মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ৰঙালী বিহু তথা অসমীয়া বস্ত্ৰ অলংকাৰৰ অতীত :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰঙালী বিহু তথা অসমীয়া বস্ত্ৰ অলংকাৰৰ অতীত :

ৰঙালী বিহু তথা অসমীয়া বস্ত্ৰ অলংকাৰৰ বিষয়ে লিখা হৈছে ।

 

চাওঁতে-চাওঁতে ৰঙালী বিহু পালেহি। দেহ-মন উতলা সকলোৰে। কিয় নহ’ব ই অসমীয়াৰ বাপতি সাহোন। অসমীয়া জাতীয় উৎসৱ। এসময়ত তিনি বিহু গাঁৱৰ খেতিয়কৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু আনুমানিক ১৭০৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ গদাধৰ সিংহৰ(চুপাতফা) জ্যেষ্ঠ পুত্ৰ লাই ওৰফে চুক্ৰামফা ওৰফে ৰুদ্ৰসিংহ স্বৰ্গদেৱে আমাৰ ৰঙালী বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰি ৰংঘৰৰ বাকৰি পোৱালেহি আৰু তেতিয়াৰ পৰা আজিলৈকে উক্ত পৰম্পৰা বৰ্তি আছে।

ৰজাতকৈ ৰাইজহে বৰ লগৰীয়া

ৰজাতকৈ ৰাইজহে বৰ,

শৰাই আগবঢ়াই সেৱে ৰুদ্ৰসিংহই

চুলি ছিঙি আশীৰ্বাদ কৰ।

আমি আশা কৰিছো ৰঙালী বিহুৰ আয়োজকসকলে সেইজনা স্বৰ্গদেউক যেন স্মৰণ কৰে। স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহুৱা দলৰ সন্মুখত আগলি কলপাতৰ ওপৰত বৰশৰাই আগবঢ়াইছিল। শৰাইত আছিল চেলেং চাদৰ, দুইফালে ফুল থকা বিহুৱান, টঙালি, হাঁচতি, তামোল-পাণ আৰু সোণ-ৰূপৰ মুদ্ৰা। স্বৰ্গদেৱে নিজে পৰিয়াল-পৰিজন লৈ ৰাইজৰ ওচৰত আঁঠু লৈছিল আৰু ৰাইজে মূৰৰ চুলি ছিঙি ৰজা তথা পৰিয়ালৰ দীৰ্ঘায়ু কামনা কৰিছিল। এইজনা ৰজাৰ দিনৰ পৰা হুঁচৰি গাই ৰজাৰ গৃহলৈ গৈছিল আৰু তাৰ পিছতহে অন্য লোকৰ গৃহত হুঁচৰি মাৰিছিল। বৰ্তমান ৰজা নাই। গতিকে গাঁৱৰ মুখিয়ালজনেই সেই সন্মান গাঁওবোৰত পাই আহিছে।

ৰঙালী বিহু বুলিলেই কেইপদমান বস্তু অপৰিহাৰ্য। যেনে- বিহুৱান, হাঁচতি, কমৰ বান্ধনী বা টঙালি, মূৰত বন্ধা পাগ, চেলেং চাদৰ, ফুলৰ জাপি ইত্যাদি। আমি কিন্তু বিহুৱান, কমৰ বান্ধনী, মূৰত বন্ধা পাগ, ভকতীয়া গলবস্ত্ৰ, আসন বস্ত্ৰ আদি সকলোকে গামোচা বুলি কৈ উক্ত সম্পদসমূহৰ মৰ্যাদা হানি কৰাই নহয় আমাৰ অসমীয়া শিপিনীসকলকো অসন্মান কৰিছো। এই সম্পদসমূহৰ শিপিনীয়ে দিয়া নামৰ অতীত বিচাৰি যাওঁ আহকচোন।

গামোচা- (সংক্ষিপ্ত অভিধান) গা মোচা, বি. গাৰ পানী মোচা সৰু কাপোৰ।

গামোচা- (আধুনিক অসমীয়া অভিধান)- বি. গা ধোৱাৰ পিছত গাৰ পানী মচা সৰু কাপোৰ, মুখ-হাত মচা বা মূৰত মৰা আঁচু দিয়া সৰু কাপোৰ।

গামোচা- (হেমকোষ) গামোচা বি.(সং গাত্ৰ মাৰ্জনী, ব.- গামোচা) গা-ধুই গাৰ পানী টোকা সৰু কাপোৰ, এতেকে তামোল বন্ধা বা মূৰত বন্ধা সৰু কাপোৰ,

ইমানেইনে, কৃষক মহিলাই মৰতত সৰগ ৰচা গামোচাৰ অতীত?

আমি অতীতৰ পৰা যিখিনি দেখিলো আৰু যিখিনি শুনিলো তাৰ পৰা এটা কথা স্পষ্টকৈ ক’ব পৰা হ’লো যে- ‘পুৰুষ যদি জ্ঞানী মহিলা হ’ব বিজ্ঞনী’।

আমাৰ মহিলাসকলে কৃষক স্বামী, দেওৰ আদি লোকসকলে হাল-কোৰ মাৰোতে পিন্ধিবৰ বাবে তিয়নী চুৰিয়া দীঘে ৭/৮ হাত বহলে প্ৰায় দুই হাত, পথাৰৰ পৰা আহি গা-পা ধুই গা মচিবৰ বাবে ডাঙৰ সূতাৰ সৰু পাৰিৰ ৩/৩১/২ হাত দীঘল অৰ্থাৎ তিয়নীৰ আধা গামোচা বৈ দিছিল। গামোচাতকৈ সৰু(ডেৰ দুই হতীয়া) খনক হাত-মুখ মচা বস্ত্ৰ বুলিছিল। ডেৰহাত দীঘল ডেৰ হাত বহল চাৰিওফালে দৰু শেল থকখনক হাঁচতি বুলিছিল। আমাৰ আইতাসকলে য’ত তামোল-পাণ, চাদা, চূন, কটাৰী, সৰু খুন্দনা আদি লগত লৈ ফুৰিছিল। কাৰণ ‘পৰত আস বনত বাস’। চাহ-জলপানৰ পিছত আইতাসকলক তামোল এখন লাগিবই। গৃহস্থই দিব নোৱাৰিলে নিজৰ হাঁচতিৰ পৰা উলিয়াই নিজেও খাইছিল আনকো দিছিল। গলবস্ত্ৰ বা ভকতীয়া বস্ত্ৰঃ গামোচাতকৈ কিছু আহল-বহল এফালে ডাঙৰ ফুল থকা সৰু সূতাৰ ৰঙা পাৰিযুক্ত বস্ত্ৰখনকে গলবস্ত্ৰ বা ভকতীয়া বস্ত্ৰ বোলে। পুৰুসসকলে নাম-কীৰ্তনলৈ গ’লে তেনে বস্ত্ৰ নিব লাগে।

টঙালি বা পাগ -

গলবস্ত্ৰতকৈ ঠেক দুইফালে শেলসহ ডাঙৰ ফুল থকা আৰু বুটা বচাখনকে টঙালী বা পাগ বা মূৰত বন্ধা পাগ বোলেগ। অৱশ্যে ভকতীয়া পাগ বগা বা মুগী ঠেক প্ৰায় দেৰ-বাৰ হতীয়া হ’ব লাগে।

বিহুৱান:

সুন্দৰ পাৰিযুক্ত দুইফালে ডাঙৰ ফুল থকা সৰু সূতাৰ বস্ত্ৰখনক বিহুৱান বোলে। বিহুত দিয়া বস্ত্ৰখন ফুলাম গামোচা নকৈ বিহুৱান ক’ব লাগে। বিহুৱান মানেই ফুলাম বস্ত্ৰ।

আসন বস্ত্ৰ:

(আসনৰ জোখ মতে) বস্ত্ৰৰ এমূৰে ডাঙৰ ফুল(জাপি ফুলীয়া নহয়) থকাৰ উপৰি বাকী গাটো সৰু সৰু তৰাযুক্ত ফুলাম বস্ত্ৰখনক আসন বস্ত্ৰ বোলে। গীতা, ভাগৱত, কীৰ্তন আদিক যি বস্ত্ৰৰে মেৰিয়াই আসনত প্ৰতিষ্ঠা কৰে সেই বস্ত্ৰকে আসন বস্ত্ৰ বোলে।

চেলেং চাদৰ:

হুঁচৰি বিহুত মুখিয়ালজনে গলত চেলেং চাদৰ, বিহুৱান আৰু কান্ধত এখন বেগ আৰু হাতত এটা লেম্প লোৱাতো অপৰিহাৰ্য। চেলেং চাদৰ বহু প্ৰ্কাৰৰ। যেনে- সোণৰ সূতাৰে চাবধৰা চেলেং, আঁচু দিয়া চেলেং, গাৰিয়লী চেলেং, পাৰি দিয়া চেলেং, গুনাকতা চেলেং, দৰিয়ালি গুনা কৰা চেলেং, সোনীয় ফুলৰ চেলেং আদি। সত্ৰাধিকাৰ, গোসাঁই, ভকত-বৈষ্ণৱসকলে চেলেং চাদৰ ব্যৱহাৰ কৰাটো প্ৰায় বাধ্যতামূলক।

নাচনীৰ বাবে লগা বস্ত্ৰ অলংকাৰ -

(মেখেলা-চাদৰ) পাতৰ মেখেলা-চাদৰ, মুগাৰ মেখেলা-চাদৰ, মেজাংকৰী মেখেলা, কিং খাপৰ মেখেলা, বুটা বচা মেখেলা, গোমচেঙৰ মেখেলা, চাটনৰ মেখেলা আদি।

অলংকাৰ:

মণি, কেৰু, খাৰু, আঙঠি আদি।

মণি:

পোৱালমণি, ফুটিমণি, শিলিখামনি, সাতচৰীয়া সোণৰ মণি, মুকুতামণি আদি। জোনবিৰি, শিলিখাবিৰি, পাৰচকুৱা বিৰি, বানা, দুগদুগী, মাদলি, গল’পতা, চন্দ্ৰহাৰ আদি মণিৰ লগত সংযুক্ত।

কেৰু:

জাংফাই কেৰু, নেজেপতা কেৰু, উকা থুৰীয়া, বাখৰুৱা থুৰীয়া, সোণৰ থুৰীয়া, বাখৰ পতা, ৰূপৰ থুৰীয়া, জাংফাই থুৰীয়া, লটকণ বৰৈ গলা কেৰু, ডালিম মুখীয়া কেৰু, বাখৰ পতা সোণৰ থুৰীয়া আদি।

খাৰু:

উকা সোণৰ গামখাৰু, উকা ৰূপৰ গামখাৰু, বাখৰুৱা গামখাৰু, সোণৰ চাৰিপতীয়া গামখাৰু, গেজেৰাখাৰু, বাখৰ পতা খাৰু, কংকণ সোণৰ চাৰি পতীয়া ডলা, সোনৰ পেচন্দাৰ, কলক, বাজু আদি।

আঙঠি:

উকা আঙঠি, হীৰাপতি আঙঠি, বাবৰি ফুলীয়া আঙঠি, পদুম ফুলীয়া আঙঠি, ভাটৌ ঠোঁটীয়া আঙঠি, বাখৰামি আঙঠি, ম’ৰানেজীয়া আঙঠি আদি।

বিহুৱান বাবে লগা বস্ত্ৰ সম্ভাৰ -

চুৰিয়া, চোলা, হাঁচতি, টঙালি, পাগ, হস্ত বন্ধনী আদি।

অসমীয়া চুৰিয়া:

মুগাৰ বৰ চুৰিয়া, পাটৰ চুৰিয়া, কপাহী চুৰিয়া, চিকণ পাটৰ চুৰিয়া, ধল পাটৰ চুৰিয়া, পাট মুগা মিহলি চুৰিয়া, মেজাংকৰি তিতাকৰীয়া চুৰিয়া আদি।

চোলা:

বুকু চোলা, নৰা চোলা, হলৌ চোলা, চাটনাৰ চোলা, ঘাগাৰা চোলা, পাট-মুগা মিহলি চোলা, কপাহী চোলা, গামচেঙৰ চোলা, বুটদানৰ চাটনৰ চোলা আদি।

হাঁচতি:

মূৰ হাঁচতি, সোণৰ সূতা দিয়া হাঁচতি, তামোল বন্ধা হাঁচতি, তালুত সোণৰ ফুল দিয়া হাঁচতি।

টঙালি:

গুনাৰ পেচেৰে কপাহী কমৰ বন্ধা, পানী গামোচা, তিয়নি গামোচা, চিকন পাগ, সোণৰ ফুল বছা পাগ, কুহুমবুলীয়া পাগ, উকা পাগ আদি।

হস্তবন্ধনী:

ৰঙা বা গুলপীয়া হাঁচতিৰ সমান বস্ত্ৰ(ৰুমাল)।

জাপি:

জাপি অসমীয়া সংস্কৃতিলৈ আহোম স্বৰ্গদেউসকলৰ শ্ৰেষ্ট দান। আমি জাপি বুলিলে দুবিধ জাপিৰ কথাহে জানো।

১)হালোৱা জাপি,

২)ফুলাম জাপি।

জাপিৰ শ্ৰেণী বিভাগ -

বৰদৈয়া জাপি, সৰুদৈয়া জাপি, পানী জাপি, গুণাৰ বন কৰা জাপি, টুপী জাপি, হালোৱা জাপি, বৰৈগলা জাপি, তাংজাপি, জৰু লগা জাপি, সোণৰ চোলাৰে পানী জাপি, ৰূপৰ চোলাৰে টুপী জাপি আদি।

ৰঙালী বিহুৰ বিশেষ উপহাৰ হ’ল ঢুলীয়াই নাচনীক খোপাত গুজি দিয়া কপৌফুল পাহ বা নাচনীয়ে মনৰ ঢুলীয়াজনক দিয়া ফুলাম ৰুমালসহ বিহুৱানখন। বিহুগীতত আছে:-

১)অতি সযতনে বিহুৱান বৈ থৈছো

তোমাক ধন বিহুতে দিম,

তোমাৰে হাততে বান্ধি দিবলৈ

ৰুমাল এখনো নিন।

২)পাহাৰ বগাই বগাই কপৌফুল আনিছো

খোপাতে গুজি দিম বুলি,

মাকৰ ফাকি দি বিহুলৈ আহিলি

চেৰেকী আনোগৈ বুলি।

ওপৰত উল্লেখ কৰা সামগ্ৰীসমূহেই অসমীয়া জাতিৰ অতীত, বৰ্তমান, ভৱিষ্যৎ আৰু বস্ত্ৰ অলংকাৰৰো ইতিহাস।

লেখক: উপেন্দ্ৰ নাথ বৰদলৈ

 

 

3.13793103448
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top