec 15, 2018 11:02 PM

সুন্দৰ লিখনি

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top