মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / ৰাসক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাসক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মন :

ৰাসক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মনৰ বিষয়ে লিখা হৈছে ।

উৎসৱ মানেই মহা আনন্দৰ পয়োভৰ। সামাজিক একাত্মবোধ স্থাপন কৰোতে উৎসৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উৎসৱ পালনৰ মাজতেই অন্তৰ্নিহিত হৈ থাকে ভালপোৱা, প্ৰেম, সম্প্ৰীতি, সাম্য-মৈত্ৰীৰ  বতৰা। এতিয়া অসমত উৎসৱৰ বতৰ।

শৰৎ অহাৰ লগে লগেই আৰম্ভ হয় এই উৎসৱৰ যাত্ৰা। দুৰ্গোৎসৱ, শংকৰ জন্মোৎসৱ ধুমধামেৰে পালন কৰাৰ পাছত এতিয়া অসমৰ ৰাইজে পালন কৰি ৰাসোৎসৱ।

শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মাহাত্ম্য অপাৰ। জগতৰ সমস্ত সৌন্দৰ্য, মাধুৰ্য, ঐশ্বৰ্য, প্ৰেম আৰু ভক্তিৰে পৰিপূৰ্ণ এই ৰাসলীলা। আচলতে ভক্তি আৰু প্ৰেমৰ অপূৰ্ব সমাহাৰেই ৰাসলীলা।

কাত্যাৱতী ব্ৰত সমাপন কৰি গোপীসকলে কৃষ্ণক স্বামীৰূপে পাবলৈ কৰা আকাংক্ষাৰ স্বীকৃতি দিবলৈকে আৰম্ভ হ’ল ৰাসলীলা।

সকলো নাৰীৰে একেজনা শ্ৰীকৃষ্ণকে স্বামীৰূপে পাবলৈ পৰা ইচ্ছাত যে কোনো এগৰাকীও নাৰী ঈৰ্ষান্বিত হোৱা নাই, এই তাৎপৰ্যপূৰ্ণ কাহিনীটোৱেই প্ৰেমৰ প্ৰকৃত আত্যাধিক স্বৰূপটো স্পষ্ট হৈ পৰে।

শ্ৰীকৃষ্ণৰ মহিমা অনন্ত, সৌন্দৰ্যপিপাসু গোপীনীৰ চিত্ত হৰণ কৰিবলৈকে কৃষ্ণই নানান কেলি কৰি গোপীৰ অন্তৰত যি কাম ভাবৰ উদ্ৰেক ঘটালে সেয়াও ইশ্বৰৰ এক বিশেষ মহিমা, এক ভকতি।

প্ৰেমৰ আশ্ৰয়তে সময়ে সময়ে ঈশ্বৰে নানান কেলি কৰিছে। এই প্ৰেমেৰেই যুগে যুগে অৱতাৰীসকলে নানা অৱতাৰ ধাৰণ কৰি ভকত, সমাজক ভক্তি মাৰ্গ দৰ্শন কৰোৱাইছে।

শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াও হৈছে এনে এক নিৰ্মল প্ৰেম, দৰ্শন-

‘শৃংগাৰ ৰসে যাৰ আছে ৰতি।

আকে শুনি হৌক নিৰ্মল মতি।।

ভকতৰ পদে আপুনি হৰি।

ক্ৰীড়িয়া ৰঙ্গে নৰ দেহা ধৰি’।।

গোপীৰূপে ভকতৰ এই প্ৰেম, শৃংগাৰ ৰসৰ আধাৰকে লৈ শ্ৰীকৃষ্ণৰ ৰাসলীলা আগবাঢ়িছে ক্ৰমে ভকতিৰ দিশলৈ।

‘ৰাস পৃথিৱীত হৈয়ো ই অতীন্দ্ৰিয়, শব্দেৰে বৰ্ণনা কৰিলেও অবৰ্ণনীয় ভাবত গ্ৰাহ্য কৰিবলৈ যত্ন কৰিলেও ই ভাবাতীত’।

এই ৰাসৰ মাহাত্ম্য, গূঢ়াৰ্থ উপলব্ধি কৰাটো আমাৰ বাবে দুৰূপ যদিও শ্ৰীকৃষ্ণৰ লীলা, শ্ৰৱণ, কীৰ্ত্তন কৰি সামান্য হ’লেও নিজেই ভক্তি ৰসৰ সুস্বাদু সেৱন কৰাৰ ইচ্ছা সকলোৰে আছে।

‘শৰত কালৰ ৰাত্ৰি আতি বিতোপন।

ৰাস-ক্ৰীয়া কৰিতে কৃষ্ণৰ ভৈল মন।।

ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব দিশ হন্তে।

কামাতুৰা স্ত্ৰী যেন সন্তাপ মাৰ্জ্জন্তে’।।

শৰত কালৰ বিতোপন সৌন্দৰ্য সুষমাৰ মাজত শ্ৰীকৃষ্ণৰ বংশীধ্বনিয়ে বৃন্দাবনৰ গোপোনীসকলৰ হৃদয়ত যি প্ৰেমভাবৰ সৃষ্টি কৰি ব্যাকুল কৰিছে সেয়া কেৱল কাম ভাব বুলি ভবাজন সমাজৰ ওচৰচপা হোৱাটোৱেই স্বাভাৱিক।

এই বংশীধ্বনিৰ আহ্বানত গোপিনীসকলে পতি-পুত্ৰ এৰি ঢাপলি মেলিছে তেওঁলোকৰ আকাংক্ষিত পুৰুষজনৰ ওচৰলৈ। সেইজন কিন্তু আন কোনো নহয়, জগতস্ৰষ্টা পৰমব্ৰহ্ম পৰমেশ্বৰ। শ্ৰীকৃষ্ণ ৰূপে অৱতাৰ ধৰি বিভিন্ন লীলা কৰি ভক্তক ঈশ্বৰমুখী কৰাৰ এক অনবদ্য উদাহৰণ হ’ল ৰাসলীলা।

ৰাসলীলাত প্ৰথমে বংশীধ্বনিৰে গোপিনীৰ অন্তৰ জয় কৰিছে। তেওঁলোক সকলোৱে নিজৰ নিজৰ ভোগ, লালসা, লিপসা ত্যাগী দৌৰি আহিছে কৃষ্ণ কৃষ্ণ বুলি-

“পীয়ন্তে আছিল শিশু তাহাকো নগণি।

পতি শুশ্ৰূষাকো এড়ি যায় কতোজনী।।

কতো গোপী আছিল স্বামীক পৰশন্তে।

আধা বূঞ্জা হুয়া কতো যায় লৱড়ন্তে”।।

গোপী বা ভক্তৰ এই উৎকন্ঠিত প্ৰেম আৰু ঈশ্বৰক পাবলৈ কৰা ইচ্ছাৰ গূঢ়াৰ্থই হ’ল ৰাসলীলাৰ পৰম অৰ্থ। ভক্তই পাৰ্থিৱ সকলো মায়া ত্যাগী একান্ত ভক্তিৰে পৰম পুৰুষত নিজকে বিলীন কৰি দিয়া এই নিদৰ্শনে সকলো ভক্তক ভক্তি মাৰ্গৰ পথ অধিক পৰিষ্কাৰ কৰি দিছে।

বাহ্যিক শৃংগাৰ ৰসৰ আৱৰণখনৰ তলত ঢাক খাই থকা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মহান তত্ত্বক উপলব্ধি কৰিব নোৱাৰে।

‘যি ধীৰ, স্থিৰ আৰু শ্ৰদ্ধাৱান সিহে ধৈৰ্য ধৰি পৰম নিগূঢ় অন্তৰ্নিহিত তত্ত্বনিধি লাভ কৰিব পাৰিব, চঞ্চল, অধীৰ ওপৰচকুৱা অশ্ৰদ্ধাৱানে নোৱাৰে।

মহামুনি ব্যাস আৰু শুকদেৱে ইয়াকেহে কয়’। এই ৰাসলীলাৰ পৰম তত্ত্বৰ বিষয়ে সমাজত প্ৰকৃত জ্ঞান দিবলৈ চেষ্টা কৰিয়েই বেজবৰুৱাদেৱে ‘তত্ত্বকথা’ত এই মন্তব্য কৰিছে।

শ্ৰীকৃষ্ণ হ’ল জগত পালক, পৰম ব্ৰহ্ম। এই ঈশ্বৰৰ প্ৰেমে জগতৰ সকলো জীৱকে আৱৰি আছে। ভগৱন্তৰ ভক্তৰ ভক্তি ৰসৰ সোৱাদেৰে ৰাসলীলা পৰিপূৰ্ণ হৈ আছে।

ভগৱন্তক পাবলৈ জীৱই কিমান উৎকন্ঠাৰে নিজকে সমৰ্পণ কৰি দিব পাৰে, বিশুদ্ধ আৰু অকপট প্ৰেমেৰে ঈশ্বৰক কিদৰে উপলব্ধি কৰিব পাৰে তাৰ দৃষ্টান্ত গোপী বস্ত্ৰহৰণ বা ৰাসলীলাৰ জৰিয়তে দেখুৱাইছে।

আচলতে নাৰী-পুৰুষৰ প্ৰেম, কামভাৱক সুন্দৰৰ আহিলা হিচাপে লৈ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ যি ছবি অংকন কৰা হ’ল তাৰ এক বিশ্লেষণাত্মক ব্যাখ্যা দিবলৈ গৈ বেজবৰুৱাদেৱে লিখিছে- ‘মানুহে পাৰ্থিৱ সম্ভোগৰ আনন্দকে ভাষাৰে আনক ভালকৈ বুজাব নোৱাৰে, অথচ পাৰ্থিৱ এই ক্ষুদ্ৰাতিক্ষুদ্ৰ আনন্দ ব্ৰহ্মানন্দৰ কণা বা ছাঁ মাথোন।

যদি এই ছাঁ বা কণাকে ভাষাৰে ভালকৈ বুজাব নোৱাৰি, তেন্তে, ব্ৰহ্মানন্দ বুজাবৰ ভাষা ক’ত? পাৰ্থিৱ সকলো প্ৰকাৰ আনন্দতকৈ স্ত্ৰী-পুৰুষৰ ৰমনানন্দই প্ৰধান।

সেই দেখি জীৱাত্মাৰ পৰমাত্মাৰে সৈতে আলিংগন বা ৰমনত যি আনন্দ হয়, তাৰ যথাসম্ভৱ ক্ষুদ্ৰাতিক্ষুদ্ৰ আভাস দিবলৈ মহামুনিয়ে ৰাসলীলাৰ বৰ্ণনাত পাৰ্থিৱ শৃংগাৰ ৰসৰ আনন্দৰ উদাহৰণৰ আশ্ৰয় ল’বলগীয়াত পৰিছে’।

শ্ৰীকৃষ্ণই গোপীসকলক নানান ভয়-শংকা আৰু গৃহধৰ্মৰ কথা কৈ, পৰপুৰুষৰ আলিংগনৰ আশা ত্যাগ কৰি স্বামীগৃহলৈ উভতি যাবলৈ বুজনি দিলে যদিও তেওঁলোক মান্তি নহ’ল আৰু কৃষ্ণ প্ৰেম, আলিংগনৰ বাবে উদ্বাউল হৈ পৰিল। ভক্তৰ এই মনোকামনা পূৰণ কৰিবলৈ কৃষ্ণই তেওঁলোকৰ লগত ৰাসলীলা কৰিলে।

‘আনন্দে গোপীৰ বঢ়য়া কাম।

ৰমিলা গোপীনাথ অবিশ্ৰাম’।।

কিন্তু হঠাতে শ্ৰীকৃষ্ণৰ সান্নিধ্য লভি গোপীসকলে নিজৰ সমান সৌভাগ্যৱতী নাই বুলি গৰ্ব কৰিলে কৰিলে।

তেওঁলোকে বিচৰা পুৰুষজনৰ সান্নিধ্য পাই গোপীৰ অহংকাৰ বাঢ়িল। গোপীৰ প্ৰেম ভকতি আৰু বঢ়াবৰ কাৰণে গোপীৰ গৰ্ব খৰ্ব কৰিবৰ কাৰণে কৃষব অন্তৰ্ধান হ’ল-

‘তাসম্বাৰ দৰ্প হৰিবে মনে

ভৈলা অন্তৰ্ধান তৈতে তেখনে।

কৃষ্ণক নাপাই পাছে গোপীচয়

মিলিল সন্তাপ ভৈলন্ত ভয়’।

কৃষ্ণ অন্তৰ্ধান হোৱাত গোপীসকলে নিজৰ অহংকাৰৰ কথা বুজি পালে আৰু কান্দি কান্দি কৃষ্ণক বিচাৰি ব্যাকুল হ’ল।

তেওঁলোকে কৃষ্ণৰ নানা ভাও জুৰি ‘হা কৃষ্ণ, হা কৃষ্ণ’ বুলি বৃন্দাবনে চলাথ কৰিলে। শ্ৰীকৃষ্ণৰ লীলা সুঁৱৰি বিৰহৰ আকুল হৈ পৰিল।

কৃষ্ণ কৰুণাময়, ভকতবৎসল। গোপীৰ প্ৰেমানুভূতিৰ ভকতি দেখি পুনৰ কৃষ্ণ আৱিৰ্ভাৱ হ’ল আৰু ৰাসক্ৰীড়া কৰিলে-

ভৈলন্ত গোপাল আতি আকুলিত চিত্ত।।

আনন্দ বঢ়ায়া গোপীগণৰ মনত।

পৰম মধুৰ মূৰ্তি ভৈলন্ত বেকত।

গোপীসকলে শ্ৰীকৃষ্ণৰ সংগে নৃত্য কৰি আনন্দময় পৰমেশ্বৰৰ আলিংগন লাভ কৰিলে। ব্যাসদেৱ ৰচিত ভাগৱতত শ্ৰীকৃষ্ণৰ ৰাসলীলা কথা শুকদেৱে ৰজা পৰিক্ষীতৰ আগত বৰ্ণনা কৰিছে, ইয়াৰ শৃংগাৰ ৰসৰ প্ৰাধান্য কিমান ভক্তসকলে অনুমান কৰিব পাৰিব। এই ৰাসলীলা ভগৱান আৰু ভক্তৰ আধ্যাত্মিক মিলন মাত্ৰ।

কৃষ্ণ প্ৰেমত বিৰহী বৃন্দাবনৰ গোপীৰ কামকেলিৰ মাজেদি ভক্ত আৰু ভগৱন্তৰ মাজত থকা নিবিড় আৰু নিষ্কলুষ প্ৰেমৰ দৃষ্টান্ত হিচাপে ভাগৱাতৰ এই ৰহস্যঘন কাহিনীৰ অৱতাৰণা হ’ল, এই লীলাৰ শ্ৰৱণ আৰু কীৰ্তনে জীৱাত্মা পৰমাত্মাৰ মিলন ঘটায়। গুৰুজনায়ো ৰাসৰ আৰম্ভণিতে কৈছে-

‘বৃন্দাবনে আনন্দে কৰিয়া ৰাসক্ৰীড়া।

গুচাইলা গোবিন্দে গোপীকাৰ কামপীড়া’।

ভকতবৎসল ভগৱন্তই সদায় ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে। ভক্তই যি ৰসেৰে তেওঁক পাব বিচাৰে তেনেকৈয়েই পাব পাৰে।

যিদৰে গোপীসকলে শৃংগাৰ ৰসেৰে ঈশ্বৰপৰায়ণ হৈ পৰমব্ৰহ্মত নিজকে বিলীন কৰাৰ সুবিধা পাইছে।

ঈশ্বৰেও সাধাৰণ নৱৰূপে লীলাৱতাৰে ভক্তক তেওঁৰ শৰণাপন্ন হ’বলৈ পথ দেখুৱাইছে। সেইজনা পৰমেশ্বৰ, পৰমব্ৰহ্ম সৰ্বশক্তিমান ভগৱন্তৰ ৰাসলীলাই ভকতক ভক্তি ৰসৰ মৰ্গ দৰ্শন কৰোৱায়।

‘গোপিনীৰ ধন ব্ৰজৰ জীৱন

মোহন ৰাম গোবিন্দ।

পৰম সাদৰে শিৰে তুলি ধৰো

তযু পদ অৰবিন্দ’।।(মাধৱদেৱ, ঘোষা)

লেখক: কুসুম শইকীয়া(ৰাইজৰ বাতৰি)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top