অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হেঙুল আৰু হাইতাল

হেঙুল আৰু হাইতাল

হেঙুল

হেঙুল এবিধ ৰঙা পদাৰ্থ। অসমীয়া সংস্কৃতিত ঘাইকৈ সত্ৰীয়া সংস্কৃতিত হেঙুলৰ স্থান বিশিষ্ট। খনিকৰসকলৰ কল্যাণত এইবিধ পদাৰ্থই ভাৱৰীয়াৰ কপালৰ ফোটত, মুখাত, পুথি চিত্ৰত, বাঁহ-কাঠৰ প্ৰতিমাত, সত্ৰৰ সিংহাসন, দুৱাৰ আৰু চ’তিৰ অলংকৰণত, পোক-পৰুৱাৰ আক্ৰমণৰপৰা ৰক্ষা কৰিবলৈ সাঁচিপাত-তুলাপাত বলোৱা কামত, সাঁচিপাত-তুলাপতীয়া পুথি ৰখা বাকচৰ পৃষ্ঠদেশত আৰু শৰাই প্ৰমুখ্যে বিভিন্ন কাঠৰ সঁজুলিত ব্যৱহাৰৰ সুযোগ পায়। শিলৰ কাঁহীত পটাগুটিৰে মিহি হোৱাকৈ মাৰি লৈ তাতে পানী দি এৰাতি ডুবাই ৰখা প্ৰয়োজন। এনেদৰে তিনি-চাৰি ৰাতি পানীত ডুবাই ৰাখিব লাগে। এনে কৰাৰ কাৰণ হ’ল – হেঙুলত এবিধ দূষিত বাষ্প থাকে। সেই বাষ্পই চকুৰ অন্যায় কৰাৰ সম্ভাৱনা। তিনি-চাৰি দিন দূষিত পানী আঁতৰোৱাৰ পিছত হেঙুলৰ ৰং উজ্জ্বল হৈ আহে আৰু ব্যৱহাৰৰো সুবিধা হয়। এতোলা হেঙুলত আধা তোলা গম আঠা মিহলাই তাক ভালদৰে কাঁহীত মাৰি সেই মিশ্ৰণেৰে ভাৱৰীয়াৰ কপালত ফোট আৰু গালত ৰেখা অংকন কৰা হৈছিল। ওঁঠ ৰঙা কৰিবলৈকেও হেঙুলৰ ব্যৱহাৰ নোহোৱা নহয়। হেঙুলৰ সৈতে হাইতাল মিহলি কৰিলে উজ্জ্বল গৌৰ ৰঙ পোৱা যায়।গতিকে সংকৰ বৰ্ণ ৰূপেও ইয়াৰ প্ৰয়োগ উল্লেখযোগ্য। অসমত উদ্ধাৰ হোৱা প্ৰায়বোৰ মধ্যযুগীয় পুথি চিত্ৰতে সণ্ঢালনি ভাৱে হেঙুলৰ প্ৰয়োগ দেখা যায়। আয়ুৰ্বেদ নিদান শীৰ্ষক সাঁচিপতীয়া অপ্ৰকাশিত পুথি এখনিৰ ৫২ বাবত হিংগুল আওতাবৰ (প্ৰস্তুত কৰাৰ) কথালিখা আছে এনেদৰে–

পাৰা এসেৰ, গন্ধক এসেৰ, সিহ এসেৰ= সিহক পিটি ডোখৰ ডোখৰ কৰিব ৰহ দুই ফৰিন লিপাব সকলে তাকে আটাই ৰহ খালি ঢুকালে পাছে চাৰিউ দৰবকে মাড়িব= কলিয়া হব পাছে কাচৰ টাড়িত ভৰাব। মুখ ভালকৈ মাৰিব= পাছে মাটিৰ থালি এটাত বালি ভৰাই তাতে টাড়িত ভৰাব= বাৰে পৰ ১২ জাল দিব=তেবেৰ হিংগুল হেন হব= জিয়াজৰ ৰহেৰে কাকত লিখিব ৰংগ হব।।৫৪৯।।আজিকালি হেঙুলৰ প্ৰয়োগ নাইকিয়া হ’ল। সিন্দুৰে তাৰ স্থান দখল কৰিলে।

হাইতাল

মধ্যযুগীয় অসমীয়া সংস্কৃতিৰ ঘাইকৈ সত্ৰীয়া সংস্কৃতিত হেঙুলৰ দৰে হাইতালৰো এখনি নিজস্ব স্থান আছে। ভাৱৰীয়া সকলে মুখত ৰং ঘঁহা কামত, ছো-মুখা বোলাবৰ কালত, সত্ৰৰ সিংহাসন, কাঠৰ বিভিন্ন প্ৰতিমা আৰু শৰাই প্ৰভৃতি ব্যৱহাৰ্যত ৰং সনা কামত, নামঘৰৰ চ’তি আদিত চিত্ৰ-বিচিত্ৰ ফুল-নক্সা আঁকিবৰ পৰত, সাঁচিপাত-তুলাপতীয়া পুথি সচিত্ৰ কৰা কালত, পোক-পৰুৱাৰ আক্ৰমণ ৰোধ কৰিবলৈ, হাতে লিখা পুথি বোলোৱা কাৰ্যত আৰু আন আন ভালেখিনি কামতে জয় জয়তে সত্ৰৰ খনিকৰসকলে হাইতাল ব্যৱহাৰ কৰিছিল। সময়ৰ অগ্ৰগতিৰ লগে লগে ই সত্ৰৰ চাৰিবেৰৰ মাজৰপৰা জনগনৰ বহল ক্ষেত্ৰলৈ নামি আহে। হালধীয়া এইবিধ পদাৰ্থক শিলৰ কাঁহীত মাৰিব লাগে। শিলত মৰাৰ পিছত ইয়াতো গম আঠা মিহলোৱা প্ৰয়োজন। হাইতালৰ স্বাভাৱিক ৰং হালধীয়া যদিও আন ৰঙেৰে মিলাই ইয়াৰপৰা যৌগিক ৰঙো পাব পাৰি। যেনে, ধল বা খৰিমাটি আৰু হাইতালৰ মিশ্ৰণত পাণ্ডু, হাইতাল আৰু হেঙুলৰ মিশ্ৰণত গৌৰ, নীল আৰু হাইতালৰ মিশ্ৰণত হৰিৎ অথবা সেউজীয়া ৰং পোৱা যায়। হাইতালৰ ওপৰত বালিচন্দা ছটিয়াই দিলে তাৰ উজ্জ্বলতা বাঢ়ে।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা।

3.04
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top