মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ৰঙালী বিহু আৰু কৃষি পৰম্পৰা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰঙালী বিহু আৰু কৃষি পৰম্পৰা :

ৰঙালী বিহু আৰু কৃষি পৰম্পৰাৰ বিষয়ে লিখা হৈছে ।

চ’তে গৈ গৈ  বহাগী পালেহি

ফুলিলে ভেবেলি লতা,

কৈনো কৈ থাকিলে   ওৰকে নপৰে

ৰঙালী বিহুৰে কথা।

অসমীয়াৰ অতিকৈ চেনেহৰ ৰঙালী বিহুটিৰ কথা কৈ শেষ কৰিব নোৱাৰি। বছৰৰ আৰম্ভণিতে আহে আমাৰ বাপতি সাহোন ৰঙালী বিহুটি। গছ-গছনিত কুঁহিপাতে হালি-জালি নচাৰ বতৰত, কুলি-কেতেকী চৰায়ে বনৰ মাজে মাজে সুললিত গীত আৰম্ভ কৰাৰ শুভ ক্ষণত, মানুহৰ মন-প্ৰাণো উত্ৰাৱল হৈ উঠে বসন্তৰ পৰশত। মানুহৰ হিয়াই হিয়াই সঞ্জীৱিত হয় নতুন আশা আৰু নতুন কল্পনা। এই কল্পনা নতুনক আদৰি লোৱাৰ, আমাৰ ধৰণীক শস্যে-মৎস্যে অনুপম কৰি গঢ়ি তোলাৰ । যিহেতু আমাৰ প্ৰতিটো বিহুতেই জড়িত হৈ আছে কৃষক ৰাইজৰ আশাভৰা সপোন। কৃষিকে গইনা লৈ ৰাজ্যখনত উদযাপিত হয় বছৰত তিনিটি বিহু। আহিন-কাতি মাহৰ কঙালী দিনবোৰত কৃষক ৰাইজে পথাৰৰ লখিমী আদৰাৰ শুভ মুহুৰ্তত উদযাপন কৰে কাতি বিহু। নতুন ধানেৰে ভঁৰাল ভৰাই খাদ্য-শস্য উভৈনদী কৰাৰ সময়তে উদযাপন কৰা হয় ভোগালী বিহু। সেইদৰে নতুন সাজেৰে ধৰণী জাতিষ্কাৰ হোৱা বসন্ত কালত উলহ-মালহেৰে উদযাপন কৰা হয় ৰঙালী বিহুটি। তাৰেই আনন্দত মতলীয়া হৈ বিহুৱাই হিয়া উজাৰি গায়-

বিহুটি আদৰৰ   বিহুটি সাদৰৰ

বিহুটি আঁচলৰ ধন,

এনুৱা বিহুটি  এৰিব লাগিলে

দেহাৰো পৰিব চন।

ৰঙালী বিহুটি উদযাপন কৰা হয় নতুন বছৰৰ আৰম্ভণিতে। ৰঙালী বিহুৰ আগমনৰ বাতৰি পাই কৃষকৰ হৃদয়ে হৃদয়ে বিকশিত হয় অদম্য উৎসাহ আৰু নতুন মনোবলৰ প্ৰতিচ্ছবি। বিহু মাৰিবলৈ কঁকালত টঙালী বিহু ওলোৱাৰ দৰেই নতুন বছৰটোত বিভিন্ন খেতিৰ জৰিয়তে ধৰণীক সেউজীয়া কৰাৰ প্ৰতিশ্ৰুতি লৈ কৃষক ৰাইজ সদলবলে ওলাই আহিবলৈ প্ৰয়াস কৰে খেতিপথাৰলৈ। ঐক্যবদ্ধভাৱে জাক পাতি বিহু মৰাৰ দৰে দলবদ্ধভাৱে খেতিৰ কৰিবলৈয়ো দৃঢ় সংকল্প গ্ৰহণ কৰে বছৰৰ আৰম্ভণিতে। ৰঙালী বিহুৰ অনাবিল আনন্দ আৰু পাৰস্পৰিক মিলা-প্ৰীতিৰ মাজেদি গোটেই বছৰ জুৰি খেতি কৰাৰ মানসেৰে প্ৰতিশ্ৰুতি ল’লেহে ৰঙালী বিহুটি উদযাপন কৰাৰ সাৰ্থকতা অক্ষুণ্ণ থাকিব- এই কথা প্ৰতিজন কৃষক তথা উদীয়মান যুৱক-যুৱতীসকলে উপলব্ধি কৰে। যিহেতু, বৰ্তমান যিটো হাৰত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি এতিয়া খাদ্য-শস্যৰ উৎপাদন দুগুণে বৃদ্ধি কৰাৰ সময় সমাগত।

আমাৰ ভালেমান কৃষকৰ বাবে পোহনীয়া জীৱ-জন্তুকেইটা উপাৰ্জনৰ অন্যতম উৎস। সেয়েহে, গো-ধনৰ মংগলাৰ্থে বিহুৰ আৰম্ভণিতে কৃষক ৰাইজে পালন কৰে গৰু বিহু। হালবোৱা গৰু কেইটা আৰু গাখীৰ দিয়া গাইকেইজনীৰ প্ৰমুখ্যে হাঁহ, পাৰ, কুকুৰা আৰু ছাগলীকেইটা কৃষকৰ উপাৰ্জনৰ অন্যতম সম্বল। এই জীৱ-জন্তুবিলাকৰ উন্নতি সাধন কৰিব নোৱাৰিলে আমি প্ৰতি বছৰে পালন কৰা উৎসৱবোৰো মুল্যহীন হৈ পৰে। সেইবাবে গৰু বিহুৰ দিনা দীঘলতী, মাখিয়তি আদিয়ে কোবাই গৰু-গাইৰ মহ, মাখি ওকণি, চিকৰা আদি খেদাৰ নিচিনাকৈ আগন্তুক বছৰটোৰ সিহঁতক পৰজীৱী কীট-পতংগ আৰু বেমাৰ আজৰৰ পৰা ৰক্ষা কৰাৰ উপায় চিন্তা নকৰিলে বিহু পতাৰ সাৰ্থকতা নেথাকে। গৰু বিহুৰ দিনা পুৱাতে মাহ হালধি সানি গৰু-গাই নোৱাই-ধুৱাই বছৰটোৰ বাবে সিহঁতৰ মংগল কামনা কৰা হয়। ঠিক সেইদৰেই আগন্তুক বছৰটোক গো-ধনৰ স্বাস্থ্য পৰিষ্কাৰ কৰি প্ৰতিদিনেই গোহালি ঘৰটো চাফ-চিকুণকৈ ৰখাৰ প্ৰতিশ্ৰুতি লোৱাৰ সময় এই গৰু বিহুৰ দিনটোৱেই। সেইবাবে পুৱাতে গৰু গা ধুৱাওঁতে গৰুৰ গালৈ তিয়ঁহ, লাও, বৰ থেকেৰা আদি চকলা চকলকৈ কাটি গৰুৰ গালৈ নিক্ষেপ কৰোঁতে গায়-

লাও খা , বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা

মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু।

বসন্ত কালৰ পিছতে ধৰালৈ আগমন হয় গ্ৰীষ্মকালীন। গ্ৰীষ্মকালত বানপানী অহাৰ লগে লগে মানুহৰ জীৱনত নানা ধৰণৰ বেমাৰে আক্ৰমণ কৰে গ্ৰীষ্মকালত। গ্ৰীষ্মকালত বানপানী অহাৰ লগে লগে মানুহৰ জীৱনত নানা ধৰণৰ বেমাৰে আক্ৰমণ কৰাৰ দৰে জীৱ-জন্তুবোৰকো নানা ধৰণৰ বেমাৰ-আজাৰে আক্ৰমণ কৰা দেখা যায়। তাৰ পৰা পৰিত্ৰাণ পাবলৈ গৰু বিহুৰ দিনা গোহালিৰ কাষত আৰু পদুলিমুখত যাগ দিয়া প্ৰথা চলি অহিছে। গৰু বিহুৰ দিনা যাগ দিয়াৰ দৰেই গোটেই বছৰজুৰি গোহালিৰ কাষত যাগ দি মহ, মাখি, দাঁহ আদি খেদাৰ ব্যৱস্থা কৰিলেহে গৰু বিহুৰ ঐতিহ্য অক্ষুণ্ণ হৈ থাকিব। তাকে সুঁৱৰি বিহুৱাসকলে গায়-

গৰু বিহুৰ দিনা গৰু গা ধুৱালোঁ

তৰাৰে বান্ধিলো ৰছী,

গোহালিৰ কাষতে সন্ধ্যা যাগ দিলোঁ

পশুধন থাকিব বাচি।

আমাৰ ৰাজ্যখনত গৰু-ম’হ প্ৰতিপালন কৰোঁতে দেখা দিয়া প্ৰধান সমস্যাৰ ভিতৰত ঘাঁহৰ সঁচ উদ্ভাৱন কৰা হৈছে আৰু তেনে জাতৰ ঘাঁহৰ খেতি কৰিলে তাৰ পৰা বছৰজুৰি ঘাঁহ উৎপাদন কৰিব পৰা যায়। সেইবাবে গৰু বিহুৰ দিনাই ঘাঁহ খেতি কৰিবৰ বাবে এখন আঁচনি যুগুত কৰা বৰ দৰকাৰ। যিহেতু, গৰু বিহুৰ দিনা কৃষক ৰাইজে গো- ধনৰ হিতাৰ্থে চিন্তা কৰাৰ লগতে বাৰীত থকা অন্যান্য গছ-গছনিবোৰৰ কথাও চিন্তা কৰা হয়। সেইদিনা পাণ আৰু কলগছৰ গুৰিত নতুনকৈ মাটি চপাই দিয়া পৰম্পৰা আছে।

গৰু বিহুৰ পিছ দিনাৰে পৰা আৰম্ভ হয় মানুহৰ বিহু। বিহুৰ দিনকেইটাত ওচৰ-চুবুৰীয়াৰ ঘৰত বিহু খাবলৈ যাওঁতে আলোচনা হয় আগন্তুক বছৰটোত খেতি পতাৰ কথা। গাঁৱৰ কাষতে থকা আহল- বহল পথাৰবোৰত নতুন বছৰটোত কি কি খেতি পাতিব, কোনটো খেতি কেতিয়াৰ পৰা আৰম্ভ কৰিব- আদি বিষয়বোৰ বিহুৰ দিনকেইটাতে আলোচনা কৰি ল’ব নোৱাৰিলে সময়মতে খেতি পতাত যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হয়। তদুপৰি, আগন্তুক বছৰত খেতি কৰিবলৈ প্ৰয়োজন হোৱা খেতি সঁজুলিবোৰো বছৰৰ আৰম্ভণিতে প্ৰয়োজন সাপেক্ষে মেৰামতি কৰি ল’লেহে সময়ৰ খেতিসময়মতে আৰম্ভ কৰিব পৰা যাব। সেয়েহে, ৰঙালী বিহুৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ হ’লে আমিও এতিয়া বিহুৱাৰ লগতে সুৰ মিলাই গাব লাগিব-

যোৱাবাৰ শাওণত  বানপানী আহিলে

সৰহকৈ নেপালোঁ ধন,

বিহুৰে পিছতে   খেতিলৈ ওলাবা

দেহালৈ নকৰোঁ কাণ।

লেখক: ড° কুমুদ চুতীয়া (দৈনিক জনমভুমি)

3.22222222222
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top