মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ৰাষ্ট্ৰীয় সংহতিত শংকৰদেৱৰ ভক্তি আন্দোলনৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় সংহতিত শংকৰদেৱৰ ভক্তি আন্দোলনৰ ভূমিকা

ৰাষ্ট্ৰীয় স্ংহতিত শ্ংকৰদেৱৰ ভক্তি আন্দোলনৰ ভূমিকা

‘মহাপুৰুষ’ শব্দটিৰ মূল ভাগৱত পূৰাণ। ভাগৱত পুৰাণ মহাভাগৱতত বিষ্ণুক ‘মহাপৌৰষিক’ বোলা হৈছে। বিষ্ণুৰ একান্ত ভক্ত আৰু পথ অনুসৰণকাৰী হিচাপে শ্ংকৰদেৱকো পৰৱৰ্তীকালত ‘মহাপুৰুষ’ আখ্যা দিয়া হয়। তেওঁৰ প্ৰধান শিষ্য একান্ত বৈষ্ণৱ মাধৱদেৱকো একোটা অৰ্থতেই মহাপুৰুষ আখ্যা দিয়া হৈছে।

ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, ৰুপহীন আৰু নিৰঙ্গ অৰ্থাত বৰণহীন। গতিকে তেওঁৰ কোনো ৰুপ থাকিব নোৱাৰে। অৱশ্যে ৰুপহীন হৈয়ো তেওঁ নিত্যৰুপা, সত-চিত-আনন্দস্বৰুপ; একমাত্ৰ ভক্তিৰ যোগেদিহে তেওঁ শ্বৰুপ উপলব্দ্ধি কৰাটো সম্ভৱ। সেয়েহে মহাপুৰুষীয়া ধৰ্মত সকলো ধৰণৰ বাহ্যিক পূজা-উপাচাৰ ত্যাগ কৰি একান্তভাৱে ভক্তিপথ অনুসৰণ কৰিবৰ বাবে অনুৰোধ জনোৱা হৈছে। বেদান্তৰ শাৰীৰিক ভাষ্যকাৰ শংকৰাচাৰ্যায়ো শুদ্ধ চিত্তকেই ব্ৰহ্ম জিজ্ঞাসাৰ প্ৰধান হেতু বুলি উল্লেখ কৰি থৈ গৈছে। সকাম কৰ্ম ব্ৰহ্ম জিজ্ঞাসাৰ প্ৰতিবন্ধক। একমাত্ৰ নিস্কাম কৰ্মইহে চিত্তশুদ্ধি আৰু তত্বজ্ঞান লাভ কৰাত সহায় কৰে। অদ্বৈতবাদী শংকৰাচাৰ্য আৰু বিশিষ্টাদ্বৈতবাদী ৰামনুচাৰ্য উভয়ে তত্বজ্ঞানৰ যোগেদি মুক্তিৰ কথা ঘোষণা কৰিলেও শংকৰাচাৰ্যাই জ্ঞানমাৰ্গ আৰু ৰামানুচাৰ্যই ভক্তিমাৰ্গৰ শ্ৰেষ্ঠতা স্বীকাৰ কৰিছে।

বিভিন্ন সাধনমাৰ্গৰ ভিতৰত জ্ঞানমাৰ্গ অত্যন্ত কঠিন। স্ংসাৰীৰ পক্ষে জ্ঞানমাৰ্গৰ ‘সোহহ্গ্ভাৱ’ সম্ভৱ নহয়; কাৰণ তেওঁলোক সাংসাৰিক মায়াৰ অধীন। স্ংসাৰী হৈও স্ংসাৰৰ প্ৰতি অনাসক্তজনহে ভগৱানৰ প্ৰকৃত ভক্ত। সাধুসঙ্গ আৰু ভগৱানৰ গুণানুকীৰ্তনে চিত্তশুদ্ধি ঘটাই নিত্যবস্তু ভগৱানৰ প্ৰতি আসক্তি বঢ়ায়। ব্ৰহ্মপ্ৰাপ্তিৰ বাবে গান, কৰ্ম আৰু ভক্তিপথৰ ভিতৰত প্ৰথম দুবিধ কষ্টসাধ্য, সেয়ে কলিযুগত ভক্তিধৰ্মই সাৰ। গতিকে, যি পৰ্যন্ত দেহবুদ্ধি থাকে, সেই পৰ্যন্ত স্ংসাৰীলোকৰ বাবে দাস্য ভক্তিয়েই উপযুক্ত।

ভক্তিয়েই মুক্তিৰ কাৰণ; জ্ঞান তাৰ ফল মাত্ৰ।ভগৱানৰ প্ৰতি সততে সততে প্ৰীতিপূৰ্বক উপাসনা কৰিলে সাধকৰ চিত্তত আত্মবোধৰ উদয় হয় আৰু কৃষ্ণৰ কৃপাৰ যোগেদি তেওঁ স্ংসাৰ-বন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হয়:

ভগৱন্ত ভক্তিযুক্ত    পুৰুষৰ আত্মবোধ

মাধৱৰ প্ৰসাদে মিলয়।

কৃষ্ণৰ কৃপাত তেবে    গুছয় স্ংসাৰ ভয়

এহিমানে গীজতাৰ নিৰ্ণয়।

সেই বাবেই নাৰাদাদি জীৱন্মুক্ত ঋষি সকলে মুক্তি লাভ কৰিও ভক্তিপথ ত্যাগ কৰা নাছিল। ‘গীতা’ আৰু ‘ভাগৱত পুৰাণে’ইভক্তি মাৰ্গৰ প্ৰধান ভিত্তি।

ব্ৰহ্মই একমাত্ৰ সত, তেওঁৰ বাহিৰে সমস্ত জগত-প্ৰপঞ্চ অসত। ‘ব্ৰহ্মসত্যং জগন্মিথ্যা জীৱো ব্ৰহ্মৈৱ কেৱলম্‌’। ব্ৰহ্ম সত আৰু এই অদ্বিতীয়। ব্ৰহ্মবিদ্যা আৰু আত্মতত্ব একে; এনে জ্ঞানেই মুক্তিৰ কাৰণ।

মায়া বা অবিদ্যাই আত্মজ্ঞানৰ প্ৰতিবন্ধক। সেয়ে ব্ৰহ্ম বা পৰমাত্মাৰ উপলব্ধি নহয়। মায়া বা অবিদ্যাই আত জগতখনো সতৰুপে প্ৰতিভাত কৰায়। ব্ৰহ্ম আৰু জীৱাত্মা এক; এয়ে অদ্বৈতবাদ। বৈষ্ণৱ আচাৰ্যসকলো অদ্বৈতবাদী যদিও এই অদ্বৈতবাদ বিশিষ্ট প্ৰকাৰৰ, বিশিষ্টাদ্বৈতবাদ। ব্ৰহ্মা অনাদি, অনন্ত, সৰ্বব্যাপি, সৰ্বজ্ঞ আৰু সৰ্বশক্তিৰ আধাৰ। তেওঁৰ পৰাই চৰাচৰ জগতখনৰ সৃষ্টি হৈছে। ব্ৰহ্মৰ অংশ স্বৰুপ হ’লেও অনাদি মায়াৰ অধীন হোৱা বাবে জীৱ আৰু ব্ৰহ্মৰ মাজত পথৃকত্ব সূচিত হয়। সেয়ে জীৱ ব্ৰহ্মৰ অংশস্বৰুপ হ’লেও জীৱাত্মাত ব্ৰহ্মাৰ চিন্ময়ত্ব প্ৰকাশিত নহয়।

ভাৰতীয় বৈষ্ণৱ আচাৰ্যসকল অদ্বৈতবাদী নহ’লেও শঙ্কৰাচাৰ্যৰ প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত নহয়। সেয়ে মহাপুৰুষৰ লেখনিত অদ্বৈতবাদ, মায়াবাদ আদিৰ সঘন উল্লেখ পোৱা যায়। অৱশ্যে তেওঁলোকে শঙ্কৰাচাৰ্যৰ অদ্বৈত মততকৈ শ্ৰীধৰ স্বামীৰ টীকাৰ দ্বাৰাহে অধিকভাৱে প্ৰভাৱান্বিত হৈছে, কাৰণ শ্ৰীধৰ টীকা ভক্তিৰ অনুকূল। অৱশ্যে শ্ৰীধৰীটীকা সম্বলিত ভক্তিৰ প্ৰতিকূল কথাসমুহ শঙ্কৰদেৱে পাৰ্যমানে পৰিহাৰ কৰিছে। মুঠতে ‘সহস্ৰনামৰ নাম, ভাগৱতৰ সতসঙ্গ আৰু গীতাৰ একশৰণ’ এই তিনিটা অঙ্গক মূল ভেটি হিচাপে লৈ মহাপুৰুষীয়া ধৰ্মই পৰিপুষ্টি লাভ কৰিছে।

জগতখন অসত্ হ’লেও সতব্ৰহ্মৰে সৃষ্টি; গতিকে সত্-চিত্-আনন্দ স্বৰুপ ব্ৰহ্মৰ কৰুণা লাভৰ বাবে দেহধাৰী জীৱই শুদ্ধচিত্তেৰে পৰমাত্মাৰ চিন্তা কৰিব লাগে। ভক্তিয়েই চিত্তশুদ্ধিৰ যোগেদি আত্মা-পৰমাত্মাৰ নিকট সম্পৰ্ক উপলব্ধিত সহায় কৰে। কিন্তু, এনে ভক্তি যাতে অব্যভিচাৰী হয়, তাৰ প্ৰতি সজাগ দৃষ্টি ৰখাটো ভক্তমাত্ৰৰে কৰ্তব্য। সেইবাবেই মহাপুৰুষীয়া ধৰ্মত একশৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

মহাপুৰুষীয়া ধৰ্মত অন্য দেৱ-দেৱীৰ পূজা নিষিদ্ধ। এনে পূজা উপাসনাই ভক্তি ধৰ্মত ব্যভিচাৰ সৃষ্টি কৰিব পাৰে। সেয়ে পৰমেশ্বৰৰ প্ৰতি নিস্কাম, একনিষ্ঠ, অব্যভিচাৰী ভক্তিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। মহাপুৰুষীয়া ধৰ্মত মূৰ্তিপূজা নিষিদ্ধ, কিয়নো নিৰাকাৰ ঈশ্বৰৰ সাকাৰ ৰুপ সম্ভৱ নহয়।

মহাপুৰুষৰ মতে হৰিয়েই একমাত্ৰ চৈতন্য; তেওঁৰ বাহিৰে অন্যান্য সকলো দেৱ-দেৱী জড়; গতিকে চৈতন্য ঈশ্বৰক বাদ দি জড়ৰ উপাসনা কৰাতো অবাঞ্চনীয়। সেইবাবে মহাপুৰুষীয়া ধৰ্মত চৈতন্যস্বৰুপ ঈশ্বৰ শ্ৰীকৃষ্ণৰ উপাসনাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে:

হৰিসে চৈত্ন্য    আত্মা জ্ঞানময়

আৱৰে সমস্তে জড়।

বেদ-বেদান্তৰ    সমস্ত শাস্ত্ৰৰ

এহিসে বিচাৰ বৰ।

হে কৃষ্ণ তুমি মাত্ৰ    চৈতন্য-স্বৰুপ নিত্য

সত্য শুদ্ধ জ্ঞান অখণ্ডিত।

আৱৰ যতেক ইটো    তোমাৰ বিনোদ ৰুপ

চৰাচাৰ মায়াৰ কল্পিত।।

 

দেৱৰ দেৱতা হৰি     জানিবা যতন কৰি

লৈয়ো একশৰণ কৃষ্ণত।

গোৱা নাম গুণ গীত     কৰিয়া একান্ত চিত্ত

তেবে থান পাইবা বৈকুণ্ঠত।।

 

বুজিবা মনত সবে কৰিয়া নিশ্চয়।

কৃষ্ণ বিনে আন শ্ৰেষ্ঠ দেৱ নাহি কয়।।

কৃষ্ণসে ভজনি দেৱ জানা নিষ্ঠ কৰি।

লৈয়োক শৰণ সবে আন পৰিহৰি।।

অহ্ংকাৰশূন্য অন্তৰেৰে কৰা ভক্তিতহে ভগৱান সহজে সন্তষ্ট হয়। সেইবাবেই ভক্তই নিজকে দাসজ্ঞান কৰি বিনয় সহকাৰে ভগৱানৰ আৰাধনা কৰিব লাগে। ভগৱানৰ কৰুণা লাভৰ বাবে ভক্তই কিছুমান বিশেষ গুণ আয়ত্ব কৰাটো বাঞ্চনীয়। তেনে গুণসমূহৰ ভিতৰত বিনয়, ধৈৰ্য, নিৰ্বিষয়তা আদিয়েই প্ৰধান। ভগৱানৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস সহকাৰে হৰিনাম শ্ৰৱণ-কীৰ্ত্তন নকৰিলে হৰিৰ কৰুণালাভ সম্ভৱ নহয়।এয়ে মহাপুৰুষীয়া ধৰ্মৰ মূলতত্ব-

‘সুদৃঢ় বিশ্বাস   কৰি যিটোজন

সদা ৰাম নাম গায়।

তাক পাপদায়     দিয়া দুষ্ট কলি

দূৰতো দূৰ পলায়।

 

‘কৃষ্ণ কথা শুনে গাৱে যিটো শ্ৰদ্ধা কৰি।

অলপ কালে হিয়াত প্ৰৱেশ হোন্ত হৰি।।

‘এহিমানে মাত্ৰ শ্ৰেষ্ঠ ধৰ্ম পুৰুষৰ।

একচিত্তে ভক্তি আচৰিবা মাধৱৰ।।

শ্ৰৱণ কীৰ্ত্তন তান কৰিব সদায়।

ভকতিও তাত পৰে আৰ শ্ৰেষ্ঠ নাই।”

‘শুনে যিটো কৃষ্ণ কথা কৰিয়া যতন।

তাহাৰ হিয়াত প্ৰৱেশয় নাৰায়ণ।।”

জাতীয়তাবোধ আৰু ৰাষ্ট্ৰীয় স্ংহতিৰ ধাৰণা

জাতীয়তাবোধে নিজৰ দেশ, জাতি, ঐতিহ্য আৰু স্ংস্কৃতিৰ প্ৰতি থকা প্ৰেমৰ সূচনা কৰে। এনে ভাষাই এখন দেশৰ জনসাধাৰণৰ ঐক্য, স্ংস্কৃতি আৰু সমন্বয়ৰ ডোলেৰে বান্ধি ৰাখিবলৈ সমৰ্থ হোৱা বাবেই এনে ভাবনাৰ দ্বাৰা প্ৰেৰিত ব্যক্তিয়ে জাতিৰ কাৰণে ত্যাগ আৰু আত্ম বলিদানৰ বাবে প্ৰেৰিত হোৱা দেখা যায়। এখন দেশৰ নাগৰিকসকলে নিজৰ দেশৰ কাৰণে ত্যাগ স্বীকাৰ নকৰিলে কোনো দেশেই দীৰ্ঘকাল ধৰি বৰ্ত্তি থাকিব নোৱাৰে। সেইবাবেই জাতীয় ভাৱনাক সাহিত্যৰ অন্তৰ্নিহিত সাৰবস্তুস্বৰুপে বিবেচনা কৰা হয়। জাতীয়তাবোধৰ প্ৰেৰণাই মানুহক সকলো ধৰণৰ স্ংকীৰ্ণতা পৰিহাৰ কৰি দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ প্ৰতি প্ৰেৰিত কৰে।

নৱবৈষ্ণৱ ভক্তিধৰ্মই জাতীয়তাবোধৰ সম্প্ৰসাৰণ আৰু ৰাষ্ট্ৰীয় স্ংহতি স্থাপনত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভাৰতবৰ্ষ বহু জাতিক, বহুভাষিক, বহুস্ংস্কৃতিৰে পৰিপূৰ্ণ এখন বৃহত্ দেশ। গতিকে আঞ্চলিক, ভাষিক আৰু স্ংস্কৃতিক ভেদাভেদ দূৰ কৰি এখন সমন্বয়পূৰ্ণ সমাজ গঠন কৰাটো অতি জটিল বিষয়। ভক্তি আন্দোলনে সমন্বয় আৰু সদ্‌ভাৱনাৰ যোগেদি, ত্যাগ আৰু মানৱতাবোধৰ যোগেদি, সাহিত্য আৰু সঙ্গীতৰ যোগেদি, ৰাম-কৃষ্ণ, সগুণ-নিৰ্গুণৰ মাজত সমন্বয় সাধন কৰি, হিন্দু-মুছলমান-শিখ-জৈন প্ৰভৃতি ধৰ্ন্মাৱলম্বী লোকসকলক ভক্তিধৰ্মৰ আশ্ৰয়ত একত্ৰিত কৰি যি মহান আৰ্হি প্ৰতিষ্ঠা কৰিলে, সেয়া ৰাষ্ট্ৰীয় স্ংহতি আৰু সমন্বয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ।

মধ্যযুগৰ সমাজ জীৱনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰা জাতি-শৰ্ম-বৰ্ণভেদৰ প্ৰাচীৰখন ভাঙি বিভিন্ন জাত-জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন, বিভিন্ন ভাষিক আৰু সংস্কৃতিক তথা সামাজিক গোটসমূহক আদান-প্ৰদান, বিনিময় আৰু স্ংস্কৃতি গ্ৰহণৰ মাধ্যমেৰে সমন্বয় সাধন কৰি মানৱীয় প্ৰমূল্যবোধৰ আধাৰত ভাৰতবোধৰ ধাৰণা সম্প্ৰসাৰিত কৰাত ভক্তি আন্দোলনৰ গুৰুত্ব অনস্বীকাৰ্য। কলা, সাহিত্য আৰু স্ংস্কৃতিক জনসাধৰণৰ অন্যতম মাধ্যম হিচাপে লৈ মধ্যযুগৰ ভক্ত কবিসকলে স্ংস্কৃতৰ বিভিন্ন পুৰাণ, মহাকাব্যসমূহ আঞ্চলিক ভাৰতীয় ভাষালৈ অনুবাদ কৰি, বিভিন্ন্ন গিত, কাব্য, নাট আদি ৰচনা কৰি সমগ্ৰ ভাৰতজুৰি জনসাধৰণৰ মাজত যি প্ৰেম, ঐক্য আৰু মানৱতাৰ বাণী প্ৰচাৰ কৰিলে অস্ংগঠিত জনসাধৰণক ধৰ্মীয় গোৰামী, জাত-পাত, সাম্প্ৰদায়িকতাৰ পৰা উদ্ধাৰ কৰি সমন্বয়ৰ সূতাৰে বান্ধি ৰখাত ইয়াৰ প্ৰভাৱ হৈ পৰিল যুগান্তকাৰী।

ৰাষ্ট্ৰীয় স্ংহতিত ভক্তি আন্দোলনৰ ভূমিকা

ভাৰতবৰ্ষৰ দৰে বহুজাতিক, বহুভাষিক আৰু বহু ধৰ্মীয় সম্প্ৰদায়েৰে পৰিপূৰ্ণ এখনি গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা। বহু সময়ত ভুল বুজাবুজি আৰু ৰাজনৈতিক উদাসীনতাৰ বাবে ৰাষ্ট্ৰীয় স্ংহতিৰ ক্ষেত্ৰত সমন্বয়ৰ সূচনা হোৱা দেখা যায়। বৈচিত্ৰৰ মাজত ঐক্য ভাৰতীয় স্ংস্কৃতিৰ মূল বৈশিষ্ট্য। আমি এই বৈশিষ্ট্যৰ মাজতেই পাৰস্পৰিক আদান-প্ৰদান, বিনিময় আৰু স্ংস্কৃতি গ্ৰহণৰ মাধ্যমেদি দেশৰ ঐক্য আৰু অখণ্ডতা বৰ্তাই ৰাখিব লাগিব। মধ্যযুগত ভক্তি আন্দোলনে জাতিভেদ বৰ্ণ-বৈচিত্ৰৰ প্ৰাচীৰ ভাঙি সম্প্ৰীতিৰে পৰিপূৰ্ণ এখনি সমন্বয়ৰ সমাজ গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিছিল। কবীৰ দাসৰ দৰে উদাৰ ভক্তসকলে জাতি, বৰ্ণ-ধৰ্মৰ প্ৰাচীৰ ভাঙি সামাজিক অন্যায়-অন্ধবিশ্বাস আদি দূৰ কৰি এখনি সমন্বয়পূৰ্ণ সমাজ গঢ়াৰ পোষকতা কৰিছিল।

শ্ংকৰদেৱেও জাতি-ভেদহীন এখন সমাজ গঢ়াৰ স্বাৰ্থত সকলো বৰ্ণৰ লোককেই নৱবৈষ্ণৱ ধৰ্মৰ আশ্ৰয় গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিছিল। মানৱ দেহৰ কোনো এটা অংগ বিকাৰ হ’লে সমস্ত শৰীৰটো নিস্ক্ৰীয় হোৱাৰ দৰেই সমাজত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত যদি সমন্বয় ভাৱনাৰ অভাৱ হয় তেন্তে সেই সমস্ত জাতিটোৱেই মৃতপ্ৰায় হৈ পৰে। সামাজিক ঐক্যৰ দিশটোত গুৰুত্ব দিয়াৰ কাৰণেই শংকৰদেৱে কাব্য ৰচনাত প্ৰবৃত হৈছিল আৰু সমন্বয়ৰ ভাৱনাৰ জৰিয়তে অসমৰ লোকজীৱন আৰু সংস্কৃতিৰ ভেটিটেই কাব্য, নাট, গীত আদি প্ৰস্তুত কৰি উলিয়াইছিল। বিভিন্ন জনগোষ্ঠীৰ মাজত ঐক্য আৰু স্ংহতি বৰ্তাই ৰাখিবৰ কাৰণে শংকৰদেৱে সাহিত্যক মাধ্যম হিচাপে গ্ৰহণ কৰিছিল। সুকুমাৰ কলা, নৃত্য, গীত, শিল্প প্ৰভৃতি আছিল এই চিন্তাৰ পৰিপূৰক। সমাজত সমন্বয় সাধনৰ কাৰণে তেওঁ সকলো লোককেই অশুদ্ধ পথ ত্যাগ কৰি শুদ্ধ পথ গ্ৰহণ কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিছিল। তেওঁৰ শিষ্য সমূহ আছিল সমাজৰ বিভিন্ন বৰ্গৰ প্ৰতিনিধিস্বৰুপ-নগাৰ নৰোত্তম, মিছিঙৰ পৰমানন্দ, আহোমৰ জয়হৰি, যৱনৰ চান্দসাই, ভোটৰ দমোদৰ, কৈৱৰ্তৰ পূৰ্ণানন্দ, ভূটিয়াৰ জয়ৰাম, কোচৰ মূৰাৰি ইত্যাদি।

শ্ংকৰদেৱৰ দৃষ্টিত জাত-পাতৰ প্ৰশ্ন নাছিল। কোনো ধৰণৰ উচ্চ-নীচৰ ভেদ নাছিল। তেওঁৰ দৃষ্টিত –

ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল।

দাতাত চোৰৰ যেন দৃষ্টি এক তুল।।

নীচত সাধুত যাৰ ভৈল এক জ্ঞান।

তাহাকেসে পণ্ডিত বুলিয়া সৰ্বজন।।

কবিৰদাসৰ ভক্তি-ভাৱনাতো জাতি সম্পৰ্কীয় প্ৰশ্ন নাছিল

জাতিন পুজো সাধুকো পুছি লীজিয়ে জ্ঞান

মোল কৰো তলৱাৰ কী পড়া ৰহণ দো ম্যান।

শ্ংকৰদেৱে অসমত নৱবৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰ কৰিলেও তেওঁৰ বিচাৰধাৰা অসমৰ ভৌগোলিক সীমাৰ মাজতেই সীমাবদ্ধ নাছিল। দুবাৰকৈ সুদীৰ্ঘ তীৰ্থভ্ৰমণে তেওঁৰ চিন্তা আৰু মানসিকতাক গভীৰভাৱে প্ৰভাৱান্বিত কৰিছিল আৰু সেয়ে সমগ্ৰ ভাৰত তথা বিশ্বৰ চিন্তাই তেওঁৰ ভাৱনাক প্ৰভাৱিত কৰিছিল। দীঘলীয়া যাত্ৰাকালত লগ পোৱা বিভিন্ন সাধু-সন্তৰ সঙ্গলাভ, আলাপ-আলোচনাই তেওঁৰ ধৰ্মীয় চিন্তাৰ সুদূৰপ্ৰসাৰী ৰুপ প্ৰদানত সহায় কৰিছিল। তেওঁৰ ৰচনাত বিশেষকৈ কীৰ্ত্তনৰ বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিস্তৃত উল্লেখ পোৱা যায়। অসমত জন্ম গ্ৰহণ কৰিলেও তেওঁৰ চিন্তাই ৰাজ্যিক সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় চেতনাৰে বিকাশ লাভ কৰিছিল।

উদাহৰণস্বৰুপে-

ভাৰতত জন্ম পাই/বিলম্বক নযুৱায়

সদায় ঘূষিয়ো ৰাম হৰি।”

পুৰণি অসমৰ কবিসকলৰ ভিতৰত বোধকৰো তেৱেই প্ৰথমে অসমৰ সৈতে ভাৰতবৰ্ষক স্ংলগ্ন কৰিছিল। এই সম্পৰ্কত বিৰিঞ্চি কুমাৰ বৰুৱাৰ মন্তব্য বিশেষভাৱে উল্লেখযোগ্য। তেওঁ লিখিছে-

‘The conception of India as our mother country was conceived by Sankardeva five centuries ago. He wanted the people to feel proud of being born in his holy country of Bharatvarsha, as she provides an immence opportunity for development of men’s moral and spiritual potententialies. Repeatdly did he emphasise the glorious and spiritual experience of India. In many of his country Bharatvarsha.’

জীৱই বহু জন্মৰ পুণ্যৰ ফলতহে মানুহ হিচাপে জন্ম গ্ৰহণ কৰে আৰু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাটো মহাপুণ্যৰ ফল। সেইবাবেই দুৰ্লভ মনুষ্য জন্ম অবাবত কটোৱা উচিত নহয়।শ্ংকৰদেৱৰ ভাষাত-

‘ধন্য ধন্য কলি কাল, ধন্য নৰতনু ভাল

ধন্য ধন্য ভাৰত বৰিষে।’

কৃষ্ণকথা শুনিয়া সমাজে।

জন্ম লভি ভাৰতৰ মাজে।।

তাক বৃথা কৰা কোন কাযে।

সাধিয়ো মুকুতি চাৰি নামে।।

জানিয়া সবে এৰা ভাষভুষ।

ভাগ্য যে ভাৰতে মৈলা মানুষ।।

আক ব্যৰ্থ কৰা বিষয় ভোলে।

মাণিকক বিকা কাচক মোলে।।

শ্ংকৰদেৱৰ সাহিত্যত আঞ্চলিকতাবাদৰ পৰিৱৰ্তে জাতিয়তাবাদে ঠাই পাইছে আৰু উক্ত জাতীয়তাবাদে ৰাষ্ট্ৰীয়তাবাদৰ সৈতে একত্ৰিত হৈ বিশ্বমুখী গতি লাভ কৰিছে, নদীয়ে সমূদ্ৰলৈ গতি কৰাৰ দৰেই শ্ংকৰদেৱৰ জাতীয় ভাৱনায়ো ৰাষ্ট্ৰীয় ভাৱনাৰ দ্বাৰা প্ৰভাৱিত হৈ আন্ত:ৰাষ্ট্ৰীয় দিশলৈ গতি কৰিছে। শংকৰদেৱৰ সমগ্ৰ ৰচনাত ৪৬ বৰ ভাৰতবৰ্ষৰ নাম উল্লেখ কৰিছে। এনে উল্লেখ ভক্তি ৰত্নাকৰতো পোৱা যায়।

শ্ংকৰদেৱে উত্তৰ-পূৱ ভাৰতক সমগ্ৰ ভাৰতৰ সৈতে স্ংযুক্ত কৰিবৰ কাৰণে ভক্তিধৰ্মৰ সম্প্ৰসাৰিত ৰুপ প্ৰদান কৰিছিল। ভাৰতৰ বিভিন্ন স্থানত প্ৰচলিত লোকনাট্যধৰ্মী অনুষ্ঠানৰ সৈতে অসমৰ লোক নাট্যানুষ্ঠান আৰু স্ংস্কৃত নাটকৰ উপাদানৰ সমন্বয়ত অঙ্কীয়া নাট ৰচনা কৰাৰ দৰেই চৰ্যাগীতৰ ঐতিহ্য দেহবিচাৰৰ গীত প্ৰভৃতিৰ লগতে ভাৰতৰ মাৰ্গীয় সঙ্গীতৰ আৰ্হিত বৰগীতৰ দৰে সঙ্গীতৰ প্ৰচলন কৰাটো এইক্ষেত্ৰত মনকৰিবলগীয়া।

সেই সময়ত সমগ্ৰ উত্তৰ-পূৱ ভৰতত এটা উমৈহতীয়া ভাষাৰ প্ৰচলন আছিল। চৰ্যাগীতৰ ঐতিহ্যক অনুসৰণ কৰি পৰৱৰ্তী কালত গঢ় লৈ উঠা এই ভাষাতো জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলোৰে বোধগম্য আছিল বাবেই ই ৰাষ্ট্ৰীয় ঐক্য সাধনতো সহায় কৰিছিল। শংকৰদেৱে অখণ্ড ভাৰতৰ সৈতে উত্তৰ-পূৱ ভাৰতক একত্ৰিত কৰাৰ কাৰণে যি প্ৰয়াস কৰিছিল, তাৰ যোগেদি ৰাষ্ট্ৰীয় ভাৱনা, জাতীয় ঐক্য আৰু সম্প্ৰীতিৰ ভাৱৰ বিকাশ সম্ভৱ হৈ উঠিছিল।

উপস্ংহাৰ

মধ্যযুগৰ ভক্তি আন্দোলনে এক বিৰাট জনজাগৰণৰ সৃষ্টি কৰিছিল আৰু সমাজৰ নিম্নবৰ্গৰ লোকসকল এই আন্দোলনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। জ্ঞানেশ্বৰ, কবীৰ, ৰৈদাস, দাদু, নাভাদাস প্ৰভৃতি প্ৰায়বোৰ সন্তই সমাজৰ নিম্নবৰ্গৰ প্ৰতিনিধি আছিল। সামাজিক সহিষ্ণুতা প্ৰতিষ্ঠাৰ কাৰণে সন্ত একনাথ, গুৰুনানক, ৰামানন্দ, কবীৰ আদিয়ে মানৱীয় মূল্যবোধৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। কবীৰ, ৰৈদাস, জায়সী আদিয়ে সমাজিক অসমতা আৰু অসহিষ্ণুতা দূৰ কৰিবৰ কাৰণে সকলো ধৰণৰ বাহ্য বিধিবিধান, ৰোজা, নামাজ, বলিবিধান, মূৰ্ত্তিপূজা ত্যাগ কৰি হৃদয়তে পৰমাত্মাৰ সন্ধান কৰিবৰ বাবে উপদেশ দিছিল।

তেৰা সাই তুঝ মে জ্যো পুহুপন মে বাস

কস্তুৰী কা মিৰগ জ্যো ফিৰ ফিৰ সুধৈ ধাস।।

মানৱ প্ৰেমৰ ভাৱনা আছিল ইয়াৰ অন্তৰ্নিহিত বিষয়। নৱবৈষ্ণৱ ভক্তি-ধৰ্মৰ মূল আধাৰ আছিল ভক্তি, প্ৰেম আৰু মানৱতাবোধ যি পাৰস্পৰিক ঐক্য আৰু সম্প্ৰীতি সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ধৰ্মীয় পবিত্ৰতা আৰু অন্ত:শুদ্ধতাৰ যোগেদি ভক্তকবিসকলে জাতি-ভেদ, বৰ্ণ-বৈষম্যৰ প্ৰাচীৰ ভাঙি সমন্বয় আৰু স্ংহতিৰে পৰিপূৰ্ণ এখনি বিশাল ভাৰত গঢ়াৰ পৰিকল্পনা কৰিছিল। ভাগৱত পুৰাণ, হৰিবংশ, বিষ্ণুপুৰাণ, পদ্মপুৰাণ প্ৰভৃতি পুৰাণ-উপনিষদৰ অনুবাদকৰ্মৰ যোগেদি স্ংস্কৃত সাহিত্যৰ অন্তৰ্নিহিত ভক্তিতত্বৰ কথাসমূহ আঞ্চলিক ভাষাৰ মাধ্যমেদি প্ৰকাশ কৰি নিৰক্ষৰ জনসাধাৰণক ভক্তিৰ আঞ্চলিক ভাষাৰ মাধ্যমেদি প্ৰকাশ কৰি নিৰক্ষৰ জনসাধৰণক ভক্তিৰ গুৰুত্বসমূহ উপলব্ধি কৰাত সহায় কৰিছিল বাবেই সামাজিক শান্তি প্ৰতিষ্ঠা সম্ভৱ হৈ উঠিছিল। সৰ্বসাধাৰণৰ মাজত শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক জাগৰণৰ লগে লগে ধৰ্মীয় চেতনাৰ সম্প্ৰসাৰণৰ যোগেদি আধ্যাত্মিকতাৰ প্ৰতি ধাৱিত কৰা, নৈতিক জীৱন-যাপনৰ প্ৰতি আগ্ৰহী কৰি তোলাটোও ভক্তি-আন্দোলনৰ সুচিন্তিত ফল আছিল বুলি অনুমান কৰিব পাৰি। মধ্যযুগৰ সন্ত কবিসকলে ধৰ্ম প্ৰচাৰৰ লগে লগে কাব্য আৰু গীত ৰচনাৰ যোগেদি জনসাধাৰণক আপ্লুত কৰাৰ দৰে শ্ংকৰদেৱ, মাধৱদেৱ আৰু তেওঁৰ উত্তৰসুৰী ভক্তকবিসকলেও কাব্য গীত, নাট আদি ৰচনা কৰাৰ লগতে সামাজিক সংস্কাৰ সাধন আৰু কলাত্মক ৰুচিবোধৰ সম্প্ৰসাৰণৰ কাৰণে সঙ্গীত, নৃত্য, অভিনয়, চিত্ৰকলা প্ৰভৃতিৰ বিকাশ সাধনতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। পৰ্ম্পৰাগত সমাজিক মূল্যবোধ আৰু সংকীৰ্ণতা দূৰ কৰি জনসাধাৰণৰ মুক্তিৰ বাবে ভক্তিধৰ্মৰ সকলোকে আশ্ৰয় প্ৰদান কৰি গণতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ ভেটি নিৰ্মাণতো এই আন্দোলনৰ ভূমিকা অতি তাৎপৰ্যপূৰ্ণ।

ড: প্ৰফুল্ল কুমাৰ নাথ, স্বৰ্ণলিপি।

3.11363636364
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top